10.09.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতা যিজনে তোমালোকক হীৰাতুল্য কৰি তোলে, তেওঁৰ প্ৰতি কেতিয়াও সংশয় জন্মিব নালাগে, সংশয়বুদ্ধিৰ হোৱা অৰ্থাৎ নিজৰ ক্ষতি কৰা”

প্ৰশ্ন:
মনুষ্যৰ পৰা দেৱতা হোৱাৰ পঢ়াত উত্তীর্ণ হোৱাৰ মুখ্য আধাৰ কি?

উত্তৰ:
নিশ্চয়তা। নিশ্চয়বুদ্ধিৰ হ’বলৈ সাহস লাগে। মায়াই এই সাহস নাইকিয়া কৰি দিয়ে। সংশয়বুদ্ধিৰ কৰি দিয়ে। আগবাঢ়ি গৈ থাকোতে যদি পঢ়াৰ প্ৰতি বা পঢ়াওঁতা পৰম শিক্ষকৰ প্ৰতি সংশয় জন্মে তেনেহ'লে নিজৰ আৰু আনৰ বহুত ক্ষতি কৰে।

গীত:
তু প্যাৰ কা সাগৰ হে...... (তুমি প্ৰেমৰ সাগৰ........)

ওঁম্শান্তি।
আত্মিক সন্তানসকলৰ প্ৰতি শিৱবাবাই বুজাই আছে, তোমালোক সন্তানসকলে পিতাৰ মহিমা কৰা যে তুমি প্ৰেমৰ সাগৰ। তেওঁক জ্ঞানৰ সাগৰ বুলিও কোৱা হয়। যিহেতু জ্ঞানৰ সাগৰ এজনেই, তেন্তে বাকীসকলক কোৱা হ’ব অজ্ঞান কাৰণ জ্ঞান আৰু অজ্ঞানৰ খেল হয়। জ্ঞান আছেই পৰমপিতা পৰমাত্মাৰ। এই জ্ঞানৰ দ্বাৰা নতুন সৃষ্টি স্থাপনা হয়। এনেকুৱা নহয় যে কোনোবা নতুন সৃষ্টি ৰচনা কৰে। সৃষ্টিতো অবিনাশী হয়েই। কেৱল পুৰণি সৃষ্টিক সলনি কৰি নতুন কৰি তোলে। এনেকুৱা নহয় যে প্ৰলয় হৈ যায়। গোটেই সৃষ্টি কেতিয়াও বিনাশ নহয়। পুৰণি হৈ গ’ল সেয়া সলনি হৈ নতুন হৈ আছে। পিতাই বুজাইছে এয়া পুৰণা ঘৰ, য'ত তোমালোক বহি আছা। এইটো জানা যে আমি নতুন ঘৰলৈ যাম। যেনেকৈ পুৰণি দিল্লী আছে। এতিয়া পুৰণি দিল্লী নাইকীয়া হ'ব, তাৰ সলনি এতিয়া নতুন তৈয়াৰ হ'ব। এতিয়া নতুন কেনেকৈ হয়? প্ৰথমেতো তাত বাস কৰোঁতাসকল যোগ্য হ'ব লাগিব। নতুন সৃষ্টিতো হয়েই সৰ্বগুণ সম্পন্ন... তোমালোক সন্তানসকলৰ এইটো লক্ষ্য-উদ্দেশ্যও আছে, পাঠশালাত লক্ষ্য-উদ্দেশ্যতো থাকে নহয়। পঢ়োঁতাসকলে জানে - মই ছাৰ্জন হ'ম, বেৰিষ্টাৰ হ'ম....। ইয়াত তোমালোকে জানা যে আমি আহিছোঁ মনুষ্যৰ পৰা দেৱতা হ'বলৈ। পাঠশালাত লক্ষ্য-উদ্দেশ্য নোহোৱাকৈতো কোনেও বহিব নোৱাৰে। কিন্তু এইখন এনেকুৱা আশ্চর্যজনক পাঠশালা যে লক্ষ্য-উদ্দেশ্যক বুজি, পঢ়ি আকৌ পঢ়া এৰি দিয়ে। এনেকৈ ভাবে যে এয়া ভুল পঢ়া। এনেকুৱা লক্ষ্য-উদ্দেশ্য নাথাকে, এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। পঢাওঁতাজনৰ প্ৰতিও সংশয় আহি যায়। সেই পঢ়াঁততো পঢ়িব নোৱাৰিলে অথবা পইচা নাথাকিলে, সাহস নাথাকিলে তেতিয়া পঢ়া এৰি দিয়ে। এনেকৈতো কোৱা নহ’ব যে বেৰিষ্টাৰীৰ জ্ঞানেই ভুল, পঢ়াওঁতাজন ভুল। ইয়াততো মনুষ্যৰ বুদ্ধি আচৰিত ধৰণৰ। পঢ়াৰ প্ৰতি সংশয় আহি যায় তেতিয়া কৈ দিয়ে এই পঢ়া ভুল। ভগৱানে নপঢ়ায়েই, বাদশ্বাহী আদি একো পোৱা নাযায়...... এয়া সকলো মনে সজা কথা। এনেকৈও বহুত সন্তানে পঢ়ি পঢ়ি আকৌ এৰি দিয়ে। সকলোৱে সুধিব, তুমিতো কৈছিলা তোমালোকক ভগৱানে পঢ়ায়, যাৰ দ্বাৰা মনুষ্যৰ পৰা দেৱতা হয় তেন্তে এয়া কি হ'ল? নহয়, নহয় সেই সকলোবোৰ মনে সজা কথা আছিল। এনেকৈ কয়, এই লক্ষ্য-উদ্দেশ্য মোৰ বোধগম্য নহয়। বহুত আছে যিসকলে নিশ্চয়তাৰে পঢ়িছিল, সংশয় অহা বাবে পঢ়া এৰি দিলে। নিশ্চয়তা কেনেকৈ জন্মিল আকৌ সংশয় বুদ্ধিৰ কোনে কৰি তুলিলে? তোমালোকে ক'বা এয়া যদি পঢ়িলাহেঁতেন তেন্তে বহুত উচ্চ পদ পাব পাৰিলাহেঁতেন। বহুতে পঢ়ি থাকে। বেৰিষ্টাৰী পঢ়ি পঢ়ি আধাতে এৰি দিয়ে, অন্যসকলেতো পঢ়ি বেৰিষ্টাৰ হৈ যায়। কোনোবাই পঢ়ি উত্তীৰ্ণ হয়, কোনোবা অনুত্তীৰ্ণ হৈ যায়। তাৰ পাছত কিবা নহয় কিবা কম পদ পাই যায়। এইটোতো ডাঙৰ পৰীক্ষা। ইয়াত বহুত সাহস লাগে। প্ৰথমতেতো নিশ্চয় বুদ্ধিৰ সাহস লাগে। মায়া এনেকুৱা যে এতিয়াই নিশ্চয়, এতিয়াই সংশয় বুদ্ধিৰ কৰি তোলে। পঢ়িবলৈ বহুত আহে কিন্তু কোনোবা ভোদা বুদ্ধিৰ হয়, ক্ৰম অনুসৰি উত্তীর্ণ হয় নহয়। বাতৰিকাকততো তালিকা ওলায়। এয়াও এনেকুৱা, পঢ়িবলৈ বহুত আহে। কোনোবা উত্তম বুদ্ধিৰ, কোনোবা ভোদা বুদ্ধিৰ। ভোদা বুদ্ধিৰ হৈ আকৌ সংশয়ত আহি এৰি থৈ যায়। তেতিয়া আনৰো ক্ষতি কৰাই দিয়ে। সংশয় বুদ্ধিৰ বিনাশ বুলি কোৱা হয়। তেওঁ উচ্চ পদ পাব নোৱাৰে। নিশ্চয়তাও আছে কিন্তু সম্পূৰ্ণকৈ নপঢ়িলে জানো উত্তীৰ্ণ হ’ব কিয়নো বুদ্ধি কোনো কামৰ নহয়। ধাৰণা নহয়। মই আত্মা - এইটো পাহৰি যায়। পিতাই কয় - মই তোমালোক আত্মাসকলৰ পিতা। তোমালোক সন্তানসকলে জানা যে পিতাৰ আগমন হৈছে। কাৰোবাৰ বহুত বিঘিনি আহে তেতিয়া তেওঁৰ সংশয় আহি যায়, কৈ দিয়ে মোৰ অমুক ব্ৰাহ্মণীৰ প্ৰতি নিশ্চয়তা নাই। হেৰ’ ব্ৰাহ্মণী যেনেকুৱাই নহওঁক তোমালোকেতো পঢ়িব লাগে নহয়। শিক্ষকে ভালদৰে নপঢ়ালে তেতিয়া ভাবে এওঁক পঢ়োৱাৰ পৰা আঁতৰাই দিয়ক। কিন্তু তোমালোকেতো পঢ়িব লাগে নহয়। এই পঢ়া হৈছে পিতাৰ। পঢ়াওঁতাজন হৈছে সেইজন পৰম শিক্ষক। ব্ৰাহ্মণীয়েও তেওঁৰ জ্ঞান শুনায় তেনেহ’লে মনোযোগ পঢ়াৰ প্ৰতি থাকিব লাগে। নপঢ়াকৈ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিবা। কিন্তু পিতাৰ প্ৰতি নিশ্চয়েই নোহোৱা হৈ যায় তেতিয়া পঢ়া এৰি দিয়ে। পঢ়োঁতে পঢ়োঁতে শিক্ষকৰ প্ৰতি সংশয় জন্মি যায় যে ইয়াৰ দ্বাৰা এই পদ পাম নে নাপাম তেতিয়া আকৌ এৰি দিয়ে। আনকো বেয়া কৰি দিয়ে, গ্লানি কৰিলে আৰু বেছিকৈহে লোকচান কৰি দিয়ে। বহুত ক্ষতি হৈ যায়। পিতাই কয় ইয়াত যদি কোনোবাই পাপ কৰে তেন্তে তেওঁৰ এশ গুণ শাস্তি হৈ যায়। বহুতক নষ্ট কৰাৰ এজন নিমিত্ত হৈ যায়। গতিকে যি কিছু পুণ্য আত্মা হ'ল পুনৰ পাপ আত্মা হৈ যায়। পুণ্য আত্মা হয়েই এই পঢ়াৰ দ্বাৰা আৰু পুণ্য আত্মা কৰি গঢ়ি তোলোঁতা এজন পিতাই হয়। যদি কোনোবাই পঢ়িব নোৱাৰে তেন্তে নিশ্চয় কিবা দোষ আছে। বচ্ কৈ দিয়ে, যি ভাগ্যত আছে, মই কি কৰিম। যেন হাৰ্টফেইল হৈ যায়। গতিকে যিসকল ইয়াত আহি জীৱন্তে মৰি যায়, তেওঁলোক পুনৰ ৰাৱণৰাজ্যলৈ গৈ জীৱন্তে মৰি যায়। জীৱন হীৰাতুল্য কৰি তুলিব নোৱাৰে। মনুষ্য হাৰ্টফেইল হ'লে তেতিয়া গৈ পৰৱৰ্তী জন্ম লয়। ইয়াত হাৰ্টফেইল হ’লে আসুৰি সম্প্রদায়ত গুচি যায়। এয়া হ'ল জীৱন্তে মৃত জন্ম। নতুন সৃষ্টিলৈ যাবলৈ পিতাৰ হৈ যায়। আত্মাসকল যাব নহয় জানো। মই আত্মাই এই শৰীৰ বোধ এৰি দিম তেন্তে বুজিবা, এওঁ দেহী-অভিমানী। মই অন্য বস্তু, শৰীৰ অন্য বস্তু। এটা শৰীৰ এৰি আন এটা শৰীৰ লয় তেন্তে নিশ্চয় অন্য বস্তু হ’ল নহয়। তোমালোকে বুজি পোৱা যে আমি আত্মাসকলে শ্ৰীমতত এই ভাৰতত স্বৰ্গৰ স্থাপনা কৰি আছোঁ। মনুষ্যক দেৱতা কৰি তোলাৰ এইটো কৌশল শিকিব লাগে। এয়াও সন্তানসকলক বুজাইছে, সৎসঙ্গ কাৰোৰেই নাই। সত্য বুলিতো একমাত্ৰ পৰমাত্মাক কোৱা হয়। তেওঁৰ নাম হ'ল শিৱ, তেৱেঁই সত্যযুগ স্থাপনা কৰে। কলিযুগৰ আয়ুস নিশ্চয় পূৰা হ'ব। গোটেই সৃষ্টিৰ চক্র কেনেকৈ ঘূৰে, এইটো গোলকৰ (সৃষ্টি চক্ৰৰ) চিত্রত স্পষ্টকৈ আছে। দেৱতা হ'বলৈ সংগমযুগত পিতাৰ হৈ যায়। পিতাক এৰি দিলে তেতিয়া পুনৰ কলিযুগত গুচি যাব। ব্রাহ্মণ স্বৰূপৰ প্ৰতি সংশয় জন্মি গ'লে তেতিয়া শূদ্রৰ পৰিয়ালত গুচি যাব। তেতিয়া দেৱতা হ'ব নোৱাৰে।

পিতাই এইটোও বুজায় - কেনেকৈ এতিয়া স্বৰ্গ স্থাপনাৰ ভেটি নিৰ্মাণ হৈ আছে। ভেটি নিৰ্মাণৰ উৎসৱ আকৌ তাৰপাছত উদ্বোধনী উৎসৱো হয়। ইয়াততো হৈছে গুপ্ত। এইটো তোমালোকে জানা যে আমি স্বৰ্গৰ কাৰণে তৈয়াৰ হৈ আছোঁ। তাৰ পাছত নৰকৰ নাম নাথাকিব। অন্তলৈকে যেতিয়ালৈ জীয়াই থাকিবা, পঢ়িব নিশ্চয় লাগে। পতিত-পাৱন এজনেই পিতা যিজনে পাৱন কৰি তোলে।

এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে এয়া হ'ল সংগমযুগ, যেতিয়া পিতা পৱিত্র কৰি তুলিবলৈ আহে। লিখিবও লাগে - পুৰুষোত্তম সংগমযুগত মনুষ্য নৰৰ পৰা নাৰায়ণ হয়। এইটোও লিখা আছে - এয়া তোমালোকৰ ঈশ্বৰীয় জন্মসিদ্ধ অধিকাৰ। পিতাই এতিয়া তোমালোকক দিব্য দৃষ্টি প্ৰদান কৰে। আত্মাই জানে আমাৰ 84ৰ চক্র এতিয়া পূৰা হ'ল। আত্মাসকলক পিতাই বহি বুজায়। আত্মাই পঢ়ে যদিওবা দেহ-অভিমান বাৰে বাৰে আহিব কিয়নো আধাকল্পৰ দেহ-অভিমান আছে নহয়। সেয়েহে দেহী-অভিমানী হ'বলৈ সময় লাগে। পিতা বহি আছে, সময় পাইছা। যদিও ব্রহ্মাৰ আয়ুস এশ বছৰ বুলি কয় বা কমো হ'ব। ধৰি লোৱা ব্রহ্মা গুচি গ’ল এনেকুৱাতো নহয় যে স্থাপনা নহ'ব। তোমালোক সেনাসকলতো বহি আছা নহয়। পিতাই মন্ত্র দি দিলে, পঢ়িব লাগে। সৃষ্টিৰ চক্র কেনেকৈ ঘূৰে, এয়াও বুদ্ধিত আছে। স্মৃতিৰ যাত্রাত থাকিব লাগে। স্মৃতিৰ দ্বাৰাই বিকৰ্ম বিনাশ হ'ব। ভক্তিমাৰ্গত সকলোৰে বিকৰ্ম হৈছে। পুৰণি সৃষ্টি আৰু নতুন সৃষ্টি দুয়োটাৰে গোলক তোমালোকৰ ওচৰত আছে। গতিকে তোমালোকে লিখিব পাৰা পুৰণি সৃষ্টি ৰাৱণৰাজ্য মুৰ্দাবাদ, নতুন সৃষ্টি জ্ঞান মাৰ্গ, ৰামৰাজ্য জিন্দাবাদ। যিসকল পূজ্য আছিল তেওঁলোকেই পূজাৰী হৈ গৈছে। শ্ৰীকৃষ্ণও পূজ্য সুন্দৰ আছিল আকৌ ৰাৱণৰাজ্যত পূজাৰী শ্যাম বৰণীয়া হৈ যায়। এয়া বুজোৱাতো সহজ। প্রথমতে যেতিয়া পূজা আৰম্ভ হয় তেতিয়া ডাঙৰ ডাঙৰ হীৰাৰ লিংগ তৈয়াৰ কৰে, আটাইতকৈ মূল্যৱান হয় কিয়নো পিতাই ইমান চহকী কৰি তুলিলে নহয়। তেওঁ নিজেই হীৰা, গতিকে আত্মাসকলকো হীৰাৰ দৰে কৰি তোলে, সেয়েহে তেওঁক হীৰা কৰি ৰাখিব লাগে নহয়। হীৰা সদায় মাজত ৰাখে। পোখৰাজ আদিৰ লগততো তেওঁৰ মূল্য নাথাকিব সেয়েহে হীৰাক মাজত ৰখা হয়। এওঁৰ দ্বাৰা 8 (আঠ) ৰত্ন বিজয়মালাৰ মণি হয়। আটাইতকৈ বেছি মূল্য হীৰাৰ। বাকীতো ক্রম অনুসৰি হয়। তৈয়াৰ কৰে শিৱবাবাই, এই সকলোবোৰ কথা পিতাৰ বাহিৰেতো কোনেও বুজাব নোৱাৰে। পঢ়ি-পঢ়ি আশ্চৰ্য্যজনকভাৱে বাবা বাবা বুলি কৈ আকৌ আঁতৰি যায়। শিৱবাবাক বাবা বুলি কয়, গতিকে তেওঁক কেতিয়াও এৰিব নালাগে। আকৌ কোৱা হয় ভাগ্য। কাৰোবাৰ ভাগ্যত বেছি নাথাকে তেতিয়া আকৌ কৰ্মই এনেকুৱা কৰে সেয়েহে এশ গুণ শাস্তি বাঢ়ি যায়। পুণ্য আত্মা হ'বলৈ পুৰুষাৰ্থ কৰি আকৌ পাপ কৰিলে এশ গুণ পাপ হৈ যায়, বাওনা হৈ থাকি যায় বৃদ্ধি হ'ব নোৱাৰে। এশ গুণ শাস্তি যোগ হ'লে অৱস্থা টনকিয়াল নহয়। পিতা যাৰ দ্বাৰা তোমালোক হীৰাতুল্য হোৱা তেওঁৰ প্রতি সংশয় কিয় জন্মে। যিকোনো কাৰণতে পিতাক এৰি দিলে তেন্তে দুৰ্ভগীয়া বুলি কোৱা হ’ব। য’তেই নাথাকা পিতাক স্মৰণ কৰিব লাগে, তেতিয়া শাস্তিৰ পৰা মুক্ত হৈ যাবা। ইয়ালৈ তোমালোক আহাই পতিতৰ পৰা পাৱন হ'বলৈ। অতীততো এনেকুৱা কোনো কৰ্ম কৰিছা সেয়েহে শৰীৰৰো কৰ্মভোগ কিমান চলি থাকে। এতিয়া তোমালোকেতো আধাকল্পৰ কাৰণে ইয়াৰ পৰা মুক্ত হৈ যোৱা। নিজক চাব লাগে মই কিমানলৈকে নিজৰ উন্নতি কৰোঁ, আনৰ সেৱা কৰোঁ? লক্ষ্মী-নাৰায়ণৰ চিত্রতো ওপৰত লিখিব পাৰা যে এয়া হ'ল বিশ্বত শান্তিৰ ৰাজ্য, যি এতিয়া স্থাপনা হৈ আছে। এয়া হ'ল লক্ষ্য-উদ্দেশ্য। তাত এশ শতাংশ পৱিত্রতা, সুখ-শান্তি থাকে। এওঁলোকৰ ৰাজ্যত আন কোনো ধৰ্ম নাথাকে। গতিকে এতিয়া যি ইমান ধৰ্ম আছে সেইবোৰৰ নিশ্চয় বিনাশ হ'ব। বুজাবলৈ বিশাল বুদ্ধি লাগে। নহ'লেতো নিজৰ অৱস্থা অনুসৰিয়ে বুজায়। চিত্ৰৰ আগত বহি বিচাৰ কৰিব লাগে। বুজনিতো পাইছা। বুজি পালে তেতিয়া বুজাব লাগে সেইবাবে বাবাই সংগ্ৰাহালয় স্থাপনা কৰাই থাকে। “স্বৰ্গৰ দ্বাৰ” - এই নামটিও ভাল। সেয়া হ'ল “দিল্লী গেট”, “ইণ্ডিয়া গেট”। এয়া আকৌ হ'ল ‘স্বৰ্গৰ দ্বাৰ’। তোমালোকে এতিয়া স্বৰ্গৰ দ্বাৰ মুকলি কৰি আছা। ভক্তিমাৰ্গত এনেকৈ বিবুদ্ধিত পৰি যায় যেনেকৈ ওলাবলৈ ৰাস্তা বিচাৰি নাপালে বিবুদ্ধিত পৰি যায়। ৰাস্তা কোনেও নাপায়। সকলোৱে ভিতৰত আৱদ্ধ হৈ যায় - মায়াৰ ৰাজ্যত। পুনৰ পিতা আহি উলিয়ায়। কাৰোবাৰ ওলাবলৈ মন নগ'লে তেতিয়া পিতায়ো কি কৰিব সেইবাবে পিতাই কয় - মহান দুৰ্ভগীয়াও ইয়াত চোৱা, যিসকলে পঢ়া এৰি দিয়ে। সংশয় বুদ্ধিৰ হৈ জন্ম-জন্মান্তৰৰ কাৰণে নিজক হত্যা কৰি দিয়ে। ভাগ্য বেয়া হ’লে তেতিয়া আকৌ এনেকুৱা হয়। গ্ৰহ-গতি বেয়া হ'লে সুন্দৰ হোৱাৰ পৰিৱৰ্তে ক'লা হৈ যায়। গুপ্ত আত্মাই পঢ়ে, আত্মাইহে শৰীৰ দ্বাৰা সকলো কৰে, আত্মাই শৰীৰ অবিহনেতো একো কৰিব নোৱাৰে। আত্মা বুলি বুজি পোৱাটোতে পৰিশ্ৰম হয়। আত্মা বুলি নিশ্চয় কৰিব নোৱাৰিলে তেতিয়া দেহ-অভিমানত আহি যায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পৰম শিক্ষকে পঢ়োৱা পাঠে আমাক নৰৰ পৰা নাৰায়ণ কৰি তোলে, এইটো নিশ্চয়তাৰে মনোযোগ দি পাঠ পঢ়িব লাগে। পঢ়াওঁতা শিক্ষকক চাব নালাগে।

(2) দেহী-অভিমানী হ’বলৈ পুৰুষাৰ্থ কৰিব লাগে, জীৱন্তে মৰি গৈছা গতিকে এই শৰীৰৰ বোধ এৰি দিব লাগে। পুণ্য আত্মা হ'ব লাগে, কোনো পাপ কৰ্ম কৰিব নালাগে।

বৰদান:
স্ব-দৰ্শন চক্ৰৰ স্মৃতিৰে সদায় সম্পন্ন স্থিতিৰ অনুভৱ কৰোঁতা সমৃদ্ধিশালী হোৱা

যিসকল সদায় স্বদৰ্শন চক্ৰধাৰী তেওঁলোক মায়াৰ অনেক প্ৰকাৰৰ চক্ৰৰ পৰা মুক্ত হৈ থাকে। এক স্বদৰ্শন চক্ৰ হৈছে অনেক ব্যৰ্থ চক্ৰ সমাপ্ত কৰোঁতা, মায়াক দূৰ কৰোঁতা। তেওঁলোকৰ আগত মায়া তিষ্ঠি থাকিব নোৱাৰে। স্বদৰ্শন চক্ৰধাৰী সন্তানসকল সদায় সম্পন্ন হোৱাৰ কাৰণে অবিচলিত হৈ থাকে। নিজকে সমৃদ্ধিশালী বুলি অনুভৱ কৰে। মায়াই উদং কৰিবলৈ চেষ্টা কৰে কিন্তু তেওঁলোক সদায় সাৱধান, সজাগ, জ্বলন্ত জ্যোতি হৈ থাকে সেই বাবে মায়াই একোৱে কৰিব নোৱাৰে। যাৰ ওচৰত ‘মনোযোগ’ ৰূপী চকিদাৰ সজাগ হৈ থাকে তেওঁলোকেই সদায় নিৰাপদ।

স্লোগান:
তোমালোকৰ বাণী এনেকুৱা সমৰ্থ হওঁক য’ত শুভ আৰু শ্ৰেষ্ঠ ভাৱনা সমাহিত হৈ থাকে।


অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা

শক্তিশালী স্মৃতিৰ বাবে অন্তৰৰ সঁচা মৰম লাগে। সঁচা অন্তৰধাৰীসকলে চেকেণ্ডত বিন্দু হৈ বিন্দু স্বৰূপ পিতাক স্মৰণ কৰিব পাৰে। সঁচা অন্তৰধাৰীসকলে সত্য চাহেবক সন্তুষ্ট কৰাৰ বাবে, পিতাৰ বিশেষ আশীৰ্বাদ প্ৰাপ্ত কৰে, যাৰ ফলত সহজেই এক সংকল্পত স্থিত হৈ জ্বালা ৰূপৰ স্মৃতিৰ অনুভৱ কৰিব পাৰে, শক্তিশালী প্ৰকম্পন বিয়পাব পাৰে।