11.04.26 Morning Assame Murli Om Shanti BapDada Madhuban
“অন্তৰ্মুখী
সন্তানসকল – জ্ঞানৰূপ অৱস্থাত থাকি এই মহাবাক্যবোৰ ধাৰণ কৰা তেতিয়া নিজৰ আৰু অন্য
আত্মাসকলৰ কল্যাণ কৰিব পাৰিবা” (দাদীৰ দিনলিপিৰ পৰা)”
প্ৰত্যেক পুৰুষাৰ্থী
সন্তানে প্ৰথমে অন্তৰ্মুখী অৱস্থা অৱশ্যে ধাৰণ কৰিব লাগে। অন্তৰ্মুখিতাত বহুত
কল্যাণ সমাহিত হৈ আছে, এইটো অৱস্থাৰেই অচল, স্থিৰ, ধৈৰ্যশীল, নম্ৰচিত্ত ইত্যাদি
দৈৱীগুণৰ ধাৰণা হ’ব পাৰে তথা সম্পূৰ্ণ জ্ঞানময় অৱস্থা প্ৰাপ্ত হ’ব পাৰে। অন্তৰ্মুখী
নোহোৱাৰ কাৰণে সেই সম্পূৰ্ণ জ্ঞানৰূপ অৱস্থা প্ৰাপ্ত নহয় কিয়নো যি কিছু ‘মহাবাক্য’
সন্মুখত শুনা হয়, যদি তাক গভীৰতাত গৈ গ্ৰহণ নকৰে কেৱল সেই মহাবাক্য শুনি পুনৰাবৃত্তি
কৰি দিয়ে তেন্তে সেই মহাবাক্য, বাক্য হৈ যায়। যি মহাবাক্য জ্ঞান ৰূপ অৱস্থাত থাকি
শুনা নহয়, সেই মহাবাক্যত মায়াৰ ছায়া পৰি যায়। এতিয়া এনেকুৱা মায়াৰ অশুদ্ধ
প্ৰকম্পনেৰে ভৰা মহাবাক্য শুনি কেৱল পুনৰাবৃত্তি কৰিলে নিজৰ লগতে আনৰো কল্যাণ হোৱাৰ
সলনি অকল্যাণ হৈ যায় সেইকাৰণে সন্তানসকল একেবাৰে অন্তৰ্মুখী হৈ যোৱা।
তোমালোকৰ এই মন
মন্দিৰ সদৃশ। যেনেকৈ মন্দিৰৰ পৰা সদায় সুবাস আহে তেনেকৈ মন মন্দিৰ যেতিয়া পৱিত্ৰ হৈ
যায় তেতিয়া সংকল্পও পৱিত্ৰ উদয় হয়। যেনেকৈ মন্দিৰত কেৱল পৱিত্ৰ দেৱী-দেৱতাসকলৰ
চিত্ৰ ৰাখে, দৈত্যৰ নহয়। তেনেকৈ তোমালোক সন্তানসকলৰ মন বা অন্তৰৰূপী মন্দিৰ সকলো
ঈশ্বৰীয় গুণৰ মূৰ্তিৰে সজাই দিয়া, সেই গুণবোৰ হৈছে - নিৰ্মোহ, নিৰ্লোভ, নিৰ্ভয়,
ধৈৰ্যশীলতা, নিৰহংকাৰ ইত্যাদি কিয়নো এই সকলোবোৰ তোমালোকৰেই দিব্য লক্ষণ। তোমালোক
সন্তানসকলে নিজৰ মন মন্দিৰ দীপ্তিমান অৰ্থাৎ সম্পূৰ্ণ শুদ্ধ কৰিব লাগে। যেতিয়া মন
মন্দিৰ দীপ্তিমান হ’ব তেতিয়াহে নিজৰ দীপ্তিমান মৰমৰ বৈকুণ্ঠ দেশলৈ যাব পাৰিবা। গতিকে
এতিয়া নিজৰ মন দীপ্তিমান কৰি তোলাৰ যত্ন কৰিব লাগে তথা মন সহিত বিকাৰী
কৰ্মন্দ্ৰিয়সমূহ বশ কৰিব লাগে। কিন্তু কেৱল নিজৰ নহয় অন্যৰ প্ৰতিও এয়াই দিব্য সেৱা
কৰিব লাগে।
বাস্তৱত সেৱাৰ অৰ্থ
অতি সূক্ষ্ম আৰু গহীন। এনেকুৱা নহয় যে কাৰোবাৰ ভুল হ’লে কেৱল সাৱধান কৰি দিবা
ইমানলৈকে সেৱা। কিন্তু নহয়, তেওঁলৈ সূক্ষ্ম ৰীতিৰে নিজৰ যোগৰ শক্তি প্ৰবাহিত কৰি
তেওঁৰ অশুদ্ধ সংকল্প ভস্ম কৰি দিয়া, এয়াই সৰ্বোত্তম সঁচা সেৱা আৰু লগতে নিজৰ প্ৰতিও
মনোযোগ দিব লাগে। কেৱল বাণী অথবা কৰ্মতে নহয় কিন্তু মনতো যদি কোনো অশুদ্ধ সংকল্প
উৎপন্ন হয় তেন্তে তাৰ প্ৰকম্পন অন্য আত্মাসকলৰ ওচৰলৈ গৈ সূক্ষ্ম ৰীতিৰে অকল্যাণ কৰে,
যাৰ বোজা নিজৰ ওপৰত আহি যায় আৰু সেই বোজাই বন্ধন হৈ যায় সেইকাৰণে হে সন্তানসকল, নিজে
সাৱধান হৈ থাকা তাৰপাছত অন্যৰ প্ৰতি সেয়াই দিব্য সেৱা কৰা, এয়াই তোমালোক সেৱাধাৰী
সন্তানসকলৰ অলৌকিক কৰ্তব্য। এনেকুৱা সেৱা কৰোঁতাসকলে আকৌ নিজৰ প্ৰতি কোনো সেৱা ল’ব
নালাগে। যদি কেতিয়াবা কোনো ভুল হৈয়ো যায় তেতিয়া সেই ভুলক নিজৰ বুদ্ধিযোগৰ বলেৰে
সদাকালৰ বাবে শুধৰাই দিব লাগে। এনেকুৱা তীব্ৰ পুৰুষাৰ্থীয়ে অলপ ইংগিত পালেই ততালিকে
উপলব্ধি কৰি পৰিৱৰ্তন কৰি লয় আৰু আগলৈ ভালদৰে মনোযোগ দি চলি থাকে, এয়াই বিশাল বুদ্ধি
সন্তানসকলৰ কৰ্তব্য।
হে মোৰ প্ৰাণসকল,
পৰমাত্মাৰ দ্বাৰা ৰচিত এই অবিনাশী ৰাজস্ব জ্ঞান যজ্ঞৰ প্ৰতি তন, মন, ধন সম্পূৰ্ণ
ৰীতিৰে স্বাহা কৰাৰ ৰহস্য অতি গহীন। যি ক্ষণত তোমালোকে কোৱা যে মই তন-মন-ধন সহিত
যজ্ঞত স্বাহা অৰ্থাৎ অৰ্পণ হৈ মৰি গ’লোঁ, সেই ক্ষণৰ পৰা নিজৰ একোৱেই নাথাকে। তাৰ
ভিতৰতো প্ৰথমে তন, মনক সম্পূৰ্ণ ৰীতিৰে সেৱাত লগাব লাগে। যেতিয়া সকলোবোৰ যজ্ঞ অথবা
পৰমাত্মাৰ প্ৰতি হয় তেন্তে আকৌ নিজৰ প্ৰতি একোৱেই থাকিব নোৱাৰে, ধনো ব্যৰ্থত খৰচ
কৰিব নোৱাৰা। মনো অশুদ্ধ সংকল্প বিকল্প অৰ্থাৎ নেতিবাচক সংকল্পৰ ফালে দৌৰিব নোৱাৰে
কিয়নো পৰমাত্মাক অৰ্পণ কৰি দিলা। এতিয়া পৰমাত্মাতো হয়েই শুদ্ধ শান্ত স্বৰূপ।
সেইকাৰণে অশুদ্ধ সংকল্প স্বতঃ শান্ত হৈ যায়। যদি মন মায়াৰ হাতত দি দিয়া তেন্তে
মায়াৰ বিভিন্ন ৰূপ হোৱাৰ কাৰণে অনেক প্ৰকাৰৰ বিকল্প উৎপন্ন কৰি মন ৰূপী ঘোঁৰাত আহি
আৰোহন কৰে। যদি কোনো সন্তানৰ এতিয়াও সংকল্প বিকল্প উদয় হয় তেন্তে বুজিব লাগে যে
এতিয়া মন পূৰ্ণ ৰীতিৰে স্বাহা হোৱা নাই অৰ্থাৎ ঈশ্বৰীয় মন হোৱা নাই সেইকাৰণে সৰ্ব
ত্যাগী সন্তানে, এই গূঢ় ৰহস্যসমূহ বুজি কৰ্ম কৰোঁতে সাক্ষী হৈ নিজক প্ৰত্যক্ষ কৰি
বহুত সাৱধানে চলিব লাগে।
স্বয়ং গোপী বল্লভে
তোমালোক নিজৰ প্ৰিয় গোপ-গোপীসকলক বুজাই আছে যে তোমালোক প্ৰত্যেকৰে সঁচা প্ৰেম কি!
হে প্ৰাণসকল তোমালোকে ইজনে সিজনৰ প্ৰেমযুক্ত সাৱধানবাণী স্বীকাৰ কৰিব লাগে কিয়নো
যিমান প্ৰিয় ফুল সিমান শ্ৰেষ্ঠ প্ৰতিপালন। ফুল মূল্যৱান কৰি তুলিবলৈ মালীয়ে কাঁইটৰ
পৰা উলিয়াবলগীয়া হয়। সেইদৰে তোমালোককো যেতিয়া কোনোবাই সাৱধান কৰি দিয়ে তেতিয়া বুজিব
লাগে যে তেওঁ মোৰ প্ৰতিপালন কৰিছে অৰ্থাৎ মোৰ সেৱা কৰিছে। সেই সেৱা অথবা প্ৰতিপালনক
সন্মান জনাব লাগে, এয়াই সম্পূৰ্ণ হোৱাৰ যুক্তি। এয়াই জ্ঞান সহিত আন্তৰিক সঁচা প্ৰেম।
এই দিব্য প্ৰেমত ইজনৰ সিজনৰ প্ৰতি বহুত সন্মান থাকিব লাগে। প্ৰতিটো কথাতে প্ৰথমে
নিজক সাৱধান কৰিব লাগে, এয়াই নম্ৰ অতি মধুৰ অৱস্থা। এনেকৈ প্ৰেম পূৰ্বক চলিলে
তোমালোকৰ অন্তৰত ইয়াতেই যেন সেই সত্যযুগৰ সুন্দৰ দিনৰ অনুভূতি হ’ব। তাততো এই প্ৰেম
স্বভাৱগতভাৱে থাকে কিন্তু এই সংগমৰ অতিকৈ মধুৰ সময়ত ইজনে সিজনৰ কাৰণে সেৱা কৰাৰ এয়া
অতি মধুৰ ৰমণীয় প্ৰেম, এই শুদ্ধ প্ৰেমৰেই জগতত গায়ন কৰা হৈছে।
তোমালোক প্ৰতিগৰাকী
চৈতন্য ফুল সকলো সময়তে হৰ্ষিত মুখৰ হৈ থাকিব লাগে কিয়নো নিশ্চয় বুদ্ধিৰ হোৱা কাৰণে
তোমালোকৰ সিৰাই সিৰাই সম্পূৰ্ণ ঈশ্বৰীয় শক্তি সমাহিত হৈ আছে। এনেকুৱা আকৰ্ষণ শক্তিয়ে
নিজৰ দিব্য চমৎকাৰ অৱশ্যেই দেখুৱায়। যেনেকৈ নিষ্পাপ শিশু শুদ্ধ পৱিত্ৰ হোৱাৰ কাৰণে
সদায় হাঁহি থাকে আৰু নিজৰ ৰমণীয় চৰিত্ৰৰে সকলোকে আকৰ্ষিত কৰে। তেনেকৈ তোমালোক
প্ৰত্যেকৰে এনেকুৱা ঈশ্বৰীয় ৰমণীয় জীৱন হ’ব লাগে, ইয়াৰ কাৰণে তোমালোকে যি কোনো
যুক্তিৰে নিজৰ আসুৰিক স্বভাৱৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। যেতিয়া কাৰোবাক দেখা যে
এওঁ ক্ৰোধ বিকাৰৰ বশৱৰ্তী হৈ মোৰ সন্মুখত আহে তেন্তে তেওঁৰ আগত জ্ঞানৰূপ হৈ শৈশৱৰ
মধুৰ ৰীতিৰে মিচিকিয়াই থাকা তেতিয়া তেওঁ নিজে শান্ত হৈ যাব অৰ্থাৎ বিস্মৃতি স্বৰূপৰ
পৰা স্মৃতিত আহি যাব। লাগিলে তেওঁ গমেই নাপাওক কিন্তু সূক্ষ্ম ৰীতিৰে তেওঁৰ ওপৰত
বিজয় প্ৰাপ্ত কৰি মালিক হৈ যোৱা, এয়াই মালিক আৰু বালকবোধৰ সৰ্বোচ্চ শিৰোমণি বিধি।
ঈশ্বৰ যেনেকৈ
সম্পূৰ্ণ জ্ঞানৰূপ তেনেকৈ আকৌ সম্পূৰ্ণ প্ৰেমৰূপো হয়। ঈশ্বৰৰ দুয়োটাই গুণ নিহিত হৈ
আছে কিন্তু প্ৰথমে জ্ঞান, দ্বিতীয়তে প্ৰেম। যদি কোনোবাই প্ৰথমে জ্ঞানৰূপ নোহোৱাকৈয়ে
প্ৰেমৰূপ হৈ যায় তেতিয়া সেই প্ৰেমে অশুদ্ধৰ হিচাপ-নিকাচত লৈ যায় সেইকাৰণে প্ৰেম
জাগ্ৰত কৰি প্ৰথমে জ্ঞানৰূপ হৈ ভিন্ন ভিন্ন ৰূপত অহা মায়াৰ ওপৰত বিজয়ী হৈ পাছত
প্ৰেমৰূপ হ’ব লাগে। যদি জ্ঞান অবিহনে প্ৰেমত আহা তেতিয়া ক’ৰবাত বিচলিতও হৈ যাবা।
যেনেকৈ যদি কোনোবাই জ্ঞানৰূপ নোহোৱাকৈ ধ্যানত যায় তেতিয়া বহুক্ষেত্ৰত মায়াত আবদ্ধ
হৈ যায়, সেইকাৰণে বাবাই কয় সন্তানসকল, এই ধ্যানো একপ্ৰকাৰৰ সূতাৰ শিকলি কিন্তু
জ্ঞানৰূপ হৈ পাছত ধ্যানত গ’লে অতি মনোৰঞ্জনৰ অনুভৱ হয়। গতিকে প্ৰথমে জ্ঞান পাছত
ধ্যান। ধ্যানস্থ অৱস্থাতকৈ জ্ঞানস্থ অৱস্থা শ্ৰেষ্ঠ। সেইকাৰণে হে সন্তানসকল, প্ৰথমে
জ্ঞানৰূপ হৈ পাছত প্ৰেম জাগ্ৰত কৰিব লাগে। জ্ঞান অবিহনে কেৱল প্ৰেমে এই পুৰুষাৰ্থী
জীৱনত বিঘিনি আনে।
সাক্ষীবোধৰ অৱস্থা অতি
মিঠা, ৰমণীয় আৰু সুন্দৰ। এইটো অৱস্থাৰ ওপৰতেই ভৱিষ্যত জীৱনৰ সকলো নিৰ্ভৰ কৰে। যেনেকৈ
কোনোবাই কোনো শাৰীৰিক কষ্ট ভুগিবলগীয়া হ’লে সেই সময়ত যদি তেওঁ সাক্ষী, সুখৰূপ
অৱস্থাত স্থিৰ হৈ সেয়া ভোগ কৰে তেতিয়া অতীতৰ কৰ্মভোগ নিষ্পত্তিও কৰে আৰু লগতে
ভৱিষ্যতৰ কাৰণে সুখৰ হিচাপো জমা কৰে। তেন্তে এই সাক্ষীদৃষ্টাৰ সুখস্বৰূপ অৱস্থাই
অতীত আৰু ভৱিষ্যতৰ দুয়োটাৰ সৈতে সংযোগ ৰাখে। গতিকে এইটো ৰহস্য বুজি পালে কোনেও এনেকৈ
নক’ব যে মোৰ এই সুন্দৰ সময় কেৱল হিচাপ নিষ্পত্তি কৰাতেই অতিবাহিত হৈ গ’ল। নহয়, এয়াই
সুন্দৰ পুৰুষাৰ্থৰ সময় যিটো সময়ত দুয়োটা কাৰ্য সম্পূৰ্ণ ৰীতিৰে সিদ্ধ হয়। এনেকৈ
দুয়োটা কাৰ্য সিদ্ধ কৰোঁতা তীব্ৰ পুৰুষাৰ্থীয়েই অতীন্দ্ৰিয় সুখ বা আনন্দৰ অনুভৱত
থাকে।
এই বিচিত্ৰ ড্ৰামাৰ
প্ৰতিটো কথাত তোমালোক সন্তানসকলৰ সম্পূৰ্ণ নিশ্চয়তা থকা উচিত কিয়নো এইখন ৰচি থোৱা
ড্ৰামা একেবাৰে নিৰ্ভৰযোগ্য। চোৱা, এই ড্ৰামাই প্ৰত্যেক জীৱ প্ৰাণীৰ দ্বাৰা সিহঁতৰ
ভূমিকা পূৰ্ণ ৰীতিৰে পালন কৰোৱায়। যদি কাৰোবাৰ ভুলো হয়, তেন্তে সেই ভুল ভূমিকাও
পূৰ্ণ ৰীতিৰে পালন কৰে। এয়াও ড্ৰামা অনুসাৰে হ’বলগীয়া। যেতিয়া অশুদ্ধ আৰু শুদ্ধ
দুয়োটাই পৰিকল্পনাত নিৰ্ধাৰিত হৈ আছে তেন্তে আকৌ কোনো কথাত সংশয় কৰা, এয়া জ্ঞান নহয়
কিয়নো প্ৰত্যেক ভাৱৰীয়াই নিজৰ নিজৰ ভূমিকা পালন কৰি আছে। যেনেকৈ চিনেমাত অনেক ভিন্ন
ভিন্ন নাম ৰূপধাৰী ভাৱৰীয়াই নিজৰ নিজৰ ভূমিকা পালন কৰে তেতিয়া সেয়া দেখি, কাৰোবাৰ
প্ৰতি ঘৃণা জন্মিব আৰু কাৰোবাৰ কাৰণে হৰ্ষিত হ’ব, এনেকুৱা নহয়। জানে যে এয়া হৈছে
খেল, য’ত প্ৰত্যেকৰ নিজৰ নিজৰ ভাল বা বেয়া ভূমিকা প্ৰাপ্ত হৈছে। তেনেকৈয়ে এই অনাদি
ৰচি থোৱা চিনেমাখনকো সাক্ষী হৈ একৰস অৱস্থাৰে হৰ্ষিতমুখেৰে প্ৰত্যক্ষ কৰি থাকিব লাগে।
সংগঠনত এইটো কথা বহুত ভালদৰে ধাৰণ কৰিব লাগে। এজনে আনজনক ঈশ্বৰীয় ৰূপত চাব লাগে,
উপলব্ধিৰ জ্ঞান ধাৰণ কৰি সৰ্ব ঈশ্বৰীয় গুণৰ ধাৰণা কৰিব লাগে। নিজৰ লক্ষ্য স্বৰূপৰ
স্মৃতিৰে শান্তচিত্ত, নম্ৰচিত্ত, ধৈৰ্যশীলতা, মধুৰতা, শীতলতা ইত্যাদি সকলো দৈৱীগুণ
জাগৃত কৰিব লাগে।
ধৈৰ্যশীল অৱস্থা ধাৰণ
কৰাৰ মুখ্য আধাৰ হৈছে – “ৱেট এণ্ড চি”। হে মোৰ প্ৰিয় সন্তানসকল, ‘ৱেট’ অৰ্থাৎ ধৈৰ্য
ধৰা, ‘চি’ অৰ্থাৎ চোৱা। নিজৰ অন্তৰৰ ভিতৰত প্ৰথমে ধৈৰ্যশীলতা গুণ ধাৰণ কৰি তাৰপাছত
বাহিৰত বিৰাট ড্ৰামাখন সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে। যেতিয়ালৈকে কোনো ৰহস্য শুনাৰ
সময় সমীপত নাহে তেতিয়ালৈকে ধৈৰ্যশীলতাৰ গুণৰ ধাৰণা কৰিব লাগে। সময় আহিলে সেই
ধৈৰ্যশীলতাৰ গুণেৰে ৰহস্য শুনিলে কেতিয়াও বিচলিত নহ’বা। সেইকাৰণে হে পুৰুষাৰ্থী
প্ৰাণসকল, অলপ ৰোৱা আৰু আগবাঢ়ি গৈ ৰহস্য প্ৰত্যক্ষ কৰি গৈ থাকা। এইটো ধৈৰ্যশীল
অৱস্থাৰেই গোটেই কৰ্তব্য সম্পূৰ্ণ ৰীতিৰে সিদ্ধ হয়। এইটো গুণ নিশ্চয়তাৰে বান্ধি থোৱা
আছে। এনেকুৱা নিশ্চয় বুদ্ধিৰসকলে সাক্ষীদৃষ্টা হৈ প্ৰতিখন খেল হৰ্ষিত চেহেৰাৰে
প্ৰত্যক্ষ কৰি অন্তৰেৰে ধৈৰ্যশীল আৰু অবিচলিত হৈ থাকে, এয়াই জ্ঞানৰ পৰিপক্ব অৱস্থা
যিটো অন্তিমত সম্পূৰ্ণতাৰ সময়ত ব্যৱহাৰিক ৰূপত হৈ থাকে সেইকাৰণে বহুত সময়ৰ পৰা ধৰি
এই সাক্ষীদৃষ্টাৰ অৱস্থাত স্থিৰ হৈ থকাৰ পৰিশ্ৰম কৰিব লাগে।
যেনেকৈ নাটকত
ভাৱৰীয়াই নিজৰ প্ৰাপ্ত ভূমিকা পূৰ্ণ ৰীতিৰে পালন কৰাৰ অৰ্থে আগৰে পৰাই আখৰা
কৰিবলগীয়া হয়, তেনেকৈ তোমালোক প্ৰিয় ফুলসকলেও আগন্তুক কঠিন পৰীক্ষাসমূহ যোগবলেৰে
উত্তীৰ্ণ হ’বৰ কাৰণে আগৰে পৰাই আখৰা অৱশ্যে কৰিব লাগে। কিন্তু বহু সময়ৰ পৰা যদি
পুৰুষাৰ্থ নকৰা তেন্তে সেই সময়ত ভয়-ভীত হৈ অনুত্তীৰ্ণ হৈ যাবা, সেইকাৰণে প্ৰথমতে
নিজৰ ঈশ্বৰীয় আধাৰ মজবুত কৰি দৈৱী গুণধাৰী হৈ যাব লাগে।
জ্ঞান স্বৰূপ স্থিতিত
স্থিৰ হৈ থাকিলে স্বতঃ শান্তৰূপ অৱস্থা হৈ যায়। যেতিয়া জ্ঞানী আত্মা সন্তানসকলে
একেলগে বহি মুৰুলী শুনে তেতিয়া চাৰিওফালে শান্তিৰ বায়ুমণ্ডল হৈ যায় কিয়নো তেওঁলোকে
যিয়েই মহাবাক্য শুনে তেতিয়া আন্তৰিক গভীৰতাত গুচি যায়। গভীৰতালৈ যোৱাৰ বাবে
তেওঁলোকৰ আন্তৰিক শান্তিৰ মিঠা অনুভূতি হয়। এতিয়া ইয়াৰ বাবে বিশেষভাৱে বহি পৰিশ্ৰম
কৰিব নালাগে কিন্তু জ্ঞানৰ অৱস্থাত স্থিৰ হৈ থাকিলে এই গুণ অনায়াসে আহি যায়।
তোমালোক সন্তানসকলে যেতিয়া ৰাতিপুৱা উঠি একান্তত বহা তেতিয়া শুদ্ধ বিচাৰ ৰূপী লহৰ
উৎপন্ন হয়, সেই সময়ত বহুত অনাসক্ত অৱস্থা হোৱা উচিত। আকৌ নিজৰ শুদ্ধ সংকল্পত স্থিৰ
হ’লে অন্য সকলো সংকল্প আপোনাআপুনি শান্ত হৈ যাব আৰু মন অমন অৰ্থাৎ শান্ত হৈ যাব
কিয়নো মনক বশ কৰাৰ অৰ্থেও কোনোবা শক্তিতো অৱশ্যেই লাগে সেইকাৰণে প্ৰথমে নিজৰ লক্ষ্য
স্বৰূপৰ শুদ্ধ সংকল্প ধাৰণ কৰা। যেতিয়া আন্তৰিক বুদ্ধিযোগ নিয়ম অনুসৰি হ’ব তেতিয়া
তোমালোকৰ এই অন্য সকলো সংকল্পৰ পৰা মুক্ত অৱস্থা স্বতঃ হৈ যাব। ভাল বাৰু।
অতি মৰমৰ জ্ঞানেৰে
ভৰপূৰ, জ্ঞান তৰাসকলক স্নেহপূৰ্ণ স্মৰণ, সুপ্ৰভাত আৰু নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ
লক্ষ্য স্বৰূপৰ স্মৃতিৰে শান্তচিত্ত, নম্ৰচিত্ত, ধৈৰ্যশীলতা, মধুৰতা, শীতলতা আদি
দৈৱী গুণ ধাৰণ কৰিব লাগে।
(2) নিশ্চয়বুদ্ধি
সাক্ষী দৃষ্টা হৈ এই খেলখন হৰ্ষিত চেহেৰাৰে প্ৰত্যক্ষ কৰি আন্তৰিক ধৈৰ্যশীল আৰু
বিচলিত হৈ থাকিব লাগে। বহুত সময়ৰ পৰা এই সাক্ষী দৃষ্টাৰ অৱস্থাত স্থিৰ হৈ থকাৰ
পুৰুষাৰ্থ কৰিব লাগে।
বৰদান:
এটাই মাৰ্গত
চলোঁতা আৰু এজনৰ লগতেই সম্পৰ্ক ৰাখোঁতা সম্পূৰ্ণ ফৰিস্তা হোৱা
নিৰাকাৰ বা সাকাৰ
ৰূপত বুদ্ধিৰ সংগ বা সম্পৰ্ক এজন পিতাৰ লগত দৃঢ় হ’লে তেতিয়া ফৰিস্তা হৈ যাবা। যাৰ
সৰ্ব সম্বন্ধ বা সৰ্ব সম্পৰ্ক এজনৰ লগত থাকে তেৱেঁই সদায় ফৰিস্তা হয়। যেনেকৈ চৰকাৰে
ৰাস্তাত ফলক লগাই দিয়ে যে এইটো ৰাস্তা বন্ধ, তেনেকৈ সকলো ৰাস্তা বন্ধ কৰি দিয়া
তেতিয়া বুদ্ধি দিগভ্ৰান্ত হোৱা বন্ধ হৈ যাব। বাপদাদাৰ এয়াই আদেশ যে প্ৰথমে সকলো
ৰাস্তা বন্ধ কৰি দিয়া। ইয়াৰ দ্বাৰা সহজে ফৰিস্তা হৈ যাবা।
স্লোগান:
সদায় সেৱাৰ উৎসাহ-উদ্দীপনাত থকা - এয়াই মায়াৰ পৰা সুৰক্ষাৰ সাধন।
অব্যক্ত ইংগিত: মহান
হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা
তোমালোকৰ কথা আৰু
স্বৰূপ দুয়োটা একেলগে হ’ব লাগে – কথা স্পষ্ট হওক, তাত স্নেহো থাকিব লাগে, নম্ৰতা
আৰু মধুৰতাও থাকিব লাগে। সত্যতাও থাকিব লাগে কিন্তু স্বৰূপত নম্ৰতাও থাকক, এইটো
ৰূপত পিতাক প্ৰত্যক্ষ কৰিব পাৰিবা। নিৰ্ভয় হোৱা কিন্তু কথা মৰ্যাদাৰ ভিতৰত থাকক -
যেতিয়া এই দুয়োটা কথাৰ সন্তুলন থাকিব তেতিয়াহে চমৎকাৰ দেখা যাব। তেতিয়া
তোমালোকৰ শব্দবোৰ কটু নহয়, মিঠা লাগিব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]