10.04.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতা আহিছে, ভাৰতক উদ্ধাৰ কৰিবলৈ, তোমালোক সন্তানসকল এই সময়ত পিতাৰ সহায়কাৰী হোৱা,
ভাৰতেই হৈছে প্ৰাচীন খণ্ড”
প্ৰশ্ন:
উচ্চ লক্ষ্যত
উপনীত হোৱাত বাধাৰ সৃষ্টি কৰা সৰু সৰু কথা কোনবোৰ?
উত্তৰ:
যদি অলপমানো কোনো চখ আছে, অনাসক্ত বৃত্তি নাই, ভাল পিন্ধা, খোৱাত বুদ্ধি দিগভ্ৰান্ত
হৈ থাকে……. তেন্তে এই কথাবোৰে উচ্চ লক্ষ্যত উপনীত হোৱাত বাধাৰ সৃষ্টি কৰে সেয়েহে
বাবাই কয় - সন্তানসকল, বনবাসত থাকা। তোমালোকেতো সকলো পাহৰিব লাগে। এই শৰীৰো যাতে
স্মৃতিত নাথাকে।
ওঁম্শান্তি।
সন্তানসকলক
এইটো বুজোৱা হৈছে যে এই ভাৰতেই অবিনাশী খণ্ড আৰু ইয়াৰ আচল নাম হয়েই ভাৰত খণ্ড।
হিন্দুস্তান নামতো পাছত ৰাখিছে। ভাৰতক কোৱা হয় - আধ্যাত্মিক খণ্ড। এয়া প্ৰাচীন খণ্ড।
নতুন সৃষ্টিত যেতিয়া ভাৰত খণ্ড আছিল তেতিয়া অন্য কোনো খণ্ড নাছিল। মুখ্য হৈছেই
ইছলামী, বৌদ্ধি আৰু খ্ৰীষ্টীয়ান। এতিয়াতো বহুত খণ্ড হৈ গৈছে। ভাৰত অবিনাশী খণ্ড,
ভাৰতকেই স্বর্গ, হেভেন বুলি কয়। নতুন সৃষ্টিত নতুন খণ্ড একমাত্ৰ ভাৰতেই। নতুন সৃষ্টি
ৰচনা কৰোঁতা হৈছে পৰমপিতা পৰমাত্মা, স্বৰ্গৰ ৰচয়িতা স্বৰ্গীয় ঈশ্বৰ পিতা। ভাৰতবাসীয়ে
জানে যে এই ভাৰত অবিনাশী খণ্ড। ভাৰত স্বর্গ আছিল। যেতিয়া কোনোবা মৰে তেতিয়া কয়
স্বৰ্গগামী হ’ল, এনেকৈ ভাবে যে স্বর্গ ক’ৰবাত ওপৰত আছে। দেলৱাড়া মন্দিৰতো বৈকুণ্ঠৰ
চিত্ৰ ছাদত দেখুৱাইছে। এইটো কাৰো বুদ্ধিত উদয় নহয় যে ভাৰতহে স্বর্গ আছিল, এতিয়া নহয়।
এতিয়াতো নৰক। তেন্তে এয়াও অজ্ঞানতাই হ'ল। জ্ঞান আৰু অজ্ঞান দুটা বস্তু। জ্ঞানক দিন
বুলি কোৱা হয়, অজ্ঞানক ৰাতি। অতি আলোক আৰু ঘোৰ অন্ধকাৰ বুলি কোৱা হয়। আলোক মানে
উত্থান, অন্ধকাৰ মানে পতন। মনুষ্যই সূৰ্য অস্ত যোৱা চাবলৈ সূৰ্যাস্ত স্থানলৈ যায়।
এতিয়া সেয়াতো হ'ল হদৰ কথা। ইয়াৰ বাবে কোৱা হয় ব্ৰহ্মাৰ দিন, ব্ৰহ্মাৰ ৰাতি। এতিয়া
ব্ৰহ্মাতো হ'ল প্ৰজাপিতা। তেন্তে নিশ্চয় প্ৰজাৰ পিতা হ'ল। জ্ঞান ৰূপী কাজল সৎগুৰুৱে
দিলে, অজ্ঞান অন্ধকাৰ বিনাশ হ’ল। এই কথাবোৰ জগতত কোনেও নুবুজে। এয়া হৈছে নতুন
সৃষ্টিৰ কাৰণে নতুন জ্ঞান। স্বৰ্গৰ কাৰণে স্বৰ্গীয় ঈশ্বৰ পিতাৰ জ্ঞান লাগে। গায়নো
কৰে পিতা জ্ঞানপূৰ্ণ। তেন্তে শিক্ষক হৈ গ’ল। পিতাক কোৱাই হয় পতিত-পাৱন আন কাকো
পতিত-পাৱন বুলি ক’ব নোৱাৰি। শ্ৰীকৃষ্ণকো ক’ব নোৱাৰি। পিতাতো সকলোৰে এজনেই।
শ্ৰীকৃষ্ণতো সকলোৰে পিতা নহয়। তেওঁ যেতিয়া ডাঙৰ হ’ব, বিবাহ কৰিব তেতিয়া এটি বা দুটি
সন্তানৰ পিতা হ'ব। ৰাধা-কৃষ্ণক ৰাজকুমাৰ-ৰাজকুমাৰী বুলি কোৱা হয়। কেতিয়াবা সয়ম্বৰো
হৈছিল নিশ্চয়। বিবাহৰ পাছতহে মা-পিতা হ'ব পাৰে। তেওঁলোকক কোনেও বিশ্বৰ ঈশ্বৰ পিতা
বুলি ক’ব নোৱাৰে। বিশ্বৰ ঈশ্বৰ পিতা কেৱল এজন নিৰাকাৰ পিতাকে কোৱা হয়।
গ্ৰেট-গ্ৰেট-গ্ৰেণ্ড ফাদাৰ বুলি শিৱবাবাক ক’ব নোৱাৰি। গ্ৰেট-গ্ৰেট-গ্ৰেণ্ড ফাদাৰ
হ'ল প্ৰজাপিতা ব্ৰহ্মা। তেওঁৰ পৰাই বংশবৃক্ষ ওলায়। তেওঁ হৈছে নিৰাকাৰ ঈশ্বৰ পিতা,
নিৰাকাৰ আত্মাসকলৰ পিতা। নিৰাকাৰী আত্মাসকল যেতিয়া ইয়াত শৰীৰত থাকে তেতিয়া
ভক্তিমাৰ্গত আহ্বান জনায়। তোমালোকে এই সকলোবোৰ নতুন কথা শুনা। যথাৰ্থ ৰীতিৰে কোনো
শাস্ত্ৰত নাই। পিতাই কয় - মই সন্মুখত বহি তোমালোক সন্তানসকলক বুজাওঁ। পাছত এই সকলো
জ্ঞান লুপ্ত হৈ যায়। আকৌ যেতিয়া পিতা আহিব তেতিয়া আহি যথাৰ্থ জ্ঞান শুনাব।
সন্তানসকলকে সন্মুখত বুজাই উত্তৰাধিকাৰ দিয়ে। পাছত শাস্ত্ৰ ৰচে। যথাৰ্থ ৰূপততো ৰচিব
নোৱাৰে কিয়নো সত্যৰ সৃষ্টিয়েই সমাপ্ত হৈ মিছাখণ্ড হৈ যায়। গতিকে মিছা বস্তুৱে থাকিব
কিয়নো অধোগতিৰ কলাহে হয়। সত্যৰেতো আৰোহণ কলা হয়। ভক্তি হৈছে ৰাতি, অন্ধকাৰত খুন্দা
খাবলগীয়া হয়। নতশিৰ হৈ থাকে। এনেকুৱা ঘোৰ অন্ধকাৰ। মনুষ্যইতো একোৱে গম নাপায়। দুৱাৰে
দুৱাৰে হাবাথুৰি খাই ফুৰে। এই সূৰ্যৰো উদয় আৰু অস্ত হয়, যিটো সন্তানসকলে গৈ চায়।
এতিয়াতো তোমালোক সন্তানসকলে জ্ঞান সূৰ্য উদয় হোৱা চাব লাগে। ভাৰতৰ সূৰ্য উদয় আৰু
ভাৰতৰ সূৰ্য অস্ত। ভাৰত এনেকৈ ডুবে যেনেকৈ সূৰ্য ডুবে। সত্য-নাৰায়ণৰ কাহিনীত এনেকৈ
দেখুৱায় যে ভাৰতৰ নাও তললৈ গুচি যায় আকৌ পিতা আহি উদ্ধাৰ কৰে। তোমালোকে পুনৰ এই
ভাৰতক উদ্ধাৰ কৰা। এয়া তোমালোক সন্তানসকলেহে জানা। তোমালোকে নিমন্ত্ৰণো জনোৱা,
“নৱ-নিমাৰ্ণ প্ৰদৰ্শনী” নামটিও ঠিকেই আছে। নতুন সৃষ্টি কেনেকৈ স্থাপন হয়, তাৰ
প্ৰদৰ্শনী। চিত্ৰৰ দ্বাৰা বুজোৱা হয়। গতিকে সেই নামটিয়ে প্ৰচলিত হৈ আহিছে, গতিকে
ঠিকে আছে। নতুন সৃষ্টি কেনেকৈ স্থাপন হয় বা উদয় কেনেকৈ হয়, এয়া তোমালোকে দেখুওৱা।
নিশ্চয় পুৰণি সৃষ্টি অস্ত যায় সেইবাবেতো দেখুৱায় উদয় কেনেকৈ হয়। এয়াও এক কাহিনী -
ৰাজ্য লোৱা আৰু হেৰুওৱা। 5 হাজাৰ বছৰ পূৰ্বে কি আছিল? ক’ব, সূৰ্যবংশীসকলৰ ৰাজত্ব
আছিল। তাৰপাছত চন্দ্ৰবংশীসকলৰ ৰাজ্য স্থাপন হ’ল। তেওঁলোকেতো এজনে আনজনৰ পৰা ৰাজ্য
লয়। দেখুৱায় অমুকৰ পৰা ৰাজ্য ল’লে। তেওঁলোকে কোনো ছিৰিৰ কথা বুজি নাপায়। এয়াতো
পিতাই বুজায় যে তোমালোক সোণালী যুগৰ পৰা ৰূপালী যুগলৈ গ’লা, ছিৰি নামি আহিলা। এয়া
84 জন্মৰ ছিৰি। ছিৰি নামিবলগীয়া হয় আকৌ উঠিবলগীয়াও হয়। পতনৰো ৰহস্য বুজাবলগীয়া হয়।
ভাৰতৰ পতন কিমান সময়, উত্থান কিমান সময়? ভাৰতবাসীৰ পতন আৰু উত্থান। বিচাৰ সাগৰ
মন্থন কৰিবলগীয়া হয়। মনুষ্যক প্ৰলোভনত কেনেকৈ অনা যায় আকৌ নিমন্ত্ৰণো জনাব লাগে।
ভাই-ভনীসকল আহি বুজক। পিতাৰ মহিমাতো প্ৰথমতে বুজাব লাগে। শিৱবাবাৰ মহিমাৰ এখন ফলক
থাকিব লাগে। পতিত-পাৱন জ্ঞানৰ সাগৰ, পৱিত্ৰতা, সুখ-শান্তিৰ সাগৰ, সম্পত্তিৰ সাগৰ,
সকলোৰে সৎগতি দাতা, জগত-পিতা, জগত-শিক্ষক, জগত-গুৰু শিৱবাবাৰ পৰা আহি নিজৰ সূৰ্যবংশী,
চন্দ্ৰবংশী উত্তৰাধিকাৰ লোৱা। তেতিয়া মনুষ্যই পিতাৰ পৰিচয় পাব। পিতাৰ আৰু
শ্ৰীকৃষ্ণৰ মহিমা ভিন্ন ভিন্ন। এয়া তোমালোক সন্তানসকলৰ বুদ্ধিত ধাৰণ হৈছে। যিসকল
সেৱাধাৰী সন্তান আছে তেওঁলোকে গোটেই দিন দৌৰাদৌৰি কৰি থাকে। নিজৰ লৌকিক সেৱা থকা
সত্ত্বেও ছুটী লৈ সেৱাত লাগি যায়। এয়া হয়েই ঈশ্বৰীয় চৰকাৰ। বিশেষকৈ কন্যাসকল যদি এই
সেৱাত লাগি যায় তেন্তে বহুত নাম প্ৰসিদ্ধ কৰিব পাৰে। সেৱাধাৰী সন্তানসকলৰ
প্ৰতিপালনতো বহুত ভালদৰে হৈয়েই থাকে, কিয়নো শিৱবাবাৰ ভঁৰাল ভৰপূৰ। যিটি ভঁৰালৰ পৰা
খোৱা সেই ভঁৰাল ভৰপূৰ, কাল কণ্টক দূৰ।
তোমালোক হৈছা শিৱ বংশী।
তেওঁ হৈছে ৰচয়িতা, এয়া ৰচনা। ‘বাবুল’ নামটি বহুত মিঠা। শিৱ প্ৰিয়তমো হয় নহয় জানো।
শিৱবাবাৰ মহিমাই বেলেগ। নিৰাকাৰ শব্দটি লিখিলে ভাবে যে তেওঁৰ কোনো আকাৰ নাই। আটাইতকৈ
মৰমৰ হৈছে শিৱবাবা – পৰমপ্রিয় বুলিতো লিখিবই লাগে। এই সময়ত তেওঁলোকৰো যুদ্ধক্ষেত্ৰ
আৰু তোমালোকৰো। শিৱ শক্তিসকল অহিংসক বুলি গায়ন কৰা হয়। কিন্তু চিত্ৰবিলাকত দেৱীসকলৰ
হাতত অস্ত্ৰ দি হিংসা দেখুৱাই দিছে। বাস্তৱত তোমালোকে যোগ অথবা স্মৃতিৰ বলেৰে
বিশ্বৰ বাদশ্বাহী লোৱা। অস্ত্ৰসমূহৰ কোনো কথাই নাই। গঙ্গাৰ বহুত প্ৰভাৱ আছে। বহুতৰে
সাক্ষাৎকাৰো হ'ব। ভক্তিমাৰ্গত ভাবে - গঙ্গা জল পালে তেতিয়াহে উদ্ধাৰ হ’ব, সেয়েহে
গুপ্ত গঙ্গা বুলি কৈ থাকে। কয়, বাণ মাৰিলে আৰু গঙ্গা ওলাল। গো-মুখেৰেও গঙ্গা ওলোৱা
দেখুৱায়। তোমালোকে সুধিলে ক’ব গুপ্ত গঙ্গা ওলাই আছে। ত্ৰিবেণীতো সৰস্বতীক গুপ্ত
ৰূপত দেখুৱাইছে। মনুষ্যইতো বহুত কথা ৰচি দিছে। ইয়াততো এটাই কথা। কেৱল ‘অল্ফ’ (পিতা),
বচ্। আল্লাই আহি জন্নত স্থাপন কৰে। খোদাই হেভেন স্থাপন কৰে। ঈশ্বৰে স্বৰ্গ স্থাপন
কৰে। বাস্তৱত ঈশ্বৰতো এজন। ইয়াততো নিজৰ নিজৰ ভাষাত ভিন্ন ভিন্ন নাম ৰাখি দিছে।
কিন্তু এইটো বুজি পায় যে আল্লাৰ পৰা নিশ্চয় স্বৰ্গৰ বাদশ্বাহী পাব। ইয়াততো পিতাই কয়
‘মনমনাভৱ’ (নিজক আত্মা বুলি বুজি মোক পৰমপিতা শিৱক স্মৰণ কৰা)। পিতাক স্মৰণ কৰিলে
উত্তৰাধিকাৰ নিশ্চয় স্মৃতিলৈ আহিব। ৰচয়িতাৰ ৰচনা হয়েই স্বর্গ। এনেকৈ ক’ব জানো যে
ৰামে নৰক ৰচিলে। ভাৰতবাসীয়ে এইটো নাজানে যে নিৰাকাৰ ৰচয়িতা কোন? তোমালোকে জানা যে
নৰকৰ ৰচয়িতা ৰাৱণ, যাক জ্বলায়। ৰাৱণৰাজ্যত ভক্তিমাৰ্গৰ বৃক্ষৰ পুলি কিমান ডাঙৰ।
ৰাৱণৰ ৰূপো ডাঙৰ ভয়ংকৰকৈ সাজিছে। কয়ো যে ৰাৱণ আমাৰ শত্ৰু। পিতাই অৰ্থ বুজাইছে -
বিস্তাৰ বহুত বেছি সেইবাবে ৰাৱণৰ শৰীৰৰো ডাঙৰকৈ সাজে। শিৱবাবাতো বিন্দু হয়। কিন্তু
চিত্ৰ ডাঙৰকৈ সাজি দিছে। নহ’লে বিন্দুৰ পূজা কেনেকৈ হ'ব। পূজাৰীতো হ'ব লাগে নহয়।
আত্মাৰ কাৰণেতো কয় - ভ্ৰূকুটিৰ মাজত তিৰবিৰাই থাকে আচৰিত তৰা। আকৌ কয়, আত্মাই
পৰমাত্মা। তেনহ'লে হাজাৰ সূৰ্যতকৈ অধিক তেজোময় কেনেকৈ হ'ব? আত্মাৰতো বৰ্ণনা কৰে
কিন্তু বুজি নাপায়। যদিহে পৰমাত্মা হাজাৰ সূৰ্যতকৈ তেজোময় হয়, তেন্তে প্ৰত্যেকৰ
মাজত কেনেকৈ প্ৰৱেশ কৰিব? কিমান অযথাৰ্থ কথা, যিবোৰ শুনি কি হৈ গৈছে। এনেকৈ কয় যে
আত্মাই পৰমাত্মা গতিকে পিতাৰ ৰূপো এনেকুৱাই হ'ব নহয়, কিন্তু পূজাৰ কাৰণে ডাঙৰকৈ
সাজিছে। পাথৰৰ কিমান ডাঙৰ ডাঙৰ চিত্ৰ তৈয়াৰ কৰে। যেনেকৈ গুহাত পাণ্ডৱক ডাঙৰ ডাঙৰ
ৰূপত দেখুৱাইছে, একোৱে নাজানে। এয়া হৈছে পঢ়া। বেপাৰ আৰু পঢ়া দু্য়োটা বেলেগ বেলেগ।
বাবাই পঢ়ায়ো আৰু বেপাৰো শিকায়। ফলকতো প্ৰথমে পিতাৰ মহিমা থাকিব লাগে। পিতাৰ
সম্পূৰ্ণ মহিমা লিখিব লাগে। এই কথাবোৰ তোমালোক সন্তানসকলৰ বুদ্ধিত পুৰুষাৰ্থৰ ক্ৰম
অনুসাৰে উদয় হয় সেয়েহে মহাৰথী, অশ্বাৰোহী বুলি কোৱা হয়। অস্ত্ৰ আদিৰ কোনো কথা নাই।
পিতাই বুদ্ধিৰ তলা খুলি দিয়ে। এই গডৰেজৰ তলা কোনেও খুলিব নোৱাৰে। পিতাৰ ওচৰলৈ সাক্ষাৎ
কৰিব আহে তেতিয়া পিতাই সন্তানসকলক সোধে আগতে কেতিয়া লগ পাইছা? এই স্থানত, আজিৰ
দিনটোত কেতিয়া লগ পাইছা? তেতিয়া সন্তানসকলে কয় - হয় বাবা, 5 হাজাৰ বছৰ পূৰ্বে লগ
পাইছিলোঁ। এতিয়া এনেকুৱা কথা কোনেও সুধিব নোৱাৰে। কিমান গূঢ় বুজিবলগীয়া কথা। কিমান
জ্ঞানৰ যুক্তি বাবাই বুজায়। কিন্তু ধাৰণা ক্ৰমানুসৰি হয়। শিৱবাবাৰ মহিমা ভিন্ন,
ব্ৰহ্মা-বিষ্ণু-শঙ্কৰৰ মহিমা ভিন্ন। প্ৰত্যেকৰে ভূমিকা ভিন্ন। এজনৰ ভূমিকা আনজনৰ
লগত নিমিলে। এইখন অনাদি ড্ৰামা। সেয়াই আকৌ পুনৰাবৃত্তি হ'ব। এতিয়া তোমালোকৰ বুদ্ধিত
ধাৰণ হৈছে যে আমি কেনেকৈ মূললোকলৈ যাওঁ আকৌ ভূমিকা পালন কৰিবলৈ আহোঁ। সূক্ষ্মলোক হৈ
মূললোকলৈ যাওঁ। আহিবৰ সময়ত সূক্ষ্মলোক নাথাকে। সূক্ষ্মলোকৰ সাক্ষাৎকাৰ কেতিয়াও কাৰো
নহয়েই। সূক্ষ্মলোকৰ সাক্ষাৎকাৰ কৰিবলৈ কোনেও তপস্যা নকৰে কিয়নো তাক কোনেও নাজানেই।
সূক্ষ্মলোকৰ কোনোবা ভক্ত থাকিব জানো। সূক্ষ্মলোক এতিয়া ৰচনা কৰে সূক্ষ্মলোক হৈ
মূললোকলৈ গৈ আকৌ নতুন সৃষ্টিলৈ আহিবা। এই সময়ত তোমালোক তালৈ অহা-যোৱা কৰি থাকা।
তোমালোকৰ বাগদান হৈছে, এয়া মা-পিতাৰ ঘৰ। বিষ্ণুক পিতা বুলি কোৱা নহয়। সেয়া হৈছে
শহুৰৰ ঘৰ। যেতিয়া কইনা শহুৰৰ ঘৰলৈ যায় তেতিয়া পুৰণা কাপোৰ আদি সকলো এৰি থৈ যায়।
তোমালোকে পুৰণি সৃষ্টিকে এৰি দিয়া। তোমালোকৰ আৰু তেওঁলোকৰ বনবাসৰ মাজত কিমান
পাৰ্থক্য আছে। তোমালোকো বহুত অনাসক্ত হৈ থাকিব লাগে। দেহ-অভিমান ত্যাগ কৰিব লাগে।
বেছি দামী শাৰী পিন্ধিলে তৎক্ষণাৎ দেহ-অভিমান আহি যাব। মই আত্মা, এইটো পাহৰি যাবা।
এই সময়ত তোমালোক আছাই বনবাসত। বনবাস আৰু বানপ্ৰস্থ একে কথা। শৰীৰেই ত্যাগ কৰিব লাগে
তেন্তে শাৰী ত্যাগ নকৰিবানে! সাধাৰণ শাৰী পালে অন্তৰে মানি নলয়। এই ক্ষেত্ৰততো
আনন্দিত হোৱা উচিত – ভালেই হ’ল যে সাধাৰণ শাৰী পালোঁ। ভাল বস্তুৰতো তত্ত্বাৱধান
ল’বলগীয়া হয়। এই পিন্ধা, খোৱাৰ সৰু সৰু কথায়ো উচ্চ লক্ষ্যত উপনীত হোৱাত বাধা প্ৰদান
কৰে। লক্ষ্য বহুত উচ্চ। আখ্যানতো শুনায় নহয় যে স্বামীক কলে - এই লাখুটিডালো এৰি দিয়া।
পিতাই কয় - এই পুৰণি কাপোৰ, পুৰণি সৃষ্টি সকলো নাশ হৈ যাব, সেয়েহে এই গোটেই সৃষ্টিৰ
পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি দিব লাগে, ইয়াক বেহদৰ সন্ন্যাস বুলি কোৱা হয়।
সন্ন্যাসীসকলেতো হদৰ সন্ন্যাস কৰিছে এতিয়াতো আকৌ তেওঁলোক ভিতৰলৈ (চহৰলৈ) আহি গৈছে।
আগতেতো তেওঁলোকৰ বহুত শক্তি আছিল। অধোগামী হোৱাসকলৰ কি মহিমা হ'ব পাৰে। নতুন নতুন
আত্মাসকলো ভূমিকা পালন কৰিবলৈ অন্তিমলৈকে আহি থাকে, তেওঁলোকৰ কি শক্তি থাকিব।
তোমালোকেতো পূৰা 84 জন্ম লোৱা। এই সকলোবোৰ বুজিবলৈ কিমান ভাল বুদ্ধি লাগে। সেৱাধাৰী
সন্তানসকল সেৱা কৰিবলৈ উৎসাহিত হৈ থাকিব। জ্ঞান সাগৰৰ সন্তানে এনেকৈ উৎসাহেৰে ভাষণ
দিব লাগে যেনেকৈ পিতাই দিয়ে, এই ক্ষেত্ৰত হতাশ হ'ব নালাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বুদ্ধিৰে
বেহদৰ সন্ন্যাস কৰিব লাগে। ঘৰলৈ উভটি যোৱাৰ সময় সেয়েহে পুৰণি সৃষ্টি আৰু পুৰণা
শৰীৰৰ প্ৰতি অনাসক্ত হৈ থাকিব লাগে।
(2) ড্ৰামাৰ প্রতিটো
দৃশ্য প্ৰত্যক্ষ কৰি সদায় হৰ্ষিত হৈ থাকিব লাগে।
বৰদান:
বাপদাদাক নিজৰ
সংগী বুলি বুজি দুগুণ শক্তিৰে কাৰ্য কৰোঁতা সহজযোগী হোৱা
যিকোনো কাৰ্য কৰোঁতে
বাপদাদাক নিজৰ সংগী কৰি লোৱা তেতিয়া দুগুণ শক্তিৰে কাৰ্য হ'ব আৰু স্মৃতিও বহুত সহজে
থাকিব কিয়নো যিজন সদায় লগত থাকে তেওঁৰ স্মৃতি স্বতঃ থাকে। গতিকে এনেকুৱা সংগী থাকিলে
বা বুদ্ধিৰ দ্বাৰা নিৰন্তৰ সত্যৰ সংগ ল’লে সহজযোগী হৈ যাবা আৰু শক্তিশালী সংগ হোৱাৰ
কাৰণে প্ৰতিটো কৰ্তব্যত তোমালোকৰ দুগুণ শক্তি থাকিব, যাৰ দ্বাৰা প্ৰতিটো কাৰ্যত
সফলতাৰ অনুভূতি হ'ব।
স্লোগান:
মহাৰথী তেওঁ যি কেতিয়াও মায়াৰ প্ৰভাৱত পৰৰ বশৱৰ্তী নহয়।
অব্যক্ত ইংগিত: মহান
হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা
মধুৰতা হ’ল ব্ৰাহ্মণ
জীৱনৰ মহানতা। য’ত মধুৰতা থাকে, ত’ত পৱিত্ৰতাও থাকে। পৱিত্ৰতা অবিহনে মধুৰতা আহিব
নোৱাৰে। বুদ্ধিত যিমান জ্ঞানৰ নিচা থাকিব, কৰ্মত সিমানেই নম্ৰতা আৰু বাণীত মধুৰতা
থাকিব লাগে। এনে নিচাত থাকিলে কেতিয়াও লোকচান নহ’ব। সিদ্ধি লাভ কৰাসকলে নিজক
নম্ৰচিত্ত, নিৰহংকাৰী, প্ৰতিটো কথাত নিজক গুণগ্ৰাহী আৰু মধুৰতা সম্পন্ন কৰি গঢ়ি
তুলিব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]