10.12.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ এই বাণীবদ্ধ গীতবোৰ হৈছে সঞ্জীৱনী ঔষধ, এইবোৰ বজালে উদাসীনতা আঁতৰি যাব"
প্ৰশ্ন:
অৱস্থা বেয়া
হোৱাৰ কাৰণ কি? কোনটো যুক্তিৰে অৱস্থা বহুত ভাল হৈ থাকিব পাৰে?
উত্তৰ:
1) জ্ঞানৰ নৃত্য নকৰে, পৰচৰ্চাত নিজৰ সময় নষ্ট কৰি দিয়ে সেয়েহে অৱস্থা বেয়া হৈ যায়।
2) অন্যক দুখ দিলে তেতিয়াও তাৰ প্ৰভাৱ অৱস্থাৰ ওপৰত পৰে। অৱস্থা তেতিয়াহে ভাল হৈ
থাকিব যেতিয়া অমায়িক হৈ চলিবা। স্মৃতিত থকাৰ প্ৰতি পূৰা ধ্যান থাকিব। ৰাতিৰ শোৱাৰ
পূৰ্বে অতিকমেও আধা ঘণ্টা স্মৃতিত বহা পুনৰ পুৱা উঠি স্মৰণ কৰা তেতিয়া অৱস্থা ভাল
হৈ থাকিব।
গীত:
কোন আয়া মেৰে
মন কে দ্বাৰে (কোন আহিল মোৰ মনৰ দুৱাৰডলিত....)
ওঁম্শান্তি।
এই বাণীবদ্ধ
গীতবোৰো বাবাই সন্তানসকলৰ কাৰণে প্ৰস্তুত কৰাইছে। ইয়াৰ অৰ্থও সন্তানসকলৰ বাহিৰে আন
কোনেও জানিব নোৱাৰে। বাবাই বহুবাৰ বুজাইছে যে এনেকুৱা ভাল ভাল বাণীবদ্ধ গীত ঘৰত
থাকিব লাগে যেতিয়া উদাসীন হৈ যোৱা তেতিয়া বাণীবদ্ধ গীত বজালে বুদ্ধিত তৎক্ষণাৎ তাৰ
অৰ্থ আহি যাব আৰু তেতিয়া উদাসীনতা আঁতৰি যাব। এই বাণীবদ্ধ গীতবোৰ সঞ্জীৱনী ঔষধৰ দৰে।
বাবাই নিৰ্দেশনাতো দিয়ে কিন্তু কোনোবাই সেয়া কাৰ্যত ৰূপায়িত কৰিলেহে! এতিয়া এই
গীতটিত কোনে কয় যে মোৰ তোমাৰ সকলোৰে অন্তৰত কোন আহিছে! যি আহি জ্ঞানৰ নৃত্য কৰে।
এনেকৈ কয় যে গোপিনীসকলে কৃষ্ণক নচুৱাইছিল, কিন্তু তেনেকুৱাতো নহয়। এতিয়া বাবাই কয় -
হে শালগ্ৰাম সন্তানসকল। সকলোকে কয় নহয়। স্কুল মানে স্কুল, য'ত পঢ়া-শুনা কৰা হয়,
এয়াও স্কুল। তোমালোক সন্তানসকলে জানা যে আমাৰ অন্তৰত কাৰ স্মৃতি আহে! আন কোনো
মনুষ্য মাত্ৰৰ বুদ্ধিত এই কথাবোৰ নাই। এয়াই একমাত্ৰ সময় যেতিয়া তোমালোক সন্তানসকলৰ
তেওঁৰ স্মৃতি থাকে অন্য কোনেও তেওঁক স্মৰণ নকৰে। পিতাই কয় - তোমালোকে নিতৌ মোক
স্মৰণ কৰা তেতিয়া ধাৰণা বহুত ভাল হ'ব। যেনেকৈ মই নিৰ্দেশনা দিওঁ তেনেকৈ তোমালোকে
স্মৰণ নকৰা। মায়াই তোমালোকক স্মৰণ কৰিবলৈ নিদিয়ে। মোৰ কথামতে তোমালোক বহুত কমকৈ চলা
আৰু মায়াৰ কথামতে বেছিকৈ চলা। বহুবাৰ কৈছোঁ - ৰাতি যেতিয়া শোৱা তেতিয়া আধা ঘণ্টা
বাবাৰ স্মৃতিত বহিব লাগে। স্ত্ৰী-পুৰুষ হ’লেও, একেলগে বহা বা বেলেগে বেলেগে বহা।
বুদ্ধিত যাতে একমাত্ৰ পিতাৰহে স্মৃতি থাকে। কিন্তু কোনো বিৰলজনেহে স্মৰণ কৰে। মায়াই
পাহৰাই দিয়ে। আদেশ অনুসৰি নচলিলে তেন্তে পদ কেনেকৈ পাব পাৰিবা। বাবাক বহুত স্মৰণ
কৰিব লাগে। শিৱবাবা আপুনিয়েই আত্মাসকলৰ পিতা। সকলোৱে আপোনাৰ পৰাই উত্তৰাধিকাৰ পাব।
যিয়ে পুৰুষাৰ্থ নকৰে তেৱোঁ উত্তৰাধিকাৰ প্ৰাপ্ত কৰিব, ব্ৰহ্মাণ্ডৰ মালিকতো সকলো হ'ব।
সকলো আত্মা ড্ৰামা অনুসৰি নিৰ্বাণধামলৈ আহিব। লাগিলে একোৱেই নকৰক। আধাকল্প যদিও
ভক্তি কৰে কিন্তু যেতিয়ালৈকে মই মাৰ্গ-ৰ্দশক হৈ নাহোঁ কোনেও উভতি যাব নোৱাৰে। কোনেও
ৰাস্তা দেখাই নাই। যদি দেখিলেহেঁতেন তেন্তে তেওঁৰ পিছত সকলো মহৰ সদৃশ গ’লহেঁতেন।
মূললোক কি - এয়াও কোনেও নাজানে। তোমালোকে জানা যে এইখন হৈছে পূৰ্ব নিৰ্ধাৰিত ড্ৰামা,
ইয়াকেই পুনৰাবৃত্তি কৰিব লাগে। এতিয়া দিনততো কৰ্মযোগী হৈ পেছাগত কাম-কাজত লাগি
থাকিব লাগে। ভোজন ৰন্ধা আদি সকলো কৰ্ম কৰিব লাগে, বাস্তৱত কৰ্ম সন্ন্যাস বুলি
কোৱাটোও ভুল। কৰ্ম অবিহনেতো কোনেও থাকিব নোৱাৰে। “কৰ্ম সন্ন্যাসী” বুলি মিছা নাম
ৰাখি দিছে। গতিকে দিনত পেছাগত কাম-কাজ আদি অৱশ্যে কৰা, ৰাতি আৰু পুৱা পিতাক ভালকৈ
স্মৰণ কৰা। যাক এতিয়া নিজৰ কৰি ল'লা, তেওঁক স্মৰণ কৰিলে সহায়ো পাবা। অন্যথা নোপোৱা।
চহকীসকলৰতো পিতাৰ হ’বলৈ গ’লে হৃদয় বিদীৰ্ণ হৈ যায় গতিকে পদো নাপাব। এইটো স্মৰণ কৰাতো
বহুত সহজ। তেওঁ আমাৰ পিতা, শিক্ষক, গুৰু হয়। আমাক গোটেই ৰহস্য শুনাইছে - এই সৃষ্টিৰ
ইতিহাস-ভূগোল কেনেকৈ পুনৰাবৃত্তি হয়। পিতাক স্মৰণ কৰিব লাগে আৰু স্বদৰ্শন চক্ৰও
ঘূৰাব লাগে। সকলোকে উভতাই লৈ যোৱাজনতো পিতাই হয়। এনেকুৱা চিন্তনত থাকিব লাগে। ৰাতি
শোৱাৰ সময়তো যাতে এই জ্ঞান বুদ্ধিত নিগৰি থাকে। পুৱা উঠোঁতেও এই জ্ঞান স্মৃতিত
থাকিব লাগে। আমি ব্ৰাহ্মণেই দেৱতা আকৌ ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হ'মগৈ। পুনৰ বাবা
আহিব আকৌ আমি শূদ্ৰৰ পৰা ব্ৰাহ্মণ হ'ম। বাবা ত্ৰিমূৰ্তি, ত্ৰিকালদৰ্শী, ত্ৰিনেত্ৰীও
হয়। আমাৰ বুদ্ধি উদয় কৰি দিয়ে। জ্ঞানৰ তৃতীয় নেত্ৰও প্ৰাপ্ত হয়। এনেকুৱা পিতাতো
অন্য কোনো হ'ব নোৱাৰে। পিতাই ৰচনা ৰচে গতিকে মাতাও হৈ গ'ল। জগত অম্বাক নিমিত্ত কৰে।
পিতা এই শৰীৰত আহি ব্ৰহ্মা ৰূপেৰে খেল-ধেমালি কৰে। ঘূৰিবলৈও যায়। আমি বাবাকতো
স্মৰণতো কৰোঁ নহয়! তোমালোকে জানা এওঁৰ ৰথত আহে। তোমালোকে ক'বা বাপদাদাই আমাৰ লগত
খেলে। খেলতো বাবাই স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰে। বাবাই কয় - মই এওঁৰ দ্বাৰা খেলি আছোঁ।
চৈতন্যতো হয় নহয়। গতিকে এনেকুৱা খেয়াল চলিব লাগে। এনেহেন পিতাৰ প্ৰতি উৎসৰ্গিতও হ’ব
লাগে। ভক্তিমাৰ্গত তোমালোকে গাই আহিছা - উৎসৰ্গিত হৈ যাওঁ...... এতিয়া পিতাই কয় -
মোক এই এটা জন্ম উত্তৰাধিকাৰী কৰি লোৱা তেতিয়া মই 21 জন্মৰ কাৰণে ৰাজ্য-ভাগ্য দিম।
এতিয়া এইটো নিৰ্দেশনা দিওঁ গতিকে সেই নিৰ্দেশনা মতে চলিব লাগে। তেৱোঁ যেনেকুৱা
দেখিব তেনেকুৱাই নিৰ্দেশনা দিব। নিৰ্দেশনা মতে চলিলে মমত্ব আঁতৰি যাব, কিন্তু ভয় কৰে।
বাবাই কয় - তোমালোক উৎসৰ্গিত নোহোৱা তেন্তে মই উত্তৰাধিকাৰ কেনেকৈ দিম। তোমালোকৰ ধন
জানো মই লৈ লওঁ। বাবাই ক'ব, বাৰু তোমাৰ ধন আছে, কিতাপ প্ৰকাশ কৰাত লগাই দিয়া।
নিমিত্ত হোৱা নহয়। বাবাই ৰায় দি থাকিব। বাবাৰ সকলোবোৰ সন্তানসকলৰ কাৰণে। সন্তানসকলৰ
পৰা একো নলয়। যুক্তিৰে বুজাই দিয়ে কেৱল মমত্ব আঁতৰি যাওঁক। মোহো বৰ কাঢ়া (বান্দৰৰ
দৃষ্টান্ত)। বাবাই কয় - তোমালোকে বান্দৰৰ দৰে সিহঁতৰ প্ৰতি মোহ কিয় ৰাখা। তেনেহ’লে
ঘৰে ঘৰে মন্দিৰ কেনেকৈ হ’ব। মই তোমালোকক বান্ধৰামিৰ পৰা মুক্ত কৰি মন্দিৰৰ লায়ক কৰি
তোলোঁ। তোমালোকে এই আৱৰ্জনাবোৰৰ (বিনাশী বস্তুৰ) প্ৰতি মমত্ব কিয় ৰাখা। বাবাই কেৱল
মত দিব - কেনেকৈ চম্ভালিবা। তথাপিও বুদ্ধিত ধাৰণ নহয়। এয়া সকলো বুদ্ধিৰ কাম।
বাবাই অমৃতবেলাও
কেনেকৈ বাবাৰ সৈতে বাৰ্তালাপ কৰিবা সেই বিষয়ে ৰায় দিয়ে। বাবা, আপুনি বেহদৰ পিতা,
শিক্ষক। আপুনিয়েই বেহদ সৃষ্টিৰ ইতিহাস-ভূগোলৰ বিষয়ে ক'ব পাৰে। লক্ষ্মী-নাৰায়ণৰ 84
জন্মৰ কাহিনী জগতত কোনেও নাজানে। জগত অম্বাক ‘মাতা মাতা’ বুলিও কয়। তেওঁ কোন?
সত্যযুগততো থাকিব নোৱাৰে। তাৰ মহাৰাণী-মহাৰজাতো লক্ষ্মী-নাৰায়ণ হয়। তেওঁলোকৰ নিজৰ
সন্তান আছে যি সিংহাসনত বহিব। আমি কেনেকৈ তেওঁলোকৰ সন্তান হ'ম যে সিংহাসনত বহিম।
এতিয়া আমি জানো এই জগদম্বা হৈছে ব্ৰাহ্মণী, ব্ৰহ্মাৰ জীয়ৰী সৰস্বতী। মনুষ্যই জানো
এইটো ৰহস্য জানে। ৰাতি বাবাৰ স্মৃতিত বহাৰ নিয়ম কৰি লোৱাতো বহুত ভাল। নিয়ম কৰি ল’লে
তেতিয়া তোমালোকৰ আনন্দৰ সীমা বাঢ়ি গৈ থাকিব আৰু কোনো কষ্ট নহ'ব। তোমালোকে ক'বা এজন
পিতাৰ সন্তান আমি ভাই-ভনী। তেনেস্থলত কু-দৃষ্টি দিলে আসুৰিক প্ৰহাৰ হৈ যাব। নিচাও
সতো, ৰজো, তমোগুণী হয়। তমোগুণী নিচা হ’লে মৰি যাব। এইটো নিয়ম কৰি লোৱা - অলপ সময়ৰ
বাবে হ’লেও বাবাক স্মৰণ কৰি বাবাৰ সেৱাত যোৱা। তেতিয়া মায়াৰ ধুমুহা নাহিব। সেই নিচা
গোটেই দিনটো থাকিব আৰু অৱস্থাও বহুত পৰিশোধিত হৈ যাব। যোগতো লাইন স্বচ্ছ হৈ যাব।
এনেকুৱা বাণীবদ্ধ গীতবোৰো বহুত ভাল, বাণীবদ্ধ গীত শুনি থাকিলে নাচিবলৈ আৰম্ভ কৰি
দিবা, সজীৱ হৈ যাবা। দুটা, চাৰিটা, পাঁচটা বাণীবদ্ধ গীত বহুত ভাল। গৰিবসকলো বাবাৰ
এই সেৱাত লাগি গ’লে তেতিয়া তেওঁলোকে মহল পাব পাৰে। শিৱবাবাৰ ভঁৰালৰ পৰা সকলো
প্ৰাপ্ত কৰিব পাৰে। সেৱাধাৰীসকলক বাবাই কিয় নিদিব। শিৱবাবাৰ ভঁৰাল ভৰপূৰ হৈয়েই আছে।
(গীত) এয়া হৈছে জ্ঞান
নৃত্য। পিতা আহি গোপ-গোপীসকলক জ্ঞান নৃত্য কৰায়। য'তেই বহি নাথাকা কিয় বাবাক স্মৰণ
কৰি থাকা তেতিয়া অৱস্থা বহুত ভাল হৈ থাকিব। যেনেকৈ বাবা জ্ঞান আৰু যোগৰ নিচাত থাকে
তোমালোক সন্তানসকলকো শিকায়। গতিকে আনন্দৰ নিচা থাকিব। নহ'লে পৰচৰ্চা কৰি থাকিলে
তেতিয়া অৱস্থাই বেয়া হৈ যায়। পুৱা উঠাতো বহুত ভাল। বাবাৰ স্মৃতিত বহি বাবাৰ লগত
মধুৰ বাৰ্তালাপ কৰিব লাগে। ভাষণ দিয়াসকলেতো বিচাৰ সাগৰ মন্থন কৰিব লাগে। আজি এইকেইটা
বিষয়ৰ ওপৰত বুজাম, এনেকৈ বুজাম। বাবাক বহুত সন্তানে কয় - মই চাকৰি এৰি দিওঁনে?
কিন্তু বাবাই কয় - প্ৰথমে সেৱাৰ প্ৰমাণতো দিয়া। বাবাই স্মৃতিত থকাৰ বহুত ভাল যুক্তি
শুনাইছে। কিন্তু কোটিৰ মাজত কোনোবা ওলাব যাৰ এইটো অভ্যাস হ'ব। কাৰোবাৰ কাচিৎহে
স্মৃতি থাকে। তোমালোক কুমাৰীসকলৰ নামতো প্ৰসিদ্ধ। সকলোৱে কুমাৰীসকলৰ চৰণত পৰে।
তোমালোকে 21 জন্মৰ কাৰণে ভাৰতক স্বৰাজ্য প্ৰদান কৰা। তোমালোকৰ স্মাৰক মন্দিৰো আছে।
ব্ৰহ্মাকুমাৰ-কুমাৰীসকলৰ নামো প্ৰসিদ্ধ হৈ গৈছে নহয়। কুমাৰী তেওঁ যিয়ে 21 কুলৰ
উদ্ধাৰ কৰে। গতিকে তাৰ অৰ্থও বুজিব লাগে। তোমালোক সন্তানসকলে জানা যে এয়া 5 হাজাৰ
বছৰৰ ‘ৰীল’, যি পাৰ হৈ গ'ল সেয়া ড্ৰামা। ভুল হ'ল সেয়াও ড্ৰামা। পুনৰ আগলৈ নিজৰ
ৰেজিষ্টাৰ ঠিক কৰি ল’ব লাগে। পুনৰাই ৰেজিষ্টাৰ বেয়া হ'ব নালাগে। বহুত যত্ন কৰিবলগীয়া
হয় তেতিয়াহে ইমান উচ্চ পদ প্ৰাপ্ত কৰিবা। বাবাৰ হৈ গ'লা যেতিয়া বাবাই উত্তৰাধিকাৰো
দিব। সতীয়া সন্তানক জানো উত্তৰাধিকাৰ দিব। সহায় কৰাটোতো দায়িত্ব। যি বুদ্ধিমান হয়
তেওঁ প্ৰতিটো কথাত সহায় কৰে। পিতাক চোৱা কিমান সহায় কৰে। সাহসীজনক খোদাই সহায় কৰে।
মায়াৰ ওপৰত বিজয়ী হ’বৰ কাৰণেও শক্তি লাগে। এক আত্মিক পিতাক স্মৰণ কৰিব লাগে, অন্য
সকলো সংগ এৰি এজনৰ সংগ ল’ব লাগে। বাবা হৈছে জ্ঞানৰ সাগৰ। তেওঁ কয় - মই এওঁৰ শৰীৰত
প্ৰৱেশ কৰোঁ, কথা কওঁ। আৰুতো কোনেও এনেকৈ ক'ব নোৱাৰে যে মই পিতা, শিক্ষক, গুৰু হওঁ।
ব্ৰহ্মা, বিষ্ণু, শংকৰকো ৰচনা কৰোঁতা হওঁ। এই কথাবোৰ এতিয়া তোমালোক সন্তানসকলেহে
বুজিব পাৰা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পুৰণি
আৱৰ্জনাৰ (বিনাশী বস্তুৰ) প্ৰতি মমত্ব ৰাখিব নালাগে, পিতাৰ নিৰ্দেশনা অনুসৰি আগবাঢ়ি
নিজৰ মমত্ব আঁতৰাব লাগে। নিমিত্ত হৈ থাকিব লাগে।
(2) এই অন্তিম জন্মত
ভগৱানক নিজৰ উত্তৰাধিকাৰী কৰি তেওঁৰ প্ৰতি উৎসৰ্গিত হৈ যাব লাগে, তেতিয়া 21 জন্মৰ
ৰাজ্য-ভাগ্য প্ৰাপ্ত হ'ব। পিতাক স্মৰণ কৰি সেৱা কৰিব লাগে, নিচাত থাকিব লাগে,
ৰেজিষ্টাৰ যাতে কেতিয়াও বেয়া নহয় তাৰ প্ৰতি ধ্যান ৰাখিব লাগে।
বৰদান:
প্ৰত্যক্ষফলৰ
দ্বাৰা অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰোঁতা নিঃস্বাৰ্থ সেৱাধাৰী হোৱা
সত্যযুগত সংগমৰ কৰ্মৰ
ফল প্ৰাপ্ত হ’ব কিন্তু ইয়াত পিতাৰ হোৱাৰ বাবে প্ৰত্যক্ষফল উত্তৰাধিকাৰৰ ৰূপত
প্ৰাপ্ত হয়। সেৱা কৰিলা আৰু সেৱা কৰা লগতে আনন্দ পালা। যিয়ে স্মৃতিত থাকি,
নিঃস্বাৰ্থ ভাৱেৰে সেৱা কৰে তেওঁ সেৱাৰ প্ৰত্যক্ষফল অৱশ্যেই প্ৰাপ্ত কৰে।
প্ৰত্যক্ষফলেই সতেজ ফল যিয়ে সৰ্বদা স্বাস্থ্যৱান কৰি তোলে। যোগযুক্ত, যথাৰ্থ সেৱাৰ
ফল হৈছে আনন্দ, অতীন্দ্ৰিয় সুখ আৰু ‘ডবল লাইট’ৰ অনুভৱ।
স্লোগান:
তেৱেঁই বিশেষ আত্মা যিয়ে নিজৰ চলনৰ দ্বাৰা আত্মিক আভিজাত্যৰ ৰেঙনি আৰু মাদকতাৰ
অনুভৱ কৰায়।
সদায় সন্তুষ্ট হৈ থাকি
সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:
সন্তুষ্টতা হৈছে
তৃপ্তিৰ চিন। যদি তৃপ্ত আত্মা নহয়, শৰীৰৰ বা মনৰ ক্ষুধা থাকে তেন্তে যিমানেই
প্ৰাপ্তি নহওঁক, তৃপ্ত আত্মা নোহোৱাৰ বাবে সদায় অতৃপ্ত হৈ থাকিব। মাৰ্জিত আত্মাসকল
সদায় অলপ পালেও ভৰপূৰ হৈ থাকে, য’ত পূৰ্ণতা আছে ত’ত সন্তুষ্টতা আছে।