10.01.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল – “তোমালোকৰ স্মৃতিৰ যাত্ৰা একেবাৰেই গুপ্ত, তোমালোক সন্তানসকলে এতিয়া মুক্তিধামলৈ যাবলৈ যাত্ৰা কৰি আছা”

প্ৰশ্ন:
স্থূললোকবাসীৰ পৰা সূক্ষ্মলোকবাসী ফৰিস্তা হোৱাৰ পুৰুষাৰ্থ কি?

উত্তৰ:
সূক্ষ্মলোকবাসী ফৰিস্তা হ’বলৈ হ’লে আত্মিক সেৱাত অস্থিসহ সৰ্বস্ব উছৰ্গিত কৰা। অস্থিসহ সৰ্বস্ব উছৰ্গিত নকৰাকৈ ফৰিস্তা হ’ব নোৱাৰা কাৰণ ফৰিস্তা হাড়-মঙহ বিহীন। এই বেহদৰ সেৱাত দধীচি ঋষিৰ দৰে অস্থিসহ সৰ্বস্ব উজাৰি দিব লাগে তেতিয়াহে ব্যক্তৰ পৰা অব্যক্ত হ’বাগৈ।

গীত:
ধীৰজ ধৰ মনুৱা….. (ধৈৰ্য ধৰা মন…..)

ওঁম্শান্তি।
সন্তানসকলে এই গীতটিৰ পৰা ইঙ্গিত পালা যে ধৈৰ্য ধৰা। সন্তানসকলে জানে আমি শ্ৰীমত অনুসৰি পুৰুষাৰ্থ কৰি আছোঁ আৰু জানে যে আমি এই গুপ্ত যোগৰ যাত্ৰাত আছোঁ। সেই যাত্ৰা নিজৰ সময়ত পূৰা হ’ব। মুখ্য হৈছেই এই যাত্ৰা, যাক তোমালোকৰ বাহিৰে আৰু কোনেও নাজানে। যাত্ৰাত নিশ্চয় যাব লাগে আৰু লৈ যাওঁতা পাণ্ডাও লাগে। ইয়াৰ নামেই ৰখা হৈছে পাণ্ডৱ সেনা। এতিয়া যাত্ৰাত আছা। স্থূল যুদ্ধৰতো কোনো কথা নাই। প্ৰতিটো কথা গুপ্ত। যাত্ৰাও বৰ গুপ্ত। শাস্ত্ৰতো আছে – পিতাই কয়, মোক স্মৰণ কৰা তেতিয়া মোৰ ওচৰত আহি উপস্থিত হ’বা। এয়া যাত্ৰাতো হ’ল নহয়। পিতাই সকলো শাস্ত্ৰৰ সাৰ শুনায়। বাস্তৱত কাৰ্যত লৈ আহে। আমি আত্মাসকল নিজৰ নিৰ্বাণধামৰ যাত্ৰাত যাব লাগে। বিচাৰ কৰিলে বুজিব পাৰিবা। এয়া হৈছে মুক্তিধামৰ প্ৰকৃত যাত্ৰা। সকলোৱে বিচাৰে আমি মুক্তিধামলৈ যাওঁ। এই যাত্ৰা কৰিবৰ কাৰণে কোনোবাই মুক্তিধামৰ ৰাস্তা দেখুৱাওক। কিন্তু পিতাতো নিজৰ সময়ত নিজেই আহে, যিটো সময়ক কোনেও নাজানে। পিতা আহি বুজায় তেতিয়া সন্তানসকলৰ নিশ্চয়তা জন্মে। যথাৰ্থতে এয়া প্ৰকৃত যাত্ৰা যাৰ গায়ন কৰা হৈছে। ভগৱানে এই যাত্ৰা শিকাইছিল। ‘মনমনাভৱ’, ‘মধ্যাজী ভৱ’। এই শব্দকেইটিও তোমালোকৰ বহুত কামত অহা। কেৱল কোনে কৈছিল? এইটো ভুল কৰি দিলে। এনেকৈ কয়, দেহ সহিত দেহৰ সম্বন্ধবোৰ পাহৰি যোৱা। এওঁৰো (ব্ৰহ্মা বাবাৰো) দেহ আছে। এওঁকো বুজোৱাজন বেলেগ, যাৰ নিজৰ দেহ নাই সেই পিতা হ’ল বিচিত্ৰ, তেওঁৰ কোনো চিত্ৰ নাই, বাকীতো সকলোৰে চিত্ৰ আছে। গোটেই জগতখনেই চিত্ৰশালা। বিচিত্ৰ আৰু চিত্ৰ অৰ্থাৎ জীৱ আৰু আত্মাৰ এই মনুষ্য স্বৰূপ তৈয়াৰ হৈ আছে। গতিকে সেই পিতা হ’ল বিচিত্ৰ। তেওঁ বুজায় - মই এই চিত্ৰৰ আধাৰ ল’বলগীয়া হয়। যথাযথ শাস্ত্ৰত আছে ভগৱানে কৈছিল যেতিয়া মহাভাৰতৰ যুদ্ধও লাগিছিল। ৰাজযোগ শিকাইছিল, নিশ্চয় ৰাজ্য স্থাপনা হৈছিল। এতিয়াতো বাদশ্বাহী নাই। ৰাজযোগ ভগৱানে শিকাইছিল, নতুন সৃষ্টিৰ বাবে কিয়নো বিনাশ সমাগত আছিল। বুজোৱা হয় এনেকুৱা হৈছিল যেতিয়া স্বৰ্গ স্থাপনা হৈছিল। সেই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য স্থাপনা হৈছিল। এতিয়া তোমালোকৰ বুদ্ধিত আছে – সত্যযুগ আছিল, এতিয়া হ’ল কলিযুগ। আকৌ পিতাই সেই কথাবোৰে বুজায়। এনেকৈতো কোনেও ক’ব নোৱাৰে যে মই পৰমধামৰ পৰা আহিছোঁ তোমালোকক ওভতাই লৈ যাবলৈ। পৰমপিতা পৰমাত্মাইহে ক’ব পাৰে ব্ৰহ্মাৰ দ্বাৰা, আৰু কাৰো দ্বাৰা ক’ব নোৱাৰে। সূক্ষ্মলোকত আছেই ব্ৰহ্মা-বিষ্ণু-শঙ্কৰ। ব্ৰহ্মাৰ কাৰণেও বুজোৱা হৈছে যে তেওঁ হ’ল অব্যক্ত ব্ৰহ্মা আৰু এওঁ হ’ল ব্যক্ত। তোমালোক এতিয়া ফৰিস্তা হোৱা। ফৰিস্তা স্থূললোকত নাথাকে। ফৰিস্তাসকলৰ হাড়-মঙহ নাথাকে। ইয়াত এই আত্মিক সেৱাত অস্থিসহ সকলো শেষ কৰি দিয়ে, তাৰপাছত ফৰিস্তা হৈ যায়। এতিয়াতো হাড় আছে নহয়। এইটোও লিখা আছে – নিজৰ অস্থিও সেৱাত দি দিলে। অৰ্থাৎ নিজৰ অস্থি শেষ কৰি দিয়ে। স্থূললোকৰ পৰা সূক্ষ্মলোকবাসী হ’ব লাগে। ইয়াত আমি অস্থি দি সূক্ষ্ম হৈ যাওঁ। এই সেৱাত সকলো উছৰ্গিত কৰিব লাগে। স্মৃতিত থাকি থাকি আমি ফৰিস্তা হৈ যামগৈ। এনেকৈও গায়ন কৰা হৈছে – “মিৰুৱা (জন্তু) মৌত মলুক (চিকাৰী) কা চিকাৰ” (জন্তু অৰ্থাৎ চিকাৰৰ মৃত্যু চিকাৰটিৰ বাবে দুখৰ কথা কিন্তু চিকাৰীৰ বাবে আনন্দৰ কথা), ‘মলুক’ ফৰিস্তাক কোৱা হয়। তোমালোক মনুষ্যৰ পৰা ফৰিস্তা হোৱা। তোমালোকক দেৱতা বুলি ক’ব নোৱাৰি। ইয়াততো তোমালোকৰ শৰীৰ আছে নহয়। সূক্ষ্মলোকৰ বৰ্ণনা এতিয়া হয়। যোগত থাকি আকৌ ফৰিস্তা হৈ যায়। অন্তত তোমালোক ফৰিস্তা হৈ যাবাগৈ। তোমালোকৰ সকলো সাক্ষাৎকাৰ হ’ব আৰু আনন্দিত হ’বা। মনুষ্যতো সকলো কালৰ চিকাৰ হৈ যাব। তোমালোকৰ মাজত যিসকল মহাবীৰ আছে তেওঁলোক অবিচলিত হৈ থাকিব। বাকী কি কি হৈ থাকিব! বিনাশৰ দৃশ্যতো আহিবই নহয়। অৰ্জুনৰ বিনাশৰ সাক্ষাৎকাৰ হ’ল। এজন অৰ্জুনৰ কথা নহয়। তোমালোক সন্তানসকলৰ বিনাশ আৰু স্থাপনাৰ সাক্ষাৎকাৰ হয়। প্ৰথমতে বাবাৰো বিনাশৰ সাক্ষাৎকাৰ হ’ল। সেই সময়ত জ্ঞানতো একো নাছিল। দেখিলে যে সৃষ্টিৰ বিনাশ হৈ আছে। আকৌ চতুৰ্ভূজৰ সাক্ষাৎকাৰ হ’ল। বুজিব ধৰিলে এইটোতো ভাল। বিনাশৰ পাছত মই বিশ্বৰ মালিক হওঁ, তেতিয়া আনন্দিত হৈ গ’ল। এতিয়া এই জগতে নাজানে যে বিনাশতো ভাল হয় নহয়। শান্তিৰ কাৰণে যত্ন কৰে কিন্তু অৱশেষত বিনাশতো হ’বই। স্মৰণ কৰে পতিত-পাৱন আহক, সেয়েহে পিতা নিশ্চয় আহিব পাৱন সৃষ্টি স্থাপন কৰিব, য’ত আমি ৰাজত্ব কৰিম। এইটোতো ভাল হয় নহয়। পতিত-পাৱনক কিয় স্মৰণ কৰে? কাৰণ দুখ আছে। পাৱন সৃষ্টিত দেৱতাসকল আছে, পতিত সৃষ্টিততো দেৱতাসকলে পদাৰ্পণ কৰিব নোৱাৰে। সেয়েহে নিশ্চয় পতিত সৃষ্টিৰ বিনাশ হোৱা উচিত। গায়নো কৰা হৈছে মহাবিনাশ হ’ল। তাৰপাছত কি হয়? এক ধৰ্ম প্ৰতিষ্ঠা সেয়াতো এনেকৈয়ে হ’ব নহয়। ইয়াৰ পৰা ৰাজযোগ শিকিব। বিনাশ হ’ব বাকী ভাৰতত কোন বাচি থাকিব? যিসকলে ৰাজযোগ শিকে, জ্ঞান দিয়ে তেওঁলোকেই বাচিব। বিনাশতো সকলোৰে হ’ব, ইয়াত ভীতিগ্ৰস্ত হোৱাৰ কথা নাই। পতিত-পাৱনক আহ্বান জনায় যিহেতু তেওঁ আহে সেয়েহে আনন্দিত হ’ব লাগে নহয়। পিতাই কয় - বিকাৰত নাযাবা। এই বিকাৰবোৰৰ ওপৰত বিজয়ী হোৱা বা দান দি দিয়া তেতিয়া গ্ৰহণ আঁতৰিব। ভাৰতৰ গ্ৰহণ নিশ্চয় আঁতৰি যায়। ক’লাৰ (অপৱিত্ৰৰ) পৰা বগা (পৱিত্ৰ) হ’ব লাগে। সত্যযুগত পৱিত্ৰ দেৱতাসকল আছিল, তেওঁলোক নিশ্চয় ইয়াতে হৈছিল।

তোমালোকে জানা আমি শ্ৰীমতেৰে নিৰ্বিকাৰী হওঁ। ভগৱানুবাচ, এয়া হ’ল গুপ্ত। শ্ৰীমতত চলি তোমালোকে বাদশ্বাহী পোৱা। পিতাই কয় - তোমালোক নৰৰ পৰা নাৰায়ণ হ’ব লাগে। চেকেণ্ডত ৰাজ্য-ভাগ্য পাব পাৰা। আৰম্ভণিতে কন্যাসকলে 4-5 দিনলৈকেও বৈকুণ্ঠত গৈ আছিল। শিৱবাবা আহি সন্তানসকলক বৈকুণ্ঠৰো সাক্ষাৎকাৰ কৰাইছিল। দেৱতাসকল কিমান মান-সম্ভ্ৰমেৰে আহিছিল। সেয়েহে সন্তানসকলৰ অন্তৰ চুই যায় যথাযথ গুপ্ত ভেশত আহোঁতা পিতাই আমাক বুজাই আছে। ব্ৰহ্মাৰ শৰীৰত আহে। ব্ৰহ্মাৰ শৰীৰতো ইয়াত লাগে নহয়। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। বাবাই বুজাইছে – কোনোবা আহিলে তেতিয়া তেওঁক সোধা যে কাৰ ওচৰলৈ আহিছে? বি.কে.ৰ ওচৰলৈ। বাৰু ব্ৰহ্মাৰ নাম কেতিয়াবা শুনিছেনে? প্ৰজাপিতাতো আছে নহয়। আমি সকলো আহি তেওঁৰ হৈছোঁ। নিশ্চয় আগতেও হৈছিলোঁ। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা তেন্তে লগত ব্ৰাহ্মণো লাগে। পিতাই ব্ৰহ্মাৰ দ্বাৰা কাক বুজায়? শূদ্ৰকতো নুবুজাব। এয়া হৈছে ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ, শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা আমাক নিজৰ কৰি লৈছে। ব্ৰহ্মাকুমাৰ-কুমাৰী কিমান অনেক আছে, কিমান সেৱাকেন্দ্ৰ আছে। সকলোতে ব্ৰহ্মাকুমাৰীসকলে পঢ়ায়। ইয়াত আমি ককাৰ উত্তৰাধিকাৰ পাওঁ। ভগৱানুবাচ, তোমালোকক ৰাজযোগ শিকাওঁ। তেওঁ নিৰাকাৰ হোৱাৰ বাবে এওঁৰ শৰীৰৰ আধাৰ লৈ আমাক জ্ঞান শুনায়। প্ৰজাপিতাৰতো সকলো সন্তান হ’ব নহয়! আমি হ’লোঁ প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰী। শিৱবাবা হ’ল ককা। তেওঁ তুলি লৈছে। তোমালোকে জানা আমি ককাৰ পৰা পঢ়ি আছোঁ ব্ৰহ্মাৰ দ্বাৰা। এই লক্ষ্মী-নাৰায়ণ দুয়ো স্বৰ্গৰ মালিক হয় নহয়। ভগৱানতো এজন উচ্চতকৈও উচ্চ নিৰাকাৰেই হয়। সন্তানসকলৰ ধাৰণা বহুত ভাল হ’ব লাগে। প্ৰথমতে বুজোৱা ভক্তিমাৰ্গত দুজন পিতা আছে। স্বৰ্গত হৈছে এজন পিতা। পাৰলৌকিক পিতাৰ দ্বাৰা বাদশ্বাহী পোৱাৰ পাছত আকৌ স্মৰণ কিয় কৰিব। দুখ নায়েই যে স্মৰণ কৰিবলগীয়া হ’ব। গায়ন কৰে দুখহৰ্তা সুখকৰ্তা। সেয়া এতিয়াৰ কথা। যি অতীত হৈ যায় তাৰ গায়ন হয়। মহিমা হৈছে এজনৰ। সেই এজন পিতাই আহি পতিতসকলক পাৱন কৰি তোলে। মনুষ্যই জানো বুজি পায়। তেওঁলোকেতো অতীতৰ কথা বহি লিখে। তোমালোকে এতিয়া বুজি পোৱা – যথাযথ পিতাই ৰাজযোগ শিকালে, যাৰ দ্বাৰা বাদশ্বাহী পালোঁ। 84ৰ চক্ৰ পৰিক্ৰমা লগালোঁ। এতিয়া আকৌ আমি পঢ়ি আছোঁ, আকৌ 21 জন্ম ৰাজত্ব কৰিম। এনেকুৱা দেৱতা হ’মগৈ। এনেকুৱা কল্প পূৰ্বে হৈছিলোঁ। বুজি পোৱা আমি পূৰা 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগালোঁ। এতিয়া আকৌ সত্যযুগ-ত্ৰেতাত যাম সেইবাবেতো পিতাই সোধে - আগতে কিমানবাৰ মিলিত হৈছা? এয়া বাস্তৱিক কথা নহয় জানো! নতুন কোনোবাই শুনিলেও বুজিব 84ৰ চক্ৰতো নিশ্চয় আছে। যিসকল প্ৰথমৰ হ’ব তেওঁলোকৰেই চক্ৰ পূৰা হ’ব। বুদ্ধিৰে বুজিব লাগে। এই ঘৰত, এইটো পোছাকত বাবা আমি আপোনাৰ সৈতে অনেক বাৰ মিলিত হৈছোঁ আৰু মিলিত হৈ থাকিম। পতিতৰ পৰা পাৱন, পাৱনৰ পৰা পতিত হৈয়েই আহিছোঁ। কোনো বস্তু সদায় নতুনেই হৈ থাকিব, এয়াতো হ’ব নোৱাৰে। পুৰণি নিশ্চয় হ’ব। প্ৰতিটো বস্তু সতো-ৰজো-তমোত আহে। এতিয়া তোমালোক সন্তানসকলে জানা যে নতুন সৃষ্টি আহি আছে। তাক স্বৰ্গ বুলি কোৱা হয়। এয়া হ’ল নৰক। সেইখন হ’ল পাৱন সৃষ্টি। বহুতে আহ্বান জনায় – হে পতিত-পাৱন আহি আমাক পাৱন কৰি তোলক কিয়নো দুখ বেছি হৈ গৈ থাকে নহয়। কিন্তু এইটো বুজি নাপায় যে আমিয়েই পূজ্য আছিলোঁ আকৌ পূজাৰী হ’লোঁ। দ্বাপৰত পূজাৰী হ’লোঁ। অনেক ধৰ্ম হৈ গ’ল। যথাযথ পতিতৰ পৰা পাৱন, পাৱনৰ পৰা পতিত হৈ আহিছা। ভাৰতৰ ওপৰতেই এই খেল।

তোমালোক সন্তানসকলৰ এতিয়া স্মৃতি উদয় হৈছে, এতিয়া তোমালোকে শিৱজয়ন্তী পালন কৰা। বাকী অন্য কোনেও শিৱকতো নাজানেই। আমি জানো। যথাযথ আমাক ৰাজযোগ শিকায়। ব্ৰহ্মাৰ দ্বাৰা স্বৰ্গ স্থাপন হৈ আছে। নিশ্চয় যিয়ে যোগ শিকিব, স্থাপনা তেওঁলোকেই কৰিব আকৌ ৰাজ্য-ভাগ্য পাব। আমি কওঁ যথাযথ আমি কল্পই কল্পই পিতাৰ পৰা এই ৰাজযোগ শিকিছোঁ। বাবাই বুজাইছে – এতিয়া এই 84 জন্মৰ চক্ৰ পূৰা হয়। আকৌ নতুনকৈ চক্ৰ পৰিক্ৰমা লগাব লাগিব। চক্ৰকতো জানিব লাগে নহয়। এই চিত্ৰ নহ’লেও তোমালোকে বুজাব পাৰা। এয়াতো একেবাৰে সহজ কথা। যথাযথ ভাৰত স্বৰ্গ আছিল, এতিয়া নৰক হ’ল। মাত্ৰ সেইসকলে ভাবে যে কলিযুগ এতিয়াও শিশু হৈ আছে। তোমালোকে কোৱা – এতিয়াতো কলিযুগৰ অন্ত। চক্ৰ পূৰা হ’ল। পিতাই বুজায় - মই আহোঁ পতিত সৃষ্টিক পাৱন কৰি তুলিবলৈ। তোমালোকে জানা আমি পাৱন সৃষ্টিলৈ যাব লাগে। তোমালোকে মুক্তি, জীৱন মুক্তিধাম, শান্তিধাম, সুখধাম আৰু দুখধামকো বুজি পোৱা। কিন্তু ভাগ্যত নাথাকিলে আকৌ এইটো খেয়াল নকৰে যে কিয়নো আমি সুখধামলৈ নাযাওঁ। যথাযথ আমাৰ অৰ্থাৎ আত্মাসকলৰ ঘৰ হ’ল সেই শান্তিধাম। তাত আত্মাৰ কৰ্মেন্দ্ৰিয় নথকাৰ কাৰণে একো নকয়। শান্তি তাত সকলোৱে পায়। সত্যযুগত হৈছে এটা ধৰ্ম। এইখন হৈছে অনাদি অবিনাশী বিশ্ব নাটক যিখনে চক্ৰ পৰিক্ৰমা লগায়েই থাকে। আত্মা কেতিয়াও বিনাশ নহয়। শান্তিধামততো কিছু সময় থাকিবলগীয়া হয়। এয়া অতিকৈ বুজিবলগীয়া কথা। কলিযুগ হ’ল দুখধাম। কিমান অনেক ধৰ্ম আছে, কিমান মতান্তৰ। যেতিয়া একেবাৰে দুখধাম হৈ যায় তেতিয়াহে পিতা আহে। দুখধামৰ পাছত সম্পূৰ্ণ সুখধাম। শান্তিধামৰ পৰা আমি সুখধামলৈ আহোঁ, আকৌ দুখধাম হয়। সত্যযুগত সম্পূৰ্ণ নিৰ্বিকাৰী, ইয়াত হ’ল সম্পূৰ্ণ বিকাৰী। এয়া বুজোৱাতো বহুত সহজ হয় নহয়। সাহস লাগে। যিকোনো ঠাইতে গৈ বুজোৱা। এইটোও লিখা আছে – হনুমান সৎসঙ্গত গৈ পিছৰফালে জোতাৰ ওপৰত গৈ বহিছিল। গতিকে যি মহাবীৰ হ’ব তেওঁ যি কোনো ঠাইতে গৈ যুক্তিৰে শুনিব, চাওঁচোন কি কয়। তোমালোকে পোছাক সলাই যি কোনো ঠাইতে যাব পাৰা, তেওঁলোকৰ কল্যাণ কৰিবলৈ। বাবায়ো গুপ্ত ভেশত তোমালোকৰ কল্যাণ কৰি আছে নহয়। মন্দিৰ বিলাকত য’তেই নিমন্ত্ৰণ পোৱা তাত গৈ বুজাব লাগে। দিনে-প্ৰতিদিনে তোমালোক বুদ্ধিমান হৈ যোৱা। সকলোকে পিতাৰ পৰিচয়তো দিবই লাগে, চেষ্টা কৰিবলগীয়া হয়। এয়াতো গায়ন কৰা আছে – শেষৰফালে সন্ন্যাসী, ৰজা আদি আহিল। ৰজা জনকে চেকেণ্ডত জীৱনমুক্তি পালে। তেওঁ আকৌ গৈ ত্ৰেতাত অনুজনক (যি ভৱিষ্যতে জনক হ’ব) হ’ল। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অন্তিম বিনাশৰ দৃশ্য চাবলৈ নিজৰ স্থিতি মহাবীৰৰ দৰে নিৰ্ভীক, অবিচলিত কৰি তুলিব লাগে। গুপ্ত স্মৃতিৰ যাত্ৰাত থাকিব লাগে।

(2) অব্যক্ত লোকবাসী ফৰিস্তা হ’বৰ কাৰণে বেহদৰ সেৱাত দধীচি ঋষিৰ দৰে নিজৰ অস্থিসহ সকলো উছৰ্গিত কৰিব লাগে।

বৰদান:
প্ৰথম শ্ৰীমতৰ প্ৰতি বিশেষ মনোযোগ দি ভেটি সুদৃঢ় কৰোঁতা সহজযোগী হোৱা

বাপদাদাৰ প্ৰথম শ্ৰীমত হৈছে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। যদি নিজক আত্মাৰ পৰিৱৰ্তে শৰীৰধাৰী বুলি বুজা তেন্তে স্মৃতি টিকি থাকিব নোৱাৰে। এনেয়েও যেতিয়া দুটা বস্তু সংযুক্ত হৈ যায় তেতিয়া প্ৰথমে সমান কৰি লয়, তেনেকৈয়ে আত্মা বুলি বুজি স্মৰণ কৰিলে তেতিয়া স্মৃতি সহজ হৈ যায়। এই শ্ৰীমতেই হৈছে মূল ভেটি। এই কথাটিৰ প্ৰতি বাৰে বাৰে মনোযোগ দিয়া তেতিয়া সহজযোগী হৈ যাবা।

স্লোগান:
কৰ্ম আত্মাৰ দৰ্শন কৰোৱাৰ দৰ্পণ সেইবাবে কৰ্মৰ দ্বাৰ শক্তি স্বৰূপ প্ৰত্যক্ষ কৰা।


অব্যক্ত ইংগিত: এই অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা

ব্ৰাহ্মণৰ পৰা ফৰিস্তা অৰ্থাৎ জীৱনমুক্ত, জীৱনবন্ধন নহয়, দেহৰ বন্ধনো নাই, দেহৰ সম্বন্ধৰ বন্ধনো নাই আৰু দেহৰ পদাৰ্থৰ বন্ধনো নাই। যদি নিজৰ দেহৰ আকৰ্ষণ সমাপ্ত কৰা তেন্তে দেহৰ সম্বন্ধ আৰু পদাৰ্থৰ বন্ধন স্বতঃ সমাপ্ত হৈ যাব। এনেকুৱা নহয় যে চেষ্টা কৰিবা। ‘চেষ্টা’ শব্দই সিদ্ধ কৰে যে পুৰণি জগতৰ প্ৰতি আকৰ্ষণ আছে সেয়েহে ‘চেষ্টা’ শব্দ সমাপ্ত কৰা। দেহবোধ ত্যাগ কৰা।