11.07.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে নিজৰ চিন্তন কৰিব লাগে আনৰ নহয় কিয়নো ড্ৰামা অনুসৰি যিয়ে কৰিব তেৱেঁই পাব”

প্ৰশ্ন:
ত্ৰিকালদৰ্শী হোৱা বাবে আত্মাৰ কোনটো স্মৃতি উদয় হৈছে?

উত্তৰ:
আত্মাৰ স্মৃতি উদয় হ’ল – আমি আচলতে মূললোকৰ নিবাসী এই ড্ৰামাত ভূমিকা পালন কৰিবলৈ আহিছোঁ, আমি মুখ্য ভাৱৰীয়া হৈ 84 জন্মৰ ভূমিকা পালন কৰিলোঁ। এতিয়া পিতাৰ সন্মুখত আছোঁ পুনৰ তেওঁৰ সৈতে ঘৰলৈ যাম। পাৱন হৈ ঘৰলৈ যাব লাগে আকৌ সুখধামলৈ আহিব লাগে। এই গোটেই খেলখন ভাৰতক লৈয়েই ৰচা আছে। এই সকলো স্মৃতি ত্ৰিকালদৰ্শী হোৱা বাবে উদয় হৈ গ’ল।

গীত:
মৰনা তেৰী গলী মে….. (তোমাৰ গলিতে যেন মৰোঁ…..)

ওঁম্শান্তি।
এই গীতটি কোনে গালে? সন্তানসকলে। সন্তানসকলে কি কয়! বাবা এতিয়াতো আপোনাৰ ডিঙিৰেই মালা হ’ব লাগে। এই শৰীৰতো ইয়াতেই এৰিব লাগিব। সন্তানসকলে জানে যে শান্তিধাম বা নিৰ্বাণধামত পিতা আৰু আমি সন্তানসকল থাকোঁ। এতিয়া পিতাই বাৰে বাৰে কয় - নিজক আত্মা বুলি নিশ্চয় কৰা। তোমালোকে জানা যে আমি আত্মাসকল পিতাৰ সৈতে নিৰ্বাণধামৰ নিবাসী আছিলোঁ পুনৰ এই শৰীৰ ধাৰণ কৰি 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগালোঁ। সন্তানসকলে জানে যে আমি যথাযথ পৰমধামৰ নিবাসী হওঁ। এতিয়া পুনৰ বাবা আহিছে। তোমালোক বহি আছা, দেখিবলৈ পোৱা বাবা সন্মুখত বহি আছে। ইয়াত হৈছে লৌকিক শৰীৰৰ সম্বন্ধ। আমি আচলতে আত্মা আছিলোঁ পুনৰ লৌকিক সম্বন্ধত সুখ আৰু দুখৰ জীৱন অতিবাহিত কৰিলোঁ। এতিয়া তোমালোক আত্মাসকল ত্ৰিকালদৰ্শী হৈছা। পিতাও তিনিও কালক, তিনিও লোকক জানোঁতা হয়। তোমালোকেও জানা পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। পঢ়াৰ স্মৃতিতো থাকিব লাগে নহয়। এতিয়া স্মৃতি উদয় হৈছে। পিতাই বুজাইছে - তোমালোক মূললোকৰ নিবাসী হোৱা এতিয়া তোমালোকক বাপদাদাই ত্ৰিকালদৰ্শী কৰি তুলিছে। তোমালোকে জানা যে এই ড্ৰামাৰ আমি মুখ্য ভাৱৰীয়া। এতিয়া গোটেই ড্ৰামাৰ জ্ঞান তোমালোকৰ বুদ্ধিত আছে। স্মৃতি উদয় হৈছে - আমি আধাকল্প সুখধামত থাকোঁ। তাত ৰাৱণ নাথাকে। আমি আত্মাসকলে পূৰা 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগাওঁ। এতিয়া পিতা সন্মুখত বহি আছে। আপোনাৰ শ্ৰীমতত চলি আমি আপোনাৰ সৈতে যাম। যিমান সম্ভৱ আপোনাক স্মৰণ কৰিম। তোমালোক সন্তানসকল গোটেই দিন এইটোৱে খেয়ালত থাকিব লাগে, যিহেতু ত্ৰিকালদৰ্শী হৈছা। উচ্চতকৈও উচ্চ হৈছে ভগৱান। তেওঁৰ সৈতে তোমালোক সন্তানসকলো উচ্চতকৈও উচ্চত থাকোঁতা হোৱা। এতিয়া তোমালোক সন্তানসকলৰ ঘৰৰ স্মৃতি উদয় হৈছে। আমি পৱিত্ৰ হৈ নিজৰ পৰমধাম ঘৰলৈ যাম। পিতা শিৱৰ পূজা হয় গতিকে শালগ্ৰামসমূহৰো পূজা হয়। পিতাহে আহি আত্মাসকলক পাৱন কৰি তোলে। আত্মাসকলক পৱিত্ৰ কৰি তোলোঁতা এজনেই পিতা আন কোনেও পৱিত্ৰ কৰি তুলিব নোৱাৰে। এতিয়া তোমালোকে গোটেই ড্ৰামাৰ খেলখনক জানি গৈছা। বুজি পোৱা ভাৰতক লৈয়েই খেলখন ৰচি থোৱা আছে। গতিকে এতিয়া তোমালোক সন্তানসকলক পিতাই সন্মুখত বহি বুজায়। প্ৰত্যেক জীৱৰ আত্মাই জানে যে বাবা জ্ঞানৰ সাগৰ হয়। তেওঁক ভক্তিমাৰ্গত আহ্বান জনাই আহিছে আৰু প্ৰতিজ্ঞা কৰি আহিছে। বাবা আপুনি আহিলে নিশ্চয় আমি আপোনাৰ মতত চলিম। এয়া কোনো লৌকিক সম্বন্ধৰ কথা নহয়। তোমালোক দেহী-অভিমানী হৈ এইটো খেয়াল কৰিব লাগে যে আমি একমাত্ৰ বেহদৰ পিতাৰ শ্ৰীমতত চলিব লাগে। তেওঁৰ কথাহে মানিব লাগে। তেওঁতো বহুত সহজকৈ বুজায়। তোমালোকৰ এতিয়া জ্ঞানৰ তৃতীয় নেত্ৰ মুকলি হৈছে। এই জ্ঞান তোমালোকৰ ইয়াত আছে। মূললোকত পিতা আৰু সন্তানসকল থাকে। তাত এয়া কোনেও গম নাপায়। এতিয়া তোমালোক সন্তানসকলৰ আগত পিতাই নিজৰ ৰহস্য উন্মোচন কৰে। তেৱেঁই জ্ঞানৰ সাগৰ হয় আৰু কোনো সৎসংগত এনেকৈ নক’ব যে বাবাই আমাক আত্মাসকলক পঢ়ায়। এইটো তোমালোকে জানা। বাৰে বাৰে তোমালোকক ক'বলগীয়া হয়, দেহী-অভিমানী হোৱা। আত্মা এই ড্ৰামাত ভাৱৰীয়া হয়, ভূমিকা পালন কৰে। আমি আত্মাসকলে চোলা (শৰীৰ) ধাৰণ কৰিছোঁ। সেই ভাৱৰীয়াসকলে কাপোৰ সলনি কৰে।

তোমালোক আত্মাসকল নিৰাকাৰী সৃষ্টিৰ পৰা ইয়ালৈ আহি এই শৰীৰ ৰূপী চোলা ধাৰণ কৰা। তেওঁলোকে মাত্ৰ নিজৰ কাপোৰ সলনি কৰে। আমাক আত্মাসকলক পুনৰ বাবা আহি ৰাজযোগ শিকাই আছে। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা - বাবা আহিছে তেন্তে নিশ্চয় আমি বাবাৰ সহায়কাৰী হ’ম। পৱিত্ৰ হৈ গোটেই ভাৰতক পৱিত্ৰ কৰি তুলিম। আমি শ্ৰীমততহে চলিব লাগে। শ্ৰীমতে কয় - পিতাক স্মৰণ কৰিব লাগে। যিয়ে কৰিব তেওঁ পাব। সকলোৱেতো আহি পুৰুষাৰ্থ নকৰিব। যিসকলে কল্প পূৰ্বে পুৰুষাৰ্থ কৰিছিল, তেওঁলোকেই কৰিব। এতিয়া উভতি যাব লাগে সেইবাবে পুৰুষাৰ্থ কৰি পৱিত্ৰ নিশ্চয় হ’ব লাগে। আমি ওপৰত মূললোকত থাকোঁতা হওঁ। পোন-প্ৰথমে আমি স্বৰ্গলৈ আহিছিলোঁ আকৌ ছিৰি তললৈ নামি আহিলোঁ। পিতাই ভাৰতবাসীকেই বুজায়। ভাৰততে আহে। স্মৰণো ভাৰততেই কৰে যে আহি আমাক পাৱন কৰি তোলক। শৰীৰ ধাৰণ কৰি আমাক শ্ৰেষ্ঠ কৰ্ম শিকাওঁক। শৰীৰৰ নামৰো গায়ন কৰা হৈছে। এয়া হৈছে ভাগ্যশালী ৰথ। পিতায়ো কয় - মই সাধাৰণ শৰীৰত প্ৰৱেশ কৰোঁ। আগতেও কৈছিলোঁ - তোমালোক সন্তানসকলৰ স্মৃতি উদয় হৈছে যথাযথ 5 হাজাৰ বছৰ পূৰ্বেও বাবাই এয়াই কৈছিল অন্য কোনেও এই কথা শুনাব নোৱাৰে। পিতাইহে কয় - 5 হাজাৰ বছৰ পূৰ্বেও মই এই শৰীৰত আহি (প্ৰৱেশ কৰি) তোমালোকক বুজাইছিলোঁ। এতিয়া পুনৰ তোমালোক সন্তানসকলক কওঁ – আত্ম-অভিমানী হোৱা। যেনেকৈ ড্ৰামাৰ লোকসকলে গম পায় নহয় – মই কেনেকুৱা বস্ত্ৰ পিন্ধি, কি কি ভূমিকা পালন কৰোঁ। কিন্তু সেয়াতো হৈছে দেহ-অভিমানী। এয়া হৈছে বেহদৰ কথা। দেহী-অভিমানী হ’ব লাগে। আমি প্ৰকৃততে আত্মাই হওঁ। এতিয়া আমাৰ ভূমিকা পূৰা হয়। পিতাই সন্মুখত বহি সকলো কথা তোমালোকক বুজায়, এইটো পাহৰি নাযাবা। মায়াই কিমান বিঘিনি আনে। পিতাই বুজায় – সন্তানসকল তোমালোকে কোনো বিকৰ্ম কৰিব নালাগে যদিওবা মনত ধুমুহা বহুত আহিব। নিজৰ পৰীক্ষা ল’ব লাগে। মোৰ কৰ্মেন্দ্ৰিয় চঞ্চলতো নহয়? মই কাম বিকাৰক জিকিব পাৰিছোঁনে? তোমালোকৰ বাবেতো অতি সহজ। আমি আত্মা হওঁ, এজন পিতাৰ সন্তান হওঁ। পিতাৰ সৈতেহে যোগসূত্ৰ গঢ়িব লাগে। কৰ্মেন্দ্ৰিয় চঞ্চল হোৱা এয়াও দেহ-অভিমান নহ’ল জানো। তোমালোকে কাকোৱে ভয় কৰিব নালাগে। নিৰ্ভয় হ’ব লাগে। যেতিয়াই য’লৈকে নোযোৱা সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে। মইতো আত্মা হওঁ। এই খেলখনক তোমালোকে পূৰা জানি গৈছা। উচ্চতকৈ উচ্চ হৈছে পিতা, এইটো বুদ্ধিত উদয় হৈছে, তেওঁক বিন্দু বুলি কোৱা হয়। নিৰাকাৰী সৃষ্টিত আত্মাসকলৰ বৃক্ষ আছে। বীজৰ পৰা বৃক্ষ অংকুৰিত হয়, পুনৰ ক্ৰমানুসৰি পাত ওলায়, এয়াও এনেকুৱা। ওপৰৰ পৰা ক্ৰমানুসৰি আত্মাসকল আহে। আত্মা প্ৰৱেশ কেনেকৈ কৰে, কেনেকৈ ওলাই যায়, এয়া কোনেও দেখা পাব নোৱাৰে। এতিয়া পিতাই বুজায় - তোমালোক আত্মা পতিত হৈ গৈছা, আত্মাক পাৱন কৰি তোলা। এওঁৰ দ্বাৰা পিতাই বহি বুজায়। বাৰ্তালাপতো কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কৰে নহয় জানো। আত্মা বিন্দু ইয়াত নাথাকিলেতো কৰ্মেন্দ্ৰিয়ই একোৱেই কৰিব নোৱাৰে। ইমান সূক্ষ্ম বিন্দু কিমান শক্তিশালী, তাত গোটেই জ্ঞান আছে। পিতা জ্ঞানৰ সাগৰ হয় যিয়ে তোমালোকক বহি বুজায়। তেওঁৰ গোটেই জ্ঞান আছে। এয়াও তেওঁৰ ভূমিকা নিৰ্ধাৰিত হৈ আছে। তোমালোক আত্মাতো 84 জন্মৰ ভূমিকা আছে। তোমালোকে দুখ-সুখৰ ভূমিকা পালন কৰা। দুখত বহুত কষ্ট পোৱা। পিতাই কয় - মইতো পুনৰ্জন্মত নাহোঁ, তোমালোকে 84 জন্ম লোৱা। মইতো নলওঁ। মই আহি তোমালোক সন্তানসকলক সহজ যুক্তি শুনাওঁ যে মোক স্মৰণ কৰিলে তেতিয়া পাৱন হ’বা। আধাকল্প তোমালোক কাম চিতাত বহি তমোপ্ৰধান হৈছা। আত্মাৰ সৈতেহে পিতাই কথা পাতে। আত্মাৰ কৰ্মেন্দ্ৰিয় প্ৰথমে সৰু হৈ থাকে পুনৰ ডাঙৰ হয়। আত্মাতো সৰু ডাঙৰ নহয়। আত্মাইহে কয় - হে পতিত-পাৱন আহক। আত্মাই পিতাক আহ্বান জনায়। পিতাই কয় – মই কল্পই কল্পই আহোঁ, তোমালোক পতিতসকলক পাৱন কৰি তুলিবলৈ। এতিয়া তোমালোকে জানা আত্মা কেনেকৈ আহে যায়। মনুষ্যই বহুত মগজ খটুৱায়। চাওঁচোন আত্মা কেনেকৈ ওলায়, কিন্তু কোনেও গম নাপায় কিয়নো আত্মা হৈছে অতি সূক্ষ্ম। সূক্ষ্ম আত্মাত কিমান ভূমিকা নিহিত হৈ আছে। যেনেকৈ বীজত গোটেই জ্ঞান আছে, সেই বীজতো হৈছে জড়। বট বৃক্ষৰ বীজ কিমান সৰু, তাৰ পৰা কিমান ডাঙৰ বৃক্ষ অংকুৰিত হয়। কলিকতাৰ (কোলকাতাৰ) বট বৃক্ষ বহুতে দেখিছা চাগৈ। বহুত ডাঙৰ বৃক্ষ। এতিয়া তাৰ মূল কাণ্ড সকলো পচি গ’ল। বাকী বৃক্ষ থিয় হৈ আছে। এয়াও এনেকুৱা। দেৱতা ধৰ্মৰ আধাৰেই নাই। বৃক্ষৰো এতিয়া জৰ্জৰিত অৱস্থা। এয়াও তোমালোকে জানা সেইবাবেতো চৰকাৰকো কোৱা যে আমি ইমান সময়ত সৃষ্টিক পাৱন কৰি দেখুৱাম। মনুষ্যই এই কথাবোৰ নুবুজে। তোমালোকৰতো নিশ্চয় আছে যে আমি এই ভাৰতক শ্ৰেষ্ঠাচাৰী নিশ্চয় কৰি তুলিম, তেতিয়াহে ভ্ৰষ্টাচাৰী সৃষ্টিৰ বিনাশ হ’ব। এয়া যি বিচাৰে যে শান্তি হৈ যাওঁক। আত্মাই ভূমিকা পালন কৰি কৰি ভাগৰি গৈছে সেয়েহে আহ্বান জনায় - হে শান্তি দাতা। এইটো জানো বুজি পায় যে আত্মা শান্ত স্বৰূপ হয়। কিন্তু ইয়াত আত্মাই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কৰ্মতো নিশ্চয় কৰিবই লাগে। শান্তি দিয়া বুলি কয়। এয়া কোনেও গম নাপায় যে শান্তিধাম বেলেগ, সুখধাম বেলেগ। সুখধামত বহুত কমসংখ্যক মনুষ্য থাকে। সেয়া হয়েই পৱিত্ৰ জগত। তাত শান্তিতো কোনেও নিবিচাৰে। কৰ্মতো তাতো কৰে, কিন্তু তাত অশান্তি নহয়। জীৱনমুক্তি ধাম অথবা শান্তিধাম দুয়োখন বেলেগ বেলেগ। সত্যযুগত জীৱ আত্মাসকলৰ সুখো আছে আৰু শান্তিও আছে। সৰ্বদা স্বাস্থ্যৱান, সৰ্বদা সম্পত্তিমান হৈ থাকে।

এতিয়া তোমালোকে জানা স্বৰ্গ বুলি কাক কোৱা হয়। জগতত এইটোও কোনেও গম নাপায় যে স্বৰ্গ কি হয়। এওঁলোক (লক্ষ্মী-নাৰায়ণ) সন্তান হয় নহয়। এই সন্তানসকলকো সুখ কোনে দিলে? কোনোবাতো সুখ দিওঁতা আছে নহয়। এওঁলোকৰ ৰাজ্য পুনৰ আগমনৰ পথত নেকি? স্বৰ্গ নিশ্চয় পুনৰাবৃত্তি হ’ব। স্বৰ্গত যেতিয়া থাকিবা তেতিয়া তাত এনেকৈ নোকোৱা যে নৰকৰ পুনৰাবৃত্তি হ’ব। এতিয়া কোৱা পৱিত্ৰতা সুখ-শান্তিৰ নতুন সৃষ্টি পুনৰাই পুনৰাবৃত্তি হ’ব। এয়াতো পুৰণি সৃষ্টি দুখধাম হয়, ইয়াক লৌহযুগ বুলি কোৱা হয়। নতুন সৃষ্টিওতো আছিল নহয় জানো! সেইখনক স্বৰ্গ বুলি কয়। এই জ্ঞান তোমালোকৰ বুদ্ধিত ধাৰণ হৈছে। যথাযথ আমি পুনৰাই দেৱী-দেৱতা হৈ আছোঁ। তোমালোকৰ লক্ষ্য-উদ্দেশ্যই হৈছে এইটো। আমি পুনৰাই স্বৰ্গৰ বাদশ্বাহী লওঁ। বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ নিশ্চয় পাম। এয়া ভালকৈ স্মৃতিত ৰাখিব লাগে। আমি আত্মাসকল তাত থাকোঁ, পুনৰ আমি ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহিছোঁ। এতিয়া স্মৃতি উদয় হৈছে – 84 জন্ম কেনেকৈ লওঁ। পিতাই বুজায়ো তোমালোক ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণসকলক। ব্ৰাহ্মণ নোহোৱাকৈ, প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান নোহোৱাকৈ শিৱবাবাৰ পৰা উত্তৰাধিকাৰ কেনেকৈ ল’ব। প্ৰজাপিতা ব্ৰহ্মাতো প্ৰসিদ্ধ হয়। ব্ৰহ্মাৰ দ্বাৰা নতুন সৃষ্টিৰ স্থাপনা কৰে। তেন্তে নতুন সৃষ্টিৰ ৰাজ্যও নিশ্চয় তেওঁলোকেই পাইছিল। 5 হাজাৰ বছৰ পূৰ্বেও ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰীৰ স্থাপনা কৰিছিল। এতিয়া পুনৰ পুনৰাবৃত্তি হ’ব। তাৰ বাবে তোমালোকে প্ৰস্তুতি চলাই আছা। বহুত সন্তানে সোধে – ড্ৰামাক শ্ৰেষ্ঠ বুলি মানিম নে পুৰুষাৰ্থক শ্ৰেষ্ঠ বুলি মানিম? বুজোৱা হয় পুৰুষাৰ্থতো নিশ্চয় কৰিবই লাগে। পুৰুষাৰ্থ অবিহনে প্ৰালব্ধ কেনেকৈ পাবা। পূৰা পুৰুষাৰ্থ কৰিব লাগে। কোনোবাই ভালদৰে পুৰুষাৰ্থ কৰিলে তেতিয়া বুজোৱা হয় ড্ৰামা অনুসৰি এওঁৰ ভাল পুৰুষাৰ্থ চলে। পদো উত্তম পাব। এওঁৰ পুৰুষাৰ্থ বহুত তীব্ৰতাৰে চলে। আকৌ আগবাঢ়ি গৈ থাকোঁতে কাৰোবাৰ পদ কমো হৈ যায়। ব্ৰাহ্মণীসকলে জানে, ব্ৰাহ্মণীসকলৰ ওচৰলৈ অহাসকলেও জানে। অমুক বহুত ভালকৈ চলিছিল। আজিকালি নাহে। কয় – ক’ব নোৱাৰোঁ মোৰ বুদ্ধিত কিয় ধাৰণ নহয়, বাবাক মই স্মৰণেই কৰিব নোৱাৰোঁ। বচ্‌ মই চলিব নোৱাৰিম। অতি উচ্চ লক্ষ্য। এনেকৈ লিখি দিয়ে। মূল কথাটিয়েই হৈছে নিৰ্বিকাৰী হোৱা। বিকাৰক ত্যাগ কৰা বৰ কঠিন, তোমালোকে জানা যে ড্ৰামা অনুসৰি কল্প পূৰ্বৰ দৰে এওঁৰ এনেকুৱা অৱস্থা চলি আহি আছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই বেহদৰ খেল সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে। কাকোৱে ভয় কৰিব নালাগে। নিৰ্ভয় হ’বলৈ “মই আত্মা”এইটো পাঠ দৃঢ় কৰিব লাগে।

(2) নিজক নিৰীক্ষণ কৰি নিজৰ পৰীক্ষা ল’ব লাগে যে কোনোবাটো কৰ্মেন্দ্ৰিয় চঞ্চলতো নহয়? কাম বিকাৰৰ ওপৰত বিজয়ী হৈছোঁনে? দেহী-অভিমানী কিমানলৈকে হৈছোঁ?

বৰদান:
এজন পিতাৰ স্মৃতিৰে সঁচা সধবাৰ অনুভৱ কৰোঁতা ভাগ্যৱান আত্মা হোৱা

যিয়ে কোনো আত্মাৰ কথা শুনিও নুশুনে, কোনো অন্য আত্মাৰ স্মৃতি সংকল্প বা সপোনতো নানিব, অৰ্থাৎ কোনো দেহধাৰীৰ অধীনতাত নাহে, "একমাত্ৰ পিতা, অন্য কোনো নাই" -এইটো স্মৃতিত থাকে, তেওঁলোকৰ অবিনাশী সধবাৰ তিলক লাগি যায়। এনেকুৱা সঁচা সধবাসকলেই প্ৰকৃত ভাগ্যৱান।

স্লোগান:
নিজৰ শ্ৰেষ্ঠ স্থিতি গঢ়িবলৈ অন্তৰ্মুখী হৈ, তাৰ পাছত বাহ্যমুখিতাত আহা।


অব্যক্ত ইংগিত: জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা

যেনেকৈ কোনো বস্তু জুইত দিলে তাৰ নাম, ৰূপ আৰু গুণ সকলো সলনি হৈ যায়, ঠিক তেনেকৈ যেতিয়া তোমালোকে পিতাৰ স্মৃতিৰ একনিষ্ঠতাৰ অগ্নিত নিমগ্ন হোৱা, তেতিয়া পৰিৱৰ্তন হৈ যায়। মনুষ্যৰ পৰা ব্ৰাহ্মণ হৈ যোৱা, আকৌ ব্ৰাহ্মণৰ পৰা ফৰিস্তা তথা দেৱতা হৈ যোৱা। একনিষ্ঠতাৰ অগ্নিৰে এনেকুৱা পৰিৱৰ্তন হৈ যায় যে নিজৰ বুলি একোৱেই নাথাকে, সেইবাবেই এই স্মৃতিকেই জ্বালা ৰূপ বুলি কোৱা হৈছে।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]