10.03.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে মনুষ্যৰ পৰা দেৱতা হোৱাৰ পাঠ পঢ়িব আৰু পঢ়াব লাগে, সকলোকে শান্তিধাম আৰু
সুখধামৰ ৰাস্তা দেখুৱাব লাগে”
প্ৰশ্ন:
যিসকল
সতোপ্ৰধান পুৰুষাৰ্থী তেওঁলোকৰ লক্ষণ কি হ’ব?
উত্তৰ:
তেওঁলোকে আনকো নিজৰ সমান কৰি তুলিব। তেওঁলোকে বহুতৰে কল্যাণ কৰি থাকিব। জ্ঞান ধনেৰে
জোলোঙা ভৰাই আকৌ দান কৰিব। 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ ল’ব আৰু আনকো প্ৰাপ্ত কৰাব।
গীত:
ওঁম্ নমঃ
শিৱায়ে...
ওঁম্শান্তি।
ভক্তসকলে যাৰ
মহিমা কৰে, তোমালোক তেওঁৰ সন্মুখত বহি আছা, তেন্তে কিমান আনন্দিত হোৱা উচিত। তেওঁক
‘শিৱায়ে নমঃ’ বুলি কয়। তোমালোকেতো প্ৰণাম জনাব নালাগে। পিতাকক সন্তানে স্মৰণ কৰে,
প্ৰণাম কেতিয়াও নজনায়। এৱোঁ পিতা, এওঁৰ পৰা তোমালোকে উত্তৰাধিকাৰ পোৱা। তোমালোকে
প্ৰণাম নজনোৱা, স্মৰণ কৰা। জীৱৰ আত্মাই স্মৰণ কৰে। পিতাই এই শৰীৰ লোণত লৈছে। তেওঁ
আমাক ৰাস্তা দেখুৱাই আছে - পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ কেনেকৈ লোৱা যায়। তোমালোকেও
ভালদৰে জানা। সত্যযুগ হৈছে সুখধাম আৰু য’ত আত্মাসকল থাকে সেইখনক কোৱা হয় শান্তিধাম।
তোমালোকৰ বুদ্ধিত আছে যে আমি শান্তিধামৰ নিবাসী। এই কলিযুগক দুখধাম বুলিয়ে কোৱা হয়।
তোমালোকে জানা – আমি আত্মাসকলে এতিয়া স্বৰ্গলৈ যাবৰ বাবে, মনুষ্যৰ পৰা দেৱতা হ’বৰ
বাবে পঢ়ি আছোঁ। এই লক্ষ্মী-নাৰায়ণ দেৱতা নহয় জানো। মনুষ্যৰ পৰা দেৱতা নতুন সৃষ্টিৰ
বাবে হ’ব লাগে। পিতাৰ দ্বাৰা তোমালোকে পঢ়া। যিমান পঢ়িবা, পঢ়াত পুৰুষাৰ্থ কাৰোবাৰ
তীব্ৰ হয়, কাৰোবাৰ ঢিলা হয়। যিসকল সতোপ্ৰধান পুৰুষাৰ্থী তেওঁলোকে আনকো নিজৰ সমান কৰি
তুলিবলৈ ক্ৰমানুসৰি পুৰুষাৰ্থ কৰায়, বহুতৰে কল্যাণ কৰে। যিমান ধনেৰে জোলোঙা ভৰপূৰ
কৰি দান কৰিব সিমানে লাভ হ’ব। মনুষ্যই দান কৰে, তাৰ ফল পৰৱৰ্তী জন্মত অল্পকালৰ বাবে
লাভ কৰে। তাত অলপ সুখ বাকীতো দুখেই দুখ। তোমালোকেতো 21 জন্মৰ কাৰণে স্বৰ্গৰ সুখ লাভ
কৰা। ক’ত স্বৰ্গৰ সুখ, ক’ত এয়া দুখ! বেহদৰ পিতাৰ দ্বাৰা তোমালোকে স্বৰ্গত বেহদৰ সুখ
পোৱা। ঈশ্বৰৰ অৰ্থে দান-পুণ্য নকৰে জানো। সেয়া হ’ল আওপকীয়া। এতিয়া তোমালোকতো
সন্মুখত আছা নহয়। এতিয়া পিতাই বহি বুজায় – ভক্তিমাৰ্গত ঈশ্বৰৰ অৰ্থে দান-পুণ্য কৰে
তেতিয়া পৰৱৰ্তী জন্মত তাৰ ফল লাভ কৰে। কোনোৱে ভাল কৰিলে ভাল ফল পায়, বেয়া পাপ আদি
কৰিলে তেওঁলোকে সেই অনুসৰিয়ে ফল লাভ কৰে। ইয়াত কলিযুগততো পাপেই হৈ থাকে, পুণ্য
নহয়েই। খুব বেছি অল্পকালৰ কাৰণে সুখ পায়। এতিয়াতো তোমালোকে ভৱিষ্যতলৈ সত্যযুগত 21
জন্মৰ বাবে সদায় সুখী হোৱা। তাৰ নামেই হ’ল সুখধাম। প্ৰদৰ্শনীতো তোমালোকে লিখিব পাৰা
যে এয়া হৈছে শান্তিধাম আৰু সুখধামৰ মাৰ্গ, শান্তিধাম আৰু সুখধামলৈ যোৱাৰ সহজ মাৰ্গ।
এতিয়াতো কলিযুগ। কলিযুগৰ পৰা সত্যযুগ, এপইচাও খৰচ নকৰাকৈ পতিত সৃষ্টিৰ পৰা পাৱন
সৃষ্টিলৈ যোৱাৰ সহজ ৰাস্তা। তেতিয়া মনুষ্যই বুজিব কিয়নো পাথৰ বুদ্ধিৰ হয় নহয়। পিতাই
একেবাৰে সহজকৈ বুজায়। ইয়াৰ নামেই হ’ল সহজ ৰাজযোগ, সহজ জ্ঞান।
পিতাই তোমালোক
সন্তানসকলক কিমান বিচাৰ বুদ্ধি সম্পন্ন কৰি তোলে। এই লক্ষ্মী-নাৰায়ণ বিচাৰ বুদ্ধি
সম্পন্ন নহয় জানো। যদিও শ্ৰীকৃষ্ণৰ কাৰণে বহুত কিবা লিখি দিছে, সেয়া হৈছে মিছা কলংক।
শ্ৰীকৃষ্ণই কয় – মা মই মাখন খোৱা নাই... এতিয়া তাৰ অৰ্থও বুজি নাপায়। মই মাখন খোৱা
নাই, তেনেহ’লে কোনে খালে? শিশুক গাখীৰ খুওৱা হয়, শিশুৱে মাখন খাব নে গাখীৰ খাব! এয়া
যি দেখুৱাইছে যে কলহ ভাঙিলে আদি আদি – এনেকুৱা কোনো কথা নাই। তেওঁতো স্বৰ্গৰ প্ৰথম
ৰাজকুমাৰ। মহিমাতো একমাত্ৰ শিৱবাবাৰে আছে। সৃষ্টিততো আন কাৰো মহিমা নাই! এই সময়ততো
সকলো পতিত কিন্তু ভক্তিমাৰ্গৰো মহিমা আছে, ভক্ত মালাৰো গায়ন আছে নহয় স্ত্ৰীৰ ভিতৰত
মীৰাৰ নাম আছে, পুৰুষৰ ভিতৰত মুখ্য নাৰদৰ গায়ন আছে। তোমালোকে জানা – এবিধ হ’ল ভক্ত
মালা, আনবিধ জ্ঞানৰ মালা। ভক্ত মালাৰ পৰা ৰুদ্ৰ মালা হৈছে পুনৰ ৰুদ্ৰ মালাৰ পৰা
বিষ্ণুৰ মালা হয়। ৰুদ্ৰ মালা হৈছে সংগমযুগৰ, এই ৰহস্য তোমালোক সন্তানসকলৰ বুদ্ধিত
আছে। এই কথাবোৰ তোমালোকক পিতাই সন্মুখত বহি বুজায়। সন্মুখত যেতিয়া বহা তেতিয়া
তোমালোক পুলকিত হৈ যোৱা উচিত। অহো সৌভাগ্য – 100 শতাংশ দুৰ্ভগীয়াৰ পৰা আমি
সৌভাগ্যশালী হওঁ। কুমাৰীসকলেতো কাম-কটাৰীৰ তললৈ যোৱাই নাই। পিতাই কয় – সেয়া হ’ল
কাম-কটাৰী। জ্ঞানকো কটাৰী বুলি কোৱা হয়। পিতাই কৈছে – জ্ঞানৰ অস্ত্ৰ–শস্ত্ৰ,
তেওঁলোকে আকৌ দেৱীসকলক স্থূল অস্ত্ৰ-শস্ত্ৰ দি দিছে। সেয়াতো হ’ল হিংসক বস্তু।
মনুষ্যই এইটো নাজানেই যে স্বদৰ্শন চক্ৰ কি? শাস্ত্ৰত শ্ৰীকৃষ্ণকো স্বদৰ্শন চক্ৰ দি
হিংসাই হিংসা দেখুৱাই দিছে। বাস্তৱত হৈছে জ্ঞানৰ কথা। তোমালোক এতিয়া স্বদৰ্শন
চক্ৰধাৰী হৈছা তেওঁলোকে আকৌ হিংসাৰ কথা দেখুৱাই দিছে। তোমালোক সন্তানসকলে এতিয়া
‘স্ব’ অৰ্থাৎ চক্ৰৰ জ্ঞান পাইছা। তোমালোকক বাবাই কয় – ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ
কুল ভূষণ, স্বদৰ্শন চক্ৰধাৰী। ইয়াৰ অৰ্থও এতিয়া তোমালোকে বুজি পোৱা। তোমালোকৰ গোটেই
84 জন্ম আৰু সৃষ্টি চক্ৰৰ জ্ঞান আছে। প্ৰথমতে সত্যযুগত এটাই সূৰ্যবংশী ধৰ্ম তাৰ
পাচত চন্দ্ৰবংশী। দুয়োটাকে মিলাই স্বৰ্গ বুলি কোৱা হয়। এই কথাবোৰ তোমালোকৰ ভিতৰতো
ক্ৰমানুসৰি সকলোৰে বুদ্ধিত আছে। যেনেকৈ তোমালোকক বাবাই পঢ়াইছে, তোমালোকে পঢ়ি
বুদ্ধিমান হৈছা। এতিয়া তোমালোকে আকৌ আনৰ কল্যাণ কৰিব লাগে। স্বদৰ্শন চক্ৰধাৰী হ’ব
লাগে। যেতিয়ালৈকে ব্ৰহ্মা মুখ বংশাৱলী নহয় তেতিয়ালৈ শিৱবাবাৰ পৰা উত্তৰাধিকাৰ কেনেকৈ
ল’ব। এতিয়া তোমালোক ব্ৰাহ্মণ হৈছা। শিৱবাবাৰ পৰা উত্তৰাধিকাৰ লৈ আছা। এইটো পাহৰিব
নালাগে। সাৰ কথাবোৰ টুকি ৰখা উচিত। এয়া হৈছে 84 জন্মৰ ছিৰি। ছিৰিৰে নামিবলৈতো সহজ
হয়। যেতিয়া ছিৰি বগাই যায় তেতিয়া কঁকালত হাত দি কেনেকৈ বগায়। কিন্তু লিফ্টো আছে।
এতিয়া বাবা তোমালোকক লিফ্ট দিবলৈকে আহে। চেকেণ্ডত উৰ্ধমুখী কলা হৈ যায়। এতিয়া
তোমালোক সন্তানসকলতো আনন্দিত হোৱা উচিত যে আমাৰ উৰ্ধমুখী কলা। অতিকৈ মৰমৰ বাবাক
পাইছোঁ। তেওঁৰ দৰে মৰমৰ বস্তু আন একো নাই। সাধু-সন্ত আদি যি আছে সকলোৱে সেই এজন
প্ৰেমিকক স্মৰণ কৰে, সকলো তেওঁৰ প্ৰেয়সী। কিন্তু তেওঁ কোন, এয়া একোৱে বুজি নাপায়।
কেৱল সৰ্বব্যাপি বুলি কৈ দিয়ে।
তোমালোকে এতিয়া জানা
যে শিৱবাবাই আমাক এওঁৰ দ্বাৰা পঢ়ায়। শিৱবাবাৰ নিজৰ শৰীৰতো নাই। তেওঁ হ’ল পৰম আত্মা।
পৰম আত্মা মানে পৰমাত্মা। যাৰ নাম হৈছে ‘শিৱ’। বাকী সকলো আত্মাৰ শৰীৰ অনুসৰি নাম
বেলেগ বেলেগ হয়। এজনেই পৰম আত্মা, যাৰ নাম ‘শিৱ’। মনুষ্যই আকৌ অনেক নাম ৰাখি দিছে।
ভিন্ন ভিন্ন মন্দিৰ নিৰ্মাণ কৰিছে। এতিয়া তোমালেকে অৰ্থ বুজি পোৱা। বোম্বাইত (এতিয়া
মুম্বাই) বাবুৰীনাথৰ মন্দিৰ আছে, এই সময়ত তোমালোকক কাঁইটৰ পৰা ফুল কৰি তোলে। বিশ্বৰ
মালিক হৈ যোৱা। গতিকে প্ৰথম মুখ্য কথা এয়াই যে আমাৰ অৰ্থাৎ আত্মাসকলৰ পিতা এজন,
তেওঁৰ পৰাহে ভাৰবাসীয়ে উত্তৰাধিকাৰ লাভ কৰে। ভাৰতৰ এই লক্ষ্মী-নাৰায়ণ মালিক নহয় জানো।
চীনৰতো নহয়। যদি চীনৰ হ’লহেঁতেন তেন্তে চেহেৰাই বেলেগ হ’লহেঁতেন। এওঁলোক হয়েই ভাৰতৰ।
প্ৰথমে বগা (পাৱন) পাছত শ্যাম বৰণীয়া (পতিত) হয়। আত্মাতে খাদ (বিকাৰৰ লেপ) পৰে,
শ্যাম বৰণীয়া হৈ যায়। সকলো দৃষ্টান্ত এওঁলোকক লৈয়ে। ভোমোৰাই পোকবোৰক পৰিৱৰ্তন কৰি
নিজৰ সমান কৰি তোলে। সন্ন্যাসীসকলে কি পৰিৱৰ্তন কৰে! শুভ্ৰ পোচাকধাৰীসকলক গেৰুৱা
কাপোৰ পিন্ধাই মূৰ খুৰাই দিয়ে। তোমালোকেতো এয়া জ্ঞান লোৱা। এনেকুৱা লক্ষ্মী-নাৰায়ণৰ
দৰে শোভনীয় হৈ যাবাগৈ। এতিয়াতো প্ৰকৃতিও তমোপ্ৰধান, সেয়েহে এই ধৰণীও তমোপ্ৰধান।
লোকচানদায়ক। আকাশত ধুমুহা বলিলে, কিমান লোকচান কৰে, উপদ্ৰৱ হৈ থাকে। এতিয়া এইখন
সৃষ্টিত হৈছে পৰম দুখ। তাত আকৌ পৰম সুখ হ’ব। পিতাই পৰম দুখৰ পৰা পৰম সুখলৈ লৈ যায়।
ইয়াৰ বিনাশ হয় তাৰ পাছত সকলো সতোপ্ৰধান হৈ যায়। এতিয়া তোমালোকে পুৰুষাৰ্থ কৰি পিতাৰ
পৰা যিমান উত্তৰাধিকাৰ ল’ব বিচৰা সিমান লৈ লোৱা। নহ’লেতো অন্তিমত অনুতাপ কৰিব লাগিব।
বাবা আহিল কিন্তু আমি একো নল’লো। এয়া লিখা আছে – খেৰৰ জুমঠি স্বৰূপ এই পৃথিৱীত জুই
লাগে তেতিয়াহে “কুম্ভকৰ্ণ নিদ্ৰা”ৰ পৰা জাগে। তেতিয়া হায়! হায়! বুলি কৈ মৰি যায়।
হায়! হায়! কৰাৰ পাছত জয়জয়কাৰ হ’ব। কলিযুগত হায়! হায়! নহয় জানো। ইজনে সিজনক মাৰি থাকে।
বহুত মৰিব। কলিযুগৰ পাছত সত্যযুগ নিশ্চয় হ’ব। মাজত এয়া হ’ল সংগম। ইয়াক পুৰুষোত্তম
যুগ বুলি কোৱা হয়। পিতাই তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱাৰ ভাল যুক্তি (উপায়) শুনায়।
কেৱল কয় – মোক স্মৰণ কৰা আৰু একো কৰিব নালাগে। এতিয়া তোমালোক সন্তানসকলে মূৰ আদিও
দোঁৱাব নালাগে। কোনোবাই বাবাক প্ৰণাম জনালে তেতিয়া বাবাই কয় – তোমালোক আত্মাৰো হাত
নাই, পিতাৰো নাই, তেন্তে কাক প্ৰণাম জনোৱা। কলিযুগী ভক্তিমাৰ্গৰ এটাও চিহ্ন থকা
অনুচিত। হে আত্মাসকল, তোমালোকে কিয় হাত জোৰ কৰা? কেৱল মোক পিতাক স্মৰণ কৰা। স্মৰণ
কৰাৰ অৰ্থ কোনো প্ৰণাম জনোৱা নহয়। মনুষ্যইতো সূৰ্যকো প্ৰণাম জনাব, কোনোবা মহাত্মাকো
প্ৰণাম জনাব। তোমালোকে প্ৰণাম জনাব নালাগে, এয়াতো মোৰ লোণত লোৱা শৰীৰ। কিন্তু
কোনোবাই প্ৰণাম জনালে প্ৰণাম জনাই সঁহাৰি দিবলগীয়া হয়। তোমালোকেতো এয়া বুজিব লাগে
যে আমি আত্মা, আমি এই বন্ধনৰ পৰা মুক্ত হৈ এতিয়া ঘৰলৈ উভতি যাব লাগে। ইয়াৰ প্ৰতি
যেন ঘৃণা উপজিব লাগে। এই পুৰণি শৰীৰক এৰি দিব লাগে। যেনেকৈ সাপৰ দৃষ্টান্ত আছে।
ভোমোৰাৰো কিমান বুদ্ধি আছে যে পোকক ভোমোৰা কৰি তোলে। তোমালোক সন্তানসকলেও, যিসকল
বিষয় সাগৰত ডুব গৈ আছে, তেওঁলোকক তাৰ পৰা উলিয়াই ক্ষীৰসাগৰলৈ লৈ যোৱা। এতিয়া পিতাই
কয় – শান্তিধামলৈ ব’লা। মনুষ্যই শান্তিৰ বাবে কিমান মগজ খটুৱাই থাকে। সন্ন্যাসীসকলে
স্বৰ্গৰ জীৱনমুক্তিতো নাপায়। অৱশ্যে হয়, মুক্তি লাভ কৰে, দুখৰ পৰা মুক্ত হৈ
শান্তিধামত বহি যায়। তথাপি আত্মা প্ৰথমেতো জীৱনমুক্তিত আহে। পাছলৈ আকৌ জীৱনবন্ধনত
আহে। আত্মা সতোপ্ৰধান হয় আকৌ ছিৰি তললৈ নামে। প্ৰথমতে সুখ ভোগ কৰি তাৰ পাছত অৱনমিত
হৈ হৈ তমোপ্ৰধান হৈ যায়। এতিয়া পুনৰ সকলোকে উভতাই লৈ যাবলৈ পিতা আহিছে। পিতাই কয় –
মোক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হৈ যাবা।
পিতাই বুজাইছে - যি
সময়ত মনুষ্যই শৰীৰ ত্যাগ কৰে সেই সময়ত বহুত কষ্ট ভোগ কৰে কিয়নো শাস্তি ভোগ কৰিবলগীয়া
হয়। যেনেকৈ কাশীত গৈ আপোনঘাতী হয় কিয়নো তেওঁলোকে শুনিছে যে শিৱৰ প্ৰতি উছৰ্গিত হ’লে
মুক্তি পোৱা যায়। তোমালোক এতিয়া উছৰ্গিত নোহোৱা জানো, সেয়েহে ভক্তিমাৰ্গতো পুনৰ সেই
কথাবোৰ প্ৰচলিত হয়। সেয়েহে গৈ শিৱৰ নামত বলিহাৰ হয়। এতিয়া পিতাই বুজায় – উভতিতো
কোনেও যাব নোৱাৰে। অৱশ্যে হয়, ইমান উছৰ্গিত হয় গতিকে পাপ খণ্ডন হৈ যায় পুনৰ
হিচাপ-নিকাচ নতুনকৈ আৰম্ভ হয়। তোমালোকে এই সৃষ্টিক জানি গৈছা। এই সময়ত সকলোৰে
অৱৰোহণ কলা। পিতাই কয় – মই আহি সকলোৰে সৎগতি কৰোঁ। সকলোকে ঘৰলৈ লৈ যাওঁ। পতিতসকলকতো
লগত লৈ নাযাওঁ সেইবাবে এতিয়া পৱিত্ৰ হোৱা তেতিয়া তোমালোকৰ জ্যোতি জ্বলি উঠিব। বিয়াৰ
সময়ত স্ত্ৰীৰ মূৰৰ ওপৰত কলহত জ্যোতি (চাকি) জ্বলায়। এই নিয়মো ইয়াত ভাৰততহে আছে।
স্ত্ৰী মূৰৰ ওপৰত কলহত জ্যোতি জ্বলায়, পতিৰ মূৰৰ ওপৰত নজ্বলায়, কিয়নো পতিকতো ঈশ্বৰ
বুলি কয়। ঈশ্বৰৰ ওপৰত জ্যোতি কেনেকৈ জ্বলাব। সেয়েহে পিতাই বুজায় – মোৰতো জ্যোতি
জ্বলিয়ে থাকে। মই তোমালোকৰ জ্যোতি জ্বলাওঁ। পিতাক অগ্নি শিখা বুলিও কোৱা হয়।
ব্ৰহ্ম-সমাজে আকৌ জ্যোতিক মানে, সদায় জ্যোতি জ্বলি থাকে, তেওঁকে স্মৰণ কৰে, তেওঁকে
ভগৱান বুলি ভাবে। অন্যসকলে আকৌ ভাবে সৰু জ্যোতি (আত্মা) ডাঙৰ জ্যোতিত (পৰমাত্মাত)
সমাহিত হৈ যাব। অনেক মত আছে। পিতাই কয় – তোমালোকৰ ধৰ্মতো অপাৰ সুখ দিওঁতা হয়।
তোমালোকে স্বৰ্গত বহুত সুখ দেখা পোৱা। নতুন সৃষ্টিত তোমালোক দেৱতা হোৱাগৈ। তোমালোকৰ
পঢ়া হৈছেই ভৱিষ্যত নতুন সৃষ্টিৰ বাবে, আন সকলো পঢ়া ইয়াৰ বাবেই। তোমালোকে ইয়াত পঢ়ি
ভৱিষ্যতলৈ পদ ল’ব লাগে। ‘গীতা’তো যথাযথ ৰাজযোগ শিকাইছে। আকৌ অন্তিমত যুদ্ধ লাগিল,
একোৱে নাথাকিল। পাণ্ডৱসকলৰ লগত কুকুৰ দেখুৱাইছে। এতিয়া পিতাই কয় – মই তোমালোকক
ভগৱান-ভগৱতী কৰি তোলোঁ। ইয়াততো অনেক প্ৰকাৰৰ দুখ দিওঁতা মনুষ্য আছে। কাম-কটাৰী চলাই
কিমান দুখী কৰি দিয়ে। সেয়েহে এতিয়া তোমালোক সন্তানসকলৰ এইটো আনন্দ থকা উচিত যে
বেহদৰ পিতা জ্ঞানৰ সাগৰে আমাক পঢ়াই আছে। তেওঁ অতিকৈ মৰমৰ প্ৰেমিক। আমি প্ৰেয়সীসকলে
আধাকল্প তেওঁক স্মৰণ কৰোঁ। তোমালোকে স্মৰণ কৰি আহিছা, এতিয়া পিতাই কয় – মই আহিছোঁ,
তোমালোক মোৰ মতত চলা। নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা। দ্বিতীয় কোনো নাই।
মোৰ স্মৃতি অবিহনে তোমালোকৰ পাপ ভস্ম নহ’ব। প্ৰতিটো কথাতে চাৰ্জনৰ ৰায় ল’বা। বাবাই
ৰায় দিব – এনেকৈ এনেকৈ সম্পৰ্ক বজাই ৰাখা। যদি ৰায় মতে চলা তেন্তে খোজে প্ৰতি পদমৰ
হিচাপত পাবা। ৰায় ল’লে তেতিয়া দায়িত্বৰ পৰা মুক্ত হৈ গ’লা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বেহদৰ
পিতাৰ পৰা বেহদৰ সুখৰ উত্তৰাধিকাৰ ল’বৰ বাবে পোনপটীয়াকৈ ঈশ্বৰ অৰ্থে দান-পুণ্য কৰিব
লাগে। জ্ঞান ধনেৰে জোলোঙা ভৰাই সকলোকে দিব লাগে।
(2) এই পুৰুষোত্তম
যুগত নিজক সকলো বন্ধনৰ পৰা মুক্ত কৰি জীৱনমুক্ত হ’ব লাগে। ভোমোৰাৰ দৰে ভোঁ ভোঁ কৰি
নিজৰ সমান কৰি তোলাৰ সেৱা কৰিব লাগে।
বৰদান:
সৰ্ব
প্ৰাপ্তিৰ অনুভৱৰ দ্বাৰা শক্তিশালী হওঁতা সদায় সফলতামূৰ্ত হোৱা
যি সৰ্ব প্ৰাপ্তিৰ
অনুভৱী মূৰ্ত তেৱেঁই শক্তিশালী হয়, এনেকুৱা শক্তিশালী সৰ্ব প্ৰাপ্তিৰ অনুভৱী
আত্মাসকলেই সফলতা মূৰ্ত হ’ব পাৰে কিয়নো এতিয়া সকলো আত্মাই বিচাৰিব যে সুখ-শান্তিৰ
মাষ্টৰ দাতা ক’ত আছে। গতিকে যেতিয়া তোমালোকৰ ওচৰত সৰ্ব শক্তিৰ পুঁজি জমা থাকিব
তেতিয়াহে সকলোকে সন্তুষ্ট কৰিব পাৰিবা। যেনেকৈ বিদেশত একেখন বিপণিতে সকলো বস্তু পোৱা
যায় তোমালোকো তেনেকুৱা হ’ব লাগে। এনেকুৱা নহয় যে সহনশক্তি থাকিব কিন্তু সন্মুখীন
হোৱাৰ শক্তি নাথাকিব। সৰ্ব শক্তিৰ জমা পুঁজি থাকিব লাগে তেতিয়াহে সফলতামূৰ্ত হ’ব
পাৰিবা।
স্লোগান:
মৰ্যাদাসমূহেই হৈছে ব্ৰাহ্মণ জীৱনৰ খোজ, খোজে প্ৰতি খোজ দিয়া মানেই লক্ষ্যৰ সমীপত
উপস্থিত হোৱা।
সত্যতা আৰু সভ্যতা
ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
আজিকালি কোনো কোনোৱে
এটা বিশেষ ভাষা ব্যৱহাৰ কৰে যে মই অসত্য চাব নোৱাৰো, অসত্য শুনিব নোৱাৰো, সেই কাৰণে
অসত্যক দেখি, মিছা কথা শুনি ভিতৰি উত্তেজিত হৈ যায়। কিন্তু তেওঁ যদি অসত্য আৰু তুমি
অসত্যক দেখি উত্তেজিত হৈ যোৱা তেন্তে সেই উত্তেজনাও অসত্য নহয় জানো! অসত্যতা সমাপ্ত
কৰিবলৈ নিজৰ মাজত সত্যতাৰ শক্তি ধাৰণ কৰা।