11.05.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
বাবা আহিছে, তোমালোক সন্তানসকলক নিজৰ সমান মহিমা যোগ্য কৰি তুলিবলৈ, পিতাৰ যি মহিমা
আছে সেয়া তোমালোকে এতিয়া ধাৰণ কৰা”
প্ৰশ্ন:
ভক্তিমাৰ্গত
পৰমাত্মা প্ৰেমিকক সম্পূৰ্ণ ৰূপে নজনা সত্ত্বেও কোনটো শব্দ বহুত প্ৰেমেৰে কয় আৰু
স্মৰণ কৰে?
উত্তৰ:
বহুত প্ৰেমেৰে কয় আৰু স্মৰণ কৰে হে প্ৰিয়তম আপুনি যেতিয়া আহিব তেতিয়া আমি কেৱল
আপোনাকেই স্মৰণ কৰিম অন্য সকলোৰে পৰা বুদ্ধিযোগ ছিঙি আপোনাৰ সৈতে লগাম। এতিয়া পিতাই
কয়- সন্তানসকল, মই আহিছোঁ গতিকে দেহী-অভিমানী হোৱা। তোমালোকৰ প্ৰথম দায়িত্ব হৈছে -
মৰমেৰে পিতাক স্মৰণ কৰা।
ওঁম্শান্তি।
মৰমৰ জীৱৰ
আত্মাসকলক, পৰমপিতা পৰমাত্মাই (যিজনে এতিয়া শৰীৰ ঋণত লৈছে) বহি বুজায় যে মই সাধাৰণ
বৃদ্ধ শৰীৰত আহোঁ। আহি বহুত সন্তানক পঢ়াওঁ। ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ
সন্তানসকলকহে বুজাব। নিশ্চয় মুখৰ দ্বাৰাই বুজাব আৰু কাক বুজাব। কয় - সন্তানসকল,
তোমালোকে মোক ভক্তিমাৰ্গত আহ্বান জনাই আহিছা - হে পতিত-পাৱন, বিশেষকৈ ভাৰতে আৰু
সাধাৰণভাৱে গোটেই জগতে আহ্বান জনায়। ভাৰতহে পাৱন আছিল, বাকী সকলো শান্তিধামত আছিল।
সন্তানসকলে এইটো স্মৃতিত ৰাখিব লাগে যে সত্যযুগ-ত্ৰেতা বুলি কাক কোৱা হয়,
দ্বাপৰ-কলিযুগ বুলি কাক কোৱা হয়। তাত কোনে কোনে ৰাজত্ব কৰিছিল, তোমালোকৰ বুদ্ধিত
সম্পূৰ্ণ জ্ঞান আছে। যেনেকৈ পিতাৰ ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে, তেনেকৈ তোমালোকৰ
বুদ্ধিতো আছে। পিতাই যি জ্ঞান দিয়ে সেয়া সন্তানসকলৰো নিশ্চয় থাকিব লাগে। পিতা আহি
সন্তানসকলক নিজৰ সমান কৰি তোলে। যিমান পিতাৰ মহিমা সিমানেই সন্তানসকলৰ। পিতাই
সন্তানসকলক অধিক মহিমামণ্ডিত কৰি তুলিছে। সদায় এনেকৈ বুজিবা যে শিৱবাবাই এওঁৰ দ্বাৰা
শিকায়। আত্মাইহে ইজনে-সিজনৰ লগত কথা পাতে। কিন্তু মনুষ্য দেহ-অভিমানী হোৱাৰ কাৰণে
ভাবে, অমুকে পঢ়ায়। বাস্তৱত সকলোবোৰ আত্মাই কৰে। আত্মাইহে ভূমিকা পালন কৰে।
দেহী-অভিমানী হ'ব লাগে। বাৰে বাৰে নিজক আত্মা বুলি বুজিব লাগে। যেতিয়ালৈকে নিজক
আত্মা বুলি নুবুজা তেতিয়ালৈকে পিতাকো স্মৰণ কৰিব নোৱাৰিবা। পাহৰি যোৱা। তোমালোকক
সোধা হয় - তোমালোক কাৰ সন্তান? তেতিয়া কোৱা আমি শিৱবাবাৰ সন্তান। দৰ্শনাৰ্থী বহীতো
লিখা আছে - আপোনাৰ পিতা কোন? তেতিয়া ততালিকে দেহৰ পিতাৰ নাম ক'ব। বাৰু - এতিয়া
আত্মাৰ পিতাৰ নাম কওক। তেতিয়া কোনোবাই শ্ৰীকৃষ্ণৰ, কোনোবাই হনুমানৰ নাম লিখিব, নহ'লে
লিখিব - আমি নাজানোঁ। হেৰ’, তোমালোকে লৌকিক পিতাক জানা আৰু পাৰলৌকিক পিতা যাক
তোমালোকে সদায় দুখত স্মৰণ কৰা, তেওঁক নাজানা! কয়ো, হে ভগৱান দয়া কৰক। হে ভগৱান এটি
সন্তান দিয়ক। বিচৰা নহয়। এতিয়া পিতাই একেবাৰে সহজ কথা শুনায়। তোমালোক দেহ-অভিমানত
বহুত থাকা সেয়েহে পিতাৰ উত্তৰাধিকাৰৰ নিচা নাবাঢ়ে। তোমালোকৰতো বহুত নিচা বাঢ়ি থাকিব
লাগে। ভক্তি কৰেই - ভগৱানক সাক্ষাৎ কৰিবৰ কাৰণে। যজ্ঞ, তপ, দান-পুণ্য আদি কৰা এয়া
সকলো ভক্তি। সকলোৱে এজন ভগৱানক স্মৰণ কৰে। পিতাই কয় - মই তোমালোকৰ স্বামীৰো স্বামী
হওঁ, পিতাৰো পিতা হওঁ। সকলো পিতাই ভগৱানক নিশ্চয় স্মৰণ কৰে। আত্মাসকলেহে স্মৰণ কৰে।
যদিওবা কয়, ভ্ৰূকুটিৰ মধ্যত চিকমিকাই বিচিত্ৰ তৰা...... কিন্তু নুবুজাকৈয়ে এনেকৈ কৈ
দিয়ে। ৰহস্যৰ বিষয়ে একোৱেই গম নাপায়। তোমালোকে আত্মাকেই নাজানা তেন্তে আত্মাৰ পিতাক
কেনেকৈ জানিব পাৰিবা। ভক্তিমাৰ্গৰ লোকসকলৰ সাক্ষাৎকাৰতো হয়। ভক্তিমাৰ্গত পূজাৰ কাৰণে
ডাঙৰ ডাঙৰ লিঙ্গ ৰাখি দিয়ে কিয়নো যদি বিন্দুৰ ৰূপ দেখুৱায় তেন্তে কোনেও বুজি নাপাব।
এইটো হৈছে সূক্ষ্ম কথা। পৰমাত্মা যাক অখণ্ড জ্যোতি স্বৰূপ বুলি কয়, মনুষ্যই কয় তেওঁ
কিবা বহুত ডাঙৰ ৰূপ আছে। ব্ৰহ্মসমাজী পন্থীৰ সকলে জ্যোতিক পৰমাত্মা বুলি কয়। জগতত
এইটো কোনেও গম নাপায় যে পৰমপিতা পৰমাত্মা বিন্দু হয়, তেনেকৈ ক’লে বিবুদ্ধিত পৰি যায়।
সন্তানসকলেও কয়, বাবা কাক স্মৰণ কৰোঁ। আমিতো শুনিছিলোঁ তেওঁ ডাঙৰ লিঙ্গ, তেওঁক
স্মৰণ কৰিব পাৰি। এতিয়া বিন্দুক কেনেকৈ স্মৰণ কৰোঁ? হেৰ’ তোমালোক আত্মাসকলো বিন্দু,
পিতাও বিন্দু। আত্মাক আহ্বান জনায়, তেওঁ নিশ্চয় ইয়াতেই আহি বহিব। ভক্তিমাৰ্গত যি
সাক্ষাৎকাৰ আদি হয়, এই সকলোবোৰ হৈছে ভক্তি। ভক্তিও এজনৰ নকৰে, বহুতকে ভগৱান বুলি
মান্যতা দি দিছে। ভক্ত যিয়ে ভক্তি কৰে, তেওঁক ভগৱান বুলি কেনেকৈ ক'ব। যদি পৰমাত্মা
সৰ্বব্যাপী বুলি কয় তেন্তে আকৌ ভক্তি কাৰ কৰে। সেয়াও ভিন্ন প্ৰকাৰৰ ভক্তি কৰে।
পিতাই বুজায় -
সন্তানসকল, এনেকৈ নাভাবিবা যে আমি অনেক বছৰ জীয়াই থাকিব লাগে। এতিয়া সময় বহুত সমীপত
আহি আছে। নিশ্চয়তা থাকিব লাগে, বাবাই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰাব লাগে। পিতাই
নিজেই কয় - মই এওঁৰ দ্বাৰা তোমালোকক সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য শুনাওঁ। গায়নো কৰে
- ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। এইটো নাজানে যে নতুন সৃষ্টিক বিষ্ণুপুৰী বুলি কোৱা হয়
অৰ্থাৎ বিষ্ণুৰ দুটি ৰূপে ৰাজত্ব কৰিছিল। কোনেও নাজানে যে বিষ্ণু কোন। তোমালোকে জানা
যে এই ব্ৰহ্মা-সৰস্বতীয়েই পুনৰ বিষ্ণুৰ দুটি ৰূপ লক্ষ্মী-নাৰায়ণ হৈ প্ৰতিপালন কৰে।
ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰী অৰ্থাৎ স্বৰ্গৰ স্থাপনা, পুনৰ প্ৰতিপালন কৰিব। তোমালোকৰ
বুদ্ধিত উদয় হ’ব লাগে - পিতা জ্ঞানৰ সাগৰ। মনুষ্য সৃষ্টিৰ বীজ ৰূপ। তেওঁ এই ড্ৰামাৰ
আদি-মধ্য-অন্তক জানে। তেৱেঁই পতিত-পাৱন, যিটো পিতাৰ বেপাৰ সেয়াই তোমালোকৰ।
তোমালোকেও পতিতৰ পৰা পাৱন কৰি তোলা। জগতত এজন পিতাৰ 3-4টি সন্তান হ'ব, কোনোবাজন
সন্তান বহুত উচ্চ শিখৰত আৰোহণ কৰা হ’ব, কোনোবাজন একেবাৰে নিম্ন পৰ্যায়ৰ হ'ব। ইয়াত
তোমালোকক পিতাই এটাই বেপাৰ শিকায় যে তোমালোকে পতিতসকলক পাৱন কৰি তোলা। সকলোকে এইটো
লক্ষ্য দিয়া যে শিৱবাবাই কয় - মোক স্মৰণ কৰা। ‘গীতা’ত শ্ৰীকৃষ্ণ ভগৱানুবাচ বুলি
ওলোটাকৈ লিখি দিছে। তোমালোকে বুজাব লাগে - ভগৱানতো নিৰাকাৰ, পুনৰ্জন্ম ৰহিত। বচ
এইটোৱেই ভুল। এতিয়া তোমালোক সন্তানসকল কৃষ্ণপুৰীৰ মালিক হৈ আছা। কোনোবা ৰাজধানীত আহে,
কোনোবা প্ৰজাত। কৃষ্ণপুৰী বুলি কোৱা হয় কিয়নো শ্ৰীকৃষ্ণ সকলোৰে অতিকৈ মৰমৰ। শিশু
মৰমৰ হয় নহয়। সন্তানসকলৰো মা-পিতাৰ প্ৰতি মৰম গঢ়ি উঠে। মৰম চাৰিওফালে সিঁচৰতি হৈ
যায়। এতিয়া পিতাই বুজায় - তোমালোকে নিজক শৰীৰ বুলি নাভাবিবা। বাৰে বাৰে নিজক আত্মা
বুলি নিশ্চয় কৰা। আত্মা-অভিমানী হোৱা। পিতাও নিৰাকাৰ। ইয়াতো শৰীৰ ধাৰণ কৰিবলগীয়া হয়
- বুজাবৰ কাৰণে। শৰীৰ অবিহনেতো বুজাব নোৱাৰিব। তোমালোকৰতো নিজৰ শৰীৰ আছে, বাবাই আকৌ
ঋণত লয়। বাকী ইয়াত প্ৰেৰণা আদিৰ কথাই নাই। পিতাই নিজে কয় - মই শৰীৰ ধাৰণ কৰি
সন্তানসকলক পঢ়াওঁ কিয়নো তোমালোক আত্মা যি এতিয়া তমোপ্ৰধান হৈ গ’লা, তাক সতোপ্ৰধান
কৰি তুলিব লাগে। গায়নো কৰে, পতিত-পাৱন আহক, কিন্তু অৰ্থ বুজি নাপায়। এতিয়া তোমালোকে
বুজি পোৱা - পিতাই কেনেকৈ আহি পাৱন কৰি তোলে। এইটোও তোমালোকে জানা। সত্যযুগত কেৱল
আমাৰেই সৰু বৃক্ষ হ'ব, তোমালোক স্বৰ্গলৈ যাবা। বাকী যি ইমানবোৰ খণ্ড আছে তাৰ
নাম-চিহ্ন নাথাকিব। ভাৰত খণ্ডহে স্বৰ্গ হ'ব। পৰমপিতা পৰমাত্মাহে আহি স্বৰ্গৰ স্থাপনা
কৰে। এতিয়া নৰক। প্ৰাচীন ভাৰত খণ্ডতেই দেৱতাসকলৰ ৰাজ্য আছিল, এতিয়া নাই। তেওঁলোকৰ
ইয়াত মন্দিৰ আছে, চিত্ৰ আছে। তেন্তে ভাৰতৰেই কথা হ'ল। এইটো কোনো ভাৰতবাসীৰ বুদ্ধিত
উদয় নহয় যে ভাৰত স্বৰ্গ আছিল, এই লক্ষ্মী-নাৰায়ণ মালিক আছিল আৰু কোনো খণ্ড নাছিল।
এতিয়াতো অনেক ধৰ্ম আহি গ'ল। ভাৰতবাসী ধৰ্ম-ভ্ৰষ্ট, কৰ্ম-ভ্ৰষ্ট হৈ গ'ল। শ্ৰীকৃষ্ণক
শ্যাম-সুন্দৰ বুলি কৈ দিয়ে কিন্তু অৰ্থ বুজি নাপায়। যথাযথ এওঁ ক’লা বৰণীয়া আছিল।
এনেকৈ কয় - শ্ৰীকৃষ্ণক সাপে দংশিলে তেতিয়া ক’লা বৰণীয়া হৈ গ'ল। এতিয়া তেওঁতো
সত্যযুগৰ ৰাজকুমাৰ আছিল, কেনেকৈ ক'লা হৈ গ’ল। এতিয়া তোমালোকে এই কথাবোৰ বুজি পোৱা।
শ্ৰীকৃষ্ণৰ মাতা-পিতায়ো এতিয়া পঢ়ি আছে। মাতা-পিতাতকৈও উত্তম শ্ৰীকৃষ্ণৰ গায়ন কৰা হয়।
মাতা-পিতাৰ কোনো নাম নাই। নহ'লেতো যি মাতা-পিতাৰ পৰা এনেকুৱা সন্তান জন্ম হ’ল সেই
মাতা-পিতাও মৰমৰ হোৱা উচিত। কিন্তু নহয়, গোটেই মহিমা ৰাধা-কৃষ্ণৰ। মাতা-পিতাৰ
একোৱেই নাই। তোমালোকৰ বুদ্ধিত জ্ঞান আছে। জ্ঞান হৈছে দিন, ভক্তি হৈছে ৰাতি। অন্ধকাৰ
ৰাতি ঠেকা-খুন্দা খাই থাকে।
এতিয়া তোমালোক
সন্তানসকলক বুজোৱা হয় - ঘৰত থাকা, এই সেৱাও কৰি থাকা। যিকোনো লোককে বুজোৱা যে আপুনি
হৈছে আধাকল্পৰ প্ৰেমিকা, এজন প্ৰেমিকৰ। ভক্তিমাৰ্গত সকলোৱে তেওঁক স্মৰণ কৰে তেন্তে
প্ৰেমিকা হ'ল নহয়। কিন্তু প্ৰেমিকক সম্পূৰ্ণ ৰূপে নাজানে। বহুত প্ৰেমেৰে স্মৰণ কৰে,
হে প্ৰিয়তম আপুনি যেতিয়া আহিব তেতিয়া আমি কেৱল আপোনাকেই স্মৰণ কৰিম অন্য সকলোৰে পৰা
বুদ্ধিযোগ আঁতৰাই আপোনাৰ সৈতে গঢ়িম। এনেকৈতো গাইছিলা নহয়, কিন্তু পিতাৰ পৰা আমি কি
উত্তৰাধিকাৰ পাওঁ, এইটো কোনেও গম নাপায়। এতিয়া পিতাই বুজায় - তোমালোক দেহী-অভিমানী
হোৱা। পিতাক স্মৰণ কৰাটো তোমালোক সন্তানসকলৰ প্ৰথম দায়িত্ব। পুত্ৰই সদায় পিতাক,
কন্যাই মাকক স্মৰণ কৰে। সমগোত্ৰীয় হয় নহয়। পুত্ৰই বুজি পায় মই পিতাৰ উত্তৰাধিকাৰী
হ'ম। কন্যাই জানো ক'ব, কন্যাইতো ভাবে মই মাতা-পিতাৰ ঘৰৰ পৰা শহুৰৰ ঘৰলৈ যাব লাগিব।
এতিয়া তোমালোকৰ নিৰাকাৰ আৰু সাকাৰ দুয়োখন মাতা-পিতাৰ ঘৰ। আহ্বানো জনায়, হে পৰমপিতা
পৰমাত্মা দয়া কৰক। দুখ হৰণ কৰক, সুখ দিয়ক, আমাক মুক্ত কৰক, আমাৰ মাৰ্গ-দৰ্শক হওক।
কিন্তু ইয়াৰ অৰ্থ ডাঙৰ ডাঙৰ বিদ্ধান আশ্চৰ্যসকলেও নাজানে। পিতাতো সকলোৰে মুক্তিদাতা
হয়, তেৰ্ৱেঁই সকলোৰে কল্যাণকাৰী হয়। বাকী তেওঁলোকে নিজৰে কল্যাণ কৰিব নোৱাৰে তেন্তে
অন্যৰ কি কৰিব। ইয়াত পিতাই কয় - মই গুপ্তভাৱে আহোঁ, ‘খোদা-দোস্ত’ৰ কাহিনী শুনিছা
নহয়। এতিয়া এইখন কলিযুগ আৰু সত্যযুগৰ মাজৰ সাঁকো, সিপাৰলৈ যাব লাগে। এতিয়া খোদাতো
হৈছে পিতা, বন্ধুও হয়। মাতা, পিতা, শিক্ষকৰ ভূমিকাও পালন কৰে। ইয়াত তোমালোকৰ
সাক্ষাৎকাৰ হয় তেতিয়া যাদু যাদু বুলি কৈ দিয়ে। সাক্ষাৎকাৰতো ঐকান্তিক ভক্তি
কৰোঁতাসকলৰো হয়, বহুত তীক্ষ্ণ ভক্ত হয়। দৰ্শন দিয়ক নহ'লে মই ডিঙি কাটি দিম, তেতিয়া
সাক্ষাৎকাৰ হয়, তাক ঐকান্তিক ভক্তি বুলি কোৱা হয়। ইয়াত ঐকান্তিক ভক্তিৰ কথা নাই।
ঘৰত বহি বহিও বহুতৰে সাক্ষাৎকাৰ হৈ থাকে। দিব্য দৃষ্টিৰ চাবিকাঠী মোৰ লগত আছে।
অৰ্জুনকো ময়েই দিব্য দৃষ্টি দিলোঁ নহয়। এয়া বিনাশ চোৱা, নিজৰ ৰাজ্য চোৱা। এতিয়া
মামেকম্ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা তেন্তে এয়া হ'বাগৈ। এতিয়া তোমালোকে বুজি
পোৱা - বিষ্ণু কোন? মন্দিৰ নিৰ্মাণ কৰোঁতাসকলে নিজেই নাজানে। বিষ্ণুৰ দ্বাৰা
প্ৰতিপালন, 8 (চাৰি)খন ভুজাধাৰীৰ অৰ্থই হৈছে – 2 খন ভুজা পুৰুষৰ, 2 খন ভুজা নাৰীৰ।
বিষ্ণুৰ দুটি ৰূপ লক্ষ্মী-নাৰায়ণ। কিন্তু একোৱেই বুজি নাপায়। কাৰোৰে জ্ঞান নাই।
শিৱবাবাকো নাজানে, বিষ্ণুকো নাজানে। পোন-প্ৰথমে বাবাৰ আকৰ্ষণ আছিল, বহুত আহিছিল।
আৰম্ভণিত গোটেই চোতাল ভৰি গৈছিল। জজ, মেজিষ্ট্ৰেড আদি সকলো আহিছিল। আকৌ বিকাৰৰ
কাজিয়া আৰম্ভ হ’ল, ক’বলৈ ধৰিলে যে সন্তান জন্ম নহ’লে সৃষ্টি কেনেকৈ চলিব। এয়াতো
সৃষ্টি বৃদ্ধিৰ নিয়ম। ‘গীতা’ৰ কথাই পাহৰি গ’ল যে ভগৱানুবাচ (ভগৱানৰ বাণী) – কাম
মহাশত্ৰু, তাৰ ওপৰত জয়ী হ’ব লাগে। ক’বলৈ ধৰিলে স্ত্ৰী-পুৰুষ দুয়ো একেলগে আহিলেহে
তেওঁলোকক জ্ঞান দিয়া। অকলশৰীয়াকৈ নিদিবা। এতিয়া দুয়ো আহিলেহে জ্ঞান দিম নহয়। চোৱা
দুয়োকে একেলগে জ্ঞান দিলে তেতিয়াও কোনোবাই জ্ঞান লয়, কোনোবাই জ্ঞান নলয়। ভাগ্যত
নাথাকিলে তেন্তে কি কৰিব পাৰি। এগৰাকী হংস, এগৰাকী বগলী হৈ যায়। ইয়াত তোমালোক
ব্ৰাহ্মণ দেৱতাসকলতকৈও উত্তম। জানা যে আমি ঈশ্বৰৰ সন্তান, শিৱবাবাৰ সন্তান। তাত
স্বৰ্গত তোমালোকৰ এই জ্ঞান নাথাকিব, আনকি যেতিয়া নিৰাকাৰী সৃষ্টি মুক্তিধামত থাকিবা
তেতিয়াও এই জ্ঞান নাথাকিব। এই জ্ঞান শৰীৰৰ লগতেই শেষ হৈ যায়। এতিয়া তোমালোকৰ জ্ঞান
আছে, এজন বাবাই পঢ়াই আছে। এতিয়া এই খেল পূৰা হয়, সকলো ভাৱৰীয়া উপস্থিত আছে। বাবাৰো
আগমণ হৈছে। বাকী থকা আত্মাসকলো আহি থাকে। যেতিয়া সকলো আহি যাব তেতিয়া বিনাশ হ’ব আৰু
তাৰপাছত সকলোকে পিতাই লগত লৈ যাব। সকলোৱে যাব লাগে, এই পতিত সৃষ্টিৰ বিনাশ হ’ব। ভাল
বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ
পতিতৰ পৰা পাৱন কৰি তোলাৰ যি বেপাৰ সেইটো বেপাৰেই কৰিব লাগে। সকলোকে লক্ষ্য দিব লাগে
যে পিতাক স্মৰণ কৰা আৰু পাৱন হোৱা।
(2) এই ব্ৰাহ্মণ জীৱন
দেৱতাসকলতকৈও উত্তম জীৱন, এইটো নিচাত থাকিব লাগে। বুদ্ধিৰ যোগ অন্য সকলোৰে পৰা ছিঙি
একমাত্ৰ প্ৰিয়তমক স্মৰণ কৰিব লাগে।
বৰদান:
ত্যাগ আৰু
স্নেহৰ শক্তিৰে সেৱাত সফলতা প্ৰাপ্ত কৰোঁতা স্নেহী সহযোগী হোৱা
যেনেকৈ আৰম্ভণিত
জ্ঞানৰ শক্তি কম আছিল কিন্তু ত্যাগ আৰু স্নেহৰ আধাৰত সফলতা প্ৰাপ্ত হ’ল। বুদ্ধিত
দিনে-ৰাতিয়ে বাবা আৰু যজ্ঞৰ প্ৰতি নিষ্ঠা আছিল, অন্তৰৰ পৰা ওলাইছিল বাবা আৰু যজ্ঞ।
এই স্নেহেই সকলোকে সহযোগত আনিলে। এইটো শক্তিৰে সেৱাকেন্দ্ৰ স্থাপন হ’ল। সাকাৰ
স্নেহেৰেই মনমনাভৱ হ’ল, সাকাৰ স্নেহেই সহযোগী কৰি তুলিলে। এতিয়াও ত্যাগ আৰু স্নেহৰ
শক্তিৰে আৱৰণৰ সৃষ্টি কৰা তেতিয়া সফলতা প্ৰাপ্ত হৈ যাব।
স্লোগান:
ফৰিস্তা হ'বলৈ হ'লে ব্যৰ্থ বচন আৰু অশান্ত কৰা বচনৰ পৰা মুক্ত হোৱা।
অব্যক্ত ইংগিত: সদায়
অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা
যি কথাই নহওক, লাগিলে
প্ৰকৃতিৰেই হওক বা ব্যক্তিৰেই হওক - সেইবোৰে যেন অবিচলিত স্থিতিৰ আসনৰ পৰা অলপো
বিচলিত কৰিব নোৱাৰে। ইমান দৃঢ় হোৱা নহয়! যেনেকৈ চোৱা, যদি শৰীৰ আসনত স্থিৰ হৈ থাকিব
নোৱাৰে, তেন্তে ই বিচলিত হ’ব নহয়। তেনেকৈ মন বিচলিততো নহয়? সদায় অচল-অটল হৈ থাকিব
লাগে, অলপো যাতে অস্থিৰতা নাথাকে। যদি কেতিয়াবা বিচলিত আৰু কেতিয়াবা অবিচলিত হৈ
থাকা, তেন্তে সিংহাসনখনো কেতিয়াবা পাবা, কেতিয়াবা নাপাবা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]