11.03.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – স্মৃতিৰ যাত্ৰাত প্ৰতিযোগিতা কৰা তেতিয়া পুণ্য আত্মা হৈ যাবা, স্বৰ্গৰ বাদশ্বাহী পাই যাবা”

প্ৰশ্ন:
ব্ৰাহ্মণ জীৱনত যদি অতীন্দ্ৰিয় সুখৰ অনুভৱ নহয় তেন্তে কি বুজিব লাগে?

উত্তৰ:
নিশ্চয় সূক্ষ্ম ৰূপতো কিবা নহয় কিবা পাপ হয়। দেহ-অভিমানত থাকিলেই পাপ হয়, যাৰ কাৰণে সেই সুখৰ অনুভূতি কৰিব নোৱাৰে। নিজক গোপ-গোপী বুলি বুজিও অতীন্দ্ৰিয় সুখৰ অনুভৱ নহয়, নিশ্চয় কিবা ভুল হয় সেইবাবে পিতাক সঁচা কথা কৈ শ্ৰীমত লৈ থাকা।

ওঁম্শান্তি।
নিৰাকাৰ ভগৱানুবাচ। এতিয়া নিৰাকাৰ ভগৱান বুলি কোৱাই হয় শিৱক, ভক্তিমাৰ্গত যদিওবা তেওঁৰ বহুত নাম ৰাখিছে, অনেক নাম আছে সেইবাবেতো বিস্তাৰ আছে। পিতাই নিজেই আহি কয় হে সন্তানসকল, মোক অৰ্থাৎ নিজৰ পিতা শিৱক তোমালোকে স্মৰণ কৰি আহিছা – হে পতিত-পাৱন, নামতো নিশ্চয় এটাই হ’ব। বহুত নাম চলিব নোৱাৰে। শিৱায়ে নমঃ বুলি কয় তেন্তে এটাই শিৱ নাম হ’ল। ৰচয়িতাও এজনেই হ’ল। বহুত নাম হ’লেতো বিবুদ্ধিত পৰিব। যেনেকৈ তোমাৰ নাম পুষ্পা তাৰ সলনি তোমাক শীলা বুলি মাতিলে তুমি সঁহাৰি জনাবানে? নজনোৱা। ভাবিব যে অন্য কাৰোবাক মাতিছে। এয়াও তেনেকুৱাই কথা হৈ গ’ল। তেওঁৰ নাম এটা, কিন্তু ভক্তিমাৰ্গ হোৱাৰ কাৰণে, বহুত মন্দিৰ নিৰ্মাণ কৰা কাৰণে ভিন্ন ভিন্ন নাম ৰাখি দিছে। নহ’লেতো নাম প্ৰত্যেকৰে এটাই থাকে। গংগা নদীক যমুনা নদী বুলি নক’ব। যিকোনো বস্তুৰে এটা নাম প্ৰসিদ্ধ হয়। এই শিৱ নামটিও প্ৰসিদ্ধ। শিৱায়ে নমঃ বুলি গায়ন কৰা হৈছে। ব্ৰহ্মা দেৱতায়ে নমঃ, বিষ্ণু দেৱতায়ে নমঃ, আকৌ কয় শিৱ পৰমাত্মায়ে নমঃ কিয়নো তেওঁ হৈছে উচ্চৰো উচ্চ। মনুষ্যৰ বুদ্ধিত থাকে উচ্চতকৈও উচ্চ বুলি নিৰাকাৰক কয়। তেওঁৰ নাম এটাই। ব্ৰহ্মাক ব্ৰহ্মা, বিষ্ণুক বিষ্ণু বুলিয়ে ক’ব। বহুত নাম ৰাখিলে বিবুদ্ধিত পৰিব। সঁহাৰি পোৱা নাযায় আৰু তেওঁৰ ৰূপকো নাজানে। পিতাই সন্তানসকলৰ সৈতেহে আহি কথা পাতে। শিৱায়ে নমঃ বুলি কয় তেন্তে এটা নামেই থিক। শিৱ শঙ্কৰ বুলি ক’লেও ভুল হৈ যায়। শিৱ, শঙ্কৰ নাম বেলেগ বেলেগ। যেনেকৈ লক্ষ্মী-নাৰায়ণ নাম বেলেগ বেলেগ। তাত নাৰায়ণকতো লক্ষ্মী-নাৰায়ণ বুলি নক’ব। আজিকালিতো নিজৰ কাৰণে দুটা দুটা নাম ৰাখে। দেৱতাসকলৰ এনেকৈ দ্বৈত নাম নাছিল। ৰাধাৰ বেলেগ, শ্ৰীকৃষ্ণৰ বেলেগ, ইয়াততো এজনৰে নাম ৰাধাকৃষ্ণ, লক্ষ্মীনাৰায়ণ ৰাখি দিয়ে। পিতাই বহি বুজায় – ৰাচয়িতা এজনেই, তেওঁৰ নামো এটা। তেওঁকে জানিব লাগে। কয় যে আত্মা তৰাৰ দৰে, ভ্ৰূকুটিৰ মাজত জিলিকে তৰা আকৌ কয় আত্মাই পৰমাত্মা। গতিকে পৰমাত্মাও তৰা নহ’ল জানো। এনেকুৱা নহয় যে আত্মা সৰু বা ডাঙৰ হয়। কথাবোৰ অতি সহজ।

পিতাই কয় – তোমালোকে আহ্বান জনাইছিলা যে হে পতিত-পাৱন আহক। কিন্তু তেওঁ কেনেকৈ পাৱন কৰি তোলে, এয়া কোনেও নাজানে। গংগাক পতিত পাৱনী বুলি বুজি লয়। পতিত-পাৱনতো এজনেই পিতা। পিতাই কয় – মই আগতেও কৈছিলোঁ – মনমনাভৱ, মামেকম্ স্মৰণ কৰা। কেৱল নাম সলনি কৰি দিছে। সন্তানসকলে বুজি পায় যে পিতাক স্মৰণ কৰিলে উত্তৰাধিকাৰ নিশ্চিত। মনমনাভৱ বুলি কোৱাৰো দৰকাৰ নাই। কিন্তু পিতা আৰু উত্তৰাধিকাৰক একেবাৰে পাহৰি গৈছে সেইবাবে কওঁ মোক অৰ্থাৎ পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। পিতা হৈছে স্বৰ্গৰ ৰচয়িতা গতিকে নিশ্চয় পিতাক স্মৰণ কৰিলে আমি স্বৰ্গৰ বাদশ্বাহী পাম। সন্তান জন্ম হ’ল আৰু পিতাই ক’ব উত্তৰাধিকাৰী আহিল। কন্যাৰ ক্ষেত্ৰত তেনেকৈ নকয়। তোমালোক আত্মাসকলতো সকলো সন্তান হোৱা। কয়ো যে আত্মা এটা তৰাৰ দৰে। আকৌ আঙুলিৰ নিচিনা কেনেকৈ হ’ব পাৰে। আত্মা ইমান সূক্ষ্ম বস্তু, এই দুচকুৰে দেখা নাযায়। অৱশ্যে হয় দিব্য দৃষ্টিৰে চাব পাৰি কিয়নো অব্যক্ত বস্তু। দিব্য দৃষ্টিৰে চৈতন্য দেখিবলৈ পোৱা গ’ল আকৌ নাইকিয়া হৈ গ’ল। একোৱেতো নাপালে, কেৱল আনন্দিত হৈ যায়। ইয়াক কোৱা হ’ব ভক্তিৰ অলপ সুখ। এয়া হ’ল ভক্তিৰ ফল। যিয়ে বহুত ভক্তি কৰিছে তেওঁ আপোনাআপুনি নিয়ম অনুসৰি এই জ্ঞানেৰে ফল পায়। ব্ৰহ্মা আৰু বিষ্ণুক একেলগে দেখুৱায়। ব্ৰহ্মাই বিষ্ণু, ভক্তিৰ ফল বিষ্ণুৰ ৰূপত পাই আছে, বাদশ্বাহীৰ। বিষ্ণু বা শ্ৰীকৃষ্ণৰ সাক্ষাৎকাৰতো বহুত কৰিছে। কিন্তু বুজা যায় – ভিন্ন ভিন্ন নাম ৰূপত ভক্তি কৰিছে। সাক্ষাৎকাৰক যোগ বা জ্ঞান বুলি কোৱা নহয়। ঐকান্তিক ভক্তিৰে সাক্ষাৎকাৰ হ’ল। এতিয়া সাক্ষাৎকাৰ নহ’লেও কোনো কথা নাই। লক্ষ্য-উদ্দেশ্য হৈছেই মনুষ্যৰ পৰা দেৱতা হোৱা। তোমালোক দেৱী-দেৱতা ধৰ্মৰ হৈ যোৱা। বাকী পুৰুষাৰ্থ কৰাবলৈ পিতাই কেৱল কয় অন্যৰ পৰা বুদ্ধিৰ যোগসূত্ৰ আঁতৰোৱা, দেহৰ পৰাও আঁতৰাই পিতাক স্মৰণ কৰা। যেনেকৈ প্ৰেমিক প্ৰেমিকাই কামো কৰি থাকে কিন্তু অন্তৰ প্ৰেমিকৰ সৈতে লাগি থাকে। পিতায়ো কয় – মামেকম্ স্মৰণ কৰা তথাপি বুদ্ধি অন্য ফালে গুচি যায়। এতিয়া তোমালোকে জানা আমি অৱনমিত হওঁতে এটা কল্প লাগিল। সত্যযুগৰ পৰা ধৰি ছিৰি নামিছোঁ। অলপ অলপ খাদ পৰি গৈ থাকে। সতোৰ পৰা তমো হৈ যাওঁ। পুনৰ এতিয়া তমোৰ পৰা সতো হ’বৰ কাৰণে পিতাই জপিয়াবলৈ দিয়ে। চেকেণ্ডত তমোপ্ৰধানৰ পৰা সতোপ্ৰধান।

গতিকে মৰমৰ সন্তানসকলে পুৰুষাৰ্থ কৰিবলগীয়া হয়। পিতাইতো শিক্ষা দিয়েই থাকে। ভাল ভাল বিচাৰ বুদ্ধি সম্পন্ন সন্তানে নিজেই অনুভৱ কৰে – যথাযথ বহুত কঠিন হয়। কিছুমানে কয়, কিছুমানেতো একেবাৰে নকয়। নিজৰ অৱস্থাৰ বিষয়ে জনাব লাগে। পিতাক যদি স্মৰণেই নকৰে তেন্তে উত্তৰাধিকাৰ কেনেকৈ পাব। নিয়মানুসৰি স্মৰণ নকৰে, ভাবে যে আমিতো শিৱবাবাৰ হয়েই। স্মৰণ নকৰিলে অৱনমিত হৈ যায়। পিতাক নিৰন্তৰ স্মৰণ কৰিলে খাদ আঁতৰি যায়, মনোযোগ দিবলগীয়া হয়। যেতিয়ালৈকে শৰীৰ আছে তেতিয়ালৈকে পুৰুষাৰ্থ চলি থাকিব। বুদ্ধিয়েও কয় – স্মৃতি বাৰে বাৰে পাহৰি যাওঁ। এই যোগবলেৰে তোমালোকে বাদশ্বাহী প্ৰাপ্ত কৰা। সকলোৱেতো একেধৰণে দৌৰিব নোৱাৰে, বিধিয়ে নকয়। প্ৰতিযোগিতাতো অলপ পাৰ্থক্য হৈ যায়। এক নম্বৰ, তাৰপাছত একাদিক্ৰমে আহি যায়। ইয়াতো সন্তানসকলৰ প্ৰতিযোগিতা হয়। মুখ্য কথা হৈছে স্মৰণ কৰাৰ। এইটোতো বুজি পোৱা যে আমি পাপ আত্মাৰ পৰা পুণ্য আত্মা হওঁ। পিতাই নিৰ্দেশনা দিছে, এতিয়া পাপ কৰিলে সেয়া এশ গুণ হৈ যাব। বহুত আছে যিয়ে পাপ কৰে কিন্তু নকয়। তেতিয়া বৃদ্ধি হৈ গৈ থাকে। আকৌ অন্তত অকৃতকাৰ্য হৈ যায়। শুনাবলৈ লাজ কৰে। সঁচা কথা নোকোৱা বাবে নিজক প্ৰৱঞ্চনা কৰে। কিছুমানে ভয় কৰে - বাবাই আমাৰ এই কথাবোৰ শুনিলে তেতিয়া কি ক’ব। কিছুমানেতো সৰু ভুলো শুনাবলৈ আহি যায়। কিন্তু বাবাই তেওঁলোকক কয়, ডাঙৰ ডাঙৰ ভুলতো বহুত ভাল ভাল সন্তানে কৰে। ভাল ভাল মহাৰথীসকলকো মায়াই নেৰে। মায়াই পালোৱানসকলকহে চক্ৰত আনে, এই ক্ষেত্ৰত বাহাদুৰ হ’বলগীয়া হয়। মিছাতো চলিব নোৱাৰে। সঁচা কথা কৈ দিলে বোজা মুক্ত হৈ যাবা। বাবাই যিমানেই নুবুজাওক তথাপি কিবা নহয় কিবা চলিয়ে থাকে। অনেক প্ৰকাৰৰ কথা থাকে। এতিয়া যিহতু পিতাৰ পৰা ৰাজ্য ল’ব লাগে গতিকে পিতাই কয় যে বুদ্ধি অন্যফালৰ পৰা আঁতৰোৱা। তোমালোক সন্তানসকলে এতিয়া জ্ঞান পাইছা। 5 হাজাৰ বছৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল। তোমালোকে নিজৰ জন্মকো জানি গ’লা। কিছুমান শাৰীৰিক বা মানসিকভাৱে অক্ষম হৈ জন্ম হয়, তাক ত্ৰুটিপূৰ্ণ বুলি কোৱা হয়। নিজৰ কৰ্ম অনুসৰিয়ে এনেকুৱা হয়। বাকী মনুষ্যতো মনুষ্যই হয়। গতিকে পিতাই বুজায় যে এটাতো পৱিত্ৰ হৈ থাকিব লাগে, দ্বিতীয়তে মিছা, পাপ একো কৰিব নালাগে। নহ’লেতো বহুত লোকচান হৈ যাব। চোৱা এজনৰ অলপ ভুল হ’ল, বাবাৰ ওচৰলৈ আহিল। বাবা ক্ষমা কৰিবা। এনেকুৱা কাম পুনৰ নকৰোঁ। বাবাই ক’লে – এনেকুৱা ভুল বহুতৰে হয়, তোমালোকেতো সঁচা কথা কোৱা, বহুতেতো নকয়েই। কিছুমান উত্তম কন্যা আছে, কেতিয়াও ক’লৈকো বুদ্ধি নাযায়। যেনেকৈ বোম্বাইত (এতিয়া মুম্বাই) ডাক্তৰ নিৰ্মলা আছে, এক নম্বৰৰ। একেবাৰে স্বচ্ছ অন্তৰৰ, কেতিয়াও অন্তৰত ওলোটা খেয়াল নচলে সেইবাবে অন্তৰত অধিষ্ঠিত হৈ আছে। এনেকুৱা আৰু কন্যা আছে। গতিকে পিতাই বুজায় কেৱল স্বচ্ছ অন্তৰেৰে পিতাক স্মৰণ কৰা। কৰ্মতো কৰিবই লাগে। বুদ্ধিৰ যোগসূত্ৰ পিতাৰ সৈতে থাকিব লাগে। হাত কৰ্মৰ ফালে অন্তৰ মিত্ৰৰ (পিতাৰ) ফালে। সেইটো অৱস্থা অন্তিমৰ ফালে হ’ব। যাৰ কাৰণে গায়ন কৰে – অতীন্দ্ৰিয় সুখৰ বিষয়ে গোপ-গোপীসকলক সোধা যিসকলে এইটো অৱস্থা পায়। যিয়ে পাপ কৰ্ম কৰে তেওঁলোকৰ এইটো অৱস্থা নহয়। বাবাই ভালদৰে জানে সেইবাবেতো ভক্তিমাৰ্গতো ভাল বা বেয়া কৰ্মৰ ফল পোৱা যায়। দিওঁতাতো পিতা হয় নহয়। যিয়ে কাৰোবাক দুখ দিব তেওঁ নিশ্চয় দুখ ভুগিব। যেনেকুৱা কৰ্ম কৰিছে সেই অনুসৰি ভুগিবও লাগিব। ইয়াততো পিতা স্বয়ং উপস্থিত আছে, বুজাই থাকে তথাপিও চৰকাৰ আছে, ধৰ্মৰজাতো মোৰ লগতে আছে নহয়। এতিয়া মোৰ পৰা একো নুলুকুৱাবা। এনেকুৱা নহয় যে বাবাই জানে, মই শিৱবাবাৰ ওচৰত অন্তৰেৰে ক্ষমা বিচাৰিম, একোৱে ক্ষমা কৰা নহ’ব। পাপ কেতিয়াও কাৰো লুকাই নাথাকে। পাপ কৰিলে দিনে-প্ৰতিদিনে পাপাত্মা হৈ যায়। ভাগ্যত নাথাকিলে তেতিয়া এনেকুৱা হয়। খতিয়ান নষ্ট হৈ যায়। এবাৰ মিছা কথা কয়, সঁচা কথা নকয়, বুজা যায় যে এনেকুৱা কাম কৰি থাকে। মিছা কেতিয়াও লুকাই থাকিব নোৱাৰে। পিতাই তথাপি বুজায় – কোৱা হয় খেৰকুটা চুৰ কৰাজনো চোৰ, লাখ টকা চুৰ কৰাজনো চোৰ সেইবাবে ক’ব নালাগে জানো যে মোৰ দ্বাৰা এইটো দোষ হ’ল। যেতিয়া বাবাই সোধে তেতিয়া কয় ভুল হৈ গ’ল, নিজে কিয় নোকোৱা। বাবাই জানে বহুত সন্তানে লুকুৱায়। পিতাক শুনালে শ্ৰীমত পাবা। ক’ৰবাৰ পৰা চিঠি আহিলে কি উত্তৰ দিবা সেয়া বাবাক সোধা। শুনালে শ্ৰীমত পাবা। বহুতৰ কোনো কোনো বেয়া অভ্যাস আছে – গতিকে সেয়া লুকুৱায়। কোনোবাই লৌকিক ঘৰৰ পৰা বস্তু পায়। বাবাই কয় – লাগিলে পিন্ধা তেতিয়া পিতা দায়বদ্ধ হৈ গ’ল। অৱস্থা চাই কাৰোবাক কওঁ যজ্ঞত পঠিয়াই দিয়া। তোমাক সলনি কৰি দিলে তেন্তে থিক, নহ’লে সেয়া স্মৃতিলৈ আহি থাকিব। বাবাই বহুত সাৱধান কৰায়। মাৰ্গ বহুত উচ্চ। খোজে প্ৰতি চিকিৎসকৰ ৰায় ল’ব লাগে। বাবাই শিক্ষাই দিব যে এনেকৈ চিঠি লিখা তেতিয়া তীৰ লাগিব, কিন্তু দেহ-অভিমান বহুতৰে আছে। শ্ৰীমতত নচলিলে নিজৰে হিচাপ নষ্ট কৰি দিয়ে। শ্ৰীমতত চলিলে সকলো পৰিস্থিতে লাভ। ৰাস্তা কিমান সহজ। কেৱল স্মৃতিৰে তোমালোক বিশ্বৰ মালিক হোৱা। বৃদ্ধ মাতাসকলৰ কাৰণে কয় – কেৱল পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। প্ৰজা তৈয়াৰ নকৰিলে ৰজা ৰাণীও হ’ব নোৱাৰিবা। তথাপি যিয়ে লুকুৱায় তেওঁলোকতকৈতো উচ্চ পদ পাব পাৰে। পিতাৰ দায়িত্ব হ’ল বুজোৱা। যাতে কোনেও এনেকৈ নকয় যে মই গম নাপালোঁ। বাবাই সকলো নিৰ্দেশনা দিয়ে। ভুল হ’লে তৎক্ষণাৎ ক’ব লাগে। কোনো কথা নাই আগলৈ নকৰিবা। এই ক্ষেত্ৰত ভয় কৰিবলগীয়া কোনো কথা নাই। মৰমেৰে বুজোৱা হয়। পিতাক শুনালে কল্যাণ হয়। পিতাই সান্ত্বনা দি মৰমেৰে বুজাব। নহ’লে অন্তৰচ্যুত হৈ যায়। এওঁৰ (ব্ৰহ্মাৰ) পৰা অন্তৰচ্যুত হ’লে তেতিয়া শিৱবাবাৰ পৰাও অন্তৰচ্যুত হ’বা। এনেকুৱা নহয় যে মই পোনপটীয়াকৈ ল’ব পাৰোঁ, একোৱে নহ’ব। যিমান বুজোৱা হয় – পিতাক স্মৰণ কৰা সিমানে বুদ্ধি বাহিৰৰ ফালে গৈ থাকে। এই সকলোবোৰ কথা পিতাই পোনপটীয়াকৈ বহি বুজায়, যিবোৰক লৈ পাছত শাস্ত্ৰ ৰচে। এইবোৰৰ ভিতৰত ‘গীতা’হে ভাৰতৰ সৰ্বোত্তম শাস্ত্ৰ। গায়নো কৰা হৈছে সৰ্ব শাস্ত্ৰৰ ভিতৰত শিৰোমণি গীতা, যিখন ভগৱানে শুনালে। বাকী সকলো ধৰ্মতো পাছত আহে। গীতা হৈ গ’ল মাতা-পিতা, বাকী সকলো সন্তান। গীতাতো ভগৱানুবাচ (ভগৱানৰ বাণী) আছে। শ্ৰীকৃষ্ণকতো দৈৱী সম্প্ৰদায় বুলি ক’ব। দেৱতাতো কেৱল ব্ৰহ্মা, বিষ্ণু, শংকৰ। ভগৱানতো দেৱতাসকলতকৈও উচ্চ হ’ল। ব্ৰহ্মা, বিষ্ণু, শংকৰ তিনিওজনক ৰচনা কৰোঁতাজন হ’ল শিৱ। একেবাৰে স্পষ্ট। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, এনেকৈতো কেতিয়াও নকয় শ্ৰীকৃষ্ণৰ দ্বাৰা স্থাপনা। ব্ৰহ্মাৰ ৰূপ দেখুৱাইছে। কাৰ স্থাপনা? বিষ্ণুপুৰীৰ। এই চিত্ৰৰতো অন্তৰত সাঁচ বহি যাব লাগে। আমি শিৱবাবাৰ পৰা এওঁৰ দ্বাৰা উত্তৰাধিকাৰ লওঁ। পিতা অবিহনে ককাৰ উত্তৰাধিকাৰ পাব নোৱাৰে। যেতিয়া কাৰোবাক লগ পোৱা তেতিয়া এইটো শুনোৱা যে পিতাই কয় – মামেকম্ স্মৰণ কৰা। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) লক্ষ্য অতি উচ্চ সেইবাবে খোজে প্ৰতি ছাৰ্জনৰ ৰায় ল’ব লাগে। শ্ৰীমতত চলিলেই লাভ হয়, পিতাৰ পৰা একো লুকুৱাব নালাগে।

(2) দেহ আৰু দেহধাৰীৰ পৰা বুদ্ধিৰ যোগসূত্ৰ আঁতৰাই এজন পিতাৰ সৈতে গঢ়িব লাগে। কৰ্ম কৰিও এজন পিতাৰ স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰিব লাগে।

বৰদান:
সদায় একৰস সম্পন্ন মনোস্থিতিত থাকোঁতা পুৰুষাৰ্থীৰ তথা প্ৰালব্ধী স্বৰূপ হোৱা

বাপদাদাই সূক্ষ্মধামৰ পৰা দেখিবলৈ পায় যে বহুত সন্তানৰ মনোস্থিতি বহুত সলনি হৈ থাকে, কেতিয়াবা আশ্চৰ্য্যৰ মনোস্থিতি, কেতিয়াবা প্ৰশ্নবোধক মনোস্থিতি, কেতিয়াবা মনোস্থিতি বিভ্ৰান্তিৰ, কেতিয়াবা দুশ্চিন্তা কেতিয়াবা মনোযোগৰ ঝুলনা… কিন্তু সঙ্গমযুগ হ’ল প্ৰালব্ধ ভোগ কৰাৰ যুগ, কেৱল পুৰুষাৰ্থ কৰাৰ যুগ নহয়। যি পিতাৰ গুণ সেয়াই সন্তানৰ, যি পিতাৰ স্থিতি সেয়াই সন্তানৰ – এয়াই সংগমযুগৰ প্ৰালব্ধ। সেয়েহে সদায় একৰস এটাই সম্পন্ন মনোস্থিতিত থাকা তেতিয়া পিতাৰ সমান অৰ্থাৎ প্ৰালব্ধী স্বৰূপধাৰী বুলি কোৱা হ'ব।

স্লোগান:
বাপদাদাৰ হাতত বুদ্ধি ৰূপী হাত থাকিলে পৰীক্ষা ৰূপী সাগৰত বিচলিত নোহোৱা।


অব্যক্ত ইংগিত: নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা

বিশ্বাসভাজনৰ প্ৰথম চিন হ’ল - প্ৰতিটো ছেকেণ্ডত, প্ৰতিটো খোজত শ্ৰীমতত সঠিকভাৱে চলা। সঠিক মূৰ্তি হোৱা অৰ্থাৎ হাতুৰীৰ কোব খোৱা। হাতুৰীৰেইতো থুকি থুকি সঠিককৈ গঢ় দিয়ে। তোমালোকতো হাতুৰীৰ কোব খোৱাৰ অনুভৱী হৈ গৈছা, একো নতুন নহয়। খেল যেন লাগে নহয়। চাই থাকা আৰু মিচিকিয়াই থাকা, আশীৰ্বাদ দি থাকা। মুখ্য ভাৱৰীয়া অৰ্থাৎ সঠিক ভূমিকা পালন কৰোঁতা, নিশ্চয়বুদ্ধি নিশ্চিন্ত আত্মা।

সূচনা: আজি আমাৰ সকলোৰে অতি প্ৰিয়, বাপদাদাৰ নয়নৰ মণি, নিজৰ অন্তৰ আসনত বাপদাদাক অধিষ্ঠিত কৰোঁতা মৰমৰ দাদী গুলজাৰ জীৰ পুণ্য স্মৃতি দিৱস উপলক্ষে আমি সকলো ব্ৰাহ্মণ কুল ভূষণ ভাই-ভনীসকলে তেওঁৰ দ্বাৰা মৰমৰ অব্যক্ত বাপদাদাৰ যি প্ৰতিপাল পালোঁ সেই প্ৰতিপালনৰ প্ৰতিদান দিবলৈ শুভ সংকল্প লওঁ। যেনেকৈ দাদীয়ে প্ৰতিটো খোজ শ্ৰীমতত সঠিককৈ দি, সদায় নিজৰ হাঁহিমুখীয়া চেহেৰাৰে সকলোকে আশীৰ্বাদ দিলে আৰু আশীৰ্বাদ ল’লে, সঠিক ভূমিকা পালন কৰিলে তেনেকৈ আমি সকলোৱে তেওঁৰ পদচিহ্ন অনুসৰি চলি তেওঁক নিজৰ স্নেহাঞ্জলী অৰ্পিত কৰো, এয়াই তেওঁৰ প্ৰতি সঁচা শ্ৰদ্ধাজলি। ওঁম্‌ শান্তি।

[বি:দ্ৰ: - ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]