10.01.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতাই তোমালোকক জ্ঞান যোগৰ পথ্য খুৱাই খুব আপ্যায়ন কৰে, সেয়েহে সদায় আনন্দ-উল্লাসত থাকা আৰু শ্ৰীমত অনুসৰি সকলোৰে আপ্যায়ন কৰি থাকা”

প্ৰশ্ন:
এই সংগমযুগত তোমালোকৰ আটাইতকৈ মূল্যৱান বস্তু কোনটো, যাৰ যত্ন ল’ব লাগে?

উত্তৰ:
এই সৰ্বোত্তম ব্ৰাহ্মণ কুলত তোমালোকৰ এইটো বহুত অমূল্য জীৱন, সেয়েহে শৰীৰৰ যত্ন নিশ্চয় ল’ব লাগে। এনেকুৱা নহয় যে এয়াতো মাটিৰ পুতলাহে, নাশ হৈ যাব! নহয়। ইয়াক জীয়াই ৰাখিব লাগে। কিবা বেমাৰ হ’লে তাৰ কাৰণে অশান্ত হ’ব নালাগে। শৰীৰটোক কোৱা - তুমি শিৱবাবাক স্মৰণ কৰা। যিমান স্মৰণ কৰিবা সিমানে পাপ খণ্ডন হৈ গৈ থাকিব। শৰীৰটোৰ সেৱা কৰিব লাগে যাতে জীয়াই থাকে আৰু শিৱবাবাক স্মৰণ কৰি থাকে।

ওঁম্শান্তি।
জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰোঁতা আত্মিক পিতাই বহি আত্মিক সন্তানকলক বুজায়। জ্ঞানৰ তৃতীয় নেত্র পিতাৰ বাহিৰে আৰু আন কোনেও প্ৰদান কৰিব নোৱাৰে। এতিয়া তোমালোক সন্তানসকলে জ্ঞানৰ তৃতীয় নেত্র পাইছা। এতিয়া তোমালোক সন্তানসকলে জানা যে এই পুৰণি সৃষ্টিৰ পৰিৱৰ্তন হ’ব। বেচেৰা মনুষ্যই নাজানে যে পৰিৱৰ্তন কৰোঁতাজন কোন আৰু কেনেকৈ পৰিৱৰ্তন কৰে! কাৰণ তেওঁলোকৰ জ্ঞানৰ তৃতীয় নেত্রই নাই। তোমালোক সন্তানসকলে এতিয়া জ্ঞানৰ তৃতীয় নেত্র পাইছা, যাৰ দ্বাৰা তোমালোকে সৃষ্টিৰ আদি-মধ্য-অন্তক জানি গ’লা। এয়া হৈছে জ্ঞানৰ ‘চেক্ৰিন’ (অতি মিঠা বস্তু)। ‘চেক্ৰিন’ৰ এটা টোপালো কিমান মিঠা হয়। জ্ঞানৰ হৈছে এটাই শব্দ – ‘মনমনাভৱ’। এই শব্দটি কিমান মিঠা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। পিতাই শান্তিধাম আৰু সুখধামৰ মাৰ্গ-দৰ্শন কৰাই আছে। পিতা সন্তানসকলক স্বৰ্গৰ উত্তৰাধিকাৰ দিবলৈ আহিছে। তেন্তে সন্তানসকল কিমান আনন্দিত হ’ব লাগে। কোৱাও হয় আনন্দৰ দৰে একো পথ্য নাই। যি সদায় আনন্দ-উল্লাসত থাকে তেওঁলোকৰ বাবে এয়া যেন পথ্য। 21 জন্ম আনন্দত থকাৰ এয়া হৈছে শক্তিশালী পথ্য। এই পথ্য সদায় ইজনে সিজনক খুৱাই থাকা। এয়া হৈছে ইজনৰ সিজনৰ প্ৰতি শক্তিশালী আপ্যায়ন। এনেকুৱা আপ্যায়ন আৰু কোনো মনুষ্যই কোনো মনুষ্যক কৰিব নোৱাৰে।

তোমালোক সন্তানসকলে শ্ৰীমতত সকলোৰে আত্মিক আপ্যায়ন কৰা। যিকোনো লোককে পিতাৰ পৰিচয় দিয়া এয়াও হৈছে প্ৰকৃত কুশল-মংগলৰ বতৰা লোৱা। মৰমৰ সন্তানসকলে জানে যে বেহদৰ পিতাৰ দ্বাৰা আমি জীৱনমুক্তিৰ উপহাৰ পাওঁ। সত্যযুগত ভাৰত জীৱনমুক্ত আছিল পাৱন আছিল। পিতাই অতি উচ্চ পথ্য দিয়ে, সেইবাবেতো গায়ন আছে অতীন্দ্ৰিয় সুখৰ কথা সুধিব খুজিলে গোপ-গোপীসকলক সোধা। এয়া জ্ঞান আৰু যোগৰ কিমান অতি উত্তম চমৎকাৰী পথ্য আৰু এই পথ্য কেৱল এজন আত্মিক ছাৰ্জনৰ ওচৰত আছে। আৰু কোনেও এই পথ্যৰ বিষয়ে গ’মেই নাপায়। পিতাই কয় - মৰমৰ সন্তানসকল, তোমালোকৰ বাবে হাতত উপহাৰ লৈ আহিছোঁ। মুক্তি-জীৱনমুক্তিৰ এই উপহাৰ মোৰ ওচৰতহে থাকে। কল্পই কল্পই মইহে আহি তোমালোকক এই উপহাৰ দিওঁ আকৌ ৰাৱণে কাঢ়ি লয়। সেয়েহে এতিয়া তোমালোক সন্তানসকল কিমান সীমাহীন আনন্দত থাকিব লাগে। তোমালোকে জানা যে আমাৰ এজনেই পিতা, শিক্ষক আৰু সঁচা সৎগুৰু আছে যিয়ে আমাক লগত লৈ যায়। অতিকৈ মৰমৰ পিতাৰ পৰা বিশ্বৰ বাদশ্বাহী পাওঁ। এয়া জানো সাধাৰণ কথা! সন্তানসকল সদায় হৰ্ষিত হৈ থাকিব লাগে। ঈশ্বৰীয় বিদ্যাৰ্থী জীৱন সকলোতকৈ শ্ৰেষ্ঠ। এয়া এতিয়াৰেই গায়ন নহয় জানো। আকৌ নতুন সৃষ্টিত তোমালোকে সদায় আনন্দোৎসৱ কৰি থাকিবা। জগতৰ লোকে নাজানে যে সঁচা আনন্দোৎসৱ কেতিয়া কৰা হ’ব। মনুষ্যৰতো সত্যযুগৰ জ্ঞানেই নাই সেয়েহে ইয়াতেই উদ্‌যাপন কৰি থাকে। কিন্তু এই পুৰণি তমোপ্ৰধান সৃষ্টিত সুখ ক’ৰ পৰা আহিল! ইয়াততো ত্ৰাহি ত্ৰাহি কৰি থাকে। কিমান দুখৰ সৃষ্টি।

পিতাই তোমালোক সন্তানসকলক কিমান সহজ পথ দেখুৱায়। গৃহস্থালিত থাকি পদুম ফুলৰ দৰে হৈ থাকা। পেচাগত কামকাজ আদি কৰিও মোক স্মৰণ কৰি থাকিবা। যেনেকৈ প্ৰেমিক আৰু প্ৰেমিকা থাকে, তেওঁলোকেতো ইজনে সিজনক স্মৃতিলৈ আনি থাকে। সেইজন তেওঁৰ প্রেমিকা আৰু তেওঁ তাইৰ প্ৰেমিক। ইয়াত তেনেকুৱা কথা নাই। ইয়াততো তোমালোক সকলো এজন প্ৰিয়তমৰ জন্ম জন্মান্তৰৰ প্ৰিয়তমা। পিতা কেতিয়াও তোমালোকৰ প্ৰিয়তমা নহয়। তোমালোকে সেই প্ৰেমিকক ইয়ালৈ আহিবৰ বাবে স্মৰণ কৰি আহিছা। যেতিয়া দুখ বেছি হয় তেতিয়া বেছিকৈ স্মৰণ কৰা। সেইবাবেতো গায়নো আছে - দুখত সকলোৱে স্মৰণ কৰে সুখত কোনেও নকৰে। এই সময়ত পিতা যেন সৰ্বশক্তিমান। দিনে-প্ৰতিদিনে মায়াও সৰ্বশক্তিমান, তমোপ্ৰধান হৈ গৈ থাকে, সেয়েহে এতিয়া পিতাই কয় – মৰমৰ সন্তানসকল, দেহী-অভিমানী হোৱা। নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা আৰু লগতে দৈৱীগুণো ধাৰণ কৰা তেতিয়া তোমালোক এনেকুৱা (লক্ষ্মী-নাৰায়ণ) হৈ যাবাগৈ। স্মৰণ কৰাটোৱে হৈছে এই পঢ়াৰ মুখ্য কথা। উচ্চৰো উচ্চ পিতাক অতি মৰম আৰু স্নেহেৰে স্মৰণ কৰিব লাগে। সেই উচ্চৰো উচ্চ পিতাই হৈছে নতুন সৃষ্টি স্থাপনা কৰোঁতা। পিতাই কয় - মই আহিছোঁ তোমালোক সন্তানসকলক বিশ্বৰ মালিক কৰি তুলিবলৈ সেয়েহে এতিয়া মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ অনেক জন্মৰ পাপ খণ্ডন হৈ যাব। পতিত পাৱন পিতাই কয় – তোমালোক বহুত পতিত হৈ গ’লা সেইকাৰণে এতিয়া তোমালোকে মোক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হৈ পাৱন সৃষ্টিৰ মালিক হৈ যাবাগৈ। পতিত-পাৱন পিতাকেই আহ্বান জনায় নহয়। এতিয়া পিতা আহিছে যেতিয়া পৱিত্ৰ হ’ব লাগে। পিতা হ’ল দুখ হৰ্তা, সুখ কৰ্তা। যথাযথ সত্যযুগত পৱিত্ৰ সৃষ্টি আছিল তেতিয়া সকলো সুখী আছিল। এতিয়া পিতাই পুনৰাই কয় – সন্তানসকল, শান্তিধাম আৰু সুখধামক স্মৰণ কৰি থাকা। এতিয়া হৈছে সংগমযুগ। নাৱৰীয়াই তোমালোকক ইপাৰৰ পৰা সিপাৰলৈ লৈ যায়। নাও কেৱল এখন নহয়, গোটেই সৃষ্টিখনেই যেন এখন ডাঙৰ জাহাজ। সেইখন পাৰলৈ লৈ যায়।

তোমালোক মৰমৰ সন্তানসকল কিমান আনন্দিত হৈ থাকিব লাগে। তোমালোকৰ কাৰণেতো সদায় আনন্দই আনন্দ। বেহদৰ পিতাই আমাক পঢ়াই আছে, বাঃ! এয়াতো কাহানিও শুনা নাই, পঢ়া নাই। ভগৱানুবাচ - মই তোমালোক আত্মিক সন্তানসকলক ৰাজযোগ শিকাই আছোঁ। গতিকে যথা ৰীতিৰে শিকিব লাগে, ধাৰণা কৰিব লাগে। যথা ৰীতিৰে পঢ়িব লাগে। পঢ়াততো ক্ৰমানুসৰি সদায় হয়েই। নিজকে চাব লাগে, মই উত্তম, মধ্যম নে কনিষ্ঠ? পিতাই কয় - নিজকে চোৱা মই উচ্চ পদ পোৱাৰ যোগ্য হয়নে? আত্মিক সেৱা কৰোঁনে? কিয়নো পিতাই কয় – সন্তানসকল সেৱাধাৰী হোৱা, অনুসৰণ কৰা। মই আহিছোঁৱেই সেৱা কৰিবলৈ। নিতৌ সেৱা কৰোঁ সেইকাৰণেইতো এই ৰথ লৈছোঁ। এওঁৰ ৰথৰ বেমাৰ হ’লেও মই এওঁৰ শৰীৰত বহি মুৰুলী লিখোঁ। মুখেৰেতো ক’ব নোৱাৰো সেয়েহে মই লিখি দিওঁ। যাতে সন্তানসকলৰ মুৰুলী খতি নহয় গতিকে ময়ো সেৱাত ব্ৰতী হৈ থকা নাই জানো। এয়া হ’ল আত্মিক সেৱা। সেয়েহে তোমালোক সন্তানসকলো পিতাৰ সেৱাত লাগি যোৱা। ঈশ্বৰ পিতাৰ সেৱাত। যিয়ে ভালকৈ পুৰুষাৰ্থ কৰে, ভালকৈ সেৱা কৰে তেওঁক মহাবীৰ বুলি কোৱা হয়। দেখা যায় কোন মহাবীৰ হয় বাবাৰ নিৰ্দেশনা মতে চলেনে? পিতাৰ আজ্ঞা হ’ল - নিজক আত্মা বুলি বুজি ভাই ভাইক চোৱা। এই শৰীৰক পাহৰি যোৱা। বাবায়ো শৰীৰক নাচায়। পিতাই কয় - মই আত্মাসকলক চাওঁ। বাকী এইটো জ্ঞান আছে যে শৰীৰ অবিহনে আত্মাই ক’ব নোৱাৰে। ময়ো এই শৰীৰত আহিছোঁ, ভাড়াত লৈছোঁ। শৰীৰৰ সৈতেহে আত্মাই পঢ়িব পাৰে। বাবাৰ বৈঠক ইয়াতেই (ভ্ৰূকুটিৰ মধ্যত)। এয়া হ’ল অকাল আসন। আত্মা হৈছে অকালমূৰ্ত। আত্মা কেতিয়াও সৰু ডাঙৰ নহয়। শৰীৰ সৰু ডাঙৰ হয়। যিসকল আত্মা আছে সেই সকলোৰে আসন হৈছে এই ভ্ৰূকুটি। শৰীৰতো সকলোৰে ভিন্ন ভিন্ন। কাৰোবাৰ অকাল আসন পুৰুষৰ, কাৰোবাৰ অকাল আসন স্ত্ৰীৰ আকৌ কাৰোবাৰ অকাল আসন শিশুৰ। পিতাই বহি সন্তানসকলক আত্মিক ব্যায়াম শিকায়। যেতিয়া কাৰোবাৰ লগত কথা পাতা তেতিয়া প্ৰথমে নিজক আত্মা বুলি বুজিব লাগে। মই আত্মাই অমুক ভাইৰ লগত কথা পাতোঁ। পিতাৰ বাৰ্তা দিওঁ যে শিৱবাবাক স্মৰণ কৰা। স্মৃতিৰ দ্বাৰাহে মামৰ আঁতৰিব। সোণত যেতিয়া খাদ পৰে তেতিয়া সোণৰ মূল্য কম হৈ যায়। তোমালোক আত্মাসকলতো মামৰ লগা বাবে তোমালোক মূল্যহীন হৈ গৈছা। এতিয়া পুনৰ পাৱন হ'ব লাগে। তোমালোক আত্মাসকলে এতিয়া জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰাপ্ত কৰিছা। সেই নেত্ৰৰে নিজৰ ভাইসকলক চোৱা। ভাই ভাই ৰূপত চালে কৰ্মেন্দ্ৰিয় চঞ্চল নহ'ব। ৰাজ্য-ভাগ্য ল'ব লাগে, বিশ্বৰ মালিক হ'ব লাগে তেন্তে এইটো পৰিশ্ৰম কৰা। ভাই ভাই বুলি বুজি সকলোকে জ্ঞান দিয়া। তেতিয়া এইটো অভ্যাস দৃঢ় হৈ যাব। তোমালোক সকলো হৈছা প্ৰকৃতাৰ্থত ভাই ভাই। পিতাও ওপৰৰ পৰা আহিছে, তোমালোকো আহিছা। পিতাই সন্তানসকলৰ সৈতে সেৱা কৰি আছে। সেৱা কৰিবৰ কাৰণে পিতাই সাহস দিয়ে। সন্তানৰ সাহস, পিতাৰ সহায়..... গতিকে এইটো অভ্যাস কৰিব লাগে। মই আত্মা ভাইক পঢ়াওঁ। আত্মাই নপঢ়ে জানো! ইয়াক আধ্যাত্মিক জ্ঞান বুলি কোৱা হয়, যিটো আত্মিক পিতাৰ পৰাহে প্ৰাপ্ত হয়। সংগমতহে পিতা আহি এই জ্ঞান দিয়ে যে নিজক আত্মা বুলি বুজা। তোমালোক নগ্ন হৈ আহিছিলা আকৌ ইয়াত আহি শৰীৰ ধাৰণ কৰি তোমালোকে 84 জন্মৰ ভূমিকা পালন কৰিলা। এতিয়া পুনৰ উভতি যাব লাগে সেয়েহে নিজক আত্মা বুলি বুজি ভাই ভাইৰ দৃষ্টিৰে চাব লাগে। এইটো পৰিশ্ৰম কৰিব লাগে। নিজে পৰিশ্ৰম কৰিব লাগে, অন্যৰ কাৰণে মোৰ কি যায়! কল্যাণ ঘৰৰ পৰাই আৰম্ভ হয় অৰ্থাৎ প্ৰথমে নিজক আত্মা বুলি বুজি পাছত ভাইসকলক বুজোৱা। তেতিয়া ভালকৈ বাণ লাগিব (বুজনিৰ প্ৰভাৱ পৰিব)। এই ধাৰ ভৰাব লাগে। পৰিশ্ৰম কৰিলে তেতিয়াহে উচ্চ পদ পাবা। ইয়াৰ বাবে অলপ সহ্যও কৰিব লাগিব। যেতিয়া কোনোবাই অদৰকাৰী কথা কয় তেতিয়া তোমালোক চুপ হৈ থাকা। তোমালোক চুপ হৈ থাকিলে তেতিয়া আনে কি কৰিব! তালি দুখন হাতেৰে বাজে। এজনে মুখৰ তালি বজালে, আনজন চুপ হৈ থাকিলে তেওঁ আপোনাআপুনি চুপ হৈ যাব। তালিৰ বিপৰীতে তালি বাজিলে আৱাজ হৈ যায়। সন্তানসকলে ইজনে সিজনৰ কল্যাণ কৰিব লাগে। পিতাই বুজায় – সন্তানসকল, সৰ্বদা আনন্দত থাকিব বিচৰা যদি মনমনাভৱ হৈ যোৱা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। ভাইসকলৰ (আত্মাসকলৰ) ফালে চোৱা। গতিকে সন্তানসকলে আত্মিক যাত্ৰাত থকাৰ অভ্যাস কৰিব লাগে। তোমালোকৰে লাভৰ কথা। পিতাৰ শিক্ষা ভাইসকলক দিব লাগে। পিতাই কয় - মই তোমালোক আত্মাসকলক জ্ঞান দি আছোঁ। আত্মাকহে চাওঁ। মনুষ্যই মনুষ্যৰ লগত কথা পাতিলে তেতিয়া তেওঁৰ মুখলৈ চাব নহয়। তোমালোকে আত্মাৰ লগত কথা পাতা গতিকে আত্মাকহে চাব লাগে। যদিও শৰীৰৰ দ্বাৰা জ্ঞান দিয়া কিন্তু এই ক্ষেত্ৰত দেহ-বোধ নোহোৱা কৰিব লাগে। তোমালোক আত্মাই বুজি পোৱা যে পৰমাত্মা পিতাই আমাক জ্ঞান দি আছে। পিতায়ো কয় - আত্মাসকলক চাওঁ, আত্মাসকলেও কয় - আমি পৰমাত্মা পিতাক চাই আছোঁ। তেওঁৰ পৰা জ্ঞান লৈ আছোঁ, ইয়াক কোৱা হয় - আধ্যাত্মিক জ্ঞানৰ লেন-দেন, আত্মাৰ আত্মাৰ লগত। আত্মাতে জ্ঞান আছে। আত্মাকে জ্ঞান দিব লাগে। এয়া যেন ধাৰ (তীক্ষ্ণতা)। তোমালোকৰ জ্ঞানত এই ধাৰ ভৰি পৰিব। তেতিয়া যাকে বুজোৱা তৎক্ষণাৎ কাঁড় লাগি যাব। পিতাই কয় - অভ্যাস কৰি চোৱা, কাঁড় লাগে নে নালাগে। এইটো নতুন অভ্যাস গঢ়ি তুলিলে তেতিয়া দেহৰ বোধ আঁতৰি যাব। মায়াৰ ধুমুহা কমকৈ আহিব। বেয়া সংকল্প উদয় নহ’ব। আসুৰিক দৃষ্টিও নাথাকিব। আমি আত্মাই 84ৰ চক্ৰ পৰিক্ৰমা লগালোঁ। এতিয়া ড্ৰামা পূৰা হ’ল। এতিয়া পিতাৰ স্মৃতিত থাকিব লাগে। স্মৃতিৰ দ্বাৰাহে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ, সতোপ্ৰধান সৃষ্টিৰ মালিক হৈ যাবাগৈ। কিমান সহজ। পিতাই জানে - সন্তানসকলক এই শিক্ষা দিয়াটোও মোৰেই ভূমিকা। কোনো নতুন কথা নহয়। প্ৰত্যেক 5000 বছৰৰ পাছত মই আহিবলগীয়া হয়। মই আহিবলৈ বাধ্য। সন্তানসকলক বহি বুজাওঁ - মৰমৰ সন্তানসকল, আত্মিক স্মৃতিৰ যাত্ৰাত থাকা তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। এয়া অন্তকাল নহয় জানো! মামেকম্ স্মৰণ কৰা তেতিয়া তোমালোকৰ সৎগতি হৈ যাব। স্মৃতিৰ যাত্ৰাৰ দ্বাৰা স্তম্ভ মজবুত হৈ যাব। এই দেহী-অভিমানী হোৱাৰ শিক্ষা এবাৰেই তোমালোক সন্তানসকলে পোৱা। এয়া কিমান অপূৰ্ব জ্ঞান। পিতা অপূৰ্ব সেয়েহে পিতাৰ জ্ঞানো অপূৰ্ব। কেতিয়াও কোনেও শুনাব নোৱাৰে। এতিয়া উভটি যাব লাগে সেইবাবে পিতাই কয় - মৰমৰ সন্তানসকল এইটো অভ্যাস কৰা। নিজক আত্মা বুলি বুজি আত্মাক জ্ঞান দিয়া। তৃতীয় নেত্ৰৰে ভাই ভাইক চাব লাগে। ইয়াতে বহুত পৰিশ্ৰম হয়।

এয়া হৈছে তোমালোক ব্ৰাহ্মণসকলৰ সৰ্বোত্তম উচ্চতকৈও উচ্চ কুল। এই সময়ত তোমালোকৰ জীৱন অমূল্য হয় সেইবাবে শৰীৰটোও চম্ভালিব লাগে। তমোপ্ৰধান হোৱা বাবে শৰীৰৰ আয়ুসো কম হৈ গৈছে। এতিয়া তোমালোক যিমানে যোগযুক্ত হৈ থাকিবা, সিমানে আয়ুস বাঢ়িব। তোমালোকৰ আয়ুস বাঢ়ি বাঢ়ি সত্যযুগত 150 বছৰ হৈ যাব, সেইবাবে শৰীৰটোও চম্ভালিব লাগে। এনেকুৱা নহয় যে এয়াতো মাটিৰ পুতলা, নাশ হৈ যাব। নহয়। ইয়াক জীয়াই ৰাখিব লাগে। এইটো অমূল্য জীৱন নহয় জানো! কিবা বেমাৰ হ'লে তেতিয়া তাৰ বাবে অশান্ত হ’ব নালাগে। শৰীৰটোকো কোৱা - শিৱবাবাক স্মৰণ কৰা। যিমানে স্মৰণ কৰিব সিমানে শৰীৰৰ পাপ (ব্যাধি) খণ্ডন হৈ গৈ থাকিব। শৰীৰটোৰ সেৱা কৰিব লাগে। জীয়াই থাকক, শিৱবাবাক স্মৰণ কৰি থাকক। এইটোতো বুজি পোৱা নহয় যে মই বাবাক স্মৰণ কৰোঁ। আত্মাই পিতাৰ পৰা উত্তৰাধিকাৰ পাবলৈ স্মৰণ কৰে। ভাল বাৰু!

অতিকৈ মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজক চোৱা মই পুৰুষাৰ্থত উত্তম, মধ্যম নে কনিষ্ঠ? মই উচ্চ পদ পোৱাৰ যোগ্য হওঁনে? মই আত্মিক সেৱা কৰোঁনে?

(2) তৃতীয় নেত্ৰৰে আত্মা ভাইক চোৱা, ভাই ভাই বুলি বুজি সকলোকে জ্ঞান দিয়া, আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা তেতিয়া কৰ্মেন্দ্ৰিয় চঞ্চল নহ’ব।

বৰদান:
পিতা ব্ৰহ্মাৰ সমান মহা ত্যাগেৰে মহান ভাগ্য গঢ়োঁতা ফৰিস্তা তথা বিশ্ব মহাৰজা হোৱা

ফৰিস্তা তথা বিশ্ব মহাৰজা হোৱাৰ বৰদান সেইসকল সন্তানৰ প্ৰাপ্ত হয় যিসকলে পিতা ব্ৰহ্মাৰ খোজে প্ৰতি খোজ দিয়ে, যাৰ মন-বুদ্ধি-সংস্কাৰ সদায় পিতাৰ প্ৰতি সমৰ্পিত। যেনেকৈ পিতা ব্ৰহ্মাই এইটো মহাত্যাগেৰে মহান ভাগ্য প্ৰাপ্ত কৰিলে অৰ্থাৎ এক নম্বৰ সম্পূৰ্ণ ফৰিস্তা আৰু এক নম্বৰ বিশ্ব মহাৰজা হ’ল, তেনেকৈ পিতাক অনুসৰণ কৰা সন্তানসকলো মহান ত্যাগী বা সৰ্বস্ব ত্যাগী হ’ব। সংস্কাৰ ৰূপতো বিকাৰৰ বংশ ত্যাগ কৰিব।

স্লোগান:
এতিয়া সকলো আধাৰ ছিঙিব সেই কাৰণে একমাত্ৰ পিতাক নিজৰ আধাৰ কৰি লোৱা।


শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

এই গোটেই প্ৰকৃতিক পৰিৱৰ্তন কৰা, তমোগুণী সংস্কাৰধাৰী আত্মাসকলৰ তমোগুণী প্ৰকম্পন পৰিৱৰ্তন কৰা আৰু নিজকো এনেকুৱা অনাহকতে তেজৰ নৈ বৈ যোৱা বায়ুমণ্ডলৰ প্ৰকম্পনৰ পৰা নিৰাপদে ৰখা তথা সেই আত্মাসকলক সহযোগ দিয়া, এই বিশাল কাৰ্যৰ কাৰণে মন শুভ-ভাৱনাৰে সম্পন্ন, শক্তিশালী কৰি তোলা।