09.11.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
এয়াই পঢ়া যিয়ে তোমালোকক নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী কৰি তোলে, সেইবাবে পঢ়াৰ
প্ৰতি বহুত ধ্যান দিব লাগে”
প্ৰশ্ন:
পিতাৰ দ্বাৰা
সন্তানসকলে কোনটো উত্তৰাধিকাৰ লাভ কৰে যিটো কোনো তীৰ্থ বা জংঘললৈ গ’লে পাব নোৱাৰি?
উত্তৰ:
পিতাৰ দ্বাৰা সন্তানসকলে সুখ-শান্তি-সম্পত্তিৰ উত্তৰাধিকাৰ লাভ কৰে, যিটো ক’তো পাব
নোৱাৰি। মনুষ্যই শান্তিৰ বাবে জংঘললৈ যায়, কিন্তু তোমালোকে জানা শান্তিতো আমাৰ অৰ্থাৎ
আত্মাসকলৰ স্বধৰ্ম হয়।
গীত:
তুম্হে পাকে
হমনে…… (তোমাক পাই আমি…..)
ওঁম্শান্তি।
পিতাই বহি
সন্তানসকলক বুজায় কিয়নো তোমালোক এতিয়া গৰাকীৰ (প্ৰভুৰ) হৈছা। বাকী যি মনুষ্য আছে
তেওঁলোক হৈছে অনাথ। গৰাকী বুলি এজন পিতাকেই কোৱা হয়। ঘৰত যেতিয়া কাজিয়া কৰে তেতিয়া
কোৱা হয় - তোমালোকৰ কোনো গৰাকী নাই নেকি? এতিয়া গোটেই জগতৰ মনুষ্য মাত্ৰেই
কাজিয়া-পেচাল কৰি থাকে। এজনে আনজনক হত্যাও কৰি দিয়ে। পিতাহে আহি বুজায় - এই কাম
বিকাৰতো মহাশত্রু হয়, যাৰ বাবে সকলোৱে আদি-মধ্য-অন্ত দুখ পায়। তোমালোক সন্তানসকলে
জানা - এতিয়া আমি বেহদৰ (অসীমৰ; পাৰলৌকিক) পিতাৰ পৰা বেহদৰ সুখৰ উত্তৰধিকাৰ লৈ আছোঁ।
মনুষ্যই যদিওবা কয় যে আমাক শান্তি লাগে, কিন্তু শান্তি কি, ক’ৰ পৰা পোৱা যায়, জংঘললৈ
গ’লে শান্তি পোৱা যাব জানো? সুখ-শান্তি কেতিয়া আৰু কোনে দিয়ে, তীৰ্থলৈ কিহৰ বাবে
যায়? এয়াও কোনেও নাজানে। মাত্ৰ শুনিছে যে ভক্তি কৰিলে ভগৱানক পাব। ভগৱানকো নাজানে।
পিতাই কয় - মই আহি তোমালোক সন্তানসকলক সুখ-শান্তি দিওঁ। এতিয়া সুখ-শান্তি সম্পত্তি
কাৰো ওচৰত নাই। দিওঁতাজনকো কোনেও নাজানে। পিতাই আহি বুজায়, তোমালোকে গায়নো কৰা -
দুখ হৰ্তা, সুখ কৰ্তা। গান্ধীজীয়েও আহ্বান জনাইছিল যে হে পতিত-পাৱন আহি পাৱন কৰি
তোলক। এইদৰে গায় – পতিত-পাৱন সীতাৰাম, কিন্তু অৰ্থ হ’লে একো নুবুজে। ভক্তি কিয় কৰে,
তাৰ পৰা কি পাব, সেয়া একোৱেই নাজানে। এই ভক্তিও নাটকত নিৰ্ধাৰিত হৈ আছে। দ্বাপৰৰ পৰা
ৰাৱণৰাজ্য আৰম্ভ হয়। মনুষ্যই এইটো নাজানে যে ৰাৱণ কি বস্তু! কেতিয়ালৈকে ৰাৱণক
জ্বলাই থাকিব! তেওঁৰ জন্মনো কেতিয়া হ’ল। ৰাৱণৰ প্ৰতিকৃতি সাজি দাহ কৰে। আত্মা
কেতিয়াও নজ্বলে। এই সকলোবোৰ কথা তোমালোক সন্তানসকলেহে জানা। আজিৰ পৰা 5 হাজাৰ বছৰ
পূৰ্বে ভাৰত স্বৰ্গ আছিল। এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। লক্ষ্মী-নাৰায়ণকেই
ভগৱতী-ভগৱান বুলি কোৱা হয়। আকৌ ত্ৰেতাত ৰামৰ ৰাজ্য আছিল। তেওঁলোকে এই ৰাজ্য কেনেকৈ
পালে, আকৌ সেই ৰাজ্য ক’লৈ গ’ল এয়া কোনেও নাজানে অৰ্থাৎ ৰচনাৰ আদি-মধ্য-অন্তক কোনেও
নাজানে। তোমালোক এই জ্ঞানেৰে স্বর্গৰ মালিক হোৱা। স্কুলত পঢ়ি কোনোবা উকীল, কোনোবা
জজ্ হয় কিন্তু লক্ষ্মী-নাৰায়ণ নহয়। এওঁলোকে কোনটো পঢ়াৰে এই পদ পালে! এইটো কোনেও
নাজানে। ভগৱানুবাচ (ভগৱানে কয়) - মই তোমালোকক ৰাজযোগ শিকাওঁ। এনেকুৱা কোনো নোলাব
যিয়ে ক’ব যে মই তোমালোকক এনেকৈ গঢ়ি তোলোঁ। তোমালোক সন্তানসকলে জানা যে এই
লক্ষ্মী-নাৰায়ণৰ ৰাজবংশ এই পঢ়াৰ দ্বাৰাই হৈছে। জগতে এই কথাবোৰ নাজানে। সত্যযুগৰ
বাবেও লাখ লাখ বছৰ বুলি কৈ দিয়ে, তেন্তে এইটো কেনেকৈ জানিব যে লক্ষ্মী-নাৰায়ণ ক’লৈ
গ’ল? দেখিও আছে যে ভাৰততেই লক্ষ্মী-নাৰায়ণৰ অনেক চিত্ৰ আছে। অনেক মন্দিৰ নিৰ্মাণ কৰা
আছে। এনেকৈ ভাবে যে এওঁলোকৰ পৰা আমি ধন পাম। মহালক্ষ্মীৰ পৰা প্ৰত্যেক দীপাৱলীত ধন
বিচাৰে, কিন্তু লগত নিশ্চয় নাৰায়ণো থাকিব। দীপাৱলীত পূজা কৰিব আকৌ তেওঁলোকৰ
অল্পকালৰ সুখৰ ভাৱনা পূৰ্ণ হ’লে ভাবে যে লক্ষ্মীৰ পৰা ধন পোৱা যায়। বাস্তৱত
লক্ষ্মী-নাৰায়ণ দুয়োগৰাকী আছে। লক্ষ্মী, মহালক্ষ্মী কোনো বেলেগ বেলেগ নহয়, এই
কথাবোৰ মনুষ্যই নাজানে। বাবাইহে বুজায়। আজিকালি মনুষ্যইতো কৈ দিয়ে যে ঈশ্বৰ পাথৰ
শিলগুটি সকলোতে আছে। পিতাই কয় - সকলো পাথৰবুদ্ধিৰ। পৰসবুদ্ধিৰতো সত্যযুগত হয়। যেতিয়া
লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল তেতিয়া সোণ হীৰাৰ মহল আছিল। 5 হাজাৰ বছৰৰ কথা। শাস্ত্ৰত
কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি লিখি দিছে। পিতাই কয় - ভক্তি মাৰ্গৰ পৰা ছিৰি তললৈ
নামিবলগীয়া হয়। নাটক অনুসৰি যেতিয়া দুৰ্গতি পায় তেতিয়া মই আহোঁ আৰু আহি নতুন সৃষ্টি
ৰচনা কৰোঁ। এতিয়া তোমালোক সন্তানসকলে নতুন সৃষ্টিৰ মালিক হ’বৰ বাবে ৰাজযোগ শিকি আছা।
তোমালোকে জানা যে এই মহাভাৰতৰ যুদ্ধৰ দ্বাৰা পুৰণি সৃষ্টিৰ বিনাশ হ’ব। এইখন নাটক
পূৰ্ব নিৰ্ধাৰিত। সত্যযুগত দেৱী- দেৱতাসকলৰ ৰাজত্ব আছিল। তেওঁলোকৰ 5 হাজাৰ বছৰ হ’ল।
2500 বছৰ সূৰ্যবংশী-চন্দ্ৰবংশীৰ ৰাজধানী চলিল। বাকী দ্বাপৰৰ পৰা ৰাৱণৰাজ্য আৰম্ভ
হ’ল। মনুষ্য পতিত হৈ গৈ থাকে। কিন্তু তেওঁলোকে এইটো নাজানে যে আমাক পতিত কোনে কৰিলে?
আমি পাৱন আছিলোঁ, পতিত কেনেকৈ হ’লোঁ? পিতাই আহি বুজায়। ৰাৱণৰাজ্য আৰম্ভ হোৱাৰ লগে
লগে তোমালোক পতিত হ’বলৈ আৰম্ভ কৰা। ৰাৱণৰ জন্মৰ এতিয়া 2500 বছৰ হ’ল। শিৱবাবাৰ জন্মৰ
5 হাজাৰ বছৰ হ’ল। এখনক ৰামৰাজ্য আৰু আনখনক ৰাৱণৰাজ্য বুলি কোৱা হয়। বাস্তৱত ৰাম বুলি
ক’ব নালাগে। আজিকালি মনুষ্যৰ ৰামচন্দ্ৰ, কৃষ্ণচন্দ্ৰ নাম ৰাখে। 5 হাজাৰ বছৰ পূৰ্বে
ভাৰত সোণৰ চৰাই আছিল। সেইখিনি সময়ক সোণালী যুগী সৃষ্টি বুলি কোৱা হয়। বৈকুণ্ঠ আছিল,
কিন্তু ক’ত আছিল এইটো নাজানে। আত্মা কি, পৰমাত্মা কি, সৃষ্টি কি - একোৱেই নাজানে।
সেইবাবে তেওঁলোকক তুচ্ছ বুদ্ধিৰ বুলি কোৱা হয়। ঋষি মুনিয়ে ৰচয়িতা আৰু ৰচনাৰ
আদি-মধ্য-অন্তক নাজানে। সেইবাবেতো ‘নেতি নেতি’ (নাজানো) বুলি কয়, পিতাকো নাজানে,
উত্তৰাধিকাৰকো নাজানে। পিতাৰ দ্বাৰা বিশ্বৰ বাদশ্বাহীৰ যি উত্তৰাধিকাৰ পোৱা যায় তাকো
নাজানে। এতিয়া গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তক তোমালোকে জানা, গতিকে তোমালোক দ্বৈত
আস্তিক হ’লা। জগতৰ লোকেতো এইটোও গম নাপায় যে শান্তি কাৰ পৰা আৰু ক’ৰ পৰা পাব।
সন্ন্যাসীসকলৰ ওচৰত গৈ কয় - আমাক শান্তি লাগে। এতিয়া আমি ইয়াত শান্তি ক’ৰপৰা পাব
পাৰোঁ? কৰ্মতো কৰিবই লাগে নহয় জানো? শান্তিতো পোৱা যাব - শান্তিধামত। যদি ঘৰত এজন
অশান্ত হয় তেতিয়াও গোটেই ঘৰখনকেই অশান্ত কৰি দিব। শান্তি পোৱা যায় - মৰমৰ ঘৰত। আকৌ
তাৰপৰা পিতাই আমাক আত্মাসকলক নতুন সৃষ্টিত ভূমিকা পালন কৰিবলৈ পঠিয়াই দিয়ে। পিতাই
নৰকলৈ জানো পঠিয়াব। শান্তিধামৰ পৰা সুখধামলৈ যাবা। তোমালোক সন্তানসকলে জানা যে এয়া
হৈছে ভগৱানৰ পাঠশালা। এয়া কোনো সৎসংগ নহয়। ইয়াত ভগৱানে সন্তানসকলৰ প্ৰতি কয়।
নিৰাকাৰ শিৱবাবা শৰীৰত প্ৰৱেশ কৰি তোমালোক সন্তানসকলৰ সৈতে বাৰ্তালাপ কৰে। আত্মাও
শৰীৰত আছে নহয় জানো। আত্মাই যেতিয়া কৰ্মেন্দ্ৰিয় লাভ কৰে তেতিয়া কথা কয়, শুনে। এতিয়া
আত্মসকলক পিতাই বহি পঢ়ায়। পৰমাত্মাক আহ্বান কৰে হে পতিত-পাৱন… হে সৎগতি দাতা,
মুক্তিদাতা, মাৰ্গ-দৰ্শক, কিন্তু এইটো নাজানে যে কেনেকৈ মুক্ত কৰি আকৌ মাৰ্গ-দৰ্শক
হৈ ক’লৈ লৈ যাব। কেৱল চিঞৰি থাকে। এতিয়া ঈশ্বৰ পিতা আহিছে। তোমালোক সন্তানসকলক
মাৰ্গ-দৰ্শন কৰি আছে। নিজেই তোমালোকক শান্তিধামলৈ লৈ যায়। আকৌ তোমালোক নিজেই
সুখধামলৈ গুচি যাবাগৈ। পিতা এবাৰেই আহি সকলোৰে মাৰ্গ-দৰ্শক হয়। তাৰপাছত নতুন
সৃষ্টিত পিতাই মাৰ্গ-দৰ্শন নকৰিব। এই সময়ত সকলো মনুষ্য পতিত হোৱাৰ বাবে এইটো নাজানে
যে আমি ঘৰলৈ কেনেকৈ উভতি যাম, উৰিবতো নোৱাৰে। তালৈ যাবৰ কাৰণে ভক্তি বহুত কৰে।
কিন্তু এইটো নাজানে যে আমি পতিত সেইবাবে যাব নোৱাৰোঁ। পতিত-পাৱন পিতা আহি যেতিয়া
পাৱন কৰি তুলিব তেতিয়াহে আমি যাব পাৰোঁ। এতিয়া পিতাই তোমালোকক পাৱন হোৱাৰ যুক্তি (উপায়)
শুনায়, সকলোৱে পাতিতৰ পৰা পাৱন হ’বই লাগে। এতিয়া কিমান অনেক মনুষ্য আছে। সত্যযুগত
যেতিয়া দেৱতাসকলৰ ৰাজ্য আছিল তেতিয়া নতুন বৃক্ষত 9 লাখ থাকে। প্ৰথমে কম পাত থাকে
নহয় জানো। তাৰপাছত ডাঙৰ হৈ যায়। প্ৰথমে এটা ধৰ্মৰেই লোক থাকে। তোমালোকে এতিয়া নিজক
নৰকবাসী বুলি নুবুজা, বাকী সকলো হৈছে নৰকবাসী। কিন্তু নিজক তেনেকৈ নাভাবে। এই সময়ত
চেহেৰাতো সকলোৰে মনুষ্যৰ কিন্তু চৰিত্ৰ বান্দৰৰ দৰে। ডাঙৰ ডাঙৰ ৰজাসকলো
লক্ষ্মী-নাৰায়ণৰ চৰণত পৰে। এতিয়া তেওঁলোকতো কোনো পতিতক পাৱন কৰোঁতা নহয় অথবা
তেওঁলোক কোনো দয়াশীল হয় জানো। যেতিয়া কোনোবা দুখী হ’ব তেতিয়া তেওঁক দয়া কৰা হয়।
দয়াশীল হৈছে একমাত্ৰ পিতা। পিতাহে আহি পাথৰবুদ্ধিৰসকলক পাৰসবুদ্ধিৰ কৰি তোলে। এতিয়া
তোমালোক দেৱতা হৈ আছা। এয়া হয়েই নৰৰ পৰা নাৰায়ণ হোৱাৰ পাঠশালা। এয়া হৈছে ৰাজযোগ। ঋষি
মুনীসকলে এইটো নাজানে যে গীতাৰ ৰাজযোগ কোনে শিকালে। গীতাক একেবাৰে খণ্ডন কৰি দিছে।
এনেকৈ ভাবে - কৃষ্ণই ৰাজযোগ শিকাইছিল। কয় - কৃষ্ণ ভগৱানুবাচ মনমনাভৱ। এতিয়া কৃষ্ণতো
পৰমাত্মা নহয়। তেওঁতো সত্যযুগৰ ৰাজকুমাৰ যিয়ে সংগমযুগত ৰাজযোগ শিকি বাদশ্বাহী
প্ৰাপ্ত কৰে। তেওঁকেই আকৌ ভগৱান বুলি কৈ দিছে। অনেক মনুষ্যই গীতা শুনে। কিন্তু
এজনেও নাজানে যে গীতাৰ ভগৱান শিৱ, কৃষ্ণ নহয়। এনেকৈ কৈ দিয়ে যে সকলো একেই। এনেকুৱা
মনুষ্যৰ সৈতেও মগজ খটুৱাবলগীয়া হয়। 63 জন্মৰ পৰা বুজি আহিছে যে কৃষ্ণ ভগৱান হয়।
দ্বাপৰৰ পৰা শাস্ত্ৰ ৰচনা কৰা হৈছে। নিশ্চয় পোন-প্ৰথমে গীতা ৰচনা কৰা হৈছিল। এই
সকলোবোৰ শাস্ত্ৰ হৈছে ভক্তিমাৰ্গৰ। জ্ঞান মাৰ্গৰ এখনো শাস্ত্ৰ নাই। গীতা হৈছে প্ৰথম
নম্বৰৰ। পাছত বেদ-উপনিষদ ৰচনা কৰা হৈছে। সেইবোৰো হৈছে গীতাৰেই সতি-সন্তান। সেইবোৰ
পঢ়ি পঢ়ি অৱনমিত হৈ আহিছে। এতিয়া 84 জন্ম পূৰা হ’ল। এতিয়া প্ৰথম নম্বৰত যাব লাগে।
এতিয়া তোমালোক পুনৰ সত্যযুগী লক্ষ্মী-নাৰায়ণ হ’বলৈ ইয়াত পঢ়িবলৈ আহিছা। সকলোৱেতো
লক্ষ্মী-নাৰায়ণ নহ’ব, এয়া ৰাজধানী স্থাপন হৈ আছে। কিন্তু কোনে ৰাজধানী স্থাপন কৰিলে,
এইটো কাৰো বুদ্ধিত উদয় নহ’ব। কলিযুগত ইমান অনেক মনুষ্য আছে যে খাবলৈ খাদ্যও নাপায়
আৰু সত্যযুগত কেৱল লক্ষ্মী-নাৰায়ণৰ ৰাজধানী হ’ব। ইয়াত চোৱা কিমান ধৰ্ম আছে। সন্মুখত
ভয়ানক মহাভাৰতৰ যুদ্ধও থিয় হৈ আছে, তথাপি মনুষ্যৰ চকু মুকলি নহয়। এই ভয়ানক মহাভাৰতৰ
যুদ্ধ কল্প পূৰ্বেও হৈছিল, তাৰপাছত কি হ’ল, একোৱে নাজানে। এই সকলো কথা তোমালোক
ব্ৰাহ্মণ-ব্ৰাহ্মণীসকলেহে জানা। তোমালোকক পিতাই ব্ৰহ্মাৰ দ্বাৰা তুলি লৈছে। ভগৱানে
তোমালোকক পঢ়াই এই লক্ষ্মী-নাৰায়ণ কৰি তোলে, গতিকে ভালদৰে পঢ়িব লাগে। কেৱল পিতাক আৰু
নতুন সৃষ্টিক স্মৰণ কৰা তেতিয়া তোমালোক নতুন সৃষ্টিলৈ গুচি যাবা। আকৌ যদি ভালদৰে পঢ়া
আৰু পঢ়োৱা তেতিয়া ৰজা-ৰাণী হ’ব পাৰিবা। যিমান আত্মিক সেৱা কৰিবা। তোমালোক হৈছা
আত্মিক সমাজ সেৱক। বাকী গোটেই জগত হৈছে পাৰ্থিৱ সমাজ সেৱক। তোমালোক আত্মাসকলক পিতাই
নিতৌ জ্ঞান দিয়ে। আত্মাসকলৰ সেৱা কৰে নহয় জানো। তাক কোৱা হয় আত্মাসকলৰ সেৱা, যিটো
শিকায়ো আধ্যাত্মিক পিতাই। এয়া হৈছে মনুষ্যক দেৱতা কৰি তোলাৰ পাঠশালা। হ’বও নিশ্চয়।
যেতিয়া তোমালোক পঢ়ি তৈয়াৰ হৈ যাবা আৰু বিনাশ আৰম্ভ হ’ব তেতিয়া তোমালোকো গুচি যাবা।
এনেকৈ কয় নহয় - ৰাম গ’ল, ৰাৱণ গ’ল… কেৱল কিছু সংখ্যক থাকি যায় যিসকল পুনৰ অদল-বদল
হৈ থাকে। আকৌ তোমালোক স্বৰ্গলৈ আহিবা। তোমালোকৰ বাবে এতিয়া নতুন সৃষ্টি স্থাপন হৈ
আছে, তোমালোকে স্বৰ্গবাসী হ’বৰ বাবে পঢ়ি আছা। এয়া হৈছে নৰক। এতিয়া তোমালোক সংগমত আছা।
এতিয়া তোমালোক ব্ৰাহ্মণ-ব্ৰাহ্মণী নহ’লে উত্তৰাধিকাৰ ল’ব নোৱাৰিবা। উত্তৰাধিকাৰ
ব্ৰাহ্মণসকলে পায়, যিসকলে একমাত্ৰ পিতাৰ বাহিৰে অন্য কোনো দেহধাৰীক স্মৰণ নকৰে। বাকী
কিবা নহয় কিবা শুনিলে প্ৰজাত আহি যাব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
াৰণাৰবাবেমুখ্যসাৰ:-
(1) আত্মিক
সমাজ সেৱক হৈ পঢ়িব আৰু পঢ়াব লাগে। পিতাৰ লগতে আগন্তুক নতুন সৃষ্টিকো স্মৰণ কৰিব লাগে।
(2) পিতাৰ সমান
দয়াশীল হৈ সকলোকে পাৰসবুদ্ধিৰ কৰি তোলাৰ সেৱা কৰিব লাগে।
বৰদান:
নিৰাকাৰৰ পৰা
সাকাৰ— এইটো মন্ত্ৰৰ স্মৃতিৰে সেৱাৰ ভূমিকা পালন কৰোঁতা আত্মিক সেৱাধাৰী হোৱা
যেনেকৈ পিতাই
নিৰাকাৰৰ পৰা সাকাৰ ৰূপ ধাৰণ কৰি সেৱাৰ ভূমিকা পালন কৰে, তেনেকৈ সন্তানসকলেও এই
মন্ত্ৰৰ যন্ত্ৰ স্মৃতিত ৰাখি সেৱাৰ ভূমিকা পালন কৰিব লাগে। এইখন সাকাৰ সৃষ্টি আৰু
সাকাৰ শৰীৰ হৈছে মঞ্চ। মঞ্চ হৈছে আধাৰ, ভূমিকা পালন কৰোঁতাজন হৈছে আধাৰমূৰ্ত, মালিক।
এইটো স্মৃতিৰে অনাসক্ত হৈ ভূমিকা পালন কৰিলে, বোধযুক্ত হোৱাৰ লগতে সাৰযুক্ত আৰু
আত্মিক সেৱাধাৰী হৈ যাবা।
স্লোগান:
সাক্ষী হৈ প্ৰতিখন খেল প্ৰত্যক্ষ কৰোঁতাজনেই সাক্ষী দ্ৰষ্টা।
অব্যক্ত সংকেত: পিতা
ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:
স্নেহ আৰু শক্তি – এই
দুয়োটাৰ যেতিয়া মিলন ঘটে, তেতিয়া অৱস্থা অতি অনন্য আৰু অতি মৰমলগা হৈ পৰে। যাৰ
প্ৰতি স্নেহ আছে, তেওঁৰ সমান হোৱাটোৱেই হৈছে স্নেহৰ প্ৰকৃত প্ৰমাণ। কিন্তু কেৱল
স্নেহ থাকিলেই সম্পূৰ্ণ হ’ব নোৱাৰি। স্নেহৰ লগতে শক্তিও থাকিলে তেতিয়া নিজে
সম্পূৰ্ণ হৈ আনকো সম্পূৰ্ণ কৰি তুলিব পাৰিবা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]