10.07.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতা তোমালোক সন্তানসকলৰ অবিনাশী জ্ঞান ৰত্নেৰে জোলোঙা ভৰাবলৈ আহিছে, এই এটি এটি
জ্ঞান ৰত্ন লাখ লাখ টকা মূল্যৰ”
প্ৰশ্ন:
গুপ্ত দানৰ
ইমান অধিক মহত্ত্ব কিয়?
উত্তৰ:
কিয়নো পিতাই তোমালোকক এতিয়া গুপ্ত জ্ঞান ৰত্ন দান দিয়ে, এয়া জগতে নাজানে, আকৌ
তোমালোক সন্তানসকলে এই জ্ঞান ৰত্ন দান কৰি বিশ্বৰ ৰাজ্য-ভাগ্য লোৱা। এয়াও গুপ্ত,
কোনো যুদ্ধ নাই, কোনো বাৰুদ আদি নাই, কোনো খৰচ নাই। গুপ্ত ৰীতিৰে পিতাই তোমালোকক
ৰাজ্য-ভাগ্য দান দিলে, সেয়েহে গুপ্ত দানৰ বহুত মহত্ত্ব আছে।
ওঁম্শান্তি।
এবাৰ শিৱবাবাই
কয়, এবাৰ ব্ৰহ্মা দাদাই কয়। দুয়োৰে স্বধৰ্ম শান্তি। দুয়ো শান্তিধামৰ নিবাসী।
তোমালোক সন্তানসকলো শান্তিধামৰ নিবাসী। নিৰাকাৰ দেশৰ নিবাসী সাকাৰী দেশত ভূমিকা
পালন কৰিবলৈ আহিছা কিয়নো এয়া ড্ৰামা হয় নহয়। সন্তানসকলৰ ড্ৰামাৰ আদি-মধ্য-অন্তৰ
জ্ঞান ওপৰৰ পৰা তললৈকে বুদ্ধিত আছে। উচ্চতকৈও উচ্চ ভগৱান, তেওঁৰ সৈতে সন্তানসকল। এই
কথাবিলাক ভালদৰে বুজি লোৱা। তোমালোকৰ বাহিৰে এই জ্ঞান আন কাৰো নাই। তোমালোক ঈশ্বৰীয়
বিদ্যালয়ত পঢ়া। ভগৱানুবাচ - ভগৱানতো এজনেই। কোনো 10-20 গৰাকী ভগৱান নাই। যিমানবোৰ
ধৰ্মাৱলম্বী আছে, তেওঁলোকৰ যিসকল আত্মা আছে, সকলোৰে এজনেই পিতা। আকৌ পিতাই সৃষ্টি
ৰচনা কৰে তেতিয়া কোৱা হয় প্ৰজাপিতা ব্ৰহ্মা। শিৱক প্ৰজাপিতা বুলি কোৱা নহয়। প্ৰজাতো
জন্ম-মৰণত আহে। আত্মাই সংস্কাৰৰ আধাৰত জন্ম-মৰণত আহে। আকৌ আৱশ্যক হয় প্ৰজাপিতা
ব্ৰহ্মাৰ। গায়ন কৰা হৈছে - পৰমপিতা পৰমাত্মাই প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা ৰচনা ৰচে।
তেওঁক আহ্বানেই কৰা হয় - পতিত-পাৱন আহক। যেতিয়া সৃষ্টি পতিত হয় আৰু তাৰ অন্ত হ’বৰ
হয় তেতিয়াহে পিতা আহে পতিতৰ পৰা পাৱন কৰি তুলিবলৈ। এতিয়া তোমালোকে জানি গৈছা - পিতা
আহেও এবাৰেই আৰু কেতিয়াও নাহেই। এতিয়া তোমালোকে গোটেই জ্ঞান পাইছা। তোমালোক ড্ৰামাৰ
ভাৱৰীয়া হোৱা নহয়। ড্ৰামাৰ ভাৱৰীয়াই সকলোৰে ভূমিকাৰ বিষয়ে নিশ্চয় গম পোৱা উচিত যে
কি কি ভূমিকা আছে। সেয়া হৈছে তেনেই চুটি সীমিত ভূমিকা (ড্ৰামা), তাৰ বিষয়েতো সকলোৱে
গম পাই যায়। তোমালোকেও চাই আহা। প্ৰয়োজনত লিখিবও পাৰা, স্মৃতিলৈ আনিব পাৰা। তেনেই
চুটি। এয়াতো বহুত ডাঙৰ বেহদৰ ড্ৰামা, যাক তোমালোকে সত্যযুগৰ পৰা কলিযুগৰ অন্তলৈকে
জানা। এতিয়া তোমালোক সন্তানসকলে জানা যে বেহদৰ পিতাৰ পৰা আমি বেহদৰ উত্তৰাধিকাৰ
প্ৰাপ্ত কৰোঁ। আকৌ হদৰ পিতাৰ পৰা হদৰ উত্তৰাধিকাৰ, হদৰ সম্পত্তি পোৱা যায়। বাবাই
বুজাইছিল যে যিসকল ৰজা হয় তেওঁলোকে পূৰ্বৰ জন্মত দান-পুণ্য আদি কৰাৰ বাবে এটা জন্মৰ
বাবে ৰজা হয়। এনেকুৱা নহয় যে তেওঁলোক পৰৱৰ্তী জন্মতো হ'ব! তোমালোক যি সত্যযুগত ৰজা,
মহাৰজা আছিলা। এনেকৈ নাভাবিবা যে তোমালোকৰ বাদশ্বাহী ক'ৰবাত হেৰাই যায় যেতিয়া আকৌ
ভক্তিমাৰ্গ হয় তেতিয়াও তেওঁলোকে বেছি দান-পুণ্য কৰে, তেতিয়া তেওঁলোকেও ৰাজ্য
প্ৰাপ্ত কৰে। কিন্তু তেওঁলোক আকৌ হৈ যায় বিকাৰী ৰজা। তোমালোকেই যিসকল পূজনীয় আছিলা
সেইসকলেই আকৌ পূজাৰী হৈছা। সেয়া হৈছে অল্পকালৰ সুখ। দুখতো কেৱল এতিয়া হয়। এতিয়া
তমোপ্ৰধান আৱস্থাতো তোমালোকৰ সুখ আছে, কোনো যুদ্ধ-বিগ্ৰহৰ কথা নাই। এয়াতো পাছত হয়,
যেতিয়া লাখৰ সংখ্যাত হৈ যায় তেতিয়া যুদ্ধ আদি আৰম্ভ হৈ যায়। তোমালোক সন্তানসকলৰতো
সত্যযুগ, ত্ৰেতা, দ্বাপৰতো সুখ থাকে। যেতিয়া তমোপ্ৰধানতা আৰম্ভ হয় তেতিয়া অলপ দুখ
হয়। এতিয়াতো হয়েই তমোপ্ৰধান। পিতাই বুজায় - এয়া হয়েই তমোপ্ৰধান সৃষ্টি। তোমালোকে
জানা যে এয়া বেহদৰ ড্ৰামা, ইয়াৰ পৰা কোনেও ৰেহাই পাব নোৱাৰে। মনুষ্য যেতিয়া দুখত
অতিষ্ঠ হৈ যায় তেতিয়া কয় ভগৱানে এনেকুৱা খেল কিয় ৰচিছে। যদি ভগৱানে ৰচনাই
নকৰিলেহেঁতেন তেন্তে সৃষ্টিয়েই নাথাকিলহেঁতেন। একো নহ'লেহেঁতেন। ৰচয়িতা আৰু ৰচনাতো
আছে নহয় জানো। তাৰ বিস্তাৰো আছে, সত্যযুগৰ পৰা কলিযুগৰ অন্তলৈকে বাকী কেইটিমান দিন
আছে। তোমালোকেও বাস্তৱত দেখা পাবা। প্ৰথমতেইতো দেখুৱাই নিদিব। 5 হাজাৰ বছৰৰ বাকী
কিছু চক্ৰ আছেগৈ। সেয়া জানো এতিয়াই দেখুৱাই দিব, যেতিয়া সময় হ'ব তেতিয়া সেয়াও সাক্ষী
হৈ চাবা। যি ঘটিবলগীয়া আছে সেয়া কল্প পূৰ্বৰ দৰেই হ'ব। এয়াতো দেখিবলৈ পোৱাই,
প্ৰস্তুতি চলি আছে। বিনাশতো নিশ্চয় হ'ব। সকলোৰে প্ৰস্তুতি চলি আছে। সেয়া ড্ৰামাত
পূৰ্বৰে পৰাই নিৰ্ধাৰিত হৈ আছে। বিনাশ নিশ্চয় হ'ব। এতিয়া তোমালোক সন্তানসকলক পিতাই
বুজায় - তোমালোক আত্মা যি তমোপ্ৰধান হৈছা সেই আত্মাসকলো ইয়াত সতোপ্ৰধান হ’ব লাগে।
এয়া তোমালোকে এতিয়া বুজি পোৱা।
পিতা গুপ্তৰূপত আহে,
গুপ্তৰূপতেই তোমালোকক জ্ঞান দি আছে। জগতত কোনেও নাজানে। গুপ্ত ৰীতিৰে তোমালোকে
বিশ্বৰ ৰাজ্য লোৱা, কোনো হৈ-চৈ নাই। একেবাৰেই গুপ্ত দান বুলি কোৱা হয় নহয়। পিতা আহি
সন্তানসকলক অবিনাশী জ্ঞান ৰত্নৰ গুপ্ত দান দিয়ে। পিতাও কিমান গুপ্ত, কোনেও নাজানে।
এই সকলো ক'লৈ যায়, ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে কি কৰে, একোৱে বুজি নাপায়। তোমালোক
সন্তানসকলে জানা পিতা কিমান গুপ্ত। তোমালোক সন্তানসকলক গুপ্তৰূপত বিশ্বৰ মালিক কৰি
তোলে। কোনো যুদ্ধ নাই, কোনো বাৰুদ নাই, কোনো খৰচ নাই। ইয়াততো এখন সৰু গাঁও অধিকাৰ
কৰোঁতেই কিমান কাজিয়া, মৰা-মৰি লাগি যায়। সেয়েহে পিতা আহি গুপ্ত দান দিয়ে। অবিনাশী
জ্ঞান ৰত্নেৰে তোমালোকৰ জোলোঙা ভৰাই দিয়ে। এনেকৈ কয় - ভৰাই দিয়া জোলোঙা, শিৱ ভোলা
ভাণ্ডাৰী।
তোমালোকে জানা
শিৱবাবাই অবিনাশী জ্ঞান ৰত্নেৰে আমাৰ জোলোঙা ভৰাই আছে। এটি এটি ৰত্ন লাখ লাখ টকা
মূল্যৰ। তোমালোকে কিমান ৰত্ন দিয়া। আকৌ তোমালোক কিমান দানী হোৱা। সেয়াও গুপ্ত।
দেৱতাসকলক কিমান অস্ত্ৰ, ভুজা আদি দি দিছে। বাস্তৱত একোৱেই নাই। সত্যযুগত দেৱতাসকলৰ
ইমান ভুজা আদিতো নাথাকে। কলিযুগত কিমান অনেক প্ৰকাৰৰ অস্ত্ৰ দি দিছে। বিনাশৰ বাবে
বোমা আছেই তেন্তে আকৌ তৰোৱাল, বাণ আদিৰে কি কৰিব। তোমালোকে কোৱা জ্ঞান তৰোৱাল
তেওঁলোকে আকৌ অস্ত্ৰ বুলি ভাবি ল'লে। আচলতে একোৱেই নাই। তোমালোকেতো গুপ্ত দান পোৱা।
তোমালোকে আকৌ সকলোকে গুপ্ত দান দিয়া। তোমালোকে জানা বাবাই আমাক শ্ৰীমত দি আছে,
শ্ৰীমত (শ্ৰেষ্ঠ মত) হয়েই ভগৱানৰ। তোমালোকে জানা যে আমি নৰৰ পৰা নাৰায়ণ হ'বলৈ আহোঁ।
তেওঁলোকক সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ দৈৱী গুণধাৰী বুলি কোৱা হয়। দৈৱীগুণ
কেৱল সেই দেৱী-দেৱতাসকলৰ থাকে, আকৌ কলা কম হৈ গৈ থাকে। যেনেকৈ সম্পূৰ্ণ চন্দ্ৰমাৰ
পোহৰ ভাল হয় আকৌ কম হৈ গৈ থাকে। কম হৈ হৈ একেবাৰে পাতল ৰেখা এডালহে বাকী থাকেগৈ।
একেবাৰে নোহোৱা হৈ নাযায়। ৰেখা নিশ্চয় থাকে যাক অমাৱস্যা বুলি কোৱা হয়। এতিয়া
তোমালোকৰ হৈছে বেহদৰ কথা। তোমালোক 16 কলা সম্পূৰ্ণ হোৱা। এনেকৈ দেখুৱায় যে
শ্ৰীকৃষ্ণৰ মুখত মাতাসকলে চন্দ্ৰমা দেখিবলৈ পায়। এয়া হৈছে সাক্ষাৎকাৰৰ কথা, যাৰ
বুজনি পিতাই বহি দিয়ে। এতিয়া তোমালোক সম্পূৰ্ণ হ’ব লাগে। মায়াৰ সম্পূৰ্ণ গ্ৰহণ লাগি
আছে। ৰেখা এডালহে বাকী থাকেগৈ, ছিৰি নামি (অৱনমিত হৈ) আহিছে। সকলোৱে ছিৰি নামিবলগীয়া
হয় তেতিয়াহে আকৌ সকলোৱে উভতি যাবলগীয়া হ’ব। তোমালোকতো এতিয়া সংখ্যাত তেনেই তাকৰ।
লাহে লাহে বৃদ্ধি হ’ব। পঢ়াত বহুতে উত্তীৰ্ণ নহয়। তোমালোকৰ সেৱাকেন্দ্ৰও লাহে লাহে
বৃদ্ধি হৈ গৈ থাকে। সময় সমীপত আহি থাকিব তেতিয়া বুজিব - এওঁলোকৰ কি আছে?
দিনে-প্ৰতিদিনে বৃদ্ধি হৈ গৈ থাকে। এতিয়া কয় - আমি ভাবিছিলোঁ এয়া (সেৱাকেন্দ্ৰসমূহ)
কিমানলৈকেনো চলিব, শেষ হৈ যাব। আৰম্ভণিত এইটো ভয়তে বহুত আঁতৰি গুচি গ’ল। নাজানো কি
হ’ব! ইয়াৰো হৈ নাথাকিম, তাৰো হৈ নাথাকিম, ইয়াতকৈতো আঁতৰি যোৱাই ভাল। গুচি গ’ল আকৌ
তেওঁলোকৰ মাজৰ পৰা আহি থাকে। পিতাই বহি কিমান সহজ ৰীতিৰে বুজায়। এই অবলাসকলক,
অহল্যাসকলক কোনো কষ্ট নিদিয়ে। এওঁলোকৰো উদ্ধাৰতো হ’ব লাগিব। কয় - বাবা আমিতো একোৱেই
পঢ়া লিখা কৰা নাই। পিতাই কয় - একোৱেই যদি পঢ়া নাই তেন্তে বহুত ভাল। শাস্ত্ৰ আদি যি
পঢ়িছা সেই সকলোবোৰ পাহৰি যোৱা। মই কোনো বেছিকৈ নপঢ়াওঁ। কেৱল কওঁ - মোক স্মৰণ কৰা
তেন্তে বাদশ্বাহী তোমালোকৰ। বচ্ তোমাৰ নাও পাৰ হৈ যাব। সন্তান জন্ম হ’ল আৰু ক’ব
বাবা। বচ্ উত্তৰাধিকাৰৰ অধিকাৰী হৈ যায়। ইয়াতো তোমালোক অধিকাৰী হৈ যোৱা। বাপদাদাক
স্মৰণ কৰিলা আৰু ৰাজধানী তোমালোকৰ সেইকাৰণে গায়ন কৰা হৈছে - চেকেণ্ডত জীৱন মুক্তি।
চহকীলোকৰ ভূমিকা শেষৰ ফালে। প্ৰথমে গৰিবসকলৰ পাল। তোমালোকৰ ওচৰলৈ নিজেই আহিব।
দলিতসকলৰো উদ্ধাৰ হ’ব। ভীলনীৰো (নীচ জাতিৰ) গায়ন আছে। এনেকৈ কয় যে ৰামে ভীলনীৰ বগৰি
খালে। বাস্তৱত ৰামো নহয়, শিৱবাবাও নহয়। হ’ব পাৰে এই ব্ৰহ্মাই খাবলগীয়া হয়। ভীলনী আদি
আহিব। ধৰি লোৱা ট’লি আদি লৈ আহিল তেতিয়া আপত্তি কেনেকৈ কৰিব পাৰে। ভীলনী, গণিকাসকলে
লৈ আহিলে তেতিয়াতো তোমালোকেও খাবা। শিৱবাবাই কয় মইতো নাখাওঁ, মইতো অভোক্তা।
তোমালোকৰ ওচৰলৈ সকলো আহিব। চৰকাৰেও সহায় কৰিব যে এওঁলোকক উদ্ধাৰ কৰা। তোমালোকৰো
আপোনাআপুনি প্ৰেৰণা জাগিব। বাবা গৰিবৰ ত্ৰাণকৰ্তা গতিকে আমিও গৰিবসকলক বুজাম।
ভীলনীসকলৰ মাজৰ পৰাও ওলাব। ইমান ডাঙৰ বৃক্ষ, ইয়াত এগৰাকীও দেৱী-দেৱতা ধৰ্মৰ হৈ
নাথাকিল আৰু সকলো অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গ’ল। এতিয়া পিতাই কয় - যিসকল ভক্তি
কৰোঁতা আছে তেওঁলোকক বুজোৱা। তোমালোকে চাই আছা- পুলি কেনেকৈ ৰোপণ কৰা হয়। ব্ৰাহ্মণ
কেনেকৈ হয়। যিসকল সূৰ্যবংশী, চন্দ্ৰবংশী দেৱতা হ’ব তেওঁলোকেই আহি থাকিব। এবাৰো যদি
শুনে তেন্তে স্বৰ্গলৈ নিশ্চয় আহিব। বাবাই কাশীত আত্মঘাতী হোৱাৰো দৃষ্টান্ত শুনাইছে।
শিৱৰ প্ৰতি উৎসৰ্গিত হৈছিল। তেওঁলোকেও কিছু পোৱা উচিত। তোমালোকো উৎসৰ্গিত হোৱা।
বাদশ্বাহীৰ কাৰণে পুৰুষাৰ্থ কৰা। ভক্তিমাৰ্গত বাদশ্বাহীতো নাথাকে। উভতি কোনেও যাবও
নোৱাৰে। তেন্তে কি হয়, তেওঁলোকে যি পাপ কৰিছে তাৰ শাস্তি ভোগ কৰি নিষ্পত্তি কৰি দিয়ে।
পুনৰ নতুনকৈ জন্ম হয়। নতুনকৈ পাপ আৰম্ভ হয়। বাকী থাকিবতো সকলোৱে ইয়াতেই লাগিব।
প্ৰথম নম্বৰত তোমালোকেই আছা। তোমালোকেই 84 জন্ম ভোগ কৰা। সকলোৱে সতো, ৰজো, তমোত
আহিবলগীয়া হয়। পিতাই কয় - এই সময়ত গোটেই মনুষ্য সৃষ্টিৰ বৃক্ষ জৰ্জৰিত হৈ গ’ল।
মনুষ্যতো একেবাৰে ঘোৰ অন্ধকাৰত কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে। এজন কুম্ভকৰ্ণ নহয়,
অনেক আছে। তোমালোকে যিমানেই নুবুজোৱা, নুশুনেই। যাৰ ভূমিকা আছে তেওঁলোকে পুৰুষাৰ্থ
কৰে আৰু তেওঁলোকেই মাতা-পিতাৰ অন্তৰত অধিষ্ঠিত হয়। সিংহাসনত অধিষ্ঠিতও তেওঁলোকেই
হ'ব। কিমান কন্যাই সোধে, বাবা সন্তানসকলক গালি পাৰিবলগীয়া হয়। পিতাই কয় – তাৰ বাবে
ইমান একো নাই। তোমালোকে আহ্বান কৰা আমাক পতিতসকলক পাৱন কৰি তোলক। পিতায়ো কয় - কাম
মহাশত্ৰু হয়। এনেকৈ কোৱা নহয় যে ক্ৰোধ শত্ৰু। মাতাসকলৰ ইমান নাথাকে, পুৰুষসকলে বহুত
কাজিয়া কৰে। এতিয়া পিতাই তোমালোক মাতাসকলক আগত ৰাখিছে। বন্দে মাতৰম্। নহ'লেতো
মাতাসকলক কয় - তোমালোকৰ পতিয়েই গুৰু ঈশ্বৰ। তেওঁৰ মতত চলিব লাগে। বন্ধনত বান্ধ খালে
আৰু তৎক্ষণাৎ পতিত হ'ল। এয়া ঈশ্বৰ পালে তেওঁলোকে! এতিয়া ৰামৰাজ্য স্থাপন হয়, বাকী
সকলো মৰি গৈ থাকিব। বাবাই বুজাইছে - বিনাশকালত অপ্ৰীতিকৰ (ভ্ৰষ্ট) বুদ্ধি।
বিনাশকালত প্ৰীতি বুদ্ধি। তোমালোকৰ পৰমপিতা পৰমাত্মাৰ সৈতে প্ৰীতি বুদ্ধি আছে।
তোমালোক আত্মাই জানা যে শিৱবাবা এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত আহে, এওঁৰ দ্বাৰা আমি শুনি
আছোঁ। ইমান সূক্ষ্ম বিন্দু। শিৱবাবাৰ এয়া অস্থায়ী ৰথ, এওঁৰ দ্বাৰা এই ৰুদ্ৰ জ্ঞান
যজ্ঞ ৰচিছে, যি বাঢ়িয়েই গৈ থাকিব, সন্তানসকলৰ এটি এটি টোপালেৰে পুখুৰী ভৰি গৈ থাকে।
সন্তানসকলে নিজৰ সফল কৰি গৈ থাকে কিয়নো জানে - এয়াতো সকলো মাটিত মিহলি হৈ যাব।
একোৱেই নাথাকিব। ইমানখিনিতো সফল হৈ যাওক। সুদামাৰ দৃষ্টান্তও আছে নহয়। কন্যাসকলে
বাবাৰ ওচৰলৈ এমুঠি চাউল বা 6-8 টকা পঠিয়াই দিয়ে। বাঃ কন্যা! পিতাতো গৰিবৰ ত্ৰাণকৰ্তা
হয় নহয়। এয়া সকলো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, আকৌ হ'ব। বন্ধনত থকাসকল আছে। বাবাই কয়
- ভাগ্যশালী হোৱা - শিৱবাবাৰ হাতততো ধৰিলা নহয়। এনেকুৱা দিন আহিব যে সকলো আৰ্যসমাজী
আদিও আহিব। যাবনো ক'লৈ? মুক্তি-জীৱনমুক্তিৰ দোকানতো এখনেই আছে। শাস্তি ভোগ কৰি
সকলোৱে মুক্তিত যাব লাগে। এয়া হৈছে বিনাশৰ (হিচাপ নিষ্পত্তি কৰাৰ) সময়। সকলো উভতি
যাব। এয়া হৈছে প্ৰেমিকৰ বৰযাত্ৰী। কেনেকৈ বৰযাত্ৰী যাব, সেয়াও সাক্ষাৎকাৰ হ’ব।
তোমালোকৰ বাহিৰে অন্য কোনেও চাব নোৱাৰে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ
দ্বাৰা জ্ঞানৰ যি গুপ্ত দান পাইছা, তাৰ মূল্য বুজি নিজৰ বুদ্ধিৰূপী জোলোঙা জ্ঞান
ৰত্নৰে ভৰপূৰ কৰিব লাগে। সকলোকে গুপ্ত দান দি যাব লাগে।
(2) এই বিনাশৰ সময়ত
যিহেতু উভতি যাব লাগে সেয়েহে নিজৰ সকলো সফল কৰিব লাগে। প্ৰীতি বুদ্ধিৰ হ’ব লাগে।
মুক্তি আৰু জীৱন মুক্তিৰ ৰাস্তা সকলোকে দেখুৱাব লাগে।
বৰদান:
হোজা স্বভাৱৰ
লগতে সৰ্বশক্তিমান হৰ্তাকৰ্তা হৈ মায়াৰ সন্মুখীন হওঁতা শক্তি স্বৰূপ হোৱা
কেতিয়াবা কেতিয়াবা
হোজা স্বভাৱে বহুত বেছি লোকচান কৰি দিয়ে। সৰলতাই হোজা ৰূপ ধাৰণ কৰি লয়। কিন্তু
এনেকুৱা হোজা নহ’বা যে সন্মুখীন হ’ব নোৱাৰা। সৰলতাৰ লগতে সমাহিত কৰা আৰু সহন কৰাৰ
শক্তি লাগে। যেনেকৈ পিতা ভোলানাথৰ লগত সৰ্বশক্তিমান কৰ্তৃত্ব আছে, তেনেকৈ তোমালোকো
হোজা স্বভাৱৰ লগতে শক্তি স্বৰূপো হোৱা তেতিয়া মায়াৰ গুলি নালাগিব, মায়াই
বিৰুদ্ধাচৰণ কৰাৰ পৰিৱৰ্তে নমস্কাৰ জনাব।
স্লোগান:
নিজৰ অন্তৰত স্মৃতিৰ পতাকা উৰুৱা তেতিয়া প্ৰত্যক্ষতাৰ পতাকা উত্তোলন কৰা হ’ব।
অব্যক্ত ইংগিত:
জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা
বিশেষকৈ স্মৃতিৰ
যাত্ৰা অধিক শক্তিশালী কৰি তোলা আৰু জ্ঞান-স্বৰূপৰ অনুভৱী হোৱা। তোমালোক শ্ৰেষ্ঠ
আত্মাসকলৰ শুভ বৃত্তি, কল্যাণৰ বৃত্তি আৰু শক্তিশালী বাতাবৰণে কাতৰ হৈ থকা,
দিগভ্ৰান্ত তথা কাতৰোক্তি কৰি থকা অনেক আত্মাক আনন্দ, শান্তি আৰু শক্তিৰ অনুভূতি
কৰাব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]