10.07.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল এতিয়া সতোপ্ৰধান হৈ ঘৰলৈ যাব লাগে সেয়েহে নিজক আত্মা বুলি বুজি নিৰন্তৰ পিতাক স্মৰণ কৰাৰ অভ্যাস কৰা, উন্নতিৰ প্ৰতি সদায় ধ্যান ৰাখা

প্ৰশ্ন:
পঢ়াত দিনে-প্ৰতিদিনে আগবাঢ়ি গৈ আছা নে পিছ পৰি ৰৈ গৈছা তাৰ লক্ষণ কি?

উত্তৰ:
পঢ়াত যদি আগবাঢ়ি গৈ আছা তেন্তে পাতল অনুভৱ হব। বুদ্ধিত উদয় হব যে এয়াতো ছিঃ ছিঃ শৰীৰ, এয়া ত্যাগ কৰিব লাগে, আমিতো এতিয়া ঘৰলৈ যাব লাগে। দৈৱীগুণ ধাৰণ কৰি থাকিব। যদি পিছ পৰি ৰৈ গৈছা তেন্তে চলনত আসুৰি গুণ দেখা দিব। চলোঁতে-ফুৰোঁতে পিতাৰ স্মৃতি নাথাকিব। তেনে সন্তানে ফুল হৈ সকলোকে সুখ দিব নোৱাৰিব। এনেকুৱা সন্তানৰ আগলৈ গৈ সাক্ষাৎকাৰ হব তেতিয়া বহুত শাস্তি খাবলগীয়া হব।

ওঁম্শান্তি।
বুদ্ধিত এইটো খেয়াল থাকিব লাগে যে আমি সতোপ্ৰধান হৈ আহিছিলোঁ। আত্মিক পিতাই আত্মিক সন্তানসকলক বুজায়, ইয়াত সকলো বহি আছে, কোনোবা দেহ-অভিমানী আৰু কোনোবা দেহী-অভিমানী হব। কোনোবা চেকেণ্ডত দেহ-অভিমানী আৰু চেকেণ্ডত দেহী-অভিমানী হৈ থাকিব। এনেকৈতো কোনেও কব নোৱাৰে যে আমি সকলো সময়তে দেহী-অভিমানী হৈ বহি আছোঁ। নহয়, পিতাই বুজায় কোনোবা সময়ত দেহী-অভিমানী আৰু কোনোবা সময়ত দেহ-অভিমানী হব। এতিয়া সন্তানসকলে এয়াতো জানে যে আমি আত্মাই এই শৰীৰ এৰি নিজৰ ঘৰলৈ যাম। বহুত আনন্দেৰে যাব লাগে। গোটেই দিন এইটোৱে চিন্তন কৰে - মই শান্তিধামলৈ যাম কিয়নো পিতাইতো মাৰ্গতো দেখুৱাই দিছে। অন্য কোনো লোক কেতিয়াও এনেকৈ বিচাৰ কৰি নবহে। এই শিক্ষা কোনেও নাপায়েই। খেয়ালো নাহিব। তোমালোকে বুজা যে এইখন হৈছে দুখধাম। এতিয়া পিতাই সুখধামলৈ যোৱাৰ মাৰ্গ দেখুৱাই দিছে। যিমানে পিতাক স্মৰণ কৰিবা সিমানে সম্পূৰ্ণ হৈ যোগ্যতা অনুসৰি শান্তিধামলৈ যাবা, তাকেই মুক্তি বুলি কোৱা হয়, যাৰ কাৰণে মনুষ্যই গুৰুৰ শৰণাগত হয়। কিন্তু মনুষ্যই একেবাৰে নাজানে মুক্তি-জীৱনমুক্তি কি হয় কিয়নো এয়া হৈছে নতুন কথা। তোমালোক সন্তানসকলেহে বুজি পোৱা এতিয়া আমি ঘৰলৈ যাব লাগে। পিতাই কয় - স্মৃতিৰ যাত্ৰাৰ দ্বাৰা পৱিত্ৰ হোৱা। তোমালোক প্ৰথমে যেতিয়া শ্ৰেষ্ঠাচাৰী সৃষ্টিলৈ আহিছিলা তেতিয়া সতোপ্ৰধান আছিলা। আত্মা সতোপ্ৰধান আছিল। কাৰোবাৰ লগত সম্পৰ্কও পাছলৈ হব। যেতিয়া গৰ্ভত যাবা তেতিয়া সম্বন্ধত আহিবা। তোমালোকে জানা এতিয়া এয়া হৈছে আমাৰ অন্তিম জন্ম। আমি ঘৰলৈ উভতি যাব লাগে। পৱিত্ৰ নহলে আমি যাব নোৱাৰিম। এনেকৈ ভিতৰি কথা পাতিব লাগে কিয়নো পিতাৰ আদেশ হৈছে - উঠোঁতে-বহোঁতে, চলোঁতে-ফুৰোঁতে বুদ্ধিত যাতে এইটোৱে খেয়াল থাকে যে আমি সতোপ্ৰধান হৈ আহিছিলোঁ, এতিয়া সতোপ্ৰধান হৈ ঘৰলৈ যাব লাগে। সতোপ্ৰধান হব লাগে পিতাৰ স্মৃতিৰ দ্বাৰা কিয়নো পিতাহে পতিত-পাৱন হয়। আমাক সন্তানসকলক যুক্তি শুনায় যে তোমালোক এনেকৈ পাৱন হব পাৰা। গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তক কেৱল পিতাইহে জানে আন কোনো হৰ্তা-কৰ্তা নাই। পিতাহে হৈছে মনুষ্য সৃষ্টিৰ বীজৰূপ। ভক্তি কেতিয়ালৈকে চলে, এয়াও পিতাই বুজাইছে। ইমান সময় জ্ঞানমাৰ্গ, আৰু ইমান সময় ভক্তি। এই গোটেই জ্ঞান ভিতৰত নিগৰি থাকিব লাগে। যেনেকৈ পিতাৰ আত্মাত জ্ঞান আছে, তোমালোকৰ আত্মাতো জ্ঞান আছে। শৰীৰৰ দ্বাৰা শুনে আৰু শুনায়। শৰীৰ অবিহনেতো আত্মাই কব নোৱাৰে, ইয়াত প্ৰেৰণা বা আকাশবাণীৰ কথা নাই। ভগৱানুবাচ তেন্তে নিশ্চয় মুখ লাগে, ৰথ লাগে। গাধ-ঘোঁৰাৰ ৰথতো নালাগে। তোমালোকেও প্ৰথমে ভাবিছিলা কলিযুগ এতিয়া আৰু 40 হাজাৰ বছৰ চলিব। অজ্ঞান নিদ্ৰাত শুই আছিলা, এতিয়া বাবাই জগাইছে। তোমালোকো অজ্ঞানতাত আছিলা। এতিয়া জ্ঞান পাইছা। ভক্তিক অজ্ঞান বুলি কোৱা হয় ।

এতিয়া তোমালোক সন্তানসকলে এইটো খেয়াল কৰিব লাগে যে আমি নিজৰ উন্নতি কেনেকৈ কৰিম, উচ্চ পদ কেনেকৈ পাম? নিজৰ ঘৰলৈ গৈ পুনৰ নতুন ৰাজধানীলৈ আহি উচ্চ মৰ্যাদা কেনেকৈ পাম। তাৰ কাৰণে হৈছে স্মৃতিৰ যাত্ৰা। নিজক আত্মা বুলিতো নিশ্চয় বুজিব লাগে। আমাৰ সকলো আত্মাৰ পিতা হৈছে পৰমাত্মা। এয়াতো বহুত সাধাৰণ কথা। কিন্তু মনুষ্যই ইমানখিনি কথাও বুজি নাপায়। তোমালোকে বুজাব পাৰা যে এয়া হৈছে ৰাৱণৰাজ্য, সেইকাৰণে তোমালোকৰ বুদ্ধি ভ্ৰষ্টাচাৰী হৈ গল। মনুষ্যই ভাবে যে যি বিকাৰগ্ৰস্ত নহয় তেওঁ পৱিত্ৰ। যেনেকৈ সন্ন্যাসীসকল। পিতাই কৈছে তেওঁলোকতো অলপ সময়ৰ কাৰণে পাৱন হয়। সৃষ্টিখনতো তথাপিও পতিত নহয় জানো। পাৱন সৃষ্টি হৈছে সত্যযুগ। পতিত সৃষ্টিত সত্যযুগৰ দৰে পাৱন কোনো থাকিব নোৱাৰে। তাততো ৰাৱণৰাজ্যই নাই, বিকাৰৰ কথাই নাই। তেন্তে চক্ৰ লগাই ঘুৰোঁতে-ফুৰোঁতে বুদ্ধিত এইটো চিন্তন চলি থাকিব লাগে। বাবাৰ এই জ্ঞান আছে নহয়। জ্ঞানৰ সাগৰ হয় যেতিয়া নিশ্চয় জ্ঞান নিগৰি থাকিব। তোমালোকো জ্ঞান সাগৰৰ পৰা ওলোৱা নদী। তেওঁতো সদায় সাগৰেই হয়, তোমালোক সদায় সাগৰ নোহোৱা। তোমালোক সন্তানসকলে বুজা যে আমি সকলো ভাই ভাই। তোমালোক সন্তানসকলে পঢ়া, আচলতে নদী আদিৰ কথা নহয়। নদী বুলি কলে গংগা, যমুনা আদিৰ নাম কৈ দিয়ে। তোমালোক এতিয়া বেহদত থিয় হৈ আছা। আমি সকলো আত্মা এজন পিতাৰ সন্তান ভাই ভাই হওঁ। এতিয়া আমি ঘৰলৈ উভতি যাব লাগে। যৰ পৰা আহি শৰীৰ ৰূপী আসনত বিৰাজমান হওঁ। অতি সূক্ষ্ম আত্মা, সক্ষাৎকাৰ হলে বুজিব নোৱাৰিব। আত্মা ওলাই গলে তেতিয়া কোনোবাই কয় মূৰেৰে ওলাই গল, চকুৰে, মুখেৰে ওলাই গল মুখ মেল খাই যায়। আত্মাই শৰীৰ এৰি গুচি গলে তেতিয়া শৰীৰ জড় হৈ যায়। এয়া হৈছে জ্ঞান। বিদ্যাৰ্থীৰ বুদ্ধিত গোটেই দিন পঢ়াৰ খেয়ালেই থাকে। তোমালোকৰো গোটেই দিন পঢ়াৰ খেয়ালেই চলি থকা উচিত। ভাল ভাল বিদ্যাৰ্থীৰ হাতত সদায় কিবা নহয় কিবা কিতাপ থাকে। পঢ়ি থাকে।

পিতাই কয় তোমালোকৰ এয়া অন্তিম জন্ম, গোটেই চক্ৰ পৰিক্ৰমা লগাই অন্তত আহি পাইছা গতিকে বুদ্ধিত এয়াই স্মৃতি থাকিব লাগে। ধাৰণা কৰি আনক বুজাব লাগে। কিছুমানৰতো ধাৰণা নহয়েই। স্কুলতো ক্ৰমানুসাৰে বিদ্যাৰ্থী থাকে। বিষয় বস্তুও বহুত থাকে। ইয়াত বিষয় এটাই। দেৱতা হব লাগে, এইটো পাঠ পঢ়াৰেই চিন্তন চলি থাকিব লাগে। এনেকুৱা নহয় যে পঢ়া পাহৰি যাবা আৰু অন্য চিন্তা চলি থাকিব। পেছাগত কাম কৰোঁতা হলে, নিজৰ পেছাৰেই খেয়ালত থাকিব। বিদ্যাৰ্থী পঢ়াতেই লাগি থাকিব। তোমালোক সন্তানসকলো নিজৰ পঢ়াত ব্ৰতী হৈ থাকিব লাগে।

কালি আন্তঃৰাষ্ট্ৰীয় যোগ সভাৰ এখন নিমন্ত্ৰণী পত্ৰ আহিছিল। তোমালোকে তেওঁলোকক লিখিব পাৰা যে আপোনালোকৰতো এয়া হৈছে হঠযোগ। ইয়াৰ লক্ষ্য-উদ্দেশ্য কি? ইয়াৰ পৰা কি লাভ হয়? আমিতো ৰাজযোগ শিকি আছোঁ। পৰমপিতা পৰমাত্মা যি জ্ঞানৰ সাগৰ হয়, সেই ৰচিয়তাই আমাক নিজৰ আৰু ৰচনাৰ জ্ঞান শুনায়। এতিয়া আমি ঘৰলৈ উভতি যাব লাগে। মনমনাভৱ - এয়া হৈছে আমাৰ মন্ত্ৰ। আমি পিতাক আৰু পিতাৰ দ্বাৰা যি উত্তৰাধিকাৰ পোৱা যায় তাক স্মৰণ কৰোঁ। আপোনালোকে এই হঠযোগ আদি কৰি আহিছে, ইয়াৰ লক্ষ্য-উদ্দেশ্য কি? আমিতো নিজৰ বিষয়ে কলোঁ যে আমি কি শিকি আছোঁ। আপোনালোকৰ এই হঠযোগৰ পৰা কি প্ৰাপ্তি হয়? সঁহাৰিত এনেকৈ সংক্ষেপত লিখিব লাগে। এনেধৰণৰ নিমন্ত্ৰণতো তোমালোকৰ ওচৰলৈ বহুত আহে। সৰ্বভাৰতীয় ধৰ্মীয় সন্মিলনৰ পৰা তোমালোকলৈ নিমন্ত্ৰণ আহিল আৰু তোমালোকক সুধিলে - আপোনালোকৰ লক্ষ্য-উদ্দেশ্য কি? তেতিয়া কবা আমি এয়া শিকি আছোঁ। নিজৰ বিষয়ে নিশ্চয় কোৱা উচিত, কিয়? এই ৰাজযোগ তোমালোকে শিকি আছা। কোৱা আমি এয়া পঢ়ি আছোঁ। আমাক পঢ়াওঁতাজন হৈছে ভগৱান, আমি সকলো ভাই ভাই। আমি নিজক আত্মা বুলি বুজোঁ। বেহদৰ পিতাই কয় - নিজক আত্মা বুলি বুজি মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ খণ্ডন হৈ যাব। এনধৰণৰ লিখনি বহুত ভালকৈ ছপা কৰি ৰাখি থোৱা। আকৌ যত যত সন্মিলন আদি হয় তালৈ পঠিয়াই দিয়া। তেতিয়া তেওঁলোকে কব এওঁলোকেতো বহুত ভাল নিয়মৰ কথা শিকে। এই ৰাজযোগৰ দ্বাৰা ৰজাৰো ৰজা বিশ্বৰ মালিক হয়গৈ। প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আমি দেৱতা হওঁ, পুনৰ মনুষ্য হওঁ। এনেকৈ বিচাৰ সাগৰ মন্থন কৰি উৎকৃষ্ট লিখনি তৈয়াৰ কৰিব লাগে। তোমালোকক উদ্দেশ্যৰ বিষয়ে সুধিব পাৰে। সেই কাৰণে এয়া ছপা কৰি ৰাখিবা, এয়া হৈছে আমাৰ লক্ষ্য-উদ্দেশ্য। এনেকৈ লিখিলে আকৰ্ষিত হব। ইয়াত কোনো হঠযোগ বা শাস্ত্ৰৰ অৰ্থ বাখ্যা কৰাৰ কথা নাই। তেওঁলোকৰ শাস্ত্ৰৰ জ্ঞানৰো কিমান অহংকাৰ থাকে। তেওঁলোকে নিজকে শাস্ত্ৰৰ হৰ্তা-কৰ্তা বুলি ভাবে। বাস্তৱত তেওঁলোক হৈছে পূজাৰী, হৰ্তা-কৰ্তা বুলিতো পূজ্যজনক কোৱা হয়। পূজাৰীক কি বুলি কব? গতিকে এইটো স্পষ্ট কৰি লিখা উচিত যে আমি কি শিকোঁ। বি. কে. নামতো প্ৰসিদ্ধ হৈ গৈছে।

যোগ হৈছে দুই প্ৰকাৰৰ - এটা হৈছে হঠযোগ, আনটো হৈছে সহজ যোগ। সেয়াতো কোনো মনুষ্যই শিকাব নোৱাৰে। ৰাজযোগ একমাত্ৰ পৰমাত্মাইহে শিকায়। বাকী মনুষ্যৰ মত অনুসৰি অনেক প্ৰকাৰৰ যোগ আছে। তাত দেৱতাসকলক কাৰো মতৰ দৰকাৰ নাই কিয়নো উত্তৰাধিকাৰ প্ৰাপ্ত কৰিছে। তেওঁলোক হৈছে দেৱতা অৰ্থাৎ দৈৱী-গুণ সম্পন্ন, যাৰ এনে গুণ নাই তেওঁক অসুৰ বুলি কোৱা হয়। দেৱতাসকলৰ ৰাজ্য আছিল আকৌ সেয়া কলৈ গল? 84 জন্ম কেনেকৈ ললে? ছিৰিৰ চিত্ৰৰ ওপৰত বুজাব লাগে। ছিৰিৰ চিত্ৰ বহুত ভাল। যি তোমালোকৰ অন্তৰত আছে সেয়া এই ছিৰিৰ চিত্ৰত আছে। সকলো পঢ়াৰ ওপৰতে নিৰ্ভৰ কৰে। পঢ়া হৈছে উপাৰ্জনৰ উৎস। এয়া হৈছে সকলোতকৈ উচ্চ পঢ়া। সকলোতকৈ ভাল। জগতৰ লোকে নাজানে যে আটাইতকৈ ভাল পঢ়া কোনটো। এই পঢ়াৰ দ্বাৰা মনুষ্যৰ পৰা দেৱতা দ্বৈত-মুকুটধাৰী হৈ যায়। এতিয়া তোমালোকে দ্বৈত-মুকুটধাৰী হবলৈ পুৰুষাৰ্থ কৰি আছা। পঢ়া এটাই তাৰ পৰা আকৌ কোনোবা কিবা কোনোবা আন কিবা হয়গৈ! বিস্ময়কৰ, একেই পঢ়াৰ দ্বাৰাই ৰাজধানী স্থাপনা হৈ যায়, ৰজাও হয় আৰু প্ৰজাও হয়। বাকী তাত দুখৰ কোনো কথা নাথাকে। পদ মৰ্যাদাতো থাকে নহয়। ইয়াত অনেক প্ৰকাৰৰ দুখ আছে। অনাবৃষ্টি, বেমাৰ, খাদ্য আদি পোৱা নাযায়, বানপানী আদি আহি থাকে। যদিও লাখপতি, কোটিপতি আছে, জন্মতো বিকাৰৰ দ্বাৰাই হয়। খুন্দা খালে, মহে কামুৰিলে, এয়া সকলো দুখ নহয় জানো। নামেই হৈছে ৰৌৰৱ নৰক। তথাপিও কৈ থাকে অমুক স্বৰ্গলৈ গল। হেৰ, স্বৰ্গতো আহিবহে তেন্তে আকৌ কোনোবা স্বৰ্গলৈ গল কেনেকৈ! যিকোনো লোককে বুজাবলৈ বহুত সহজ। এতিয়া বাবাই এনেকুৱা নিবন্ধ দিছে, লিখাতো সন্তানসকলৰ কাম। ধাৰণা হলে লিখিবও।

মুখ্য কথা সন্তানসকলক বুজায় - নিজক আত্মা বুলি বুজা, এতিয়া উভতি যাব লাগে। আমি সতোপ্ৰধান আছিলোঁ সেয়েহে আনন্দৰ পাৰাপাৰ নাছিল। এতিয়া তমোপ্ৰধান হলোঁ। কিমান সহজ। বাবাই সাৰ কথা বহুত শুনাই থাকে সেয়েহে ভালদৰে বহি বুজাব লাগে। নামানিলে বুজা যাব এওঁ আমাৰ কুলৰ নহয়। পঢ়াত দিনে-প্ৰতিদিনে আগুৱাই যাব লাগে। পিছুৱাই যাব নালাগে। দৈৱীগুণৰ পৰিৱৰ্তে আসুৰি গুণ ধাৰণ কৰা - এয়াতো পিছুৱাই যোৱা নহ'ল জানো। পিতাই কয় - বিকাৰ ত্যাগ কৰি গৈ থাকা, দৈৱীগুণ ধাৰণ কৰা। বহুত পাতল হৈ থাকিব লাগে। এই শৰীৰ হৈছে ছিঃ ছিঃ, ইয়াক ত্যাগ কৰিব লাগে। আমিতো এতিয়া ঘৰলৈ যাব লাগে। পিতাক যদি স্মৰণ নকৰা তেন্তে ফুল হ'ব নোৱাৰিবা। বহুত শাস্তি খাবলগীয়া হব। পাছলৈ তোমালোকৰ সাক্ষাৎকাৰ হব। সুধিব, তুমি কি সেৱা কৰিলা? তুমি কেতিয়াও আদালতলৈ যোৱা নাই। বাবাই সকলোবোৰ দেখিছে, কেনেকৈ তেওঁলোকে চোৰ ধৰে, আকৌ মোকৰ্দমা চলে তেনেকৈ তাতো তোমালোকৰ সকলো সাক্ষাৎকাৰ কৰাই থাকিব। শাস্তি খাই আকৌ পাই-পইচাৰ পদ পাব। শিক্ষকৰতো দয়া উপজে নহয়। এওঁ অনুত্তীৰ্ণ হৈ যাব। এই পিতাক স্মৰণ কৰা বিষয়টি সকলোতকৈ ভাল, যাৰ দ্বাৰা পাপ খণ্ডন হয়। বাবাই আমাক পঢ়ায়। এইটোৱে স্মৰণ কৰি চক্ৰ লগাই থাকিব লাগে। বিদ্যাৰ্থীয়ে শিক্ষকক স্মৰণো কৰে আৰু বুদ্ধিত পঢ়াৰ কথাও থাকে। শিক্ষকৰ লগত যোগসূত্ৰতো নিশ্চয় থাকিব। এইটো বুদ্ধিত থাকিব লাগে - আমাৰ সকলো ভাইৰ (আত্মাৰ) এজন শিক্ষক, তেওঁ হৈছে পৰম শিক্ষক। পাছলৈ অনেকেই জানিব - অহো প্ৰভু তোমাৰ লীলা... মহিমা কৰি মৰিব কিন্তু প্ৰাপ্তিতো একো নহ'ব। দেহ-অভিমানত আহিলেই ওলোটা কাম কৰে। দেহী-অভিমানী হ'লে ভাল কাম কৰিব। পিতাই কয় - এতিয়া তোমালোকৰ বানপ্ৰস্থ অৱস্থা। উভতি যাবই লাগিব। হিচাপ-নিকাচ নিষ্পত্তি কৰি সকলোৱে যাব লাগিব। বিচাৰিলেও বা নিবিচাৰিলেও নিশ্চয় যাবই লাগিব। এনেকুৱা দিনো আহিব যেতিয়া সৃষ্টি বহুত খালী হৈ যাব। কেৱল ভাৰতহে থাকিব। আধাকল্প কেৱল ভাৰতেই থাকিব তেন্তে সৃষ্টি কিমান খালী হৈ যাব। এনেকুৱা খেয়াল তোমালোকৰ বাহিৰে অন্য কাৰো বুদ্ধিত উদয় নহব। তেতিয়া তোমালোকৰ কোনো শত্ৰুও নাথাকিব। শত্ৰু আহেনো কিয়? ধন-সম্পত্তিৰ বাবে। ভাৰতলৈ ইমান মুছলমান আৰু ইংৰাজ কিয় আহিছিল? ধন-সম্পত্তি দেখিলে। ধন বহুত আছিল, এতিয়া নাই সেয়েহে এতিয়া অন্য কোনো নাই। ধন লৈ খালী কৰি গ'ল। মনুষ্যই এয়া নাজানে। বাবাই কয় - ধনতো তোমালোকে নিজেই শেষ কৰি দিলা, ড্ৰামাৰ পৰিকল্পনা অনুসৰি। তোমালোকৰ নিশ্চয়তা আছে যে আমি বেহদ পিতাৰ ওচৰলৈ আহিছোঁ। কেতিয়াও কাৰো খেয়ালতো নাহিব যে এয়া হৈছে ঈশ্বৰীয় পৰিয়াল। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) চলোঁতে-ফুৰোঁতে বুদ্ধিত পঢ়াৰ চিন্তন কৰিব লাগে। যিকোনো কাৰ্য কৰোঁতে বুদ্ধিত যাতে সদায় জ্ঞান নিগৰি থাকে। এয়া হৈছে আটাইতকৈ শ্ৰেষ্ঠ পঢ়া, যি পাঠ পঢ়ি দ্বৈত-মুকুটধাৰী হ'ব লাগে।

(2) অভ্যাস কৰিব লাগে যে আমি আত্মা ভাই ভাই। দেহ-অভিমানত আহিলে ওলোটা কৰ্ম হয় সেয়েহে যিমান সম্ভৱ দেহী-অভিমানী হৈ থাকিব লাগে।

বৰদান:
সত্যতাৰ শক্তিৰে সদায় আনন্দত নৃত্য কৰোঁতা শক্তিশালী মহান আত্মা হোৱা

কোৱা হয় "সত্যতাত থাকিলে নাচি থাকে"। সঁ‌চা অৰ্থাৎ সত্যতাৰ শক্তিধাৰীয়ে সদায় আনন্দত নাচি থাকিব, কেতিয়াও জঁই পৰি নাযাব, বিবুদ্ধিত নহ'ব, ভয় নকৰিব, দুৰ্বল নহ'ব। তেওঁ সদায় আনন্দত নাচি থাকিব। শক্তিশালী হ'ব। তেওঁৰ সন্মুখীন হোৱাৰ শক্তি থাকিব, সত্যতা কেতিয়াও লৰচৰ নহয়, অবিচলিত হৈ থাকে। সত্যৰ নাও টুলুংভুটুং কৰে কিন্তু নুডুবে। গতিকে সত্যতাৰ শক্তি ধাৰণ কৰোঁতা আত্মাহে মহান হয়।

স্লোগান:
ব্যস্ত মন-বুদ্ধিক চেকেণ্ডত বিৰাম দিওঁতাটোৱেই সৰ্বশ্ৰেষ্ঠ অভ্যাস।


পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

কোনোবা দেহধাৰীৰ দৃষ্টিৰে তোমালোকৰ সন্মুখত আহিলে তেতিয়া তোমালোকে চেকেণ্ডত তেওঁৰ দৃষ্টিক আত্মিক দৃষ্টিলৈ পৰিৱৰ্তন কৰি লোৱা। কোনোবা অৱনমিত কৰোৱাৰ বৃত্তিৰে বা নিজৰ সংগদোষত অনাৰ দৃষ্টিৰে সন্মুখত আহিলে তেতিয়া তোমালোকে তেওঁক সদায় শ্ৰেষ্ঠ সংগৰ আধাৰেৰে, সংগদোষৰ পৰা দূৰ কৰি শ্ৰেষ্ঠ সংগ লওঁতা কৰি তোলা, এয়াই হৈছে পৰোপকাৰৰ ভাৱনা।