10.11.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
নিজৰ ভাগ্য উচ্চ কৰি গঢ়িবলৈ হ’লে আত্মিক সেৱাৰ চখ ৰাখা, সকলোকে জ্ঞান ধন দান কৰি
থাকা”
প্ৰশ্ন:
আত্মিক পিতাই
এনেকুৱা কোনোটো শ্রীমত দিয়ে যিটো আজিলৈকে কোনো মনুষ্যই দিয়া নাই?
উত্তৰ:
হে আত্মিক সন্তানসকল, তোমালোকে আত্মিক সেৱাত দধীচি ঋষিৰ দৰে অস্থি দি (সৰ্বস্ব উজাৰি)
দিয়া। পিতাৰ পৰা যি অবিনাশী জ্ঞান ৰত্ন পাইছা সেয়া দান কৰা। এয়াই হৈছে সঁচা সেৱা।
এনেকুৱা সেৱা কৰাৰ মত কোনো মনুষ্যই দিব নোৱাৰে। আত্মিক সেৱা কৰোঁতাসকল আনন্দত নাচি
থাকিব। ভাগ্য উচ্চ হৈ গৈ থাকিব।
গীত:
বদল জায়ে
দুনীয়া ন বদলেংগে হম..... (জগত সলনি হৈ গ’লেও আমি সলনি নহওঁ.....)
ওঁম্শান্তি।
সন্তানসকলে
গীতটিৰ দুটি কলি শুনিলে। তেওঁলোকেতো গীত ৰচনা কৰি দিছে। যেনেকৈ কাৰোবাৰ বিয়া হ’লে
তেতিয়া এইটো দৃঢ় হয়েই যে স্ত্ৰী-পুৰুষ ইজনে সিজনক কেতিয়াও ত্যাগ নকৰিব। কোনোবা
বিৰলজনৰ ক্ষেত্ৰতহে এনেকুৱা হয় যে পৰস্পৰ মিলিব নোৱাৰিলে তেতিয়া এৰিও দিয়ে। ইয়াত
তোমালোক সন্তানসকলে কাৰ সৈতে প্ৰতিজ্ঞা কৰিছা? ঈশ্বৰৰ সৈতে। যাৰ সৈতে তোমালোক
সন্তানসকলৰ বা প্ৰেমিকাসকলৰ বাগদান হৈছে। কিন্তু এনেকুৱা যিজনে বিশ্বৰ মালিক কৰি
তোলে তেওঁকো এৰি দিয়ে। ইয়াত তোমালোক সন্তানসকল বহি আছা। তোমালোকে জানা যে এতিয়া
বেহদৰ বাপদাদা আহিব। এইটো অৱস্থা যিটো ইয়াত তোমালোকৰ থাকে, বাহিৰত সেৱাকেন্দ্ৰত হ’ব
নোৱাৰে। ইয়াত তোমালোকে বুজা যে বাপদাদা এতিয়া আহিব। বাহিৰত সেৱাকেন্দ্ৰত এনেকৈ বুজা
যে এতিয়া বাবাৰ দ্বাৰা উচ্চাৰিত মুৰুলী শুনিম। ইয়াৰ আৰু তাৰ মাজত বহুত পাৰ্থক্য থাকে
কিয়নো ইয়াত বেহদৰ বাপদাদাৰ সন্মুখত বহি আছা। তাত তোমালোক সন্মুখত নাথাকা। বিচৰা যে
সন্মুখত গৈ মুৰুলী শুনোঁ। ইয়াত সন্তানসকলৰ বুদ্ধিত থাকে যে এতিয়া বাবা আহিব। যিদৰে
অন্য সৎসঙ্গ আছে। তাত বুজিব অমুক স্বামী আহিব। কিন্তু এইটো খেয়ালো সকলোৰে একৰস হৈ
নাথাকে। কাৰোবাৰ সম্বন্ধীয় স্মৃতিলৈ আহিব। বুদ্ধি এক গুৰুৰ সৈতেও স্থিৰ হৈ নাথাকে।
কোনো বিৰলজনেহে স্বামীৰ স্মৃতিত বহি থাকে চাগৈ। ইয়াতো এনেকুৱা। এনেকুৱা নহয় যে সকলো
শিৱবাবাৰ স্মৃতিত থাকে। বুদ্ধি দৌৰি থাকে। মিত্ৰ-সম্বন্ধীয় স্মৃতিলৈ আহিব। গোটেই
সময় এজন শিৱবাবাৰ সন্মুখত থাকিলেতো অতি সৌভাগ্যৰ কথা। স্থায়ী স্মৃতিত কোনোবা
বিৰলজনহে থাকে। ইয়াত শিৱবাবাৰ সন্মুখত থাকিলেতো বহুত আনন্দিত হৈ থকা উচিত।
অতীন্দ্ৰিয় সুখ গোপী বল্লভৰ গোপ-গোপীসকলক সোধা। এয়া ইয়াৰ গায়ন কৰা হৈছে। ইয়াত
তোমালোক বাবাৰ স্মৃতিত বহি আছা। জানা যে এতিয়া আমি ঈশ্বৰৰ হৈছোঁ পুনৰ দৈৱী কোলালৈ
যাম। কাৰোবাৰ বুদ্ধিত সেৱাৰ খেয়ালো চলে। এইখন চিত্ৰত এইটো শুধৰণি কৰোঁ, এনেকৈ লিখোঁ।
কিন্তু ভাল সন্তান হ’লে বুজিব যে এতিয়াতো পিতাৰ পৰাই শুনিব লাগে, অন্য কোনো সংকল্প
উদয় হ’বলৈ নিদিব। পিতাই জ্ঞান ৰত্নৰে বুদ্ধি ৰূপী জোলোঙা ভৰপূৰ কৰিবলৈ আহিছে। গতিকে
পিতাৰ সৈতেই বুদ্ধিৰ যোগসূত্ৰ গঢ়িব লাগে। ধাৰণ কৰাত ক্ৰমানুসৰিতো হয়েই। কোনোবাই
ভালদৰে ধাৰণ কৰে, কোনোবাই কমকৈ ধাৰণ কৰে। বুদ্ধিযোগ অন্যফালে দৌৰি থাকিলেতো ধাৰণা
নহ’ব। কেঁচা (অপৰিপক্ক) হৈ যাব। এবাৰ দুবাৰ মুৰুলী শুনিলে, যদি ধাৰণ নহ’ল তেন্তে
অভ্যাস দৃঢ় হৈ যায়। পাছত যিমানেই শুনি নাথাকক, ধাৰণ নহ’ব। কাকো শুনাব নোৱাৰিব। যাৰ
ধাৰণা হ’ব তেওঁলোকৰ সেৱাৰ চখ থাকিব, জপিয়াই থাকিব। গৈ ধন দান কৰোঁ, কিয়নো এই ধন
একমাত্ৰ পিতাৰ বাহিৰে আন কাৰো নাই। পিতাই এইটোও জানে যে সকলোৰে ধাৰণা হ’ব নোৱাৰে।
সকলোৱে একৰস উচ্চ পদ পাব নোৱাৰে সেইকাৰণে বুদ্ধি অন্যফালে দিগভ্ৰান্ত হৈ থাকে।
ভৱিষ্যতৰ ভাগ্য ইমান উচ্চ হ’ব নোৱাৰে। আকৌ কোনোবাই স্থূল সেৱাত নিজৰ অস্থি দি (সৰ্বস্ব
উজাৰি) দিয়ে, সকলোকে ৰাজী কৰে। যেনেকৈ ভোজন ৰান্ধে, খুৱায় এইটোও বিষয় হয় নহয় জানো।
যাৰ সেৱাৰ চখ থাকিব তেওঁ মুখেৰে নোকোৱাকৈ থাকিব নোৱাৰিব। আকৌ বাবাই লক্ষ্যও কৰে যে
ক’ৰবাত দেহ-অভিমানতো নাই। জ্যেষ্ঠজনক সন্মান কৰে নে নকৰে। জ্যেষ্ঠ মহাৰথীসকলক
সন্মানতো দিবলগীয়া হয়। অৱশ্যে হয়, কোনোবা কনিষ্ঠও বুদ্ধিমান হৈ যায়, হ’ব পাৰে
জ্যেষ্ঠজনেও তেওঁক সন্মান কৰিব লাগিব কিয়নো তেওঁৰ বুদ্ধি তীব্ৰগতিৰে আগবাঢ়ি যায়।
সেৱাৰ চখ দেখি পিতাতো আনন্দিত হ’ব নহয় জানো। এওঁ ভাল সেৱা কৰিব। গোটেই দিন প্ৰদৰ্শনী
বুজোৱাৰো অভ্যাস কৰিব লাগে। প্ৰজাওতো অনেক হ’বলগীয়া আছে নহয় জানো। লাখ লাখ প্ৰজা
লাগে। অন্যতো কোনো উপায় নাই। সূৰ্যবংশী, চন্দ্ৰবংশী ৰজা ৰাণী প্ৰজা সকলো ইয়াতে হয়।
কিমান সেৱা কৰিব লাগে। সন্তানসকলৰ বুদ্ধিত আছে যে এতিয়া আমি ব্ৰাহ্মণ হৈছোঁ। ঘৰ
গৃহস্থত থাকিলে প্ৰত্যেকৰে অৱস্থা নিজা নিজা হয়। ঘৰ-সংসাৰতো এৰিব নালাগে। বাবাই কয়
– লাগিলে ঘৰতে থাকা, কিন্তু বুদ্ধিত এইটো নিশ্চয় থাকিব লাগে যে এই পুৰণি সৃষ্টি
এতিয়া নাশ হৈ যাব। আমাৰ কাম এতিয়া পিতাৰ সৈতে। এইটোও জানে যে কল্প পূৰ্বে যিসকলে এই
জ্ঞান লৈছিল, তেওঁলোকেই ল’ব। চেকেণ্ডৰ পাছত চেকেণ্ড হুবহু পুনৰাবৃত্তি হৈ আছে।
আত্মাত জ্ঞান আছে নহয় জানো। পিতাৰো জ্ঞান আছে। তোমালোক সন্তানসকলো পিতাৰ দৰে হ’ব
লাগে, সাৰ কথাবোৰ ধাৰণ কৰিব লাগে। সকলো সাৰ কথা একেলগে বুজোৱা নহয়। লক্ষ্য দৃঢ় কৰি
ৰখা হয়। বিনাশো সমাগত। এয়া সেয়াই বিনাশ। সত্যযুগ, ত্ৰেতাত কোনো যুদ্ধ আদি নহয়।
সেয়াতো পাছত যেতিয়া বহুত ধৰ্ম হয়, সেনাবাহিনী বাঢ়ি যায় তেতিয়া যুদ্ধ আৰম্ভ হয়।
পোন-প্ৰথমে আত্মাসকল সতোপ্ৰধান অৱস্থাৰ পৰা অৱনমিত হয় আকৌ সতো ৰজো তমোত আহে। এই
সকলোবোৰ বুদ্ধিত থাকিব লাগে। কেনেকৈ ৰাজধানী স্থাপন হৈ আছে। ইয়াত বহি আছা গতিকে এয়া
বুদ্ধিত থাকিব লাগে। শিৱবাবা আহি আমাক সম্পদ দিয়ে, যাক বুদ্ধিত ধাৰণ কৰিব লাগে। ভাল
ভাল সন্তানে টোকা লিখে, টোকা লিখাতো ভাল, তেতিয়া বিষয় বস্তুবোৰ বুদ্ধিত থাকিব। আজি
এইটো বিষয়ৰ ওপৰত বুজাম। পিতাই কয় - মই তোমালোকক কিমান সম্পদ দিছিলোঁ। সত্যযুগ
ত্ৰেতাত তোমালোকৰ প্ৰচুৰ ধন আছিল পুনৰ বাম (বিকাৰী) মাৰ্গত যোৱাৰ বাবে কম হৈ গ’ল।
আনন্দও কম হৈ গ’ল। কিবা নহয় কিবা বিকৰ্ম হ’বলৈ ধৰিলে। অৱনমিত হওতে হওতে কলা কম হৈ
যায়। সতোপ্ৰধান, সতো, ৰজো, তমো অৱস্থা হয়, নহয় জানো। সতোৰ পৰা ৰজোত আহে তেতিয়া
এনেকুৱা নহয় যে তৎক্ষণাৎ আহি যায়। তমোপ্ৰধান অৱস্থাতো লাহে লাহে অৱনমিত হোৱা, তাতো
সতো ৰজো তমো অৱস্থা হ’ব। তৎক্ষণাৎ তমোপ্ৰধান নহ’ব। লাহে লাহে ছিৰি নামি গৈ থাকে। কলা
কম হৈ যায়। এতিয়া জপিয়াব লাগে। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব লাগে, ইয়াৰ বাবে অলপ
সময় বাকী আছে। গায়নো কৰা হৈছে - আৰোহণ কৰিলে বৈকুণ্ঠৰ ৰস পান কৰে, অধঃপতন হ’লে
চূৰ্ণ-বিচূৰ্ণ হৈ যায়....। কাম বিকাৰৰ থাপৰ লাগিলে তেতিয়া একেবাৰে চূৰ্ণ-বিচূৰ্ণ হৈ
যায়। হাড়-মূৰ ভাগি যায়, যেনেকৈ কোনো মনুষ্যই নিজৰ জীৱঘাত কৰে। আত্মঘাত নহয়, জীৱঘাত
বুলি কোৱা হয়। তেনেকৈ এয়াও আত্মাৰ ঘাত হৈ যায়। কৰা উপাৰ্জন শেষ হৈ যায়। ইয়াততো
পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে, পিতাক স্মৰণ কৰিব লাগে কিয়নো পিতাৰ পৰা বাদশ্বাহী
পোৱা যায়। নিজক সুধিব লাগে যে মই পিতাক স্মৰণ কৰি ভৱিষ্যতৰ কাৰণে কিমান উপাৰ্জন
কৰিছোঁ? কিমান অন্ধৰ লাখুটি হলোঁ? ঘৰে ঘৰে বাৰ্তা দিব লাগে যে এই পুৰণি সৃষ্টি
পৰিৱৰ্তন হৈ আছে। পিতাই নতুন সৃষ্টিৰ বাবে ৰাজযোগ শিকাই আছে। ছিৰিৰ চিত্ৰত দেখুওৱা
হৈছে, নতুন সৃষ্টি গঢ়ি তোলাত পৰিশ্ৰম হয়। গোটেই দিন খেয়াল চলি থাকিব লাগে যে ইমান
সহজ কৰি তৈয়াৰ কৰোঁ যাতে যিকোনো লোকে বুজি পায়। গোটেই জগতখনতো নাহিব। দেৱী-দেৱতা
ধৰ্মাৱলম্বীসকলেই আহিব। তোমালোকৰ সেৱাতো বহুত চলিব। তোমালোকে জানা যে আমাৰ ক্লাচ
কেতিয়ালৈকে চলিব! তেওঁলোকেতো কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি বুজি লয়। সেয়েহে শাস্ত্ৰ
আদি শুনায়েই থাকে। এনেকৈ বুজি লয় যে যেতিয়া অন্ত হ’ব তেতিয়া সকলোৰে সৎগতি দাতা আহিব।
তেতিয়া আমাৰ যিসকল শিষ্য (অনুগামী) আছে তেওঁলোকৰ গতি হৈ যাব। তেতিয়া আমিও গৈ
জ্যোতিত সমাহিত হৈ যাম, কিন্তু এনেকুৱাতো নহয়। তোমালোকে জানা যে আমি অমৰ পিতাৰ
দ্বাৰা সঁচা অমৰকথা শুনি আছোঁ। গতিকে অমৰ বাবাই যি কয় সেয়া মানিবও লাগে। কেৱল কয় -
মোক স্মৰণ কৰা আৰু পৱিত্ৰ হোৱা। নহ’লেতো বহুৰ শাস্তি খাবলগীয়া হ’ব, পদো কম পাবা।
সেৱাত পৰিশ্ৰম কৰিব লাগে। যেনেদৰে দধীচি ঋষিৰ দৃষ্টান্ত আছে, অস্থিও সেৱাত দি দিলে।
নিজৰ শৰীৰৰো খেয়াল নকৰি সেৱাত ব্ৰতী হৈ থাকিব লাগে, ইয়াকে কোৱা হয় অস্থি দি (সৰ্বস্ব
উজাৰি) কৰা সেৱা আৰু আনটো হৈছে অস্থিৰে কৰা আত্মিক সেৱা। আত্মিক সেৱা কৰাসকলে
আত্মিক জ্ঞানেই শুনাই থাকিব। জ্ঞান ধন দান কৰি আনন্দত নাচি থাকিব। জগতত মনুষ্যই যি
সেৱা কৰে সেয়া হৈছে পাৰ্থিৱ। বহি শাস্ত্ৰ শুনায়, সেয়া কোনো আত্মিক সেৱা নহয়। আত্মিক
সেৱা কেৱল পিতাইহে শিকায়। আধ্যাত্মিক পিতাহে আহি আধ্যাত্মিক সন্তানসকলক (আত্মাসকলক)
পঢ়ায়। তোমালোকে এতিয়া সত্যযুগ নতুন সৃষ্টিলৈ যাবৰ কাৰণে প্ৰস্তুতি চলাই আছা। তাত
তোমালোকৰ দ্বাৰা কোনো বিকৰ্ম নহ’ব। সেয়া হৈছে ৰামৰাজ্য। তাত জনসংখ্যা কমেই হয়। সেই
কিছুসংখ্যক মনুষ্যই আহি পঢ়িব। এতিয়াতো ৰাৱণ ৰাজ্যত সকলো দুখী নহয় জানো। এই গোটেই
জ্ঞান পুৰুষাৰ্থৰ ক্ৰম অনুসৰি তোমালোকৰ বুদ্ধিত আছে। এই ছিৰিৰ চিত্ৰতেই গোটেই জ্ঞান
আহি যায়। এই চিত্ৰ তৈয়াৰ কৰিবলৈ যন্ত্ৰ-পাতিৰ আৱশ্যক। সেই চৰকাৰৰ নিতৌ কিমান
বাতৰিকাকতত প্ৰকাশ পায়। কিমান কাৰবাৰ চলে। ইয়াততো সকলোবোৰ হাতেৰে তৈয়াৰ কৰিবলগীয়া
হয়।
পিতাই কয় - এই অন্তিম
জন্ম পৱিত্ৰ হোৱা তেতিয়া পৱিত্ৰ সৃষ্টিৰ মালিক হ’বা। এই জ্ঞান কাৰো নাই। ক’ব যে এই
ছিৰিৰ চিত্ৰত অন্য ধৰ্মৰ তথ্য ক’ত আছে? সেয়াও এই সৃষ্টিচক্ৰৰ চিত্ৰত দিয়া আছে।
তেওঁলোক নতুন সৃষ্টিলৈতো নাহেই। তেওঁলোকে শান্তি পায়। ভাৰতবাসীয়েই স্বৰ্গত আছিল নহয়
জানো। ভাৰততে পিতা ৰাজযোগ শিকাবলৈ আহে সেইকাৰণে ভাৰতৰ প্ৰাচীন ৰাজযোগ সকলোৱে পচন্দ
কৰে। এই চিত্ৰৰ দ্বাৰা তেওঁলোকে নিজেই বুজি পাব, যথাযথ নতুন সৃষ্টিত কেৱল ভাৰতেই
আছিল। নিজৰ ধৰ্মকো বুজি পাব। যেনেদৰে যীশুখ্ৰীষ্ট আহিল ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ। এই
সময়ত তেৱোঁ ভিকহু ৰূপত আছে, সকলো তমোপ্ৰধান। এয়া ৰচয়িতা আৰু ৰচনাৰ কিমান বিশাল
জ্ঞান। তোমালোকে ক’ব পাৰা যে আমাক কাৰো পইচাৰ দৰকাৰ নাই। পইচাৰে আমি কি কৰিম!
আপোলোকে এয়া শুনক আৰু আনকো শুনাবলৈ এই চিত্ৰ আদি ছপা কৰক। এই চিত্ৰবোৰেৰে কাম আদায়
কৰিব লাগে। প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা, য’ত এই জ্ঞান শুনাব পাৰি। বাকী আমি পইচা লৈ কি
কৰিম। আপোনাৰে ঘৰৰ কল্যাণ হ’ব। আপুনি কেৱল ব্যৱস্থা কৰক, অনেক আহি শুনিব। ৰচনা আৰু
ৰচয়িতাৰ জ্ঞানতো বৰ ভাল। এয়াতো মনুষ্যইহে বুজিব লাগে, বিলাতৰ লোকসকলে এই জ্ঞান
শুনিবলৈ বৰ পচন্দ কৰিব। বহুত আনন্দিত হ’ব। বুজিব আমিও পিতাৰ সৈতে যোগযুক্ত হ’লে
তেতিয়া বিকৰ্ম বিনাশ হৈ যাব। সকলোকে পিতাৰ পৰিচয় দিব লাগে। বুজি পাব যে এই জ্ঞান
ঈশ্বৰ পিতাৰ বাহিৰে আন কোনেও দিব নোৱাৰে। এনেকৈ কয় যে ভগৱানে স্বৰ্গ স্থাপন কৰিলে।
কিন্তু তেওঁ কেনেকৈ আহে, এয়া কোনেও নাজানে। তোমালোকৰ কথাবোৰ শুনি অতি আনন্দিত হ’ব।
আকৌ পুৰুষাৰ্থ কৰি যোগ শিকিব। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’বলৈও পুৰুষাৰ্থ কৰিব।
সেৱাৰ কাৰণেতো বহুত খেয়াল কৰিব লাগে। ভাৰতত কলা-কৌশল দেখুৱালে তেতিয়াহে বাহিৰলৈ
পঠিওৱা হ’ব। এয়া মনুষ্যই জানিব, সৃষ্টি নতুন হ’বলৈ দেৰি লাগে জানো। ক’ৰবাত ভূমিকম্প
আদি হ’লে তেতিয়া 2-3 বছৰত একেবাৰে নতুন ঘৰ তৈয়াৰ হৈ যায়। যিমানে বেছি কাৰিকৰ হ’ব
সিমান সোনকালে ঘৰ তৈয়াৰ হ’ব। এমাহতো ঘৰ নিৰ্মাণ কৰিব পাৰে। কাৰিকৰ, সামগ্ৰী আদি
সকলোবোৰ তৈয়াৰ হৈ থাকিলে তেতিয়া নিৰ্মাণ কৰিবলৈ দেৰি নালাগে। বিলাতত ঘৰ কেনেকৈ
নিৰ্মাণ কৰে, মিনিটত মটৰ তৈয়াৰ কৰাৰ দৰে। তেন্তে স্বৰ্গত কিমান সোনকালে নিৰ্মাণ হয়
চাগৈ। তোমালোকে প্ৰচুৰ সোণ, ৰূপ পাই যোৱা। খনিবোৰৰ পৰা সোণ, ৰূপ, হীৰা আদি লৈ আহে।
কলা-কৌশলতো সকলো শিকি আছে। বিজ্ঞানৰ কিমান অহংকাৰ। এই বিজ্ঞানেই আকৌ তাতো কামত আহিম।
ইয়াত শিকাসকল তাত পৰৱৰ্তী জন্ম লৈ কামত আহিব। সেই সময়ততো গোটেই সৃষ্টি নতুন হৈ যায়,
ৰাৱণ ৰাজ্যই নাশ হৈ যায়। 5 তত্বও নিয়ম অনুসৰি সেৱাত ব্ৰতী হৈ থাকে। স্বৰ্গ হৈ যায়।
তাত কোনো উপদ্ৰৱ নহয়। ৰাৱণ ৰাজ্যই নাই, সকলো সতোপ্ৰধান হয়। সকলোতকৈ ভাল কথা হৈছে যে
পিতাৰ প্ৰতি বহুত মৰম থকা উচিত। পিতাই যি শুনায় সেয়া ধাৰণ কৰিব লাগে আৰু আনকো দান
দিব লাগে। যিমান দান দিবা সিমানে জমা হৈ যাব। যদি সেৱাই নকৰা তেন্তে ধাৰণা কেনেকৈ
হ’ব। সেৱাত বুদ্ধি চলিব লাগে। সেৱাতো বহুত কৰিব পৰা যায়। কোনোবাই কৰি থাকিব লাগে।
দিনে-প্ৰতিদিনে উন্নতি প্ৰাপ্ত কৰিব লাগে। নিজৰ উন্নতিও কৰিব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
াৰণাৰবাবেমুখ্যসাৰ:-
(1) পৰস্পৰ
ইজনে সিজনক সন্মান কৰিব লাগে। সেৱাৰ বহুত বহুত চখ ৰাখিব লাগে। জ্ঞান ৰত্নেৰে নিজৰ
বুদ্ধি ৰূপী জোলোঙা ভৰপূৰ কৰি আকৌ সেয়া দান কৰিব লাগে।
(2) একমাত্ৰ পিতাৰ
পৰাই শুনাৰ সংকল্প ৰাখিব লাগে। অন্য খেয়ালত বুদ্ধিক দিগভ্ৰান্ত কৰিব নালাগে।
বৰদান:
ভবা আৰু কৰাৰ
মাজৰ ব্যৱধান দূৰ কৰোঁতা স্ব-পৰিৱৰ্তক তথা বিশ্ব-পৰিৱৰ্তক হোৱা
যিকোনো সংস্কাৰ,
স্বভাৱ, বাণী আৰু সম্পৰ্ক যিটো যথাৰ্থ নহয়, ব্যৰ্থ, সেই ব্যৰ্থক পৰিৱৰ্তন কৰাৰ
প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰা। ভাবিলা আৰু কৰিলা… তেতিয়াহে বিশ্ব-পৰিৱৰ্তনৰ প্ৰক্ৰিয়া
তীব্ৰ হ’ব। বৰ্তমান স্থাপনাৰ নিমিত্ত হোৱা আত্মাসকলৰ ভবা আৰু কৰাৰ মাজত ব্যৱধান দেখা
যায়। এই ব্যৱধান দূৰ কৰা। তেতিয়া স্ব-পৰিৱৰ্তক হৈ বিশ্ব-পৰিৱৰ্তক হ’ব পাৰিবা।
স্লোগান:
আটাইতকৈ সৌভাগ্যৱান তেওঁৱেই, যিয়ে নিজৰ জীৱনত অনুভূতিৰ উপহাৰ লাভ কৰিছে।
অব্যক্ত সংকেত: পিতা
ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:
সংগমযুগৰ সম্পূৰ্ণ
স্থিতিৰ প্ৰতিচ্ছবি হৈছে ফৰিস্তা। ফৰিস্তা সম্পূৰ্ণৰূপে পাতল আৰু যাৰ পাতল গুণ আছে,
তেওঁ প্ৰতিটো পৰিস্থিতিতে নিজৰ শ্ৰেষ্ঠ স্থিতি বজাই ৰাখিব পাৰে। ফৰিস্তাসকল সংকল্পতো
পাতল, বাণীতো পাতল, কৰ্ম কৰোঁতেও পাতল আৰু সম্বন্ধতো পাতল হৈ থাকিব। যিসকল পাতল হ’ব,
তেওঁলোকে মাত্ৰ এক ছেকেণ্ডতে যিকোনো আত্মাৰ সংস্কাৰ চিনিব পাৰিব। যেতিয়া এই সকলো
গুণ প্ৰতিটো কৰ্মতে স্পষ্টৰূপে প্ৰকাশ পাব, তেতিয়া বুজিবা যে এতিয়া সম্পূৰ্ণ
স্থিতি অতি সমীপত আছে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]