11.01.26 Avyakt Bapdada
Assame
Murli
20.10.2008 Om Shanti Madhuban
“*“সন্তুষ্টমণি হৈ
বিশ্বত সন্তুষ্টতাৰ লাইট বিয়পোৱা, সন্তুষ্ট হৈ থাকা আৰু সকলোকে সন্তুষ্ট কৰা”*”
আজি বাপদাদাই নিজৰ
সদায় সন্তুষ্ট হৈ থাকোঁতা সন্তুষ্টমণিসকলক চাই আছেহঁক। প্ৰতিগৰাকী সন্তুষ্টমণিৰ
জিলিকনি চাৰিওফালে কিমান সুন্দৰ জেউতি, চিকমিকাই আছে। প্ৰতিগৰাকী সন্তুষ্টমণি কিমান
পিতাৰ প্ৰিয়, প্ৰত্যেকৰে প্ৰিয়, নিজেও প্ৰিয়। সন্তুষ্টতা সকলোৰে প্ৰিয়। সন্তুষ্টতা
সদায় সৰ্ব প্ৰাপ্তি সম্পন্ন কিয়নো য’ত সন্তুষ্টতা আছে ত’ত অপ্ৰাপ্ত কোনো বস্তু নাই।
সন্তুষ্ট আত্মাৰ সন্তুষ্টতা স্বাভাৱিকভাৱে স্বভাৱত থাকে। সন্তুষ্টতাৰ শক্তিয়ে স্বতঃ
আৰু সহজে চাৰিওফালে বায়ুমণ্ডল গঢ়ি তোলে। তেওঁৰ চেহেৰা, তেওঁৰ নয়নে বায়ুমণ্ডলতো
সন্তুষ্টতাৰ তৰঙ্গ বিয়পায়। য’ত সন্তুষ্টতা আছে ত’ত অন্য বিশেষত্বসমূহ স্বতঃ আহি যায়।
সন্তুষ্টতা সংগমত বিশেষ পিতাৰ দান। সন্তুষ্টতাৰ স্থিতি পৰিস্থিতিৰ ওপৰত সদায় বিজয়ী।
পৰিস্থিতি সলনি হৈ থাকে কিন্তু সন্তুষ্টতাৰ শক্তিয়ে সদায় প্ৰগতি প্ৰাপ্ত কৰি থাকে।
যিমানেই পৰিস্থিতি সন্মুখলৈ নাহক কিন্তু সন্তুষ্টমণিৰ আগত সকলো সময়ত মায়া আৰু
প্ৰকৃতি এক পুতলা নাচ যেন দেখিবলৈ পোৱা যায়, সেইবাবে সন্তুষ্ট আত্মা কেতিয়াও অশান্ত
নহয়। পৰিস্থিতিৰ দৃশ্যাৱলীত মনোৰঞ্জনৰ অনুভৱ হয়। এই মনোৰঞ্জন অনুভৱ কৰিবলৈ, নিজৰ
স্থিতিৰ আসন সদায় সাক্ষী দৃষ্টাৰ লাগে। সাক্ষী দৃষ্টাৰ স্থিতিত স্থিৰ হৈ থকাজনে এই
মনোৰঞ্জন অনুভৱ কৰে। দৃশ্য যিমানেই সলনি নহওক কিন্তু সাক্ষী দৃষ্টাৰ আসনত স্থিৰ হৈ
থকা সন্তুষ্ট আত্মা সাক্ষী হৈ, সকলো পৰিস্থিতিক স্ব-স্থিতিৰে পৰিৱৰ্তন কৰি দিয়ে।
গতিকে প্ৰত্যেকে নিজক পৰীক্ষা কৰা যে মই সদায় সন্তুষ্ট হওঁনে? সদায় হওঁনে? সদায় নে
কেতিয়াবা কেতিয়াবা?
বাপদাদাই নিতৌ প্ৰতিটো
শক্তিৰ কাৰণে, আনন্দৰ কাৰণে, ডবল লাইট হৈ উৰিবৰ কাৰণে সন্তানসকলক এইটোৱে কয় যে
‘সদায়’ শব্দটি সদায় যাতে স্মৃতিত থাকে। ‘কেতিয়াবা’ ‘কেতিয়াবা’ শব্দ ব্ৰাহ্মণ জীৱনৰ
অভিধানত নায়েই কিয়নো সন্তুষ্টতাৰ অৰ্থই হৈছে সৰ্ব প্ৰাপ্তি। য’ত সৰ্ব প্ৰাপ্তি আছে
ত’ত ‘কেতিয়াবা’ ‘কেতিয়াবা’ শব্দ নায়েই। তেন্তে সদায় অনুভূতি কৰোঁতা হোৱানে নে
পুৰুষাৰ্থ কৰি আছা? প্ৰত্যেকেই নিজেই নিজক সুধিলানে, পৰীক্ষা কৰিলানে? কিয়নো
তোমালোক সকলো হৈছা বিশেষ পিতাৰ স্নেহী, সহযোগী, অতি মৰমৰ, অমায়িক স্ব-পৰিৱৰ্তক
সন্তান। এনেকুৱা হোৱা নহয়? এনেকুৱা হোৱানে? যেনেকৈ পিতাই চাই আছে তেনেকৈয়ে নিজক
অনুভৱ কৰানে? হাত দাঙা, যিসকলে সদায়, কেতিয়াবা কেতিয়াবা নহয়, সদায় সন্তুষ্ট হৈ থাকা।
‘সদায়’ শব্দটি স্মৃতিত আছে নহয়। হাত অলপ লাহে লাহে দাঙি আছে। ভাল, বৰ ভাল কথা। লাহে
লাহে দাঙি আছে আৰু ভাবি ভাবি দাঙি আছে। কিন্তু বাপদাদাই বাৰে বাৰে মনোযোগ আকৰ্ষণ
কৰাইছে যে এতিয়া সময় আৰু স্বয়ং দুয়োটাকে চোৱা। সময়ৰ গতিবেগ আৰু নিজৰ গতিবেগ দুয়োটা
পৰীক্ষা কৰা। সন্মান সহকাৰে উত্তীৰ্ণতো হ’বই লাগে নহয়। প্ৰত্যেকেই ভাবা যে মই পিতাৰ
ৰাজকুমাৰী বা ৰাজকুমাৰ হওঁ। নিজক ৰাজকুমাৰ বুলি ভাবা নহয়! নিতৌ বাপদাদাই তোমালোকক
কি বুলি স্নেহসহিত স্মৰণ কৰে? অতি মৰমৰ সন্তান। তেন্তে অতি মৰমৰ কোন হয়? অতি মৰমৰ
সেইজনেই যিয়ে পিতাক অনুসৰণ কৰে আৰু অনুসৰণ কৰা বহুত বহুত বহুত সহজ, কোনো কঠিন নহয়।
এটাই কথা অনুসৰণ কৰিলে তেতিয়া সহজে সকলো কথাত অনুসৰণ হৈয়েই যাব। এটাই শাৰী যিটো
পিতাই নিতৌ সোঁৱৰাই দিয়ে। সেয়া স্মৃতিত আছে নহয়? নিজক আত্মা বুলি বুজি মোক পিতাক
স্মৰণ কৰা। এটাই শাৰী নহয় জানো আৰু স্মৰণ কৰোঁতা আত্মা যাৰ পিতাৰ সকলো সম্পদ
প্ৰাপ্ত হ’ল, তেওঁ সেৱা অবিহনে থাকিব নোৱাৰে কিয়নো অলেখ প্ৰাপ্তি, অক্ষয় সম্পদ।
দাতাৰ সন্তান, তেওঁ নিদিয়াকৈ থাকিব নোৱাৰে আৰু তোমালোকৰ গৰিষ্ঠসংখ্যকে উপাধি কি
পাইছা? ডবল বিদেশী। তেন্তে উপাধিয়েই ডবল। বাপদাদাও তোমালোক সকলোকে দেখি আনন্দিত হয়
আৰু সদায় আপোনাআপুনি গীত গাই থাকে যে বাঃ! মোৰ সন্তান বাঃ! ভাল কথা, ভিন্ন ভিন্ন
দেশৰ পৰা কোনখন বিমানত আহিছা? স্থূলততো যি কোনো বিমানত আহিছা কিন্তু বাপদাদাই কোনখন
বিমান দেখি আছে? অতি স্নেহৰ বিমানত নিজৰ মৰমৰ ঘৰত আহি উপস্থিত হৈছা। বাপদাদাই
প্ৰতিগৰাকী সন্তানক আজি বিশেষ এইটো বৰদান দি আছে যে হে অতি মৰমৰ সন্তানসকল, সদায়
সন্তুষ্টমণি হৈ বিশ্বত সন্তুষ্টতাৰ কিৰণ বিয়পোৱা। সন্তুষ্ট হৈ থাকা আৰু সন্তুষ্ট কৰা।
কোনো সন্তানে কয় সন্তুষ্ট হৈ থকাতো সহজ কিন্তু সন্তুষ্ট কৰা এইটো অলপ কঠিন লাগে।
বাপদাদাই জানে যদি প্ৰত্যেক আত্মাক সন্তুষ্ট কৰিব লাগে তেন্তে তাৰ বিধি বহুত সহজ
সাধন হৈছে, যদি কোনোবা তোমাৰ প্ৰতি অসন্তুষ্ট হয় বা অসন্তুষ্ট হৈ থাকে তেন্তে তেৱোঁ
অসন্তুষ্ট কিন্তু তোমালোকৰ ওপৰতো তেওঁৰ অসন্তুষ্টতাৰ প্ৰভাৱ কিছুতো পৰে নহয়। ব্যৰ্থ
সংকল্পতো চলে নহয়। যি বাপদাদাই শুভ-ভাৱনা, শুভ-কামনাৰ মন্ত্ৰ দিছে, যদি নিজেই নিজক
এই মন্ত্ৰত স্মৃতি স্বৰূপ কৰি ৰাখা তেতিয়া তোমালোকৰ ব্যৰ্থ সংকল্প নচলিব। নিজক
জানিও যে এওঁ এনেকুৱা, এওঁ তেনেকুৱা কিন্তু নিজক সদায় উৰ্দ্ধত, তেওঁৰ প্ৰকম্পনৰ পৰা
উৰ্দ্ধত আৰু পিতাৰ স্নেহী বুলি অনুভৱ কৰা। গতিকে তোমালোকৰ অনাসক্ত বোধ আৰু পিতাৰ
স্নেহী বোধৰ শ্ৰেষ্ঠ স্থিতিৰ প্ৰকম্পনে যদি সেই আত্মাটিক ঢুকিও নাপায় তেতিয়াও
বায়ুমণ্ডলত নিশ্চয় বিয়পিব। যদি কোনোবা পৰিৱৰ্তন নহয় আৰু তোমালোকৰ ভিতৰত সেই
আত্মাটিৰ প্ৰভাৱ ব্যৰ্থ সংকল্পৰ ৰূপত পৰি থাকে তেতিয়া বায়ুমণ্ডলত সকলোৰে সংকল্প
বিয়পে সেইবাবে তোমালোক উৰ্দ্ধত থাকি পিতাৰ স্নেহী হৈ সেই আত্মাটিৰো কল্যাণৰ কাৰণে
শুভ-ভাৱনা, শুভ-কামনা ৰাখা। বহু ক্ষেত্ৰত সন্তানসকলে কয় যে তেওঁ ভুল কৰিলে নহয়,
তেতিয়া ময়ো টানকৈ ক’বলগীয়া হ’ল, অলপ নিজৰ স্বভাৱো, মুখো কঠুৱা হৈ যায়। তেওঁ ভুল
কৰিলে কিন্তু তুমি যি কঠোৰতা দেখুৱালা সেয়া জানো ভুল নহয়? তেওঁ বাৰু ভুল কৰিলে, তুমি
নিজৰ মুখেৰে যি টানকৈ ক’লা, যিটোক ক্ৰোধৰ অংশ বুলি কয় তেন্তে সেইটো শুদ্ধ জানো? ভুলে
ভুল ঠিক কৰিব পাৰে জানো? আজিকালি সময় অনুসৰি নিজৰ বাণী কঠুৱা কৰা, এইটোও বিশেষ
মনোযোগ দিয়া কিয়নো টানকৈ কোৱা বা অতিষ্ঠ হৈ কোৱা, তেওঁতো সলনি নহয় কিন্তু এয়াও
দ্বিতীয় নম্বৰৰ বিকাৰৰ অংশ। কোৱা হয় – মুখেৰে বাণী এনেকৈ উচ্চাৰিত হওক যেন ফুল বৰষি
আছা। মধুৰ বাণী, হৰ্ষিত চেহেৰা, মধুৰ বৃত্তি, মধুৰ দৃষ্টি, মধুৰ সম্বন্ধ-সম্পৰ্ক
এয়াও সেৱাৰ সাধন সেইবাবে ফলাফল চোৱা যদি ধৰা কোনোবাই ভুল কৰিলে, ভুল হয় আৰু তুমি
বুজোৱাৰ লক্ষ্যৰে অন্য কোনো লক্ষ্য নাই, লক্ষ্য তোমাৰ বহুত ভাল যে এওঁক শিক্ষা দি
আছোঁ, বুজাই আছোঁ কিন্তু ফলাফলত কি দেখিবলৈ পোৱা গ’ল? তেওঁ সলনি হয়নে? আৰুহে আগলৈ,
সন্মুখত আহিবলৈ ভয় কৰে। গতিকে তুমি যি লক্ষ্য ৰাখিছা সেয়াতো পূৰা নহয় সেইবাবে নিজৰ
মনৰ সংকল্প আৰু বাণী অৰ্থাৎ বচন আৰু সম্বন্ধ-সম্পৰ্ক সদায় মধুৰ, মধুৰতা সম্পন্ন
অৰ্থাৎ মহান কৰি তোলা কিয়নো বৰ্তমান সময়ত জগতৰ লোকে বাস্তৱিক জীৱন চাবলৈ বিচাৰে, যদি
বাণীৰে সেৱা কৰা তেতিয়া বাণীৰ সেৱাৰে প্ৰভাৱিত হৈ সমীপলৈতো আহে, এইটোতো লাভ হয়
কিন্তু বাস্তৱিক জীৱনত মধুৰতা, মহানতা, শ্ৰেষ্ঠ ভাৱনা, চাল-চলন আৰু চেহেৰা দেখি
নিজেও পৰিৱৰ্তনৰ কাৰণে প্ৰেৰণা লৈ লয় আৰু যেনেকৈ আগলৈ সময় অনুসৰি পৰিস্থিতি
পৰিৱৰ্তন হ’বলৈ গৈ আছে, তেতিয়া এনেকুৱা সময়ত তোমালোক সকলোৰে চেহেৰা আৰু চলনেৰে বেছি
সেৱা কৰিবলগীয়া হ’ব সেইবাবে নিজেই নিজক পৰীক্ষা কৰা – সকলো আত্মাৰ প্ৰতি শুভ-ভাৱনা,
শুভ-কামনাৰ বৃত্তি আৰু দৃষ্টিৰ সংস্কাৰ স্বভাৱত স্বাভাৱিকভাৱে থাকেনে?
বাপদাদাই প্ৰতিগৰাকী
সন্তানক বিজয় মালাৰ মণি ৰূপত চাবলৈ বিচাৰে। তেনেহ’লে তোমালোকেও নিজক এনেকৈ ভাবানে
যে মই মালাৰ মণি হ’বলৈ গৈ আছোঁ। বহুত সন্তানে ভাবে যে 108ৰ মালাততো যিসকল নিমিত্ত
সন্তান আছে তেওঁলোকহে আহিব কিন্তু বাপদাদাই আগতেও কৈছে এয়াতো ভক্তিৰ মালাৰ 108ৰ
গায়ন কিন্তু যদি তোমালোক প্ৰত্যেকেই বিজয়ী মণি হোৱা তেন্তে বাপদাদাই মালাৰ ভিতৰত
বহুত ডোল লগাই দিব। পিতাৰ অন্তৰৰ মালাত তোমালোক প্ৰতিগৰাকী বিজয়ী সন্তানৰ স্থান আছে,
এয়া পিতাৰ প্ৰতিশ্ৰুতি। কেৱল নিজক মন-বাণী-কৰ্ম আৰু চাল-চলন, চেহেৰাত বিজয়ী কৰি তোলা।
পচন্দ হৈছেনে, হ’বানে? বাপদাদাৰ প্ৰতিশ্ৰুতি আছে বিজয় মালাৰ মণি কৰি দিব। কোন হ’বা?
(সকলোৱে হাত দাঙিলে) বাৰু, তেন্তে বাপদাদাই মালাৰ ভিতৰত মালা গাঁথিবলৈ আৰম্ভ কৰি
দিব। ডবল বিদেশীসকলৰ পচন্দ হৈছে নহয়! বিজয়ী মালাত অনাটো পিতাৰ কাম কিন্তু তোমালোকৰ
কাম হৈছে বিজয়ী হোৱা। সহজ হয় নহয় নে কঠিন? কঠিন লাগে নেকি? যাৰ কঠিন লাগে তেওঁলোকে
হাত দাঙা। লাগেনে? কম সংখ্যক, কোনো কোনো আছে। বাপদাদাই কয় – যেতিয়া বাপদাদা বুলি
কোৱা তেন্তে বাবা বুলি ক’লে জানো পিতাৰ উত্তৰাধিকাৰ নাপাবা! যেতিয়া সকলো
উত্তৰাধিকাৰৰ অধিকাৰী হোৱা আৰু কিমান সহজে পিতাই উত্তৰাধিকাৰ দিছে, চেকেণ্ডৰ কথা,
তোমালোকে মানিলা, জানিলা “মোৰ বাবা” আৰু বাবাই কি ক’লে? “মোৰ সন্তান”। তেন্তে
সন্তানতো স্বতঃ উত্তৰাধিকাৰৰ অধিকাৰী হয়। বাবা বুলি কোৱা নহয়, সকলোৱে এটাই শব্দ কোৱা
“মোৰ বাবা”। হয়নে এনেকুৱা? মোৰ বাবা হয়নে? এই ক্ষেত্ৰত হাত দাঙা। মোৰ বাবা, তেন্তে
মোৰ উত্তৰাধিকাৰ নহয় জানো? যিহেতু মোৰ বাবা তেন্তে মোৰ উত্তৰাধিকাৰো বান্ধ খাই আছে
আৰু উত্তৰাধিকাৰ কি? পিতাৰ সমান হোৱা, বিজয়ী হোৱা। বাপদাদাই দেখিছে যে ডবল
বিদেশীসকলৰ বেছিভাগে হাতে হাত ধৰি চলে। হাতে হাত দিয়া, চলা এইটো ফেশ্বন। তেন্তে
এতিয়াও পিতাই কয়, পিতা শিৱবাবাৰ হাত কি? এই হাততো নহয়, শিৱবাবাৰ হাতত ধৰিলা, তেন্তে
হাত কোনখন? শ্ৰীমত হৈছে পিতাৰ হাত। যেনেকৈ স্থূলত হাতে হাত ধৰি চলাতো পচন্দ কৰা,
তেনেকৈ শ্ৰীমত ৰূপী হাতত ধৰি চলাতো কঠিন জানো! পিতা ব্ৰহ্মাক দেখিলা, বাস্তৱিক
প্ৰমাণ দেখিলা যে প্ৰতিটো খোজত শ্ৰীমত অনুসৰি চলাৰ কাৰণে সম্পূৰ্ণ ফৰিস্তাবোধৰ
লক্ষ্যত উপনীত হৈ গ’ল নহয়! অব্যক্ত ফৰিস্তা হৈ গ’ল নহয়। গতিকে পিতাক অনুসৰণ কৰা,
প্ৰতিটো শ্ৰীমত, উঠাৰ পৰা আৰম্ভ কৰি ৰাতিলৈকে প্ৰতিটো খোজৰ শ্ৰীমত বাপদাদাই শুনাই
দিছে। কেনেকৈ উঠিবা, কেনেকৈ চলিবা, কৰ্ম কেনেকৈ কৰিবা, মনত কি কি সংকল্প কৰিবা আৰু
সময় কেনেকৈ শ্ৰেষ্ঠভাৱে অতিবাহিত কৰিবা। ৰাতি শোৱালৈকে শ্ৰীমত পাইছা। ভবাৰো প্ৰয়োজন
নাই, এইটো কৰোঁ নে নকৰোঁ, পিতা ব্ৰহ্মাক অনুসৰণ কৰা। বাপদাদাৰ গভীৰ আন্তৰিক স্নেহ
আছে, বাপদাদাই এটি সন্তানকো বিজয়ী নহ’ব, ৰজা নহ’ব, এইটো চাবলৈ নিবিচাৰে। প্ৰতিগৰাকী
সন্তান ৰজা সন্তান। স্বৰাজ্য অধিকাৰী সেইকাৰণে নিজৰ স্বৰাজ্যক পাহৰি নাযাবা। বুজিলা।
বাপদাদাই অনেকবাৰ
ইংগিত দিছে যে আকস্মিক আৰু স্পৰ্শকাতৰ সময় আহি আছে সেইকাৰণে সদাপ্ৰস্তুত,
অশৰীৰীবোধৰ অনুভৱৰ আৱশ্যক। যিমানেই ব্যস্ত নোহোৱা কিন্তু ব্যস্ত হৈও এক চেকেণ্ড
অশৰীৰী হোৱাৰ অভ্যাস এতিয়াৰ পৰাই কৰি চোৱা। তোমালোকে ক’বা মই বৰ ব্যস্ত হৈ থাকোঁ,
ধৰি লোৱা যিমানেই ব্যস্ত নোহোৱা তোমালোকৰ পিয়াহ লাগে, কি কৰিবা? পানী খাবা নহয়!
কিয়নো বুজি পোৱা যে পিয়াহ লাগিলে পানী খোৱাতো জৰুৰী। তেনেকৈ মাজে মাজে অশৰীৰী,,
আত্মিক স্থিতিত স্থিৰ হোৱাৰ অভ্যাসৰো জৰুৰী কিয়নো আগন্তুক সময়ত চাৰিওফালৰ অস্থিৰতাত
অবিচলিত স্থিতিৰ আৱশ্যকতা আছে। গতিকে এতিয়াৰ পৰা বহুকালৰ অভ্যাস নকৰিলে অতি
অস্থিৰতাৰ সময়ত অবিচলিত হৈ কেনেকৈ থাকিবা! গোটেই দিনটোত এক-দুই মিনিট উলিয়াইও
পৰীক্ষা কৰা যে সময় অনুসৰি আত্মিক স্থিতিৰ দ্বাৰা অশৰীৰী হ’ব পাৰানে? পৰীক্ষা কৰা
আৰু পৰিৱৰ্তন কৰা। কেৱল পৰীক্ষা নকৰিবা, পৰিৱৰ্তনো কৰিবা। বাৰে বাৰে এইটো অভ্যাস
পৰীক্ষা কৰিলে, পুনৰাবৃত্তি কৰিলে স্বভাৱসিদ্ধ স্থিতি হৈ যাব। বাপদাদালৈ স্নেহ আছে,
এই ক্ষেত্ৰততো সকলোৱে হাত দাঙে। আছে নহয় স্নেহ! পূৰা স্নেহ আছে, পূৰা নে আধা? আধাতো
নহয় নহয়! স্নেহ আছে তেন্তে প্ৰতিশ্ৰুতি কি? কি প্ৰতিজ্ঞা দিছা? লগত যাম? অশৰীৰী হৈ
লগত যাবা নে পিছে পিছে আহিবা? লগত যাবানে? আৰু অলপ সময় সূক্ষ্মলোকত লগত থাকিবাও আকৌ
পিতা ব্ৰহ্মাৰ লগত প্ৰথম জন্মত আহিবা। এইটো প্ৰতিশ্ৰুতি আছে নহয়? আছে নহয়! হাত
দাঙিবলৈ নকওঁ, এনেয়ে মূৰ দুপিওৱা। হাত দাঙি ভাগৰি যাবা নহয়। যিহেতু লগত যাবই লাগে,
পিছত থাকিব নালাগে তেন্তে পিতায়ো লগত কাক লৈ যাব? পিতাৰ সমান হোৱাসকলক লগত লৈ যাব।
পিতায়ো অকলে যোৱাতো পচন্দ নকৰে, সন্তানসকলৰ লগত যাব লাগে। তেনেহ’লে লগত যাবৰ কাৰণে
প্ৰস্তুত আছা নহয়! কান্ধ লৰোৱা। আছানে? সকলো যাবানে? বাৰু, সকলো যাবৰ কাৰণে
প্ৰস্তুত আছানে? যেতিয়া পিতা যাব তেতিয়া যাবা নহয়। এতিয়া নাযাওঁ, এতিয়াতো বিদেশলৈ
ঘূৰি যাব লাগিব নহয়। পিতাই আদেশ দিব, নষ্টোমোহা স্মৃতি লব্ধাৰ ঘণ্টা বজাব আৰু লগত
গুচি যাবা। তেন্তে প্ৰস্তুত আছা নহয়! স্নেহৰ চিন হৈছে লগত যোৱা। বাৰু।
বাপদাদাই প্ৰতিগৰাকী
সন্তানক দূৰৈত থকা সত্ত্বেও সমীপত অনুভৱ কৰি আছে। যেতিয়া বিজ্ঞানৰ সাধনে দূৰৈৰ বস্তু
ওচৰত আনিব পাৰে, চাব পাৰে, ক’ব পাৰে তেন্তে বাপদাদায়ো দূৰৈত বহি থকা সন্তানসকলক
সকলোতকৈ সমীপত দেখি আছে। দূৰৈত নাই, অন্তৰত সমাহিত হৈ আছা। গতিকে বাপদাদাই বিশেষ
পাল অনুসৰি অহা সন্তানসকলক নিজৰ অন্তৰত, নয়নত সমাহিত কৰি প্ৰতিগৰাকীক লগত যাওঁতা,
লগত থাকোঁতা, লগত ৰাজ্য কৰোঁতা ৰূপত চাই আছে। গতিকে আজিৰ পৰা গোটেই দিনটোত বাৰে বাৰে
কোনটো ড্ৰিল কৰিবা? এতিয়াই এক চেকেণ্ডত আত্ম-অভিমানী, নিজৰ শৰীৰক দেখিও অশৰীৰী
স্থিতিত অনাসক্ত আৰু পিতাৰ স্নেহী অনুভৱ কৰিব পাৰা নহয়! তেন্তে এতিয়া এক চেকেণ্ডত
অশৰীৰী হোৱা! বাৰু। (বাপদাদাই ড্ৰিল কৰালে) এনেকৈয়ে মাজে মাজে গোটেই দিনটোত যেনেকৈ
নহ’লেও এক চেকেণ্ড উলিয়াই এইটো অভ্যাস দৃঢ় কৰি যোৱা কিয়নো বাপদাদাই জানে আগন্তুক
সময় অতি হাহাকাৰৰ হ’ব। তোমালোক সকলোৱে শক্তিৰ কিৰণ দিব লাগিব আৰু শক্তি কিৰণ
দিওঁতেই তোমালোকৰ নিজৰ তীব্ৰ পুৰুষাৰ্থ হৈ যাব। অলপ সময়তে শক্তি কিৰণৰ দ্বাৰা সৰ্ব
শক্তি দিব লাগিব আৰু যিয়ে এনেকুৱা স্পৰ্শকাতৰ সময়ত শক্তিৰ কিৰণ দিব, যিমানক দিব,
লাগিলে বহুতক, লাগিলে কম সংখ্যক সিমানেই তেওঁলোকৰ দ্বাপৰ আৰু কলিযুগৰ ভক্ত হ’ব।
তেন্তে সংগমত প্ৰত্যেকে ভক্তও তৈয়াৰ কৰি আছা কিয়নো প্ৰদান কৰা সুখ আৰু শান্তি
তেওঁলোকৰ অন্তৰত সমাহিত হৈ যাব আৰু ভক্তিৰ ৰূপত তোমালোকক ঘূৰাই দিব। বাৰু।
চাৰিওফালৰ বাপদাদাৰ
নয়নৰ মণি, বিশ্বৰ আধাৰ আৰু উদ্ধাৰ কৰোঁতা আত্মাসকলক, মাষ্টৰ দুখ হৰ্তা, সুখ কৰ্তা,
বিশ্ব পৰিৱৰ্তক সন্তানসকলক বহুত বহুত অন্তৰৰ স্নেহ, অন্তৰৰ স্নেহসহিত স্মৰণ আৰু পদম
পদম বৰদান স্বীকাৰ কৰিবা। ভাল বাৰু।
বৰদান:
সংযুক্ত
স্বৰূপৰ স্মৃতি আৰু পদমৰ্যাদাৰ নিচাৰে কল্প কল্পৰ অধিকাৰী হোৱা
মই আৰু মোৰ বাবা –
এইটো স্মৃতিৰে সংযুক্ত হৈ থাকা তথা এইটো শ্ৰেষ্ঠ পদমৰ্যাদা যাতে সদায় স্মৃতিত থাকে
যে মই আজি ব্ৰাহ্মণ কাইলৈ দেৱতা হ’মগৈ। “আমিয়ে সেয়া আছিলোঁ, আমিয়ে সেয়া হ’মগৈ” এইটো
মন্ত্ৰ সদায় স্মৃতিত থাকিলে তেতিয়া এই নিচা আৰু আনন্দত পুৰণি জগত সহজে পাহৰি যাবা।
সদায় এইটোৱে নিচা থাকিব যে আমিয়েই কল্প কল্পৰ অধিকাৰী আত্মা। আমিয়েই আছিলোঁ, আমিয়েই
হওঁ আৰু আমিয়েই কল্প কল্প হ’মগৈ।
স্লোগান:
নিজেই নিজৰ
শিক্ষক হোৱা তেতিয়া সকলো দুৰ্বলতা স্বতঃ সমাপ্ত হৈ যাব।
অব্যক্ত সংকেত: অশৰীৰী
তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা
এনেয়েও বন্ধন কাৰো
ভাল নালাগে, কিন্তু যেতিয়া পৰৰ বশীভূত হৈ যোৱা তেতিয়া বান্ধ খাই যোৱা। গতিকে পৰীক্ষা
কৰা যে বশীভূত আত্মা হোৱা নে স্বতন্ত্ৰ? জীৱনমুক্তিৰ মজাতো এতিয়া আছে। ভৱিষ্যতে
জীৱনমুক্ত আৰু জীৱনবন্ধনৰ পাৰ্থক্য নাথাকিব। এই সময়ৰ জীৱনমুক্তৰ অনুভৱ শ্ৰেষ্ঠ।
জীৱনত আছা কিন্তু মুক্ত, বন্ধনত নাই।