10.05.26    Avyakt Bapdada     Assame Murli     30.01.2010     Om Shanti     Madhuban


“*“চাৰিওটা বিষয়তে স্বমানৰ অনুভৱী স্বৰূপ হৈ অনুভৱৰ কৰ্তৃত্ব কাৰ্যত লগোৱা”*”


আজি ব্ৰাহ্মণ সংসাৰৰ ৰচয়িতা বাপদাদাই নিজৰ চাৰিওফালৰ ব্ৰাহ্মণ সংসাৰ চাই আছেহঁক। প্ৰতিগৰাকী ব্ৰাহ্মণেই গোটেই সংসাৰত বিশেষ আত্মা। কোটিৰ মাজত কোনোবা, কাৰণ সাধাৰণ তনত অহা পিতাক চিনি ল’লে। বাপদাদায়ো অন্তৰত সমাহিত হোৱা সন্তানসকলক অন্তৰেৰে অন্তৰৰ মৰম যাচি আছে। প্ৰত্যেক সন্তানে নিজক এনেকৈ পিতাৰ মৰমৰ, অন্তৰত পিতা সমাহিত হৈ থকাৰ অনুভৱ কৰানে! পিতাৰ বাবে প্ৰতিগৰাকী সন্তান অতি মৰমৰ, সকলোৰে প্ৰিয়। তোমালোক সকলো সন্তানৰ সকলো আত্মাৰ প্ৰতি প্ৰত্যাহ্বান এইটোৱেই যে আমি যোগী জীৱন ধাৰণ কৰোঁতা। কেৱল যোগ লগাওঁতা নহয়, যোগী জীৱন ধাৰণ কৰোঁতা। জীৱন দুই-চাৰি ঘণ্টাৰ নহয়। জীৱন সদাকালৰ বাবে। গতিকে চলোঁতে-ফুৰোঁতে, কৰ্ম কৰোঁতে যোগী জীৱন ধাৰণ কৰাসকল নিৰন্তৰ যোগী হয়। যোগত বহিয়েই হওক বা যিকোনো কৰ্ম কৰি থাকিয়েই হওক, কৰ্মযোগী হয়। জীৱনৰ লক্ষ্যই হ’ল সদা যোগী। এনেকৈ নিজৰ যোগী জীৱন, স্বাভাৱিক জীৱন বুলি অনুভৱ কৰেনে? বাপদাদাই প্ৰত্যেক সন্তানৰ মস্তকত জিলিকি থকা ভাগ্যক চায়। কি দেখিবলৈ পাওঁ? মোৰ প্ৰতিগৰাকী সন্তান স্বমানধাৰী, স্বৰাজ্য অধিকাৰী। কিয়? য’ত স্বমান থাকে, ত’ত দেহবোধ আহিব নোৱাৰে। আদিৰ পৰা অন্তলৈকে, এতিয়ালৈকে বাপদাদাই প্ৰতিগৰাকী সন্তানক ভিন্ন ভিন্ন স্বমান দিছে। যদি এতিয়াও স্বমানবোৰ স্মৃতিলৈ আনা আৰু এটি এটি স্বমানৰ মালা জপ কৰি যোৱা তেন্তে অনেক স্বমানৰ স্বৰূপ হৈ স্বমানত স্নেহসহিত লীন হৈ যাবা। কিন্তু বাপদাদাৰ সন্তানসকলৰ এটা কথা এতিয়ালৈকে ভাল নালাগে, সেইটো কি জানানে? যেতিয়া কোনো সন্তানে কয় যে স্বমানত স্থিৰ হ’বলৈ মোৰ কেতিয়াবা কেতিয়াবা পৰিশ্ৰম হয়, বিচাৰোঁ কিন্তু কেতিয়াবা পৰিশ্ৰম হয়, তেতিয়া সৰ্বশক্তিমান পিতাই সন্তানৰ পৰিশ্ৰম চাব নোৱাৰে, কাৰণ য’ত প্ৰেম থাকে ত’ত পৰিশ্ৰম নাথাকে। য’ত পৰিশ্ৰম আছে, ত’ত প্ৰেমৰ অভাৱ আছে।

আজি অমৃতবেলা বাপদাদাই দেশ আৰু বিদেশৰ চাৰিওফালৰ ব্ৰাহ্মণসকলৰ ফালে পৰিক্ৰমা লগাইছিল, তেতিয়া কি দেখিলে? কোনো কোনো সন্তান স্বমানত বহি আছে, ভাবি আছে যে মই বাপদাদাৰ অন্তৰ সিংহাসনত অধিষ্ঠিত হৈ আছোঁ, ভাবিও আছে, স্বমানত স্থিৰ হোৱাৰ পুৰুষাৰ্থও কৰি আছে, কিন্তু অভাৱ কি দেখিলে? স্বমান স্মৃতিত আছে, ভাবি আছে, কিন্তু স্বমান স্বৰূপ হৈ, অনুভৱী মূৰ্ত হৈ অনুভৱৰ কৰ্তৃত্ব স্বৰূপ হোৱাত অভাৱ দেখা গ’ল কিয়নো কৰ্তৃত্বতো বহুত আছে, কিন্তু আটাইতকৈ ডাঙৰ কৰ্তৃত্ব হ’ল অনুভৱৰ কৰ্তৃত্ব আৰু এই স্বমানৰ অনুভূতি সৰ্বশক্তিমান হৰ্তা-কৰ্তাই দিছে। গতিকে পৰিশ্ৰম কৰি আছে কিন্তু অনুভৱ স্বৰূপ হোৱা নাই। গতিকে বাপদাদাই এয়া দেখিলে যে বহে, ভাবেও, কিন্তু অনুভৱ স্বৰূপ কোনো কোনোহে হৈছে। অনুভৱত কোনো ধৰণৰ দেহ অভিমানে নিজৰ ফালে অলপো আকৰ্ষণ কৰিব নোৱাৰে। গতিকে অনুভৱ স্বৰূপ হৈ যোৱা, কৰ্ম কৰিও কৰ্মযোগীৰ অনুভৱ স্বৰূপত মগন হৈ যোৱা— ইয়াৰ এতিয়া অধিক আৱশ্যকতা আছে। স্বৰূপত স্থিৰ হৈ যোৱা, প্ৰতিটো কথাত, প্ৰতিটো বিষয়ত অনুভৱী স্বৰূপ হোৱা, জ্ঞান, যোগ, ধাৰণা আৰু সেৱা— চাৰিওটা বিষয়তে অনুভৱ স্বৰূপ হ’ব লাগে। অনুভৱীক মায়াই লৰচৰ কৰিব নোৱাৰে, সেইবাবেই বাপদাদাই আজি সকলো সন্তানক অনুভৱী স্বৰূপত চাব বিচাৰে। শুনা আৰু ভবাৰ মাজত পাৰ্থক্য আছে, কিন্তু অনুভৱ স্বৰূপ হোৱা, যি ভাবিলা, যিটো স্বমানত স্থিৰ হ’ব বিচৰা, তাৰ অনুভৱ স্বৰূপত স্থিৰ হৈ যোৱা। অনুভৱীক কোনেও লৰচৰ কৰিব নোৱাৰে, কাৰণ স্বমান আৰু দেহবোধ— য’ত স্বমান স্বৰূপ আছে, স্বমানৰ অনুভৱত স্থিৰ হৈ আছে, ত’ত দেহবোধ আহিব নোৱাৰে। যেনেকৈ চোৱা অন্ধকাৰ আছে, কিন্তু তোমালোকে পোহৰৰ বুটাম সক্ৰিয় কৰিলে তেতিয়া অন্ধকাৰ আপোনাআপুনি নাইকিয়া হৈ যায়। অন্ধকাৰ নাইকিয়া কৰাত, অন্ধকাৰ দূৰ কৰাত পৰিশ্ৰম কৰিবলগীয়া নহয়। তেনেকৈয়ে যেতিয়া স্বমানৰ আসনত অনুভৱৰ বুটাম সক্ৰিয় কৰা হয়, তেতিয়া যিকোনো ধৰণৰ দেহবোধ, ভিন্ন ভিন্ন প্ৰকাৰৰ দেহবোধ আছে আৰু ভিন্ন ভিন্ন প্ৰকাৰৰ পিতাই স্বমানো দিছে। স্বমানবোৰ জানা, পুৰুষাৰ্থও কৰা কিন্তু অনুভৱৰ পুৰুষাৰ্থ কৰা আৰু অনুভৱী স্বৰূপ হোৱাৰ মাজত পাৰ্থক্য আছে, সেইবাবেই পৰিশ্ৰম কৰিবলগীয়া হয়। গতিকে বাপদাদাই এতিয়া সময় অনুসৰি পিতাৰ সমান হোৱাৰ লক্ষ্য সম্পূৰ্ণ কৰাৰ সময়ত এই পৰিশ্ৰম কৰাটো ভাল নালাগে। প্ৰত্যেকে নিজক পৰীক্ষা কৰা যে মই কৰ্মযোগী জীৱন ধাৰণ কৰোঁতা হওঁনে? জীৱন স্বাভাৱিক আৰু সদাকালৰ হয়, কেতিয়াবা কেতিয়াবা নহয়। এনেকুৱা অনুভৱী স্বৰূপ হোৱা, যোগী জীৱনৰ যি লক্ষ্য, অনুভৱী মূৰ্ত হোৱাৰ যি লক্ষ্য — সেই লক্ষ্য সম্পন্ন হৈছেনে? সদায় মস্তকৰ পৰা জিলিকি থকা জ্যোতি নিজৰো অনুভৱ হওক, নিজেও সেই স্বৰূপত স্থিৰ হোৱা, স্মৃতি স্বৰূপ হোৱা, স্মৰণ কৰোঁতা নহয়, স্মৃতি স্বৰূপ হোৱা। আৰু স্মৃতি স্বৰূপ হোৱা নে নোহোৱা, তাৰ প্ৰমাণ এইটোৱেই যে য’ত স্মৃতিৰ অনুভৱী স্বৰূপ আছে, ত’ত নিজৰ মাজত সামৰ্থ্য প্ৰতিটো কাৰ্য কৰি থাকোতেও অনুভৱ হ’ব। কাৰ্য ভিন্ন ভিন্ন হ’ব, কিন্তু অনুভৱ স্বৰূপৰ স্থিতি যাতে ভিন্ন ভিন্ন নহয়।

আজি বাপদাদাই দেখিলে যে পৰিশ্ৰম কিয় কৰিবলগীয়া হয়? অনুভৱ স্বৰূপ হোৱাত পুৰুষাৰ্থ ক্ৰমানুসৰি দেখিলে। বাপদাদাৰ প্ৰতিগৰাকী সন্তানৰ প্ৰতি গভীৰ আন্তৰিক মৰম আছে, গতিকে মৰম থকাসকলৰ পৰিশ্ৰম চাব নোৱাৰি। যিকোনো বিষয়তে পৰিশ্ৰম কৰিবলগীয়া হয়, "কেতিয়াবা কেতিয়াবা" শব্দ ব্যৱহাৰ কৰিবলগীয়া হয়— ইয়াৰ কাৰণ হ’ল অনুভৱী স্বৰূপ হোৱাত অভাৱ। পুৰুষাৰ্থী হয়, কিন্তু স্বৰূপ হোৱা নাই। এক ছেকেণ্ডত চাৰিওটা বিষয়তে নিজৰ স্বমানৰ অনুভৱী স্বৰূপৰ অনুভূতি হ’ব লাগে, যাতে দেহ-অভিমান ওচৰলৈ আহিব নোৱাৰে। যেনেকৈ পোহৰৰ আগত অন্ধকাৰ থাকিব নোৱাৰে। আঁতৰাবলগীয়া নহয়, স্বাভাৱিকতে য’ত অন্ধকাৰ আছে ত’ত পোহৰ কম বা নাই। গতিকে আটাইতকৈ ডাঙৰ কৰ্তৃত্ব অনুভৱ বুলি কোৱা হয়। অনুভৱ হাজাৰ হাজাৰ লোকে সলনি কৰিব বিচাৰিলেও সলাব নোৱাৰে। যেনেকৈ তোমালোক সকলোৱে চেনিৰ অনুভৱ কৰি দেখিছা যে চেনি মিঠা, যদি হাজাৰ হাজাৰ লোকে তোমালোকক সলনি কৰিব বিচাৰে, সলনি কৰিব পাৰিবনে? গতিকে যিবোৰ বিষয় আছে— জ্ঞানৰ, যোগৰ, ধাৰণাৰ বা সেৱাৰ — চাৰিটাৰ ভিতৰত যিকোনো এটাতো যদি পৰিশ্ৰম হয়, তেন্তে নিশ্চয় অনুভৱৰ অভাৱ আছে। সেৱাৰ সফলতাত, ধাৰণাত স্বভাৱ-সংস্কাৰ পৰিৱৰ্তনৰ, যোগতো অচল হৈ থকাৰ, যোগী জীৱনৰ অনুভূতি কৰাৰ ক্ষেত্ৰত য’ত পৰিশ্ৰম হয় বা ‘কেতিয়াবা’ ‘কেতিয়াবা’ বুলি কোৱা, ইয়াৰ অৰ্থ হ’ল সেই বিষয়টিত তোমালোক অনুভৱী মূৰ্ত হোৱা নাই। অনুভৱ কেতিয়াবা কেতিয়াবা নহয়, ই এক স্বভাৱসিদ্ধ স্বভাৱ। গতিকে এতিয়া শুনিলা পৰিশ্ৰম কৰাৰ কাৰণ কি? তোমালোকৰ অনুভৱ হ’ব যে যি সময়ত অনুভৱৰ আসনত স্থিৰ হোৱা, যিকোনো বৰদানৰ স্বৰূপত অনুভৱী হৈ অনুভৱ কৰা, সেই সময়ত পৰিশ্ৰম কৰিবলগীয়া নহয়, স্বাভাৱিকভাৱে অনুভূতি হয়। সেইবাবে এতিয়া সময় অনুসৰি সকলো অকস্মাত হ’ব। আগতীয়াকৈ জনাই নহ’ব। যেনেকৈ এতিয়া প্ৰকৃতিৰ ঘটনাবোৰত অকস্মাত হোৱাৰ খেল চলি আছে, এতিয়া আৰম্ভ হৈছে। নতুন নতুন কথা অকস্মাত হৈ আছে, যেনে ভূমিকম্প হ’ল, অলপ সময়তে লাখ লাখ আত্মা গুচি গ’ল, তেওঁলোকে জানো জানিছিল যে কাইলৈ আমি থাকিম নে নাথাকিম? এনেকৈ বহুত দুৰ্ঘটনা ভিন্ন ভিন্ন স্থানত অকস্মাত হোৱা আৰম্ভ হৈ গৈছে। একেলগে একে সময়তে বহুত আত্মাৰ টিকট কাটি আছে, এনে সময়ত তোমালোক সদাপ্ৰস্তুত হোৱানে? এনেকৈতো নোকোৱা যে পুৰুষাৰ্থ কৰি আছোঁ? সদাপ্ৰস্তুত অৰ্থাৎ যিকোনো বৰদান বা স্বমানৰ সংকল্প কৰিলা আৰু স্বৰূপ হ’লা সেইবাবে বাপদাদাই আজি এই কথাটিৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰাই আছে যে যিকোনো বৰদান ফলপ্ৰসূ কৰি বৰদান বা স্বমান স্বৰূপৰ অনুভৱী হ’ব পাৰানে? হ’বই লাগিব। "চেষ্টা কৰি আছোঁ"— যদি চেষ্টাও কৰিব লাগে তেন্তে এতিয়াৰ পৰাই, কিয়নো বহুত সময়ৰ অভ্যাসে সময়ত সহায় কৰিব। পুৰুষাৰ্থী নহয়, অনুভৱী কিয়নো অনুভৱৰ কৰ্তৃত্ব তোমালোক সকলোকে সৰ্বশক্তিমান হৰ্তা-কৰ্তাই দিছে। যেনেকৈ দেহবোধৰ অনুভৱী হোৱা, তেতিয়া জানো দেহবোধ স্মৃতিলৈ আনিবলগীয়া হয় যে মই অমুক! তোমালোকৰ দেহৰ নাম দিয়া হৈছে, তেন্তে দেহবোধ আহি গ’ল নহয় যে মই অমুক। যদি হাজাৰ হাজাৰ লোকেও তোমালোকক কয় যে আপুনি অমুক নহয়, আপুনি এয়াহে, নাম সলনি কৰি কয়, তোমালোকে মানিবানে? নিজৰ নাম পাহৰিবানে? জন্ম হোৱাৰ লগে লগে যি নাম পালা, সেই দেহবোধ কিমান দৃঢ় আৰু স্বাভাৱিক হৈ থাকে। আন কাৰোবাকো যদি তোমাৰ নামেৰে মাতে, তোমাক মতা নাই কিন্তু তোমাৰ নামধাৰীজনক মাতি আছে, তোমাৰ কাণে নামটো শুনিলেই ধ্যান যাব যে মোক মাতিছে। গতিকে দেহবোধ ইমান দৃঢ় হৈ গৈছে। এনেকৈ দেহী অভিমানী, স্বমানধাৰী, স্বৰাজ্য অধিকাৰী ইমান দৃঢ় হওক। তোমালোকে কোৱা নহয়, আমাৰ জীৱনৰ পৰিৱৰ্তন হৈছে, তেন্তে পৰিৱৰ্তন কি কৰিলা? দেহবোধৰ পৰা স্বমান, স্বৰাজ্য অধিকাৰী হ’লানে। গতিকে পৰীক্ষা কৰা— জ্ঞান স্বৰূপ হৈছোঁনে? নে জ্ঞান শুনোঁতা আৰু শুনাওঁতা হৈছোঁ? জ্ঞান মানে হ’ল ‘ন’লেজ’, ‘ন’লেজ’ৰ ব্যৱহাৰিক ৰূপ হ’ল— ‘ন’লেজ’ক কোৱা হয় ‘ন’লেজ’ হৈছে ‘লাইট’, ‘ন’লেজ’ হৈছে ‘মাইট’, গতিকে জ্ঞান স্বৰূপ হোৱা মানে যিয়েই কৰ্ম কৰিবা সেয়া ‘লাইট’ আৰু ‘মাইট’ যুক্ত হ’ব। যথাৰ্থ হ’ব। ইয়াক জ্ঞান স্বৰূপ হোৱা বুলি কোৱা হয়। জ্ঞান শুনাওঁতা নহয়, জ্ঞান স্বৰূপ হোৱা। যোগ স্বৰূপৰ অৰ্থ হ’ল কৰ্মেন্দ্ৰিয়জিৎ হোৱা। প্ৰতিটো কৰ্মেন্দ্ৰিয়ৰ ওপৰত স্বৰাজ্যধাৰী। ইয়াক কোৱা হয় যোগ অৰ্থাৎ যুক্তিযুক্ত জীৱন। এনেকৈ যদি জ্ঞান-যোগৰ স্বৰূপ হোৱা, তেন্তে প্ৰতিটো গুণৰ ধাৰণা স্বতঃ হ’ব। য’ত জ্ঞান, যোগ আছে, যোগযুক্ত অৱস্থা আছে, ত’ত গুণৰ ধাৰণা স্বতঃ হ’ব। সেৱা সকলো সময়ত স্বতঃ হ’ব। সময় অনুসৰি লাগিলে মনৰ দ্বাৰা সেৱা কৰা, বাণীৰ দ্বাৰা কৰা, কৰ্মৰ দ্বাৰা কৰা বা স্নেহ-সম্বন্ধৰ দ্বাৰা কৰা— সেৱাও সকলো সময়ত অখণ্ডভাৱে চলি থাকিব। সম্বন্ধ-সম্পৰ্কতো সেৱা হয়। ধৰি লোৱা তোমাৰ কোনোবা ভাই বা ভনী ব্ৰাহ্মণ পৰিয়ালত অলপ হতাশ হৈ আছে, পুৰুষাৰ্থত অলপ ভোদা, কোনো সংস্কাৰৰ বশ হৈ আছে— এনে সম্পৰ্কৰ আত্মাক তোমালোকে উৎসাহ-উদ্দীপনা যুগালা, সহযোগ দিলা, স্নেহ দিলা— এয়াও তোমালোকৰ সেৱাৰ পুণ্য জমা হয়। অৱনমিত হোৱাজনৰ উৎকৰ্ষ সাধন কৰা - এয়া পুণ্য বুলি কোৱা হয়। গতিকে সম্বন্ধ আৰু সম্পৰ্কতো সেৱা কৰা - এয়া প্ৰকৃত সেৱাধাৰীৰ কৰ্তব্য। সেৱা পালে বা সেৱা দিলেহে সেৱা হয়, তেনে নহয়। স্বয়ং মন, বাণী, কৰ্ম আৰু সম্বন্ধ-সম্পৰ্কত যাতে সেৱা স্বতঃ হৈ থাকে। বহুবাৰ বাপদাদাই দেখিছে যে সম্পৰ্কত কোনো কোনো সন্তানে দেখেও যে এওঁৰ স্বভাৱ-সংস্কাৰ অলপ যেনেকুৱা হ’ব লাগে সেয়া নহয়, কিন্তু এওঁতো হয়েই এনেকুৱা, এওঁ সলনি নহয়, এওঁৰ সেৱা কৰাটো সময় নষ্ট কৰা— এনে সংকল্প কৰাটো জানো যথাৰ্থ? যিহেতু তোমালোকে মানি লোৱা যে আমি প্ৰকৃতিকো সতোপ্ৰধান কৰি তোলোঁতা, প্ৰকৃতিক আৰু তেওঁ হ’ল মনুষ্য আত্মা, ব্ৰাহ্মণ বুলি কয় কিন্তু সংস্কাৰৰ বশ হৈ আছে— যিহেতু প্ৰকৃতিৰ সংস্কাৰ সলনি কৰাৰ প্ৰত্যাহ্বান জনাইছা, তেন্তে তেওঁতো প্ৰকৃতি পৰা পুৰুষ, আত্মা হয়। তোমালোকৰ সম্বন্ধত আছে। গতিকে এজন প্ৰকৃত সেৱাধাৰীয়ে নিজৰ সেৱাৰ পুণ্য অৰ্জন কৰিবলৈ শুভ ভাৱনা অৱশ্যে ৰাখিব। "এওঁতো হয়েই এনেকুৱা, এওঁ সলনি হ’বই নোৱাৰে"— এয়া শুভ ভাৱনা নহয়, এয়া সূক্ষ্ম ঘৃণাৰ ভাৱনা। তথাপিও নিজৰ ভাই-ভনী, তথাপিও “মোৰ বাবা” বুলিতো কয় নহয়! গতিকে প্ৰকৃত সেৱাধাৰীয়ে শুভ ভাৱনা দিয়াৰ সেৱাতো পুণ্য অৰ্জন কৰিব। অৱনমিত হোৱাজনক অৱনমিত কৰিব নালাগে, উৎকৰ্ষ সাধন কৰিবা। সহযোগ দিবা— ইয়াক প্ৰকৃত সেৱাধাৰী, পুণ্য আত্মা বুলি কোৱা হ’ব। গতিকে এনেকৈ নিজক পৰীক্ষা কৰা যে ইমান সেৱাৰ উৎসাহ-উদ্দীপনা আছেনে? ইয়াক কোৱা হয় অনুভৱৰ কৰ্তৃত্বশীল। গতিকে এতিয়া বাপদাদাই এয়াই বিচাৰে— অনুভৱী মূৰ্তি হোৱা, অনুভৱৰ কৰ্তৃত্ব কাৰ্যত লগোৱা।

চাৰিওটা বিষয়তে যিসকলে নিজক অনুভৱী স্বৰূপ কৰি অনুভৱৰ কৰ্তৃত্ব কাৰ্যত লগাব, যি অভাৱ আছে সেয়া সম্পন্ন কৰিব, নিজৰ ওপৰত ইমান মনোযোগ দিব তেওঁলোকে হাত দাঙা। মনৰ হাত দাঙি আছা নহয়! শৰীৰৰ হাত নহয়, মনৰ হাত দাঙা। মনৰ হাত দাঙিবা কাৰণ বাপদাদাই শিৱৰাত্ৰিত ফলাফল চাব। কাৰোবাৰ অভাৱৰ সংস্কাৰে যাতে মনত নিজৰ শুভ ভাৱনা কম নকৰে। তেওঁৰ সংস্কাৰতো ঢিলা কিন্তু তেওঁ ইমানতো শক্তিশালী যে তোমাৰ শুভ ভাৱনা কম কৰি দিয়ে সেইবাবে যেনেকৈ পিতা ব্ৰহ্মাই কি দেখা নাছিল, কি কৰা নাছিল— দায়ৱদ্ধ হৈও শেষত শুভ ভাৱনা, শুভ কামনাৰ তিনিটা শব্দ সকলোকে শিক্ষা দি গ’ল। স্মৃতিত আছে নহয়! তিনিটা শব্দ স্মৃতিত আছে নহয়! নিজেও নিৰাকাৰী, নিৰহংকাৰী, নিৰ্বিকাৰী— এইটো স্থিতিত অব্যক্ত হ’ল। কাকোৱে কৰ্মভোগৰ অনুভৱ হ’বলৈ নিদিলে, কোনে বুজিলে যে কৰ্মভোগ সমাপ্ত হৈছে আছে! কি হৈ গ’ল? অব্যক্ত হৈ গ’ল। এনেকৈ পিতা ব্ৰহ্মাৰ দৰে "ফৰিস্তা হোৱা"ৰ বৰদান, যিটো পিতাই কৰি দেখুৱালে— পিতা ব্ৰহ্মাক অনুসৰণ কৰা। যেনেকৈ তোমালোকে কোৱা "মোৰ বাবা", তেন্তে পিতাই কি কয়? "মোৰ সন্তান"। এনে শুভ ভাৱনা পৰস্পৰ পৰিয়ালৰ মাজতো থকা আৱশ্যক। স্বভাৱ নাচাবা, পিতাই জানে যে ভাৱ-স্বভাৱ আছে, কিন্তু ভাৱ-স্বভাৱে যাতে মৰম শেষ নকৰে, সম্বন্ধ শেষ নকৰে, কাৰ্য সফল কমকৈ কৰিব— এয়া ঠিক নহয়। পৰিয়াল হয়। কেনেকুৱা পৰিয়াল? প্ৰভু পৰিয়াল, পৰমাত্ম পৰিয়াল। ইয়াত কোনো কাৰণতে মৰমৰ অভাৱ হ’ব নালাগে। মৰম মানে শুভ ভাৱনা যাতে অৱশ্যে থাকে। যেনেকুৱাই নহওক, পৰমাত্ম পৰিয়াল হয়। যিয়ে মানিলে যে মই প্ৰভু পৰিয়ালৰ হওঁ, তেন্তে পৰিয়াল মানেই মৰম। যদি পৰিয়ালত মৰম নাই তেন্তে সেয়া পৰিয়াল নহয়। এই পৰমাত্ম পৰিয়াল এজনৰ আৰু এক সময়তেই হয়— ইমান ডাঙৰ পৰিয়াল পৰমাত্মাৰ বাহিৰে আন কাৰো থাকিবই নোৱাৰে। গতিকে পৰীক্ষা কৰিবা, কাৰণ ইয়ো পুৰুষাৰ্থত বাধা জন্মায়। গতিকে যেতিয়া বিঘিনি মুক্ত হ’বা, তেতিয়াহে অনুভৱী হৈ অনুভৱৰ কৰ্তৃত্বৰ দ্বাৰা সকলোকে অনুভৱী কৰিবা। বাৰু।

চাৰিওফালৰ সন্তানসকলক বাপদাদাই চাই চাই আনন্দিত হৈ গীত গাইছে— "বাঃ! সন্তান বাঃ!" প্ৰতিগৰাকী সন্তানৰ অন্তৰত পিতা আছে আৰু পিতাৰ অন্তৰত প্ৰতিগৰাকী সন্তান আছে। আৰু ইয়াত ইমানবোৰ মধুবন নিবাসীৰ পৰিয়াল দেখিও আনন্দিত হয়— বাঃ! মধুবন বাঃ!" সকলোৰে আশ্ৰয়স্থল মধুবন হয়েই, সেইবাবেই মধুবনলৈ লৰি আহে। এতিয়া পিতাৰ যি আশা আছে সেয়া অতি সোনকালে পূৰ্ণ কৰিব লাগে। চাৰিওটা বিষয়তে অনুভৱী স্বৰূপ হ’বই লাগে। বাপদাদাই দেশ-বিদেশৰ চাৰিওফালৰ সন্তানসকল য’তেই বহি চাই আছে, সকলোৱে কেনেকৈ চাই চাই হৰ্ষিত হৈ আছে। এই সাধন, এই বিজ্ঞান এই সময়তে উন্নতিৰ ফালে গৈ আছে, নতুন নতুন উদ্ভাৱন বিশ্বৰ বাবে কিন্তু তোমালোকৰ লাভৰ বাবে ভাল ভাল সাধন উলিয়াই আছে। দূৰৈত থাকিও লগত আছে। গতিকে বিজ্ঞানৰ লোকসকলকো ধন্যবাদ যিসকলে এনে সাধন তৈয়াৰ কৰিছে। বাৰু। দেশ-বিদেশৰ সকলো সন্তানে বহুত বহুত আন্তৰিক মৰম আৰু স্মৃতি স্বীকাৰ কৰিবা আৰু বিশেষকৈ এনেকুৱা বিশেষ সন্তানসকলক নমস্কাৰ।

বৰদান:
জ্ঞানৰ কিৰণৰ দ্বাৰা পুৰুষাৰ্থৰ মাৰ্গ সহজ আৰু স্পষ্ট কৰোঁতা ফৰিস্তা স্বৰূপ হোৱা

ফৰিস্তাৰ জীৱনত কিৰণ আৰু শক্তি - দুয়োটা স্পষ্টকৈ দৃষ্টিগোচৰ হয়। কিন্তু কিৰণ আৰু শক্তি ৰূপ হ’বলৈ মনন কৰা আৰু সহ্য কৰাৰ শক্তি লাগে। মনৰ বাবে মনন শক্তি আৰু বাণী, কৰ্মৰ বাবে সহন শক্তি ধাৰণ কৰা, তেতিয়া যি শব্দ ক’বা, কৰ্ম কৰিবা সেয়া সেই অনুযায়ী হ’ব। যদি এই দুয়োটা শক্তি থাকে তেন্তে প্ৰত্যেকৰে বাবে পুৰুষাৰ্থৰ মাৰ্গ সহজ আৰু স্পষ্ট হৈ যাব।

স্লোগান:
ব্যৰ্থ কথা কোৱা অৰ্থাৎ অনেকক অশান্ত কৰা।

অব্যক্ত ইংগিত: সদায় অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা

তোমালোক সন্তানসকল হৈছা মাষ্টৰ প্ৰকৃতি-পতি, এই প্ৰকৃতিৰ খেল দেখি আনন্দিত হৈ থাকা। লাগিলে প্ৰকৃতি অস্থিৰ হওক বা প্ৰকৃতিয়ে সুন্দৰ খেলেই দেখুৱাওক— দুয়োটাতে প্ৰকৃতি-পতি আত্মাসকলে সাক্ষী হৈ খেল চায় আৰু খেলত মজা লয়, ভয়-ভীত নহয়। সেইবাবেই বাপদাদাই তপস্যাৰ দ্বাৰা সাক্ষীবোধ স্থিতিৰ আসনত অচল-অটল স্থিৰ হৈ থকাৰ বিশেষ অভ্যাস কৰাই আছে।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]