11.01.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – যোগ হৈছে অগ্নি তুল্য, য'ত তোমালোকৰ পাপ ভস্ম হৈ যায়, আত্মা সতোপ্ৰধান হৈ যায় সেয়েহে একমাত্ৰ পিতাৰ স্মৃতিত (যোগযুক্ত হৈ) থাকা”

প্ৰশ্ন:
পুণ্য আত্মা হ’বলগীয়া সন্তানসকলে কোনটো কথাৰ প্ৰতি বহুত ধ্যান দিব লাগে?

উত্তৰ:
ধন দান কাক দিব লাগে, এইটো কথাৰ প্ৰতি পূৰা ধ্যান দিব লাগে। যদি কাৰোবাক ধন দিলা আৰু তেওঁ গৈ মদ্যপান আদি কৰিলে, বেয়া কাম কৰিলে তেন্তে তাৰ পাপ তোমালোকৰ ওপৰত আহি যাব। তোমালোকে পাপ আত্মাসকলৰ লগত এতিয়া লেন-দেন কৰিব নালাগে। ইয়াততো তোমালোক পুণ্য আত্মা হ'ব লাগে।

গীত:
ন ৱহ হমচে জুদা হোংগে..... (তেওঁ আমাৰ পৰা বিচ্ছিন্ন নহয়...)

ওঁম্শান্তি।
ইয়াক কোৱা হয় স্মৃতিৰ অগ্নি। যোগ অগ্নি মানে স্মৃতিৰ অগ্নি। ‘অগ্নি’ বুলি কিয় কোৱা হয়? কিয়নো ইয়াত পাপ ভস্ম হৈ যায়। এইটো কেৱল তোমালোক সন্তানসকলেহে জানা - কেনেকৈ আমি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হওঁ। সতোপ্ৰধানৰ অৰ্থই হৈছে পুণ্য আত্মা আৰু তমোপ্ৰধানৰ অৰ্থই হৈছে পাপ আত্মা। কোৱাও হয় যে এওঁ বৰ পুণ্য আত্মা, এওঁ পাপ আত্মা। ইয়াৰ দ্বাৰা এইটো সিদ্ধ হয় যে আত্মাহে সতোপ্ৰধান হয় আকৌ পুনৰ্জন্ম লৈ লৈ তমোপ্ৰধান হয় সেয়েহে ইয়াক পাপ আত্মা বুলি কোৱা হয়। পতিত-পাৱন পিতাকো এইবাবেই স্মৰণ কৰে যাতে তেওঁ আহি পাৱন আত্মা কৰি তোলে। পতিত আত্মা কোনে কৰি তুলিলে? এয়া কোনেও নাজানে। তোমালোকে জানা যে যেতিয়া পাৱন আত্মা আছিলা তেতিয়া তাক ৰামৰাজ্য বুলি কোৱা হৈছিল। এতিয়া পতিত আত্মাসকল আছে সেয়েহে ইয়াক ৰাৱণৰাজ্য বুলি কোৱা হয়। ভাৰতেই পাৱন, ভাৰতেই পতিত হয়। পিতাহে আহি ভাৰতক পাৱন কৰি তোলে। বাকী সকলো আত্মা পৱিত্ৰ হৈ শান্তিধামলৈ গুচি যায়। এতিয়া হৈছে দুখধাম। ইমান সহজ কথাবোৰো বুদ্ধিত ধাৰণ নহয়। যেতিয়া অন্তৰেৰে বুজিব তেতিয়া প্ৰকৃত ব্ৰাহ্মণ হ'ব। ব্ৰাহ্মণ নোহোৱাকৈ পিতাৰ পৰা উত্তৰাধিকাৰ পাব নোৱাৰে।

এতিয়া এয়া হৈছে সংগমযুগৰ যজ্ঞ। যজ্ঞৰ বাবেতো ব্ৰাহ্মণ নিশ্চয় লাগে। এতিয়া তোমালোক ব্ৰাহ্মণ হৈছা। এইটো জানা যে মৃত্যুলোকৰ এয়া হৈছে অন্তিম যজ্ঞ। মৃত্যুলোকতেই যজ্ঞ হয়। অমৰলোকত যজ্ঞ কৰা নহয়। ভক্তসকলৰ বুদ্ধিত এই কথাবিলাক ধাৰণ হ’ব নোৱাৰে। ভক্তি সম্পূৰ্ণ বেলেগ, জ্ঞান বেলেগ। মনুষ্যই আকৌ বেদ-শাস্ত্ৰসমূহকেই জ্ঞান বুলি ধৰি লয়। যদি তাত জ্ঞান থাকিলহেঁতেন তেনেহ'লেতো মনুষ্য উভতি (পৰমধামলৈ) গ'লহেঁতেন। কিন্তু ড্ৰামা অনুসৰি কোনো উভতি নাযায়। বাবাই বুজাইছে - প্ৰথম নম্বৰৰ জনেই সতো, ৰজো, তমোত আহিবলগীয়া হয় তেন্তেস্থলত অন্যই কেৱল সতোৰ ভূমিকা ৰূপায়ণ কৰি কেনেকৈ উভতি যাব পাৰিব? তেওঁতো আকৌ তমোপ্ৰধানত আহিবই লাগিব, ভূমিকা ৰূপায়ণ কৰিবই লাগিব। প্ৰত্যেক ভাৱৰীয়াৰ সামৰ্থ্য নিজা নিজা নহয় জানো। মুখ্য ভাৱৰীয়াসকল কিমান প্ৰসিদ্ধ। সকলোতকৈ মুখ্য ৰচয়িতা, নিৰ্দেশক আৰু মুখ্য ভাৱৰীয়া কোনজন? এতিয়া তোমালোকে বুজি পোৱা যে ঈশ্বৰ পিতা হ'ল মুখ্য, তাৰপাছত জগত অম্বা, জগত পিতা। জগতৰ মালিক, বিশ্বৰ মালিক হৈ যায়, তেওঁলোকৰ ভূমিকা নিশ্চয় উচ্চ হ’ব। গতিকে তেওঁলোকৰ বেতনো বেছি। বেতন দিয়ে পিতাই যি সকলোতকৈ উচ্চ। পিতাই কয় - তোমালোকে মোক ইমান সহায় কৰা গতিকে তোমালোকে বেতনো নিশ্চয় সিমানেই পাবা। বেৰিষ্টাৰে পঢ়ালে নক'ব জানো যে ইমান উচ্চ পদ প্ৰাপ্ত কৰাওঁ সেয়েহে এই পঢ়াৰ প্ৰতি সন্তানসকলে কিমান মনোযোগ দিয়া উচিত। গৃহস্থালিতো থাকিব লাগে, কৰ্মযোগ সন্ন্যাস নহয় জানো। গৃহস্থালিত থাকি, সকলো কৰিও পিতাৰ পৰা উত্তৰাধিকাৰ পোৱাৰ পুৰুষাৰ্থ কৰিব পাৰা, ইয়াত কোনো কষ্টৰ কথা নাই। কাম-কাজ কৰোঁতে শিৱবাবাৰ স্মৃতিত থাকিব লাগে। জ্ঞানতো বহুত সহজ। গায়নো আছে - হে পতিত-পাৱন আহক, আহি আমাক পাৱন কৰি তোলক। পাৱন সৃষ্টিততো ৰাজধানী আছে সেয়েহে পিতাই সেই ৰাজধানীৰো যোগ্য কৰি তোলে।

এই জ্ঞানৰ দুটা মুখ্য বিষয় আছে – ‘অল্ফ’ (বাবা) আৰু ‘বে’ (বাদশ্বাহী)। স্বদৰ্শন চক্ৰধাৰী হোৱা আৰু পিতাক স্মৰণ কৰা তেতিয়া তোমালোক সৰ্বদা স্বাস্থ্যৱান আৰু ধনৱান হৈ যাবাগৈ। পিতাই কয় - মোক তাত স্মৰণ কৰা। ঘৰখনকো স্মৃতিলৈ আনা, মোক স্মৰণ কৰিলে তোমালোক ঘৰলৈ গুচি যাবাগৈ। স্বদৰ্শন চক্ৰধাৰী হ'লে তোমালোক চক্ৰৱৰ্ত্তী ৰজা হ'বাগৈ। এইটো বুদ্ধিত ভালদৰে ৰাখিব লাগে। এই সময়ততো সকলো তমোপ্ৰধান। সুখধামত সুখ, শান্তি, সম্পত্তি সকলো পোৱা যায়। তাত এটাই ধৰ্ম থাকে। এতিয়াতো চোৱা ঘৰে ঘৰে অশান্তি। বিদ্যাৰ্থীসকলে চোৱা কিমান গণ্ডগোল কৰে। নিজৰ নতুন তেজ দেখুৱায়। এইখন হৈছে তমোপ্ৰধান সৃষ্টি, সত্যযুগ হ'ল নতুন সৃষ্টি। পিতা সংগমত আহিছে। মহাভাৰতৰ যুদ্ধও সংগমৰেই। এতিয়া এই সৃষ্টিৰ পৰিৱৰ্তন হ'ব। পিতায়ো কয় - মই নতুন সৃষ্টি স্থাপনা কৰিবলৈ সংগমত আহোঁ, ইয়াকে পুৰুষোত্তম সংগমযুগ বুলি কোৱা হয়। পুৰুষোত্তম মাহ, পুৰুষোত্তম চনো পালন কৰে। কিন্তু এই পুৰুষোত্তম সংগমৰ বিষয়ে কোনেও নাজানে। সংগমতেই পিতা আহি তোমালোকক হীৰাতুল্য কৰি তোলে। আকৌ এওঁলোকৰ মাজতো ক্ৰমানুসৰিতো হয়েই। হীৰাৰ দৰে ৰজা হৈ যায়, বাকীসকল সোণৰ দৰে প্ৰজা হৈ যায়। সন্তান জন্ম ল'লে আৰু সম্পত্তিৰ উত্তৰাধিকাৰী হ'ল। এতিয়া তোমালোক পাৱন সৃষ্টিৰ অধিকাৰী হৈ যোৱা। আকৌ তাত উচ্চ পদ পাবলৈ পুৰুষাৰ্থ কৰিব লাগে। এই সময়ৰ তোমালোকৰ পুৰুষাৰ্থ কল্প-কল্পান্তৰৰ পুৰুষাৰ্থ হ'ব। বুজা যায় এওঁ কল্পই কল্পই এনেকুৱাই পুৰুষাৰ্থ কৰিব। এওঁৰ দ্বাৰা বেছি পুৰুষাৰ্থ নহ'বই। জন্ম-জন্মান্তৰ, কল্প-কল্পান্তৰ এওঁ প্ৰজাতেই আহিব। এওঁ চহকী প্ৰজাৰ দাস-দাসী হ'ব। ক্ৰমানুসৰিতো হয়েই নহয়। পঢ়াৰ আধাৰত সকলো জনা যায়। বাবাই তৎক্ষণাৎ ক'ব পাৰে যে এইটো অৱস্থাত কাইলৈ তুমি শৰীৰ ত্যাগ কৰিলে কি হ'বাগৈ? দিনে-প্ৰতিদিনে সময় টুটি আহে। যদি কোনোবাই শৰীৰ এৰে তেতিয়াতো পঢ়িব নোৱাৰিব, অৱশ্যে হয় বুদ্ধিত কিঞ্চিত মাত্ৰ উদয় হ’ব। শিৱবাবাক স্মৰণ কৰিব। যেনেকৈ সৰু ল'ৰা-ছোৱালীকো তোমালোকে স্মৰণ কৰিবলৈ ক’লে তেতিয়া শিৱবাবা শিৱবাবা বুলি কৈ থাকে। তেতিয়াও কিছু প্ৰাপ্তি কৰিব পাৰে। সৰু ল'ৰা-ছোৱালীতো মহাত্মা সদৃশ, বিকাৰৰ কথা নাজানেই। যিমানে ডাঙৰ হৈ গৈ থাকিব, বিকাৰৰ প্ৰভাৱ পৰি থাকিব, ক্ৰোধ আহিব, মোহ আহিব...। এতিয়া তোমালোককতো বুজোৱা হয় যে এইখন সৃষ্টিত এই দুচকুৰে যি দেখিছা তাৰ পৰা মমত্ব আঁতৰাই দিব লাগে। আত্মাই জানে এয়াতো সকলো সমাধিস্থ হৈ যাব। তমোপ্ৰধান বস্তু। মনুষ্য মৰিলে তেতিয়া পুৰণা বস্তুবোৰ মৃতকৰ কাম-কাজ কৰা পুৰোহিতক দি দিয়ে। পিতাতো আকৌ হৈছে বেহদৰ পুৰোহিত, ধোবাও হয়। তোমালোকৰ পৰা কি লয় আৰু বিনিময়ত কি দিয়ে? তোমালোকে যি অলপ ধনো দিয়া সেয়াতো শেষ হ'বই। তথাপিও পিতাই কয় - এই ধন নিজৰ লগত ৰাখা। কেৱল ইয়াৰ পৰা মমত্ব আঁতৰাই দিয়া। হিচাপ-নিকাচ পিতাক জনাই থাকা। তেতিয়া নিৰ্দেশনা পাই থাকিবা। তোমালোকৰ এয়া যি লামলাকটু আছে, বিশ্ব বিদ্যালয় আৰু হস্পিতালত স্বাস্থ্য আৰু ধনৰ বাবে লগাই দিয়া হয়। হস্পিতাল হৈছে বেমাৰৰ কাৰণে, বিশ্ব বিদ্যালয় হৈছে পঢ়াবৰ বাবে। এয়াতো কলেজ আৰু হস্পিতাল দুয়োটা একেলগে আছে। ইয়াৰ বাবেতো কেৱল তিনি পদ ভূমিৰ প্ৰয়োজন। বচ্ যাৰ ওচৰত অন্য একো নাই তেওঁ কেৱল তিনি পদ ভূমি দিলেই হ'ল। তাত ক্লাচ আৰম্ভ কৰি দিয়া। তিনি পদ ভূমি, সেয়াতো কেৱল বহাৰ স্থান হ'ল নহয়। আসন তিনি পদৰেই হয়। তিনি পদ ভূমিলৈ যিয়েই আহিব, ভালকৈ বুজি যাব। কোনোবা আহিল, আসনত বহিবলৈ দিলা আৰু পিতাৰ পৰিচয় দিলা। বেজো বহুত তৈয়াৰ কৰোঁৱা হৈছে সেৱাৰ বাবে, এয়া অতি সহজ। চিত্ৰও ভাল, লিখনিও সম্পূৰ্ণকৈ আছে। ইয়াৰ দ্বাৰা তোমালোকৰ বহুত সেৱা হ'ব। দিনে-প্ৰতিদিনে যিমানে আপদ আহি থাকিব মনুষ্যৰো বৈৰাগ্য জন্মিব আৰু পিতাক স্মৰণ কৰিবলৈ লাগি যাব - মই আত্মা অবিনাশী, নিজৰ অবিনাশী পিতাক স্মৰণ কৰোঁ। পিতাই নিজেই কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ দূৰ হৈ যাব। নিজক আত্মা বুলি বুজিব লাগে আৰু পিতাৰ প্ৰতি পূৰা স্নেহ ৰাখিব লাগে। দেহ-অভিমানত নাহিবা। অৱশ্যে হয়, সন্তান আদিৰ প্ৰতি বাহ্যিক প্ৰেম অৱশ্যে ৰাখা। কিন্তু আত্মাৰ সঁচা প্ৰেম আত্মিক পিতাৰ প্ৰতি ৰাখিব লাগে। তেওঁৰ স্মৃতিৰ দ্বাৰাহে বিকৰ্ম বিনাশ হ'ব। মিত্ৰ-সম্বন্ধীয়, সন্তান আদিক দেখিও বুদ্ধি যাতে পিতাৰ স্মৃতিত ওলমি থাকে। তোমালোক সন্তানসকল যেন স্মৃতিৰ ফাঁচি-কাঠত ওলমি আছা। আত্মাই নিজৰ পিতা পৰমাত্মাকহে স্মৰণ কৰিব লাগে। বুদ্ধি ওপৰত ওলমি থাকিব লাগে। পিতাৰ ঘৰো ওপৰত নহয় জানো। মূললোক, সূক্ষ্মলোক আৰু এয়া হ'ল স্থূললোক। এতিয়া পুনৰাই উভতি যাব লাগে।

এতিয়া তোমালোকৰ যাত্ৰা পূৰা হৈছে। তোমালোক এতিয়া যাত্ৰাৰ পৰা উভতি গৈ আছা। সেয়েহে নিজৰ ঘৰখন কিমান ভাল লাগে। সেয়া হ'ল বেহদৰ ঘৰ। পুনৰ নিজৰ ঘৰলৈ উভতি যাব লাগে। মনুষ্যই ঘৰলৈ যাবলৈ ভক্তি কৰে, কিন্তু পূৰা জ্ঞান নাই সেয়েহে ঘৰলৈ যাব নোৱাৰে। ভগৱানৰ ওচৰলৈ যাবলৈ বা নিৰ্বাণধামলৈ যাবলৈ কিমান তীৰ্থ যাত্ৰা আদি কৰে, পৰিশ্ৰম কৰে। সন্ন্যাসী লোকসকলে কেৱল শান্তিৰ পথহে দেখুৱায়। সুখধামকতো নাজানেই। সুখধামৰ পথ কেৱল পিতাইহে দেখুৱায়। প্ৰথমে নিশ্চয় নিৰ্বাণধাম, বানপ্ৰস্থত যাব লাগে যাক ব্ৰহ্মাণ্ড বুলিও কয়। তেওঁলোকে আকৌ ব্ৰহ্মকে ঈশ্বৰ বুলি ভাবি বহি আছে। আমি আত্মা বিন্দু সদৃশ। আমাৰ নিবাসস্থান হ'ল ব্ৰহ্মাণ্ড। তোমালোকৰো পূজা হয় নহয়। এতিয়া বিন্দুৰনো কি পূজা কৰিব। যেতিয়া পূজা কৰে তেতিয়া শালগ্ৰাম সাজি এটি এটি আত্মাক পূজা কৰে। বিন্দুৰ পূজা কেনেকৈ হ'ব- সেয়েহে ডাঙৰ ডাঙৰকৈ সাজে। পিতাৰো নিজৰ শৰীৰতো নাই। এই কথাবোৰ এতিয়া তোমালোকে জানা। চিত্ৰতো তোমালোকে ডাঙৰকৈ দেখুৱাব লাগে। বিন্দুৰ দ্বাৰা কেনেকৈ বুজিব? সেয়েহে তৰা সাজি দেখুৱাব লাগে। এনেকুৱা বহুত তিলকো মাতাসকলে লগায়, শুভ্ৰ ৰঙৰ তৈয়াৰ কৰি থোৱা পোৱা যায়। আত্মাও শুভ্ৰ নহয় জানো, তৰাৰ দৰে। এয়াও এক চিহ্ন। ভ্ৰূকুটিৰ মাজত আত্মা থাকে। বাকী অৰ্থ কোনেও নাজানে। এই পিতাই বুজায় - ইমান সূক্ষ্ম আত্মাত কিমান জ্ঞান আছে। ইমান বোমা আদি তৈয়াৰ কৰি থাকে। আচৰিত, আত্মাত ইমান ভূমিকা ভৰি আছে। এয়া অতি গূঢ় কথা। ইমান সূক্ষ্ম আত্মাই শৰীৰৰ দ্বাৰা কিমান কাম কৰে। আত্মা অবিনাশী, ইয়াৰ ভূমিকা কেতিয়াও বিনাশ নহয় আৰু ভূমিকাও সলনি নহয়। এতিয়া বৃক্ষ অতি বিশাল। সত্যযুগত কিমান সৰু বৃক্ষ। পুৰণিতো নহয়। মিঠা সৰু বৃক্ষৰ পুলি এতিয়া ৰোপণ কৰি থকা হৈছে। তোমালোক পতিত হৈ গৈছিলা এতিয়া পুনৰ পাৱন হৈ আছা। সূক্ষ্ম আত্মাত কিমান ভূমিকা আছে। এয়া হৈছে প্ৰকৃতি, অবিনাশী ভূমিকা চলি থাকে। এয়া কেতিয়াও বন্ধ নহয়, অবিনাশী বস্তু, তাত অবিনাশী ভূমিকা ভৰি আছে। এয়া আশ্চৰ্যকৰ নহয় জানো। পিতাই বুজায় - সন্তানসকল, দেহী-অভিমানী হ'ব লাগে। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, ইয়াতেই পৰিশ্ৰম কৰিবলগীয়া হয়, বেছি ভূমিকা তোমালোকৰেই। বাবাৰ সিমান ভূমিকা নাই, যিমান তোমালোকৰ আছে।

পিতাই কয় তোমালোক স্বৰ্গত সুখী হৈ যোৱাগৈ সেয়েহে মই বিশ্ৰাম লওঁ। মোৰ কোনো ভূমিকা নাই। এই সময়ত কিমান সেৱা কৰোঁ। এই জ্ঞান ইমান আশ্চৰ্যকৰ, তোমালোকৰ বাহিৰে অন্য কোনেও অলপো নাজানে। পিতাৰ স্মৃতিত নাথাকিলে ধাৰণাও নহ'ব। খোৱা-বোৱা আদিৰো তাৰতম্য হ'লে ধাৰণাত তাৰতম্য হৈ যায়, ইয়াত পৱিত্ৰতা বহুত ভাল হ'ব লাগে। পিতাক স্মৰণ কৰা বহুত সহজ। পিতাক স্মৰণ কৰিব লাগে আৰু উত্তৰাধিকাৰ প্ৰাপ্ত কৰিব লাগে সেয়েহে বাবাই কৈছিল - তোমালোকে নিজৰ লগতো চিত্ৰ ৰাখা। যোগ আৰু প্ৰাপ্তিৰ চিত্ৰ অংকন কৰা তেতিয়া নিচা থাকিব। আমি ব্ৰাহ্মণৰ পৰা দেৱতা হৈ আছোঁ। পুনৰাই আমি দেৱতাৰ পৰা ক্ষত্ৰিয় হ'মগৈ। ব্ৰাহ্মণ হ'ল পুৰুষোত্তম সংগমযুগী। তোমালোক পুৰুষোত্তম হৈ নোযোৱা জানো। মনুষ্যক এই কথাবোৰ বুদ্ধিত ধাৰণ কৰাবলৈ কিমান পৰিশ্ৰম কৰিব লাগে। দিনে-প্ৰতিদিনে যিমানে জ্ঞান বুজি গৈ থাকে সিমানে আনন্দিতও হৈ থাকিব।

তোমালোক সন্তানসকলে জানা বাবাই আমাৰ বহুত কল্যাণ কৰে। কল্পই কল্পই আমাৰ আৰোহণ কলা হয়। ইয়াত থাকি শৰীৰ নিৰ্বাহৰ অৰ্থেও সকলো কৰিবলগীয়া হয়। বুদ্ধিত থাকিব লাগে যে মই শিৱবাবাৰ ভাণ্ডাৰৰ পৰা খাওঁ, শিৱবাবাক স্মৰণ কৰি থাকিলে বিপদ বিঘিনি সকলো দূৰ হৈ যাব। তাৰপাছত এই পুৰণা শৰীৰ এৰি গুচি যাবাগৈ। সন্তানসকলে বুজি পায় - বাবাই একোৱে নলয়। তেওঁতো দাতা হয়। পিতাই কয় - মোৰ শ্ৰীমতত চলা। তোমালোকে ধন দান কাক কৰিব লাগে, এইটো কথাৰ প্ৰতি পূৰা ধ্যান দিব লাগে। যদি কাৰোবাক পইচা দিয়া আৰু তেওঁ গৈ মদ্যপান আদি কৰে, বেয়া কাম কৰে তেন্তে তাৰ পাপ তোমালোকৰ ওপৰত আহি যাব। পাপ আত্মাসকলৰ সৈতে লেন-দেন কৰি পাপ আত্মা হৈ যায়। কিমান পাৰ্থক্য আছে। পাপ আত্মাই, পাপ আত্মাৰ সৈতে লেন-দেন কৰি পাপ আত্মা হৈ যায়। ইয়াততো তোমালোক পুণ্য আত্মা হ'ব লাগে সেয়েহে পাপ আত্মাসকলৰ সৈতে লেন-দেন কৰিব নালাগে। পিতাই কয় - কাকো দুখ দিব নালাগে, কাৰো প্ৰতি মোহ ৰাখিব নালাগে। পিতাও চেক্ৰীন (অতি মিঠা) হৈ আহিছে। পুৰণা লামলাকটু লয়, বিনিময়ত সুদ সহিত কিমান দিয়ে চোৱা। বহুত বেছি সুদ পোৱা যায়। কিমান ভোলা, দুই মুঠিৰ বিনিময়ত মহল দি দিয়ে। ভাল বাৰু!

অতিকৈ মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এতিয়া যাত্ৰা পূৰা হ'ল, ঘৰলৈ উভতি যাব লাগে সেয়েহে এই পুৰণি সৃষ্টিৰ প্ৰতি বেহদৰ বৈৰাগ্য ৰাখি বুদ্ধিযোগ পিতাৰ স্মৃতিত ওপৰত ওলমাই ৰাখিব লাগে।

(2) সংগমযুগত পিতাই যি যজ্ঞ ৰচনা কৰিছে, এই যজ্ঞ চম্ভালিবলৈ সঁচা পৱিত্ৰ ব্ৰাহ্মণ হ'ব লাগে। কাম-কাজ কৰি পিতাৰ স্মৃতিত থাকিব লাগে।

বৰদান:
আদি ৰত্নৰ স্মৃতিৰে নিজৰ জীৱনৰ মূল্য জানোতা সদায় সমৰ্থ হোৱা

যেনেকৈ ব্ৰহ্মা আদি দেৱ, তেনেকৈ ব্ৰহ্মাকুমাৰ, কুমাৰীসকলো আদি ৰত্ন। আদি দেৱৰ সন্তান মাষ্টৰ আদি দেৱ। আদি ৰত্ন বুলি বুজিলেহে নিজৰ জীৱনৰ মূল্য জানিব পাৰিবা কিয়নো আদি ৰত্ন অৰ্থাৎ প্ৰভুৰ ৰত্ন, ঈশ্বৰীয় ৰত্ন - গতিকে কিমান মূল্যৱান গৈ গ’লা সেই কাৰণে সদায় নিজক আদি দেৱৰ সন্তান মাষ্টৰ আদি দেব, আদি ৰত্ন বুলি বুজি প্ৰতিটো কাৰ্য কৰা তেতিয়া সমৰ্থ হোৱাৰ বৰদান প্ৰাপ্ত হৈ যাব। একোৱেই ব্যৰ্থত যাব নোৱাৰে।

স্লোগান:
জ্ঞানী আত্মা তেওঁ যিয়ে প্ৰবঞ্চিত হোৱাৰ পূৰ্বে চিনি লৈ নিজক ৰক্ষা কৰে।


শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

এতিয়া সেৱাত শক্তিৰ প্ৰকম্পন দি বুদ্ধি পৰিৱৰ্তন কৰাৰ সেৱা যোগ কৰা। তেতিয়া দেখিবা সফলতা তোমালোকৰ আগত নিজেই নত শিৰ হ’ব। সেৱাত যি বিঘিনি আহে, সেই বিঘিনিৰ পৰ্দাৰ আঁৰত কল্যাণৰ দৃশ্য লুকাই আছে। কেৱল মন-বাণীৰ শক্তিৰে বিঘিনিৰ পৰ্দা আঁতৰাই দিয়া তেতিয়া ভিতৰত কল্যাণৰ দৃশ্য দৃষ্টিগোচৰ হ’ব।