10.12.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল – “দান-পুণ্য প্ৰথমে ঘৰত আৰম্ভ হয় অৰ্থাৎ প্ৰথমে নিজে আত্ম-অভিমানী হোৱাৰ পৰিশ্ৰম কৰা, তাৰ পাছত অন্যক কোৱা, আত্মা বুলি বুজি আত্মাক জ্ঞান দিয়া তেতিয়া জ্ঞান তৰোৱাল তীক্ষ্ণ হৈ যাব”

প্ৰশ্ন:
সংগমযুগত কোন দুটা কথাৰ বাবে পৰিশ্ৰম কৰিলে সত্যযুগী আসনৰ মালিক হৈ যাবা?

উত্তৰ:
(1) দুখ-সুখ, নিন্দা-স্তুতিত যাতে স্থিতি সমান হৈ থাকে - এইটো পৰিশ্ৰম কৰা। কোনোবাই যদি কিবা ওলট-পালট কথা কয়, খং কৰে তেন্তে চুপ হৈ যোৱা, কেতিয়াও মুখৰ তালি নবজাবা। (2) দুচকু মাৰ্জিত কৰি তোলা, আসুৰিক দৃষ্টি যাতে একেবাৰে সমাপ্ত হৈ যায়, আমি আত্মা ভাই ভাই, আত্মা বুলি বুজি জ্ঞান দিয়া, আত্ম-অভিমানী হোৱাৰ পৰিশ্ৰম কৰা তেতিয়া সত্যযুগী আসনৰ মালিক হৈ যাবা। সম্পূৰ্ণ পৱিত্ৰ হোৱাসকলহে সিংহাসনধাৰী হয়।

ওঁম্শান্তি।
আত্মিক পিতাই আত্মিক সন্তানসকলৰ সৈতে বাৰ্তালাপ কৰে, তোমালোক আত্মাসকলে এই তৃতীয় নেত্ৰ লাভ কৰিছা যাক জ্ঞানৰ নেত্ৰ বুলিও কোৱা হয়, তাৰ দ্বাৰা তোমালোকে নিজৰ ভাইসকলক চোৱা। গতিকে এইটো বুদ্ধিৰে বুজি পোৱা নহয় যে যেতিয়া আমি ভাই ভাইক চাম তেতিয়া কৰ্মেন্দ্ৰিয়সমূহ চঞ্চল নহ’ব। আৰু এনেকৈ কৰোঁতে কৰোঁতে দুচকু যি আসুৰিক সেয়া মাৰ্জিত হৈ যাব। পিতাই কয় যে বিশ্বৰ মালিক হ’বলৈ পৰিশ্ৰমতো কৰিব লাগিব নহয়। গতিকে এতিয়া এইটো পৰিশ্ৰম কৰা। পৰিশ্ৰম কৰিবৰ বাবে বাবাই নতুন নতুন গূঢ় কথা শুনায়। সেয়েহে এতিয়া নিজক ভাই ভাই বুলি বুজি জ্ঞান দিয়াৰ অভ্যাস কৰিব লাগে। আকৌ এনেকৈ যি গায়ন কৰা হয় যে “আমি সকলো ভাই ভাই”- এইটো বাস্তৱ হৈ যাব। এতিয়া তোমালোক প্ৰকৃতাৰ্থত ভাই ভাই হোৱা কিয়নো পিতাক জানা। পিতাই তোমালোক সন্তানসকলৰ সৈতে সেৱা কৰি আছে। সন্তানৰ সাহস পিতাৰ সহায়। গতিকে পিতা আহি সন্তানসকলক সেৱা কৰিবৰ বাবে সাহস দিয়ে। তেন্তে এয়া সহজ হ’ল নহয়। গতিকে সদায় এইটো অভ্যাস কৰিব লাগে। এলেহুৱা হ’ব নালাগে। এই নতুন নতুন কথাবোৰ সন্তানসকলে শুনিবলৈ পায়, সন্তানসকলে জানে যে আমাক ভাইসকলক বাবাই পঢ়াই আছে। আত্মায়ে পঢ়ে, এয়া আত্মিক জ্ঞান, ইয়াক আধ্যাত্মিক জ্ঞান বুলি কোৱা হয়। কেৱল এই সময়ত আত্মিক জ্ঞান, আত্মিক পিতাৰ পৰা পোৱা যায় কিয়নো পিতা আহেই সংগমযুগত যেতিয়া সৃষ্টি পৰিৱৰ্তন হয়, এই আত্মিক জ্ঞানো তেতিয়া পোৱা যায় যেতিয়া সৃষ্টি পৰিৱৰ্তনৰ সময় হয়। পিতা আহি এইটোৱেইতো আত্মিক জ্ঞান দিয়ে যে নিজক আত্মা বুলি বুজা। আত্মা নগ্ন (অশৰীৰী) হৈ আহিছিল, ইয়াত আকৌ শৰীৰ ধাৰণ কৰেহি। আৰম্ভণিৰ পৰা এতিয়ালৈকে আত্মাই 84 জন্ম লৈছে। কিন্তু ক্ৰমানুসৰি যিয়ে যেনেকৈ আহিছিল, তেওঁলোকে সেই অনুযায়ীয়েই জ্ঞান-যোগৰ পৰিশ্ৰম কৰিব। আকৌ দেখিবলৈও পোৱা যায় যে যিয়ে যেনেকৈ কল্প পূৰ্বে পুৰুষাৰ্থ কৰিছিল, পৰিশ্ৰম কৰিছিল তেওঁলোকে এতিয়াও এনেদৰেই পৰিশ্ৰম কৰি থাকে। নিজৰ বাবে পৰিশ্ৰম কৰিব লাগে। আন কাৰোবাৰ বাবেতো কৰিবলগীয়া নহয়। গতিকে নিজকেই আত্মা বুলি বুজি নিজৰ লগত পৰিশ্ৰম কৰিব লাগে। আনে কি কৰে, তাত আমাৰ কি যায়। “দান-পুণ্য ঘৰতেই আৰম্ভ হয় বুলি ক’লে প্ৰথমে নিজে পৰিশ্ৰম কৰিব লাগে, পাছত আনক (ভাইসকলক) ক’ব লাগে। যেতিয়া তোমালোকে নিজক আত্মা বুলি বুজি আত্মাক জ্ঞান দিবা তেতিয়া তোমালোকৰ জ্ঞান তৰোৱালত তীক্ষ্ণতা থাকিব। পৰিশ্ৰমতো আছে নহয়। গতিকে নিশ্চয় কিবা নহয় কিবা সহ্য কৰিবলগীয়া হয়। এই সময়ত দুখ-সুখ, নিন্দা-স্তুতি, মান-অপমান এইবোৰ সকলো কম-বেছি পৰিমানে সহ্য কৰিবলগীয়া হয়। সেয়েহে যেতিয়া কোনোবাই ওলট-পালট কিবা কয় তেতিয়া চুপ হৈ থাকিবলৈ কোৱা হয়। যেতিয়া চুপ হৈ থাকিবা তেতিয়া কোনোবাই কি খং কৰিব। যেতিয়া এজনে কথা কয় আৰু আনজনেও কথা কয় তেতিয়া মুখৰ তালি বাজে (তৰ্ক-বিতৰ্ক হয়)। যদি এজনে মুখৰ তালি বজায় আৰু আনজন শান্ত হৈ যায় তেতিয়া চুপ হৈ যায়। বচ্‌, পিতাই ইয়াকে শিকায়। যেতিয়াই দেখা যে কোনোবা ক্ৰোধান্বিত হৈছে তেতিয়া চুপ হৈ যোৱা, তেওঁৰ ক্ৰোধ আপোনাআপুনি শান্ত হৈ যাব। আনখন তালি নাবাজিব। যদি তালিৰে তালি বাজে তেন্তে বিশৃংখলতাৰ সৃষ্টি হৈ যায় সেয়েহে পিতাই কয় যে সন্তানসকল কেতিয়াও এইবোৰ কথাত তালি নবজাবা। বিকাৰৰো নবজাবা, কামৰো নবজাবা, ক্ৰোধৰো নবজাবা।

সন্তানসকলে প্ৰতিজনৰে কল্যাণ কৰিবই লাগে, ইমানবোৰ যে সেৱাকেন্দ্ৰ খোলা হৈছে কিহৰ বাবে? কল্প পূৰ্বেওতো ইমানবোৰ সেৱাকেন্দ্ৰ খোলা হৈছিল নিশ্চয়। দেৱৰো দেৱ পিতাই চাই থাকে যে বহুত সন্তানৰ এইটো চখ থাকে যে বাবা সেৱাকেন্দ্ৰ খোলো। আমি সেৱাকেন্দ্ৰ খুলিম, আমি খৰচ বহন কৰিম। সেয়েহে দিনে-প্ৰতিদিনে এনেকুৱা হৈ গৈ থাকিব কিয়নো যিমানে বিনাশৰ দিন ওচৰ চাপি আহিব, সিমানে আকৌ এইফালেও সেৱাৰ চখ বাঢ়ি যাব। এতিয়া বাপদাদা দুয়োগৰাকী যিহেতু একেলগে আছে, প্ৰতিজনকেই চায় যে কি পুৰুষাৰ্থ কৰে? কি পদ লাভ কৰিব? কাৰ পুৰুষাৰ্থ উত্তম, কাৰ মধ্যম, কাৰ কনিষ্ঠ? তেওঁলোকেতো লক্ষ্য কৰি আছে। শিক্ষকেও বিদ্যালয়ত লক্ষ্য কৰে যে বিদ্যাৰ্থীসকল কি বিষয়ত তল-ওপৰ হয়। গতিকে ইয়াতো এনেকুৱাই। কোনো সন্তানে ভালদৰে মনোযোগ দিয়ে তেতিয়া নিজকে উচ্চ বুলি ভাবে। কোনোবা সময়ত আকৌ ভুল কৰে, স্মৃতিত নাথাকে বাবে নিজকে কম বুলি ভাবে। এইখনতো বিদ্যালয় হয় নহয়। সন্তানসকলে কয় যে বাবা কেতিয়াবা কেতিয়াবা আমি বহুত আনন্দত থাকো, আকৌ কেতিয়াবা আনন্দ কম হৈ যায়। সেয়েহে বাবাই এতিয়া বুজাই থাকে যে যদি আনন্দত থাকিব বিচৰা তেন্তে ‘মনমনাভৱ’, নিজক আত্মা বুলি বুজা আৰু পিতাকো স্মৰণ কৰা‌। সন্মুখত পৰমাত্মাক প্ৰত্যক্ষ কৰা তেওঁতো অকাল আসনত বহি আছে। এনেকৈ ভাইসকলৰ ফালেও চোৱা, নিজক আত্মা বুলি বুজি তাৰ পাছত ভাইসকলৰ লগত কথা পাতা। ভাইক আমি জ্ঞান দিওঁ। ভগ্নী নহয়, ভাই ভাই। আত্মাক জ্ঞান দিয়াৰ অভ্যাস যদি তোমালোকৰ হৈ যায় তেতিয়া তোমালোকৰ যি আসুৰিক দৃষ্টি আছে, যিয়ে তোমালোকক প্ৰতাৰণা কৰে সেয়া লাহে লাহে বন্ধ হৈ যাব। আত্মা আত্মাই কি কৰিবনো? যেতিয়া দেহ-অভিমান আহে তেতিয়া অৱনমিত হৈ যায়। বহুতে কয় বাবা আমাৰ দৃষ্টি আসুৰিক। ঠিক আছে এতিয়া আসুৰিক দৃষ্টি মাৰ্জিত কৰি তোলা। পিতাই আত্মাক তৃতীয় নেত্ৰ প্ৰদান কৰিছেই। তৃতীয় নেত্ৰৰে চালে তেতিয়া তোমালোকৰ শৰীৰক চোৱাৰ অভ্যাস নাইকিয়া হৈ যাব। বাবাই সন্তানসকলক আদেশতো দিয়েই থাকে, এওঁকো (ব্ৰহ্মাকো) এনেকৈয়েই কোৱা হয়। এই বাবায়ো দেহত থকা আত্মাক প্ৰত্যক্ষ কৰিব। গতিকে ইয়াকেই কোৱা হয় আত্মিক জ্ঞান। চোৱা, পদ কিমান উচ্চ লাভ কৰা। শ্ৰেষ্ঠ পদ। গতিকে পুৰুষাৰ্থও এনেকুৱা কৰিব লাগে। বাবায়ো বুজি পায় যে কল্প পূৰ্বৰ দৰেই সকলোৰে পুৰুষাৰ্থ চলিব। কোনোবা ৰজা-ৰাণী হ’ব, কোনোবা প্ৰজাৰ শ্ৰেণীত যাবগৈ। গতিকে যেতিয়া ইয়াত বহি যোগো কৰোৱা তেতিয়া নিজক আত্মা বুলি বুজি আনৰো ভ্ৰূকূটিত আত্মাক লক্ষ্য কৰি থাকিলে সেৱা ভাল হ’ব। যিসকল আত্ম-অভিমানী হৈ বহে তেওঁলোকে আত্মাকেই প্ৰত্যক্ষ কৰে। ইয়াৰ খুউব অভ্যাস কৰা। হেৰ’ উচ্চ পদ পাবলৈ হ’লে অলপতো কষ্ট কৰিব লাগিব নহয়। গতিকে আত্মাৰ বাবে এতিয়া এইটোৱেই পৰিশ্ৰম। এই আত্মিক জ্ঞান এবাৰেই পোৱা যায় আৰু কেতিয়াও পোৱা নাযাব। কলিযুগতো নাপাব, সত্যযুগতো নাপাব, কেৱল সংগমযুগতেই পাব তাকো ব্ৰাহ্মণসকলে। এইটো দৃঢ়ভাৱে স্মৃতিত ৰাখি লোৱা। যেতিয়া ব্ৰাহ্মণ হ’বা তেতিয়া দেৱতা হ’বা। ব্ৰাহ্মণ যদি নোহোৱা তেন্তে দেৱতা কেনেকৈ হ’বা? এই সংগমযুগতেই এই পৰিশ্ৰম কৰা হয়। আন কোনো সময়ত এনেকৈ কোৱা নহয় যে নিজক আত্মা, আনকো আত্মা বুলি বুজি তেওঁলোকক জ্ঞান দিয়া। পিতাই যি বুজায় তাৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰা। বিচাৰ কৰা যে এইটো সঠিকনে, আমাৰ লাভৰ কথা হয়নে? আমাৰ অভ্যাস হৈ যাব যে পিতাৰ যি শিক্ষা সেয়া ভাইসকলক দিব লাগে, মহিলাকো দিব লাগে, পুৰুষকো দিব লাগে। দিবতো লাগিব আত্মাসকলকেই। আত্মায়েই পুৰুষ, মহিলা হৈছে। ভগ্নী-ভাতৃ হৈছে।

পিতাই কয় যে মই তোমালোক সন্তানসকলক জ্ঞান দিওঁ। মই সন্তানসকলৰ ফালে, আত্মাক চাওঁ আৰু আত্মাসকলেও বুজি পায় যে আমাৰ পৰমাত্মা যি পিতা হয় তেওঁ জ্ঞান দিয়ে এই ক্ষেত্ৰত কোৱা হ’ব যে এওঁলোক আত্ম-অভিমানী হৈছে। ইয়াকে কোৱা হয় আধ্যাত্মিক জ্ঞানৰ লেনদেন - আত্মাৰ পৰমাত্মাৰ সৈতে। গতিকে পিতাই এইটো শিক্ষা দিয়ে যে যেতিয়াই কোনো দৰ্শনাৰ্থী আদি আহে তেতিয়াও নিজক আত্মা বুলি বুজি, আত্মাক পিতাৰ পৰিচয় দিব লাগে। আত্মাত জ্ঞান আছে, শৰীৰত নাই। গতিকে তেওঁলোককো আত্মা বুলি বুজিয়েই জ্ঞান দিব লাগে। ইয়াৰ বাবে তেওঁলোকৰো ভাল লাগিব। যেন তোমালোকৰ মুখত এই তীক্ষ্ণতা (যোগ বল) আছে। এই জ্ঞানৰ তৰোৱাল তীক্ষ্ণ হৈ যাব কিয়নো দেহী-অভিমানী হোৱা নহয়। গতিকে এইটোও অভ্যাস কৰি চোৱা। বাবাই কয় বিচাৰ কৰা - এইটো সঠিকনে? আৰু সন্তানসকলৰ বাবেও এইটো কোনো নতুন কথা নহয় কিয়নো পিতাই সহজকৈয়েই বুজায়। চক্ৰ পৰিক্ৰমা লগালা, এতিয়া নাটক পূৰা হয়, এতিয়া পিতাৰ স্মৃতিত থাকে। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ সতোপ্ৰধান সৃষ্টিৰ মালিক হয়, আকৌ এনেকৈয়ে ছিৰি নামি আহে, চোৱা কিমান সহজকৈ কয়। প্ৰত্যেক 5 হাজাৰ বছৰ পাছত মই আহিবলগীয়া হয়। ড্ৰামাৰ পৰিকল্পনা অনুসৰি মই বান্ধ খাই আছোঁ। আহি সন্তানসকলক বহুত সহজ স্মৃতিৰ যাত্ৰা শিকাওঁ। পিতাৰ স্মৃতিত অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব, এয়া এই সময়ৰ বাবে। এয়া অন্তকাল। এতিয়া এই সময়ত পিতাই বহি যুক্তি শুনায় যে মামেকম্ (কেৱল মোক) স্মৰণ কৰিলে তেতিয়া সৎগতি হৈ যাব। সন্তানসকলেও বুজি পায় যে পঢ়াৰ দ্বাৰা এয়া হ’ম, অমুক হ’ম। ইয়াতো এনেকুৱাই যে মই গৈ নতুন সৃষ্টিত দেৱী-দেৱতা হ’ম। কোনো নতুন কথা নহয়, পিতাইতো বাৰে বাৰে কয় একো নতুন কথা নহয়। এয়াতো ছিৰি ওপৰলৈ উঠা-নমা কৰিব লাগে, জিনৰ কাহিনী আছে নহয়। তাক ছিৰি নমা আৰু উঠাৰ কাম দিয়া হ’ল। এই নাটকখনেই হৈছে উঠা আৰু নমা। স্মৃতিৰ যাত্ৰাৰ দ্বাৰা বহুত মজবুত হৈ যাব সেইবাবে ভিন্ন ভিন্ন প্ৰকাৰেৰে পিতাই সন্তানসকলক বহি শিকায় যে সন্তানসকল এতিয়া দেহী-অভিমানী হোৱা। এতিয়া সকলো উভতি যাব লাগে। তোমালোক আত্মাসকল সম্পূৰ্ণ 84 জন্ম লৈ তমোপ্ৰধান হৈ গৈছা। ভাৰতবাসীয়েই সতো-ৰজো-তমো হয়। অন্য কোনো দেশৰ বাসিন্দাক 84 জন্ম লোৱা বুলি কোৱা নহয়। পিতা আহি শুনাইছে যে নাটকত প্ৰত্যেকৰে ভূমিকা নিজা নিজা। আত্মা কিমান সূক্ষ্ম। বিজ্ঞানীসকলে এইটো বুজিয়েই নাপাব যে ইমান সূক্ষ্ম আত্মাত এই অবিনাশী ভূমিকা নিহিত হৈ আছে। এইটো হৈছে আটাইতকৈ বিস্ময়কৰ কথা। এয়া সূক্ষ্ম আত্মা আৰু কিমান ভুমিকা পালন কৰে! সেয়াও অবিনাশী! এই ড্ৰামাখনো অবিনাশী আৰু পূৰ্ব নিৰ্ধাৰিত। এনেকৈ কোনেও ন’কব যে কেতিয়া ৰচিলে? নহয়। এয়া প্ৰাকৃতিক। এই জ্ঞান বৰ বিস্ময়কৰ, কোনেও কেতিয়াও এই জ্ঞান বুজাবই নোৱাৰে। এনেকুৱা কাৰো শক্তি নাই যে এই জ্ঞান বুজাব।

গতিকে এতিয়া পিতাই সন্তানসকলক দিনে-প্ৰতিদিনে বুজাই থাকে। এতিয়া অভ্যাস কৰা যে আমি নিজৰ ভাই আত্মাসকলক জ্ঞান দিওঁ, নিজৰ সমান কৰি তুলিবৰ বাবে। পিতাৰ পৰা উত্তৰাধিকাৰ ল’বৰ বাবে কিয়নো সকলো আত্মাৰ অধিকাৰ আছে। বাবা আহে সকলো আত্মাক নিজৰ নিজৰ শান্তি বা সুখৰ উত্তৰাধিকাৰ দিবলৈ। আমি যেতিয়া ৰাজধানীত থাকিম তেতিয়া বাকীসকল শান্তিধামত থাকিব। পাছলৈ জয়-জয়কাৰ হ’ব, ইয়াত সুখেই সুখ হ’ব সেয়েহে পিতাই কয় পৱিত্ৰ হ’ব লাগে। যিমান তোমালোক পৱিত্ৰ হোৱা সিমান আকৰ্ষণ থাকে। যেতিয়া তোমালোক একেবাৰে পৱিত্ৰ হৈ যোৱা তেতিয়া সিংহাসনধাৰী হৈ যোৱা। গতিকে ইয়াৰ অভ্যাস কৰা। এনেকৈ নুবুজিবা যে বচ্‌ এয়া শুনিলা আৰু কাণেৰে উলিয়াই দিলা। নহয়, এইটো অভ্যাস অবিহনে তোমালোক যাব নোৱাৰিবা। নিজক আত্মা বুলি বুজা, তেওঁলোকো আত্মা ভাই ভাইক বহি বুজোৱা। আত্মিক পিতাই আত্মিক সন্তানসকলক বুজায়, ইয়াক কোৱা হয় আত্মিক আধ্যাত্মিক জ্ঞান। আধ্যাত্মিক পিতা দিওঁতা হয়। যেতিয়া সন্তান সম্পূৰ্ণ আধ্যাত্মিক হৈ যায়, একবাৰে পৱিত্ৰ হৈ যায় তেতিয়া গৈ সত্যযুগী আসনৰ মালিক হয়। যিসকল পৱিত্ৰ নহয়গৈ তেওঁলোক মালাতো নাহিব। মালাৰোতো কিবা অৰ্থ থাকিব নহয়। মালাৰ ৰহস্য আন কোনেও নাজানে। মালাক কিয় স্মৰণ কৰে? কিয়নো পিতাক বহুত সহায় কৰিছে, গতিকে কিয় স্মৰণ নকৰিব। তোমালোকক স্মৰণো কৰে, তোমালোকৰ পূজাও হয় আৰু তোমালোকৰ শৰীৰকো পূজা কৰা হয়। আৰু মোৰতো কেৱল আত্মাকহে পূজা কৰে। চোৱা তোমালোকৰতো দুই ধৰণে পূজা কৰা হয়, মোতকৈও বেছি। তোমালোক যেতিয়া দেৱতা হোৱা তেতিয়া দেৱতাসকলৰো পূজা কৰে, গতিকে পূজাতো তোমালোক আগত, স্মাৰকতো তোমালোক আগত আৰু বাদশ্বাহীতো তোমালোক আগত। চোৱা, তোমালোকক কিমান উচ্চ কৰি গঢ়ি তোলোঁ। গতিকে যেনেকৈ সন্তান বৰ প্ৰিয়, বহুত মৰম থাকে সেয়েহে সন্তানসকলক কান্ধত, মূৰতো তুলি লয়। বাবাই একেবাৰে শিৰত ৰাখি থয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) গায়ন আৰু পূজন যোগ্য হ’বলৈ আধ্যাত্মিক হ’ব লাগে, আত্মাক পৱিত্ৰ কৰি তুলিব লাগে। আত্ম-অভিমানী হ’বলৈ পৰিশ্ৰম কৰিব লাগে।

(2) ‘মনমনাভৱ’ৰ অভ্যাসৰ দ্বাৰা অপাৰ আনন্দত থাকিব লাগে। নিজক আত্মা বুলি বুজি আত্মাৰ সৈতে বাৰ্তালাপ কৰিব লাগে, দুচকু মাৰ্জিত কৰি তুলিব লাগে।

বৰদান:
মাষ্টৰ ৰচিয়তা স্থিতিৰে আপদতো মনোৰঞ্জনৰ অনুভৱ কৰোঁতা সম্পূৰ্ণ যোগী হোৱা

মাষ্টৰ ৰচিয়তা স্থিতিত স্থিৰ হৈ থাকিলে অতি ডাঙৰ আপদো এক মনোৰঞ্জনৰ দৃশ্য যেন অনুভৱ হ’ব। যেনেকৈ মহাবিনাশৰ আপদকো স্বৰ্গৰ দ্বাৰ মুকলি কৰাৰ সাধন কৰি তোলা, তেনেকৈ যিকোনো প্ৰকাৰৰ সৰু ডাঙৰ সমস্যা বা আপদ মনোৰঞ্জনৰ ৰূপত দেখা দিয়ক, “হায়! হায়!”ৰ সলনি ‘অহো’ শব্দ উচ্চাৰিত হওক - দুখো সুখৰ ৰূপত অনুভৱ হওক। দুখ-সুখৰ জ্ঞান থকা সত্ত্বেও তাৰ প্ৰভাৱত যাতে নাহা, দুখকো মহান সুখৰ দিনবোৰৰ আগমন বুলি বুজা – তেতিয়া সম্পূৰ্ণ যোগী বুলি কোৱা হ’ব।

স্লোগান:
অন্তৰাসন এৰি সাধাৰণ সংকল্প কৰা অৰ্থাৎ ধৰণীত ভৰি দিয়া।


অব্যক্ত সংকেত: এতিয়া সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা

কৰ্ম কৰি থাকিও দেহো পাতল, মনৰ স্থিতিতো পাতল। কৰ্মৰ ফলাফলে মন যাতে আকৰ্ষিত নকৰে। যিমানেই কাৰ্য বাঢ়ি যায় সিমানেই পাতল বোধো যাতে বাঢ়ি যায়। কৰ্মই নিজৰ ফালে যাতে আকৰ্ষিত নকৰে কিন্তু মালিক হৈ কৰ্ম কৰাওঁতাই কৰাই আছে আৰু কৰোঁতাজনে নিমিত্ত হৈ কৰি আছে - এইটো অভ্যাস বঢ়োৱা তেতিয়া সম্পন্ন কৰ্মাতীত সহজেই হৈ যাবা।