11.09.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক হৈছা গোটেই সৃষ্টিৰে সঁচা মিত্ৰ, তোমালোকৰ কাৰো সৈতে শত্ৰুতা থাকিব নালাগে”

প্ৰশ্ন:
তোমালোক হৈছা আত্মিক মিলিটেৰী, তোমালোকে পিতাৰ কোনটো নিৰ্দেশনা পাইছা, যিটো কাৰ্যত ৰূপায়িত কৰিব লাগে?

উত্তৰ:
তোমালোকক নিৰ্দেশনা দিয়া হৈছে যে বেজ সদায় লগাই ৰাখা। কোনোবাই যদি সোধে এইটো কি? আপুনি কোন? তেতিয়া ক’বা, আমি হৈছোঁ গোটেই সৃষ্টিৰ পৰা কামৰ অগ্নি নিৰ্বাপন কৰোঁতা অগ্নিনিৰ্বাপক বাহিনী। এই সময়ত গোটেই সৃষ্টিত কাম অগ্নি প্ৰজ্জ্বলিত হৈ আছে, আমি সকলোকে বাৰ্তা দিওঁ যে এতিয়া পৱিত্ৰ হোৱা, দৈৱীগুণ ধাৰণ কৰা তেতিয়া বৈতৰণী পাৰ হৈ যাবা।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকল সহজ স্মৃতিত বহি আছে। কাৰোবাৰ কাৰোবাৰ কঠিন লাগে। অনেকে বিভ্ৰান্ত হয় কাৰণ তেওঁলোকে ভাবে যে তেওঁলোক কঠোৰ অনুশাসনত বহিব লাগিব। পিতাই কয় - এনেকুৱা কোনো কথা নাই, যেনেকৈয়ে বহা। কেৱল পিতাক স্মৰণ কৰিব লাগে। ইয়াত কোনো কঠিনতাৰ কথা নাই। সেই হঠযোগীসকল এনেকৈ আটিল হৈ বহে। ভৰি ভৰিৰ ওপৰত উঠায়। ইয়াততো পিতাই কয় - আৰামত বহা। পিতাক আৰু 84ৰ চক্ৰক স্মৰণ কৰা। এয়া হৈছেই সহজ স্মৃতি। উঠোঁতে-বহোঁতে বুদ্ধিত থাকিব লাগে। যেনেকৈ এই সৰু শিশুটিক চোৱা পিতাকৰ কাষতে বহি আছে, ইয়াৰ বুদ্ধিত মা-পিতাৰে স্মৃতি থাকিব। তোমালোকো সন্তান হোৱা নহয়। পিতাক স্মৰণ কৰাটোতো বহুত সহজ। আমি পিতাৰ সন্তান। পিতাৰ পৰাই উত্তৰাধিকাৰ ল’ব লাগে। শৰীৰ নিৰ্বাহৰ অৰ্থে লাগিলে গৃহস্থালিত থাকা। কেৱল আনৰ স্মৃতি বুদ্ধিৰ পৰা আঁতৰাই দিয়া। কোনোবাই হনুমানক, কোনোবাই কাৰোবাক, সাধু আদিক স্মৰণ কৰিছিল, সেই স্মৃতি এৰি দিব লাগে। স্মৰণতো কৰে নহয়, পূজাৰ কাৰণে পূজাৰী মন্দিৰলৈ যাবলগীয়া হয়, ইয়াত ক’লৈকো যোৱাৰ প্ৰয়োজন নাই। যাকেই লগ পোৱা কোৱা, শিৱবাবাই কয় – একমাত্ৰ মোক পিতাক স্মৰণ কৰা। শিৱবাবাতো হৈছে নিৰাকাৰ। তেওঁ নিশ্চয় সাকাৰতেই আহি কয় মামেকম্ (কেৱল মোক) স্মৰণ কৰা। মই ‘পতিত-পাৱন’ হওঁ। এইটোতো সঠিক শব্দ হয় নহয়। বাবাই কয় - মোক স্মৰণ কৰা। তোমালোক সকলো পতিত। এইখন পতিত তমোপ্ৰধান সৃষ্টি হয় নহয় সেইকাৰণে বাবাই কয় - কোনো দেহধাৰীক স্মৰণ নকৰিবা। এইটোতো ভাল কথা নহয় জানো। কোনো গুৰু আদিৰ মহিমা নকৰে। পিতাই মাত্ৰ কয় মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ খণ্ডন হৈ যাব। এয়া হৈছে যোগবল অথবা যোগ অগ্নি। বেহদৰ পিতাইতো সঁচা কথা কয় – ‘গীতা’ৰ ভগৱান নিৰাকাৰেই হয়। শ্ৰীকৃষ্ণৰ কথা নাই। ভগৱানে কয় - কেৱল মোক স্মৰণ কৰা আৰু কোনো উপায় নাই। পাৱন হৈ গ’লে উচ্চ পদ পাবা। নহ’লে পদ কম হৈ যাব। আমি আপোনালোকক পিতাৰ বাৰ্তা দিছোঁ। আমি বাৰ্তাবাহক। এনেকৈ বুজাৱাত কোনো কষ্ট নাই। মাতাসকল, অহল্যাসকল, কুঁজা বা কুঁজীসকলেও উচ্চ পদ পাব পাৰে। লাগিলে ইয়াত থকাই হওঁক, বা ঘৰ গৃহস্থালিত থকাই হওঁক, এনেকুৱা নহয় যে ইয়াত থকাসকলে বেছিকৈ স্মৰণ কৰিব পাৰে। বাবাই কয় - বাহিৰত থকাসকলেও বহুত স্মৃতিত থাকিব পাৰে। বহুত সেৱা কৰিব পাৰে। ইয়াতো পিতাৰ পৰা সজীৱ হৈ যায় তেন্তে অন্তৰ কিমান আনন্দিত হৈ থাকিব লাগে। এই ছিঃ ছিঃ সৃষ্টিততো বাকী কেইটিমান দিন আছোঁ। আকৌ কৃষ্ণ পুৰীলৈ যাম। শ্ৰীকৃষ্ণৰ মন্দিৰকো সুখধাম বুলি কয়। গতিকে সন্তানসকল অপাৰ আনন্দিত হ’ব লাগে। যিহেতু তোমালোক বেহদৰ পিতাৰ হৈছা। তোমালোককেই স্বৰ্গৰ মালিক কৰি তুলিছিল। তোমালোকেও কোৱা বাবা 5 হাজাৰ বছৰ পূৰ্বেও আমি আপোনাক লগ পাইছিলোঁ আকৌ লগ পাম। এতিয়া পিতাক স্মৰণ কৰি মায়াৰ ওপৰত বিজয়ী হ’ব লাগে। এতিয়া এই দুখধামততো থাকিব নালাগে। তোমালোকে পঢ়াই সুখধামত যাবৰ কাৰণে। সকলোৱে হিচাপ-নিকাচ নিষ্পত্তি কৰি উভতি যাব লাগে। মই আহিছোঁৱেই নতুন সৃষ্টি স্থাপনা কৰিবলৈ। বাকী সকলো আত্মা মুক্তিধামত গুচি যাব। পিতাই কয় - মই কালৰো কাল। সকলোকে শৰীৰৰ পৰা মুক্ত কৰি আত্মাসকলক লৈ যাম। সকলোৱে কয়ো মই সোনকালে যাওঁ। ইয়াততো থাকিব নিবিচাৰোঁ। এয়াতো পুৰণি সৃষ্টি, পুৰণা শৰীৰ। এতিয়া পিতাই কয় - মই সকলোকে লৈ যাম। কাকোৱেই এৰি নাযাওঁ। তোমালোক সকলোৱে আহ্বানেই জনাইছা - হে পতিত-পাৱন আহক। যদিও স্মৰণ কৰি থাকে কিন্তু অৰ্থ একোৱে বুজি নাপায়। ‘পতিত-পাৱন’ বুলি কিমান সুৰ লগাই গায়। আকৌ কয় “ৰঘুপতি ৰাঘৱ ৰজা ৰাম”। এতিয়া শিৱবাবাতো ৰজা নহয়, ৰাজত্ব নকৰে। তেওঁক ‘ৰজা ৰাম’ বুলি কোৱাতো ভুল হৈ গ’ল। মালা যেতিয়া স্মৰণ কৰে ‘ৰাম ৰাম’ বুলি কয়। তাতে ভগৱানৰ স্মৃতি আহে। ভগৱানতো হয়েই শিৱ। মনুষ্যৰ নাম বহুত ৰাখি দিছে। শ্ৰীকৃষ্ণকো শ্যাম সুন্দৰ, বৈকুণ্ঠ নাথ, মাখন চোৰ আদি আদি বহুত নাম দি দিয়ে। তোমালোকে এতিয়া শ্ৰীকৃষ্ণক মাখন চোৰ বুলি ক’বানে? একেবাৰে নোকোৱা। তোমালোকে এতিয়া বুজি পোৱা যে ভগৱানতো এক নিৰাকাৰ, কোনো দেহধাৰীক ভগৱান বুলি ক’ব নোৱাৰি। ব্ৰহ্মা, বিষ্ণু, শঙ্কৰকো ক’ব নোৱাৰি তেনেস্থলত আকৌ মনুষ্যই নিজক ভগৱান বুলি কেনেকৈ ক’ব পাৰে। বৈজয়ন্তী মালা কেৱল 108ৰ গায়ন কৰা হয়। শিৱবাবাই স্বৰ্গ স্থাপনা কৰিলে তাৰ এওঁলোক মালিক। নিশ্চয় তাৰ আগতে এওঁলোকে এই পুৰুষাৰ্থ কৰিছিল। তাক কোৱা হয় কলিযুগৰ অন্ত সত্যযুগ আদিৰ সংগমযুগ। এয়া হ'ল কল্পৰ সংগমযুগ। মনুষ্যই আকৌ যুগে যুগে বুলি কৈ দিছে, অৱতাৰ নামো ভুল আকৌ তেওঁক পাথৰ-শিলগুটিত, কণ কণত আছে বুলি কৈ দিছে। এয়াও ড্ৰামা। যি কথা অতীত হৈ যায় তাক কোৱা হয় ড্ৰামা। কাৰোবাৰ লগত কাজিয়া আদি হ’ল, হৈ গ'ল, তাৰ বিষয়ে চিন্তন কৰিব নালাগে। বাৰু কোনোবাই কম-বেছি কিবা ক'লে, সেয়া তোমালোকে পাহৰি যোৱা। কল্প পূৰ্বেও এনেকৈ কৈছিল। স্মৃতিত থাকিলে আকৌ স্থিতি বেয়া হৈ থাকিব। সেই কথা আৰু কেতিয়াও নক’বাই। তোমালোক সন্তানসকলে সেৱাতো কৰিব লাগে নহয়। সেৱাত কোনো বিঘনি আহিব নালাগে। সেৱাত কেতিয়াও দুৰ্বলতা দেখুৱাব নালাগে। শিৱবাবাৰ সেৱা হয় নহয়। তাত কেতিয়াও ‘না’ বুলি ক’ব নালাগে। নহ'লে নিজৰ পদ ভ্ৰষ্ট কৰি দিবা। পিতাৰ সহায়কাৰী হৈছা গতিকে সম্পূৰ্ণ সহায় কৰিব লাগে। পিতাৰ সেৱা কৰাত অলপো প্ৰবঞ্চনা কৰিব নালাগে। বাৰ্তা সকলোকে দিবই লাগে। পিতাই কৈ থাকে সংগ্ৰাহালয়ৰ নাম এনেকুৱা ৰাখা যাতে মনুষ্যই দেখিয়েই ভিতৰলৈ সোমাই আহে আৰু আহি বুজে কিয়নো এয়া নতুন বস্তু। মনুষ্যই নতুন বস্তু দেখি ভিতৰলৈ সোমাই আহে। আজিকালি বাহিৰৰ পৰা ভাৰতৰ প্ৰাচীন যোগ শিকিবলৈ আহে। এতিয়া প্ৰাচীন অৰ্থাৎ আটাইতকৈ পুৰণা, সেয়াতো ভগৱানেহে শিকাইছিল, যাৰ 5 হাজাৰ বছৰ হ’ল। সত্যযুগ-ত্ৰেতাত যোগ নাথাকে, যিয়ে শিকালে তেওঁতো গুচি গ’ল পুনৰ যেতিয়া 5 হাজাৰ বছৰৰ পাছত আহিব তেতিয়াহে আহি ৰাজযোগ শিকাব। প্ৰাচীন অৰ্থাৎ 5 হাজাৰ বছৰ পূৰ্বে ভগৱানে শিকাইছিল। সেই ভগৱান পুনৰ সংগমতহে আহি ৰাজযোগ শিকাব, যাৰ দ্বাৰা পাৱন হ’ব পাৰে। এই সময়ততো তত্বও তমোপ্ৰধান। পানীয়েও কিমান লোকচান কৰি দিয়ে। পুৰণি সৃষ্টিত উপদ্ৰৱ হৈ থাকে। সত্যযুগত উপদ্ৰৱৰ কথাই নাই। তাততো প্ৰকৃতিৰ দাসী হৈ যায়। ইয়াত প্ৰকৃতি শত্ৰু হৈ দুখ দিয়ে। এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্যত দুখৰ কথাই নাছিল। সত্যযুগ আছিল। এতিয়া পুনৰ সেয়া স্থাপনা হৈ আছে। পিতাই প্ৰাচীন ৰাজযোগ শিকাই আছে। পুনৰ 5 হাজাৰ বছৰ পাছত শিকাব, যাৰ ভূমিকা আছে তেওঁলোকেই সেয়া পালন কৰিব। বেহদৰ পিতায়ো ভূমিকা পালন কৰি আছে। পিতাই কয় - মই এওঁৰ শৰীৰত প্ৰৱেশ কৰি, স্থাপনা কৰি গুচি যাওঁ। হাহাকাৰৰ পাছত পুনৰ জয় জয়কাৰ হৈ যায়। পুৰণি সৃষ্টি শেষ হৈ যাব। এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল তেতিয়া পুৰণি সৃষ্টি নাছিল। 5 হাজাৰ বছৰৰ কথা। লাখ লাখ বছৰৰ কথা হ’বই নোৱাৰে। সেয়েহে পিতাই কয় - অন্য সকলো কথা এৰি নিজৰ কল্যাণ কৰিবলৈ এইটো সেৱাত ব্যস্ত হৈ যোৱা। বিতুষ্ট হৈ সেৱাত প্ৰবঞ্চনা কৰিব নালাগে। এয়া হৈছে ঈশ্বৰীয় সেৱা। মায়াৰ ধুমুহা বহুত আহিব। কিন্তু পিতাৰ ঈশ্বৰীয় সেৱাত প্ৰবঞ্চনা কৰিব নালাগে। পিতাই সেৱাৰ অৰ্থে নিৰ্দেশনাতো দি থাকে। মিত্ৰ-সম্বন্ধীয় আদি যি আহে সকলোৰে সঁচা মিত্ৰতো তোমালোক হোৱা। তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰীসকলতো গোটেই বিশ্বৰ মিত্ৰ হোৱা কিয়নো তোমালোক পিতাৰ সহায়কাৰী হোৱা। মিত্ৰতাত কোনো শত্ৰুতা থকা উচিত নহয়। কিবা কথা ওলালে ক’বা - শিৱবাবাক স্মৰণ কৰা। পিতাৰ শ্রীমতত চলিব লাগে। নহ’লে নিজৰে লোকচান কৰি দিব। ৰেলগাড়ীত তোমালোক আহা তাততো সকলো আজৰি হৈ থাকা। সেৱাৰ বহুত ভাল সুযোগ পোৱা যায়। বেজতো বহুত ভাল বস্তু। প্ৰত্যেকে লগাই ৰাখিব লাগে। কোনোবাই যদি সোধে তোমালোক কোন তেতিয়া ক’বা, আমি অগ্নিনিৰ্বাপক বাহিনী, যেনেকৈ জুই নিৰ্বাপন কৰিবলৈ সেই অগ্নিনিৰ্বাপক বাহিনী থাকে। এই সময়ত গোটেই সৃষ্টিত কাম অগ্নিত সকলো জ্বলি আছে। এতিয়া পিতাই কয় - কাম মহাশত্ৰুৰ ওপৰত বিজয়ী হোৱা। পিতাক স্মৰণ কৰা, পৱিত্ৰ হোৱা, দৈৱী গুণ ধাৰণ কৰা তেতিয়া বৈতৰণী পাৰ হৈ যাব। এই বেজ শ্ৰীমত অনুসৰিয়েতো তৈয়াৰ কৰা হৈছে। বহুত কম সন্তান আছে যিয়ে বেজৰ ওপৰত সেৱা কৰে। বাবাই মুৰুলীত কিমান বুজাই থাকে। প্ৰতিগৰাকী ব্ৰাহ্মণৰ ওচৰত এই বেজ থকা উচিত, যাকে লগ পোৱা তেওঁক ইয়াৰ ওপৰত বুজাব লাগে, এয়া হৈছে বাবা, এওঁক স্মৰণ কৰিব লাগে। আমি সাকাৰৰ মহিমা নকৰোঁ। সকলোৰে সৎগতি দাতা এজনেই নিৰাকাৰ পিতা, তেওঁক স্মৰণ কৰিব লাগে। স্মৃতিৰ শক্তিৰেই তোমালোকৰ পাপ খণ্ডন হ’ব। তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। দুখধামৰ পৰা মুক্ত হৈ যাবা। তাৰ পাছত তোমালোক বিষ্ণুপুৰীলৈ আহি যাবা। কিমান ডাঙৰ সুখৰ খবৰ। কিতাপো দিব পাৰা। কোৱা, আপুনি যদি গৰিব তেন্তে বিনামূলীয়াকৈ দিব পাৰোঁ। চহকীসকলেতো পইচা দিয়া উচিত কিয়নো এয়াতো বহুত ছপাবলগীয়া হয়। এইটো এনেকুৱা বস্তু যে আপোনালোক ভিকহুৰ পৰা বিশ্বৰ মালিক হৈ যাব। বুজনিতো পাই থাকা। যি ধৰ্মাৱলম্বীৰে নহওঁক, কোৱা, বাস্তৱত আপুনি আত্মা, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰক। এতিয়া বিনাশ সমাগত, এইখন সৃষ্টি এতিয়া সলনি হ’ব। শিৱবাবাক স্মৰণ কৰিলে বিষ্ণুপুৰীত আহি যাব। কোৱা, এয়া আপোনাক কোটি কোটি পদম মূল্যৰ বস্তু দিছোঁ। বাবাই কিমান বুজাইছে - বেজৰ ওপৰত সেৱা কৰিব লাগে কিন্তু বেজ নলগায়। লাজ লাগে। ব্ৰাহ্মণীসকল যিয়ে দল লৈ আহে বা ক’ৰবাত অফিচ আদিলৈ অকলে যায়, তেতিয়া এই বেজ নিশ্চয় লগাই ৰখা উচিত, যাক তোমালোকে ইয়াৰ ওপৰত বুজাবা তেওঁ অতি আনন্দিত হৈ যাব। কোৱা, আমি এজন পিতাকহে মানো, তেৱেঁই সকলোকে সুখ শান্তি দিওঁতা হয়, তেওঁক স্মৰণ কৰক। পতিত আত্মাতো যাব নোৱাৰে। এতিয়া এই পুৰণি সৃষ্টি সলনি হৈ আছে। এনেকুৱা ৰাস্তাত সেৱা কৰিবলৈ আহিব লাগে। তোমালোকৰ নাম বহুত হ'ব, বাবাই বুজি পায় কিজানি লাজ কৰে সেয়েহে বেজ পিন্ধি সেৱা নকৰে। এটা হৈছে বেজ, ছিৰিৰ চিত্ৰ অথবা ত্ৰিমূৰ্তি, গোলক (সৃষ্টি চক্ৰ) আৰু কল্পবৃক্ষৰ চিত্ৰ লগত থাকিব লাগে, পৰস্পৰে এজন-দুজনক বুজোৱা তেতিয়া সকলো একগোট হৈ যাব। সুধিব এয়া কি? কোৱা, শিৱবাবাই এওঁৰ দ্বাৰা এই নতুন সৃষ্টি স্থাপনা কৰি আছে। এতিয়া পিতাই কয় - মোক স্মৰণ কৰা, পৱিত্ৰ হোৱা। অপৱিত্ৰতো উভতি যাব নোৱাৰে। এনেকুৱা মিঠা মিঠা কথা শুনাব লাগে। তেতিয়া আনন্দেৰে সকলোৱে শুনিব। কিন্তু কোনো কোনোৰ বুদ্ধিত ধাৰণ নহয়। সেৱাকেন্দ্ৰলৈ শ্ৰেণীত গ’লেও বেজ লগাই যাব লাগে। মিলিটেৰীসকলে ইয়াত বেজ পৰিধান কৰি থাকে। তেওঁলোকৰ কেতিয়াবা লাজ লাগে জানো? তোমালোকো আত্মিক মিলিটেৰী হোৱা নহয়। পিতাই নিৰ্দেশনা দিয়ে তেন্তে বাস্তৱত ৰূপায়িত কিয় নকৰা। বেজ লগাই ৰাখিলে শিৱবাবাৰো স্মৃতি থাকিব - আমি শিৱবাবাৰ সন্তান হওঁ। দিনে-প্ৰতিদিনে সেৱাকেন্দ্ৰও স্থাপনা হৈ গৈ থাকিব। কোনোবা নহয় কোনোবা ওলাই আহিব। ক’ব অমুক চহৰত আপোনালোকৰ শাখা নাই। কোৱা, কোনোবাই ঘৰ আদিৰ ব্যৱস্থা কৰি দিয়ক, নিমন্ত্ৰণ দিলে আমি আহি সেৱা কৰিব পাৰোঁ। সন্তানৰ সাহস পিতাৰ সহায়, পিতাইতো সন্তানসকলকে ক’ব সেৱাকেন্দ্ৰ স্থাপন কৰা। এয়া সকলো শিৱবাবাৰ দোকান নহয় জানো। সন্তানসকলৰ দ্বাৰা চলাই আছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কেতিয়াও পৰস্পৰ বিতুষ্ট হৈ সেৱাত প্ৰবঞ্চনা কৰিব নালাগে। বিঘ্নৰূপ হ'ব নালাগে। নিজৰ দুৰ্বলতা দেখুৱাব নালাগে। পিতাৰ পূৰা সহায়কাৰী হ'ব লাগে।

(2) কেতিয়াবা কাৰোবাৰ লগত কাজিয়া আদি হ’ল, সেয়া অতীত হৈ গ’ল, তাৰ চিন্তন কৰিব নালাগে। কোনোবাই কম-বেছি কিবা ক’লে, তোমালোকে সেয়া পাহৰি যোৱা। কল্প পূৰ্বেও এনেকৈ কৈছিল। সেই কথা কেতিয়াও উচ্চাৰণেই নকৰিবা।

বৰদান:
শান্তিৰ দূত হৈ সকলোকে শান্তিৰ বাৰ্তা দিওঁতা মাষ্টৰ শান্তি, শক্তি দাতা হোৱা

তোমালোক সন্তানসকল হৈছা শান্তিৰ বাৰ্তাবাহক শান্তি দূত। য’তেই নাথাকা সদায় নিজক শান্তিৰ দূত বুলি বুজি চলা। শান্তিৰ দূত, শান্তিৰ বাৰ্তা দিওঁতা হওঁ - ইয়াৰ দ্বাৰা নিজেও শান্ত স্বৰূপ শক্তিশালী হৈ থাকিবা আৰু আনকো শান্তি দি থাকিবা। তেওঁলোকে অশান্তি দিয়ক তোমালোকে শান্তি দিয়া। তেওঁলোকে জুই লগাওঁক তোমালোকে পানী ঢালা। এয়াই তোমালোক শান্তি দূত, মাষ্টৰ শান্তি, শক্তি দাতা সন্তানসকলৰ কৰ্তব্য।

স্লোগান:
যেনেকৈ বাণীত আহিবলৈ সহজ হয় তেনেকৈ বাণীৰ পৰা উৰ্দ্ধত গুচি যোৱাটোও সহজ হওঁক।


অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা

যোগত সদায় ‘লাইট-হাউচ’ আৰু ‘মাইট-হাউচ’ স্থিতিৰ অনুভৱ কৰা। জ্ঞান হৈছে ‘লাইট’ আৰু যোগ হৈছে ‘মাইট’। জ্ঞান আৰু যোগ - দুয়োটা শক্তি ‘লাইট’ আৰু ‘মাইট’ সম্পন্ন হওঁক - ইয়াকে মাষ্টৰ সৰ্বশক্তিমান বুলি কোৱা হয়। এনেকুৱা শক্তিশালী আত্মাসকলে যিকোনো পৰিস্থিতি চেকেণ্ডত অতিক্ৰম কৰি লয়।