11.09.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক পিতাৰ ওচৰলৈ নিজৰ চৰিত্ৰ শুধৰাবলৈ আহিছা, তোমালোকে এতিয়া দৈৱী চৰিত্ৰ গঠন কৰিব লাগে”

প্ৰশ্ন:
তোমালোক সন্তানসকলক চকু মুদি বহিবলৈ কিয় দিয়া নহয়?

উত্তৰ:
কিয়নো দৃষ্টিৰে ভৰপূৰ কৰোঁতা পিতা তোমালোকৰ সন্মুখত আছে। যদি চকু মুদি থাকা তেন্তে ভৰপূৰ কেনেকৈ হ’বা। স্কুলত চকু মুদি নবহে। চকু মুদি থাকিলে অলস ভাৱ আহিব। তোমালোক সন্তানসকলেতো স্কুলত পঢ়াশুনা কৰি আছা, এয়া হৈছে উপাৰ্জনৰ উৎস। লাখ লাখ পদমৰ হিচাপত উপাৰ্জন হৈ আছে, উপাৰ্জনত অলস ভাৱ, বিষাদ আহিব নোৱাৰে।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলক পিতাই বুজাইছে। এয়াতো সন্তানসকলে জানে যে আত্মিক পিতা পৰমধামৰ পৰা আহি আমাক পঢ়ুৱাই আছে। কি পঢ়ুৱাই আছে? পিতাৰ সৈতে আত্মাৰ যোগসূত্ৰ গঢ়িবলৈ শিকায়, যাক স্মৃতিৰ যাত্ৰা বুলি কোৱা হয়। এইটোও শুনাইছে - মৰমৰ আত্মিক সন্তানসকল, তোমালোকে পিতাক স্মৰণ কৰোঁতে কৰোঁতে পৱিত্ৰ হৈ নিজৰ পৱিত্ৰ শান্তিধামলৈ গুচি যাবা। কিমান সহজ বুজনি। নিজক আত্মা বুলি বুজা আৰু নিজৰ প্ৰিয়তম বেহদৰ পিতাক স্মৰণ কৰা তেতিয়া তোমালোকৰ জন্ম-জন্মান্তৰৰ যি পাপ আছে, সেয়া সকলো ভস্ম হৈ যাব। ইয়াকে যোগ অগ্নি বুলি কোৱা হয়। এয়া হৈছে ভাৰতৰ প্ৰাচীন ৰাজযোগ, যি পিতাইহে প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আহি শিকায়। বেহদৰ পিতাহে ভাৰতত, এই সাধাৰণ শৰীৰত আহি তোমালোক সন্তানসকলক বুজায়। এই স্মৃতিৰ দ্বাৰাই তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ নাশ হ’ব কাৰণ পিতা হৈছে পতিত-পাৱন আৰু সৰ্বশক্তিমান। তোমালোকৰ বেটাৰী এতিয়া তমোপ্ৰধান হৈ গৈছে। যি সতোপ্ৰধান আছিল তাক আকৌ কেনেকৈ সতোপ্ৰধান কৰি তুলিবা, যাতে তোমালোক সতোপ্ৰধান সৃষ্টিলৈ যাব পাৰা বা শান্তিধাম ঘৰলৈ যাব পাৰা। সন্তানসকলে এইটো বহুত ভালদৰে স্মৃতিত ৰাখিব লাগে। পিতাই সন্তানসকলক এইটো দৰৱ দিয়ে। এই স্মৃতিৰ যাত্ৰা তোমালোকে উঠোঁতে-বহোঁতে, চলোঁতে-ফুৰোঁতে কৰিব পাৰা। যিমান দূৰ সম্ভৱ গৃহস্থালিত থাকি পদুম ফুলৰ দৰে পৱিত্ৰ হৈ থাকিব লাগে। পিতাকো স্মৰণ কৰিব লাগে তাৰ লগতে দৈৱীগুণো ধাৰণ কৰিব লাগে কাৰণ জগতৰ লোকসকল আসুৰি চৰিত্ৰৰ। তোমালোক সন্তানসকল ইয়ালৈ আহিছা দৈৱী চৰিত্ৰ গঠন কৰিবলৈ। এই লক্ষ্মী-নাৰায়ণৰ চৰিত্ৰ বৰ অমায়িক আছিল। ভক্তিমাৰ্গত এওঁলোকৰ মহিমা কৰা হয়। ভক্তিমাৰ্গ কেতিয়াৰ পৰা আৰম্ভ হ’ল, এইটোও কোনেও নাজানে। এতিয়া তোমালোকে বুজি পোৱা আৰু ৰাৱণৰাজ্য কেতিয়াৰ পৰা আৰম্ভ হ’ল, এইটোও এতিয়া বুজি পাইছা। তোমালোক সন্তানসকলে এই গোটেই জ্ঞান বুদ্ধিত ৰাখিব লাগে যিহেতু এইটো জানা যে আমি জ্ঞান সাগৰ আত্মিক পিতাৰ সন্তান, এতিয়া আত্মিক পিতা আমাক পঢ়ুৱাবলৈ আহে। এইটোও জানা যে তেওঁ কোনো সাধাৰণ পিতা নহয়। এয়া হৈছে আত্মিক পিতা যিয়ে আমাক পঢ়ুৱাবলৈ আহে। তেওঁৰ নিবাসস্থান হৈছে সদায় ব্ৰহ্মলোকত। সকলোৰে লৌকিক পিতাতো ইয়াতে আছে। এইটো সন্তানসকলে ভালকৈ নিশ্চয় কৰিব লাগে যে আমাক আত্মাসকলক পঢ়াওঁতাজন হৈছে পৰমপিতা পৰমাত্মা, যিজন হৈছে বেহদৰ পিতা। ভক্তিমাৰ্গততো লৌকিক পিতা থকা সত্বেও পৰমপিতা পৰমাত্মাক আহ্বান জনাই থাকে। তেওঁৰ এটাই যথাৰ্থ নাম হৈছে ‘শিৱ’। পিতাই নিজেই বুজায় – মৰমৰ সন্তানসকল, মোৰ এটাই নাম ‘শিৱ’। যদিও অনেক নাম দি অনেক মন্দিৰ নিৰ্মাণ কৰিছে কিন্তু সেয়া সকলো হৈছে ভক্তিমাৰ্গৰ সামগ্ৰী। মোৰ যথাৰ্থ নাম এটাই ‘শিৱ’। তোমালোক আত্মাসকলক আত্মা বুলিয়েই কোৱা হয়, শালগ্ৰাম বুলি কলেও কোনো আপত্তি নাই। অনেক শালগ্ৰাম আছে। শিৱ এজনেই। তেওঁ হৈছে বেহদৰ পিতা, বাকী সকলো হৈছে সন্তান। ইয়াৰ পূৰ্বে তোমালোক হদৰ সন্তান, হদৰ পিতাৰ লগত আছিলা। জ্ঞানতো নাছিল। বাকী অনেক প্ৰকাৰৰ ভক্তি কৰি আছিলা। আধাকল্প ভক্তি কৰিলা, দ্বাপৰৰ পৰা ভক্তি আৰম্ভ হয়। ৰাৱণৰাজ্যও আৰম্ভ হ’ল। এয়া অতি সহজ কথা। কিন্তু ইমান সহজ কথাটিও কিছুমানে কাচিৎহে বুজি পায়। ৰাৱণৰাজ্য কেতিয়াৰ পৰা আৰম্ভ হয়, সেইটোও কোনেও নাজানে। তোমালোক মৰমৰ সন্তানসকলে জানা – পিতাহে হৈছে জ্ঞানৰ সাগৰ। তেওঁৰ ওচৰত যি আছে সেয়া তেওঁ আহি সন্তানসকলক দিয়ে। শাস্ত্ৰতো হৈছে ভক্তিমাৰ্গৰ।

এতিয়া তোমালোকে বুজি পালা - জ্ঞান, ভক্তি আৰু তাৰপাছত বৈৰাগ্য। এই তিনিটা হৈছে মুখ্য। সন্ন্যাসী লোকসকলেও জানে - জ্ঞান, ভক্তি আৰু বৈৰাগ্য। কিন্তু সন্ন্যাসীসকলৰ হৈছে নিজৰ হদৰ বৈৰাগ্য। তেওঁলোকে বেহদৰ বৈৰাগ্য শিকাব নোৱাৰে। দুই প্ৰকাৰৰ বৈৰাগ্য হৈছে - এটা হদৰ (সীমিত), আনটো বেহদৰ (গোটেই পুৰণি সৃষ্টিৰ)। সেয়া হৈছে হঠযোগী সন্ন্যাসীসকলৰ বৈৰাগ্য। এয়া হৈছে বেহদৰ। তোমালোকৰ হৈছে ৰাজযোগ, তেওঁলোকে ঘৰ-সংসাৰ ত্যাগ কৰি জংঘললৈ গুচি যায় সেইকাৰণে তেওঁলোকৰ নামেই সন্ন্যাসী হৈ যায়। হঠযোগীয়ে পৱিত্ৰ হৈ থাকিবৰ কাৰণে ঘৰ-সংসাৰ ত্যাগ কৰে। সেয়াও ভালেই। পিতাই কয় - ভাৰততো বহুত পৱিত্ৰ আছিল। এনেকুৱা পৱিত্ৰ আন কোনো খণ্ডই নহয়। ভাৰতৰতো বহুত উচ্চ মহিমা আছে যাক ভাৰতবাসীয়েও নাজানে। পিতাক পাহৰাৰ কাৰণে সকলো পাহৰি যায় অৰ্থাৎ নাস্তিক অনাথ হৈ যায়। সত্যযুগত কিমান সুখ-শান্তি আছিল। এতিয়া কিমান দুখ-অশান্তি। মূলবতনতো হয়েই শান্তিধাম, য’ত আমি আত্মাসকল থাকোঁ। আত্মাসকল নিজৰ ঘৰৰ পৰা ইয়ালৈ বেহদৰ ভূমিকা পালন কৰিবলৈ আহে। এতিয়া এয়া হৈছে পুৰুষোত্তম সংগমযুগ যেতিয়া নতুন সৃষ্টিলৈ লৈ যাবৰ বাবে পিতাৰ আগমন হয়। পিতা আহি উত্তমৰো উত্তম কৰি তোলে। উচ্চৰো উচ্চ ভগৱান বুলি কোৱা হয়। কিন্তু তেওঁ কোন, কাক কোৱা হয়, এইবিলাক একোৱে নাজানে। এটা ডাঙৰ লিঙ্গ ৰাখি দিছে। এনেকৈ ভাবে যে এয়া হৈছে নিৰাকাৰ পৰমাত্মা। আমাৰ আত্মাসকলৰ তেওঁ হৈছে পিতা - এইটোও বুজি নাপায়, কেৱল পূজা কৰে। সদায় শিৱবাবা বুলিয়ে কয়, ৰুদ্ৰ বাবা বা বাবুলনাথ বাবা বুলি নকয়। তোমালোকে লিখাও - শিৱবাবা স্মৃতিত আছেনে? উত্তৰাধিকাৰ স্মৃতিত আছেনে? এইটো শ্লোগান ঘৰে ঘৰে লগোৱা উচিত - শিৱবাবাক স্মৰণ কৰিলে পাপ ভস্ম হ’ব কাৰণ পতিত-পাৱন হৈছে এজনেই পিতা। এই পতিত সৃষ্টিত এজনো পৱিত্ৰ থাকিব নোৱাৰে। পৱিত্ৰ সৃষ্টিত আকৌ এজনো পতিত থাকিব নোৱাৰে। শাস্ত্ৰততো সকলো ঠাইতে পতিত দেখুৱাই দিছে। ত্ৰেতাতো কয় ৰাৱণ আছিল, সীতাক হৰণ কৰি নিলে। শ্ৰীকৃষ্ণৰ লগত কংস, জৰাসন্ধ, হিৰণ্যকাশ্যপ আদিক দেখুৱাইছে। শ্ৰীকৃষ্ণৰ ওপৰত কলঙ্ক লগাই দিছে। এতিয়া সত্যযুগততো এইবিলাক হ’ব নোৱাৰে। কিমান মিছা কলঙ্ক লগাই দিছে। পিতাৰ ওপৰতো কলঙ্ক লগাইছে আৰু দেৱতাসকলৰ ওপৰতো কলঙ্ক লগাইছে। সকলোৰে গ্লানি কৰি থাকে। এতিয়া পিতাই কয় - এয়া আত্মাক পৱিত্ৰ কৰি তোলাৰ বাবে স্মৃতিৰ যাত্ৰা। পৱিত্ৰ হৈ আকৌ পৱিত্ৰ সৃষ্টিলৈ যাব লাগে। পিতাই 84 চক্ৰৰ বিষয়েও বুজায়। এতিয়া এয়া হৈছে তোমালোকৰ অন্তিম জন্ম পুনৰ ঘৰলৈ যাব লাগে। ঘৰলৈ শৰীৰতো নাযাব। সকলো আত্মাই যাব সেয়েহে মৰমৰ আত্মিক সন্তানসকল, নিজক আত্মা বুলি বুজি বহা, দেহ বুলি নাভাবিবা। অন্য সৎসংগত তোমালোক দেহ-অভিমানী হৈ বহা। ইয়াত পিতাই কয় – আত্ম-অভিমানী হৈ বহা। যেনেকৈ মোৰ এইটো সংস্কাৰ আছে, মই জ্ঞানৰ সাগৰ হওঁ… তোমালোক সন্তানসকলো এনেকুৱা হ’ব লাগে। বেহদৰ পিতা আৰু হদৰ পিতাৰ মাজৰ পাৰ্থক্যও শুনায়। বেহদৰ পিতাই বহি তোমালোকক গোটেই জ্ঞান বুজায়। আগতে জনা নাছিলা। এতিয়া সৃষ্টিচক্ৰ কেনেকৈ ঘূৰে, তাৰ আদি-মধ্য-অন্ত আৰু চক্ৰৰ আয়ুস কিমান, সেই সকলো কথা শুনায়। ভক্তিমাৰ্গততো কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি কৈ ঘোৰ অন্ধকাৰত লৈ গৈছে। অৱনমিতই হৈ আহিল। এনেকৈ কয়ো নহয় যে যিমানে আমি ভক্তি কৰিম সিমানে পিতাক তললৈ টানি আনিম। পিতা আহি আমাক পাৱন কৰি তুলিব। পিতাক টানি থাকে কাৰণ পতিত, বহুত দুখী হৈ যায়। আকৌ কয় - আমি পিতাক আহ্বান জনাওঁ। পিতায়ো লক্ষ্য কৰে একেবাৰে দুখী তমোপ্ৰধান হৈ গ’ল, 5 হাজাৰ বছৰ পূৰা হ’ল সেয়েহে পুনৰ আহে। এই পঢ়া এই পুৰণি জগতৰ কাৰণে নহয়। তোমালোক আত্মাসকলে ধাৰণ কৰি লগত লৈ যাবাগৈ। যেনেকৈ মই জ্ঞানৰ সাগৰ তেনেকৈ তোমালোক হৈছা জ্ঞানৰ নদী। এই জ্ঞান এইখন জগতৰ কাৰণে নহয়। এইখনতো একেবাৰে ছিঃ ছিঃ জগত, ছিঃ ছিঃ শৰীৰ, এয়াতো এৰিব লাগে। শৰীৰতো ইয়াত পৱিত্ৰ হ’ব নোৱাৰে। মই হৈছোঁ আত্মাসকলৰ পিতা। আত্মাসকলকে পৱিত্ৰ কৰি তুলিবলৈ আহিছোঁ। এই কথাবোৰ মনুষ্যইতো একো বুজিব নোৱাৰে, একেবাৰে পাথৰ বুদ্ধিৰ, পতিত সেয়েহে গাই থাকে পতিত-পাৱন...। আত্মাহে পতিত হৈছে। আত্মাইহে সকলো কৰে। ভক্তিও আত্মাই কৰে, শৰীৰো আত্মাই ধাৰণ কৰে।

এতিয়া পিতাই কয় - মই তোমালোক আত্মাসকলক লৈ যাবলৈ আহিছোঁ। মই বেহদৰ পিতা তোমালোক আত্মাসকলে আহ্বান জনোৱা বাবে আহিছোঁ। তোমালোকে কিমান আহ্বান জনাইছা। এতিয়ালৈকে আহ্বান জনাই থাকে - হে পতিত-পাবন, হে ঈশ্বৰ পিতা আপুনি আহি এই পুৰণী জগতৰ দুখৰ পৰা, অসুৰৰ পৰা মুক্ত কৰা যাতে আমি ঘৰলৈ যাব পাৰোঁ। অন্যতো কোনেও নাজানে - আমাৰ ঘৰ ক’ত, ঘৰলৈ কেনেকৈ কেতিয়া যাম। মুক্তিত যাবলৈ কিমান মগজ খটুৱাই থাকে, কিমান গুৰুৰ ওচৰলৈ যায়। জন্ম-জন্মান্তৰ মগজ খটুৱাই আহিছে। সেই গুৰুসকলে জীৱনমুক্তিৰ সুখৰ বিষয়েতো নাজানে। তেওঁলোকে মুক্তি বিচাৰে। এনেকৈ কয়ো - বিশ্বত শান্তি কেনেকৈ হ’ব? সন্ন্যাসীয়েও মুক্তিৰ বিষয়েহে জানে। জীৱনমুক্তিৰ বিষয়েতো নাজানে। কিন্তু মুক্তি-জীৱনমুক্তি দুয়োটা পিতাইহে দিয়ে। তোমালোক যেতিয়া জীৱনমুক্তিত থাকা বাকী সকলো মুক্তিত গুচি যায়। এতিয়া তোমালোক সন্তানসকলে জ্ঞান আহৰণ কৰি আছা, এয়া (লক্ষ্মী-নাৰায়ণ) হ’বলৈ। তোমালোকেই আটাইতকৈ বেছি সুখ দেখিছা আকৌ আটাইতকৈ বেছি দুখো তোমালোকেই দেখিছা। আদি সনাতন দেৱী-দেৱতা ধৰ্মাৱলম্বী তোমালোকেই আকৌ ধৰ্ম-ভ্ৰষ্ট, কৰ্ম-ভ্ৰষ্ট হৈ গ’লা। তোমালোক পৱিত্ৰ প্ৰবৃত্তি মাৰ্গৰ আছিলা, এই লক্ষ্মী-নাৰায়ণ পৱিত্ৰ প্ৰবৃত্তি মাৰ্গৰ আছিল। ঘৰ-সংসাৰ ত্যাগ কৰা এয়া সন্ন্যাসীসকলৰ ধৰ্ম। সন্ন্যাসীও প্ৰথম অৱস্থাত ভাল আছিল। তোমালোকো প্ৰথমতে বহুত ভাল আছিলা, এতিয়া তমোপ্ৰধান হৈ গ’লা। পিতাই কয় – এয়া হৈছে ড্ৰামাৰ খেল। পিতাই বুজায় - এই পঢ়া হয়েই নতুন সৃষ্টিৰ বাবে। পতিত শৰীৰ, পতিত সৃষ্টিলৈ ড্ৰামা অনুসৰি আমি 5 হাজাৰ বছৰৰ পাছত আকৌ আহিবলগীয়া হয়। কল্প লাখ লাখ বছৰৰ নহয় আৰু ময়ো সৰ্বব্যাপি নহয়। এয়াতো তোমালোকে মোৰ গ্লানি কৰি আহিছা। মই তথাপিও তোমালোকৰ কিমান উপকাৰ কৰোঁ। যিমান শিৱবাবাৰ গ্লানি কৰিছা সিমান আন কাৰো কৰা নাই। যিজন পিতাই তোমালোকক বিশ্বৰ মালিক কৰি তোলে তেওঁক তোমালোকে সৰ্বব্যাপি বুলি কৈ থাকা। যেতিয়া গ্লানিৰো সীমা অতিক্ৰম কৰে তেতিয়া মই আহি উপকাৰ কৰোঁ। এয়া হৈছে পুৰুষোত্তম সংগমযুগ, কল্যাণকাৰী যুগ। যেতিয়া মই তোমালোকক পৱিত্ৰ কৰিব তুলিবলৈ আহোঁ। পৱিত্ৰ হোৱাৰ কিমান সহজ যুক্তি (উপায়) শুনাওঁ। তোমালোকে ভক্তিমাৰ্গত বহুত হাবাথুৰি খালা, পুখুৰীতো স্নান কৰিবলৈ যায়, এনেকৈ ভাবে যে ইয়াৰ দ্বাৰা পাৱন হৈ যাম। এতিয়া ক’ত সেই পানী আৰু ক’ত পতিত-পাৱন পিতা। সেয়া সকলো হৈছে ভক্তিমাৰ্গ। এয়া হৈছে জ্ঞানমাৰ্গ। মনুষ্য কিমান ঘোৰ অন্ধকাৰত আছে। কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে। এয়াতো তোমালোকে জানা – গায়নো কৰা হয় বিনাশকালত অপ্ৰীতিকৰ বুদ্ধিৰ বিনাশ হয়। এতিয়া তোমালোক পুৰুষাৰ্থৰ ক্ৰম অনুসৰি প্ৰীতি বুদ্ধিৰ হোৱা। সম্পূৰ্ণ হোৱা নাই কিয়নো মায়াই বাৰে বাৰে পাহৰাই দিয়ে। এয়া হৈছে 5 বিকাৰৰ যুদ্ধ। 5 বিকাৰক ৰাৱণ বুলি কোৱা হয়। ৰাৱণৰ প্ৰতিকৃতিত গাধৰ মূৰ দেখুৱায়।

পিতাই এইটোও বুজাইছে - স্কুলত কেতিয়াও চকু মুদি বহিব নালাগে। এয়াতো ভক্তিমাৰ্গত ভগৱানক স্মৰণ কৰিবলৈ শিক্ষা দিয়ে যে চকু মুদি বহা। ইয়াততো পিতাই কয় – এইখন হৈছে স্কুল। শুনিছাও যে - দৃষ্টিৰে ভৰপূৰ কৰে...। কয়, এওঁ যাদুকৰ। হেৰ’ তেনেকৈতো গায়নো আছে। দেৱতাসকলো দৃষ্টিৰে ভৰপূৰ হয়। দৃষ্টিৰে মনুষ্যক দেৱতা কৰি তোলোঁতাজন যাদুকৰ নহ’ল জানো! পিতাই বহি বেটাৰী শক্তিৰে ভৰপূৰ কৰিব আৰু সন্তানসকল চকু মুদি বহি থাকিব তেন্তে তাক কি বুলি কোৱা হ’ব! স্কুলত চকু মুদি নবহে। নহ’লেতো অলস হৈ যাবা। পঢ়াতো হৈছে উপাৰ্জনৰ উৎস। লাখ লাখ পদমৰ হিচাপত উপাৰ্জন হয়। উপাৰ্জনৰ সময়ত কেতিয়াও হামিয়াই নাথাকে। ইয়াত আত্মাসকলক শুধৰাব লাগে। এয়া লক্ষ্য-উদ্দেশ্য সন্মুখত আছে। তেওঁলোকৰ ৰাজধানী চাবলৈ হ’লে দেলবাড়ালৈ যোৱা। সেয়া হৈছে জড়, এয়া হৈছে চৈতন্য দেলবাড়া মন্দিৰ। ইয়াত দেৱতাও আছে, স্বৰ্গও আছে। সকলোৰে সৎগতি দাতা আবুতেই আহে, সেইবাবে আবুৱে হ’ল আটাইতকৈ ডাঙৰ তীৰ্থ। যিসকল ধৰ্ম প্ৰতিষ্ঠাপক অথবা গুৰুলোক আছে পিতা ইয়ালৈ আহি সকলোৰে সৎগতি কৰে। এইখন হৈছে সকলোতকৈ ডাঙৰ তীৰ্থ, কিন্তু গুপ্ত। ইয়াৰ বিষয়ে কোনেও নাজানে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যি সংস্কাৰ পিতাৰ আছে সেই সংস্কাৰ ধাৰণ কৰিব লাগে। পিতাৰ সমান জ্ঞানৰ সাগৰ হ’ব লাগে। দেহী-অভিমানী হৈ থকাৰ অভ্যাস কৰিব লাগে।

(2) আত্মা ৰূপী বেটাৰী সতোপ্ৰধান কৰিবলৈ চলোঁতে-ফুৰোঁতে স্মৃতিৰ যাত্ৰাত থাকিব লাগে। দৈৱী চৰিত্ৰ ধাৰণ কৰিব লাগে। অতি অমায়িক হ’ব লাগে।

বৰদান:
ত্ৰিকালদৰ্শী হৈ দিব্য বুদ্ধিৰ বৰদান কাৰ্যত প্ৰয়োগ কৰোঁতা সফলতা সম্পন্ন হোৱা

বাপদাদাই প্ৰত্যেক সন্তানক দিব্য বুদ্ধিৰ বৰদান দিছে। দিব্য বুদ্ধিৰ দ্বাৰাহে পিতাক, নিজক আৰু তিনিও কালক স্পষ্টকৈ জানিব পাৰা। সৰ্বশক্তি ধাৰণ কৰিব পাৰা। দিব্য বুদ্ধিৰ আত্মাই যিকোনো সংকল্পক কৰ্ম বা বাণীত অনাৰ পূৰ্বে প্ৰতিটো কথা বা কৰ্মৰ তিনিও কালক জানি লৈহে বাস্তৱত ৰূপায়িত কৰে। তেওঁলোকৰ সন্মুখত ভূত আৰু ভৱিষ্যতো ইমানেই স্পষ্ট হয় যিমান বৰ্তমান স্পষ্ট। এনেকুৱা দিব্য বুদ্ধিৰে সম্পন্নসকল ত্ৰিকালদৰ্শী হোৱাৰ বাবে সদায় সফলতা সম্পন্ন হৈ যায়।

স্লোগান:
সম্পূৰ্ণ পৱিত্ৰতা ধাৰণ কৰোঁতাজনেই পৰমানন্দৰ অনুভৱ কৰিব পাৰে।


“ইচ্ছা মাত্ৰম অবিদ্যা” স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:

তোমালোকৰ সৰু সৰু ভ্ৰাতৃ-ভগ্নীসকলে এইটো কামনাৰেই তোমালোক জ্যেষ্ঠসকলৰ ফালে চাই আছে, আহ্বান জনাই আছে যে আমাৰ মনোকামনা পূৰ্ণ কৰক। তেন্তে তোমালোকে কি কৰিবা? নিজৰ ইচ্ছা পূৰ্ণ কৰিবা নে তেওঁলোকৰ পূৰ্ণ কৰিবা? যেতিয়া তোমালোকৰ অন্তৰৰ পৰা এইটোৱে শ্ৰেষ্ঠ শ্লোগান উচ্চাৰিত হ’ব যে “ইচ্ছা মাত্ৰম অবিদ্যা” তেতিয়া সকলোৰে ইচ্ছা পূৰ্ণ হ’ব।