10.02.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে পিতাৰ দ্বাৰা যি অদ্বৈত মত পাই আছা, সেই মতত চলি কলিযুগী মনুষ্যক সত্যযুগী
দেৱতা কৰি তোলাৰ শ্রেষ্ঠ কৰ্তব্য কৰিব লাগে"
প্ৰশ্ন:
সকলো মনুষ্য
মাত্ৰেই দুখী কিয় হৈছে, তাৰ মূল কাৰণ কি?
উত্তৰ:
ৰাৱণে সকলোকে অভিশপ্ত কৰি দিছে, সেয়েহে সকলো দুখী হৈছে। পিতাই উত্তৰাধিকাৰ দিয়ে,
ৰাৱণে অভিশাপ দিয়ে - এইটোও জগতৰ লোকে নাজানে। পিতাই উত্তৰাধিকাৰ দিলে সেইবাবেতো
ভাৰতবাসী ইমান সুখী স্বৰ্গৰ মালিক হ’ল, পূজ্য হ’ল। অভিশপ্ত হ’লে পূজাৰী হৈ যায়।
ওঁম্শান্তি।
সন্তানসকল
ইয়ালৈ মধুবনত বাপদাদাৰ ওচৰলৈ আহে। সভাঘৰলৈ যেতিয়া আহা তেতিয়া দেখিবলৈ পোৱা প্ৰথমে
ভাই-ভনীসকল বহে তাৰপাছত দেখিবলৈ পোৱা যে বাপদাদা আহিছে তেতিয়া পিতাৰ স্মৃতি আহে।
তোমালোক হৈছা প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান, ব্ৰাহ্মণ আৰু ব্ৰাহ্মণী। সেই ব্ৰাহ্মণেতো
পিতা ব্ৰহ্মাক নাজানেই। তোমালোক সন্তানসকলে জানা - পিতা যেতিয়া আহে তেতিয়া
ব্ৰহ্মা-বিষ্ণু-শংকৰৰো নিশ্চয় প্ৰয়োজন হয়। কোৱাও হয় ত্ৰিমূৰ্তি শিৱ ভগৱানুবাচ। এতিয়া
তিনিওজনৰ দ্বাৰাতো নকয়। এই কথাবোৰ বুদ্ধিত ভালদৰে ধাৰণ কৰিব লাগে। বেহদৰ পিতাৰ পৰা
নিশ্চয় স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা যায়, সেইবাবে সকলো ভক্তই ভগৱানৰ পৰা কি বিচাৰে?
জীৱনমুক্তি। এতিয়া হৈছে জীৱন-বন্ধন। সকলোৱে পিতাক স্মৰণ কৰে যে আহি এই বন্ধনৰ পৰা
মুক্ত কৰক। এতিয়া তোমালোক সন্তানসকলেহে জানা যে পিতাৰ আগমন হৈছে। কল্পই কল্পই পিতা
আহে। আহ্বানো জনায় - "তুমি মাতা-পিতা আমি তোমাৰ সন্তান..." কিন্তু ইয়াৰ অৰ্থতো
কোনেও বুজি নাপায়। কথাষাৰ নিৰাকাৰ পিতাৰ বাবে বুজি লয়। গায়ন কৰে কিন্তু একোৱে নাপায়।
এতিয়া তোমালোক সন্তানসকলে তেওঁৰ পৰা উত্তৰাধিকাৰ পোৱা পুনৰ কল্পৰ পাছত পাবা।
সন্তানসকলে জানে যে পিতা আহি আধাকল্পৰ বাবে উত্তৰাধিকাৰ দিয়ে, ৰাৱণে আকৌ শাপ দিয়ে।
জগতৰ লোকে এইটোও নাজানে যে আমি সকলো অভিশপ্ত। ৰাৱণৰ অভিশাপ লাগি থকাৰ বাবে সকলো দুখী।
ভাৰতবাসী সুখী আছিল। কালি এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য ভাৰতত আছিল। দেৱতাসকলৰ আগত মূৰ
দোৱায়, পূজা কৰে কিন্তু সত্যযুগ কেতিয়া আছিল, এয়া কোনেও নাজানে। এতিয়া চোৱা কেৱল
সত্যযুগৰে লাখ লাখ বছৰ আয়ুস দেখুৱাই দিছে, আকৌ ত্ৰেতাৰ, দ্বাপৰ-কলিযুগৰ, সেইটো
হিচাপত কিমান অনেক মনুষ্য হৈ যাব। কেৱল সত্যযুগতেই অনেক মনুষ্য হৈ যাব। কোনো
মনুষ্যৰ বুদ্ধিত ধাৰণ নহয়। পিতাই বহি বুজায় যে চোৱা গায়নো কৰা হয় 33 কোটি দেৱতা হয়।
এনেকৈ জানো লাখ লাখ বছৰত হ’ব পাৰে। গতিকে এয়াও মনুষ্যক বুজাব লাগে।
তোমালোকে এতিয়া বুজি
পোৱা যে বাবাই আমাক স্বচ্ছ বুদ্ধিৰ কৰি তোলে। ৰাৱণে মলিন বুদ্ধিৰ কৰি দিয়ে। মুখ্য
কথা এইটোৱেই। সত্যযুগত পৱিত্ৰ, ইয়াত হৈছে অপৱিত্ৰ। এইটোও কোনেও নাজানে যে ৰামৰাজ্য
কেতিয়াৰ পৰা কেতিয়ালৈকে হয়? ৰাৱণৰাজ্য কেতিয়াৰ পৰা কেতিয়ালৈকে হয়? এনেকৈ ভাবে যে
ইয়াতেই ৰামৰাজ্যও আছে, ৰাৱণৰাজ্যও আছে। অনেক মত-মতান্তৰ আছে নহয়। যিমান মনুষ্য,
সিমান মত। এতিয়া ইয়াত তোমালোক সন্তানসকলে অদ্বৈত মত পোৱা যি পিতাইহে দিয়ে। এতিয়া
তোমালোকে ব্ৰহ্মাৰ দ্বাৰা দেৱতা হৈ আছা। দেৱতাসকলৰ মহিমা গোৱা হয় - "সৰ্বগুণ
সম্পন্ন, 16 কলা সম্পূৰ্ণ, সম্পূৰ্ণ নিৰ্বিকাৰী"…... হওঁতে তেওঁলোকো মনুষ্য,
মনুষ্যৰ মহিমা কিয় গোৱা হয়? নিশ্চয় পার্থক্য থাকিব নহয়। এতিয়া তোমালোক সন্তানসকলেও
পুৰুষাৰ্থৰ ক্ৰমানুসৰি মনুষ্যক দেৱতা কৰি তোলাৰ কৰ্তব্য শিকা। কলিযুগী মনুষ্যক
সত্যযুগী দেৱতা কৰি তোলা অৰ্থাৎ শান্তিধাম, ব্ৰহ্মাণ্ডৰ আৰু বিশ্বৰ মালিক কৰি তোলা,
এয়াতো শান্তিধাম নহয়। ইয়াততো কৰ্ম নিশ্চয় কৰিব লাগে। সেইখন হ’ল মৰমৰ শান্তিৰ ঘৰ।
এতিয়া তোমালোকে বুজি পোৱা আমি আত্মাসকল মৰমৰ ঘৰ, ব্ৰহ্মাণ্ডৰ মালিক। তাত সুখ-দুখৰ
পৰা উপৰাম হৈ থাকা। আকৌ সত্যযুগত বিশ্বৰ মালিক হোৱা। এতিয়া তোমালোক সন্তানসকল লায়ক
হৈ আছা। সন্মুখত সঠিক লক্ষ্য-উদ্দেশ্য আছে। তোমালোক সন্তানসকল হৈছা যোগবলধাৰী।
তেওঁলোক হ'ল বাহুবলধাৰী। তোমালোকো যুদ্ধক্ষেত্ৰত আছা, কিন্তু তোমালোক হৈছা দ্বৈত
অহিংসক। তেওঁলোক হ'ল হিংসক। হিংসা কাম-কটাৰীক কোৱা হয়। সন্ন্যাসীসকলেও বুজি পায় এয়া
হিংসা সেয়েহে পৱিত্ৰ হৈ থাকে। কিন্তু তোমালোকৰ বাহিৰে পিতাৰ সৈতে প্ৰীতি আন কাৰো
নাই। প্ৰেমিক-প্ৰেমিকাৰ পৰস্পৰ প্ৰীতি থাকে নহয়। সেই প্ৰেমিক-প্ৰেমিকাৰতো এটা জন্মৰ
বাবে গায়ন কৰা হয়। তোমালোক সকলো হৈছা মোৰ প্ৰেমিকা। ভক্তিমাৰ্গত মোক এজন প্ৰেমিকক
স্মৰণ কৰি আহিছা। এতিয়া মই কওঁ এই অন্তিম জন্ম কেৱল পৱিত্ৰ হোৱা আৰু যথাৰ্থ ৰীতিৰে
মোক স্মৰণ কৰা তেতিয়া পাছলৈ স্মৰণ কৰাৰ পৰাই ৰেহাই পাবা। সত্যযুগত স্মৰণ কৰাৰ
প্ৰয়োজনেই নাথাকিব। দুখত সকলোৱে স্মৰণ কৰে। এয়া হৈছে নৰক। এইখনকতো স্বর্গ বুলি কোৱা
নহয়। ডাঙৰ ব্যক্তি যিসকল ধনৱান তেওঁলোকে ভাবে আমাৰ কাৰণেতো ইয়াতেই স্বর্গ। বিমান আদি
সকলো বৈভৱ আছে, কিমান যে অন্ধশ্রদ্ধাত থাকে। গায়নো কৰে "তুমি মাতা-পিতা আমি তোমাৰ
সন্তান…….." কিন্তু একোৱে বুজি নাপায়। কি ইমান সুখ পালে - সেয়া কোনেও নাজানে। কথাতো
আত্মাইহে কয় নহয়। তোমালোক আত্মাসকলে বুজা যে আমি অপাৰ সুখ পাম। তাৰ নামেই হ'ল
স্বর্গ, সুখধাম। স্বর্গ সকলোৰে অতি মৰমৰ হয়। তোমালোকে এতিয়া জানা যে স্বর্গত কিমান
হীৰা-মুকুতাৰ মহল আছিল। ভক্তিমাৰ্গতো কিমান অগণন ধন আছিল যে সোমনাথৰ মন্দিৰ নিৰ্মাণ
কৰিছে। প্ৰতিখন চিত্ৰ লাখ টকাৰ মূল্যৰ আছিল। সেই সকলোবোৰ ক'লৈ গ'ল? কিমান লুটি লৈ
গ'ল! মুছলমানসকলে লৈ গৈ মচজিদ আদিত লগালে, ইমান অগণন ধন আছিল। এতিয়া তোমালোক
সন্তানসকলৰ বুদ্ধিত আছে যে আমি পিতাৰ দ্বাৰা পুনৰ স্বৰ্গৰ মালিক হওঁ। আমাৰ মহল সোণৰ
হ’ব। দুৱাৰতো হীৰা-মুকুতা খোদিত কৰা থাকিব। জৈনসকলৰ মন্দিৰো এনেকৈ সাজে। এতিয়া হীৰা
আদিতো নাই, যি আগতে আছিল। এতিয়া তোমালোকে জানা যে আমি পিতাৰ পৰা স্বর্গৰ
উত্তৰাধিকাৰ লৈ আছোঁ। শিৱবাবা আহেও ভাৰতলৈকে। ভাৰতেহে শিৱ ভগৱানৰ পৰা স্বৰ্গৰ
উত্তৰাধিকাৰ পায়। খ্ৰীষ্টিয়ানেও কয় যীশুখ্ৰীষ্টৰ 3 হাজাৰ বছৰ পূৰ্বে ভাৰত স্বর্গ
আছিল। কোনে ৰাজ্য কৰিছিল? এয়া কোনেও নাজানে। বাকী এইটো বুজি পায় যে ভাৰত অতি
প্ৰাচীন। তেন্তে ইয়াতেই স্বর্গ আছিল নহয়। পিতাক কয়ো – স্বৰ্গীয় ঈশ্বৰ পিতা অৰ্থাৎ
স্বর্গ স্থাপনা কৰোঁতা পিতা। নিশ্চয় পিতা আহে, তেতিয়া তোমালোক স্বর্গৰ মালিক হোৱা।
প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত স্বৰ্গৰ মালিক হোৱা আকৌ আধাকল্পৰ পাছত ৰাৱণৰাজ্য আৰম্ভ
হয়। চিত্ৰত এনেকৈ স্পষ্ট কৰি দেখুওৱা যাতে বুদ্ধিৰ পৰা লাখ লাখ বছৰৰ কথা আঁতৰি যায়।
লক্ষ্মী-নাৰায়ণ কোনো এজন নহয়, এওঁলোকৰ ৰাজবংশ হ’ব পাছলৈ তেওঁলোকৰ সন্তান ৰজা হয়।
ৰজাতো বহুত হয়। গোটেই মালা বনাই থোৱা আছে। মালাকেই স্মৰণ নকৰে জানো। যিসকলে পিতাৰ
সহায়কাৰী হৈ পিতাৰ সেৱা কৰে তেওঁলোকৰহে মালা তৈয়াৰ হয়। যিসকল পূৰা চক্ৰত আহে,
পূজ্য-পূজাৰী হয় এয়া হৈছে তেওঁলোকৰ স্মাৰক। তোমালোক পূজ্যৰ পৰা পূজাৰী হোৱা পাছত
নিজৰ মালাকে বহি পূজা কৰা। প্ৰথমে মালাত হাত লগাই পাছত মূৰ দোৱায়। তাৰপাছত মালাক
জপিবলৈ আৰম্ভ কৰে। তোমালোকেও গোটেই চক্ৰ পৰিক্ৰমা লগোৱা তাৰপাছত শিৱবাবাৰ পৰা
উত্তৰাধিকাৰ পোৱা। এইটো ৰহস্য তোমালোকেহে জানা। মনুষ্যইতো কোনোবাই কাৰোবাৰ নামত,
কোনোবাই আন কাৰোবাৰ নামত জপে। একোৱে নাজানে। তোমালোকৰ এতিয়া মালাৰ সকলো জ্ঞান আছে,
আৰু আন কাৰো এই জ্ঞান নাই। খ্ৰীষ্টিয়ানে জানো বুজি পায় যে এয়া কাৰ মালা জপে। এই মালা
তেওঁলোকৰেই যিসকলে পিতাৰ সহায়কাৰী হৈ সেৱা কৰে। এই সময়ত সকলো পতিত, পাৱন যিসকল আছিল
তেওঁলোক ইয়ালৈ আহি পতিত হৈ গৈছে, আকৌ ক্ৰমানুসৰি সকলো যাব। ক্ৰমানুসৰি আহে,
ক্ৰমানুসৰি যায়। কিমান বুজিবলগীয়া কথা। এয়া হৈছে বৃক্ষ। কিমান ঠাল-ঠেঙুলি, মঠ-পন্থ
আছে। এতিয়া এই গোটেই বৃক্ষ নাশ হৈ যাব, তাৰপাছত তোমালোকৰ ভেটি স্থাপনা হ’ব। তোমালোক
হৈছা এই বৃক্ষৰ ভেটি। ইয়াত সূৰ্যবংশী, চন্দ্ৰবংশী দুয়োটাই আছে। সত্যযুগ-ত্ৰেতাত
যিসকল ৰাজ্য কৰোঁতা আছিল, তেওঁলোকৰ এতিয়া ধৰ্মই নাই, কেৱল চিত্ৰ আছে। যাৰ চিত্ৰ আছে
তেওঁলোকৰ জীৱন বৃত্তান্ত জনা উচিত নহয় জানো। এনেকৈ কৈ দিয়ে যে অমুক বস্তুটো লাখ লাখ
বছৰ পুৰণি। এতিয়া বাস্তৱত আটাইতকৈ পুৰণা হ'ল আদি-সনাতন দেৱী-দেৱতা ধৰ্ম। তাৰ আগততো
একো বস্তু থাকিব নোৱাৰে। বাকী সকলো 2500 বছৰৰ পুৰণা বস্তু হ’ব, তলৰ পৰা খান্দি
উলিয়ায় নহয়। ভক্তিমাৰ্গত যিয়ে পূজা কৰে তেওঁলোকে পুৰণা চিত্ৰ উলিয়ায় কিয়নো ভূমিকম্প
আদিত সকলো মন্দিৰ খহি পৰে আকৌ নতুনকৈ নিৰ্মাণ কৰে। হীৰা, সোণ আদিৰ খনি যিবোৰ এতিয়া
খালী হৈ গৈছে সেই সকলোবোৰ পুনৰ তাত ভৰপূৰ হৈ যাব। এই সকলোবোৰ কথা এতিয়া তোমালোকৰ
বুদ্ধিত আছে। পিতাই বিশ্বৰ ইতিহাস-ভূগোল বুজাইছে। সত্যযুগত কিমান কম সংখ্যক মনুষ্য
থাকে পাছলৈ বৃদ্ধি হৈ গৈ থাকে। সকলো আত্মা পৰমধামৰ পৰা আহি থাকে। আহোঁতে আহোঁতে
বৃক্ষ বৃদ্ধি হৈ গৈ থাকে। পাছত যেতিয়া বৃক্ষৰ জৰ্জৰিত অৱস্থা হয় তেতিয়া কোৱা হয় "ৰাম
গ'ল ৰাৱণ গ'ল, যাৰ পৰিয়াল বহুত", অনেক ধৰ্ম নাই জানো। আমাৰ পৰিয়াল কিমান সৰু। এয়া
কেৱল ব্ৰাহ্মণৰহে পৰিয়াল। সেয়া কিমান অনেক ধৰ্ম আছে, জনসংখ্যাই সেয়া নকয় জানো। সেয়া
সকলো হৈছে ৰাৱণ সম্প্ৰদায়। এই সকলো যাব। বাকী অলপহে থাকিব। ৰাৱণ সম্প্ৰদায় স্বর্গলৈ
নাহে, সকলো মুক্তিধামত থাকিব। বাকী তোমালোক যিসকলে পঢ়া তেওঁলোক ক্ৰমানুসৰি স্বর্গলৈ
আহিব।
এতিয়া তোমালোক
সন্তানসকলে বুজিছা যে কেনেকৈ সেয়া নিৰাকাৰী বৃক্ষ, এয়া হৈছে মনুষ্য সৃষ্টিৰ বৃক্ষ।
এয়া তোমালোকৰ বুদ্ধিত আছে। পঢ়াত ধ্যান নিদিলে পৰীক্ষাত অনুত্তীৰ্ণ হৈ যাবা। নিজে পঢ়ি
আনকো পঢ়ালে আনন্দিত হৈও থাকিবা। যদিহে বিকাৰত অধঃপতিত হোৱা তেন্তে বাকী এই সকলো
পাহৰি যাবা। আত্মা যেতিয়া পৱিত্ৰ সোণ হৈ যাব তেতিয়া ধাৰণা ভাল হ’ব। সোণৰ বাচন
পৱিত্ৰ হয়। যদি কোনোবা পতিত হয় তেন্তে জ্ঞান শুনাব নোৱাৰে। তোমালোক এতিয়া সন্মুখত
বহি আছা, এইটো জানা যে ঈশ্বৰ পিতা শিৱবাবাই আমাক আত্মাসকলক পঢ়াই আছে। আমি আত্মাসকলে
এই অৰ্গেন্স (কৰ্মেন্দ্ৰিয়)ৰ দ্বাৰা শুনি আছোঁ। পঢ়াওতাজন হৈছে পিতা, এনেকুৱা
পাঠশালা গোটেই জগতত ক'ত থাকিব। তেওঁ হৈছে ঈশ্বৰ পিতা, শিক্ষকো হয়, সৎগুৰুও হয়,
সকলোকে লগত লৈ যাব। এতিয়া তোমালোক পিতাৰ সন্মুখত বহি আছা। সন্মুখত মুৰুলী শুনাত
কিমান পাৰ্থক্য আছে। যিদৰে এয়া টেপ মেচিন ওলাইছে, সকলোৰে ওচৰত এদিন আহি যাব।
সন্তানৰ সুখৰ কাৰণে পিতাই এনেকুৱা বস্তু তৈয়াৰ কৰোৱায়। কোনো ডাঙৰ কথাতো নহয়। এওঁ
সম্ৰাট নহয় জানো। প্ৰথমে বগা আছিল, এতিয়া শ্যামবৰণীয়া হৈছে সেইবাবেতো শ্যাম সুন্দৰ
বুলি কয়। তোমালোকে জানা আমি সুন্দৰ আছিলোঁ, এতিয়া শ্যামবৰণীয়া হৈছোঁ আকৌ সুন্দৰ
হ'মগৈ। কেৱল এজনেই কিয় হ’ব? এজনকে সৰ্পই দংশন কৰিলে জানো? সৰ্প বুলি মায়াক কোৱা হয়
নহয়। বিকাৰগ্ৰস্ত হ'লে ক’লা (পতিত) হৈ যায়। কিমান বুজিবলগীয়া কথা। বেহদৰ পিতাই কয় -
গৃহস্থালিত থাকি এই অন্তিম জন্ম মোৰ কাৰণে পৱিত্ৰ হোৱা। পিতাই সন্তানসকলৰ ওচৰত এয়া
ভিক্ষা বিচাৰে। পদুম ফুলৰ সমান পৱিত্ৰ হোৱা আৰু মোক স্মৰণ কৰা তেতিয়া এইটো জন্মও
পৱিত্ৰ হ’বা আৰু স্মৃতিত থাকিলে অতীতৰ বিকৰ্মও বিনাশ হ’ব। এয়া হ'ল যোগ অগ্নি, যাৰ
দ্বাৰা জন্ম-জন্মান্তৰৰ পাপ দগ্ধ হয়। সতোপ্ৰধানৰ পৰা সতো, ৰজো, তমোত আহিলে কলা কম
হৈ যায়। খাদ পৰি গৈ থাকে। এতিয়া পিতাই কয় - কেৱল মামেকম্ (কেৱল মোক) স্মৰণ কৰা।
বাকী পানীৰ নদীত স্নান কৰিলে পাৱন হ’বা জানো। পানীও তত্ত্ব হয় নহয়। 5 তত্ত্ব বুলি
কোৱা হয়। এই নদীবোৰ পতিত-পাৱনী কেনেকৈ হ’ব পাৰে? নদীবোৰতো সাগৰৰ পৰা ওলায়। প্ৰথমে
সাগৰ পতিত-পাৱন হ’ব লাগে নহয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বিজয়
মালাত আহিবৰ কাৰণে পিতাৰ সহায়কাৰী হৈ সেৱা কৰিব লাগে। এজন প্রিয়তমৰ সৈতে সঁচা প্ৰীতি
ৰাখিব লাগে। এজনকেই স্মৰণ কৰিব লাগে।
(2) নিজৰ সঠিক
লক্ষ্য-উদ্দেশ্য সন্মুখত ৰাখি পূৰা পুৰুষাৰ্থ কৰিব লাগে। দ্বৈত অহিংসক হৈ মনুষ্যক
দেৱতা কৰি তোলাৰ শ্ৰেষ্ঠ কৰ্তব্য কৰি থাকিব লাগে।
বৰদান:
বিজয়ীবোধৰ
নিচাৰ দ্বাৰা সদায় হৰ্ষিত হৈ থাকোঁতা সকলো আকৰ্ষণৰ পৰা মুক্ত হোৱা
বিজয়ী ৰত্নৰ স্মাৰক
হৈছে - পিতাৰ ডিঙিৰ মালা আজিও পূজা কৰা হয়। সেয়েহে সদায় এইটো নিচা থাকিব লাগে যে মই
বাবাৰ ডিঙিৰ মালা বিজয়ী ৰত্ন হওঁ, মই বিশ্বৰ মালিকৰ সন্তান। মই যি পাইছোঁ সেয়া আন
কোনেও পাব নোৱাৰে - এইটো নিচা আৰু আনন্দ স্থায়ী হৈ থাকিলে তেতিয়া যিকোনো আকৰ্ষণৰ পৰা
উৰ্দ্ধত থাকিবা। যি সদায় বিজয়ী তেওঁ সদায় হৰ্ষিত হৈ থাকে। একমাত্ৰ পিতাৰ স্মৃতিৰ
আকৰ্ষণতেই আকৰ্ষিত হয়।
স্লোগান:
এজনৰ অন্তত মগন হৈ যোৱা অৰ্থাৎ একান্তবাসী হোৱা।
একান্তপ্ৰিয় হ’বলৈ,
একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
এতিয়া সকলোৱে লগ হৈ
ইজনে সিজনৰ সাহস বঢ়াই এইটো সংকল্প কৰা যে এতিয়া সময় সমীপত আনিবই লাগিব, আত্মাসকলক
মুক্তি দিবই লাগিব। কিন্তু এইটো তেতিয়াহে হ’ব যেতিয়া ভবাটো স্মৃতি স্বৰূপত আনিবা।
য’ত একতা আৰু দৃঢ়তা আছে ত’ত অসম্ভৱও সম্ভৱ হৈ যায়।