10.06.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
লক্ষ্য সদায় সন্মুখত ৰাখা তেতিয়া দৈৱীগুণ আহি থাকিব। এতিয়া নিজক চম্ভালিব লাগে,
আসুৰি গুণবোৰ আঁতৰাই দৈৱীগুণ ধাৰণ কৰিব লাগে”
প্ৰশ্ন:
‘আয়ুস্মান
ভৱ’ৰ বৰদান প্ৰাপ্ত হোৱা সত্ত্বেও দীৰ্ঘায়ুৰ বাবে কোনটো যত্ন কৰিব লাগে?
উত্তৰ:
দীৰ্ঘায়ুৰ বাবে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱাৰ যত্ন কৰা। যিমানে পিতাক স্মৰণ কৰিবা
সিমানে সতোপ্ৰধান হ’বা আৰু দীৰ্ঘায়ু হ’বা, তেতিয়া মৃত্যুৰ ভয় আঁতৰি যাব। স্মৃতিৰ
দ্বাৰা দুখ দূৰ হৈ যাব। তোমালোক ফুল হৈ যাবা। স্মৃতিতেই গুপ্ত উপাৰ্জন হয়। স্মৃতিৰ
দ্বাৰা পাপ মোচন হয়। আত্মা বোজামুক্ত হৈ যায়, আয়ুস দীঘলীয়া হৈ যায়।
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলক পিতাই বুজাই আছে, পঢ়ায়ো আছে। কি বুজাই আছে? মৰমৰ সন্তানসকল, তোমালোকক
এটাতো দীৰ্ঘায়ু লাগে কাৰণ তোমালোকৰ আয়ুস বহুত দীঘলীয়া আছিল। 150 বছৰৰ আয়ুস আছিল,
দীৰ্ঘায়ু কেনেকৈ পোৱা যায়? তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’লে। যেতিয়া তোমালোক
সতোপ্ৰধান আছিলা তোমালোকৰ আয়ুস বহুত দীঘলীয়া আছিল। এতিয়া তোমালোকে আৰোহণ কৰি আছা।
জানা যে আমি তমোপ্ৰধান হোৱা বাবে আয়ুস চুটি হৈ গৈছিল। স্বাস্থ্যও ভাল নাছিল। একেবাৰে
ৰোগী হৈ গৈছিলোঁ। এইটো পুৰণি জীৱন, নতুনৰ সৈতে তুলনা কৰা হয়। এতিয়া তোমালোকে জানা
যে পিতাই আমাক আয়ুস দীঘলীয়া কৰাৰ উপায় শুনায়। মৰমৰ সন্তানসকল, মোক স্মৰণ কৰিলে
তোমালোক যেনেকুৱা সতোপ্ৰধান আছিলা, দীৰ্ঘায়ু আছিলা, স্বাস্থ্যৱান আছিলা, পুনৰ
তেনেকুৱা হৈ যাবা। আয়ুস চুটি হোৱাৰ বাবে মৃত্যুৰ ভয় থাকে। তোমালোককতো নিশ্চয়তা
প্ৰদান কৰা হয় যে সত্যযুগত এনেকৈ অকস্মাত কেতিয়াও মৃত্যু নহ’ব। পিতাক স্মৰণ কৰি
থাকিলে আয়ুস দীঘলীয়া হ’ব আৰু সকলো দুখো নোহোৱা হৈ যাব। কোনো ধৰণৰ দুখ নাথাকিব, আৰুনো
তোমালোকক কি লাগে? তোমালোকে কোৱা উচ্চ পদবীও লাগে। তোমালোকে নাজানিছিলা যে এনেকুৱা
পদবীও পাব পাৰি। এতিয়া পিতাই উপায় শুনায় - এনেকৈ কৰা। লক্ষ্য-উদ্দেশ্য সন্মুখত আছে।
তোমালোকে এনেকুৱা পদ পাব পাৰা। ইয়াতেই দৈৱীগুণ ধাৰণ কৰিব লাগে। নিজক সুধিব লাগে মোৰ
কোনো অৱগুণতো নাই? অৱগুণো অনেক প্ৰকাৰৰ আছে। চিগাৰেট হোপা, ছিঃ ছিঃ বস্তু খোৱা
এইবোৰ হৈছে অৱগুণ। সকলোতকৈ ডাঙৰ অৱগুণ হৈছে বিকাৰৰ, যাক কুচৰিত্ৰ বুলি কোৱা হয়।
পিতাই কয় - তোমালোক বিকাৰী হৈ গৈছা। এতিয়া নিৰ্বিকাৰী হোৱাৰ বাবে তোমালোকক যুক্তি
শুনাওঁ, ইয়াত এই বিকাৰবোৰ, অৱগুণবোৰ ত্যাগ কৰিব লাগে। কেতিয়াও বিকাৰী হ’ব নালাগে।
এইটো জন্মত যি শুধৰণি হ’ব সেই শুধৰণি 21 জন্মলৈকে চলিব। সকলোতকৈ জৰুৰী কথা হৈছে
নিৰ্বিকাৰী হোৱা। শিৰত জন্ম-জন্মান্তৰৰ যি বোজা আছে, সেয়া যোগবলৰ দ্বাৰাহে আঁতৰিব।
সন্তানসকলে জানে জন্ম-জন্মান্তৰ ধৰি আমি বিকাৰী হৈ আহিছোঁ। এতিয়া পিতাৰ ওচৰত আমি
প্ৰতিজ্ঞা কৰো যে পুনৰ কেতিয়াও বিকাৰী নহওঁ। পিতাই কয় - যদি পতিত হোৱা, তেন্তে
এশগুণ শাস্তিও ভুগিবলগীয়া হ’ব আৰু পদো ভ্ৰষ্ট হৈ যাব কিয়নো নিন্দা নকৰালা জানো গতিকে
সেইফালে গুচি গ’লা। এনেকৈ বহুত গুচি যায় অৰ্থাৎ পৰাজিত হৈ যায়। আগতে তোমালোকে
নাজানিছিলা যে এই বিকাৰৰ বেহা কৰিব নালাগে। কোনো কোনো ভাল সন্তান থাকে, কয় - আমি
ব্ৰহ্মচৰ্য পালন কৰিম। সন্ন্যাসীসকলক দেখি বুজি পায়, পৱিত্ৰতা ভাল কথা। পৱিত্ৰ আৰু
অপৱিত্ৰ, সৃষ্টিত অপৱিত্ৰতো বহুত থাকে। পায়খানালৈ যোৱাটোও অপৱিত্ৰ হোৱা, সেইবাবে লগে
লগে স্নান কৰিব লাগে। অপৱিত্ৰতা অনেক প্ৰকাৰৰ থাকে। কাৰোবাক দুখ দিয়া, কাজিয়া-পেচাল
কৰাও অপৱিত্ৰ কাৰ্য। পিতাই কয় - জন্ম-জন্মান্তৰতো তোমালোকে পাপ কৰিলা। এতিয়া সেই
সকলোবোৰ অভ্যাস আঁতৰাব লাগে। এতিয়া তোমালোক প্ৰকৃত মহান আত্মা হ’ব লাগে। প্ৰকৃত
মহান আত্মাতো এই লক্ষ্মী-নাৰায়ণেই হয় ইয়াত আৰু কোনোতো হ’ব নোৱাৰে কাৰণ সকলো
তমোপ্ৰধান। গ্লানিও বহুত কৰে নহয়। তেওঁলোকে নাজানে যে তেওঁলোকে কি কৰি আছে। এটা হৈছে
গুপ্ত পাপ, আকৌ প্ৰত্যক্ষ পাপো হয়। এয়া হৈছে তমোপ্ৰধান সৃষ্টি। সন্তানসকলে জানে
পিতাই এতিয়া আমাক বুদ্ধিমান কৰি তুলিছে সেই বাবেই সকলোৱে তেওঁক স্মৰণ কৰে। সকলোতকৈ
ভাল বুজনি তোমালোকে লাভ কৰা যে পাৱন হ’ব লাগে আৰু গুণৰো আৱশ্যক। দেৱতাসকলৰ আগত
তোমালোকে যি মহিমা গাই আহিছা, এতিয়া তোমালোক তেনেকুৱা হ’ব লাগে। পিতাই বুজাইছে -
মৰমৰ সন্তানসকল, তোমালোক কিমান মৰমৰ ফুল আছিলা আকৌ কাঁইট হৈ গ’লা। এতিয়া পিতাক
স্মৰণ কৰিলে স্মৃতিৰে তোমালোকৰ আয়ুস দীঘলীয়া হ’ব। পাপো ভস্ম হ’ব। শিৰৰ বোজা পাতল
হ’ব। নিজক চম্ভালিব লাগে। মোৰ যি অৱগুণ আছে সেয়া আঁতৰাব লাগে। যেনেকৈ নাৰদৰ
দৃষ্টান্ত আছে, তেওঁক সোধা হ’ল তুমি লায়ক হোৱানে? তেওঁ দেখিলে যে সঁচাকৈয়ে মই লায়ক
নহয়। পিতাই তোমালোকক উচ্চ কৰি তোলে, তোমালোক পিতাৰ সন্তান নোহোৱা জানো। যেনেকৈ
কাৰোবাৰ পিতা মহাৰজা হ’লে ক’ব - মোৰ পিতা মহাৰজা। বাবা অপাৰ সুখ দিওঁতা। যিসকল ভাল
স্বভাৱৰ মহাৰজা, তেওঁলোকৰ কেতিয়াও খং নুঠে। এতিয়াতো লাহে লাহে সকলোৰে কলা নোহোৱা হৈ
আহিছে। সকলো অৱগুণ প্ৰৱেশ কৰিলে। কলা কমি গ’ল। তমো হৈ গৈ থাকিল। তমোপ্ৰধানৰো যেন
অন্তিম অৱস্থা আহি পাইছে। কিমান দুখী হৈ গৈছে। তোমালোকে কিমান সহ্য কৰিব লাগে। এতিয়া
অবিনাশী ছাৰ্জনৰ দ্বাৰা তোমালোকৰ চিকিৎসা চলি আছে। পিতাই কয় - এই 5 বিকাৰেতো
তোমালোকক প্ৰতি মুহূৰ্ততে আমনি কৰিব। তোমালোকে যিমানে পিতাক স্মৰণ কৰাৰ পুৰুষাৰ্থ
কৰিবা, সিমানে মায়াই তোমালোকক অৱনমিত কৰিবলৈ চেষ্টা কৰিব। তোমালোকৰ অৱস্থা এনেকুৱা
হ’ব লাগে যাতে মায়াৰ ধুমুহাই বিচলিত কৰিব নোৱাৰে। ৰাৱণ কোনো বস্তু নহয় বা কোনো
মনুষ্য নহয়। 5 বিকাৰ ৰূপী ৰাৱণকেই মায়া বুলি কোৱা হয়। আসুৰিক ৰাৱণ সম্প্ৰদায়ে
তোমালোকক চিনিয়েই নাপায় যে এওঁলোক কোন? এই বি.কে.সকলে কি বুজায়? বাস্তৱত কোনেও
নাজানে। এওঁলোকক বি.কে. বুলি কিয় কোৱা হয়? ব্ৰহ্মা কাৰ সন্তান? এতিয়া তোমালোক
সন্তানসকলে জানা আমি ঘৰলৈ উভতি যাব লাগে। এই পিতাই বহি তোমালোকক শিক্ষা দিয়ে।
আয়ুস্মান ভৱ, ধনৱান ভৱ......... তোমালোকৰ সকলো কামনা পূৰ্ণ কৰে, বৰদান দিয়ে। কিন্তু
কেৱল বৰদানৰ দ্বাৰা একো নহয়। যত্ন কৰিব লাগে। প্ৰতিটো কথা বুজিব লাগে। নিজক ৰাজতিলক
দিয়াৰ অধিকাৰী কৰি তুলিব লাগে। পিতাই অধিকাৰী কৰি তোলে। তোমালোক সন্তানসকলক শিক্ষা
দিয়ে - এনেকৈ কৰা। প্ৰথম নম্বৰৰ শিক্ষা দিয়ে ‘মামেকম্’ (কেৱল মোক) স্মৰণ কৰা।
মনুষ্যই স্মৰণ নকৰে কাৰণ তেওঁলোকে নাজানেই সেয়েহে স্মৰণ কৰাটোও ভুল হয়। ঈশ্বৰ
সৰ্বব্যাপি বুলি কয়। তেন্তে আকৌ শিৱবাবাক স্মৰণ কেনেকৈ কৰিব! শিৱৰ মন্দিৰলৈ গৈ পূজা
কৰে, তোমালোকে সোধা এওঁৰ বৃত্তি কি কওঁকচোন? তেতিয়া ক’ব ভগৱান সৰ্বব্যাপি। পূজা কৰে,
তেওঁৰ দয়া বিচাৰে, বিচাৰিও আকৌ কোনোবাই সোধে পৰমাত্মা ক’ত আছে? সেয়েহে কৈ দিয়ে (তেওঁ)
সৰ্বব্যাপি। চিত্ৰৰ সন্মুখত কি কৰে আৰু চিত্ৰ সন্মুখত নাথাকিলে তেতিয়া একো
কলা-কৌশলেই নোহোৱা হৈ যায়। ভক্তিত কিমান ভুল কৰে। তথাপিও ভক্তিৰ প্ৰতি কিমান আদৰ।
শ্ৰীকৃষ্ণৰ বাবে উপবাসে পানী নোখোৱাকৈ থাকে। ইয়াত তোমালোকে পঢ়ি আছা আৰু সেই ভক্তসকলে
কি কি কৰি আছে। তোমালোকৰ এতিয়া হাঁহি উঠে। ড্ৰামা অনুসৰি ভক্তি কৰি কৰি অৱনমিত হৈ
আহিছে। আৰোহণতো কোনেও কৰিব নোৱাৰে।
এতিয়া এয়া হৈছে
পুৰুষোত্তম সংগমযুগ, যাৰ বিষয়ে কোনেও নাজানে। এতিয়া তোমালোকে পুৰুষোত্তম হ’বৰ বাবে
পুৰুষাৰ্থ কৰিছা। শিক্ষক, বিদ্যাৰ্থীৰ সেৱক হয় নহয়, বিদ্যাৰ্থীৰ সেৱা কৰে। চৰকাৰী
সেৱক। পিতায়ো কয় - সেৱা কৰোঁ, তোমালোকক পঢ়াওঁ। সকলো আত্মাৰ পিতা। শিক্ষকো হওঁ।
সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞানো শুনাওঁ। এই জ্ঞান আন কোনো মনুষ্যৰ থাকিব নোৱাৰে।
কোনেও শিকাব নোৱাৰে। তোমালোকে পুৰুষাৰ্থই কৰা যাতে আমি এনেকুৱা হ’ব পাৰোঁ। জগতত
মনুষ্যৰ বুদ্ধি কিমান তমোপ্ৰধান। বৰ ভয়ানক জগত। মনুষ্যই যি কৰিব নালাগে সেয়াই কৰিছে।
কিমান হত্যা, ডকাইতি আদি কৰে। কি নকৰে। 100 শতাংশ তমোপ্ৰধান। এতিয়া তোমালোক পুনৰ
100 শতাংশ সতোপ্ৰধান হৈ আছা। তাৰ বাবে স্মৃতিৰ যাত্ৰাত থকাৰ উপায় দিয়া হৈছে।
স্মৃতিৰ দ্বাৰাই বিকৰ্মৰ বিনাশ হ’ব, গৈ পিতাৰ সৈতে মিলিত হ’বা। ভগৱান পিতা কেনেকৈ
আহে - এয়াও তোমালোকে এতিয়া বুজি পাইছা। এই ৰথত (ব্ৰহ্মাৰ শৰীৰত) আহিছে। ব্ৰহ্মাৰ
মাধ্যমত শুনায়। যিবোৰ আকৌ তোমালোকে ধাৰণ কৰি আনক শুনোৱা, তেতিয়া পোনেপোনে পিতাৰ পৰা
শুনিবলৈ ইচ্ছা জাগে। পিতাৰ পৰিয়ালত যাওঁ। ইয়াত পিতাও আছে, মাও আছে, সন্তানো আছে।
পৰিয়ালত আহি যায়। সেই সৃষ্টিখনেই হৈছে আসুৰিক। সেয়েহে আসুৰি পৰিয়ালত তোমালোক বিৰক্ত
হৈ যোৱা সেইবাবে কাম-কাজ এৰি বাবাৰ ওচৰলৈ পুনৰুজ্জীৱিত হ’ব আহা। ইয়াত ব্ৰাহ্মণেই
থাকে। সেয়েহে আহি এইটো পৰিয়ালত থাকাহি। ঘৰলৈ গ’লে তেতিয়া এনেকুৱা পৰিয়াল নাথাকিব।
তাততো দেহধাৰী হৈ যোৱা, সেই সাংসাৰিক কাম-কাজৰ পৰা ওলাই তোমালোক ইয়ালৈ আহা। এতিয়া
পিতাই কয় - দেহৰ সকলো সম্পৰ্ক ত্যাগ কৰা। সুবাসিত ফুল হ’ব লাগে। ফুলত সুবাস থাকে।
সকলোৱে (ফুল) তুলি সুবাস লয়। আকন ফুল তুলি নলয়। সেয়েহে ফুল হোৱাৰ বাবে পুৰুষাৰ্থ
কৰিব লাগে সেইবাবেই বাবায়ো ফুল লৈ আনে, এনেকুৱা হ’ব লাগে। ঘৰ-গৃহস্থালিত থাকি
একমাত্ৰ পিতাক স্মৰণ কৰিব লাগে। তোমালোকে জানা এই দেহৰ সম্বন্ধীয়তো সকলো নাশ হৈ যাব।
ইয়াত তোমালোকে গুপ্ত উপাৰ্জন কৰি আছা। তোমালোকে শৰীৰ এৰিব লাগে, উপাৰ্জন কৰি আৰু
বহুত আনন্দেৰে হাঁহিমুখে শৰীৰ এৰিব লাগে। ফুৰা-চকা কৰোঁতেও পিতাৰ স্মৃতিত থাকিলে
তোমালোক কেতিয়াও ক্লান্ত নোহোৱা। পিতাৰ স্মৃতিত অশৰীৰী হৈ যিমানেই পৰিক্ৰমা নলগোৱা,
লাগিলে ইয়াৰ পৰা আবুৰোডলৈকে গুচি যোৱা ক্লান্ত নোহোৱা। পাপ খণ্ডন হৈ যাব। পাতল
অনুভৱ কৰিবা। তোমালোক সন্তানসকলৰ কিমান লাভ হয় আন কোনেওতো জানিব নোৱাৰে। গোটেই জগতৰ
মনুষ্যই আহ্বান জনায় - পতিত-পাৱন আহি পাৱন কৰি তোলক। তেন্তে তেওঁক মহাত্মা বুলি
কেনেকৈ ক’ব। পতিতৰ আগত জানো নতশিৰ হোৱা যায়। পাৱনৰ আগত শিৰ নত কৰা হয়। কন্যাৰ
উদাহৰণ - যেতিয়া বিকাৰী হয় তেতিয়া সকলোৰে আগত শিৰ নত কৰে আকৌ আহ্বান জনায় হে
পতিত-পাৱন আহক। হেৰ’, পতিত হ’লাইনো কিয় যে আহ্বান জনাবলগীয়া হয়। সকলোৰে শৰীৰতো
বিকাৰৰ দ্বাৰাই উপজা কাৰণ এতিয়া ৰাৱণৰ ৰাজ্য। এতিয়া তোমালোকে ৰাৱণক ত্যাগ কৰিলা।
ইয়াক পুৰুষোত্তম সংগমযুগ বুলি কোৱা হয়। এতিয়া তোমালোকে ৰামৰাজ্যলৈ যাবৰ কাৰণে
পুৰুষাৰ্থ কৰি আছা। সত্যযুগ হৈছে ৰামৰাজ্য। কেৱল ত্ৰেতাত ৰামৰাজ্য বুলি ক’লে তেন্তে
আকৌ সূৰ্য্যবংশী লক্ষ্মী-নাৰায়ণৰ ৰাজ্য ক’লৈ গ’ল? গতিকে এই সকলো জ্ঞান এতিয়া
তোমালোক সন্তানসকলে পাই আছা। নতুন নতুনো আহে যাক তোমালোকে জ্ঞান দিয়া। লায়ক কৰি তোলা।
কাৰোবাৰ এনেকুৱা সংগ পায় যে লায়কৰ পৰা আকৌ নালায়ক হৈ যায়। পিতাই পাৱন কৰি তোলে।
সেয়েহে এতিয়া পতিত হ’বই নালাগে। পিতা পাৱন কৰি তুলিবলৈ আহিছে, মায়া ইমান শক্তিশালী
যে পতিত কৰি দিয়ে। পৰাজিত কৰি দিয়ে। কয়, বাবা ৰক্ষা কৰক। বাঃ, যুদ্ধক্ষেত্ৰত অনেক
মৰে, তেতিয়া ৰক্ষা কৰে জানো! এই মায়াৰ গুলি বন্দুকৰ গুলিতকৈও অধিক শক্তিশালী। কাম
বিকাৰৰ আঘাত লাগিল মানে ওপৰৰ পৰা পৰিল। সত্যযুগত সকলো পৱিত্ৰ গৃহস্থধৰ্মী হয় যাক
দেৱতা বুলি কোৱা হয়। এতিয়া তোমালোকে জানা পিতা কেনেকৈ আহিছে, ক’ত থাকে, কেনেকৈ আহি
ৰাজযোগ শিকায়? এনেকৈ দেখুৱায় যে অৰ্জুনৰ ৰথত বহি জ্ঞান দিয়ে। তেন্তে আকৌ তেওঁক
সৰ্বব্যাপি বুলি কিয় কয়? পিতা যিয়ে স্বৰ্গ স্থাপনা কৰে তেওঁকেই পাহৰি গৈছে। এতিয়া
তেওঁ নিজে নিজৰ পৰিচয় দিয়ে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মহান আত্মা হ’বৰ বাবে অপৱিত্ৰতাৰ যি কুঅভ্যাস আছে, সেয়া দূৰ কৰিব লাগে। দুখ দিয়া,
কাজিয়া-পেচাল কৰা..... এয়া সকলো অপৱিত্ৰ কৰ্তব্য যিবিলাক তোমালোকে কৰিব নালাগে। নিজে
নিজক ৰাজতিলক দিয়াৰ অধিকাৰী কৰি তুলিব লাগে।
(2) বুদ্ধি সকলো
সাংসাৰিক কাম-কাজৰ পৰা, দেহধাৰীৰ পৰা আঁতৰাই সুবাসিত ফুল হ’ব লাগে। গুপ্ত উপাৰ্জন
জমা কৰাৰ বাবে চলোঁতে-ফুৰোঁতে অশৰীৰী হৈ থকাৰ অভ্যাস কৰিব লাগে।
বৰদান:
নিজৰ
শুভ-চিন্তন শক্তিৰ দ্বাৰা আত্মাসকলক চিন্তামুক্ত কৰি শুভ-চিন্তক কৰি তোলোঁতা
শুভ-চিন্তন মণি হোৱা
বৰ্তমান বিশ্বত সকলো
আত্মাই চিন্তামণি। সেই চিন্তামণিসকলক তোমালোক শুভ-চিন্তক মণিসকলে নিজৰ চিন্তন
শক্তিৰ দ্বাৰা পৰিৱৰ্তন কৰিব পাৰা। যেনেকৈ সূৰ্যৰ কিৰণে দূৰ-দূৰণিৰ অন্ধকাৰ দূৰ কৰে
তেনেকৈ তোমালোক শুভ-চিন্তক মণিসকলৰ শুভ-সংকল্প ৰূপী জেউতি বা কিৰণ বিশ্বত চাৰিওফালে
বিয়পি আছে সেয়েহে ভাবে যে কিবা আধ্যাত্মিক আলোকে গুপ্ত ৰূপত কাম কৰি আছে। এইটো
অনুভৱ এতিয়া আৰম্ভ হৈছে, অৱশেষত বিচাৰি বিচাৰি স্থানত উপস্থিত হৈ যাব।
স্লোগান:
বাপদাদাৰ নিৰ্দেশনাক স্পষ্ট ৰূপত ধাৰণ কৰিবলৈ মন-বুদ্ধিৰ যোগসূত্ৰ স্বচ্ছ হওঁক।
কৰ্মযোগী হ’বলৈ আজিৰ
অব্যক্ত সংকেত:
যোগ মানেই হৈছে
স্মৃতিত থকাৰ প্ৰতি মনোযোগ, যেনেকৈ কৰ্ম এৰিব নোৱাৰে তেনেকৈ স্মৃতিও যাতে দূৰ নহয়,
ইয়াকে কৰ্মযোগী বুলি কোৱা হয়। কৰ্মযোগী অৰ্থাৎ প্ৰতিটো কৰ্মৰ দ্বাৰা পিতাৰ স্নেহ আৰু
সম্বন্ধ সকলো আত্মাৰ সাক্ষাৎকাৰ হওঁক। যেনেকৈ হদৰ আত্মাসকলৰ সৈতে স্নেহ ৰাখোঁতাসকলৰ
চেহেৰা আৰু চলনৰ পৰা গম পোৱা যায় যে এওঁ কাৰোবাৰ স্নেহত লীন হৈ আছে। এনেকৈ প্ৰতিটো
কৰ্মই পিতাৰ সৈতে স্নেহী আত্মাৰ অনুভৱ কৰাওঁক তেতিয়া কৰ্মযোগী বুলি কোৱা হ’ব।