10.11.24 Avyakt Bapdada
Assame
Murli
14.11.2002 Om Shanti Madhuban
“*“ব্ৰাহ্মণ জীৱনৰ
বুনিয়াদ আৰু সফলতাৰ আধাৰ হৈছে নিশ্চয়বুদ্ধি”*”
আজি সমৰ্থ পিতাই নিজৰ
চাৰিওফালৰ সমৰ্থ সন্তানসকলক চাই আছেহঁক। প্ৰতিগৰাকী সন্তান সমৰ্থ হৈ পিতাৰ সমান
হোৱাৰ শ্ৰেষ্ঠ পুৰুষাৰ্থত লাগি আছে। সন্তানসকলৰ এই নিষ্ঠা দেখি বাপদাদাও হৰ্ষিত হৈ
থাকে। সন্তানসকলৰ এই দৃঢ় সংকল্প বাপদাদাৰো ভাল লাগে। বাপদাদাইতো সন্তানসকলক এয়াই কয়
যে পিতাতকৈও আগত যাব পাৰা কিয়নো স্মাৰকতো পিতাৰ পূজা একক, তোমালোক সন্তানসকলৰ পূজা
দ্বৈত। বাপদাদাৰ শিৰৰো মুকুট হোৱা। বাপদাদাই সন্তানসকলৰ স্বমান দেখি সদায় এয়াই কয়
বাঃ! শ্ৰেষ্ঠ স্বমানধাৰী, স্বৰাজ্যধাৰী সন্তানসকল বাঃ! প্ৰতিগৰাকী সন্তানৰ বিশেষত্ব
পিতাই প্ৰত্যেকৰে মস্তকত চিকমিকাই থকা দেখিবলৈ পাইছে। তোমালোকেও নিজৰ বিশেষত্বক জানি,
বুজি বিশ্ব সেৱাত লগাই যোৱা। পৰীক্ষা কৰা – মই প্ৰভু পচন্দ, পৰিয়ালৰ পচন্দ কিমানখিনি
হৈছোঁ? কিয়নো সংগমযুগত পিতাই ব্ৰাহ্মণ পৰিয়াল ৰচনা কৰে, গতিকে প্ৰভু পচন্দ আৰু
পৰিয়ালৰ পচন্দ দুয়োটাৰে আৱশ্যক।
আজি বাপদাদাই সকলো
সন্তানৰ ব্ৰাহ্মণ জীৱনৰ বুনিয়াদ চাই আছিল। বুনিয়াদ হ’ল নিশ্চয়বুদ্ধি সেইবাবে য’ত
প্ৰতিটো সংকল্পত, প্ৰতিটো কাৰ্যত নিশ্চয়তা আছে ত’ত বিজয় হৈয়েই আছে। সফলতা জন্মসিদ্ধ
অধিকাৰৰ ৰূপত স্বতঃ আৰু সহজে প্ৰাপ্ত হৈছে। জন্মসিদ্ধ অধিকাৰৰ কাৰণে পৰিশ্ৰমৰ
আৱশ্যক নহয়। সফলতা ব্ৰাহ্মণ জীৱনৰ ডিঙিৰ মালা। ব্ৰাহ্মণ জীৱন হৈছে সফলতা স্বৰূপ।
সফলতা পাম নে নাপাম এইটো ব্ৰাহ্মণ জীৱনৰ প্ৰশ্নই নহয়। নিশ্চয়বুদ্ধিৰসকল সদায় পিতাৰ
সৈতে সংযুক্ত হৈ থাকে, গতিকে য’ত পিতা সংযুক্ত হৈ আছে ত’ত সফলতা সদায় প্ৰাপ্ত হয়।
গতিকে পৰীক্ষা কৰা – সফলতা স্বৰূপ কিমানলৈকে হৈছা? যদি সফলতা শতাংশৰ হিচাপত আছে
তেন্তে তাৰ কাৰণ নিশ্চয়তা শতাংশৰ হিচাপত আছে। নিশ্চয়তা কেৱল পিতাৰ প্ৰতি আছে, এয়াতো
বহুত ভাল। কিন্তু নিশ্চয়তা – পিতাৰ প্ৰতি নিশ্চয়তা, নিজৰ প্ৰতি নিশ্চয়তা, ড্ৰামাৰ
প্ৰতি নিশ্চয়তা আৰু লগতে পৰিয়ালৰ প্ৰতি নিশ্চয়তা। এই চাৰিওটা নিশ্চয়তাৰ আধাৰত সফলতা
সহজে আৰু স্বতঃ প্ৰাপ্ত হয়।
পিতাৰ প্ৰতি নিশ্চয়তা
সকলো সন্তানৰ আছে সেইবাবেতো ইয়ালৈ আহিছে। পিতাৰো তোমালোক সকলোৰে প্ৰতি নিশ্চয়তা আছে
সেইবাবেতো নিজৰ কৰি লৈছে। কিন্তু ব্ৰাহ্মণ জীৱনত সম্পন্ন বা সম্পূৰ্ণ হ’বলৈ নিজৰ
প্ৰতিও নিশ্চয়তা থকা আৱশ্যক। বাপদাদাৰ দ্বাৰা প্ৰাপ্ত হোৱা শ্ৰেষ্ঠ আত্মাৰ স্বমান
সদায় যাতে স্মৃতিত থাকে যে মই পৰমাত্মাৰ দ্বাৰা স্বমানধাৰী শ্ৰেষ্ঠ আত্মা। সাধাৰণ
আত্মা নহয়, পৰমাত্ম স্বমানধাৰী আত্মা। তেতিয়া স্বমানে প্ৰতিটো সংকল্পত, প্ৰতিটো
কৰ্মত সফলতা অৱশ্যে আনি দিব। সাধাৰণ কৰ্ম কৰোঁতা আত্মা নহয়, স্বমানধাৰী আত্মা।
তেতিয়া প্ৰতিটো কৰ্মত স্বমানে তোমালোকক সফলতা সহজে আনি দিব। গতিকে নিজৰ প্ৰতি
নিশ্চয়বুদ্ধিৰ লক্ষণ – সফলতা বা বিজয়। এনেয়ে পিতাৰ প্ৰতিতো দৃঢ় নিশ্চয়তা আছে, তাৰ
বিশেষত্ব হ’ল “নিৰন্তৰ মই পিতাৰ আৰু পিতা মোৰ”। এয়া হৈছে নিৰন্তৰ বিজয়ৰ আধাৰ। “মোৰ
বাবা” কেৱল বাবা নহয়, “মোৰ বাবা’। যিটো ‘মোৰ’ হয় তাৰ ওপৰত অধিকাৰ থাকে। গতিকে “মোৰ
বাবা”, এনেকুৱা নিশ্চয়বুদ্ধিৰ আত্মা সদায় সফলতা আৰু বিজয়ৰ অধিকাৰী হয়। তেনেকৈ
ড্ৰামাৰ প্ৰতিও সম্পূৰ্ণ নিশ্চয়তা লাগে। সফলতা আৰু সমস্যা দুয়ো প্ৰকাৰৰ কথা ড্ৰামাত
আহে কিন্তু সমস্যাৰ সময়ত নিশ্চয়বুদ্ধিৰ চিন হ’ল সমাধান স্বৰূপ। সমস্যাক চেকেণ্ডত
সমাধান স্বৰূপৰ দ্বাৰা পৰিৱৰ্তন কৰি দিয়া। সমস্যাৰ কাম হ’ল অহা, নিশ্চয়বুদ্ধি
আত্মাৰ কাম হ’ল সমাধান স্বৰূপৰ দ্বাৰা সমস্যাক পৰিৱৰ্তন কৰি দিয়া। কিয়? তোমালোক
প্ৰত্যেক ব্ৰাহ্মণ আত্মাই ব্ৰাহ্মণ জন্ম লওঁতে মায়াক প্ৰত্যাহ্বান জনাইছা।
প্ৰত্যাহ্বান জনাইছা নহয় নে পাহৰি গ’লা? প্ৰত্যাহ্বান জনাইছা যে মই মায়াজিৎ হওঁতা।
তেন্তে সমস্যাৰ স্বৰূপ হৈছে মায়াৰ স্বৰূপ। যিহেতু প্ৰত্যাহ্বান জনাইছা গতিকে মায়াই
বিৰুদ্ধাচৰণতো কৰিব নহয়! মায়া ভিন্ন ভিন্ন সমস্যাবোৰৰ ৰূপত তোমালোকৰ প্ৰত্যাহ্বান
গ্ৰহণ কৰিবলৈ আহে। তোমালোকে নিশ্চয়বুদ্ধি বিজয়ী স্বৰূপেৰে অতিক্ৰম কৰিব লাগে, কিয়?
কোনো নতুন নহয়। কিমান বাৰ বিজয়ী হৈছা? এতিয়া এবাৰ সংগমত বিজয়ী হৈ আছা নে অনেকবাৰ
হোৱাটো পুনৰাবৃত্তি কৰি আছা? সেইবাবে সমস্যা তোমালোকৰ বাবে নতুন কথা নহয়, একো নতুন
নহয়। অনেক বাৰ বিজয়ী হৈছা, হৈ আছা আৰু আগলৈও হৈ থাকিবা। এয়া হ’ল ড্ৰামাত
নিশ্চয়বুদ্ধি বিজয়ী। আকৌ ব্ৰাহ্মণ পৰিয়ালৰ প্ৰতি নিশ্চয়তা, কিয়? ব্ৰাহ্মণ পৰিয়ালৰ
অৰ্থই হৈছে সংগঠন। সৰু পৰিয়াল নহয়, পিতা ব্ৰহ্মাৰ ব্ৰাহ্মণ পৰিয়াল সকলো পৰিয়ালতকৈ
শ্ৰেষ্ঠ আৰু ডাঙৰ। গতিকে পৰিয়ালৰ মাজত, পৰিয়ালৰ প্ৰীতিৰ ৰীতি পালন কৰাৰ ক্ষেত্ৰতো
বিজয়ী। এনেকুৱা নহয় যে পিতা মোৰ, মই বাবাৰ, সকলোখিনি হৈ গ’ল, বাবাৰ সৈতে কাম,
পৰিয়ালৰ সৈতে কি কাম! কিন্তু এয়াও নিশ্চয়তাৰ বিশেষত্ব। চাৰিওটা কথাতে নিশ্চয়তা,
বিজয়ৰ আৱশ্যক। পৰিয়ালেও সকলোকে কোনো কথাত মজবুত কৰি দিয়ে। কেৱল পৰিয়ালত এইটো
স্মৃতিত থাকিব লাগে যে সকলো নিজৰ নিজৰ ক্ৰম অনুসৰি ধাৰণা স্বৰূপ। বিচিত্ৰতা আছে।
ইয়াৰ স্মাৰক হৈছে 108ৰ মালা। ভাবা – ক’ত এক নম্বৰ আৰু ক’ত 108 নম্বৰ, কিয় হ’ল? সকলো
এক নম্বৰ কিয় নহ’ল? 16 হাজাৰ কিয় হ’ল? কাৰণ? ভিন্ন সংস্কাৰক বুজি জ্ঞানপূৰ্ণ হৈ চলা,
দায়িত্ব পালন কৰা, এয়াই কৃতকাৰ্য অৱস্থা। চলিবলগীয়াতো হয়েই। পৰিয়াল এৰি ক’লৈ যাবা।
নিচাও আছে নহয় যে আমাৰ ইমান ডাঙৰ পৰিয়াল। গতিকে ডাঙৰ পৰিয়ালত বিশাল অন্তৰেৰে
প্ৰত্যেকৰ সংস্কাৰক জানি চলা, নম্ৰ হৈ চলা, শুভ ভাৱনা, শুভ কামনাৰ বৃত্তিৰে চলা…
এয়াই পৰিয়ালত নিশ্চয়বুদ্ধি বিজয়ীৰ চিন। তেন্তে সকলো বিজয়ী হোৱা নহয়? বিজয়ী হোৱানে?
ডবল বিদেশীসকল বিজয়ী
হোৱানে? হাততো বৰ ভালকৈ লৰাই আছা। বৰ ভাল। বাপদাদা আনন্দিত হয়। বাৰু – শিক্ষকসকল
বিজয়ী হোৱানে? নে অলপ অলপ এনেকুৱা হয় যে কি কৰোঁ, এনেকুৱাতো নহয়! ‘কেনেকৈ’ৰ পৰিৱৰ্তে
‘এনেকৈ’ শব্দ ব্যৱহাৰ কৰা, ‘কেনেকৈ’ কৰোঁ নহয় ‘এনেকৈ’ কৰোঁ। 21 জন্মৰ সম্পৰ্ক
পৰিয়ালৰ সৈতে সেইবাবে যি পৰিয়ালত উত্তীৰ্ণ, তেওঁ সকলোতে উত্তীৰ্ণ।
গতিকে চাৰিওপ্ৰকাৰৰ
নিশ্চয়তা পৰীক্ষা কৰা কিয়নো প্ৰভু পচন্দৰ লগতে পৰিয়ালৰ পচন্দৰো হোৱা অতি আৱশ্যক।
নম্বৰ এই চাৰিওটা নিশ্চয়তাৰ শতাংশ অনুসৰি পাবা। এনেকৈ নহয় যে মই বাবাৰ, বাবা মোৰ,
বচ্ হৈ গ’ল। এনেকুৱা নহয়। “মোৰ বাবা” বুলিতো বহুত ভালকৈ কোৱা আৰু সদায় এইটো
নিশ্চয়তাত অবিচলিতও হোৱা, ইয়াৰ বাবে অভিনন্দন কিন্তু তিনিটা আৰু আছে। শিক্ষকসকল,
চাৰিওটাই জৰুৰী হয় নে নহয়? এনেকুৱাতো নহয় তিনিটা জৰুৰী এটা নহয়? যিসকলে ভাবা চাৰিওটা
নিশ্চয়তা জৰুৰী তেওঁলোকে এখন হাত দাঙিবা। সকলোৰে চাৰিওটা কথাই পচন্দ হয়নে? যাৰ
তিনিটা কথা পচন্দ তেওঁলোকে হাত দাঙা। কোনো নাই। পালন কৰা কঠিন নহয়? বৰ ভাল। যদি
অন্তৰেৰে হাত দাঙিলা তেন্তে সকলো উত্তীৰ্ণ হৈ গ’লা। বাৰু।
চোৱা, ক’ৰ ক’ৰ পৰা,
ভিন্ন ভিন্ন দেশৰ ঠালবোৰ মধুবনত এক বৃক্ষ হৈ যায়। মধুবনত স্মৃতিত থাকে জানো যে মই
দিল্লীৰ, মই কৰ্ণাটকৰ, মই গুজৰাটৰ…! সকলো মধুবন নিবাসী। তেনেহ’লে এডাল বৃক্ষ হৈ গ’ল
নহয়। এই সময়ত সকলোৱে কি ভাবা, মধুবন নিবাসী হোৱা নে নিজৰ নিজৰ দেশৰ নিবাসী? মধুবন
নিবাসী হোৱানে? সকলো মধুবন নিবাসী হোৱা, বৰ ভাল। এনেয়েও প্ৰত্যেক ব্ৰাহ্মণৰ স্থায়ী
ঠিকনা মধুবনেই হয়। তোমালোকৰ স্থায়ী ঠিকনা কোনটো? বোম্বাই (এতিয়া মুম্বাই)? দিল্লী?
পঞ্জাৱ? মধুবন হৈছে স্থায়ী ঠিকনা। এয়াতো সেৱাৰ কাৰণে সেৱাকেন্দ্ৰলৈ পঠিওৱা হৈছে।
সেয়া সেৱাৰ স্থান, ঘৰ তোমালোকৰ মধুবন। অৱশেষত আশ্ৰয় ক’ত পাবা? মধুবনতেই পাবা,
সেইবাবে ডাঙৰ ডাঙৰ স্থান তৈয়াৰ কৰি আছে নহয়!
সকলোৰে লক্ষ্য হৈছে
পিতাৰ সমান হোৱাৰ। গতিকে গোটেই দিনটোত এইটো ড্ৰিল কৰা – মনৰ ড্ৰিল। শৰীৰৰ ড্ৰিলতো
শৰীৰ স্বাস্থ্যৱান কৰি ৰাখিবলৈ কৰা, কৰি থাকা কিয়নো আজিকালি ঔষধতকৈও ব্যায়ামৰ অধিক
আৱশ্যক। সেয়াতো কৰা সময়ত খুব কৰা। সেৱাৰ সময়ত ব্যায়াম কৰি নাথাকিবা। বাকী সময়ত
ব্যায়াম কৰা ভাল। কিন্তু লগতে মনৰ ব্যায়াম বাৰে বাৰে কৰা। যিহেতু পিতাৰ সমান হ’ব
লাগে তেন্তে এটা হৈছে নিৰাকাৰ আৰু আনটো হ’ল অব্যক্ত ফৰিস্তা। গতিকে যেতিয়াই সময় পোৱা
চেকেণ্ডত পিতাৰ সমান নিৰাকাৰী স্থিতিত স্থিত হৈ যোৱা, পিতাৰ সমান হ’ব লাগে গতিকে
নিৰাকাৰী স্থিতি পিতাৰ সমান। কাৰ্য কৰি ফৰিস্তা হৈ কৰ্ম কৰা, ফৰিস্তা অৰ্থাৎ ‘ডবল
লাইট’। কাৰ্যৰ বোজা যাতে নাথাকে। কাৰ্যৰ বোজাই অব্যক্ত ফৰিস্তা হ’বলৈ নিদিব। গতিকে
মাজে মাজে নিৰাকাৰী আৰু ফৰিস্তা স্বৰূপৰ মনৰ ব্যায়াম কৰা তেতিয়া ভাগৰ নালাগিব।
যেনেকৈ পিতা ব্ৰহ্মাক সাকাৰ ৰূপত দেখিলা – ‘ডবল লাইট’। সেৱাৰো যাতে বোজা নাথাকে।
অব্যক্ত ফৰিস্তা ৰূপ। তেতিয়া সহজেই পিতাৰ সমান হৈ যাবা। আত্মাও নিৰাকাৰ আৰু আত্মা
নিৰাকাৰ স্থিতিত স্থিত হ’লে তেতিয়া নিৰাকাৰ পিতাৰ স্মৃতিয়ে সহজে সমান কৰি দিব।
এতিয়াই এক চেকেণ্ডত নিৰাকাৰ স্থিতিত স্থিত হ’ব পাৰিবানে? হ’ব পাৰিবানে? (বাপদাদাই
ড্ৰিল কৰালে) এইটো অভ্যাস চলোঁতে-ফুৰোঁতে, কৰ্ম কৰোঁতে মাজে মাজে কৰি থাকিবা। তেতিয়া
এইটো অভ্যাসে মনৰ সেৱা কৰাতো সহযোগ দিব আৰু শক্তিশালী যোগযুক্ত স্থিতিতো বহুত সহায়
কৰিব। বাৰু।
ডবল বিদেশীসকলৰ সৈতে:-
চোৱা ডবল
বিদেশীসকলে এইটো চিজনত কাৰণে-অকাৰণে সকলো দলতে সুযোগ পায়। প্ৰত্যেক দলতে আহিব পাৰে,
স্বাধীনতা আছে। তেন্তে এয়া ভাগ্য নহয় জানো, ডবল ভাগ্য। সেয়েহে এইটো দলকতো বাপদাদাই
চাই আছে কিছুমান প্ৰথম বাৰ আহিছে, কিছুমান আগেয়ে অহাও আহিছে। বাপদাদাৰ দৃষ্টি সকলো
বিদেশীৰ ওপৰত আছে। যিমান স্নেহ তোমালোকৰ পিতাৰ প্ৰতি আছে, পিতাৰ স্নেহ তোমালোকৰ
তুলনাত পদমগুণ আছে। ঠিক আছে নহয়! পদমগুণ আছেনে? তোমালোকৰো স্নেহ, অন্তৰৰ স্নেহ আছে
সেয়েহে ইয়াত উপস্থিত হৈছা। ডবল বিদেশীসকল ব্ৰাহ্মণ পৰিয়ালৰ শোভা। বিশেষ শোভা হোৱা।
প্ৰত্যেক দেশত বাপদাদাই দেখি আছে – স্মৃতিত বহি আছে, শুনিও আছে লগতে স্মৃতিতো বহি
আছে। বৰ ভাল।
শিক্ষকসকলৰ প্ৰতি:-
শিক্ষকসকলৰ
দলটিও ডাঙৰ। বাপদাদাই শিক্ষকসকলক এটা উপাধি দিয়ে। কোনটো উপাধি দিয়ে? (বন্ধু) বন্ধুতো
সকলো হোৱাই। ডবল বিদেশীসকলতো প্ৰথমে বন্ধু। এওঁলোকৰ ‘বন্ধু’ সম্বন্ধটি ভাল লাগে।
শিক্ষক যিসকল যোগ্য, সকলোকে নহয়, যোগ্য শিক্ষকসকলক বাপদাদাই কয় – এওঁলোক ‘গুৰুভাই’।
যেনেকৈ ডাঙৰ সন্তান পিতাকৰ সমান হৈ যায় নহয়, তেনেকৈ শিক্ষকসকলো গুৰুভাই কিয়নো সদায়
পিতাৰ সেৱাৰ নিমিত্ত হৈছে। পিতাৰ সমান সেৱাধাৰী হয়। চোৱা, শিক্ষকসকলে মুৰুলী শুনাবলৈ
পিতাৰ সিংহাসন পাইছে। গুৰুৰ গাদী পাইছে নহয়! সেইবাবে শিক্ষক অৰ্থাৎ নিৰন্তৰ সেৱাধাৰী।
মনেৰেই হওঁক, বাণীৰেই হওঁক, সম্বন্ধ-সম্পৰ্কৰ দ্বাৰাই হওঁক বা কৰ্মেৰেই হওঁক – সদায়
সেৱাধাৰী। এনেকুৱা হোৱা নহয়! আৰাম পচন্দতো নকৰা নহয়! সেৱাধাৰী। সেৱা, সেৱা আৰু সেৱা।
ঠিক আছে নহয়? বাৰু।
সেৱাত দিল্লী, আগ্ৰাৰ
পাল:- আগ্ৰা
সঙ্গী হয়। দিল্লীৰ সেনাবাহিনীতো বহুত ডাঙৰ। বাৰু – দিল্লীত স্থাপনাৰ ভেটী স্থাপনা
হ’ল, এয়াতো বৰ ভাল কথা। এতিয়া পিতাৰ প্ৰত্যক্ষতাৰ ভেটী স্থাপনা ক’ৰ পৰা হ’ব?
দিল্লীৰ পৰা নে মহাৰাষ্ট্ৰৰ পৰা? কৰ্ণাটকৰ পৰা, লণ্ডনৰ পৰা… ক’ৰ পৰা হ’ব? দিল্লীৰ
পৰা হ’বনে? নিৰন্তৰ সেৱা আৰু তপস্যা কৰা। সেৱা আৰু তপস্যা দুয়োটাৰে সন্তুলনৰ দ্বাৰা
প্ৰত্যক্ষতা হ’ব। যেনেকৈ সেৱাৰ বাবে আলোচনা চক্ৰ কৰিলা নহয়, তেনেকৈ দিল্লীত তপস্যাৰ
বৰ্ণনা কৰাৰ আলোচনা চক্ৰ কৰা তেতিয়া দিল্লীক দিল্লী বুলি কোৱা হ’ব। দিল্লী পিতাৰ
অন্তৰতো হয় কিন্তু পিতাৰ অন্তৰে পচন্দ কৰা কাৰ্য কৰিও দেখুওৱা। পাণ্ডৱ কৰিব লাগে
নহয়? কৰিম, নিশ্চয় কৰিম। তপস্যা এনেকৈ কৰা যাতে সকলো পতঙ্গ বাবা বাবা বুলি কৈ
দিল্লীৰ বিশেষ স্থানত আহি উপস্থিত হৈ যায়। চগা পোকবোৰে বাবা বাবা বুলি কৈ আহক তেতিয়া
প্ৰত্যক্ষতা হৈছে বুলি কোৱা হ’ব। গতিকে এইটো কৰিব লাগে, আগন্তুক বছৰত ইয়াৰ ওপৰত
আলোচনা চক্ৰ কৰিবা, এইটো ফলাফল শুনাব লাগে যে কিমান চগা পোক বাবা বাবা বুলি কৈ
স্বাহা হ’ল। ঠিকে আছে নহয়? বৰ ভাল, মাতাও বহুত আছে।
কুমাৰ-কুমাৰীসকলৰ
প্ৰতি:- কুমাৰ
আৰু কুমাৰী, আধা সভাঘৰ কুমাৰ-কুমাৰীৰে ভৰি আছে। চাব্বাচ কুমাৰ কুমাৰীসকল। বচ্
কুমাৰ-কুমাৰীসকল হৈছে জ্বলা ৰূপ ধৰি আত্মাসকলক পাৱন কৰি তোলোঁতা। কুমাৰ আৰু
কুমাৰীসকলৰ আজিকালিৰ কুমাৰ আৰু কুমাৰীসকলৰ ওপৰত দয়া উপজিব লাগে, কিমান দিগভ্ৰান্ত
হৈ আছে। দিগভ্ৰান্ত সহচৰসকলক সঠিক মাৰ্গত আনা। বাৰু, যিসকল কুমাৰ আৰু কুমাৰী আহিছে
তেওঁলোকৰ ভিতৰত এই গোটেই বছৰটোত যিসকলে আত্মাসকলক সেৱাত নিজৰ সমান কৰি তুলিছে
সেইসকলে দীঘলকৈ হাত দাঙা। কুমাৰীসকলে নিজৰ সমান কৰি তুলিছানে? ভাল পৰিকল্পনা কৰি আছা।
এই হোষ্টেলৰসকলে হাত দাঙি আছে। এতিয়া সেৱাৰ প্ৰমাণ অনা নাই। কুমাৰ আৰু কুমাৰীসকলে
সেৱাৰ প্ৰমাণ আনিব লাগে। ঠিক আছে! বাৰু।
চাৰিওফালৰ বিজয়ী
ৰত্নসকলক, সদায় নিশ্চয়বুদ্ধিৰ সহজে সফলতা মূৰ্ত সন্তানসকলক, সদায় ‘মোৰ বাবা’ৰ
অধিকাৰেৰে সকলো সেৱাত সফলতা প্ৰাপ্ত কৰোঁতা সফলতা মূৰ্ত সন্তানসকলক, সদায় সমাধান
স্বৰূপ, সমস্যাক পৰিৱৰ্তন কৰোঁতা পৰিৱৰ্তক আত্মাসকলক, এনেকুৱা শ্ৰেষ্ঠ সন্তানসকলক
সদায় পিতাক প্ৰত্যক্ষ কৰাৰ পৰিকল্পনা বাস্তৱত ৰূপায়িত কৰোঁতা সন্তানসকলক বাপদাদাৰ
স্নেহ সহিত স্মৰণ, অভিনন্দন, অনেক কোটিবাৰ অভিনন্দন আৰু নমস্কাৰ।
দাদীজীৰ প্ৰতি:-
সকলোৰে তোমালৈ
স্নেহ আছে, পিতাৰো তোমালৈ স্নেহ আছে। (ৰতনমোহিনী দাদীৰ প্ৰতি) সহযোগী হ’লে সূক্ষ্ম
ৰূপত বহুত কিবা প্ৰাপ্ত হয়। এনেকুৱা হয় নহয়! আদি ৰত্ন। আদি ৰত্ন এতিয়ালৈকেও নিমিত্ত
হৈ আছে। ভাল বাৰু। ওঁম্ শান্তি।
বৰদান:
সকলো ‘তোমাৰ
তোমাৰ’ বুলি কৈ ‘মোৰ বোধ’ৰ অংশ মাত্ৰও সমাপ্ত কৰোঁতা ‘ডবল লাইট’ হোৱা
যিকোনো প্ৰকাৰৰ ‘মোৰ
বোধ’ – মোৰ স্বভাৱ, মোৰ সংস্কাৰ, মোৰ চৰিত্ৰ… যদি কিবা ‘মোৰ’ আছে তেন্তে বোজা আছে
আৰু বোজা থকাজন উৰিব নোৱাৰে। এই ‘মোৰ মোৰ’ বোধেই মলিয়ন কৰি তোলোঁতা সেইবাবে এতিয়া
‘তোমাৰ তোমাৰ’ বুলি কৈ স্বচ্ছ হোৱা। ফৰিস্তা মানেই ‘মোৰ বোধ’ৰ অংশমাত্ৰও নথকা।
সংকল্পতো ‘মোৰবোধ’ৰ ভাৱ জাগিলে তেতিয়া বুজিবা মলিয়ন হ’লা। গতিকে এই মলিনতাৰ বোজা
সমাপ্ত কৰি ‘ডবল লাইট’ হোৱা।
স্লোগান:
বাপদাদাক নিজৰ
নয়নত সমাহিত কৰি লওঁতাজনেই জগতৰ জ্যোতি।
সফলতামূৰ্ত হ’বলৈ
আজিৰ অব্যক্ত সংকেত:
সকলো ব্ৰাহ্মণৰ এটাই
সংকল্প, এয়াই কাৰ্যৰ সফলতাৰ আধাৰ। যিকোনো কাৰ্যত সকলোৰে সহযোগ লাগে। দুৰ্গৰ এটা
ইটাও যদি দুৰ্বল হয় তেন্তে দুৰ্গ কঁপাই দিব পাৰে সেয়েহে সৰু-ডাঙৰ সকলো এই দুৰ্গ ৰূপী
ব্ৰাহ্মণ পৰিয়ালৰ এটি এটি ইটা। গতিকে সকলোৱে এটাই সংকল্পৰ দ্বাৰা কাৰ্য সফল কৰিব
লাগে। সকলোৰে মনৰ পৰা এইটোৱে উচ্চাৰিত হওঁক যে “মোৰ দায়িত্ব” তেতিয়া সফলতা পাবা।