10.08.25    Avyakt Bapdada     Assame Murli     31.10.2006     Om Shanti     Madhuban


“*“সদায় স্নেহীৰ লগতে অখণ্ড মহাদানী হোৱা তেতিয়া বিঘ্ন বিনাশক, সমাধান স্বৰূপ হৈ যাবা”*”


আজি প্ৰেমৰ সাগৰে নিজৰ পৰমাত্ম প্ৰেমৰ পাত্ৰ সন্তানসকলৰ সৈতে মিলন উদ্‌যাপন কৰিবলৈ আহিছেহঁক। তোমালোক সকলোৱেও স্নেহৰ অলৌকিক বিমানেৰে আহি ইয়াত উপস্থিত হৈছাহি নহয়! সাধাৰণ বিমানত আহিছা নে স্নেহৰ বিমানত উৰি আহি উপস্থিত হৈ গ’লা? সকলোৰে অন্তৰত স্নেহৰ লহৰ উঠি আছে আৰু স্নেহেই এই ব্ৰাহ্মণ জীৱনৰ আধাৰ। গতিকে তোমালোক সকলো যেতিয়া আহিছা স্নেহে টানি আনিছে নহয়! জ্ঞানতো পাছত শুনিছা, কিন্তু স্নেহে পৰমাত্ম স্নেহী কৰি দিলে। কেতিয়াও সপোনতো নাছিল যে আমি পৰমাত্ম স্নেহৰ পাত্ৰ হ’ম। কিন্তু এতিয়া কি কোৱা? হৈ গ’লা। স্নেহো সাধাৰণ স্নেহ নহয়, অন্তৰৰ স্নেহ। আত্মিক স্নেহ, সঁচা স্নেহ, নিঃস্বাৰ্থ স্নেহ। এই পৰমাত্ম স্নেহে বহুত সহজ স্মৃতিৰ অনুভৱ কৰায়। স্নেহীক স্মৃতিলৈ অনা কঠিন নহয়, পাহৰি যোৱা কঠিন। স্নেহ এক অলৌকিক চুম্বক। স্নেহে সহজ যোগী কৰি তোলে, পৰিশ্ৰমৰ পৰা মুক্ত কৰি দিয়ে। স্নেহেৰে স্মৰণ কৰা কঠিন নহয়। স্নেহৰ ফল খোৱা। স্নেহৰ বিশেষ চিন চাৰিওফালৰ সন্তানসকলতো হয়েই কিন্তু ডবল বিদেশীসকল স্নেহত দৌৰি দৌৰি আহি উপস্থিত হৈছে। চোৱা, 90খন দেশৰ পৰা কেনেকৈ দৌৰি আহি উপস্থিত হৈছেহি। দেশৰ সন্তানসকলতো হয়েই প্ৰভু প্ৰেমৰ পাত্ৰ, কিন্তু আজি বিশেষকৈ ডবল বিদেশীসকলৰ সোণালী সুযোগ। তোমালোক সকলোৰে বিশেষ স্নেহ আছে নহয়! কিমান স্নেহ আছে? কাৰোবাৰ সৈতে তুলনা কৰিব পাৰানে? কোনো তুলনা হ’ব নোৱাৰে। তোমালোক সকলোৰে এটা গীত আছে নহয় - আকাশতো ইমান তৰা নাই, সাগৰতো ইমান পানী নাই.... বেহদৰ প্ৰেম, বেহদৰ স্নেহ আছে।

বাপদাদাও সন্তানসকলৰ সৈতে মিলন উদ্‌যাপন কৰিবলৈ আহি উপস্থিত হৈছে। তোমালোক সকলো সন্তানে স্নেহেৰে স্মৰণ কৰিলা আৰু বাপদাদা তোমালোকৰ প্ৰেমত আহি উপস্থিত হ’ল। যেনেকৈ এই সময়ত প্ৰত্যেকৰে চেহেৰাত স্নেহৰ ৰেখা চিকমিকাই আছে। তেনেকৈয়ে এতিয়া আৰু কি সংযোগ কৰিব লাগে? স্নেহতো আছে, এয়াতো দৃঢ়। বাপদাদায়ো প্ৰমাণ পত্ৰ দিছে যে স্নেহ আছে। এতিয়া কি কৰিব লাগে? বুজিতো পাইছা। এতিয়া কেৱল বিশেষ মনোযোগ দিব লাগে - সদায় স্নেহী হৈ থাকিব লাগে, সদায়, কেতিয়াবা নহয়। অটুট স্নেহ আছে কিন্তু শতাংশত পাৰ্থক্য আহি যায়। তেন্তে পাৰ্থক্য দূৰ কৰিবলৈ কি মন্ত্ৰ আছে? সকলো সময়ত মহাদানী, অখণ্ডদানী হোৱা। সদায় দাতাৰ সন্তান বিশ্ব সেৱাধাৰী সমান। কোনো সময়ত মাষ্টৰ দাতা নোহোৱাকৈ নাথাকে কিয়নো বিশ্ব কল্যাণৰ কাৰ্যত পিতাৰ সৈতে নিজেও সহায়কাৰী হোৱাৰ সংকল্প লৈছা। লাগিলে মনেৰে শক্তি দান বা সহযোগ দিয়া। বাণীৰে জ্ঞান দিয়া, সহযোগ দিয়া। কৰ্মৰ দ্বাৰা গুণ দান দিয়া আৰু স্নেহ সম্পৰ্কৰ দ্বাৰা আনন্দ দান দিয়া। কিমান অখণ্ড সম্পদৰ মালিক আৰু বিশ্বত আটাইতকৈ ধনী হোৱা। অক্ষয় আৰু অখণ্ড সম্পদ আছে। যিমানে দিবা সিমানে বাঢ়ি যায়। কম নহয়, বাঢ়িব কিয়নো বৰ্তমান সময়ত গৰিষ্ঠসংখ্যক তোমালোকৰ আত্মিক ভাতৃ-ভগ্নী এই সম্পদৰ তৃষ্ণাতুৰ হৈ আছে। তেন্তে নিজৰ ভাতৃ-ভগ্নীসকলৰ প্ৰতি দয়া নাজাগেনে! তৃষ্ণাতুৰ আত্মাসকলৰ তৃষ্ণা নিবাৰণ নকৰিবা জানো? কাণেৰে আৱাজ নুশুনানে "হে আমাৰ দেৱ-দেৱীসকল আমাক শক্তি দিয়া, সঁ‌চা প্ৰেম দিয়া”। তোমালোকৰ ভক্ত আৰু দুখী আত্মা দুয়োৱেই দয়া কৰা, কৃপা কৰা, হে কৃপাৰ দেৱ আৰু দেৱী বুলি চিঞৰি আছে। সময়ৰ আহ্বান শুনিবলৈ পোৱা নহয়! আৰু এতিয়া সময়ো হৈছে দিয়াৰ। আকৌ কেতিয়া দিবা? তোমালোকৰ যি ইমান অক্ষয় অখণ্ড সম্পদ জমা আছে, তেন্তে কেতিয়া দিবা? অন্তিম সময়ত দিবা নেকি? সেই সময়ত কেৱল অঞ্জলি দিব পাৰিবা। তেন্তে নিজৰ জমা সম্পদ কেতিয়া কাৰ্যত লগাবা? পৰীক্ষা কৰা যে সকলো সময়ত কিবা নহয় কিবা সম্পদ সফল কৰি আছোঁনে? এই ক্ষেত্ৰত ডবল লাভ আছে, সম্পদ সফল কৰিলে আত্মাসকলৰো কল্যাণ হ'ব আৰু লগতে তোমালোক সকলো মহাদানী হোৱাৰ কাৰণে বিঘ্ন বিনাশক, সমস্যা স্বৰূপ নহয়, সমাধান স্বৰূপ হৈ যাবা। ডবল লাভ আছে। আজি এইটো পৰিস্থিতি আহিল, কালি এইটো আহিল, কালি এইটো হৈ গ'ল। বিঘ্ন-মুক্ত, সমস্যা মুক্ত সদাকালৰ বাবে হৈ যাবা। সমস্যাৰ বাবে যি সময় খৰচ কৰা, পৰিশ্ৰমো কৰা, কেতিয়াবা দুখী হৈ যোৱা, কেতিয়াবা উৎসাহিত হোৱা, তাৰ পৰা হাত সাৰি যাবা কিয়নো বাপদাদাৰো সন্তানসকলৰ পৰিশ্ৰম ভাল নালাগে। যেতিয়া বাপদাদাই দেখে, সন্তানসকলে পৰিশ্ৰম কৰি আছে, তেতিয়া সন্তানসকলৰ পৰিশ্ৰম পিতাই চাব নোৱাৰে। সেয়েহে পৰিশ্ৰম মুক্ত। পুৰুষাৰ্থ কৰিব লাগে কিন্তু কি পুৰুষাৰ্থ? এতিয়াও জানো নিজৰ সৰু সৰু সমস্যাসমূহৰ পুৰুষাৰ্থী হৈ থাকিবা! এতিয়া অখণ্ড মহাদানী, অখণ্ড সহযোগী হোৱাৰ পুৰুষাৰ্থ কৰা। ব্ৰাহ্মণৰ মাজত সহযোগী হোৱা আৰু দুখী আত্মাসকল, তৃষ্ণাতুৰ আত্মাসকলৰ বাবে মহাদানী হোৱা। এতিয়া এইটো পুৰুষাৰ্থৰ আৱশ্যকতা আছে। পচন্দ হৈছে নহয়! পচন্দ হৈছেনে? পিছৰসকলৰ পচন্দ হৈছেনে? তেন্তে এতিয়া কিছু পৰিৱৰ্তনো কৰিব লাগে নহয়, সেই নিজৰ প্ৰতি পুৰুষাৰ্থ বহুত সময় কৰিলা। কেনেকুৱা পাণ্ডৱ! পচন্দ হৈছেনে? তেন্তে কাইলৈৰ পৰা কি কৰিবা? কাইলৈৰ পৰাই আৰম্ভ কৰিবা নে এতিয়াৰ পৰা? এতিয়াৰ পৰা সংকল্প কৰা - মোৰ সময়, সংকল্প বিশ্ব সেৱাৰ প্ৰতি। ইয়াত নিজৰ পুৰুষাৰ্থ স্বতঃ হৈয়ে যাব, ৰৈ নাথাকে, বাঢ়িব। কিয়? যেতিয়া তোমালোকে কাৰোবাৰ আশা পূৰ্ণ কৰিবা, দুখৰ সলনি সুখ দিবা, নিৰ্বল আত্মাক শক্তি দিবা, গুণ দিবা, তেতিয়া তেওঁ‌লোকে কিমান আশীৰ্বাদ দিব। আৰু সকলোৰে পৰা আশীৰ্বাদ লোৱা এয়াই আগবাঢ়ি যোৱাৰ সকলোতকৈ সহজ সাধন। ভাষণ দিব নোৱাৰিলেও, অনুষ্ঠান বেছিকৈ পাতিব নোৱাৰিলেও কোনো কথা নাই, কৰিব পাৰা যদি আৰু কৰা। কিন্তু কৰিব যদি নোৱাৰাও তেন্তে কোনো আপত্তি নাই, সম্পদসমূহ সফল কৰা। শুনালোঁ নহয় যে মনেৰে শক্তিসমূহৰ সম্পদ দি যোৱা। বাণীৰে জ্ঞান ৰূপী সম্পদ, কৰ্মৰে গুণ ৰূপী সম্পদ আৰু বুদ্ধিৰে সময়ৰ সম্পদ, সম্বন্ধ-সম্পৰ্কৰে আনন্দৰ সম্পদ সফল কৰা। সফল কৰিলে সহজে সফলতা মূৰ্ত হৈ যাবা। সহজে উৰি থাকিবা কিয়নো আশীৰ্বাদে একপ্ৰকাৰৰ ‘লিফ্ট’ৰ কাম কৰে, ছিৰিৰ নহয়। সমস্যা আহিল, দূৰ কৰিলা, কেতিয়াবা দুদিন লগালা, কেতিয়াবা দুঘণ্টা লগলা, এয়া হৈছে ছিৰি। সফল কৰা, সফলতা মূৰ্ত হোৱা, তেতিয়া আশীৰ্বাদৰ লিফ্টেৰে য'ত বিচাৰা ত’ত এক চেকেণ্ডত উপস্থিত হৈ যাবা। সূক্ষ্মলোকলৈ যোৱা বা পৰমধামলৈ যোৱা নতুবা নিজৰ ৰাজ্যলৈ যোৱা, চেকেণ্ডত। লণ্ডনত ‘এক মিনিট’ শীৰ্ষক অনুষ্ঠান পাতিছিলা নহয়। বাপদাদাইতো কয় ‘এক চেকেণ্ড’। এক চেকেণ্ডত আশীৰ্বাদৰ লিফ্টত আৰোহণ কৰা। কেৱল স্মৃতিৰ বুটাম টিপা বচ্‌ পৰিশ্ৰম মুক্ত।

আজি ডবল বিদেশীসকলৰ দিন হয় নহয় সেয়েহে বাপদাদাই প্ৰথমে ডবল বিদেশীসকলক কোনটো ৰূপ চাব খোজে? পৰিশ্ৰম মুক্ত, সফলতা মূৰ্ত, আশীৰ্বাদৰ পাত্ৰ। হ’বা নহয়? কিয়নো ডবল বিদেশীসকলৰ পিতাৰ প্ৰতি বহুত স্নেহ আছে, শক্তি লাগে কিন্তু স্নেহ ভাল। চমৎকাৰতো কৰিলা নহয়? চোৱা 90খন দেশৰ পৰা বেলেগ বেলেগ দেশ, বেলেগ বেলেগ ৰীতি-প্ৰথা কিন্তু পাঁচোটা খণ্ডৰে এজোপা চন্দনৰ বৃক্ষ হৈ গৈছে। এজোপা বৃক্ষত আহি গৈছে। এটাই ব্ৰাহ্মণ সংস্কৃতি হৈ গ’ল, এতিয়া ইংৰাজী সংস্কৃতি আছে জানো? আমাৰ সংস্কৃতি ইংৰাজী... এনেকুৱাতো নহয়! ব্ৰাহ্মণ হোৱা নহয়? যিসকলে ভাবা যে এতিয়া আমাৰ ব্ৰাহ্মণ সংস্কৃতি তেওঁলোকে হাত দাঙা। ব্ৰাহ্মণ সংস্কৃতি আৰু সংযোজন নাই। এক হৈ গ’লা নহয়! বাপদাদাই ইয়াৰ বাবে অভিনন্দন জনাই আছে যে সকলো এজোপা বৃক্ষৰ হৈ গ’ল। কিমান ভাল লাগে! যাকেই সোধা, আমেৰিকাক সোধা, ইউৰোপক সোধা, তোমালোক কোন? তেতিয়া কি বুলি ক’ব? ব্ৰাহ্মণ হোৱা নহয়! নে ক’বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ, আফ্ৰিকান, আমেৰিকান নহয় সকলো এক ব্ৰাহ্মণ হৈ গ’লা, একমতৰ হৈ গ’লা, এক স্বৰূপৰ হৈ গ’লা। ব্ৰাহ্মণ আৰু এক মত শ্ৰীমত। ইয়াত মজা লাগে নহয়! মজা লাগে নে কঠিন লাগে? কঠিনতো নহয়! কান্ধ লৰাই আছে। ভাল বাৰু।

বাপদাদাই সেৱাত কি নবীনতা বিচাৰে? যিয়েই সেৱা কৰি আছা বহুত বহুত ভাল কৰি আছা, তাৰ বাবেতো অভিনন্দন আছেই। কিন্তু আগলৈ কি সংযোজন কৰিবা? তোমালোকৰ মনত আছে নহয় কিবা নবীনতা লাগে। গতিকে বাপদাদাই দেখিলে, যি অনুষ্ঠান কৰিছে, সময়ো দিছে আৰু প্ৰেমেৰেই কৰিছে, পৰিশ্ৰমো প্ৰেমেৰে কৰিছে আৰু যদি স্থূল ধনো খটুৱাইছে তেন্তে সেয়াতো পদমগুণ হৈ তোমালোকৰ পৰমাত্ম বেংকত জমা হৈ গ’ল। সেয়া জানো খটুৱালা, জমা কৰিছা। ফলাফলত দেখা গ’ল যে বাৰ্তা দিয়াৰ কাৰ্য, পৰিচয় দিয়াৰ কাৰ্য সকলোৱে বৰ ভালকৈ কৰিছা। লাগিলে য’তেই কৰিলা, এতিয়া দিল্লীত হৈ আছে, লণ্ডনত হ’ল আৰু ডবল বিদেশী যিসকলে ‘সময়ৰ আহ্বান’ বা ‘মনৰ শান্তি’ ৰ অনুষ্ঠান পাতে সেই সকলো অনুষ্ঠান বাপদাদাৰ বহুত ভাল লাগে। আৰু যি কাম কৰিব পাৰা কৰি থাকা। বাৰ্তাতো পায়, স্নেহীও হয়, সহযোগীও হয়, সম্বন্ধতো কোনো কোনো আহি যায় কিন্তু এতিয়া সংযোজন লাগে যেতিয়াই কোনো ডাঙৰ অনুষ্ঠান পাতা তাত বাৰ্তাতো পায় কিন্তু কিবা অনুভৱ কৰি যাওঁক সেই অনুভৱে বহুত সোনকালে আগবঢ়াই দিয়ে। যেনেকৈ এই ‘সময়ৰ আহ্বান’ বা ‘মনৰ শান্তি’ৰ অনুষ্ঠানত অনুভৱ অলপ বেছিকৈ কৰে। কিন্তু যিবোৰ ডাঙৰ অনুষ্ঠান হয় তাত বাৰ্তাতো ভালকৈ পাই যায়, কিন্তু যিসকল আহে ধাৰাবাহিকতা ৰক্ষা কৰি তেওঁলোকক কিবা অনুভৱ কৰোৱাৰ লক্ষ্য ৰাখা, কিবা নহয় কিবা অনুভৱ কৰক, কিয়নো অনুভৱ কেতিয়াও নাপাহৰে আৰু অনুভৱ এনেকুৱা বস্তু যে নিবিচৰা সত্ত্বেও সেইফালে আকৰ্ষণ কৰিব। সেয়েহে বাপদাদাই সুধিছে - প্ৰথমে যিসকল ব্ৰাহ্মণ আছে, তেওঁলোক নিজে জ্ঞানৰ মূল কথাবোৰৰ অনুভৱী হৈছানে? প্ৰতিটো শক্তিৰ অনুভৱ কৰিছানে, প্ৰতিটো গুণৰ অনুভৱ কৰিছানে? আত্মিক স্থিতিৰ অনুভৱ কৰিছানে? পৰমাত্ম প্ৰেমৰ অনুভৱ কৰিছানে? জ্ঞান বুজোৱা ইয়াততো উত্তীৰ্ণ হৈছা, জ্ঞানৱানতো হৈ গ’লা, এই ক্ষেত্ৰততো বাপদাদায়ো মন্তব্য দিয়ে যে ঠিক আছে। আত্মা কি, পৰমাত্মা কি, ড্ৰামা কি, জ্ঞানতো বুজি পালা, কিন্তু যেতিয়াই বিচৰা, যিমান সময় বিচৰা, যি পৰিস্থিতিতে আছা, সেই পৰিস্থিতিত আত্মিক বলৰ অনুভৱ হওঁক, পৰমাত্ম শক্তিৰ অনুভৱ হওঁক, সেয়া হয়নে? যি সময়ত, যিমান সময়, যেনেকুৱা অনুভৱ কৰিব বিচৰা তেনেকুৱা হয়নে? নে কেতিয়াবা কেনেকুৱা, কেতিয়াবা আন কেনেকুৱা? ভাবা মই আত্মা আৰু আকৌ বাৰে বাৰে দেহবোধ আহি যায়, তেন্তে অনুভৱ কি কামত আহিল? অনুভৱী মূৰ্ত প্ৰতিটো বিষয়ৰ অনুভৱী মূৰ্ত, প্ৰতিটো শক্তিৰ অনুভৱী মূৰ্ত। গতিকে নিজৰ অনুভৱ বঢ়োৱা। অনুভৱ আছে, এনেকুৱা নহয় যে নাই কিন্তু কেতিয়াবা কেতিয়াবা। কিন্তু বাপদাদাই ‘কেতিয়াবা কেতিয়াবা’ হোৱাতো নিবিচাৰে, ‘কিবা’ হৈ যায়, তেতিয়া ‘কেতিয়াবা’ হৈ যায় কিয়নো তোমালোক সকলোৰে লক্ষ্য হৈছে, কি হোৱাৰ লক্ষ্য বুলি সুধিলে তেতিয়া কয় পিতাৰ সমান হোৱাৰ। এটাই উত্তৰ সকলোৱে দিয়া। তেন্তে পিতাৰ সমান, এতিয়া পিতাতো ‘কেতিয়াবা’ আৰু ‘কিবা’ নাছিল নহয়, পিতা ব্ৰহ্মা সদায় ৰাজযুক্ত, যুক্তিযুক্ত, প্ৰতিটো শক্তিতে ‘সদায়’, ‘কেতিয়াবা কেতিয়াবা’ নহয়। যি অনুভৱ হয় সেয়া সদাকালৰ বাবে চলে, সেয়া অলপ সময়ৰ বাবে নহয়। সেয়েহে স্বয়ং অনুভৱী মূৰ্ত হৈ প্ৰতিটো কথাত, প্ৰতিটো বিষয়ত অনুভৱী, জ্ঞান স্বৰূপত অনুভৱী, যোগযুক্ত হোৱাত অনুভৱী, ধাৰণা স্বৰূপত অনুভৱী। সৰ্বতোমুখী সেৱা, মন, বাণী সম্বন্ধ-সম্পৰ্ক সকলোতে অনুভৱী, তেতিয়া সন্মান সহকাৰে উত্তীৰ্ণ বুলি কোৱা হ’ব। তেন্তে কি হ’ব খোজা? উত্তীৰ্ণ হ’ব খোজা নে সন্মান সহকাৰে উত্তীৰ্ণ হ’ব খোজা? উত্তীৰ্ণ হওঁতাসকলতো পাছতো আহিব, তোমালোকতো অতি পলমৰ হোৱাৰ আগতে আহি গ’লা, এতিয়া নতুনো আহিছে কিন্তু অতি পলমৰ হোৱাৰ ফলক লগা নাই। পলমৰ লাগিছে, অতি পলমৰ হোৱাৰ লগা নাই। সেয়েহে কোনোবা যদি নতুনো আছে কিন্তু এতিয়াও তীব্ৰ পুৰুষাৰ্থ কৰা, পুৰুষাৰ্থ নহয় তীব্ৰ, তেন্তে আগত যাব পাৰে কিয়নো নম্বৰ ঘোষণা কৰা হোৱা নাই। কেৱল দুটা নম্বৰ ওলাইছে, পিতা আৰু মা। এতিয়া যিকোনো ভাতৃ- ভগ্নীৰ তৃতীয় নম্বৰ ওলোৱা নাই। তোমালোকে ক’বা দাদীসকলৰ প্ৰতি বহুত স্নেহ আছে। পিতাৰো দাদীসকলৰ প্ৰতি স্নেহ আছে, কিন্তু নম্বৰ ওলোৱা নাই। সেয়েহে তোমালোক অতিকৈ মৰমৰ ভাগ্যৱান হোৱা, যিমান উৰিব খোজা উৰা কিয়নো চোৱা যিসকল সৰু লৰা-ছোৱালী থাকে তেওঁলোকক পিতাই নিজৰ আঙুলি দি চলায়, অতিৰিক্ত স্নেহ দিয়ে, আৰু ডাঙৰসকলক আঙুলিৰে নচলায়, তেওঁলোক নিজৰ ভৰিৰে চলে। তেন্তে নতুনসকলেও ঘাটি পূৰাব পাৰে। সোণালী সুযোগ আছে। কিন্তু অতি সোনকালে অতি পলম ফলকৰ লাগিব, সেয়েহে আগতেই কৰি লোৱা। নতুন যিসকল প্ৰথমবাৰ আহিছে, তেওঁলোকে হাত দাঙা। বাৰু অভিনন্দন। প্ৰথম বাৰ নিজৰ ঘৰ মধুবনত উপস্থিত হলাহি সেয়েহে বাপদাদা আৰু গোটেই পৰিয়াল দেশৰে হওঁক বা বিদেশৰে হওঁক সকলোৰে তৰফৰ পৰা পদমগুণ অভিনন্দন। বাৰু, এতিয়া চেকেণ্ডত যিটো স্থিতিৰ বাপদাদাই নিৰ্দেশ দিয়ে সেইটো স্থিতিত চেকেণ্ডত উপস্থিত হ’ব পাৰিবানে! নে পুৰুষাৰ্থ কৰোতে সময় গুচি যাব? এতিয়া চেকেণ্ডৰ অভ্যাসৰ দৰকাৰ কিয়নো আগলৈ যি চুড়ান্ত সময় আহিব, যেতিয়া সন্মান সহকাৰে উত্তীৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ পাবা, তাৰ অভ্যাস এতিয়াৰ পৰা কৰিব লাগে। চেকেণ্ডত য’ত বিচৰা, যিটো স্থিতি লাগে সেইটো স্থিতিত স্থিৰ হৈ যোৱা। তেন্তে সদাপ্ৰস্তুত। প্ৰস্তুত হৈ গ’লানে।

এতিয়া প্ৰথমে চেকেণ্ডত পুৰুষোত্তম সংগমযুগী শ্ৰেষ্ঠ ব্ৰাহ্মণ, এইটো স্থিতিত স্থিৰ হৈ যোৱা... এতিয়া মই ফৰিস্তা স্বৰূপ, ডবল লাইট হওঁ…, এতিয়া বিশ্বকল্যাণকাৰী হৈ মনৰ দ্বাৰা চাৰিওফালে শক্তি কিৰণ দিয়াৰ অনুভৱ কৰা। এনেকৈ গোটেই দিনটোত চেকেণ্ডত স্থিৰ হ’ব পাৰিবানে! ইয়াৰ অনুভৱ কৰি থাকা কিয়নো অকস্মাত যিকোনো হ’ব পাৰে। বেছি সময় নাপাবা। অস্থিৰতাৰ মাজত চেকেণ্ডত স্থিৰ হ’ব পাৰা ইয়াৰ অভ্যাস নিজেই নিজৰ সময় উলিয়াই মাজে মাজে কৰি থাকা। ইয়াৰ দ্বাৰা মনৰ নিয়ন্ত্ৰণ সহজ হৈ যাব। নিয়ন্ত্ৰণ শক্তি, শাসন শক্তি বৃদ্ধি হৈ গৈ থাকিব। বাৰু।

চাৰিওফালৰ সন্তানসকলৰ পত্ৰ বহুত আহিছে, অনুভৱো আহিছে, বাপদাদাই প্ৰতিদানত পদমগুণৰ হিচাপত বহুত বহুত অন্তৰৰ আশীৰ্বাদ দি আছে আৰু আন্তৰিক স্নেহসহিত স্মৰণ কৰি আছে। বাপদাদাই দেখি আছে - চাৰিওফালৰ সন্তানসকলে শুনিও আছে, দেখিও আছে। যিসকলে চাই থকা নাই, তেওঁলোকো স্মৃতিততো আছে, সকলোৰে বুদ্ধি এই সময়ত মধুবনতে আছে। চাৰিওফালৰ প্ৰতিগৰাকী সন্তানে নাম সহিত স্নেহপূৰ্ণ স্মৃতি স্বীকাৰ কৰিবাহঁক।

সকলো সদায় উৎসাহ-উদ্দীপনাৰ ডেউকাৰে উচ্চ স্থিতিত উৰি থাকোঁতা শ্ৰেষ্ঠ আত্মাসকলক, সদায় স্নেহত লীন হৈ থাকোঁতা, সমাহিত হৈ থাকোঁতা সন্তানসকলক, সদায় পৰিশ্ৰম মুক্ত, সমস্যা মুক্ত, বিঘ্ন- মুক্ত, যোগযুক্ত, ৰাজযুক্ত সন্তানসকলক, সদায় সকলো পৰিস্থিতিত চেকেণ্ডত উত্তীৰ্ণ হওঁতা, সকলো সময়ত সৰ্বশক্তি স্বৰূপ হৈ থাকোঁতা মাষ্টৰ সৰ্বশক্তিমান সন্তানসকলৰ প্ৰতি বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

বৰদান:
স্বৰ্ণিমযুগী স্বভাৱৰ দ্বাৰা স্বৰ্ণিমযুগী সেৱা কৰোঁতা শ্ৰেষ্ঠ পুৰুষাৰ্থী হোৱা

যিসকল সন্তানৰ স্বভাৱত ঈৰ্ষা, সিদ্ধ কৰা আৰু জেদ ভাৱ অথবা যিকোনো পুৰণা সংস্কাৰৰ খাদ মিহলি হৈ নাথাকে তেওঁলোক হৈছে স্বৰ্ণিমযুগী স্বভাৱধাৰী। এনেকুৱা স্বৰ্ণিমযুগী স্বভাৱ আৰু সদায় “হয় হজুৰ”ৰ সংস্কাৰ ধাৰণ কৰোঁতা শ্ৰেষ্ঠ পুৰুষাৰ্থী সন্তানসকলে যেনেকুৱা সময়, যেনেকুৱা সেৱা, তেনেকুৱাকৈ নিজক গঢ় দি সঁচা সোণ হৈ যায়। সেৱাতো অভিমান বা অপমানৰ খাদ যাতে মিহলি নহয় তেতিয়া স্বৰ্ণিম যুগী সেৱা কৰোঁতা বুলি কোৱা হ’ব।

স্লোগান:
‘কিয়’, ‘কি’ৰ প্ৰশ্ন সমাপ্ত কৰি সদায় প্ৰচন্নচিত হৈ থাকা।

অব্যক্ত সংকেত: সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা

স্নেহত লীন স্থিতিত থাকোঁতা সমান আত্মাসকল সদাকালৰ যোগী। যোগ লগাওঁতা নহয় কিন্তু হয়েই স্নেহত লীন। পৃথকেই নহয় তেন্তে কি স্মৰণ কৰিব। স্বতঃ স্মৃতি আছেই। য’ত লগত থাকে ত’ত স্মৃতি স্বতঃ থাকে। গতিকে সমান আত্মাসকলৰ স্থিতি হৈছে লগত থাকোঁতা, সমাহিত হৈ থাকোঁতা।