09.11.25    Avyakt Bapdada     Assame Murli     30.11.2007     Om Shanti     Madhuban


“*“সত্যতা আৰু পৱিত্ৰতাৰ শক্তি স্বৰূপত আনি বালক আৰু মালিকবোধৰ সন্তুলন ৰাখা”*”


আজি সত্য পিতা, সত্য শিক্ষক, সৎগুৰু নিজৰ চাৰিওফালৰ সত্যতা স্বৰূপ, শক্তি স্বৰূপ সন্তানসকলক চাই আছেহঁক কিয়নো সত্যতাৰ শক্তি সৰ্বশ্ৰেষ্ঠ। এই সত্যতাৰ শক্তিৰ আধাৰ হৈছে সম্পূৰ্ণ পৱিত্ৰতা। মন-বচন-কৰ্ম, সম্বন্ধ-সম্পৰ্ক, সপোনতো অপৱিত্ৰতাৰ নাম-চিহ্ন যাতে নাথাকে। এনেকুৱা পৱিত্ৰতাৰ প্ৰত্যক্ষ স্বৰূপ কি দেখিবলৈ পোৱা যায়? এনেকুৱা পৱিত্ৰ আত্মাৰ চলন আৰু চেহেৰাত দিব্যতা স্পষ্টকৈ দেখিবলৈ পোৱা যায়। তেওঁলোকৰ নয়নত আত্মিক জেউতি, চেহেৰাত সদায় হৰ্ষিতমুখতা আৰু চলনত প্ৰতিটো খোজত পিতাৰ সমান কৰ্মযোগী। এনেকুৱা সত্যবাদী সত্য পিতাৰ দ্বাৰা এই সময়ত তোমালোক সকলো হৈ আছা। জগতততো বহুতে নিজক সত্যবাদী বুলি কয়, সত্যও কয় কিন্তু সম্পূৰ্ণ পৱিত্ৰতাহে সঁচা সত্যতাৰ শক্তি। যিটো এই সময়ত এই সংগমযুগত তোমালোক সকলো হৈ আছা। এই সংগমযুগৰ শ্ৰেষ্ঠ প্ৰাপ্তি হৈছে – সত্যতাৰ শক্তি, পৱিত্ৰতাৰ শক্তি। যাৰ প্ৰাপ্তি স্বৰূপে সত্যযুগত তোমালোক সকলো ব্ৰাহ্মণৰ পৰা দেৱতা হৈ আত্মা আৰু শৰীৰ দুয়োটাই পৱিত্ৰ হোৱা। গোটেই সৃষ্টি চক্ৰত অন্য কোনো আত্মা আৰু শৰীৰ দুয়োটাই পৱিত্ৰ নহয়। আত্মা পৱিত্ৰ হয়ো কিন্তু শৰীৰ পৱিত্ৰ নাপায়। গতিকে এনেকুৱা সম্পূৰ্ণ পৱিত্ৰতা এই সময়ত তোমালোক সকলোৱে ধাৰণ কৰি আছা। গৌৰৱেৰে কোৱা, স্মৃতিত অছেনে কি গৌৰৱেৰে কোৱা? স্মৰণ কৰা। সকলোৱে অন্তৰেৰে কয়, অনুভৱেৰে কয় যে পৱিত্ৰতাতো আমাৰ জন্মসিদ্ধ অধিকাৰ, জন্মসিদ্ধ অধিকাৰ সহজে প্ৰাপ্ত হয় কিয়নো পৱিত্ৰতা বা সত্যতা প্ৰাপ্ত কৰিবলৈ তোমালোক সকলোৱে প্ৰথমে নিজৰ সত্য স্বৰূপ আত্মাক জানি গ’লা। নিজৰ সত্য পিতা, শিক্ষক, সৎগুৰুক চিনি পালা। পৰিচয় পালা আৰু পাই গ’লা। যেতিয়ালৈকে কোনোবাই নিজৰ সত্য স্বৰূপ বা সত্য পিতাক নাজানে তেন্তে সম্পূৰ্ণ পৱিত্ৰতা, সত্যতাৰ শক্তি আহিব নোৱাৰে।

তেন্তে তোমালোক সকলো সত্যতা আৰু পৱিত্ৰতাৰ শক্তিৰ অনুভৱী হোৱা নহয়! হোৱানে অনুভৱী? অনুভৱী হোৱানে? তেওঁলোকে প্ৰয়াস কৰে কিন্তু যথাৰ্থ ৰূপত নিজৰ স্বৰূপকো নাজানে আৰু সত্য পিতাৰ যথাৰ্থ স্বৰূপকো জানিব নোৱাৰে। আৰু তোমালোক সকলোৱে এই সময়ৰ অনুভৱ দ্বাৰা পৱিত্ৰতাক এনেকৈ সহজে ধাৰণ কৰিলা যে এই সময়ৰ প্ৰাপ্তিৰ প্ৰালব্ধ স্বৰূপে দেৱতাসকলৰ পৱিত্ৰতা স্বভাৱসিদ্ধ আৰু স্বভাৱ হৈ যায়। এনেকুৱা স্বভাৱসিদ্ধ স্বভাৱৰ অনুভৱ তোমালোকেহে কৰা। গতিকে পৰীক্ষা কৰা যে পৱিত্ৰতা বা সত্যতাৰ শক্তি স্বভাৱসিদ্ধ স্বভাৱৰ ৰূপত হৈছেনে? তোমালোকে কি ভাবা? যিসকলে ভাবা যে পৱিত্ৰতাতো আমাৰ জন্ম সিদ্ধ অধিকাৰ, তেওঁলোকে হাত দাঙা। জন্মসিদ্ধ অধিকাৰ নে পৰিশ্ৰম কৰিবলগীয়া হয়? পৰিশ্ৰম কৰিবলগীয়াতো নহয় নহয়! সহজ হয় নহয়! কিয়নো জন্মসিদ্ধ অধিকাৰতো সহজে প্ৰাপ্ত হয়। পৰিশ্ৰম কৰিবলগীয়া নহয়। জগতৰ লোকে অসম্ভৱ বুলি ভাবে আৰু তোমালোকে অসম্ভৱক সম্ভৱ আৰু সহজ কৰি দিলা।

যিসকল নতুন নতুন সন্তান আহিছে, যিসকল প্ৰথমবাৰ আহিছে সেইসকলে হাত দাঙা। বাৰু যিসকল নতুন নতুন সন্তান, অভিনন্দন নতুনকৈ প্ৰথমবাৰ অহাসকলক কিয়নো বাপদাদাই কয় যে হওঁতে দেৰিকৈতো আহিছা কিন্তু অতি দেৰিকৈ অহা নাই। আৰু নতুন সন্তানসকলৰ প্ৰতি বাপদাদাৰ বৰদান আছে যে শেষত অহাসকলো তীব্ৰ পুৰুষাৰ্থ কৰি প্ৰথম বিভাগত আহিব পাৰে। প্ৰথম নম্বৰ নহয় কিন্তু প্ৰথম বিভাগত আহিব পাৰে। তেন্তে নতুন সন্তানসকলৰ ইমান সাহস আছেনে, হাত দাঙা যিসকল প্ৰথমত আহিবা। চাবা টি.ভি.ত তোমালোকৰ হাত দেখা পোৱা গৈছে। বাৰু। সাহসী হোৱা। সাহসৰ বাবে অভিনন্দন। আৰু যদি সাহস আছে তেন্তে পিতাৰতো সহায় আছেই কিন্তু গোটেই ব্ৰাহ্মণ পৰিয়ালৰো শুভ-ভাৱনা, শুভ-কামনা তোমালোক সকলোৰে লগত আছে সেইবাবে নতুন যিসকল প্ৰথমবাৰ আহিছে সেই সকলোৰে প্ৰতি বাপদাদা আৰু পৰিয়ালৰ ফালৰ পৰা পুনৰবাৰ পদমগুণ অভিনন্দন, অভিনন্দন, অভিনন্দন। তোমালোক সকলো যিসকল প্ৰথমবাৰ আহিছা তেওঁলোকো আনন্দিত হৈ আছা নহয়! বিচ্ছিন্ন হোৱা আত্মাসকল পুনৰায় নিজৰ পৰিয়ালত আহি গৈছা। সেয়েহে বাপদাদাও আনন্দিত হৈ আছে আৰু তোমালোক সকলো আনন্দিত হৈ আছা।

বাপদাদাই সূক্ষ্মলোকত দাদীৰ সৈতে এটা ফলাফল চালে। কি ফলাফল দেখিলে? তোমালোক সকলোৱে জানা, মানি লোৱা যে আমি মালিক তথা বালক। হোৱা নহয়! মালিকো হোৱা, বালকো হোৱা। সকলো হোৱানে? হাত দাঙা। ভাবি চিন্তি দাঙিবা, এনেই নহয়। হিচাপ ল’ব নহয়! বাৰু, হাত নমোৱা। বাপদাদাই দেখিছে যে বালকবোধৰ নিশ্চয়তা আৰু নিচা এয়াতো সহজে থাকে কিয়নো নিজক ব্ৰহ্মাকুমাৰ আৰু ব্ৰহ্মাকুমাৰী বুলি কোৱা তেন্তে বালক হোৱা সেয়েহে ব্ৰহ্মাকুমাৰ কুমাৰী বুলি কোৱা। আৰু গোটেই দিন ‘মোৰ বাবা’, ‘মোৰ বাবা’ এইটো স্মৃতিলৈ আনা আকৌ পাহৰিও যোৱা কিন্তু মাজে মাজে স্মৃতিলৈ আহে। আৰু সেৱাতো ‘বাবা’ ‘বাবা’ শব্দ স্বভাৱসিদ্ধ ভাবে মুখেৰে উচ্চৰিত হৈ থাকে। যদি ‘বাবা’ শব্দ উচ্চৰিত নহয় তেন্তে জ্ঞানৰ কোনো প্ৰভাৱ নপৰে। গতিকে যিয়েই সেৱা কৰা, ভাষণ দিয়া, পাঠ্যক্ৰম কৰোৱা, ভিন্ন ভিন্ন বিষয়ৰ ওপৰত কৰোৱা, সঁচা সেৱাৰ প্ৰত্যক্ষ স্বৰূপ বা প্ৰত্যক্ষ প্ৰমাণ এইটোৱেই যে শুনোঁতায়ো অনুভৱ কৰে যে ময়ো বাবাৰ হওঁ। তেওঁৰ মুখৰ পৰাও ‘বাবা’ ‘বাবা’ শব্দ উচ্চাৰিত হওক। কিবা শক্তি আছে, এনেকুৱা নহয়। ভাল কথা, এনেকুৱা নহয়। কিন্তু ‘মোৰ বাবা’ এনেকৈ অনুভৱ কৰক ইয়াক কোৱা হয় সেৱাৰ প্ৰত্যক্ষ ফল। বালকবোধৰ নিচা বা নিশ্চয়তা তথাপিও ভালেই থাকে। কিন্তু মালিকবোধৰ নিশ্চয়তা আৰু নিচা ক্ৰমানুসৰি থাকে। বালকবোধৰ তুলনাত মালিকবোধৰ নিচা বাস্তৱত চলন আৰু চেহেৰাত কেতিয়াবা দেখিবলৈ পোৱা যায়, কেতিয়াবা কমকৈ দেখিবলৈ পোৱা যায়। বাস্তৱত তোমালোক ডবল মালিক, এক – পিতাৰ সম্পদসমূহৰ মালিক। সকলো মালিক হোৱা নহয় সম্পদসমূহৰ? আৰু পিতাই সকলোকে একে সমানেই সম্পদ দিছে। কাৰোবাক লাখ দিছে, কাৰোবাক হাজাৰ দিছে, এনেকুৱা নহয়। সকলোকে সকলো সম্পদ বেহদৰ দিছে কিয়নো পিতাৰ ওচৰত বেহদৰ সম্পদ আছে, কম নহয়। গতিকে বাপদাদাই সকলোকে সৰ্ব সম্পদ দিছে আৰু একে নিচিনা, একে সমান দিছে। আৰু দ্বিতীয়তে – স্ব-ৰাজ্যৰ মালিক সেইবাবে বাপদাদাই আনন্দেৰে কয় যে মোৰ প্ৰতিগৰাকী সন্তান ৰজা সন্তান। তেন্তে ৰজা সন্তান হোৱা নহয়! প্ৰজাতো নোহোৱা? ৰাজযোগী হোৱা নে প্ৰজাযোগী হোৱা? ৰাজযোগী হোৱা নহয়! তেন্তে স্ব-ৰাজ্যৰ মালিক হোৱা। কিন্তু বাপদাদাই দাদীৰ সৈতে ফলাফল চালে – যিমান নিচা বালকবোধৰ থাকে তাতকৈ মালিকবোধৰ কম থাকে। কিয়? যদি স্ব-ৰাজ্যৰ মালিকবোধৰ নিচা সদায় থাকে তেন্তে এই মাজে মাজে যি সমস্যা বা বিঘিনি আহে সেয়া আহিব নোৱাৰে। এনেও দেখা যায় সমস্যা বা বিঘিনি অহাৰ বিশেষ আধাৰ হৈছে মন। মনেই অস্থিৰ হয় সেইবাবে বাপদাদাৰ মহামন্ত্ৰও হৈছে ‘মনমনাভৱ’। তনমনাভৱ, ধনমনাভৱ নহয়, মনমনাভৱ। গতিকে যদি স্ব-ৰাজ্যৰ মালিক হয় তেন্তে মন মালিক নহয়। মন তোমালোকৰ কৰ্মচাৰী, ৰজা নহয়। ৰজা অৰ্থাৎ অধিকাৰী। অধীনসকলক ৰজা বুলি কোৱা নহয়। তেনেহ’লে ফলাফলত কি দেখিলে? যে মনৰ মালিক মই ৰাজ্য অধিকাৰী মালিক, এইটো স্মৃতি, এইটো আত্ম স্থিতি কমকৈ থাকে, সদায় নাথাকে। হওতে প্ৰথম পাঠ, তোমালোক সকলোৱে প্ৰথম পাঠ কি শিকিছিলা? মই আত্মা, পৰমাত্মাৰ পাঠ দুই নম্বৰত। প্ৰথম পাঠ মই মালিক ৰজা এই কৰ্মেন্দ্ৰিয়সমূহৰ অধিকাৰী আত্মা, শক্তিশালী আত্মা। সৰ্বশক্তি আত্মাৰ নিজস্ব গুণ। সেয়েহে বাপদাদাই দেখিলে যে মই যি হওঁ, যেনেকুৱা হওঁ, তাৰ স্বভাৱসিদ্ধ স্বৰূপ স্মৃতিত চলা, থকা, চেহেৰাৰ দ্বাৰা অনুভৱ হোৱা, সমস্যাৰ পৰা একাষৰীয়া হোৱা এই ক্ষেত্ৰত এতিয়া আৰু মনোযোগ লাগে। কেৱল মই আত্মা নহয়, কিন্তু কেনেকুৱা আত্মা, যদি এইটো স্মৃতিত ৰাখা তেতিয়া মাষ্টৰ সৰ্বশক্তিমান আত্মাৰ আগত সমস্যা বা বিঘিনিৰ কোনো শক্তি নাই যে আহিব পাৰে। এতিয়াও ফলাফলত কিবা নহয় কিবা বিঘিনি দেখিবলৈ পোৱা যায়। জানে কিন্তু চলন আৰু চেহেৰাত নিশ্চয়তাৰ প্ৰত্যক্ষ স্বৰূপ আত্মিক নিচা সেয়া আৰুহে প্ৰত্যক্ষ হ’ব লাগে। ইয়াৰ কাৰণে এই মালিকবোধৰ নিচা ইয়াক বাৰে বাৰে পৰীক্ষা কৰা। পৰীক্ষা কৰাটো চেকেণ্ডৰ কথা। কৰ্ম কৰোঁতে, যি কোনো কৰ্ম আৰম্ভ কৰোঁতে, আৰম্ভ কৰাৰ সময়ত পৰীক্ষা কৰা – মালিকবোধৰ কৰ্তৃত্বৰে কৰ্মেন্দ্ৰিয়সমূহৰ দ্বাৰা কৰ্ম কৰাওঁতা নিয়ন্ত্ৰণ শক্তি, শাসন শক্তি থকা আত্মা বুলি বুজি কৰ্ম আৰম্ভ কৰিলা নে সাধাৰণ কৰ্ম আৰম্ভ কৰিলা? স্মৃতি স্বৰূপেৰে কৰ্ম আৰম্ভ কৰা আৰু সাধাৰণ স্থিতিৰে কৰ্ম আৰম্ভ কৰা তাৰ মাজত বহুত পাৰ্থক্য আছে। যেনেকৈ হদৰ পদবীধাৰীসকলে যেতিয়া নিজৰ কাৰ্য কৰে তেতিয়া কাৰ্যৰ আসনত স্থিৰ হৈ পাছত কাৰ্য আৰম্ভ কৰে, তেনেকৈ নিজৰ মালিকবোধৰ স্ব-ৰাজ্য অধিকাৰী আসনত স্থিৰ হৈ পাছত সকলো কাৰ্য কৰা। এই মালিকবোধৰ কৰ্তৃত্বৰ পৰীক্ষা আৰু বঢ়াব লাগে। আৰু এই মালিকবোধৰ কৰ্তৃত্বৰ লক্ষণ হৈছে সদায় প্ৰতিটো কাৰ্যত ‘ডবল লাইট’ আৰু আনন্দৰ অনুভূতি হ’ব আৰু ফলস্বৰূপে সফলতা সহজে অনুভৱ হ’ব। এতিয়াও ক’ৰবাত ক’ৰবাত অধিকাৰীৰ পৰিৱৰ্তে অধীন হৈ যোৱা। অধীনতাৰ লক্ষণ কি দেখিবলৈ পোৱা যায়? যিটো বাৰে বাৰে কয় – মোৰ সংস্কাৰ, নিবিচাৰোঁ কিন্তু মোৰ সংস্কাৰ, মোৰ স্বভাৱ।

বাপদাদাই আগতেও শুনাইছে যে যি সময়ত এনেকৈ কয় যে মোৰ সংস্কাৰ, মোৰ স্বভাৱ, কি এই দুৰ্বলতাৰ সংস্কাৰ তোমালোকৰ সংস্কাৰ হয় জানো? মোৰ হয়নে? এয়াতো ৰাৱণৰ মধ্যৰ সংস্কাৰ, ৰাৱণৰ দান। সেয়া মোৰ বুলি কোৱাটোও ভুল। তোমালোকৰ সংস্কাৰতো যি পিতাৰ সংস্কাৰ সেয়াই সংস্কাৰ। সেই সময়ত ভাবা যে ‘মোৰ মোৰ’ বুলি কোৱা বাবেই সেয়া অধিকাৰী হৈ গৈছে আৰু তোমালোক অধীন হৈ যোৱা। পিতাৰ নিচিনা সমান হ’ব লাগে তেন্তে সেয়া মোৰ সংস্কাৰ নহয়, যি পিতাৰ সংস্কাৰ সেয়া মোৰ সংস্কাৰ। পিতাৰ সংস্কাৰ কি? বিশ্ব কল্যাণকাৰী, শুভ-ভাৱনা, শুভ-কামনাধাৰী। গতিকে সেই সময়ত পিতাৰ সংস্কাৰ সন্মুখত আনা, লক্ষ্য হৈছে পিতাৰ সমান হোৱাৰ আৰু লক্ষণ থাকি গ’ল ৰাৱণৰ। সেয়েহে সানমিহলি হৈ যায়, কিছু পিতাৰ ভাল সংস্কাৰ, কিছু সেই মোৰ পূৰ্বৰ সংস্কাৰ, দুয়োটা সানমিহলি হৈ থাকে নহয় সেইকাৰণে খুটখাট হৈ থাকে। আৰু সংস্কাৰ কেনেকৈ গঢ় লয়, সেয়াতো সকলোৱে জানা নহয়! মন আৰু বুদ্ধিৰ সংকল্প আৰু কাৰ্যৰে সংস্কাৰ গঢ় লয়। প্ৰথমে মনে সংকল্প কৰে, বুদ্ধিয়ে সহযোগ দিয়ে আৰু ভাল বা বেয়া সংস্কাৰ গঢ় লৈ উঠে।

গতিকে বাপদাদাই দাদীৰ লগত ফলাফল চালে যে স্বভাৱসিদ্ধ মালিকবোধ আৰু স্বভাৱৰ যি নিচা থাকে সেয়া বালকবোধৰ তুলনাত এতিয়াও কম। সেইবাবে বাপদাদাই দেখিবলৈ পায় যে সমাধান কৰিবৰ কাৰণে আকৌ যুদ্ধ কৰিবলৈ লাগি যায়। হয় ব্ৰাহ্মণ কিন্তু মাজে মাজে ক্ষত্ৰিয় হৈ যায়। সেয়েহে ক্ষত্ৰিয় হ’ব নালাগে। ব্ৰাহ্মণৰ পৰা দেৱতা হ’ব লাগে। ক্ষত্ৰিয় হওঁতাতো বহুত আহিবলৈ আছে, তেওঁলোক পাছৰ ফালে আহোঁতা, তোমালোকতো অধিকাৰী আত্মা। তেন্তে ফলাফল শুনিলা। সেইবাবে বাৰে বাৰে মই কোন, এইটো স্মৃতিলৈ আনা। হওঁৱেই, এনেকুৱা নহয় স্মৃতি স্বৰূপত আনা। ঠিক আছে নহয়। বাৰু। ফলাফলো শুনালোঁ। এতিয়া সমস্যাৰ নাম, বিঘিনিৰ নাম, অস্থিৰতাৰ নাম, ব্যৰ্থ সংকল্পৰ নাম, ব্যৰ্থ কৰ্মৰ নাম, ব্যৰ্থ স্মৃতিৰ নাম সমাপ্ত কৰা আৰু কৰোৱা। ঠিক আছে নহয়, কৰিবানে? যদি কৰা তেন্তে দৃঢ় সংকল্পৰ হাত দাঙা। এই হাত দঙাটোতো সাধাৰণ হৈ গ’ল সেইবাবে হাত দাঙিবলৈ কোৱা নাই, মনত দৃঢ় সংকল্পৰ হাত দাঙা। শৰীৰৰ হাত নহয়, সেয়া বহুত দেখিলোঁ। যেতিয়া সকলোৱে মিলি মনৰ দৃঢ় সংকল্পৰ হাত দাঙিবা তেতিয়াহে বিশ্বৰ চুকে-কোণে সকলোৱে আনন্দত হাত দাঙিব – আমাৰ সুখদাতা, শান্তিদাতা পিতা আহি গ’ল।

পিতাক প্ৰত্যক্ষ কৰাৰ গুৰু দায়িত্ব লৈছা নহয়! লৈছানে? দৃঢ়নে? শিক্ষকসকলে লৈছানে? পাণ্ডৱসকলে লৈছানে? দৃঢ়। বাৰু তাৰিখ নিৰ্ধাৰণ কৰিছানে। তাৰিখ নিৰ্ধাৰণ হোৱা নাই? কিমান সময় লাগিব? এবছৰ লাগিব, দুই বছৰ লাগিব? কিমান বছৰ লাগিব? বাপদাদাই কৈছিল প্ৰত্যেকেই নিজৰ পুৰুষাৰ্থৰ যথা শক্তি অনুসৰি নিজৰ স্বভাৱসিদ্ধ চলনৰ বা উৰাৰ বিধি মতে নিজৰ সম্পন্ন হোৱাৰ তাৰিখ নিজেই নিৰ্ধাৰণ কৰা। বাপদাদাইতো ক’ব এতিয়া কৰা, কিন্তু যথাশক্তি নিজৰ পুৰুষাৰ্থ অনুসৰি নিজৰ তাৰিখ নিৰ্ধাৰণ কৰা আৰু সময়ে সময়ে সেয়া পৰীক্ষা কৰা যে সময় অনুসৰি মনৰ অৱস্থা, বাণীৰ অৱস্থা, সম্বন্ধ-সম্পৰ্কৰ অৱস্থা উন্নত হৈ আছেনে? কিয়নো তাৰিখ নিৰ্ধাৰণ কৰিলে স্বতঃ মনোযোগ যায়।

বাকী সকলোফালৰ পৰা, চাৰিওফালৰ পৰা বাৰ্তাও আহিছে। ই-মেইলো আহিছে। বাপদাদাৰ ওচৰলৈতো ই-মেইল যেতিয়ালৈকে আহি পায় তাৰ আগতেই পাই যায়, অন্তৰৰ সংকল্পৰ ই-মেইল বৰ তীব্ৰবেগী হয়। সেয়া আগতেই আহি পাই যায়। গতিকে যিসকলে স্নেহপূৰ্ণ স্মৰণ, নিজৰ স্থিতিৰ, নিজৰ সেৱাৰ বাৰ্তা পঠিয়াইছে, সেয়া সকলো বাপদাদাই স্বীকাৰ কৰিলে, স্নেহপূৰ্ণ স্মৃতি সকলোৱে বহুত উৎসাহ-উদ্দীপনাৰে পঠিয়াইছে। গতিকে বাপদাদাই সেই সকলোকে বিদেশৰে হওক বা দেশৰে হওক সকলোকে প্ৰতিদানত স্নেহ সহিত স্মৰণ কৰি আছে আৰু অন্তৰৰ আশীৰ্বাদ সহিত স্নেহ আৰু শক্তিৰ কিৰণো দি আছে। বাৰু।

সকলোখিনি শুনিলা। যেনেকৈ শুনা সহজ হয় নহয়! তেনেকৈয়ে শুনাৰ পৰা উৰ্দ্ধত মিঠা শান্ত স্থিতিও যেতিয়াই বিচৰা যিমান সময় বিচৰা সিমান সময় মালিক হৈ, প্ৰথমে বিশেষকৈ মনৰ মালিক, সেইকাৰণে কোৱা হয় – মনক জিনিলেই জগতজিৎ। তেন্তে এতিয়া শুনিলা, দেখিলা, আত্মা ৰজা হৈ মন-বুদ্ধি-সংস্কাৰক নিজৰ নিয়ন্ত্ৰণত কৰিব পাৰানে? মন-বুদ্ধি-সংস্কাৰ তিনিওৰে মালিক হৈ আদেশ কৰা মধুৰ শান্তি, আৰু অনুভৱ কৰা যে আদেশ কৰিলে, অধিকাৰী হ’লে তিনিও আদেশ মতে থাকেনে? এতিয়াই অধিকাৰীৰ স্থিতিত স্থিৰ হৈ যোৱা। (বাপদাদাই ড্ৰিল কৰালে) ভাল বাৰু।

চাৰিওফালৰ সদায় স্বমানধাৰী, সত্যতাৰ শক্তি স্বৰূপ, পৱিত্ৰতাৰ সিদ্ধি স্বৰূপ, সদায় অবিচলিত স্থিতিৰ অনুভৱী স্ব-পৰিৱৰ্তক আৰু বিশ্ব-পৰিৱৰ্তক, সদায় অধিকাৰী স্থিতিৰে সকলো আত্মাক পিতাৰ দ্বাৰা অধিকাৰ প্ৰাপ্ত কৰাওঁতা চাৰিওফালৰ বাপদাদাৰ ভাগ্যৱান আৰু স্নেহী আত্মাসকল পৰমাত্ম স্নেহপূৰ্ণ স্মৰণ আৰু অন্তৰৰ আশীৰ্বাদ স্বীকাৰ কৰিবা। বাপদাদাৰ মৰমৰ সন্তানসকলক নমস্কাৰ।

বৰদান:
নিজেই নিজক পৰিৱৰ্তন কৰি বিশ্বৰ আধাৰমূৰ্ত হওঁতা শ্ৰেষ্ঠ পদৰ অধিকাৰী হোৱা

শ্ৰেষ্ঠ পদ পাবৰ কাৰণে বাপদাদাৰ এইটোৱেই শিক্ষা যে সন্তানসকল নিজক পৰিৱৰ্তন কৰা। নিজক পৰিৱৰ্তন কৰাৰ পৰিৱৰ্তে, পৰিস্থিতিসমূহ বা অন্য আত্মাসকল পৰিৱৰ্তন হোৱাৰ কথা ভাবা নতুবা সংকল্প উদয় হয় যে এইটো আলম্বন পালে, সহযোগ বা সহায় পালে তেতিয়া পৰিৱৰ্তন হ’ব – এনেকৈ কোনো আধাৰ পালে পৰিৱৰ্তন হোৱাসকলৰ প্ৰালব্ধও আধাৰতেই থাকিব কিয়নো যিমানৰ আধাৰ ল’বা সিমান জমা পুঁজি অংশত ভাগ হৈ যাব। সেইবাবে সদায় লক্ষ্য ৰাখা যে নিজে পৰিৱৰ্তন হ’ব লাগে। মই স্বয়ং বিশ্বৰ আধাৰমূৰ্ত হওঁ।

স্লোগান:
সংগঠনত উৎসাহ-উদ্দীপনা আৰু শ্ৰেষ্ঠ সংকল্পৰ দ্বাৰা সফলতা নিশ্চিত হৈয়েই আছে।

অব্যক্ত সংকেত: অশৰীৰী তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা

যেনেকৈ কোনোবা দুৰ্বল হ’লে তেতিয়া তেওঁক শক্তি দিবলৈ গ্লুক’জ দিয়ে, তেনেকৈ যেতিয়া নিজক শৰীৰৰ পৰা উৰ্দ্ধত অশৰীৰী আত্মা বুলি বুজা তেতিয়া এই সাক্ষীবোধৰ অৱস্থাই শক্তি লাভ কৰাৰ কাম কৰে আৰু যিমান সময় সাক্ষী অৱস্থাৰ স্থিতি থাকে, সিমানেই সংগী পিতাও স্মৃতিত থাকে অৰ্থাৎ লগত থাকে।