11.07.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
এতিয়া হৈছে শূন্য অৱস্থা অৰ্থাৎ অশৰীৰী হোৱাৰ সময়, এইটো অৱস্থাত থকাৰ অভ্যাস কৰা"”
প্ৰশ্ন:
সকলোতকৈ উচ্চ
লক্ষ্য কোনটো, তাৰ প্ৰাপ্তি কেনেকৈ হ'ব?
উত্তৰ:
সম্পূৰ্ণ সভ্য হোৱা, এয়াই উচ্চ লক্ষ্য। কৰ্মেন্দ্ৰিয় যাতে অলপো চঞ্চল নহয় তেতিয়াহে
সম্পূৰ্ণ সভ্য হ’বা। যেতিয়া এনেকুৱা অৱস্থা হ'ব তেতিয়াহে বিশ্বৰ বাদশ্বাহী পাব
পাৰিবা। গায়নো আছে আৰোহণ কৰিলে স্বৰ্গৰ সোৱাদ পাব..... অৰ্থাৎ ৰজাৰো ৰজা হ’ব, নহ'লে
প্ৰজা। এতিয়া পৰীক্ষা কৰা যে মোৰ বৃত্তি কেনেকুৱা? কোনোধৰণৰ ভুলতো নহয়?
ওঁম্শান্তি।
আত্ম-অভিমানী
হৈ বহিব লাগে। পিতাই সন্তানসকলক বুজায় যে নিজক আত্মা বুলি বুজা। এতিয়া পিতাই আদিৰ
পৰা অন্তলৈকে ভূমিকা পালন কৰোঁতাসকলক সোধে যে সত্যযুগত আত্ম-অভিমানী হয় নে
দেহ-অভিমানী হয়? তাততো আপোনাআপুনি আত্ম-অভিমানী হৈ থাকে, বাৰে বাৰে স্মৰণ কৰাৰ
প্ৰয়োজন নাই। অৱশ্যে হয়, তাত এইটো বুজি পায় যে এতিয়া এই শৰীৰ বৃদ্ধ হ'ল, এতিয়া ইয়াক
ত্যাগ কৰি অন্য নতুন এটা ল'ব লাগে। যেনেকৈ সাপৰ উদাহৰণ দিয়া হয়, তেনেকৈ আত্মায়ো এই
পুৰণা শৰীৰ এৰি নতুন লয়। ভগৱানে উদাহৰণ দি বুজায়। তোমালোকে সকলো মনুষ্যকে জ্ঞানৰ
ভোঁ ভোঁ কৰি নিজৰ সমান জ্ঞানৱান কৰি তুলিব লাগে। যাৰ দ্বাৰা পৰীস্তানৰ নিৰ্বিকাৰী
দেৱতা হৈ যাব। উচ্চতকৈও উচ্চ পঢ়া হৈছে মনুষ্যৰ পৰা দেৱতা কৰি তোলা। গায়নো আছে নহয় -
মনুষ্যক দেৱতা কৰি তুলিলে..... কোনে কৰিলে? দেৱতাসকলে কৰা নাছিল। ভগৱানেহে মনুষ্যক
দেৱতা কৰি গঢ়ি তোলে। মনুষ্যই এই কথাবোৰ নাজানে। তোমালোকক সকলো ঠাইতে সোধে -
আপোনালোকৰ লক্ষ্য-উদ্দেশ্য কি? তেন্তে কিয়নো লক্ষ্য-উদ্দেশ্যক লিখনিৰ ৰূপত সৰু
পত্ৰিকা ছপা কৰি নাৰাখা। যিসকলে সোধে তেওঁলোকক পত্ৰিকা দি দিয়া যাৰ দ্বাৰা বুজি পাব।
বাবাই বহুত ভাল ৰীতিৰে বুজাইছে - এই সময়ত এয়া হৈছে কলিযুগী পতিত সৃষ্টি য'ত মহান
সীমাহীন দুখ আছে। এতিয়া বাবাই আমাক মনুষ্যসকলক সত্যযুগী পৱিত্ৰ মহান সুখধামলৈ লৈ
যাবলৈ সেৱা কৰি আছে বা ৰাস্তা দেখুৱাই আছে। এনকুৱা নহয় যে আমি অদ্বৈত জ্ঞান দিওঁ।
তেওঁলোকে শাস্ত্ৰৰ জ্ঞানক অদ্বৈত জ্ঞান বুলি ভাবে। আচলতে সেয়া কোনো অদ্বৈত জ্ঞান
নহয়। অদ্বৈত জ্ঞান বুলি লিখাটোও ভুল। মনুষ্যক স্পষ্ট কৰি শুনাব লাগে, এনেকুৱা লিখনি
ছপাব লাগে যাতে তৎক্ষণাৎ বুজি পায় যে এওঁলোকৰ উদ্দেশ্য কি? কলিযুগী পতিত ভ্ৰষ্টাচাৰী
মনুষ্যক আমি অপাৰ দুখৰ পৰা মুক্ত কৰি সত্যযুগী পৱিত্ৰ শ্ৰেষ্ঠাচাৰী অপাৰ সুখৰ
সৃষ্টিলৈ লৈ যাওঁ। বাবাই এয়া নিবন্ধ সন্তানসকলক লিখিবলৈ দিয়ে। নিবন্ধ স্পষ্টকৈ
লিখিব লাগে। সকলো ঠাইতে তোমালোকৰ এনেকুৱা লিখনি থাকিব লাগে, তৎক্ষণাৎ সেয়া উলিয়াই
দিব লাগে তেতিয়া বুজিব যে আমি দুখধামত আছোঁ। আৱৰ্জনাৰ মাজত পৰি আছোঁ। মনুষ্যই জানো
এনেকৈ ভাবে যে আমি কলিযুগী পতিত, দুখধামৰ মনুষ্য। এওঁলোকে আমাক অপাৰ সুখত লৈ যায়।
সেয়েহে এনেকুৱা এখন ভাল পত্ৰিকা তৈয়াৰ কৰিব লাগে। যেনেকৈ বাবায়ো ছপাইছিল - সত্যযুগী
হোৱা নে কলিযুগী? কিন্তু মনুষ্যই বুজি পায় জানো। ৰত্নকো পাথৰ বুলি ভাবি পেলাই দিয়ে।
এয়া হ’ল জ্ঞান ৰত্ন। তেওঁলোকে ভাবে শাস্ত্ৰত ৰত্ন আছে। তোমালোকে স্পষ্ট কৰি এনেকৈ
কোৱা যাতে বুজি পায় যে ইয়াততো অপাৰ দুখ আছে। দুখৰো তালিকা উলিওৱা, অতি কমেও 101 টা
নিশ্চয় হ’ব লাগে। এই দুখধামত অপাৰ দুখ আছে, এই সকলো লিখা, সম্পূৰ্ণ তালিকা উলিওৱা।
আনফালে আকৌ অপাৰ সুখ, তাত দুখৰ নাম নাথাকে। আমি সেইখন ৰাজ্য অথবা সুখধাম স্থাপনা কৰি
আছোঁ যাতে তৎক্ষণাৎ মনুষ্যৰ মুখ বন্ধ হৈ যায়। এয়া জানো কোনোবাই বুজি পায় যে এই সময়ত
হৈছে দুখধাম, ইয়াকতো তেওঁলোকে স্বৰ্গ বুলি ভাবি বহি আছে। ডাঙৰ ডাঙৰ মহল, নতুন নতুন
মন্দিৰ আদি নিৰ্মাণ কৰি থাকে, এইটো জানো জানে যে এই সকলোবোৰ নাশ হৈ যাব। উপঢৌকনৰ
টকাতো তেওঁলোকে বহুত পায়। পিতাই বুজাইছে যে এয়া সকলো হৈছে মায়াৰ, বিজ্ঞানৰ অহংকাৰ,
মটৰগাড়ী, উৰাজাহাজ আদি সকলো মায়াৰ জাকজমকতা। এইটোও নিয়ম আছে, যেতিয়া পিতাই স্বৰ্গৰ
স্থাপনা কৰে, তেতিয়া মায়ায়ো নিজৰ জাকজমকতা দেখুৱায়, ইয়াক কোৱা হয় মায়াৰ পাম্প।
এতিয়া তোমালোক
সন্তানসকলে গোটেই বিশ্বত শান্তি স্থাপনা কৰি আছা। যদি মায়াই ক'ৰবাত প্ৰৱেশ কৰে
তেন্তে সন্তানসকলৰ বিবেকে দংশন কৰি থাকে। যেতিয়া কোনোবা কাৰোবাৰ নাম-ৰূপত আৱদ্ধ হৈ
যায় তেতিয়া পিতাই বুজায় - এয়া হৈছে আসুৰিকতা। কলিযুগত হৈছে অসভ্যতা। সত্যযুগত হৈছে
সভ্যতা। এই দেৱতাসকলৰ আগত সকলোৱে মূৰ দোৱায়, আপোনালোক নিৰ্বিকাৰী আমি বিকাৰী, সেয়েহে
পিতাই কয় - প্ৰত্যেকে নিজৰ অৱস্থাক চোৱা। ডাঙৰ ডাঙৰ ভাল মহাৰথীসকলে নিজকে চোৱা আমাৰ
বুদ্ধি কাৰোবাৰ নাম-ৰূপৰ ফালেতো নাযায়? অমুক বহুত ভাল, এইটো কৰো - অন্তৰত এনেকুৱা
খেয়াল আহে নেকি? এয়াতো বাবাই জানে যে এই সময়ত সম্পূৰ্ণ সভ্য কোনো নাই। অলপো যাতে
চঞ্চলতা নাহে, তাৰ বাবে বহুত যত্ন কৰিবলগীয়া হয়। কোনোবা বিৰলজনহে এনেকুৱা হয়। চকুৱে
কিবা নহয় কিবা প্ৰৱঞ্চনা নিশ্চয় কৰে। ড্ৰামাই কাকো ইমান সোনকালে সভ্য কৰি নোতোলে।
বহুত পুৰুষাৰ্থ কৰি নিজক পৰীক্ষা কৰিব লাগে – কৰ’বাত মোৰ দুচকুৱে প্ৰবঞ্চনাতো নকৰে?
বিশ্বৰ মালিক হোৱাতো বহুত উচ্চ লক্ষ্য। আৰোহণ কৰিলে স্বৰ্গৰ সোৱাদ পাব…… অৰ্থাৎ
ৰজাৰো ৰজা হ’ব, অধঃপতিত হ’লে প্ৰজাত গুচি যাব। এতিয়াতো বিকাৰী সময় বুলি ক’ব।
যিমানেই ডাঙৰ ব্যক্তি নহওঁক, ৰাণীয়েই হওঁক যেনিবা কিন্তু তেওঁলোকৰ অন্তৰতো ভয় থাকে
যে কোনোবাই যদি সিংহাসনচ্যুত কৰি দিয়ে। প্ৰত্যেক মনুষ্যৰ মাজতে অশান্তি আছে। কোনো
কোনো সন্তানেও কিমান অশান্তি বিয়পায়। তোমালোকে শান্তি স্থাপনা কৰি আছা, তেন্তে
প্ৰথমে নিজে শান্তিত থাকা, তেতিয়া আনেও সেই বল পাব। তাততো বহুত শান্তিৰ ৰাজ্য চলে।
চকু সভ্য হৈ যায়। সেয়েহে পিতাই কয় - নিজক পৰীক্ষা কৰা - আজি মোৰ অৰ্থাৎ আত্মাৰ
বৃত্তি কেনেকুৱা হৈ থাকিল? এই ক্ষেত্ৰত বহুত যত্ন কৰিবলগীয়া হয়। নিজকে চম্ভালিব লাগে।
বেহদৰ পিতাকো কেতিয়াও সঁচা কথা নকয়। খোজে প্ৰতি ভুল হৈ থাকে। অলপো যদি আসুৰিক
দৃষ্টিৰে চোৱা, ভুল হ’ল, ততালিকে টুকি ৰাখা। 10-20 টা ভুলতো সদায় নিশ্চয় কৰা,
যেতিয়ালৈকে নিৰ্ভুল নোহোৱা। কিন্তু সঁচা কথা জানো কোনোবাই কয়। দেহ-অভিমানী হ’লে কিবা
নহয় কিবা পাপ নিশ্চয় হ’ব। সেইটোৱে বিবেক দংশন কৰি থাকিব। কিছুমানেতো বুজিয়ে নাপায়
ভুল কাক কোৱা হয়। জন্তুৱে জানো বুজি পায়! তোমালোকো এই জ্ঞান পোৱাৰ আগতে বান্দৰ
বুদ্ধিৰ আছিলা। এতিয়া কোনোবা 50 শতাংশ, কোনোবা 10 শতাংশ কোনোবা আন কিবা হিচাপত সলনি
হৈ গৈ থাকে। এই দুচকুৱে বহুত প্ৰবঞ্চনা কৰে। এই দুচকু হৈছে সকলোতকৈ তীক্ষ্ণ।
পিতাই কয় - তোমালোক
আত্মাসকল অশৰীৰী হৈ আহিছিলা। শৰীৰ নাছিল। এতিয়া তোমালোকে জানা জানো যে ইয়াৰ পাছত
কোনটো শৰীৰ ধাৰণ কৰিবা, কি সম্বন্ধত যাবা? জ্ঞাত নহয়। গৰ্ভত আত্মা একেবাৰে শূন্য হৈ
থাকে। আত্মা একেবাৰে শূন্য হৈ যায়। যেতিয়া দেহ ডাঙৰ হয়, তেতিয়া জ্ঞাত হয়। গতিকে
তোমালোক এনেকুৱা হৈ যাব লাগে। বচ, এই পুৰণা শৰীৰ ত্যাগ কৰি আমি যাব লাগে আকৌ যেতিয়া
শৰীৰ ল’ম তেতিয়া স্বৰ্গত নিজৰ ভূমিকা পালন কৰিম। শূন্য হোৱাৰ এয়াই সময়। যদিও আত্মাই
সংস্কাৰ লৈ যায়, যেতিয়া শৰীৰ ডাঙৰ হয় তেতিয়াহে সংস্কাৰ জাগৃত হয়। এতিয়া তোমালোক ঘৰলৈ
যাব লাগে সেয়েহে পুৰণি সৃষ্টিৰ, এই শৰীৰৰ বোধ আঁতৰাই দিব লাগে। একোৱে যাতে স্মৃতিত
নাথাকে। বহুত সাৱধনতা অৱলম্বন কৰিব লাগে। যি অন্তৰত থাকিব সেয়া বাহিৰলৈ ওলাব।
শিৱবাবাৰ অন্তৰতো জ্ঞান আছে, মোৰো ভূমিকা আছে। মোৰ কাৰণে কয় - জ্ঞানৰ সাগৰ…. মহিমা
গায়, অৰ্থ একো নাজানে। এতিয়া তোমালোকে অৰ্থসহিত জানা। বাকী আত্মাৰ বুদ্ধি মূল্যহীন
হৈ যায়। এতিয়া পিতাই কিমান বুদ্ধিমান কৰি তোলে। মনুষ্যৰতো কোটি, পদমৰ হিচাপত আছে।
এয়া মায়াৰ পাম্প নহয় জানো। বিজ্ঞানৰ যিবোৰ কামৰ বস্তু আছে সেয়া তাতো থাকিব। সেইবোৰ
তৈয়াৰ কৰোঁতাসকল তালৈও যাব। ৰজাতো নহ’বগৈ। এই লোকসকল অন্তিম সময়ত তোমালোকৰ ওচৰলৈ
আহিব আৰু আনকো শিকাব। এজন পিতাৰ পৰা তোমালোকে কিমান শিকা। এজন পিতাই জগতক কিহ’ৰ পৰা
কি কৰি তোলে। আৱিষ্কাৰ সদায় এজনে কৰে তাৰপাছত বিয়পাই দিয়ে। বোমা তৈয়াৰ কৰোঁতাও
প্ৰথমে এজনেই আছিল। বুজি পালে ইয়াৰ দ্বাৰা সৃষ্টি নাশ হৈ যাব। পুনৰ আৰু তৈয়াৰ কৰি
গৈ থাকিল। তাতো বিজ্ঞানৰ আৱশ্যকতা আছে। সময় আছে, শিকি বুদ্ধিমান হৈ যাব। পিতাৰ
পৰিচয় প্ৰাপ্ত হোৱাৰ পাছত স্বৰ্গত আহি দাস-দাসী হ’ব। তাত হৈছে সকলো সুখৰ কথা। যি
সুখধামত আছিল সেয়া তাত পুনৰ হ’ব। তাত কোনো ৰোগ-দুখৰ কথা নাই। ইয়াততো সীমাহীন দুখ আছে।
তাত সীমাহীন সুখ আছে। এতিয়া আমি এয়া স্থাপনা কৰি আছোঁ। দুখ হৰ্তা, সুখ কৰ্তা এজন
পিতাই হয়। প্ৰথমে নিজৰো এনেকুৱা অৱস্থা হোৱা উচিত, কেৱল পাণ্ডিত্য দেখুৱাব নালাগে।
এনেকুৱা এজন পণ্ডিতৰ কথা আছে, তেওঁ ক’লে - ৰাম নাম উচ্চাৰণ কৰিলে পাৰ হৈ যাবা……..
এয়া এই সময়ৰে কথা। তোমালোক পিতাৰ স্মৃতিৰে বিষয় (বিকাৰৰ) সাগৰৰ পৰা ক্ষীৰ সাগৰলৈ
গুচি যোৱা। ইয়াত তোমালোক সন্তানসকলৰ অৱস্থা বহুত ভাল হ’ব লাগে। যদি যোগবল নাই, আসুৰি
দৃষ্টি আছে তেন্তে তেওঁৰ তীৰে (বাণ) নালাগিব। দৃষ্টি চিভিল (পৱিত্ৰ) হোৱা উচিত।
পিতাৰ স্মৃতিত থাকি কাৰোবাক জ্ঞান শুনালে তীৰে আঘাত নকৰিব। জ্ঞান তৰোৱালত যোগৰ ধাৰ
থকা উচিত। জ্ঞানেৰে ধনৰ উপাৰ্জন হয়। শক্তি হৈছে স্মৃতিৰ। বহুত সন্তানেতো একেবাৰে
স্মৰণ নকৰে, নাজানেই। পিতাই কয় - মনুষ্যক বুজাব লাগে যে এয়া হৈছে দুখধাম, সত্যযুগ
হৈছে সুখধাম। কলিযুগত সুখৰ নামেই নাই। আছে যদিও সেয়াও কাউৰীৰ বিষ্ঠাৰ সমান।
সত্যযুগত অপাৰ সুখ আছে। মনুষ্যই অৰ্থ বুজি নাপায়। মুক্তিৰ কাৰণেই মগজ খটুৱাই থাকে।
জীৱনমুক্তিৰ বিষয়েতো কোনেও নাজানেই। গতিকে জ্ঞান কেনেকৈ দিব। তেওঁলোক আহেই
ৰজোপ্ৰধান সময়ত তেওঁলোকে আকৌ ৰাজযোগ কেনেকৈ শিকাব। ইয়াত সুখ হৈছে কাউৰীৰ বিষ্ঠা সম।
ৰাজযোগৰ দ্বাৰা কি হৈছিল - এয়াও নাজানে। তোমালোক সন্তানসকলে জানা এয়া সকলো ড্ৰামা
চলি আছে। বাতৰিকাকততো তোমালোকৰ নিন্দা কৰি লিখে, এয়াতো হ’বই। অৱলাসকলৰ ওপৰত বিভিন্ন
প্ৰকাৰৰ অত্যাচাৰ হয়। জগতত অনেক দুখ আছে। এতিয়া জানো সুখ আছে! লাগিলে যিমান ডাঙৰ
ধনৱান ব্যক্তি নহওঁক, বেমাৰ হ'ল, অন্ধ হ'ল, তেন্তে দুখতো নিশ্চয় হয়। দুখৰ তালিকাত
সকলো লিখা। ৰাৱণৰাজ্য কলিযুগৰ অন্তত এই সকলোবোৰ কথা আছে। সত্যযুগত দুখৰ এটাও কথা
নাথাকে। সত্যযুগতো হৈ গৈছে নহয়। এতিয়া হৈছে সংগমযুগ। পিতাও সংগমতেই আহে। এতিয়া
তোমালোকে জানা 5 হাজাৰ বছৰত আমি কি কি জন্ম লওঁ। কেনেকৈ সুখৰ পৰা পুনৰ দুখত আহোঁ।
যাৰ গোটেই জ্ঞান বুদ্ধিত আছে, ধাৰণা আছে তেওঁ বুজিব পাৰে। পিতাই তোমালোক সন্তানসকলৰ
জোলোঙা ভৰপূৰ কৰি দিয়ে। গায়নো আছে - “ধন দিলে ধন কমি নাযায়”। যদি ধন দান নকৰে তাৰ
মানে তেওঁৰ ওচৰত ধনেই নাই। গতিকে নাপাবও। হিচাপ আছে নহয়! নিদিয়েই যদি পাব ক’ৰপৰা।
বৃদ্ধি ক’ৰ পৰা হ’ব। এয়া সকলো হৈছে অবিনাশী জ্ঞান ৰত্ন। ক্ৰমানুসৰিতো সকলো কথাতে হয়।
এয়াও হৈছে তোমালোকৰ আত্মিক সেনা। কোনোবা আত্মা গৈ উচ্চ পদ পাবগৈ, কোনোবা আত্মাই
প্ৰজাৰ পদ পাবগৈ। যেনেকৈ কল্পৰ পূৰ্বে পাইছিল। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি পুৰুষাৰ্থৰ ক্ৰম অনুসৰি বাপদাদা আৰু মাতা-পিতাৰ
অন্তৰৰ গভীৰতাৰ পৰা স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক
নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজক চম্ভালিবৰ বাবে খোজে প্ৰতি পৰীক্ষা কৰিব লাগে যে - ক) আজি মোৰ অৰ্থাৎ
আত্মাৰ বৃত্তি কেনেকুৱা আছিল? খ) চকু সভ্য হৈ থাকিলনে? গ) দেহ-অভিমানৰ বশীভূত হোৱাৰ
বাবে কি পাপ হ’ল?
(2) বুদ্ধিত অবিনাশী
জ্ঞান ধন ধাৰণ কৰি আকৌ দান কৰিব লাগে। জ্ঞান ৰূপী তৰোৱালত স্মৃতিৰ ধাৰ নিশ্চয় দিব
লাগে।
বৰদান:
সত্যতাৰ
কৰ্তৃত্ব ধাৰণ কৰি সকলোকে আকৰ্ষিত কৰোঁতা নিৰ্ভীক আৰু বিজয়ী হোৱা
তোমালোক সন্তানসকল
হৈছা সত্যতাৰ শক্তিশালী শ্ৰেষ্ঠ আত্মা। সত্য জ্ঞান, সত্য পিতা, সত্য প্ৰাপ্তি, সত্য
স্মৃতি, সত্য গুণ, সত্য শক্তি সকলো প্ৰাপ্ত হৈছে। ইমান ডাঙৰ কৰ্তৃত্বৰ নিচা থাকিলে
এই সত্যতাৰ কৰ্তৃত্বই সকলো আত্মাক আকৰ্ষিত কৰি থাকিব। অসত্য খণ্ডতো এনেকুৱা সত্যতাৰ
শক্তিধাৰীসকল বিজয়ী হয়। সত্যতাৰ প্ৰাপ্তি হৈছে আনন্দ আৰু নিৰ্ভয়তা। সত্যবাদীসকল
নিৰ্ভীক হ’ব। তেওঁলোকৰ কেতিয়াও ভীতিগ্ৰস্ত হ’ব নোৱাৰে।
স্লোগান:
বায়ুমণ্ডল পৰিৱৰ্তন কৰাৰ সাধন হৈছে - ইতিবাচক সংকল্প আৰু শক্তিশালী বৃত্তি।
পৰোপকাৰৰ ভাৱনাৰে
সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
যেনেকৈ পিতাৰ মহিমাত
বিশেষ দয়শীলতাৰ গুণ গায়ন কৰা হয়, দেশতে হওঁক বা বিদেশতে হওঁক পিতাৰ আগলৈ গ’লে তেতিয়া
দয়াময়, কৰুণাময় বুলি ক’ব, তেনেকৈ তোমালোকো মাষ্টৰ দয়াশীল হোৱা। এনেকুৱা দয়াশীল হৈ
সকলোৰে উপকাৰ কৰা।