11.02.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকক ভগৱানে পঢ়ায়, তোমালোকৰ জ্ঞান ৰত্ন আছে, তোমালোকে এই ৰত্নৰে বেপাৰ কৰিব লাগে,
তোমালোকে ইয়াত জ্ঞান শিকা, ভক্তি নহয়"
প্ৰশ্ন:
মনুষ্যই
ড্ৰামাৰ কোনটো বিস্ময়কৰ কথাক ভগৱানৰ লীলা বুলি বুজি তাৰ গুণ-গান কৰে?
উত্তৰ:
যিয়ে যাৰ প্ৰতি ভাৱনা ৰাখে, তেওঁৰ তাৰ সাক্ষাৎকাৰ হৈ যায় গতিকে ভাবে যে এয়া ভগৱানে
সাক্ষাৎকাৰ কৰালে কিন্তু সকলো ড্ৰামাৰ অনুসৰিয়ে হয়। এফালে ভগৱানৰ গুণ-গান কৰে আনফালে
সৰ্বব্যাপি বুলি কৈ গ্লানি কৰি দিয়ে।
ওঁম্শান্তি।
ভগৱানুবাচ -
সন্তানসকলক এয়াতো বুজোৱা হৈছে যে মনুষ্যক বা দেৱতাক ভগৱান বুলি কোৱা নহয়। গায়নো কৰে
ব্ৰহ্মা দেৱতায়ে নমঃ, বিষ্ণু দেৱতায়ে নমঃ, শংকৰ দেৱতায়ে নমঃ আকৌ শিৱ পৰমাত্মায়ে নমঃ
বুলি কোৱা হয়। এইটোও তোমালোকে জানা শিৱৰ নিজৰ শৰীৰ নাই। মূলধামত শিৱবাবা আৰু
শালগ্ৰাম থাকে। সন্তানসকলে জানে যে এতিয়া আমাক আত্মাসকলক পিতাই পঢ়াই আছে অন্য যিবোৰ
সৎসংগ আছে বাস্তৱত সেয়া কোনো সত্যৰ সংগ নহয়। পিতাই কয় - সেয়াতো মায়াৰ সংগ। তাত এনেকৈ
কোনেও নুবুজে যে আমাক ভগৱানে পঢ়ায়। ‘গীতা’ও যদি শুনে তেতিয়া শ্ৰীকৃষ্ণ ভগৱানুবাচ
বুলি বুজিব। দিনে-প্ৰতিদিনে ‘গীতা’ৰ অভ্যাস কম হৈ যায় কিয়নো নিজৰ ধৰ্মকেই নাজানে।
শ্ৰীকৃষ্ণৰ প্ৰতিতো সকলোৰে স্নেহ আছে, শ্ৰীকৃষ্ণকেই দোলায়। এতিয়া তোমালোকে বুজি পোৱা
আমি কাক দোলাম? শিশুক দোলোৱা হয়, পিতাকতো দোলাব নোৱাৰি। তোমালোকে শিৱবাবাক দোলাবা?
তেওঁ বালকতো নহয়, পুনৰ্জন্মত নাহে। তেওঁতো বিন্দু, তেওঁক কি দোলাবা। বহুতৰে
শ্ৰীকৃষ্ণৰ সাক্ষাৎকাৰ হয়। শ্ৰীকৃষ্ণৰ মুখততো গোটেই বিশ্ব আছে কিয়নো বিশ্বৰ মালিক
হয়। গতিকে বিশ্বৰূপী মাখন। তেওঁলোকে যিয়ে নিজৰ মাজত যুদ্ধ লাগে সেয়াও সৃষ্টি ৰূপী
মাখনৰ কাৰণে যুদ্ধ কৰে। ভাবে যে আমি বিজয়ী হৈ যাম। শ্ৰীকৃষ্ণৰ মুখত মাখনৰ গোলক (গোলাকাৰ
সৃষ্টি) দেখুৱায়, এয়াও অনেক প্ৰকাৰৰ সাক্ষাৎকাৰ হয়। কিন্তু অৰ্থ একোৱেই বুজি নাপায়।
ইয়াত তোমালোকক সাক্ষাৎকাৰৰ অৰ্থ বুজোৱা হয়। মনুষ্যই ভাবে আমাক ভগৱানে সাক্ষাৎকাৰ
কৰায়। এয়াও পিতাই বুজায় - যাক স্মৰণ কৰে, ধৰি লোৱা কোনোবাই শ্ৰীকৃষ্ণৰ ঐকান্তিক
ভক্তি কৰে তেন্তে অলপ সময়ৰ কাৰণে তেওঁৰ মনোকামনা পূৰ্ণ হয় । এয়াও ড্ৰামাত নিৰ্ধাৰিত
হৈ আছে। এয়াতো ভৱানৰ গুণ-গান কৰে যে ভগৱানে সাক্ষাৎকাৰ কৰায়। এফালে ইমান গুণ-গানো
কৰে আনফালে আকৌ কৈ দিয়ে পাথৰ শিলগুটি সকলোতে ভগৱান আছে। কিমান অন্ধশ্ৰদ্ধাৰ ভক্তি
কৰে। এনেকৈ ভাবে – বচ্ শ্ৰীকৃষ্ণৰ সাক্ষাৎকাৰ হ’ল, কৃষ্ণপুৰীলৈ মই নিশ্চয় যাম।
কিন্তু কৃষ্ণপুৰী আহিল ক’ৰ পৰা? এই সকলো ৰহস্য পিতাই এতিয়া তোমালোক সন্তানসকলক
বুজায়। কৃষ্ণপুৰীৰ স্থাপনা হৈ আছে। এয়া হ'ল কংসপুৰী। কংস, অকাসুৰ, বকাসুৰ,
কুম্ভকৰ্ণ, ৰাৱণ এয়া সকলোবোৰ অসুৰৰ নাম। শাস্ত্ৰত কি কি লিখিছে।
এয়াও বুজাব লাগে যে
গুৰু দুই প্ৰকাৰৰ। এবিধ হৈছে ভক্তিমাৰ্গৰ, তেওঁ ভক্তিহে শিকায়। এই পিতাতো হৈছে
জ্ঞানৰ সাগৰ, এওঁক সৎগুৰু বুলি কোৱা হয়। এওঁ কেতিয়াও ভক্তি নিশিকায়, জ্ঞানহে শিকায়।
মনুষ্যতো ভক্তিত কিমান আনন্দিত হয়, শংখ বজায়, তোমালোকে বাৰানসীত দেখিবা সকলো দেৱতাৰ
মন্দিৰ সাজি দিছে। এই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ বেপাৰ, ভক্তিৰ বেপাৰ। তোমালোক
সন্তানসকলৰ বেপাৰ হৈছে জ্ঞান ৰত্নৰ, ইয়াকো বেপাৰ বুলি কোৱা হয়। পিতাও ৰত্নৰ বেপাৰী।
তোমালোকে বুজি পোৱা এয়া কেনেধৰণৰ ৰত্ন! এই কথাবোৰ তেওঁলোকেহে বুজিব যিয়ে কল্প পূৰ্বে
বুজিছিল, অন্যই নুবুজিব। যিসকল ডাঙৰ ডাঙৰ ব্যক্তি আছে শেষৰ ফালে আহি তেওঁলোকে বুজিব।
ধৰ্মান্তৰিতও হৈছে নহয়। এজন ৰজা জনকৰ কথা শুনায়। জনক আকৌ অনুজনক হ’ল (চেকেণ্ডত
জীৱনমুক্তি পালে)। যেনেকৈ কাৰোবাৰ নাম শ্ৰীকৃষ্ণ হ’লে তেতিয়া কয় - তুমি অনু (প্ৰথমজন)
দৈৱী শ্ৰীকৃষ্ণ হ'বাগৈ। ক'ত সেয়া সৰ্বগুণ সম্পন্ন শ্ৰীকৃষ্ণ, ক'ত এয়া! কাৰোবাৰ নাম
লক্ষ্মী আৰু এই লক্ষ্মী-নাৰায়ণৰ আগত গৈ মহিমা গায়। এইটো জানো বুজি পায় যে তেওঁলোকৰ
আৰু আমাৰ মাজত পাৰ্থক্য কিয় হ’ল? এতিয়া তোমালোক সন্তানসকলে জ্ঞান পাইছা, এই সৃষ্টি
চক্ৰ কেনেকৈ ঘূৰে? তোমালোকেই 84 জন্ম ল’বা। এই চক্ৰ অনেক বাৰ ঘূৰিছে। কেতিয়াও বন্ধ
হ’ব নোৱাৰে। তোমালোক এই নাটকৰ ভাৱৰীয়া। মনুষ্যই ইমানখিনি নিশ্চয় বুজি পায় যে আমি এই
নাটকত ভূমিকা পালন কৰিবলৈ আহিছোঁ। বাকী ড্ৰামাৰ আদি-মধ্য-অন্তক নাজানে।
তোমালোক সন্তানসকলে
জানা যে আমাৰ আত্মাসকলৰ থকা স্থান একেবাৰে ওপৰত। তাত সূৰ্য-চন্দ্ৰৰো ৰশ্মি নাথাকে।
আচলতে এয়া সকলো বুজা সন্তানসকল বেছিভাগ ক্ষেত্ৰতে সাধাৰণ গৰিবসকলেই হয় কিয়নো ভাৰতেই
সকলোতকৈ চহকী আছিল, এতিয়া ভাৰতেই সকলোতকৈ গৰিব হৈছে। গোটেই খেলখন ভাৰতক লৈয়ে। ভাৰতৰ
দৰে পৱিত্ৰ অন্য কোনো খণ্ড নাথাকে। পৱিত্ৰ সৃষ্টিত পৱিত্ৰ খণ্ড থাকে, অন্য কোনো
খণ্ড তাত নাথাকেই। পিতাই বুজাইছে - এই গোটেই সৃষ্টিখন এটা বেহদৰ দ্বীপ। যেনেকৈ লংকা
দ্বীপ আছে। তেনেকৈ দেখুৱায় যে ৰাৱণ লংকাত আছিল। এতিয়া তোমালোকে বুজি পোৱা ৰাৱণৰ
ৰাজ্যতো গোটেই বেহদৰ লংকাত আছে। এই গোটেই সৃষ্টি সমুদ্ৰৰ ওপৰত থিয় হৈ আছে। এয়া হৈছে
দ্বীপ। ইয়াত ৰাৱণৰ ৰাজ্য। ইয়াত সকলো সীতা ৰাৱণৰ কাৰাগাৰত আছে। তেওঁলোকেতো হদৰ কথা
কৰি পেলালে। হওঁতে এই সকলোবোৰ বেহদৰ কথা। বেহদৰ নাটক, তাতেই আকৌ চুটি চুটি নাটক ৰচনা
কৰিছে। এই চিনেমা আদিও এতিয়া ৰচনা কৰিছে, গতিকে পিতাৰো বুজোৱাত সহজ হয়। বেহদৰ গোটেই
ড্ৰামা তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। মূললোক, সূক্ষ্মলোক অন্য কাৰো বুদ্ধিত
থাকিব নোৱাৰে। তোমালোকে জানা যে আমি আত্মাসকল মূললোকৰ নিবাসী। দেৱতাসকল সূক্ষ্মলোকৰ
নিবাসী, তেওঁলোকক ফৰিস্তা বুলিও কোৱা হয়। তাত হাড়-মঙহৰ পিঞ্জৰা নাথাকে। এই
সূক্ষ্মলোকৰ ভূমিকাও অলপ সময়ৰ কাৰণে। তোমালোকে এতিয়া অহা-যোৱা কৰি থাকা পাছত আৰু
কেতিয়াও নোযোৱা। তোমালোক সন্তানসকল যেতিয়া মূললোকৰ পৰা আহা তেতিয়া সূক্ষ্মলোক হৈ
নাহা, চিধা আহা। এতিয়া সূক্ষ্মলোক হৈ যোৱা। এতিয়া সূক্ষ্মলোকৰ ভূমিকা আছে। এই সকলো
ৰহস্য সন্তানসকলক বুজায়। পিতাই জানে যে তেওঁ আমাক আত্মাসকলক বুজাই আছে। সাধু-সন্ত
আদি কোনেও এই কথাবোৰ নাজানে। তেওঁলোকে কেতিয়াও এনেকুৱা কথা ক’ব নোৱাৰে। পিতাইহে
সন্তানসকলৰ সৈতে বাৰ্তালাপ কৰে। কৰ্মেন্দ্ৰিয় অবিহনেতো বাৰ্তালাপ কৰিব নোৱাৰে। এনেকৈ
কয় - মই এই শৰীৰৰ আধাৰ লৈ তোমালোক সন্তানসকলক পঢ়াওঁ। তোমালোক সন্তানসকলৰ দৃষ্টিও
পিতাৰ ফালে গুচি যায়। এয়া সকলো নতুন কথা। নিৰাকাৰ পিতা, তেওঁৰ নাম হ'ল শিৱবাবা।
তোমালোক আত্মাসকলৰ নামতো আত্মাই হয়। তোমালোকৰ শৰীৰৰ নাম সলনি হয়। মনুষ্যই কয় -
পৰমাত্মা নাম-ৰূপৰ পৰা উপৰাম, কিন্তু নাম ‘শিৱ’ বুলি কয় নহয়। শিৱৰ পূজাও কৰে। ভাবে
এটা, কৰে অন্য এটা। এতিয়া তোমালোকে পিতাৰ নাম-ৰূপ, দেশ-কালকো জানি গৈছা। তোমালোকে
জানা যে নাম-ৰূপ নথকা কোনো বস্তু থাকিব নোৱাৰে। এয়াও অতি সূক্ষ্ম বুজিবলগীয়া কথা।
পিতাই বুজায় - গোৱাও হয় ছেকেণ্ডত জীৱনমুক্তি অৰ্থাৎ মনুষ্য নৰৰ পৰা নাৰায়ণ হ’ব পাৰে।
যিহেতু পিতা স্বৰ্গ স্থাপনা কৰা ঈশ্বৰ পিতা, আমি তেওঁৰ সন্তান হৈছোঁ তেতিয়াও
স্বৰ্গৰ মালিক হ’লোঁ। কিন্তু এইটোও বুজি নাপায়। পিতাই কয়- সন্তানসকল, তোমালোকৰ
লক্ষ্য-উদ্দেশ্য হৈছে এয়া, নৰৰ পৰা নাৰায়ণ হোৱা। ৰাজযোগ নহয় জানো। বহুতৰে চতুৰ্ভুজৰ
সাক্ষাৎকাৰ হয়, ইয়াৰ পৰা সিদ্ধ হয় যে আমি বিষ্ণুপুৰীৰ মালিক হ'বলৈ গৈ আছোঁ। তোমালোকে
গম পাইছা - স্বৰ্গতো লক্ষ্মী-নাৰায়ণৰ সিংহাসনৰ পাচফালে বিষ্ণুৰ চিত্ৰ ৰাখে অৰ্থাৎ
বিষ্ণুপুৰীত এওঁলোকৰ ৰাজত্ব চলে। এই লক্ষ্মী-নাৰায়ণ হৈছে বিষ্ণুপুৰীৰ মালিক। সেইখন
হৈছে কৃষ্ণপুৰী, এইখন হৈছে কংসপুৰী। ড্ৰামা অনুসৰি এই নামবোৰো ৰখা হৈছে। পিতাই
বুজায় - মোৰ ৰূপ অতি সূক্ষ্ম। কোনেও জানিব নোৱাৰে। এনেকৈ কয় যে আত্মা এটা তৰা কিন্তু
আকৌ লিঙ্গ সাজি দিয়ে। নহ'লে পূজা কেনেকৈ হ'ব। ৰুদ্ৰ যজ্ঞ ৰচিলে তেতিয়া আঙুলিৰ দৰে
শালগ্ৰাম সাজে। আনফালে আত্মাক আচৰিত তৰা বুলি কয়। আত্মাক চাবলৈ বহুত চেষ্টা কৰে
কিন্তু কোনেও দেখা নাপায়। ৰামকৃষ্ণ, বিবেকানন্দৰ কথাও কয় যে তেওঁ (বিবেকানন্দই)
দেখিলে আত্মা তেওঁৰ (ৰামকৃষ্ণৰ) পৰা ওলাই মোৰ তাত সমাহিত হৈ গ’ল। এতিয়া তেওঁ কাৰ
সাক্ষাৎকাৰ কৰিলে? আত্মা আৰু পৰমাত্মাৰ ৰূপটো একেই। বিন্দু দেখিলে, কিন্তু একো বুজি
নাপালে। আত্মাৰ সাক্ষাৎকাৰতো কোনেও নিবিচাৰে। ইচ্ছা ৰাখে যে পৰমাত্মাৰ সাক্ষাৎকাৰ
হওঁক। তেওঁলোক বহি আছিল যাতে গুৰুৰ দ্বাৰা পৰমাত্মাৰ সাক্ষাৎকাৰ কৰিব পাৰে। কেৱল কৈ
দিলে জ্যোতি আছিল যি মোৰ মাজত সমাহিত হৈ গ'ল। তাতেই তেওঁ বহুত আনন্দিত হৈ গ’ল।
ভাবিলে যে এয়া পৰমাত্মাৰ ৰূপ। গুৰুৰ ভগৱানক সাক্ষাৎকাৰ কৰাৰ ভাৱনা থাকে। একোৱে বুজি
নাপায়। ভক্তিমাৰ্গত বুজাবই বা কোনে? এতিয়া পিতাই বহি বুজায় - যিটো ৰূপত যেনেকুৱা
ভাৱনা ৰাখে, যি চেহেৰা দেখে, তাৰ সাক্ষাৎকাৰ হৈ যায়। যেনেকৈ গণেশৰ বহুত পূজা কৰিলে
তেতিয়া তেওঁৰ চৈতন্য ৰূপত সাক্ষাৎকাৰ হৈ যায়। নহ’লে তেওঁলোকৰ নিশ্চয় কেনেকৈ জন্মিব?
তেজোময় ৰূপ দেখি বুজে যে মই ভগৱানৰ সাক্ষাৎকাৰ কৰিলোঁ। তাতেই আনন্দিত হৈ যায়। এয়া
সকলো হৈছে ভক্তিমাৰ্গ, অৱৰোহণ কলা। প্ৰথম জন্ম ভাল হয় আৰু তাৰপাছত কমি কমি অন্ত আহি
যায়। সন্তানসকলেহে এই কথাবোৰ বুজে, যাক কল্প পূৰ্বে জ্ঞান বুজাইছিল তেওঁলোককে এতিয়া
বুজাই আছে। কল্প পূৰ্বৰসকলেই আহিব, বাকী অন্যসকলৰতো ধৰ্মই বেলেগ। পিতাই বুজায় -
প্ৰতিখন চিত্ৰত ‘ভগৱানুবাচ’ বুলি লিখি দিয়া। বহুত যুক্তিৰে বুজাবলগীয়া হয়।
ভগৱানুবাচ নহয় জানো - যাদৱ, কৌৰৱ আৰু পাণ্ডৱে কি কৰিছিল, তাৰেই এয়া চিত্ৰ।
তোমালোকে তেওঁলোকক
সোধা – আপুনি কওঁকচোন নিজৰ পিতাক জানেনে? যদি নাজানে তেন্তে পিতাৰ সৈতে প্ৰীতি নাই,
গতিকে অপ্ৰীতিকৰ বুদ্ধিৰ হ’ল। পিতাৰ সৈতে প্ৰীতি নাথাকিলে বিনাশ হৈ যাব। প্ৰীতি
বুদ্ধিৰ বিজয়ন্তী, সত্যমেৱ জয়তে - ইয়াৰ অৰ্থও সঠিক। পিতাৰ স্মৃতিয়ে যদি নাই তেন্তে
বিজয় প্ৰাপ্ত কৰিব নোৱাৰিব।
এতিয়া তোমালোকে সিদ্ধ
কৰি শুনোৱা – ‘গীতা’ শিৱ ভগৱানে শুনাইছে। তেৱেঁই ব্ৰহ্মাৰ দ্বাৰা ৰাজযোগ শিকালে।
এওঁলোকেতো শ্ৰীকৃষ্ণ ভগৱানৰ ‘গীতা’ বুলি ভাবি শপত খায়। তেওঁলোকক সুধিব লাগে -
শ্ৰীকৃষ্ণক ইয়াত বিৰাজমান বুলি ভাবিব লাগে নে ভগৱানক? এনেকৈ কয় - ঈশ্বৰক ইয়াত
বিৰাজমান বুলি বুজি সঁচা কথা কোৱা। বিভ্ৰান্তিৰ কথা হৈ নগ’ল জানো। তেতিয়াহ’লে শপতো
মিছা হৈ যায়। সেৱাধাৰী সন্তানসকলৰ গুপ্ত নিচা থাকিব লাগে। নিচাত বুজালে তেতিয়া সফলতা
পাবা। তোমালোকৰ এই পঢ়াও গুপ্ত, পঢ়াওঁতাজনো গুপ্ত। তোমালোকে জানা যে আমি নতুন
সৃষ্টিত গৈ এনেকুৱা হ’মগৈ। মহাভাৰতৰ যুদ্ধৰ পাছত নতুন সৃষ্টি স্থাপনা হয়। সন্তানসকলে
এতিয়া জ্ঞান পাইছে। সেয়াও ক্ৰমানুসৰি ধাৰণা কৰে। যোগতো ক্ৰমানুসৰি থাকে। এইটোও
পৰীক্ষা কৰিব লাগে - মই কিমান সময় স্মৃতিত থাকোঁ? পিতাই কয় - তোমালোকৰ এতিয়াৰ এই
পুৰুষাৰ্থ ভৱিষ্যতৰ 21 জন্মৰ বাবে হৈ যাব। এতিয়া অকৃতকাৰ্য হ’লে তেন্তে
কল্প-কল্পান্তৰ অকৃতকাৰ্য হৈ থাকিবা, উচ্চ পদ পাব নোৱাৰিবা। উচ্চ পদ পাবলৈ
পুৰুষাৰ্থ কৰিব লাগে। এনেকুৱাও কিছুমান সেৱাকেন্দ্ৰলৈ আহে যি বিকাৰত গৈ থাকে আকৌ
সেৱাকেন্দ্ৰলৈ আহি থাকে। এনেকৈ ভাবে যে ঈশ্বৰেতো সকলো দেখে, জানে। এতিয়া পিতাৰ কি
প্ৰয়োজন যে বহি সেয়া চাই থাকিব। তোমালোকে মিছা মাতিবা, বিকৰ্ম কৰিবা তেতিয়া নিজৰেই
লোকচান কৰিবা। এয়াতো তোমালোকেও বুজি পোৱা, ক’লা মুখ কৰিলে উচ্চ পদ পাব নোৱাৰিম।
তেন্তে পিতাই জানিলেও কথাতো একেটাই হ’ল। তেওঁৰ কি দৰকাৰ পৰিছে। নিজৰ অন্তৰ দগ্ধ হোৱা
উচিত, অনুভৱ হোৱা উচিত - এনেকুৱা কৰ্ম কৰিলে মোৰ দুৰ্গতিহে হ’ব। পিতাই কিয় ক’ব লাগে?
অৱশ্যে হয় ড্ৰামাত থাকিলে তেতিয়া কয়ো। পিতাৰ পৰা লুকুৱা মানে নিজৰ সৰ্বনাশ কৰা।
পাৱন হ’বলৈ পিতাক স্মৰণ কৰিব লাগে, তোমালোকৰ এইটোৱে চিন্তা থাকিব লাগে যে মই যাতে
ভালদৰে পঢ়ি উচ্চ পদ পাওঁ। কোনোবা মৰিছে বা জীয়াই আছে, তাৰ চিন্তা কৰিব নালাগে।
চিন্তা থাকিব লাগে যে পিতাৰ পৰা উত্তৰাধিকাৰ কেনেকৈ লওঁ? সেয়েহে যিকোনো লোককে চমুকৈ
বুজাব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) গুপ্ত
নিচাত থাকি সেৱা কৰিব লাগে। এনেকুৱা কোনো কৰ্ম কৰিব নালাগে যাৰ যাবে অন্তৰ দহি থাকে।
নিজক পৰীক্ষা কৰিব লাগে যে মই কিমান স্মৃতিত থাকোঁ?
(2) সদায় এইটোৱে
চিন্তা থাকিব লাগে যে মই যাতে ভালকৈ পঢ়ি উচ্চ পদ পাওঁ। কোনো বিকৰ্ম কৰি, মিছা কথা
কৈ নিজৰ লোকচান কৰিব নালাগে।
বৰদান:
‘মনমনাভৱ’
মহামন্ত্ৰৰ দ্বাৰা সকলো দুখৰ পৰা নিলগত থাকোঁতা সদায় সুখ স্বৰূপ হোৱা
যেতিয়া কোনো প্ৰকাৰৰ
দুখ আহে তেতিয়া মন্ত্ৰ লৈ লোৱা যাৰ দ্বাৰা দুখ দূৰ হৈ যাব। সপোনতো অলপো যাতে দুখৰ
অনুভৱ নহয়, দেহৰ বেমাৰ হৈ যাওঁক, ধন তল-ওপৰ হৈ যাওঁক, যিয়েই নহওঁক কিন্তু ভিতৰত
দুখৰ লহৰ আহিব নালাগে। যেনেকৈ সাগৰত লহৰ আহে আৰু গুচি যায় কিন্তু যিসকলে লহৰত খেলিব
জানে তেওঁ তাতো সুখৰ অনুভৱ কৰে, জাপ মাৰি লহৰ এনেকৈ পাৰ হৈ যায় যেন খেলি আছে। গতিকে
সাগৰৰ সন্তান সুখ স্বৰূপ হোৱা, দুখৰ লহৰো যাতে নাহে।
স্লোগান:
প্ৰতিটো সংকল্পত দৃঢ়তাৰ বিশেষত্ব ব্যৱহাৰিক জীৱনত আনা তেতিয়া প্ৰত্যক্ষতা হৈ যাব।
একান্তপ্ৰিয় হ’বলৈ,
একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
স্ব-উন্নতিত, সেৱাৰ
উন্নতিত এজনে ক’লে, আনজনে সন্মতি জনালে, তেনেকৈ সদায় একতা আৰু দৃঢ়তাৰে আগবাঢ়ি যোৱা।
যেনেকৈ দাদীসকলৰ একতা আৰু দৃঢ়তাৰ সংগঠন মজবুত, তেনেকৈ আদি সেৱাৰ ৰত্নসকলৰ সংগঠন
মজবুত হওঁক, ইয়াৰ অতি আৱশ্যকতা আছে।