10.10.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
উঠোঁতে-বহোঁতে বুদ্ধিত জ্ঞান প্ৰৱাহিত হৈ থাকিলে অপাৰ আনন্দিত হৈ থাকিবা”
প্ৰশ্ন:
তোমালোক
সন্তানসকল কাৰ সংগৰ পৰা বহুত সাৱধানে থাকিব লাগে?
উত্তৰ:
যাৰ বুদ্ধিত পিতাৰ স্মৃতি স্থায়ী হৈ নাথাকে, বু্দ্ধি ইফালে-সিফালে দিগভ্ৰান্ত হৈ
ফুৰে, তেওঁলোকৰ সংগৰ পৰা তোমালোক সাৱধানে থাকিব লাগে। তেওঁলোকৰ অংগৰ সৈতে অংগ
স্পৰ্শও হ’ব নালাগে কাৰণ স্মৃতিত নথকাসকলে বায়ুমণ্ডল দুষিত কৰে।
প্ৰশ্ন:
মনুষ্যৰ
পশ্চাতাপ কেতিয়া হ’ব?
উত্তৰ:
যেতিয়া তেওঁলোকে গম পাব যে তেওঁলোকক পঢ়ুৱাওঁতাজন স্বয়ং ভগৱান তেতিয়া তেওঁলোকৰ মুখ
শেঁতা পৰি যাব আৰু পশ্চাতাপ কৰিব যে আমি গাফিলতি কৰিলোঁ, পাঠ নপঢ়িলোঁ।
ওঁম্শান্তি।
এতিয়া আত্মিক যাত্ৰাৰ কথাতো সন্তানসকলে ভালদৰে বুজি পায়। কোনো হঠযোগৰ যাত্ৰা নহয়।
এয়া হৈছে স্মৃতি থকা। স্মৰণ কৰাতো কোনো কষ্টৰ কথা নহয়। পিতাক স্মৰণ কৰা – ইয়াত কোনো
কষ্ট নাই। এয়া হৈছে শ্ৰেণী সেইবাবে কেৱল বিধিপূৰ্বক বহিব লাগে। তোমালোক পিতাৰ
সন্তান হৈছা, সন্তানসকলৰ প্ৰতিপালন হৈ আছে। কেনেকুৱা প্ৰতিপালন? অবিনাশী জ্ঞান
ৰত্নৰ সম্পদ পাই আছা। পিতাক স্মৰণ কৰোঁতে কোনো কষ্ট নাই। কেৱল মায়াই বুদ্ধিৰ যোগ
খণ্ডিত কৰি দিয়ে। বাকী যেনেকৈয়ে নবহা তাৰ লগত স্মৰণ কৰাৰ কোনো সম্পৰ্ক নাই। বহুত
সন্তান হঠযোগত 3-4 ঘণ্টা বহে। গোটেই ৰাতিও বহি যায়। আগতে তোমালোকৰতো ভাতী আছিল, তাৰ
কথা বেলেগ আছিল, তাততো তোমালোকৰ কোনো পেছাগত কাম-কাজ নাছিল সেইবাবে এয়া শিকোৱা
হৈছিল। এতিয়া পিতাই কয় - তোমালোক গৃহস্থালিত থাকা। পেছাগত কাম-কাজো অৱশ্যে কৰা। যি
কোনো কাম-কাজ কৰিও পিতাক স্মৰণ কৰিব লাগে। এনেকুৱাও নহয় যে এতিয়া তোমালোক নিৰন্তৰ
স্মৃতিত থাকিব পাৰা। নোৱাৰা। এইটো অৱস্থা পাবলৈ সময় লাগে। এতিয়া যদি নিৰন্তৰ পিতাৰ
স্মৃতিত থকাৰ অৱস্থা হৈ যায় তেতিয়াতো কৰ্মাতীত অৱস্থা হৈ যাব। পিতাই বুজায় –
সন্তানসকল, ড্ৰামাৰ পৰিকল্পনা অনুসৰি এতিয়া অলপ সময় বাকী আছে। গোটেই হিচাপো বুদ্ধিত
থাকে। এনেকৈ কয় – যীশুখ্ৰীষ্টৰ 3 হাজাৰ বছৰ পূৰ্বে ভাৰতেই আছিল। সেইখনক স্বৰ্গ বুলি
কোৱা হৈছিল। এতিয়া তেওঁলোকৰ 2 হাজাৰ বছৰ সম্পূৰ্ণ হ’ল, 5000 বছৰৰ হিচাপ হৈ যায়।
দেখা যায় যে বিলাতৰ পৰাই তোমালোকৰ নাম প্ৰসিদ্ধ হ’ব কাৰণ তেওঁলোকৰ বুদ্ধি তথাপিও
ভাৰতবাসীতকৈ প্ৰখৰ। ভাৰতৰ পৰা শান্তিও তেওঁলোকে বিচাৰে। ভাৰতবাসীয়েই লাখ লাখ বছৰ
বুলি কৈ আৰু সৰ্বব্যাপিৰ জ্ঞান দি বুদ্ধি ভ্ৰষ্ট কৰি দিলে। তমোপ্ৰধান হৈ গ’ল।
তেওঁলোক ইমান তমোপ্ৰধান হোৱা নাই, তেওঁলোকৰ বুদ্ধিতো বহুত তীক্ষ্ণ তেওঁলোকৰ যেতিয়া
প্ৰভাৱ বিস্তাৰ হ’ব তেতিয়া ভাৰতবাসী জাগিব কাৰণ ভাৰতবাসী একেবাৰে ঘোৰ নিদ্ৰাত শুই
আছে। তেওঁলোক জানো শুই আছে। তেওঁলোকৰ দ্বাৰা ভাল প্ৰভাৱ বিস্তাৰ হ’ব, বিলাতৰ পৰা
কোনোবা আহিছিলোঁ যে আমাক শুনাওঁক – শান্তি কেনেকৈ হ’ব পাৰে? কাৰণ পিতাও ভাৰতলৈহে আহে।
এইটো কথা তোমালোক সন্তানসকলেহে শুনাব পাৰা – সৃষ্টিত পুনৰ সেই শান্তি কেতিয়া আৰু
কেনেকৈ হ’ব? তোমালোক সন্তানসকলেতো জানা যে যথাযথ ‘পেৰাডাইজ্’ অথবা ‘হেভেন’ আছিল।
নতুন সৃষ্টিত ভাৰত ‘পেৰাডাইজ্’ আছিল। এয়া অন্য কোনেও নাজানে। মনুষ্যৰ বুদ্ধিত এইটো
কথাই বহি গৈছে যে ঈশ্বৰ সৰ্বব্যাপি আৰু কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি কৈ দিলে।
সকলোতকৈ বেছি পাথৰ বুদ্ধিৰ এই ভাৰতবাসীয়েই হৈছে। এই ‘গীতা’ শাস্ত্ৰ আদি সকলো হৈছে
ভক্তিমাৰ্গৰ। এই সকলোবোৰ আকৌ এনেকৈয়ে হ’ব। যদিও ড্ৰামাক জানে তথাপিও পিতাইতো
পুৰুষাৰ্থ কৰায়। তোমালোক সন্তানসকলে জানা যে বিনাশতো নিশ্চয় হ’ব। পিতা আহিছেই নতুন
সৃষ্টি স্থাপনা কৰিবলৈ। এইটো জানো আনন্দৰ কথা নহয়। যেতিয়া কোনো ডাঙৰ পৰীক্ষাত
উত্তীৰ্ণ হয় তেতিয়া অন্তৰ আনন্দিত হয় নহয়। মই এই সকলোবোৰ উত্তীৰ্ণ হৈ এই (দেৱতা)
হ’মগৈ। সকলো পঢ়াৰ ওপৰত নিৰ্ভয় কৰে।
তোমালোক সন্তানসকলে জানা যে যথাযথ পিতাই আমাক পঢ়াই এনেকৈ গঢ়ি তোলে। যথাযথ
‘পেৰাডাইজ্’ ‘হেভেন’ আছিল। বেচেৰা মনুষ্যতো একেবাৰেই বিভ্ৰান্ত হৈ আছে। বেহদৰ
পিতাৰ যি জ্ঞান আছে সেয়া তোমালোক সন্তানসকলক দি আছে। তোমালোকে পিতাৰ মহিমা কৰা -
বাবা জ্ঞানেৰে পৰিপূৰ্ণ, আকৌ আনন্দেৰেও পৰিপূৰ্ণ হয়, সম্পদো তেওঁৰ ওচৰত ভৰপূৰ হৈ আছে।
তোমালোকক ইমান চহকী কোনে কৰি তোলে? ইয়ালৈ তোমালোক কিয় আহিছা? উত্তৰাধিকাৰ ল’বলৈ। যদি
কাৰোবাৰ স্বাস্থ্য ভাল হয় কিন্তু ধন নাই তেতিয়া ধন অবিহনে কি হ’ব! বৈকুণ্ঠততো
তোমালোকৰ ওচৰত ধন থাকে। ইয়াত যিসকল চহকী ব্যক্তি আছে, তেওঁলোকৰ নিচা থাকে যে আমাৰ
ওচৰত ইমান ধন আছে, এইটো এইটো কাৰখানা আদি আছে। শৰীৰ এৰিলে সকলো শেষ। তোমালোকেতো জানা
যে পিতাই আমাক 21 জন্মৰ কাৰণে ইমান সম্পদ দি দিয়ে। পিতা নিজেতো সম্পদৰ মালিক নহয়।
তোমালোক সন্তানসকলক মালিক কৰি তোলে। এইটোও তোমালোকে জানা যে বিশ্বত শান্তি ঈশ্বৰ
পিতাৰ বাহিৰে আন কোনেও প্ৰতিষ্ঠা কৰিব নোৱাৰে। সকলোতকৈ প্ৰথম শ্ৰেণীৰ চিত্ৰ হৈছে –
এই ত্ৰিমূৰ্তি আৰু সৃষ্টি চক্ৰ। এই চক্ৰতে গোটেই জ্ঞান ভৰি আছে। তোমালোকৰ এনেকুৱা
এনেকুৱা কোনো আচৰিত বস্তু থাকিলে তেতিয়াহে তেওঁলোকে বুজিব যে ইয়াত নিশ্চয় কিবা
ৰহস্য আছে। সন্তানসকলে সৰু সৰু পুতলা সাজে, সেয়া পিতাৰ পচন্দ নহয়। পিতাইতো কয় -
ডাঙৰ চিত্ৰ লগোৱা যাতে দূৰৈৰ পৰা কোনোবাই পঢ়ি বুজিব পাৰে। মনুষ্যই ডাঙৰ বস্তুৰ
প্ৰতিহে মনোযোগ দিয়ে। ইয়াত স্পষ্টকৈ দেখুওৱা হৈছে, সেইফালে কলিযুগ, এইফালে সত্যযুগ।
ডাঙৰ ডাঙৰ চিত্ৰ হ’লে তেতিয়া মনুষ্যৰ মনোযোগ আকৰ্ষিত হ’ব। পৰ্যটকেও চাব, তেওঁলোকে
ভালদৰে বুজিও পাব। এইটোও জানে যে যীশুখ্ৰীষ্টৰ 3 হাজাৰ বছৰ পূৰ্বে স্বৰ্গ আছিল।
বাহিৰৰ লোকেতো এনেকৈ নাজানে। 5 হাজাৰ বছৰৰ হিচাপ তোমালোকে স্পষ্টকৈ বুজোৱা গতিকে
চিত্ৰ ইমান ডাঙৰকৈ তৈয়াৰ কৰিব লাগে যাতে দূৰৈৰ পৰা চাব পাৰে আৰু আখৰবোৰো পঢ়িব পাৰে,
যাৰ দ্বাৰা এইটো বুজি পাব যে এতিয়াতো যথাযথ সৃষ্টিৰ অন্তৰ সময়। বোমাতো তৈয়াৰ হৈয়ে
আছে। প্ৰাকৃতিক দুৰ্যোগো হ’ব। তোমালোকে বিনাশৰ নাম শুনিলেতো ভিতৰি বহুত আনন্দিত হ’ব
লাগে। কিন্তু যদি জ্ঞানেই নাথাকে তেতিয়া আনন্দিতও হ’ব নোৱাৰে। পিতাই কয় - দেহ সহিত
সকলো এৰি নিজক আত্মা বুলি বুজা, আত্মাৰ যোগসূত্ৰ মোৰ অৰ্থাৎ পিতাৰ সৈতে গঢ়া। এয়া
হৈছে পৰিশ্ৰমৰ কথা। পাৱন হৈহে পাৱন সৃষ্টিলৈ আহিব লাগে। তোমালোকে বুজি পোৱা যে আমিয়ে
বাদশ্বাহী লওঁ, আকৌ হেৰুৱাও। এয়াতো অতি সহজ। উঠোঁতে, বহোঁতে, ফুৰোঁতে নিজৰ অন্তৰত
জ্ঞান প্ৰবাহিত হৈ থাকিব লাগে, যেনেকৈ পিতাৰ জ্ঞান আছে নহয়। পিতা আহিছেই পঢ়াই দেৱতা
কৰি তুলিবলৈ। গতিকে সন্তানসকল ইমান অপাৰ আনন্দিত হৈ থাকিব নালাগে জানো। নিজক সোধা
ইমান অপাৰ আনন্দ আছেনে? পিতাক ইমান স্মৰণ কৰোঁনে? চক্ৰৰো গোটেই জ্ঞান বুদ্ধিত আছে,
তেন্তে ইমান আনন্দিত হৈ থকা উচিত। পিতাই কয় - মোক স্মৰণ কৰা আৰু একেবাৰে আনন্দিত হৈ
থাকা। তোমালোকক পঢ়ুৱাওঁতাজন চোৱা কোন! যেতিয়া সকলোৱে জানিব তেতিয়া সকলোৰে মুখ শেঁতা
পৰি যাব। কিন্তু এতিয়া তেওঁলোকে বুজি পাবলৈ দেৰি আছে। এতিয়া দেৱতা ধৰ্মৰ ইমান
সদস্যতো হোৱা নাই। গোটেই ৰাজ্য স্থাপনা হোৱা নাই। কিমান অনেক মনুষ্যক পিতাৰ বাৰ্তা
দিবলৈ আছে! বেহদৰ পিতাই আকৌ আমাক স্বৰ্গৰ বাদশ্বাহী দি আছে। তোমালোকেও সেইজন পিতাক
স্মৰণ কৰা। বেহদৰ পিতাইতো নিশ্চয় বেহদৰ সুখ দিব নহয়। সন্তানসকলৰ অন্তৰততো অপাৰ
জ্ঞানৰ আনন্দ থাকিব লাগে আৰু যিমান পিতাক স্মৰণ কৰি থাকিবা সিমানেই আত্মা পৱিত্ৰ হৈ
যাব।
ড্ৰামাৰ পৰিকল্পনা অনুসৰি তোমালোক সন্তানসকলে যিমান সেৱা কৰি প্ৰজা তৈয়াৰ কৰা তেতিয়া
যিসকলৰ কল্যাণ হয় তেওঁলোকৰ আশীৰ্বাদ প্ৰাপ্ত হৈ যায়। গৰিবৰ সেৱা কৰা। নিমন্ত্ৰণ দি
থাকিবা। ট্ৰেনতো তোমালোকে বহুত সেৱা কৰিব পাৰা। ইমান সৰু বেজটিত কিমান জ্ঞান ভৰি আছে।
গোটেই পঢ়াৰ তত্ব ইয়াত আছে। বেজতো বহুত ভাল ভাল বহুত তৈয়াৰ কৰিব লাগে যাতে কাৰোবাক
উপহাৰ হিচাপেও দিব পাৰি। যিকোনো লোককে বুজোৱাতো অতি সহজ। কেৱল শিৱবাবাক স্মৰণ কৰা।
শিৱবাবাৰ পৰাই উত্তৰাধিকাৰ পোৱা যায় সেয়েহে পিতা আৰু পিতাৰ উত্তৰাধিকাৰ স্বৰ্গৰ
বাদশ্বাহী, কৃষ্ণপুৰীক স্মৰণ কৰা। মনুষ্যৰ মতততো কিমান আউল লাগি আছে। একোৱে বুজি
নাপায়। বিকাৰৰ বাবে কিমান আমনি কৰে। কাম বিকাৰৰ পিছত কিমান মৰে। কোনো কথাই নুবুজে।
সকলোৰে বুদ্ধি একেবাৰে ভ্ৰষ্ট হৈ গ’ল, পিতাক নাজানেই। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে।
সকলোৰে মানসিক শক্তি শেষ হৈ গৈছে। পিতাই কয় - সন্তানসকল, তোমালোক পৱিত্ৰ হোৱা তেতিয়া
এনেকুৱা স্বৰ্গৰ মালিক হৈ যাবাগৈ, কিন্তু বুজিয়েই নাপায়। আত্মাৰ সমষ্ট শক্তি নোহোৱা
হৈ গ’ল। কিমান বুজায় তথাপিও পুৰুষাৰ্থ কৰিব আৰু কৰাব লাগে। পুৰুষাৰ্থত ভাগৰি পৰিব
নালাগে। হাৰ্টফেলো হ’ব নালাগে। ইমান কষ্ট কৰিলা, ভাষণৰ পৰা এজনো নোলাল। কিন্তু
তোমালোকে যি শুনালা, সেয়া যিয়ে শুনিলে তেওঁলোকৰ ওপৰত ছাপতো পৰি গ’ল। পাছলৈ সকলোৱে
নিশ্চয় জানিব। তোমালোক বি.কে.সকলৰ অপাৰ মহিমা হ’ব। কিন্তু কৰ্মকাণ্ড লক্ষ্য কৰিলে
দেখা যায় যেন একেবাৰে অবোধ। কোনো সন্মানেই নাই, সম্পূৰ্ণ পৰিচয়েই নাই। বুদ্ধি
বাহিৰত দিগভ্ৰান্ত হৈ ফুৰে। পিতাক স্মৰণ কৰিলে তেতিয়া পিতাৰ সহায়ো পাবা। যদি পিতাক
স্মৰণ নকৰা তেন্তে পতিত বুলি কোৱা হ’ব। তোমালোক পাৱন হৈ আছা। যিয়ে পিতাক স্মৰণ নকৰে
তেওঁলোকৰ বুদ্ধি নিশ্চয় ক’ৰবাত নহয় ক’ৰবাত দিগভ্ৰান্ত হৈ ফুৰে। গতিকে তেওঁলোকৰ অংগৰ
সৈতে যাতে অংগই স্পৰ্শ নকৰে কিয়নো স্মৃতিত নথকা কাৰণে তেওঁলোকে বায়ুমণ্ডল দুষিত কৰি
দিয়ে। পৱিত্ৰ আৰু অপৱিত্ৰ একেলগে থাকিব নোৱাৰে সেই কাৰণে পিতাই পুৰণি সৃষ্টি নাশ কৰি
দিয়ে। দিন-প্ৰতিদিনে ৰীতি-নীতিও কাঢ়া হৈ গৈ থাকিব। পিতাক স্মৰণ নকৰিলে তেতিয়াতো
লাভতকৈ আৰু বেছি লোকচানহে কৰে। পৱিত্ৰতাৰ গোটেইখিনি স্মৃতিৰ ওপৰত নিৰ্ভৰ কৰে। একে
স্থানতে বহাৰ কথা নহয়। ইয়াত একেলগে বহাতকৈ পাহাৰত গৈ বেলেগে বেলেগে বহাটোৱে ভাল।
যিয়ে স্মৰণ নকৰে তেওঁলোক হৈছে পতিত। তেওঁলোকৰ সংগও ল’ব নালাগে। চলনৰ দ্বাৰাও জানিব
পাৰি। পিতাৰ স্মৃতি অবিহনে পাৱনতো হ’ব নোৱাৰে। প্ৰত্যেকৰে জন্ম-জন্মান্তৰৰ পাপৰ বোজা
বহুত আছে। সেয়া স্মৃতিৰ যাত্ৰা অবিহনে আঁতৰিব কেনেকৈ। গতিকে তেওঁলোক পতিতই হয়।
পিতাই কয় - মই তোমালোক সন্তানসকলৰ বাবে গোটেই পতিত সৃষ্টিখনকে শেষ কৰি দিওঁ।
তোমালোকে তেওঁলোকৰ (পতিতৰ) সংগও ল’ব নালাগে। কিন্তু ইমানো বুদ্ধি নাই যে কাৰ সংগ
ল’ব লাগে। তোমালোকৰ পৱিত্ৰৰ সৈতে পৱিত্ৰ মৰম থাকিব লাগে। এইখিনিও বুদ্ধি থাকিব লাগে
নহয়। মৰমৰ পিতা আৰু মৰমৰ ৰাজধানীৰ বাহিৰে আন একোৱে যাতে স্মৃতিলৈ নাহে। ইমানবোৰ
ত্যাগ কৰাতো কোনো মাহীৰ ঘৰলৈ যোৱাৰ দৰে (ইমান উজু) নহয়। পিতাৰতো সন্তানসকলৰ প্ৰতি
অপাৰ স্নেহ আছে। সন্তানসকল পাৱন হৈ যোৱা তেতিয়া তোমালোক পাৱন সৃষ্টিৰ মালিক হৈ
যাবাগৈ। মই তোমালোকৰ বাবে পাৱন সৃষ্টি স্থাপনা কৰি আছোঁ। এই পতিত সৃষ্টিক একেবাৰে
নাশ কৰি দিয়ে। ইয়াত এই পতিত সৃষ্টিত সকলো বস্তুৱে তোমালোকক দুখ দিয়ে। আয়ুসো কম হৈ
যায়, ইয়াক কোৱা হয় – একেবাৰে মূল্যহীন। কড়ি আৰু হীৰাৰ মাজত পাৰ্থক্যতো থাকে নহয়।
গতিকে তোমালোক সন্তানসকল কিমান আনন্দিত হ’ব লাগে। গায়নো কৰা হয় – সত্যত থাকিলে আত্মা
নাচি থাকে। তোমালোকে সত্যযুগত আনন্দত নৃত্য কৰা। ইয়াৰ কোনো বস্তুৰ প্ৰতি অন্তৰৰ
আকৰ্ষণ ৰাখিব নালাগে। এইবোৰ দেখিও চাব নালাগে, চকু মেলি থাকিলেও যেনেকৈ টোপনিৰ
নিচাত থাকে, কিন্তু সেই সাহস, সেইটো অৱস্থা হোৱা উচিত। এইটোতো নিশ্চয়তা আছে যে এই
পুৰণি সৃষ্টি নাথাকিবই। ইমান সীমাহীন আনন্দত থকা উচিত। চিকুটি চাব লাগে – হেৰ’ মই
শিৱবাবাক স্মৰণ কৰিলে বিশ্বৰ বাদশ্বাহী পাম। হঠযোগতো বহিব নালাগে। খাঁওতে-লওঁতে,
কাম কৰোঁতে পিতাক স্মৰণ কৰি থাকিবা। এইটোও জানা যে ৰাজধানী স্থাপনা হৈ আছে। পিতাই
জানো ক’ব যে দাসী হোৱা। পিতাইতো ক’ব পাৱন হোৱাৰ বাবে পুৰুষাৰ্থ কৰা। পিতাই পাৱন কৰি
তুলিবলৈ পুৰুষাৰ্থ কৰায় তোমালোক আকৌ পতিত হৈ যোৱা, কিমান মিছা পাপ কৰা। সদায়
শিৱবাবাক স্মৰণ কৰা তেতিয়া সকলো পাপ স্বাহা হৈ যাব। এয়া পিতাৰ যজ্ঞ নহয় জানো। এয়া
অতি মহান যজ্ঞ। তেওঁলোকে যজ্ঞ ৰচে – লাখ লাখ টকা খৰচ কৰে। ইয়াততো তোমালোকে জানা যে
গোটেই সৃষ্টি এই যজ্ঞত স্বাহা হৈ যাব। বিদেশৰ পৰা খবৰ ওলাব, ভাৰততো বিয়পি পৰিব।
এটাতো পিতাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ থাকিলে তেতিয়া পাপ খণ্ডন হ’ব আৰু তেতিয়া উচ্চ পদো
পাব। পিতাৰতো দায়িত্ব হৈছে সন্তানসকলক পুৰুষাৰ্থ কৰোৱা। লৌকিক পিতাইতো সন্তানসকলৰ
সেৱা কৰে, সেৱা গ্ৰহণো কৰে। এই পিতাইতো কয় - মই তোমালোক সন্তানসকলক 21 জন্মৰ
উত্তৰাধিকাৰ দিওঁ, গতিকে এনেহেন পিতাক নিশ্চয় স্মৰণ কৰিব লাগে, যাৰ দ্বাৰা পাপ
খণ্ডন হৈ যায়। বাকী পানীৰ দ্বাৰা জানো পাপ খণ্ডন হয়। পানীটো য’তে-ত’তে আছে। বিলাততো
নদী আছে তেন্তে ইয়াৰ নদীয়ে পাৱন কৰি তোলে আৰু বিলাতৰ নদীয়ে পতিত কৰি তোলে নেকি?
মনুষ্যৰ অলপো বোধশক্তি নাই। পিতাৰতো দয়া উপজে। পিতাই বুজায় - সন্তানসকল, গাফিলতি
নকৰিবা। পিতাই ইমান ফুলৰ দৰে কৰি তোলে তেন্তে যত্ন কৰিব নালাগে জানো। নিজৰ ওপৰত দয়া
কৰিব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ইয়াৰ কোনো বস্তৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। দেখিও চাব নালাগে। চকু মেলি
থাকিও যেনেকৈ টোপনিৰ নিচা থাকে, তেনেকৈ আনন্দৰ নিচা যাতে বাঢ়ি থাকে।
(2) সকলো পৱিত্ৰতাৰ
ওপৰত নিৰ্ভয় কৰে, সেইবাবে নিজকে চম্ভালিব লাগে যাতে পতিতৰ অংগৰ সৈতে অংগই স্পৰ্শ
নকৰে। মৰমৰ পিতা আৰু মৰমৰ ৰাজধানীৰ বাহিৰে অন্য একো যাতে স্মৃতিলৈ নাহে।
বৰদান:
হদৰ (সীমিত)
ইচ্ছাসমূহ ত্যাগ কৰি ভাল হওঁতা ‘ইচ্ছা মাত্ৰম্ অবিদ্যা’ হোৱা
মনত কোনো হদৰ ইচ্ছা
থাকিলে ভাল হ'বলৈ নিদিব। যেনেকৈ ৰ'দত গ'লে প্ৰচ্ছায়া আগে আগে গৈ থাকে, তাক যদি
ধৰিবলৈ চেষ্টা কৰা তেন্তে ধৰিব নোৱাৰি, ৰ'দৰ ফালে পিঠি দি আহিলে তেতিয়া প্ৰচ্ছায়া
পিছে পিছে আহিব। তেনেকৈয়ে ইচ্ছা হৈছে আকৰ্ষিত কৰি কন্দুৱাওঁতা, সেয়া ত্যাগ কৰা
তেতিয়া সি পিছে পিছে আহিব। মগনীয়া কেতিয়াও সম্পন্ন হ'ব নোৱাৰে। হদৰ কোনো ইচ্ছাৰ
পিছত দৌৰা মানে এনেকুৱা যেন মৃগতৃষ্ণা, ইয়াৰ পৰা সদায় সাৱধানে থাকিবা তেতিয়া ‘ইচ্ছা
মাত্ৰম্ অবিদ্যা’ হৈ যাবা।
স্লোগান:
নিজৰ শ্ৰেষ্ঠ কৰ্ম বা চলনৰ দ্বাৰা আশীৰ্বাদ জমা কৰি লোৱা তেতিয়া পাহাৰৰ দৰে
পৰিস্থিতিও তুলাৰ সমান অনুভৱ হ'ব।
পুৰণা সংস্কাৰ
পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
পুৰণা সংস্কাৰতো হৈছে
স্থূল বস্তু এতিয়া পুৰণা সংকল্পও শেষ হোৱা উচিত। পুৰণা সংস্কাৰ উৎপন্ন হোৱাৰ কাৰণ
হৈছে বিস্মৃতি। নিজৰ বিস্মৃতিৰ কাৰণে ব্যৰ্থ কথাই সহজ কথাকো কঠিন কৰি দিয়ে। কিবা
নহয় কিবা সংস্কাৰত যদি এই দেহ ৰূপী বস্ত্ৰ লিপিট খাই থাকে অৰ্থাৎ আটিল হয় তেন্তে
খুলিব নোৱাৰা। যেতিয়া সকলো সংস্কাৰৰ পৰা উপৰাম হৈ যাবা তেতিয়া অৱস্থাও স্নেহী আৰু
উপৰাম ফৰিস্তাৰ সমান হৈ যাব।