10.09.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – মায়াক বশ কৰাৰ মন্ত্ৰ হৈছে মনমনাভৱ, এইটো মন্ত্ৰতে সকলো বিশেষত্ব সমাহিত হৈ আছে, এইটো মন্ত্ৰই তোমালোকক পৱিত্র কৰি তোলে”

প্ৰশ্ন:
আত্মাৰ সুৰক্ষাৰ প্ৰথম নম্বৰৰ সাধন কি আৰু কেনেকৈ সুৰক্ষিত কৰিব পৰা যায়?

উত্তৰ:
স্মৃতিৰ যাত্ৰাই হৈছে আত্মাৰ সুৰক্ষাৰ প্ৰথম নম্বৰৰ সাধন কাৰণ এই স্মৃতিৰ দ্বাৰাই তোমালোকৰ চৰিত্ৰ শুধৰণি হয়। তোমালোক মায়াৰ ওপৰত বিজয়ী হৈ যোৱা। স্মৃতিৰ দ্বাৰা পতিত কৰ্মেন্দ্ৰিয় শান্ত হৈ যায়। স্মৃতিৰ দ্বাৰাই বল পোৱা যায়। জ্ঞান ৰূপী তৰোৱালত স্মৃতি ৰূপী ধাৰৰ প্ৰয়োজন। স্মৃতিৰ দ্বাৰাই অমায়িক সতোপ্ৰধান হ’বাগৈ। কাকোৱেই বিতুষ্ট নকৰা, সেইবাবে স্মৃতিৰ যাত্ৰাত দুৰ্বল হ’ব নালাগে। নিজে নিজক সুধিব লাগে যে মই কিমানলৈকে স্মৃতিত থাকোঁ?

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকলক নিতৌ সাৱধান কৰিবলগীয়া হয়। কিহৰ সাৱধানতা? প্ৰথমে হৈছে সুৰক্ষা। সুৰক্ষা কিহেৰে? স্মৃতিৰ যাত্ৰাৰ দ্বাৰাই তোমালোক বহুত বহুত সুৰক্ষিত হৈ থাকা। সন্তানসকলৰ বাবে মূল কথাই হৈছে এইটো। পিতাই বুজাইছে – তোমালোক সন্তানসকল যিমানে স্মৃতিৰ যাত্ৰাত তৎপৰ হৈ থাকিবা সিমানে আনন্দিত হৈও থাকিবা আৰু আচৰণো ঠিক হ’ব কাৰণ পৱিত্রও হ’ব লাগে। চৰিত্ৰও শুধৰাব লাগে। নিজক পৰীক্ষা কৰিব লাগে - মোৰ চৰিত্ৰ কাৰোবাক দুখ দিয়া ধৰণৰতো নহয়! মোৰ কোনো ধৰণৰ দেহ-অভিমানতো নাহে? এয়া ভালদৰে নিজক পৰীক্ষা কৰিব লাগে। পিতাই বহি সন্তানসকলক পঢ়ায়। তোমালোক সন্তানসকলে নিজেও পঢ়া আকৌ আনকো পঢ়োৱা। বেহদ পিতাই কেৱল পঢ়ায়। বাকীতো সকলো হৈছে দেহধাৰী। ইয়াত গোটেই জগতখনেই আহি যায়। এজন পিতাই হৈছে বিদেহী। তেওঁ তোমালোক সন্তানসকলক কয় যে তোমালোকো বিদেহী হ’ব লাগে। মই আহিছোঁ তোমালোকক বিদেহী কৰি তুলিবলৈ। পৱিত্র হৈহে তালৈ যাবা। ছিঃ ছিঃ সকলকতো লগত লৈ নাযাওঁ, সেইবাবে প্ৰথমে মন্ত্ৰই এইটো দিয়ে। এইটো হৈছে মায়াক বশ কৰাৰ মন্ত্ৰ। পৱিত্র হোৱাৰ বাবে এইটো মন্ত্ৰ। এইটো মন্ত্ৰত বহুত বিশেষত্ব সমাহিত হৈ আছে, ইয়াৰ দ্বাৰাই পৱিত্র হ’ব লাগে। মনুষ্যৰ পৰা দেৱতা হ’ব লাগে। নিশ্চয় আমিয়েই দেৱতা আছিলোঁ সেইবাবে পিতাই কয় - যদি নিজৰ সুৰক্ষা বিচৰা, শক্তিশালী মহাবীৰ হ’ব বিচৰা তেন্তে এইটো পুৰুষাৰ্থ কৰা। পিতাইতো শিক্ষা দিয়েই থাকিব। অৱশ্যে হয় ড্ৰামা বুলিও কৈ থাকিব। ড্ৰামা অনুসৰি একেবাৰে সঠিককৈ চলি আছে, আকৌ আগলৈও বুজনি দি থাকিব। স্মৃতিৰ যাত্ৰাত দুৰ্বল হ’ব নালাগে। বাহিৰত বন্ধনত থকা গোপিনীসকলে যিমান স্মৰণ কৰে সিমান সন্মুখত থকাসকলেও নকৰে কাৰণ তেওঁলোক শিৱবাবাক সাক্ষাৎ কৰিবলৈ ধৰফৰাই থাকে। যিসকলে লগ পাই যায় তেওঁলোকৰ যেন পেট ভৰপূৰ হৈ থাকে। যিসকলে বহুত স্মৰণ কৰে তেওঁলোকেই উচ্চ পদ পাব পাৰে। দেখিবলৈ পোৱা যায় – ভাল ভাল, ডাঙৰ ডাঙৰ সেৱাকেন্দ্ৰ পৰিচালনা কৰা মুৰব্বীসকলো স্মৃতিৰ যাত্ৰাত দুৰ্বল। স্মৃতিৰ ধাৰ বহুত ভাল হোৱা উচিত। জ্ঞান তৰোৱালত স্মৃতিৰ ধাৰ নথকাৰ বাবে তীৰ নালাগেই, পূৰা মৰি নাযায়। সন্তানসকলে চেষ্টা কৰে যে জ্ঞান বাণেৰে পিতাৰ কৰি তোলোঁ বা জীৱন্তে মৃত কৰি তোলোঁ। কিন্তু নমৰে, তেন্তে নিশ্চয় জ্ঞান তৰোৱালত গোলমাল আছে। বাবাই যদিও জানে - ড্ৰামা একেবাৰে নিখুঁত ভাবে চলি আছে, কিন্তু ভৱিষ্যতৰ বাবে বুজাই থাকিব নহয়। প্ৰত্যেকেই নিজৰ অন্তৰক সোধা - মই কিমানলৈকে স্মৰণ কৰোঁ? স্মৃতি দ্বাৰাই বল পোৱা যাব, সেইবাবে কোৱা হয় - জ্ঞানৰ তৰোৱালত ধাৰৰ প্ৰয়োজন। জ্ঞানতো বহুত সহজে বুজাব পাৰি।

যিমানে স্মৃতিত থাকিবা সিমানে অতি অমায়িক হৈ যাবা। তোমালোক যেতিয়া সতোপ্ৰধান আছিলা তেতিয়া অতি অমায়িক আছিলা। এতিয়া পুনৰ সতোপ্ৰধান হ’ব লাগে। তোমালোকৰ স্বভাৱো বহুত অমায়িক হ’ব লাগে। কেতিয়াও বিতুষ্ট হ’ব নালাগে। এনেকুৱা বাতাৱৰণ যাতে নহয় যে কোনোবা বিতুষ্ট হৈ যাব। এনেকৈ চেষ্টা কৰা উচিত কিয়নো এই ঈশ্বৰীয় কলেজ স্থাপনা কৰাৰ সেৱা অতি উচ্চ। ভাৰতত বিশ্ব বিদ্যালয়ৰ বহুত গায়ন আছে। প্ৰকৃততে সেয়া বিশ্ব বিদ্যালয় নহয়। বিশ্ব বিদ্যালয়তো এখনেই হয়। পিতা আহি সকলোকে মুক্তি-জীৱনমুক্তি দিয়ে। পিতাই জানে যে গোটেই জগতত যিমান মনুষ্য আছে, সকলো শেষ হৈ যাব। পিতাক আহ্বানো জনায় এইবাবেই যে ছিঃ ছিঃ সৃষ্টি সমাপ্ত কৰি নতুন সৃষ্টি স্থাপনা কৰক। সন্তানসকলেও বুজি পায় যে যথাযথ পিতাৰ আগমন হৈছে। এতিয়া মায়াৰ পাম্প (জাকজমকতা) কিমান। “পম্পিয়াৰ পতন” ৰ খেলো দেখুৱায়। ডাঙৰ ডাঙৰ অট্টালিকা আদি নিৰ্মাণ কৰি আছে – এয়া হৈছে পাম্প। সত্যযুগত ইমান মহলীয়া ঘৰ নিৰ্মাণ কৰা নহয়। ইয়াত নিৰ্মাণ কৰা হয় কিয়নো থাকিবলৈ ঠাইৰ অভাৱ। বিনাশ যেতিয়া হয়, তেতিয়া সকলো ডাঙৰ ডাঙৰ ঘৰো খহি পৰে। আগতে ইমান ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰা হোৱা নাছিল। বোমা যেতিয়া নিক্ষেপ কৰিব তেতিয়া এনেকৈ খহিব যেনেকৈ তাচপাত খহে। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকহে মৰিব বাকীসকল থাকি যাব। নহয়, যিয়ে য’তেই থাকিব লাগিলে সাগৰতে থাকক, পৃথিৱীতে থাকক, আকাশতে থাকক, পাহাৰতে থাকক, উৰি থাকক… সকলো নাশ হৈ যাব। এইখন পুৰণি সৃষ্টি নহয় জানো। যি 84 লাখ যোনি আছে, সকলো নাশ হৈ যাব। তাত নতুন সৃষ্টিত এইবোৰ একোৱেই নাথাকিব। ইমান মনুষ্যও নাথাকিব আৰু মহ, জীৱ-জন্তু আদিও নাথাকিব। ইয়াততো অনেক আছে। এতিয়া তোমালোক সন্তানসকলো দেৱতা হৈ আছা সেয়েহে তাত সকলো বস্তু সতোপ্ৰধান হয়। ইয়াতো ডাঙৰ ব্যক্তিৰ ঘৰলৈ গ’লে দেখিবা তাত বহুত চাফ-চিকুনতা থাকে। তোমালোকতো সকলোতকৈ উচ্চ দেৱতা হোৱাগৈ। ডাঙৰ ব্যক্তি বুলিও কোৱা নহয়। তোমালোক বহুত উচ্চ দেৱতা হোৱাগৈ, এইটো একো নতুন কথা নহয়। 5 হাজাৰ বছৰ পূৰ্বেও তোমালোক ক্ৰমানুসাৰে এনেকুৱা হৈছিলা। ইয়াৰ দৰে ইমান আৱৰ্জনা আদি তাত একোৱেই নাথাকিব। সন্তানসকল বহুত আনন্দিত হয় - আমি বহুত উচ্চ দেৱতা হ’মগৈ। আমাক পঢ়ুৱাওঁতা এক পিতাই হয় যিয়ে আমাক বহুত উচ্চ কৰি তোলে। পঢ়াৰ ক্ষেত্ৰত সদায় ক্ৰম অনুসৰি স্থান লওঁতা থাকে। কোনোবাই কমকৈ পঢ়ে, কোনোবাই বেছিকৈ পঢ়ে। এতিয়া সন্তানসকলে পুৰুষাৰ্থ কৰি আছে, ডাঙৰ ডাঙৰ সেৱাকেন্দ্ৰ স্থাপনা কৰি আছে এইবাবেই যাতে ডাঙৰ ডাঙৰ ব্যক্তিসকলে গম পায়। ভাৰতৰ প্ৰাচীন ৰাজযোগৰ গায়ন আছে। বিশেষকৈ বিদেশীসকল ৰাজযোগ শিকিবলৈ বেছি উৎসুক। ভাৰতবাসীৰতো বুদ্ধি তমোপ্ৰধান। তেওঁলোক তথাপিও তমো বুদ্ধিৰ সেইবাবে তেওঁলোকৰ ভাৰতৰ প্ৰাচীন ৰাজযোগ শিকাৰ চখ থাকে। ভাৰতৰ প্ৰাচীন ৰাজযোগ প্ৰসিদ্ধ, যাৰ দ্বাৰাই ভাৰত স্বৰ্গ হৈছিল। বহুত কম সংখ্যক আহে, যিয়ে সম্পূৰ্ণকৈ বুজি পায়। স্বৰ্গ ‘হেভেন’ অতীত হৈ গৈছে সেয়া আকৌ নিশ্চয় হ’ব। ‘হেভেন’ অথবা ‘পেৰেডাইজ’ হৈছে বিশ্বৰ আশ্চৰ্য। স্বৰ্গৰ নাম কিমান প্ৰসিদ্ধ। স্বৰ্গ আৰু নৰক, শিৱালয় আৰু বেশ্যালয়। সন্তানসকলৰ এতিয়া ক্ৰমানুসৰি স্মৃতি উদয় হৈছে যে আমি এতিয়া শিৱালয়লৈ যাব লাগে। তালৈ যাবলৈ শিৱবাবাক স্মৰণ কৰিব লাগে। তেৱেঁই সকলোকে লৈ যাওঁতা পাণ্ডা। ভক্তিক ৰাত্ৰি বুলি কোৱা হয়। জ্ঞানক দিন বুলি কোৱা হয়। এয়া হৈছে বেহদৰ কথা। নতুন বস্তু আৰু পুৰণা বস্তুৰ মাজত বহুত পাৰ্থক্য থাকে। এতিয়া সন্তানসকলৰ অন্তৰে বিচাৰে - ইমান উচ্চতকৈও উচ্চ পঢ়া, আমি ডাঙৰ ডাঙৰ ঘৰত পঢ়ুৱালে তেতিয়া ডাঙৰ ডাঙৰ ব্যক্তিসকল আহিব। এজন এজনক বহুৱাই বুজাবলগীয়া হয়। দৰাচলতে পঢ়া বা শিক্ষাৰ বাবে একান্তত স্থান থাকে। ব্ৰহ্মজ্ঞানীসকলৰো আশ্ৰম চহৰৰ পৰা দূৰৈত থাকে আৰু তলতে থাকে। ইমান ওপৰৰ মহলাত নাথাকে। এতিয়াতো তমোপ্ৰধান হোৱাৰ বাবে চহৰৰ ভিতৰত সোমাই আহিছে। সেই শক্তি শেষ হৈ গৈছে। এই সময়ত সকলোৰে বেটাৰী খালী। এতিয়া বেটাৰী কেনেকৈ ভৰপূৰ কৰিব - পিতাৰ বাহিৰে কোনেও বেটাৰী ভৰপূৰ কৰিব নোৱাৰে। সন্তানসকলৰ বেটাৰী ভৰপূৰ কৰিলেহে শক্তি আহে। তাৰ বাবে মুখ্য হৈছে স্মৃতি। তাতেই মায়াৰ বিঘিনি আহে। কোনোবাইতো ছাৰ্জনক সঁচা কথা কয়, কোনোবাই লুকুৱাই ৰাখে। ভিতৰত যি অৱগুণ আছে, সেয়াতো পিতাক শুনাব লাগে। এইটো জন্মত যি পাপ কৰিছা, সেয়া অবিনাশী ছাৰ্জনৰ আগত বৰ্ণনা কৰা উচিত, নহ’লে সেইবোৰে অন্তৰত কষ্ট দি থাকিব। শুনোৱাৰ পাছত কষ্ট নিদিয়ে। অন্তৰত ৰাখি থোৱা - এয়াও লোকচানদায়ক। যিসকল সত্যবাদী সন্তান, তেওঁলোকে সকলো পিতাক কৈ দিয়ে - এইটো জন্মত এইটো এইটো পাপ কৰিছোঁ। দিনে-প্ৰতিদিনে পিতাই জোৰ দি থাকে, এইটো তোমালোকৰ অন্তিম জন্ম। তমোপ্ৰধানতাৰ কাৰণে পাপতো নিশ্চয় হ’বই নহয়।

পিতাই কয় - মই বহুত জন্মৰ অন্তত যি প্ৰথম নম্বৰৰ পতিত, তেওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ কিয়নো তেৱেঁই পুনৰ প্ৰথম নম্বৰত আহিব লাগে। বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। এইটো জন্মত পাপতো হৈছে নহয়। বহুতে গমেই নাপায় যে আমি এয়া কি কৰি আছোঁ। সঁচা কথা নকয়। কিছুমানে সঁচা কৈ দিয়ে। পিতাই বুজাইছে – সন্তানসকল, তোমালোকৰ কৰ্মেন্দ্ৰিয়বোৰ তেতিয়াহে শান্ত হ’ব যেতিয়া কৰ্মাতীত অৱস্থা হ’ব। যেনেকৈ মনুষ্য যেতিয়া বৃদ্ধ হয় তেতিয়া কৰ্মেন্দ্ৰিয়বোৰ স্বতঃ শান্ত হৈ যায়। ইয়াততো সৰুকালতে সকলো শান্ত হৈ যোৱা উচিত। যোগবল ভালদৰে থাকিলে তেতিয়া এই সকলো কথা সমাপ্ত হৈ যাব। তাত এনেকুৱা কোনো ধৰণৰ বেয়া বেমাৰ, আৱৰ্জনা আদি একো নাথাকে। মনুষ্য বহুত স্বচ্ছ-শুদ্ধ হৈ থাকে। তাত হয়েই ৰামৰাজ্য। ইয়াত হৈছে ৰাৱণৰাজ্য, সেয়েহে অনেক প্ৰকাৰৰ লেতেৰা বেমাৰ আদি হয়। সত্যযুগত এইবোৰ একোৱেই নাথাকে। তাৰ কথাই নুসুধিবা। নামেই কিমান উত্তম স্বৰ্গ, নতুন সৃষ্টি। বহুত স্বচ্ছতা থাকে। পিতাই বুজাইছে - এই পুৰুষোত্তম সংগমযুগতে তোমালোকে এই সকলো কথা শুনিবলৈ পোৱা। কালি শুনা নাছিলা। কালি মৃত্যুলোকৰ মালিক আছিলা, আজি অমৰলোকৰ মালিক হোৱা। নিশ্চয়তা জন্মি গৈছে কালি মৃত্যুলোকত আছিলা, এতিয়া সংগমযুগত অহা বাবে অমৰলোকলৈ যাবলৈ তোমালোকে পুৰুষাৰ্থ কৰি আছা। পঢ়ুৱাওঁতাজনো এতিয়া পাইছা। যিসকলে ভালদৰে পঢ়ে তেতিয়া পইচা আদিও ভালকৈ উপাৰ্জন কৰে। পঢ়াৰে মহিমা বুলি কোৱা হ’ব। এয়াও তেনেকুৱাই। এই পঢ়াৰ দ্বাৰা তোমালোকে বহুত উচ্চ পদ পোৱা। এতিয়া তোমালোকে জ্ঞানৰ কিৰণ পাইছা। এয়াও তোমালোক সন্তানসকলৰ বাহিৰে আন কোনেও নাজানে। তোমালোকেও বাৰে বাৰে পাহৰি যোৱা। পুৰণা জগতলৈ গুচি যোৱা। পাহৰা মানেই হৈছে পুৰণা জগতলৈ গুচি যোৱা।

এতিয়া তোমালোক সংগমযুগী ব্ৰাহ্মণসকলে জানা যে আমি কলিযুগত নাই। এইটো সদায় স্মৃতিত ৰাখিব লাগে - আমি নতুন বিশ্বৰ মালিক হ’বলৈ গৈ আছোঁ। পিতাই আমাক নতুন সৃষ্টিলৈ লৈ যাবৰ কাৰণেই পঢ়ায়। এয়া হৈছে শুদ্ধ অহংকাৰ। সেয়া হৈছে অশুদ্ধ অহংকাৰ। তোমালোক সন্তানসকলৰতো কেতিয়াও অশুদ্ধ খেয়ালো আহিব নালাগে। পুৰুষাৰ্থ কৰোঁতে কৰোঁতে অৱশেষত ফলাফল ওলাব। পিতাই বুজায় – এই পৰ্যন্ত সকলো পুৰুষাৰ্থী। পৰীক্ষা যেতিয়া হ’ব ক্ৰমানুসৰি উত্তীৰ্ণ হৈ বদলি হৈ যায়। তোমালোকৰ হৈছে বেহদৰ পঢ়া যাক কেৱল তোমালোকেহে জানা। তোমালোকে কিমান বুজোৱা। বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ ল’বলৈ নতুন নতুন আহি থাকে। যদিও দূৰৈত থাকে তথাপিও শুনোঁতে শুনোঁতে নিশ্চয় বুদ্ধিৰ হৈ যায় - এনেকুৱা পিতাৰ সন্মুখলৈও যোৱা উচিত। যিজন পিতাই সন্তানসকলক পঢ়াই আছে, এনেকুৱা পিতাক সন্মুখত গৈ সাক্ষাৎ কৰা উচিত। বুজি লৈয়ে ইয়ালৈ আহে। কোনোবাই নুবুজিলেও তথাপিও ইয়ালৈ আহিলে বুজি পায়। পিতাই কয় - অন্তৰৰ কিবা কথা থাকিলে, বুজি নাপালে তেতিয়া সোধা। পিতা চুম্বক নহয় জানো। যাৰ ভাগ্যত আছে তেৱেঁই ভালকৈ বুজি ল’ব পাৰে। ভাগ্যত যদি নাই তেনেহ’লে খালাচ। শুনিও নুশুনা হৈ যায়। ইয়াত কোনে বহি পঢ়ায়? ভগৱানে। তেওঁৰ নাম হৈছে শিৱ। শিৱবাবাইহে আমাক স্বৰ্গৰ বাদশ্বাহী দিয়ে। তেন্তে কোনটো পঢ়া ভাল? তোমালোকে ক’বা - আমাক শিৱবাবাই পঢ়ায় যাৰ দ্বাৰা 21 জন্মৰ বাদশ্বাহী পোৱা যায়। এনেকৈ বুজাই বুজাই লৈ যায়। কিছুমানেতো ভালকৈ বুজি নোপোৱা বাবে ইমান সেৱা কৰিব নোৱাৰে। বন্ধনৰ শিকলিত বান্ধ খাই থাকে। আৰম্ভণিত তোমালোকে নিজক কেনেকৈ শিকলিৰ পৰা মুক্ত কৰি আহিলা। যেনেকৈ কোনোবা মতলীয়া থাকে। এয়াও ড্ৰামাত ভূমিকা আছিল যাৰ বাবে আকৰ্ষিত হৈছিল। ড্ৰামা অনুসৰি ভাতী তৈয়াৰ হ’বলগীয়া আছিল। কিছুমান জীৱন্তে মৰি গ’ল আকৌ কিছুমান মায়াৰ ফালে গুচি গ’ল। যুদ্ধতো হয়েই নহয়। মায়াই চায় - এওঁ বহুত সাহস দেখুৱাইছে। এতিয়া ময়ো টুকুৰিয়াই চাওঁ যে পৰিপক্ক হয় নে নহয়? সন্তানসকলক কিমান চম্ভাল কৰা হৈছিল। সকলো শিকোৱা হৈছিল। তোমালোক সন্তানসকলে এলবাম আদি চোৱা, কিন্তু কেৱল চিত্ৰ চালেও বুজিব নোৱাৰা। কোনোবাই বহি বুজাব লাগে যে কি কি হৈছিল। কেনেকৈ ভাতীত আছিল, তাৰপাছত কোনোবা কিবা কোনোবা আন কিবা হৈ ওলাল। যেনেকৈ টকা ছপোৱা হয়, তেতিয়াও কিছুমান বেয়া হৈ যায়। এয়াও হৈছে ঈশ্বৰীয় অভিযান। ঈশ্বৰে বহি ধৰ্ম প্ৰতিষ্ঠা কৰে। এই কথা গম নাপায়। পিতাক আহ্বানো জনায় কিন্তু যেন গৰম তাৱাহে (অস্থিৰ বুদ্ধিৰ), বুজিয়েই নাপায়। কয় - এয়া কেনেকৈ হ’ব পাৰে। মায়া ৰাৱণে একদম এনেকুৱা কৰি দিয়ে। শিৱবাবাৰ পূজাও কৰে আকৌ সৰ্বব্যাপি বুলি কৈ দিয়ে। শিৱবাবা বুলি কোৱা, তেনেহ’লে আকৌ সৰ্বব্যাপি কেনেকৈ হ’ব! পূজা কৰে, লিংগক শিৱ বুলি কয়। এনেকৈ জানো কয় যে ইয়াত শিৱবাবা বহি আছে। এতিয়া পাথৰ-শিলত ভগৱান আছে বুলি ক’লে…… তেন্তে সকলো ভগৱানেই ভগৱান জানো! ভগৱান অপৰিসীমিততো নহয়। সেয়েহে পিতাই সন্তানসকলক বুজায়, কল্প পূৰ্বেও এনেকৈ বুজাইছিলোঁ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এনেকুৱা মধুৰ বাতাৱৰণ সৃষ্টি কৰিব লাগে, য’ত কোনোৱে বিতুষ্ট নহয়। পিতাৰ সমান বিদেহী হ’বলৈ পুৰুষাৰ্থ কৰিব লাগে। স্মৃতিৰ বলেৰে নিজৰ স্বভাৱ অমায়িক আৰু কৰ্মেন্দ্ৰিয় শান্ত কৰিব লাগে।

(2) সদায় এইটো নিচাত থাকিব লাগে যে আমি এতিয়া সংগমযুগী, কলিযুগী নহয়। পিতাই আমাক নতুন বিশ্বৰ মালিক কৰি তুলিবলৈ পঢ়ুৱাই আছে। অশুদ্ধ খেয়াল সমাপ্ত কৰি দিব লাগে।

বৰদান:
অকাল সিংহাসন আৰু অন্তৰ সিংহাসনত অধিষ্ঠিত হৈ সদায় শ্ৰেষ্ঠ কৰ্ম কৰোঁতা কৰ্মযোগী হোৱা

এই সময়ত তোমালোক সকলো সন্তানে দুখন সিংহাসন পাইছা- এখন অকাল সিংহাসন, আনখন অন্তৰ সিংহাসন। কিন্তু সিংহাসনত তেৱেঁই অধিস্থিত হয় যাৰ ৰাজ্য থাকে। যেতিয়া অকাল সিংহাসনৰ অধিকাৰী হয় তেতিয়া স্বৰাজ্য অধিকাৰী হয় আৰু পিতাৰ অন্তৰ সিংহাসনৰ অধিকাৰী হ'লে পিতাৰ উত্তৰাধিকাৰৰ অধিকাৰী হয়, য'ত ৰাজ্য-ভাগ্য সকলো আহি যায়। কৰ্মযোগী অৰ্থাৎ দুয়োখন সিংহাসনৰ অধিকাৰী। এনেকুৱা সিংহাসনৰ অধিকাৰী আত্মাৰ প্ৰতিটো কৰ্ম শ্ৰেষ্ঠ হয় কিয়নো প্ৰতিটো কৰ্মেন্দ্ৰিয় বিধি আৰু আদেশ অনুসৰি চলি থাকে।

স্লোগান:
যি সদায় স্বমানৰ আসনত স্থিত হৈ থাকে তেৱেঁই গুণৱান আৰু মহান।


“ইচ্ছা মাত্ৰম অবিদ্যা” স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:

আমি সকলো ঈশ্বৰীয় সন্তান, দাতাৰ সন্তান, সৰ্ব প্ৰাপ্তি জন্মসিদ্ধ অধিকাৰ, এইটো সম্ভ্ৰমত থাকা। মাষ্টৰ বিধাতা, মাষ্টৰ বৰদাতা, মাষ্টৰ সাগৰ হৈ এনেকুৱা শক্তিশালী স্থিতিৰ অনুভৱ কৰা। সদায় অল্পকালৰ “ইচ্ছা মাত্ৰম অবিদ্যা”ৰ শক্তিশালী স্থিতিত থকাৰ অভ্যাসী হোৱা।