09.12.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – বিনাশৰ পূৰ্বে সকলোকে পিতাৰ পৰিচয় দিব লাগে, ধাৰণা কৰি আনকো বুজোৱা তেতিয়া উচ্চ পদ পাব পাৰিবা"

প্ৰশ্ন:
ৰাজযোগী বিদ্যাৰ্থীৰ প্ৰতি পিতাৰ নিৰ্দেশনা কি?

উত্তৰ:
তোমালোকে নিৰ্দেশনা পাইছা যে এজন পিতাৰ হোৱাৰ পাছত অন্যৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। প্ৰতিজ্ঞা কৰি আকৌ পতিত হ’ব নালাগে। তোমালোক এনেকুৱা সম্পূৰ্ণ পাৱন হৈ যোৱা যাতে পিতা আৰু শিক্ষকৰ স্মৃতি স্বতঃ নিৰন্তৰ থাকে। এজন পিতাৰ প্ৰতিয়ে প্ৰীতি ৰাখা, তেওঁকে স্মৰণ কৰা তেতিয়া তোমালোকে বহুত শক্তি পাই থাকিবা।

ওঁম্শান্তি।
আত্মিক পিতাই বহি বুজায়। তেতিয়াহে বুজায় যেতিয়া এই শৰীৰত থাকে। সন্মুখতহে বুজাবলগীয়া হয়। সন্মুখত যি বুজায় সেয়া পাছত লিখিত ৰূপত সকলোৰে ওচৰলৈ যায়। তোমালোক ইয়ালৈ সন্মুখত শুনিবলৈ আহা। বেহদৰ পিতাই আত্মাসকলক শুনায়। আত্মাইহে শুনে। এই শৰীৰৰ দ্বাৰা সকলো আত্মাইহে কৰে সেয়েহে প্ৰথমে নিজক আত্মা বুলি বুজিব লাগে। গায়ন আছে - আত্মা-পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল…….। সকলোতকৈ প্ৰথমে কোন পিতাৰ পৰা বিচ্ছিন্ন হৈ ইয়ালৈ ভূমিকা পালন কৰিব আহে? তোমালোকক যদি সোধা হয় কিমান সময় তোমালোক পিতাৰ পৰা বিচ্ছিন্ন হৈ আছা? তোমালোকে তেতিয়া কোৱা 5 হাজাৰ বছৰ। পূৰা হিচাপ আছে নহয়। এয়াতো তোমালোক সন্তানসকলে জানা কেনেকৈ ক্ৰমানুসৰি আহা। পিতা যি ওপৰত আছিল তেৱোঁ এতিয়া তোমালোক সকলোৰে বেটাৰী চার্জ কৰিবলৈ তললৈ আহিছে। এতিয়া পিতাক স্মৰণ কৰিব লাগে। এতিয়াতো পিতা সন্মুখত আছে নহয়। ভক্তিমাৰ্গততো পিতাৰ কৰ্তব্যৰ বিষয়ে একোৱে নাজানে। নাম, ৰূপ, দেশ, কালক নাজানেই। তোমালোকেতো নাম, ৰূপ, দেশ, কাল সকলো জানা। তোমালোকে জানা যে পিতাই এই ৰথৰ দ্বাৰা আমাক সকলো ৰহস্য বুজায়। ৰচয়িতা আৰু ৰচনাৰ আদি, মধ্য, অন্তৰ ৰহস্য বুজাইছে। এয়া কিমান সূক্ষ্ম কথা। এই মনুষ্য সৃষ্টি ৰূপী বৃক্ষৰ বীজৰূপ হৈছে পিতা। তেওঁ নিশ্চয় ইয়ালৈ আহে। নতুন সৃষ্টি স্থাপনা কৰাতো তেওঁৰেই কাম। এনেকুৱা নহয় যে তাত বহিয়েই স্থাপনা কৰিব। তোমালোক সন্তানসকলে জানা যে বাবাই এই শৰীৰৰ দ্বাৰা আমাক সন্মুখত বুজাই আছে। এয়াও পিতাই স্নেহ কৰাই নহ'ল জানো। অন্য কোনেও তেওঁৰ জন্মপত্ৰিকা নাজানে। ‘গীতা’ হৈছে আদি-সনাতন দেৱী-দেৱতা ধৰ্মৰ শাস্ত্ৰ। এয়াও তোমালোকে জানা - এই জ্ঞানৰ পাছত হৈছে বিনাশ। বিনাশ নিশ্চয় হ’বই। অন্য যিসকল ধৰ্ম প্ৰতিষ্ঠাপক আহে, তেওঁলোক আহিলে বিনাশ নহয়। বিনাশৰ সময়েই হৈছে এতিয়া, সেয়েহে তোমালোকে যি জ্ঞান পোৱা সেয়া আকৌ লুপ্ত হৈ যায়। তোমালোক সন্তানসকলৰ বুদ্ধিত এই সকলোবোৰ কথা আছে। তোমালোকে ৰচয়িতা আৰু ৰচনাক জানি গৈছা। হওঁতে দুয়োটা অনাদি যি চলি আহি থাকে। পিতাৰ ভূমিকাই হৈছে সংগমত অহা। ভক্তি আধাকল্প চলে, জ্ঞান নচলে। জ্ঞানৰ উত্তৰধিকাৰ আধাকল্পৰ বাবে পোৱা যায়। জ্ঞানতো এবাৰহে কেৱল সংগমত পোৱা যায়। এই শ্ৰেণী তোমালোকৰ এবাৰে চলে। এই কথাবোৰ ভালদৰে বুজি আকৌ আনক বুজাবও লাগে। পদবী সেৱা কৰাৰ ওপৰতে নিৰ্ভৰ কৰে। তোমালোকে জানা যে এতিয়া পুৰুষাৰ্থ কৰি নতুন সৃষ্টিলৈ যাব লাগে। ধাৰণা কৰি আৰু অন্যকো বুজাবা - ইয়াতেই তোমালোকৰ পদ। বিনাশ হোৱাৰ পূৰ্বে সকলোকে পিতাৰ পৰিচয় দিব লাগে আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ পৰিচয় দিব লাগে। তোমালোকেও পিতাক স্মৰণ কৰা যাতে জন্ম-জন্মান্তৰৰ পাপ খণ্ডন হৈ যায়। যেতিয়ালৈকে পিতাই পঢ়াই থাকে, স্মৰণো নিশ্চয় কৰিব লাগে। পঢ়াওঁতাজনৰ লগত যোগসূত্ৰতো নিশ্চয় থাকিব। শিক্ষকে পঢ়ায় গতিকে তেওঁৰ সৈতে যোগসূত্ৰ থাকে। যোগ অবিহনে পঢ়িব কেনেকৈ? যোগ অৰ্থাৎ পঢ়াওঁতাজনৰ স্মৃতি। এওঁ পিতাও হয়, শিক্ষকো হয় আৰু সৎগুৰুও হয়। তিনিওটা ৰূপত পূৰা স্মৰণ কৰিব লগা হয়। এইজনা সৎগুৰু তোমালোকে এবাৰেই পোৱা। জ্ঞানৰ দ্বাৰা সৎগতি পালা, তাৰপাছত গুৰুৰ প্ৰথাই শেষ। পিতা, শিক্ষকৰ প্ৰথা চলে, গুৰুৰ প্ৰথা সমাপ্ত হৈ যায়। সৎগতি প্ৰাপ্ত হৈ নাযায় জানো। নিৰ্বাণধামত তোমালোক বাস্তৱত যোৱা আকৌ নিজৰ সময়ত ভূমিকা পালন কৰিবলৈ আহা। তোমালোকে মুক্তি-জীৱনমুক্তি দুয়োটা পাই যোৱা। মুক্তিও নিশ্চয় পোৱা। অলপ সময়ৰ বাবে ঘৰত গৈ থাকিবা। ইয়াততো শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰিবলগীয়া হয়। শেষলৈ সকলো ভাৱৰীয়া আহি যাব। নাটক যেতিয়া পূৰা হয় তেতিয়া সকলো ভাৱৰীয়া মঞ্চত আহি যায়। এতিয়াও সকলো ভাৱৰীয়া মঞ্চত আহি একত্ৰিত হৈছে। কিমান উপদ্ৰৱ। সত্যযুগত কোনো উপদ্ৰৱ নাছিল। এতিয়াতো কিমান অশান্তি। এতিয়া পিতাৰ যেনেকৈ সৃষ্টি চক্ৰৰ জ্ঞান আছে তেনেকৈ সন্তানসকলৰো জ্ঞান আছে। বীজৰ জ্ঞান আছে নহয় - আমাৰ বৃক্ষৰ কেনেকৈ বৃদ্ধি হৈ আকৌ নাশ হৈ যায়। এতিয়া তোমালোক ইয়াত নতুন সৃষ্টিৰ পুলি ৰোপণ কৰিবলৈ বহি আছা অথবা আদি-সনাতন দেৱী-দেৱতাৰ ধৰ্মৰ পুলি ৰোপণ কৰিবলৈ। তোমালোকে গম পোৱানে যে এই লক্ষ্মী-নাৰায়ণে ৰাজ্য কেনেকৈ পালে? তোমালোকে জানা যে আমি এতিয়া নতুন সৃষ্টিৰ ৰাজকুমাৰ হ'মগৈ। সেইখন সৃষ্টিত থকা সকলোৱে নিজক মালিক বুলিয়েই ক’ব নহয়। যেনেকৈ এতিয়াও সকলোৱে কয় যে ভাৰত আমাৰ দেশ। তোমালোকে বুজি পোৱা যে আমি এতিয়া সংগমত থিয় হৈ আছোঁ, শিৱালয়লৈ যামগৈ। বচ্‌, এতিয়া যাবলৈ ওলাইছোঁ। আমি গৈ শিৱালয়ৰ মালিক হ'ম। তোমালোকৰ লক্ষ্য-উদ্দেশ্যই হৈছে এয়া। যেনেকুৱা ৰজা ৰাণী তেনেকুৱা প্ৰজা, সকলো শিৱালয়ৰ মালিক হৈ যায়। বাকী ৰাজধানীত ভিন্ন ভিন্ন পদমৰ্যাদাতো থাকেই। তাত পৰামৰ্শদাতা কোনো নাথাকেই। পৰামৰ্শদাতা তেতিয়া থাকে যেতিয়া পতিত হৈ যায়। লক্ষ্মী-নাৰায়ণ বা ৰাম-সীতাৰ পৰামৰ্শদাতা আছিল বুলিতো শুনা নাই কিয়নো তেওঁলোক স্বয়ং সতোপ্ৰধান পাৱন বুদ্ধিৰ। আকৌ যেতিয়া পতিত হৈ যায় তেতিয়া ৰজা-ৰাণীয়ে ৰায় ল’বলৈ এগৰাকী পৰামৰ্শদাতা ৰাখে। এতিয়াতো চোৱা অনেক পৰামৰ্শদাতা আছে।

তোমালোক সন্তানসকলে জানা যে এয়া অতি আনন্দদায়ক খেল। খেল সদায় আনন্দদায়কে হয়। সুখো থাকে, দুখো থাকে। এই বেহদৰ খেলক তোমালোক সন্তানসকলেহে জানা। ইয়াত কন্দা-কটা আদিৰ কথা নাই। গায়নো কৰে - যি হৈ গৈ সেয়া হৈ গ’ল... যি ৰচি থোৱা আছে সেয়াই চলি আছে। এই নাটকখন তোমালোকৰ বুদ্ধিত আছে। আমি এই নাটকৰ ভাৱৰীয়া। আমাৰ 84 জন্মৰ ভূমিকা সঠিক অবিনাশী। যিয়ে যিটো জন্মত যি ভূমিকা পালন কৰি আহিছে সেয়াই কৰি থাকিব। আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বেও তোমালোকক এয়াই কৈছিলোঁ যে নিজক আত্মা বুলি বুজা। ‘গীতা’তো এই শব্দবোৰ আছে। তোমালোকে জানা যে যথাযথ যেতিয়া আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা হৈছিল তেতিয়া পিতাই কৈছিল - দেহৰ সকলো ধৰ্ম ত্যাগ কৰি নিজক আত্মা বুলি বুজা আৰু পিতাক স্মৰণ কৰা। ‘মনমনাভৱ’ৰ অৰ্থতো পিতাই ভালদৰে বুজাইছে। ভাষাও এইটোৱেই। ইয়াত চোৱা কিমান অনেক ভাষা আছে। ভাষাক লৈও কিমান হুলস্থুল। ভাষা অবিহনেতো কাম চলিব নোৱাৰে। এনেকুৱা এনেকুৱা ভাষা শিকি আহে যে মাতৃভাষাৰ অন্ত পৰি যায়। যিয়ে অধিক ভাষা শিকে তেওঁক পুৰস্কাৰ দিয়া হয়। যিমান ধৰ্ম, সিমান ভাষা হ'ব। তোমালোকে জানা যে তাততো নিজৰে ৰাজ্য হ'ব। ভাষাও এটাই হ'ব। ইয়াততো 100 মাইল মূৰে মূৰে এটা এটা ভাষা আছে। তাততো এটাই ভাষা হ'ব। এই সকলো কথা পিতাই বহি বুজায় সেয়েহে সেই পিতাকেই স্মৰণ কৰি থাকা। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা বুজায় । ৰথতো নিশ্চয় লাগে নহয়। শিৱবাবা আমাৰ পিতা হয়। পিতাই কয় - মোৰতো বেহদৰ সন্তান আছে। বাবাই এওঁৰ দ্বাৰা নপঢ়াই জানো। শিক্ষকক জানো আলিঙ্গন কৰে। পিতাতো তোমালোকক পঢ়াবলৈ আহিছে। ৰাজযোগ শিকায় তেন্তে শিক্ষক নহ’ল জানো। তোমালোক হৈছা বিদ্যাৰ্থী। বিদ্যাৰ্থীয়ে কেতিয়াবা শিক্ষকক আলিঙ্গন কৰে জানো? এজন পিতাৰ হোৱাৰ পাছত অন্যৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে।

পিতাই কয় - মই তোমালোকক ৰাজযোগ শিকাবলৈ আহিছোঁ। তোমালোক শৰীৰধাৰী, মই অশৰীৰী ওপৰত নিবাস কৰোঁতা। তোমালোকে এনেকৈ কোৱাও যে বাবা, পাৱন কৰি তুলিবলৈ আহক, তেনেহ'লে তোমালোক পতিত নোহোৱা জানো? তেনেস্থলত মোক আলিঙ্গন কেনেকৈ কৰিব পাৰিবা? প্ৰতিজ্ঞা কৰি পুনৰ পতিত হৈ যায়। যেতিয়া একেবাৰে পাৱন হৈ যাবা, অন্তিম সময়ত আকৌ স্মৃতিতেই থাকিবা, শিক্ষকক, গুৰুক স্মৰণ কৰি থাকিবা। এতিয়াতো ছিঃ ছিঃ হৈ অধঃপতিত হৈ যায়, আৰুহে এশ গুণ দণ্ড হৈ যায়। এওঁকতো মাজতে দালালৰ ৰূপত পাইছা, তেওঁক স্মৰণ কৰিব লাগে। বাবাই (ব্ৰহ্মাই) কয় ময়ো তেওঁৰ মুৰব্বী সন্তান! তথাপিও মই ক’ত আলিঙ্গন কৰিব পাৰো! তোমালোকে তথাপিও এই শৰীৰ দ্বাৰা মিলিত হোৱা। মই তেওঁক কেনেকৈ আলিঙ্গন কৰো? পিতাইতো কয়- সন্তানসকল, তোমালোকে এজন পিতাকে স্মৰণ কৰা, মৰম কৰা। স্মৃতিৰে শক্তি বহুত পোৱা যায়। পিতা সৰ্বশক্তিমান। পিতাৰ পৰাই তোমালোকে ইমান শক্তি পোৱা। তোমালোক কিমান শক্তিশালী হৈ যোৱা। তোমালোকৰ ৰাজধানীক কোনেও জয় কৰিব নোৱাৰে। ৰাৱণৰ ৰাজ্যই শেষ হৈ যায়। দুখ দিওঁতা কোনো নাথাকেই। তাক সুখধাম বুলি কোৱা হয়। ৰাৱণ গোটেই বিশ্বতে সকলোকে দুখ দিওঁতা হয়। জীৱ-জন্তুও দুখী হয়। তাততো জীৱ-জন্তুৱেও পৰস্পৰ মৰম-চেনেহেৰে থাকে। ইয়াততো প্ৰেম নাই।

তোমালোকে জানা যে এই ড্ৰামাখন কেনেকৈ ঘূৰি থাকে। ইয়াৰ আদি-মধ্য-অন্তৰ ৰহস্য পিতাইহে বুজায়। কোনোৱে ভালকৈ পঢ়ে, কোনোৱে কমকৈ পঢ়ে। সকলোৱেতো পঢ়ে নহয়। গোটেই সৃষ্টিখনেও পঢ়িব অৰ্থাৎ পিতাক স্মৰণ কৰিব। পিতাক স্মৰণ কৰা - এয়াও পঢ়া নহয় জানো। সেই পিতাক সকলোৱে স্মৰণ কৰে, তেওঁ সকলোৰে সৎগতি দাতা, সকলোকে সুখ দিওঁতা। এনেকৈ কয়ো যে আহি পাৱন কৰি তোলক তেন্তে নিশ্চয় পতিত হ’লা। তেওঁতো আহেই বিকাৰীসকলক নিৰ্বিকাৰী কৰি তুলিবলৈ। আহ্বানো জনায় যে হে আল্লাহ, আহি আমাক পাৱন কৰি তোলক। তেওঁৰ এইটোৱেই কাম, সেই কাৰণে আহ্বান জনায়।

তোমালোকৰ ভাষাও শুদ্ধ হোৱা উচিত। সেই লোকসকলে কয় ‘আল্লাহ’, তেওঁলোকে কয় ‘গড্‌’। ‘গড্‌ ফাদাৰ’ বুলিও কয়। অন্তিম সময়ত অহাসকলৰ বুদ্ধি তথাপিও ভাল হৈ থাকে। ইমান দুখ নাপায়। এতিয়া তোমালোক সন্মুখত বহি আছা, কি কৰা? বাবাক এই ভ্ৰূকুটিৰ মাজলৈ চোৱা। বাবাই আকৌ তোমালোকৰ ভ্ৰূকুটিৰ মাজলৈ চায়। যাৰ শৰীৰত মই প্ৰৱেশ কৰোঁ, তেওঁক চাব পাৰোনে? তেওঁতো কাষতে বহি আছে, এয়া অতিকৈ বুজিবলগীয়া কথা। মই এওঁৰ কাষতে বহি আছোঁ। এৱোঁ বুজি পায়, মোৰ কাষতে বহি আছে। তোমালোকে ক’বা আমি সন্মুখত দুজনক দেখিবলৈ পাওঁ। পিতা আৰু ককা দুয়োটি আত্মাকে চোৱা। তোমালোকৰ জ্ঞান আছে - বাপদাদা বুলি কাক কোৱা হয়? আত্মা সন্মুখত বহি আছে। ভক্তিমাৰ্গততো চকু মুদি বহি শুনে। এনেকৈ জানো পঢ়া হয়। শিক্ষককতো চাব লাগে নহয়। এওঁতো পিতাও হয় শিক্ষকো হয় সেয়েহে সন্মুখত চাবলগীয়া হয়। সন্মুখত বহি চকু মুদি থাকিবা, কলমটিয়াই থাকিবা, এনেকৈতো পঢ়া নহয়। বিদ্যাৰ্থীয়ে নিশ্চয় শিক্ষকৰ ফালে চাই থাকিব। নহ’লে শিক্ষকে ক’ব এওঁ দেখোন কলমটিয়াই থাকে। এওঁ কিজানি ভাং খাই আহিছে। তোমালোকৰ বুদ্ধিত আছে যে বাবা এইটো শৰীৰত আছে। মই বাবাক চাওঁ। পিতাই বুজায় এয়া কোনো সাধাৰণ শ্ৰেণী নহয় যে কোনোবাই চকু মুদি বহি থাকিব। স্কুলত জানো কোনোবাই কেতিয়াবা চকু মুদি বহে? অন্য সৎসংগবোৰক স্কুল বুলি কোৱা নহয়। যদিও বহি ‘গীতা’ শুনায় কিন্তু তাক স্কুল বুলি কোৱা নহয়। সেয়া জানো পিতা যে তেওঁৰ ফালে চাম। কোনো কোনো শিৱৰ ভক্ত হ’লে তেতিয়া কেৱল শিৱকহে স্মৰণ কৰে, কাণেৰে কথা শুনি থাকে। শিৱক ভক্তি কৰোঁতাসকলে শিৱকেই স্মৰণ কৰিবলগীয়া হয়। আন কোনো সৎসংগত প্ৰশ্নোত্তৰ আদিৰ ব্যৱস্থা নাথাকে। ইয়াত আছে। ইয়াত তোমালোকৰ বহুত আমদানি হয়। আমদানি হ’লে কেতিয়াও হামি আহিব নোৱাৰে। ধন পালে তেতিয়া আনন্দিত হয়। হামি, দুখৰ চিহ্ন। বেমাৰ হ'লে, বা দেউলীয়া হ’লে তেতিয়া হামি আহি থাকিব। পইচা পাই থাকিলে তেতিয়া কেতিয়াও হামি নাহে। বাবা বেপাৰীও হয়। ৰাতি পানী জাহাজ আহিলে গোটেই ৰাতি উজাগৰে থাকিবলগীয়া হৈছিল। কোনো কোনো বেগম সামগ্ৰী কিনিবলৈ ৰাতি আহিলে তেতিয়া কেৱল মহিলাৰ বাবেহে খোলা থাকে। বাবায়ো কয় প্ৰদৰ্শনী আদিত মহিলাৰ বাবে বিশেষ দিন ৰাখিলে তেতিয়া বহুত আহিব। পৰ্দাৰে আবৃতসকলো আহিব। বোৱাৰীসকল পৰ্দাৰে আবৃত হৈ থাকে। গাড়ীতো পৰ্দা থাকে। ইয়াততো হৈছে আত্মাৰ কথা। জ্ঞান পাই গ’লে তেতিয়া পৰ্দাও খুলি যাব। সত্যযুগত পৰ্দা আদি নাথাকে। এয়াতো হৈছে প্ৰবৃত্তি মাৰ্গৰ জ্ঞান। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এইখন বৰ মজাৰ খেল ৰচি থোৱা আছে, ইয়াত সুখ আৰু দুখৰ ভূমিকা নিৰ্ধাৰিত হৈ আছে সেয়েহে কন্দা-কটা কৰাৰ কথা নাই। বুদ্ধিত যাতে থাকে যি ৰচি থোৱা আছে সেয়াই চলি আছে, অতীতৰ চিন্তন কৰিব নালাগে।

(2) এয়া সাধাৰণ শ্ৰেণী নহয়, ইয়াত চকু মুদি বহিব নালাগে। শিক্ষকক সন্মুখত চাব লাগে। হামিয়াই থাকিব নালাগে। হামিয়াই থকাতো দুখৰ চিন।

বৰদান:
সন্তুষ্টতাৰ তিনিখন প্ৰমাণ পত্ৰ লৈ নিজৰ যোগী জীৱনৰ প্ৰভাৱ বিস্তাৰ কৰোঁতা সহজযোগী হোৱা

সন্তুষ্টতা যোগী জীৱনৰ বিশেষ লক্ষ্য, যি সদায় সন্তুষ্ট হৈ থাকে আৰু সকলোকে সন্তুষ্ট কৰে তেওঁৰ যোগী জীৱনৰ প্ৰভাৱ আনৰ ওপৰত স্বতঃ পৰে। যেনেকৈ বিজ্ঞানৰ সাধনসমূহৰ প্ৰভাৱ বায়ুমণ্ডলৰ ওপৰত পৰে, তেনেকৈ সহজযোগী জীৱনৰো প্ৰভাৱ পৰে। যোগী জীৱনৰ তিনিখন প্ৰমাণ পত্ৰ হৈছে প্ৰথমে – নিজৰ প্ৰতি সন্তুষ্ট, দ্বিতীয়তে - পিতা সন্তুষ্ট আৰু তৃতীয়তে – লৌকিক অলৌকিক পৰিয়াল সন্তুষ্ট।

স্লোগান:
স্বৰাজ্যৰ তিলক, বিশ্ব কল্যাণৰ মুকুট আৰু স্থিতিৰ আসনত বিৰাজমান হৈ থাকোঁতাজনেই ৰাজযোগী।


সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:

যিয়ে অন্তৰেৰে সেৱা কৰে বা স্মৃতিত থাকে তেওঁলোকৰ পৰিশ্ৰম কম আৰু সন্তুষ্টতা অধিক আৰু যিয়ে অন্তৰৰ স্নেহেৰে স্মৰণ নকৰে, কেৱল জ্ঞানৰ আধাৰত মগজেৰে স্মৰণ কৰে বা সেৱা কৰে তেওঁলোকে পৰিশ্ৰম অধিক কৰিবলগীয়া হয় কিন্তু সন্তুষ্টতা কম হয়। এয়াই ভাবি থাকিব যে হওঁতেতো ভালেই হ’ল কিন্তু তথাপি, তথাপি… এনেকৈ কৈ থাকিব আৰু অন্তৰেৰে কৰাসকলে সদায় সন্তুষ্টতাৰ গীত গাই থাকিব।