11.03.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতা আহিছে তোমালোক সন্তানসকলক সুখ আৰু বিশ্ৰামৰ জগতলৈ লৈ যাবলৈ, বিশ্ৰাম শান্তিধাম আৰু সুখধামতহে আছে”

প্ৰশ্ন:
এই যুদ্ধক্ষেত্ৰত মায়াই প্ৰথম আক্ৰমণ কোনটো কথাত কৰে?

উত্তৰ:
নিশ্চয়তাৰ ওপৰত। আগবাঢ়ি গৈ থাকোঁতে নিশ্চয় নোহোৱা কৰি দিয়ে সেয়েহে পৰাজিত হৈ যায়। যদি দৃঢ় নিশ্চয় থাকে যে যিজন পিতা সকলোৰে দুখ হৰণ কৰি সুখ দিওঁতা হয়, তেৱেঁই আমাক শ্ৰীমত দি আছে, আদি-মধ্য-অন্তৰ জ্ঞান শুনাই আছে, তেতিয়া কেতিয়াও মায়াৰ হাতত পৰাজিত হ’ব নোৱাৰে।

গীত:
ইচ্ পাপ কি দুনীয়া চে….. (এই পাপৰ জগতৰ পৰা…..)

ওঁম্শান্তি।
অন্য ক’ৰবালৈ লৈ ব’লা…. এনেকৈ কাক কয়, তেওঁ কেনেকৈ লৈ যায় - সেয়া এইখন জগতত কোনেও নাজানে। তোমালোক ব্ৰাহ্মণ কুল ভূষণসকলে পুৰুষাৰ্থৰ ক্ৰমানুসৰি জানা। তোমালোক সন্তানসকলে জানা যে এই শৰীৰত যিজনে প্ৰৱেশ কৰিছে, যিজনে আমাক নিজৰ আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনাই আছে তেওঁ সকলোৰে দুখ হৰণ কৰি সকলোকে সুখদায়ী কৰি আছে। এয়া কোনো নতুন কথা নহয়। পিতা কল্পই কল্পই আহে, সকলোকে শ্ৰীমত দি আছে। সন্তানসকলে জানে পিতাও সেইজনেই, আমিও সেইসকলেই। তোমালোক সন্তানসকলৰ এইটো নিশ্চয়তা থকা উচিত। পিতাই কয় - মই সন্তানসকলক সুখধাম, শান্তিধামলৈ লৈ যাবলৈ আহিছোঁ। কিন্তু মায়াই নিশ্চয় হ’বলৈ নিদিয়ে। সুখধামলৈ গৈ থাকোঁতে আকৌ পৰাজিত কৰি দিয়ে। এয়া যুদ্ধক্ষেত্ৰ হয় নহয়। সেই যুদ্ধ হৈছে বাহুবলৰ, এয়া হৈছে যোগবলৰ। যোগবল অতি প্ৰসিদ্ধ, সেয়েহে সকলোৱে যোগ যোগ বুলি কৈ থাকে। তোমালোকে এই যোগ এবাৰেই শিকা। বাকী তেওঁলোকে অনেক প্ৰকাৰৰ হঠযোগ শিকায়। এয়া তেওঁলোকে নাজানে যে পিতা কেনেকৈ আহি যোগ শিকায়। তেওঁলোকেতো প্ৰাচীন যোগ শিকাব নোৱাৰে। তোমালোক সন্তানসকলে ভালদৰে জানা যে এয়া সেইজন পিতাই ৰাজযোগ শিকাই আছে, যাক স্মৰণ কৰে - হে পতিত-পাৱন আহক। এনেকুৱা ঠাইলৈ লৈ ব’লক য’ত বিশ্ৰাম আছে। বিশ্ৰাম শান্তিধাম আৰু সুখধামতহে আছে। দুখধামত বিশ্ৰাম ক’ৰ পৰা আহিল? বিশ্ৰাম নাই সেইবাবেতো ড্ৰামা অনুসৰি পিতা আহে, এয়া হৈছে দুখধাম। ইয়াত দুখেই দুখ। দুখৰ পাহাৰ খহিব। যিমানেই ধনৱান নহওঁক বা যিয়েই নাথাকক, কিবা নহয় কিবা এটা দুখ নিশ্চয় থাকে। তোমালোক সন্তানসকলে জানা যে আমি অতি মৰমৰ পিতাৰ সংগত বহি আছোঁ, যিজন পিতাৰ এতিয়া আগমন হৈছে। ড্ৰামাৰ ৰহস্যও এতিয়া তোমালোকে জানা। পিতাৰ এতিয়া আগমন হৈছে আমাক লগত লৈ যাব। পিতাই আমাক আত্মাসকলক কয় কিয়নো তেওঁ আমাৰ আত্মাসকলৰ পিতা হয় নহয়। যাৰ বাবে গায়ন আছে – আত্মাসকল আৰু পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল… শান্তিধামত সকলো আত্মা একেলগে থাকে। এতিয়া পিতাতো আহিল বাকী যি অলপ তাত আছে, তেওঁলোকো ওপৰৰ পৰা তললৈ আহি থাকে। ইয়াত তোমালোকক পিতাই কিমান কথা বুজায়। ঘৰলৈ যোৱাৰ লগে লগে তোমালোকে পাহৰি যোৱা। হওঁতে বৰ সহজ কথা আৰু পিতা যিজন সকলোৰে সুখদাতা, শান্তিদাতা তেওঁ বহি সন্তানসকলক বুজায়। তোমালোক সংখ্যাত কিমান তাকৰ। লাহে লাহে বৃদ্ধি হৈ যাব। তোমালোকৰ পিতাৰ প্ৰতি গুপ্ত স্নেহ আছে। য’তেই নাথাকা কিয়, তোমালোকৰ বুদ্ধিত থাকিব - পিতা মধুবনত বহি আছে। পিতাই কয় - মোক তাত (মূললোকত) স্মৰণ কৰিবা। তোমালোকৰো নিবাস স্থান তাতেই গতিকে নিশ্চয় পিতাক স্মৰণ কৰিবা, যাৰ কাৰণে কয় - আপুনি মাতা-পিতা। তেওঁ যথাযথ এতিয়া তোমালোকৰ ওচৰলৈ আহিছে। পিতাই কয় - মই তোমালোকক লৈ যাবলৈ আহিছোঁ। ৰাৱণে তোমালোকক পতিত তমোপ্ৰধান কৰিলে, এতিয়া সতোপ্ৰধান পাৱন হ’ব লাগে। পতিত কেনেকৈ যাব পাৰিব। পৱিত্ৰতো নিশ্চয় হ’ব লাগে। এতিয়া এজনো মনুষ্য সতোপ্ৰধান নহয়। এইখন হৈছে তমোপ্ৰধান সৃষ্টি। এয়া মনুষ্যৰে কথা। মনুষ্যৰ বাবেই সতোপ্ৰধান, সতো, ৰজো, তমোৰ ৰহস্য বুজোৱা হয়। পিতাই সন্তানসকলকহে বুজায়। এয়াতো বহুত সহজ। তোমালোক আত্মাসকল নিজৰ ঘৰত আছিলা। তাততো সকলো পাৱন আত্মা থাকে। অপৱিত্ৰতো থাকিব নোৱাৰে। সেইখনৰ নামেই হৈছে মুক্তিধাম। এতিয়া তোমালোকক পিতাই পাৱন কৰি পঠিয়াই দিয়ে। পুনৰ তোমালোক ভূমিকা পালন কৰিবলৈ সুখধামলৈ আহা। সতো, ৰজো, তমোত তোমালোকেই আহা।

আহ্বানো জনায় - বাবা আমাক তালৈ লৈ ব’লক য’ত বিশ্ৰাম আছে। সাধু-সন্ত আদি কোনেও এইটো গম নাপায় যে শান্তি ক’ত পাব পাৰি? এতিয়া তোমালোক সন্তানসকলে জানা যে আমি সুখ-শান্তিৰ বিশ্ৰাম ক'ত পাম। বাবাই এতিয়া আমাক 21 জন্মৰ কাৰণে সুখ দিবলৈ আহিছে। বাকী যিসকল পাছত আহে তেওঁলোক সকলোকে মুক্তি দিবলৈ আহিছে। দেৰিকৈ যিসকল আহে তেওঁলোকৰ ভূমিকাই কম। তোমালোকৰ ভূমিকা সকলোতকৈ বেছি। তোমালোকে জানা যে আমি 84 জন্মৰ ভূমিকা পালন কৰি এতিয়া পূৰা কৰিলোঁ। এতিয়া চক্ৰ পূৰা হ'ল। গোটেই পুৰণি বৃক্ষজোপা পূৰা হৈ যাব। এতিয়া তোমালোকৰ এই গুপ্ত চৰকাৰে দৈৱী বৃক্ষৰ পুলি ৰোপণ কৰি আছে। তেওঁলোকেতো জংঘলী বৃক্ষৰ পুলি ৰোপণ কৰি থাকে। ইয়াত পিতাই কাঁইটৰ পৰা পৰিৱৰ্তন কৰি দৈৱী ফুলৰ বৃক্ষ ৰোপণ কৰি আছে। সেয়াও চৰকাৰ, এয়াও গুপ্ত চৰকাৰ। সেইখন চৰকাৰে কি কৰে আৰু এইখন চৰকাৰে কি কৰে! পাৰ্থক্য চোৱা কিমান। তেওঁলোকে একোৱেই বুজি নাপায়। বৃক্ষৰ পুলি ৰোপণ কৰি থাকে, সেই জংঘলী বৃক্ষতো অনেক প্ৰকাৰৰ আছে। কোনোবাই কিবা কোনোবাই আন কিবা বৃক্ষৰ পুলি ৰোপণ কৰে। এতিয়া তোমালোক সন্তানসকলক পিতাই পুনৰ দেৱতা কৰি গঢ়ি আছে। তোমালোক সতোপ্ৰধান দেৱতা আছিলা আকৌ 84ৰ চক্ৰ পৰিক্ৰমা কৰি তমোপ্ৰধান হ'লা। কোনোবা সদায় সতোপ্ৰধান হৈ থাকিব, এয়া হ'ব নোৱাৰে। প্ৰতিটো বস্তুৱেই নতুনৰ পৰা পুৰণা হয়। তোমালোক 24 কেৰেট সোণ আছিলা, এতিয়া 9 কেৰেট সোণৰ অলংকাৰ হৈ গ'লা, পুনৰ 24 কেৰেট হ’ব লাগে। আত্মাসকল এনেকুৱা হৈ গৈছে নহয়। যেনেকুৱা সোণ তেনেকুৱাই অলংকাৰ হয়। এতিয়া সকলো ক’লা শ্যামবৰণীয়া হৈ গৈছে। সন্মান ৰাখিবৰ বাবে ক’লা বুলি নকৈ শ্যামবৰণীয়া বুলি কৈ দিয়ে। আত্মা সতোপ্ৰধান পৱিত্ৰ আছিল আকৌ কিমান খাদ পৰি গ'ল (বিকাৰ ৰূপী মামৰ লাগি গ’ল)। এতিয়া পুনৰ পৱিত্ৰ হোৱাৰ বাবে বাবাই যুক্তিও শুনায়। এয়া হৈছে যোগ অগ্নি ইয়াৰ দ্বাৰাই তোমালোকৰ খাদ আঁতৰিব। পিতাক স্মৰণ কৰিব লাগে। পিতাই নিজেই কয় - মোক এনেকৈ স্মৰণ কৰা। পতিত-পাৱন মই হওঁ। তোমালোকক অনেক বাৰ মই পতিতৰ পৰা পাৱন কৰিছোঁ। এয়াও প্ৰথমে তোমালোকে জনা নাছিলা। এতিয়া তোমালোকে বুজিছা - আজি আমি পতিত, কাইলৈ পুনৰ পৱিত্ৰ হ'ম। তেওঁলোকেতো কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি লিখি মনুষ্যক ঘোৰ-অন্ধকাৰত লৈ গৈছে। পিতা আহি সকলো কথা যথা ৰীতি বুজায়। তোমালোক সন্তানসকলে জানা যে আমাক কোনে পঢ়ায়, জ্ঞানৰ সাগৰ পতিত-পাৱন পিতা যিজন সকলোৰে সৎগতি দাতা। মনুষ্যই ভক্তিমাৰ্গত কিমান মহিমা কৰে কিন্তু তাৰ অৰ্থ একোৱেই নাজানে। স্তুতি কৰে কিন্তু সকলো সানমিহলি কৰি কৰে। যেন সকলো মিহলাই অতি মিঠা কৰি পেলায়, যিয়ে যি শিকালে তাকে মুখস্থ কৰি ল’লে। এতিয়া পিতাই কয় - যি কিছু শিকিলা, সেয়া সকলো কথা পাহৰি যোৱা। জীৱন্তে মোৰ হৈ যোৱা। গৃহস্থালিত থাকিও যুক্তিৰে চলিব লাগে। এজন পিতাকে স্মৰণ কৰিব লাগে। তেওঁলোকৰতো হৈছেই হঠযোগ। তোমালোক হৈছা ৰাজযোগী। ঘৰত থকাসকলকো এনেকুৱা শিক্ষা দিব লাগে। তোমালোকৰ চলন দেখি যাতে সেয়া অনুকৰণ কৰে। কেতিয়াও পৰস্পৰ হাই-কাজিয়া কৰিব নালাগে। যদি হাই-কাজিয়া কৰা তেন্তে আনে কি বুজিব, এওঁলোকৰতো বহুত ক্ৰোধ আছে। তোমালোকৰ যাতে কোনো বিকাৰ নাথাকে। মনুষ্যৰ বুদ্ধি ভ্ৰষ্ট কৰোঁতা হৈছে চিনেমা, এয়া নৰক সদৃশ। তালৈ গ’লেই বুদ্ধি ভ্ৰষ্ট হৈ যায়। জগতত কিমান মলিনতা আছে। এফালে চৰকাৰে আইন প্ৰণয়ন কৰে যে 18 (ওঠৰ) বছৰৰ তলৰ কোনো যাতে বিবাহ পাশত আবদ্ধ নহয় তথাপি অনেক বিবাহ সম্পন্ন হৈয়ে থাকে। কোলাত সন্তানক বহুৱাই বিবাহ সম্পন্ন কৰাই থাকে। এতিয়া তোমালোকে জানা যে বাবাই আমাক এই ছিঃ ছিঃ সৃষ্টিৰ পৰা লৈ যায়। আমাক স্বৰ্গৰ মালিক কৰি তোলে। পিতাই কয় - নষ্টোমোহা হৈ যোৱা, কেৱল মোক স্মৰণ কৰা। পৰিয়ালত আত্মীয় কুটুম্বৰ সৈতে থাকিও মোক স্মৰণ কৰিবা। কিবা পৰিশ্ৰম কৰিলেহে বিশ্বৰ মালিক হ’বাগৈ। পিতাই কয় – মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা আৰু আসুৰি অৱগুণ ত্যাগ কৰা। নিতৌ ৰাতি নিজৰ খতিয়ান উলিয়াবা। এয়া হৈছে তোমালোকৰ বেপাৰ। এই বেপাৰ কাচিৎহে কোনোবাই কৰে। এক চেকেণ্ডত ভিকহুৰ পৰা মুকুটধাৰী কৰি দিয়ে, এয়া যাদু নহ’ল জানো। এনেকুৱা যাদুকৰৰ হাতত ধৰি ল’ব লাগে। যিয়ে আমাক যোগবলৰ দ্বাৰা পতিতৰ পৰা পাৱন কৰি তোলে। অন্য কোনেও পাৱন কৰি তুলিব নোৱাৰে। গংগা জলেৰে কোনেও পৱিত্ৰ হ’ব নোৱাৰে। তোমালোক সন্তানসকলৰ এতিয়া কিমান জ্ঞান আছে। তোমালোকৰ আন্তৰিক আনন্দ থকা উচিত - বাবাৰ পুনৰ আগমন হৈছে। দেৱীসকলৰো কিমান চিত্ৰ আদি অংকন কৰে, তেওঁলোকক অস্ত্ৰ দি ভয়ংকৰ কৰি দিয়ে। ব্ৰহ্মাৰো কিমান ভূজা দি দিয়ে, এতিয়া তোমালোকে বুজি পোৱা যে ব্ৰহ্মাৰ ভূজাতো লাখৰ ঘৰত হ’ব। ইমানবিলাক ব্ৰহ্মাকুমাৰ-কুমাৰী এই বাবাৰ দ্বাৰাই উৎপত্তি হ’ল নহয়, সেয়েহে প্ৰজাপিতা ব্ৰহ্মাৰ ইমানবোৰ ভূজা দেখুৱায়।

এতিয়া তোমালোক হৈছা জ্ঞানী-যোগী। তোমালোকৰ মুখেৰে সদায় ৰত্ন উচ্চাৰিত হ'ব লাগে। জ্ঞান ৰত্নৰ বাহিৰে আন কোনো কথা নাই। এই ৰত্নবোৰৰ কোনেও মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰে। পিতাই কয় – ‘মনমনাভৱ’। পিতাক স্মৰণ কৰা তেতিয়া দেৱতা হ'বাগৈ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ৰাত্ৰি ক্লাছ 11-০3-68

তোমালোকৰ ওচৰত প্ৰদৰ্শনী উদ্‌ঘাটন কৰিবলৈ ডাঙৰ ডাঙৰ ব্যক্তিসকল আহে, তেওঁলোকে কেৱল এইটোৱে বুজে যে ভগৱানক পাবৰ কাৰণে এওঁলোকে এয়া ভাল মাৰ্গ উলিয়াইছে। যেনেকৈ ভগৱানক প্ৰাপ্তিৰ কাৰণে সৎসংগ আদি কৰে, বেদ পঢ়ে তেনেকৈ এয়াও এওঁলোকে এইটো মাৰ্গ লৈছে। বাকী এইটো বুজি নাপায় যে এওঁলোকক ভগৱানে পঢ়ায়। কেৱল ভাল কৰ্ম কৰে, পৱিত্ৰতা আছে আৰু ভগৱানৰ সৈতে মিলন কৰায়। এই দেৱীসকলে ভাল মাৰ্গ উলিয়াইছে, মাথো সিমানেই। যাৰ দ্বাৰা উদ্‌ঘাটন কৰোৱা হয় তেওঁলোকেতো নিজকে বহুত উচ্চ বুলি ভাবে। কোনো কোনো ডাঙৰ ডাঙৰ ব্যক্তিয়ে বাবাৰ বিষয়ে এনেকৈ ভাবে যে এওঁ কোনো মহান পুৰুষ, গৈ তেওঁক সাক্ষাৎ কৰোঁ। বাবাইতো কয় যে প্ৰথমে প্ৰ-পত্ৰ পূৰ কৰি পঠিওৱা। প্ৰথমতেতো তোমালোক সন্তানসকলে তেওঁলোকক পিতাৰ সম্পূৰ্ণ পৰিচয় দিবা। পৰিচয় অবিহনে আহি কি কৰিব! শিৱবাবাকতো তেতিয়াহে লগ কৰিব পাৰিব যেতিয়া প্ৰথমে পূৰা নিশ্চয় জন্মিব। পৰিচয় অবিহনে লগ কৰি কি কৰিব! বহুত চহকী লোক আহে, তেওঁলোকে ভাবে এওঁলোকক কিবা এটা দিওঁ। গৰিবে এটকা দিয়ে, চহকীয়ে 100 টকা দিয়ে, গৰিবৰ এটকা মূল্যৱান হৈ যায়। সেই চহকী লোকসকলেতো কেতিয়াও স্মৃতিৰ যাত্ৰাত যথাৰ্থ ৰীতিৰে থাকিব নোৱাৰে, তেওঁলোক আত্ম-অভিমানী হ'ব নোৱাৰে। প্ৰথমেতো পতিতৰ পৰা পাৱন কেনেকৈ হ'ব লাগে, সেয়া লিখি দিব লাগে। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। এই ক্ষেত্ৰত প্ৰেৰণা আদিৰ কোনো কথাই নাই। পিতাই কয় - মামেকম্ স্মৰণ কৰিবা তেতিয়া মামৰ আঁতৰি যাব। প্ৰদৰ্শনী আদি চাবলৈ আহে কিন্তু দুই-তিনিবাৰ আহি বুজিলে তেতিয়া বুজিব লাগে যে এওঁক কাঁড়ে আঘাত কৰিছে। দেৱতা ধৰ্মৰ হয়, এওঁ ভাল ভক্তি কৰিছে। যদিও কাৰোবাৰ ভাল লাগে কিন্তু লক্ষ্যক আঁকোৱালি লোৱা নাই, তেন্তে তেওঁ কি কামৰ। এয়াতো তোমালোক সন্তানসকলে জানা যে ড্ৰামা চলি থাকে। যি চলি আছে বুদ্ধিৰে তোমালোকে সেয়া বুজি পোৱা যে কি হৈ আছে! তোমালোকৰ বুদ্ধিত চক্ৰ চলি থাকে, পুনৰাবৃত্তি হৈ থাকে। যিয়ে যি কৰিছিল সেয়াই কৰে। পিতাই কাৰোবাৰ পৰা ল’ব বা নলয় সেইটো তেওঁৰ হাতত। এতিয়া সেৱাকেন্দ্ৰ আদি খোলে, পইচা কামত আহে। যেতিয়া তোমালোকৰ প্ৰভাৱ বিস্তাৰ হ’ব তেতিয়া পইচাই কি কৰিব! মূল কথা হৈছে পতিতৰ পৰা পাৱন হোৱা। সেইটোতো বৰ কঠিন, ইয়াতেই লাগি যাব লাগে। আমিতো পিতাক স্মৰণ কৰিব লাগে, ৰুটি খোৱা আৰু পিতাক স্মৰণ কৰা। এনেকৈ বুজিব যে প্ৰথমেতো পিতাৰ পৰা উত্তৰাধিকাৰ লৈ লওঁ। মই আত্মা – প্ৰথমেতো এইটো দৃঢ় কৰোৱা উচিত। যেতিয়া এনেকুৱা কোনোবা ওলাব তেতিয়া তীব্ৰ গতিৰে যাব পাৰিব। বাস্তৱত তোমালোক সন্তানসকলে যোগবলেৰে গোটেই বিশ্বক পৱিত্র কৰি তোলা, তেন্তে সন্তানসকলৰ কিমান নিচা থাকিব লাগে। মুখ্য কথা হয়েই পৱিত্ৰতা। ইয়াত পঢ়ুওৱাও হয় আৰু পৱিত্ৰও হ'ব লাগে, স্বচ্ছ হৈও থাকিব লাগে। অন্য কোনো কথা স্মৃতিত থাকিব নালাগে। সন্তানসকলক বুজোৱা হয় - অশৰীৰী হোৱা। ইয়ালৈ তোমালোক ভূমিকা পালন কৰিবলৈ আহিছা। প্ৰত্যেকে নিজৰ নিজৰ ভূমিকা পালন কৰিবই লাগে। এই জ্ঞান বুদ্ধিত থাকিব লাগে। ছিৰিৰ চিত্ৰৰ ওপৰতো তোমালোকে বুজাব পাৰা। ৰাৱণৰাজ্য হয়েই পতিত, ৰামৰাজ্য হৈছে পাৱন। আকৌ পতিতৰ পৰা পাৱন কেনেকৈ হ’ম, এনেকুৱা কথাবোৰ বিচাৰ কৰিব লাগে, ইয়াকেই বিচাৰ সাগৰ মন্থন বুলি কোৱা হয়। 84ৰ চক্ৰ স্মৃতিত আহিব লাগে। পিতাই কৈছে - মোক স্মৰণ কৰা। এয়া হৈছে আত্মিক যাত্ৰা। পিতাৰ স্মৃতিৰেই বিকৰ্ম বিনাশ হয়। সেই পাৰ্থিৱ যাত্ৰাৰ দ্বাৰা আৰু বেছিহে বিকৰ্ম হয়। কোৱা, এয়া হৈছে তাবিজ। ইয়াক বুজিলে সকলো দুখ দূৰ হৈ যাব। তাবিজ দুখ দূৰ কৰিবৰ কাৰণেই পিন্ধে।

বাৰু। অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু শুভৰাত্ৰি।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নষ্টোমোহা হৈ পিতাক স্মৰণ কৰিব লাগে। পৰিয়ালত আত্মীয় কুটুম্বৰ সৈতে থাকি বিশ্বৰ মালিক হ’বলৈ পৰিশ্ৰম কৰিব লাগে। অৱগুণ এৰিব লাগে।

(2) নিজৰ চলন এনেকুৱা কৰিব লাগে যাতে দেখি সকলোৱে অনুকৰণ কৰে। ভিতৰত কোনো বিকাৰ যাতে নাথাকে, সেয়া পৰীক্ষা কৰিব লাগে।

বৰদান:
দ্বৈত সেৱাৰ দ্বাৰা অলৌকিক শক্তিৰ সাক্ষাৎকাৰ কৰাওঁতা বিশ্ব সেৱধাৰী হোৱা

যেনেকৈ পিতাৰ স্বৰূপেই হৈছে বিশ্ব সেৱক তেনেকৈ তোমালোকো পিতাৰ সমান বিশ্ব সেৱাধাৰী হোৱা। শৰীৰৰ দ্বাৰা স্থূল সেৱা কৰিও মনেৰে বিশ্ব পৰিৱৰ্তনৰ সেৱাত তৎপৰ হৈ থাকা। একেটা সময়তে দেহ আৰু মনেৰে একেলগে সেৱা হওঁক। যিয়ে মন আৰু কৰ্ম দুয়োটা সেৱা একেলগে কৰে, তেওঁক দেখাসকলৰ অনুভৱ বা সাক্ষাৎকাৰ হৈ যায় যে এয়া কোনো অলৌকিক শক্তি। সেই কাৰণে এইটো অভ্যাস নিৰন্তৰ আৰু স্বভাৱসিদ্ধ কৰি তোলা। মনৰ সেৱাৰ বাবে বিশেষভাৱে একগ্ৰতাৰ অভ্যাস বঢ়োৱা।

স্লোগান:
সকলোৰে প্ৰতি গুণগ্ৰাহক হোৱা কিন্তু অনুসৰণ পিতা ব্ৰহ্মাক কৰা।


সত্যতা আৰু সভ্যতা ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

এতিয়া স্বচ্ছতা আৰু নিৰ্ভয়তাৰ আধাৰত সত্যতাৰ দ্বাৰা প্ৰত্যক্ষতা কৰা। মুখেৰে উচ্চাৰিত সত্যতাৰ কৰ্তৃত্বপূৰ্ণ বণীয়ে স্বতঃ পিতাৰ প্ৰত্যক্ষতা কৰিব। এতিয়া পৰমাত্ম বোমাৰ (সত্য জ্ঞানৰ) দ্বাৰা ধৰণি পৰিৱৰ্তন কৰা। ইয়াৰ সহজ সাধন হৈছে - সদায় মুখত বা সংকল্পত নিৰন্তৰ মালাৰ সমান পৰমাত্ম স্মৃতি থাকক। সকলোৰে অন্তৰত এটাই নিচা থাকক “মোৰ বাবা”। সংকল্প, কৰ্ম আৰু বাণীত এইটোৱে অখণ্ড নিচা থাকক, এয়াই অজপাজপ হওঁক। যেতিয়া এই অজপাজপ হৈ যাব তেতিয়া অন্য সকলো কথা স্বতঃ সমাপ্ত হৈ যাব।