10.09.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতা আহিছে তোমালোকক পূজাৰীৰ পৰা পূজ্য কৰি তুলিবলৈ, পূজ্যৰ পৰা পূজাৰী আৰু পূজাৰীৰ পৰা পূজ্য হোৱাৰ গোটেই কাহিনী তোমালোক সন্তানসকলে জানা”

প্ৰশ্ন:
কোনটো কথা জগতৰ লোকসকলৰ কাৰণে অসম্ভৱ আৰু তোমালোকে সহজে তাক জীৱনত ধাৰণ কৰা?

উত্তৰ:
জগতৰ লোকসকলে ভাবে যে গৃহস্থ ব্যৱহাৰত থাকি পৱিত্র হৈ থকা - এইটোতো একেবাৰে অসম্ভৱ আৰু তোমালোকে সহজে ধাৰণ কৰি লোৱা, কিয়নো জানা যে ইয়াৰ দ্বাৰা স্বৰ্গৰ বাদশ্বাহী প্ৰাপ্ত হয়। তেন্তে এইটো বহু সস্তীয়া চুক্তি নহ'ল জানো।

গীত:
য়হ কৌন আজ আয়া চবেৰে… (এয়া পুৱাতে আজি কোন আহিল…)

ওঁম্শান্তি।
অন্ধকাৰ আৰু প্ৰভাত, জগতৰ কাৰণে একেবাৰে বেলেগ। সেয়াতো গতানুগতিক। তোমালোক সন্তানসকলৰ প্ৰভাত অগতানুগতিক। জগতে গম নাপায় অন্ধকাৰ আৰু প্ৰভাত বুলি কাক কোৱা হয়। বাস্তৱত এই অন্ধকাৰ আৰু প্ৰভাত কল্পৰ এই পুৰুষোত্তম সংগমযুগত হয়। এতিয়া অজ্ঞান অন্ধকাৰ দূৰ হয়। গায়নো কৰে - জ্ঞান সূৰ্য প্ৰকট হ'ল অজ্ঞান অন্ধকাৰ দূৰ হ’ল। সেই সূৰ্যতো প্ৰকাশ দিওঁতা হয়। এয়া হৈছে জ্ঞান সূৰ্যৰ কথা। ভক্তিক অন্ধকাৰ, জ্ঞানক প্ৰকাশ বুলি কোৱা হয়। এতিয়া তোমালোক সন্তানসকলে জানা প্ৰভাত হৈ আছে। ভক্তি মাৰ্গৰ অন্ধকাৰ পূৰা হৈ যায়। ভক্তিক অজ্ঞান বুলি কোৱা হয় কিয়নো যাৰ ভক্তি কৰে তেওঁৰ জ্ঞান একোৱেই নাই। সময়ৰ অপচয় হয়। পুতলাৰ পূজা হৈ থাকে। আধাকল্পৰ পৰা এই পুতলাৰ পূজা হয়। যাৰ পূজা কৰে তেওঁৰ পূৰা জ্ঞানো থাকিব লাগে। দেৱী-দেৱতাসকল হৈছে পূজ্য ৰাজবংশ। তেওঁলোকেই পূজ্য পুনৰ পূজাৰী হয়, পূজ্যৰ পৰা পূজাৰী, পূজাৰীৰ পৰা পূজ্য হোৱাৰ কিমান দীঘলীয়া কাহিনী আছে। মনুষ্যইতো পূজ্য-পূজাৰীৰ অৰ্থও বুজি নাপায়। পৰমপিতা পৰমাত্মা আহেই সংগমত, যেতিয়া অন্ধকাৰ পূৰা হয়। প্ৰভাত কৰিবলৈ আহে। কিন্তু তেওঁলোকে কল্পৰ সংগমযুগৰ সলনি যুগে যুগে বুলি লিখি দিছে। যেতিয়া 4টা যুগ পূৰা হয় তেতিয়া পুৰণি সৃষ্টি পূৰা হৈ পুনৰ নতুন সৃষ্টি আৰম্ভ হয়। গতিকে ইয়াক কল্যাণকাৰী সংগমযুগ বুলি কোৱা হ'ব। এই সময়ত সকলো নৰকবাসী। যেতিয়া কাৰোবাৰ মৃত্যু হয় তেতিয়া কয় – স্বৰ্গলৈ গ’ল তেন্তে নিশ্চয় নৰকত আছিল। এইটো কোনেও বুজি নাপায় যে আমি নৰকত আছোঁ। ৰাৱণে সকলোৰে বুদ্ধিত একদম তলা লগাই দিছে। সকলোৰে বুদ্ধি একদম মৰি গৈছে। পিতাই বুজায় - ভাৰতবাসীৰ বুদ্ধি সকলোতকৈ বিশাল আছিল। পুনৰ যেতিয়া একেবাৰে পাথৰ বুদ্ধি হৈ যায় তেতিয়াহে দুখ পায়। নাটকৰ পৰিকল্পনা অনুসৰি বুদ্ধিহীন হ'বই লাগে। বুদ্ধিহীন কৰি তোলে মায়াই। পূজ্যসকলক বুদ্ধিমান আৰু পূজাৰীসকলক বুদ্ধিহীন বুলি কোৱা হয়। এনেকৈ কয়ো যে আমি নীচ পাপী। কিন্তু বুদ্ধিমান কেতিয়া আছিল, এইটো গম নাপায়। ৰাৱণ ৰূপী মায়াই একেবাৰে পাথৰবুদ্ধিৰ কৰি দিয়ে। এতিয়া তোমালোকে বুজি পোৱা যে আমিয়েই পূজ্য আছিলোঁ পুনৰ পূজাৰী হ'লোঁ। এতিয়া তোমালোক সন্তানসকল আনন্দিত হোৱা। বহুদিনৰ পৰা চিঞৰি আহিছা যে আমি যাতে শান্তি পাওঁ অথবা জন্ম-মৰণৰ পৰা মুক্তি পাওঁ। কিন্তু এই মায়াৰ শিকলিৰ পৰা মুক্ত হৈ যাওঁ, এইটো জ্ঞানো কাৰো বুদ্ধিত নাই। তোমালোকে জানা ছিৰি নামি আহোঁ। সত্যযুগততো তথাপিও লাহে লাহে নামে, সময় লাগে। সুখৰ ছিৰি নামিবলৈ সময় লাগে। দুখৰ ছিৰি সোনকালে নামে। সত্যযুগ-ত্ৰেতাত হৈছে 21 জন্ম, দ্বাপৰ-কলিযুগত 63 জন্ম, আয়ুস কম হৈ যায়। এতিয়া তোমালোকে জানা আমাৰ আৰোহণ কলা নিমিষতে হৈ যায়। গায়নো কৰে জনকে চেকেণ্ডত জীৱনমুক্তি পালে। কিন্তু জীৱনমুক্তিৰ অৰ্থ বুজি নাপায়। এজন জনকেই জীৱনমুক্তি পালে নে গোটেই জগতে পালে? এতিয়া তোমালোকৰ বুদ্ধিৰ তলা খুলি গ'ল। কাৰোবাৰ বুদ্ধি ভোদা হ’লে তেতিয়া কয় - পৰমাত্মাই এওঁক ভাল বুদ্ধি দিয়ক। সত্যযুগত এনেকুৱা কোনো কথা নাথাকে। যিসকল আত্মা বহুকাল পৰমাত্মাৰ পৰা পৃথক হৈ থাকে, তেওঁলোকৰো হিচাপ আছে। পিতা যেতিয়া পৰমধামত আছিল, সেই সময়ত যিসকল আত্মা তেওঁৰ লগত মুক্তিধামত থাকে, পাছৰ ফালে আহে, তেওঁলোক বহুত সময় লগত থাকে। আমিতো অলপ সময় তাত থাকোঁ। পোন-প্ৰথমে আমি পিতাৰ পৰা বিচ্ছেদ হওঁ সেয়েহে গায়ন কৰা হয় আত্মা পৰমাত্মা পৃথকে থাকিল বহুকাল.... তেওঁলোকৰে এতিয়া মেলা অনুষ্ঠিত হয় যিসকল বহুত সময় পিতাৰ পৰা পৃথক হৈ আছে। যিসকল তাত বহুত সময় লগত থাকে, তেওঁলোকক লগ নকৰে। পিতাই কয় - বিশেষকৈ তোমালোক সন্তানসকলক মই পঢ়াবলৈ আহোঁ। তোমালোক সন্তানসকলৰ লগত আছোঁ তেতিয়া সকলোৰে কল্যাণ হয়। এতিয়া সকলোৰে বিনাশৰ (হিচাপ-নিকাচ নিষ্পত্তিৰ) সময়। এতিয়া সকলোৱে হিচাপ-নিকাচ নিষ্পত্তি কৰি গুচি যাব। বাকী তোমালোকে ৰাজ্য-ভাগ্য প্ৰাপ্ত কৰিবা। এই কথাবোৰ কাৰো বুদ্ধিত নাই। গায়নো কৰে - ঈশ্বৰ পিতা, মুক্তিদাতা, মাৰ্গ-দৰ্শক। দুখৰ পৰা মুক্ত কৰি শান্তিধামলৈ লৈ যাবলৈ মাৰ্গ-দৰ্শক হয়। সুখধামৰ কাৰণে মাৰ্গ-দৰ্শক নহয়। আত্মাসকলক শান্তিধামলৈ লৈ যায়, সেইখন হৈছে নিৰাকাৰী সৃষ্টি - য'ত আত্মাসকল থাকে। কিন্তু তালৈ কোনো যাব নোৱাৰে কিয়নো পতিত হয়, সেয়েহে পতিত-পাৱন পিতাক আহ্বান জনায়। বিশেষকৈ ভাৰতবাসী যেতিয়া ওলোটা (অজ্ঞানী) হৈ যায় তেতিয়া বেহদৰ পিতাকেই কুকুৰ-মেকুৰী, পাথৰ-শিলগুটিত লৈ যায়। আশ্চৰ্যজনক নহয়নে। নিজতকৈও মোক তলত লৈ যায়। এয়াও নাটক ৰচি থোৱা আছে। কাৰো দোষ নাই, সকলো নাটকৰ অধীন হয়। ঈশ্বৰৰ অধীন নহয়। ঈশ্বৰতকৈও নাটক তীক্ষ্ণ হয়। পিতাই কয় - ময়ো নাটক অনুসৰি নিজৰ সময়ত আহিম। মই এবাৰেই আহিবলগীয়া হয়। ভক্তি মাৰ্গত মনুষ্যই কিমান হাবাথুৰি খায়। তোমালোকে পিতাক পাইছা। পিতাৰ পৰা নিমিষতে উত্তৰাধিকাৰ ল'ব লাগে। উত্তৰাধিকাৰ প্ৰাপ্ত হৈ গ'ল তাৰপাছত হাবাথুৰি খোৱাৰ দৰকাৰ নাই। ভগৱানে নিজে কয় - মই আহি বেদ শাস্ত্ৰৰ সাৰ বুজাওঁ। প্ৰথমে সত্য খণ্ড আছিল পুনৰ মিছা খণ্ড কেনেকৈ হ'ল, এইটো কোনেও গম নাপায়। গীতা কোনে শুনালে, এইটোও ভাৰতবাসীয়ে নাজানে। ভাৰতৰে আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল। দেৱতা ধৰ্মাৱলম্বীসকলেই সতোপ্ৰধান পূজ্যৰ পৰা যেতিয়া তমোপ্ৰধান পূজাৰী হৈ যায় তেতিয়া দেৱতা ধৰ্ম প্ৰায়ঃ লোপ হৈ যায় আকৌ পিতা আহি পুনৰাই সেইটো ধৰ্মৰ প্ৰতিষ্ঠা কৰে। চিত্ৰও আছে, শাস্ত্ৰও আছে। ভাৰতবাসীৰ এখনেই শাস্ত্ৰ শিৰোমণি গীতা। প্ৰত্যেকে নিজৰ ধৰ্মকেই পাহৰি গৈছে, সেয়েহে নাম সলনি কৰি হিন্দু ৰাখি দিলে। নাটকত নিৰ্ধাৰিত হৈ আছে। আত্মাহে পুনৰ্জন্মত আহি তমোপ্ৰধান হৈ যায়, খাদ পৰি যায়। তোমালোকে জানা যে আমি সঁচা অলংকাৰ আছিলোঁ, এতিয়া মিছা হৈ গ’লোঁ। অলংকাৰ শৰীৰক কোৱা হয়। শৰীৰৰ দ্বাৰাহে ভূমিকা পালন কৰে। আমি কিমান দীঘলীয়া 84 জন্মৰ ভূমিকা প্ৰাপ্ত কৰিছোঁ। দেৱতা, ক্ষত্ৰিয়..... নিজেই পূজ্য, পূজাৰী তোমালোক হোৱা। মই যদি পূজ্য পুনৰ পূজাৰী হওঁ তেন্তে তোমালোকক পূজ্য কোনে কৰি তুলিব। মইতো সৰ্বদা পাৱন, জ্ঞানৰ সাগৰ, পতিত-পাৱন হওঁ। তোমালোকহে পূজ্য পূজাৰী হৈ দিন আৰু ৰাতিত আহা। কিন্তু তেওঁলোকে নাজানে। পিতাই বুজায় - জগতখন মিছলীয়া হৈ গৈ থাকে সেয়েহে বহি ইমানবোৰ মিছা কাহিনী ৰচিছে। ব্যাসেও চমৎকাৰ কৰিছে। এতিয়া ব্যাস ভগৱানতো নহয়। ভগৱানেতো আহি ব্ৰহ্মাৰ দ্বাৰা বেদ শাস্ত্ৰৰ সাৰ বুজাইছে। তেওঁলোকে শাস্ত্ৰ দি দিলে ব্ৰহ্মাক। এতিয়া ভগৱান ক'ত? এনেকুৱাতো নহয় যে বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হ’ল। তেন্তে বিষ্ণুৱে বহি শাস্ত্ৰৰ সাৰ শুনালে। নহয়, ব্ৰহ্মাৰ দ্বাৰা বুজাইছে। ত্ৰিমূৰ্তিৰ ওপৰত আছে শিৱবাবা, তেওঁ বহি সাৰ শুনায় - ব্ৰহ্মাৰ দ্বাৰা। যাৰ দ্বাৰা বুজায় তেৱেঁই আকৌ প্ৰতিপালন কৰিব। তোমালোক হৈছা ব্ৰহ্মাকুমাৰ-কুমাৰী। ব্ৰাহ্মণ বৰ্ণ হৈছে আটাইতকৈ উচ্চ। তোমালোক এতিয়া হৈছা ঈশ্বৰীয় সন্তান। ঈশ্বৰে ৰচনা কৰা যজ্ঞৰ তোমালোকে তত্ত্বাৱধান লোৱা। এই জ্ঞান যজ্ঞত গোটেই পুৰণি সৃষ্টি স্বাহা হৈ যাব। ইয়াৰ নাম ৰখা হৈছে – “ৰাজশ্ব অশ্বমেধ অবিনাশী ৰুদ্ৰ জ্ঞান যজ্ঞ”। বাদশ্বাহী প্ৰাপ্ত কৰাবৰ কাৰণে পিতাই যজ্ঞ ৰচনা কৰিছে। তেওঁলোকে যজ্ঞ ৰচনা কৰিলে তেতিয়া মাটিৰ শিৱ আৰু শালগ্ৰাম তৈয়াৰ কৰে। উৎপত্তি কৰি, প্ৰতিপালন কৰি আকৌ ধ্বংস কৰি দিয়ে। দেৱতাসকলৰ মূৰ্তিসমূহো এনেকুৱাই কৰে। যেনেকৈ সৰু শিশুৱে পুতলাৰ খেল খেলে, এনেকৈ এওঁলোকেও কৰে। এতিয়া পিতাৰ কাৰণেতো কয় স্থাপনা, প্ৰতিপালন তাৰপাছত বিনাশ কৰে, প্ৰথমে স্থাপনা।

এতিয়া তোমালোক মৃত্যুলোকত অমৰলোকৰ কাৰণে পঢ়ি আছা। এয়া তোমালোকৰ মৃত্যুলোকত অন্তিম জন্ম। পিতা আহেই অমৰলোক স্থাপনা কৰিবলৈ। এগৰাকী পাৰ্বতীক কথা শুনালে কি হ'ব। অমৰনাথ বুলি শংকৰক কয়, তেওঁৰ সৈতে পাৰ্বতীক দেখুৱায়। এতিয়া শংকৰ পাৰ্বতী স্থূল ৰূপত কেনেকৈ আহিব পাৰে? যিহেতু তেওঁলোকক সূক্ষ্মলোকত দেখুৱাইছে। এতিয়া তোমালোকক বুজাইছে জগত অম্বা, জগত পিতা লক্ষ্মী-নাৰায়ণ হয়। লক্ষ্মী-নাৰায়ণ পুনৰ 84 জন্মৰ পাছত, জগত অম্বা, জগতপিতা হয়। বাস্তৱত জগত অম্বা হৈছে পুৰুষাৰ্থী, আকৌ লক্ষ্মী হৈছে পাৱন, প্ৰালব্ধ। মহিমা কাৰ বেছি? জগত অম্বাৰ চোৱা কিমান মেলা অনুষ্ঠিত হয়। কলিকতাৰ কালী প্ৰসিদ্ধ। কালী মাতাৰ ওচৰত কিয় ক'লা পিতা নিৰ্মাণ কৰা নাই? বাস্তৱত জগত অম্বা আদি দেৱী জ্ঞান চিতাত বহি ক'লাৰ (অপৱিত্ৰৰ) পৰা শুভ্ৰ (পৱিত্ৰ) হয়। প্ৰথমে জ্ঞান-জ্ঞানেশ্বৰী হয় আকৌ ৰাজ-ৰাজেশ্বৰী হয়। ইয়ালৈ তোমালোক আহিছা ঈশ্বৰৰ পৰা জ্ঞান লৈ ৰাজ-ৰাজেশ্বৰী হ'বলৈ। লক্ষ্মী-নাৰায়ণক ৰাজ্য কোনে দিলে? ঈশ্বৰে। অমৰকথা, সত্য-নাৰায়ণৰ কথা পিতাইহে শুনায়, যাৰ দ্বাৰা চেকেণ্ডত নৰৰ পৰা নাৰায়ণ হয়।

এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধি উদয় হৈ গ’ল যে কাম মহাশত্ৰু হয়। এনেকৈ কয় - গৃহস্থ ব্যৱহাৰত থাকি পৱিত্ৰ হৈ থকা অসম্ভৱ। বুজোৱা হয় - পিতা স্বৰ্গৰ ৰচয়িতা হয় তেন্তে নিশ্চয় তেওঁ নিজৰ সন্তানসকলক স্বৰ্গৰ বাদশ্বাহী দিব। তেন্তে স্বৰ্গৰ বাদশ্বাহী পাবৰ কাৰণে এটা জন্মতো পৱিত্র হৈ থাকিব লাগিব। এইটোতো সস্তীয়া চুক্তি হ'ল, নহয় জানো। বেপাৰীসকলে এই কথাটি ভালদৰে গ্ৰহণ কৰিব কিয়নো বেপাৰীসকলে দানো কৰে। দানৰ কাৰণে ধন আছুতীয়াকৈ ৰাখে। পিতাই কয় - এইটো চুক্তি কোনোবা বিৰলজনেহে কৰে। কিমান সস্তীয়া বেপাৰ। তথাপিও অনেক আছে চুক্তি কৰি আকৌ আঁতৰি গুচিও যায়। এই জ্ঞান পিতাৰ বাহিৰে আন কোনেও বুজাব নোৱাৰে। জ্ঞান সাগৰ এজনেই, তেৱেঁই বুজায়। যিসকল পাৱন পূজ্য আছিল আকৌ 84 জন্ম লৈ অন্তিমত পূজাৰী হৈ গৈছে। এওঁৰ শৰীৰত মই প্ৰৱেশ কৰিলোঁ। প্ৰজাপিতাতো ইয়াত থাকিব নহয় জানো। এতিয়া তোমালোকে পুৰুষাৰ্থ কৰি ফৰিস্তা (পৰী) হৈ আছা। এতিয়া ভক্তি মাৰ্গৰ ৰাত্ৰিৰ পাছত জ্ঞান অৰ্থাৎ দিন হয়। তিথি তাৰিখতো নাই। শিৱবাবা কেতিয়া আহিল, কোনেও গম নাপায়। কৃষ্ণ জয়ন্তী ধুমধামেৰে পালন কৰে। শিৱ জয়ন্তীৰ বিষয়ে সম্পূৰ্ণকৈ কোনেও গম নাপায়। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই কল্যাণকাৰী যুগত এজন পিতাৰ পৰাই সঁচা সত্য-নাৰায়ণৰ কথা, অমৰকথা শুনিব লাগে। বাকী যি কিছু শুনিছা সেয়া পাহৰি যাব লাগে।

(2) সত্যযুগী বাদশ্বাহী ল'বৰ কাৰণে এই এটা জন্মত পৱিত্ৰ হৈ থাকিব লাগে। ফৰিস্তা হ'বৰ কাৰণে পুৰুষাৰ্থ কৰিব লাগে।

বৰদান:
প্ৰতিটো সংকল্প, সময়, শব্দ আৰু কৰ্মৰ দ্বাৰা ঈশ্বৰীয় সেৱা কৰোঁতা সম্পূৰ্ণ বিশ্বাসভাজন হোৱা

সম্পূৰ্ণ বিশ্বাসভাজন তেওঁলোককহে কোৱা হয়, যিসকলে প্ৰতিটো বস্তুৰে সঠিক আৰু সম্পূৰ্ণ যত্ন লয়। কোনো বস্তু ব্যৰ্থত যাব নিদিয়ে। জন্ম লোৱাৰ পৰা সংকল্প, সময় আৰু কৰ্ম— এই সকলোবোৰ কেৱল ঈশ্বৰীয় সেৱাৰ অৰ্থে হওক। যদি ঈশ্বৰীয় সেৱাৰ পৰিৱৰ্তে ক’ৰবাত সংকল্প বা সময় খৰচ হয়, ব্যৰ্থ কথা ওলায় বা দেহৰ দ্বাৰা ব্যৰ্থ কাৰ্য হয়, তেন্তে তেওঁলোকক সম্পূৰ্ণ বিশ্বাসভাজন বুলি কোৱা নহ’ব। এনেকুৱা নহয় যে এক ছেকেণ্ড বা এটা পইচা ব্যৰ্থত গ’ল - তাতে কি ডাঙৰ কথা হ’ল! নহয়, সম্পূৰ্ণ বিশ্বাসভাজন অৰ্থাৎ সকলো সফল কৰোঁতা।

স্লোগান:
শ্ৰীমতক যথাৰ্থভাৱে বুজি সেই অনুসৰি প্ৰতিটো খোজ দিয়াতেই সফলতা সমাহিত হৈ আছে।


মাতেশ্বৰী জীৰ অমূল্য মহাবাক্য - "ৰাজঋষি সত্যযুগী হয়"

মনুষ্যই এনেকৈ যি কয় যে দ্বাপৰত ৰাজঋষি আছিল, যিসকলে বহি এই বেদ শাস্ত্ৰ ৰচিলে কিয়নো তেওঁলোক ত্ৰিকালদৰ্শী আছিল। এতিয়া বাস্তৱত ৰাজঋষি বুলি আমি সত্যযুগতহে ক'ব পাৰোঁ কিয়নো তাত বিকাৰৰ ওপৰত সম্পূৰ্ণ বিজয়ী হয় অৰ্থাৎ পদুম ফুলৰ সমান জীৱনমুক্ত অৱস্থাত থাকি ৰাজ্য পৰিচালনা কৰে। বাকী এয়া যি দ্বাপৰত পৰমাত্মাক প্ৰাপ্ত কৰিবৰ কাৰণে তপস্যা কৰা ঋষিসকল আছে যিসকলে বেদ শাস্ত্ৰ ৰচিছে সত্যযুগততো বেদ শাস্ত্ৰৰ প্ৰয়োজনেই নাথাকে আৰু আমি তেওঁলোকক ত্ৰিকালদৰ্শী বুলিও ক'ব নোৱাৰোঁ। যেতিয়া আমি ব্ৰহ্মা, বিষ্ণু, শংকৰকো ত্ৰিকালদৰ্শী বুলি ক'ব নোৱাৰোঁ তেন্তে আকৌ এওঁলোক দ্বাপৰযুগীসকল ৰজোগুণী সময়ৰ ঋষি, মুনিসকল কেনেকৈ ত্ৰিকালদৰ্শী হ'ব পাৰে। ত্ৰিকালদৰ্শী অৰ্থাৎ ত্ৰিমূৰ্তি, ত্ৰিনেত্ৰী বুলি কেৱল এক পৰমাত্মা শিৱক ক'ব পাৰি, যি নিজেই এই কল্পৰ অন্তত আহি গোটেই ৰচনাৰ অন্ত পেলাই দিয়ে। তাত সত্যযুগত প্ৰালব্ধ ভোগ কৰিব লাগে, তাত এই জ্ঞান নাথাকে যে আমি ব্ৰহ্মাবংশী ব্ৰাহ্মণসকলহে কেৱল মাষ্টৰ ত্ৰিনেত্ৰী, ত্ৰিকালদৰ্শী হওঁ, বাকী গোটেই কল্পত কোনেও জ্ঞান প্ৰাপ্ত কৰিব নোৱাৰে, দেৱতাসকলক নতুবা মনুষ্যক ত্ৰিকালদৰ্শী বুলি ক'ব নোৱাৰি। ভালবাৰু - ওঁম্ শান্তি।

অব্যক্ত ইংগিত: এতিয়া নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা

কেতিয়াও নিজৰ পুণ্যৰ বিনিময়ত প্ৰশংসা পোৱাৰ কামনা নাৰাখিবা, এই হদৰ (সীমিত) প্ৰশংসা স্বীকাৰ কৰা অৰ্থাৎ সদাকালৰ বাবে প্ৰাপ্তিৰ পৰা বঞ্চিত হোৱা। সেয়েহে সদায় দান কৰাত সাগৰৰ দৰে সম্পন্ন হোৱা। তোমালোকৰ প্ৰতিষাৰ কথাই যাতে আনক আনন্দত, পিতাৰ স্নেহত, অতীন্দ্ৰিয় সুখত আত্মিক আনন্দময় জীৱনৰ অনুভৱ কৰায় আৰু প্ৰতিটো কৰ্ম সকলো আত্মাৰ প্ৰতি সদায় সহযোগ প্ৰদান কৰাওঁতা হওক।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]