11.09.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই অন্তিম জন্মত গৃহস্থালিত থাকি পদুম ফুলৰ সমান পৱিত্ৰ হোৱা, এজন পিতাক স্মৰণ কৰা, এয়াই গুপ্ত পৰিশ্ৰম”

প্ৰশ্ন:
জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰাপ্ত হোৱাৰ লগে লগে কোনটো পাৰ্থক্য স্পষ্টকৈ অনুভৱ হয়?

উত্তৰ:
(1) ভক্তিত ভগৱানক পাবলৈ কিমান দুৱাৰে দুৱাৰে দিগভ্ৰান্ত হৈ ঘূৰি ফুৰিছিলোঁ, কিমান ঠেকা-খুন্দা খাই আছিলোঁ। এতিয়া আমি তেওঁক পালোঁ। (2) লগতে দয়া ওপজে যে মনুষ্য বেচেৰাহঁত এতিয়ালৈকে দিগভ্ৰান্ত হৈ ঘূৰি আছে, ৰাস্তা বিচাৰি আছে। বাবাই আমাক দিগভ্ৰান্ত হৈ ঘূৰি ফুৰাৰ পৰা ৰক্ষা কৰিলে। আমি বাবাৰ লগত যাবলৈ প্ৰস্তুতি চলাই আছোঁ।

গীত:
আজ অন্ধেৰে মে হে ইন্‌চান... (আজি মনুষ্য অন্ধকাৰত...)

ওঁম্শান্তি।
এফালে ভক্তসকলে স্মৰণ কৰি আছে। আনফালে আত্মাসকলৰ তৃতীয় নেত্ৰ প্ৰাপ্ত হৈছে অৰ্থাৎ আত্মাসকলে পিতাৰ পৰিচয় পাইছে। তেওঁলোকে কয় আমি দিগভ্ৰান্ত হৈ ঘূৰি ফুৰিছোঁ‌। এতিয়া তোমালোকতো দিগভ্ৰান্ত হৈ ঘূৰি ফুৰা নাই। কিমান পাৰ্থক্য আছে। পিতাই তোমালোক সন্তানসকলক লগত লৈ যাবৰ বাবে প্ৰস্তুতি চলাই আছে। মনুষ্য গুৰুসকলৰ পাছত, তীৰ্থ যাত্ৰা, মেলা আদিৰ পাছত কিমান দিগভ্ৰান্ত হৈ ঘূৰি ফুৰিছে। তোমালোকৰ দিগভ্ৰান্ত হৈ ঘূৰি ফুৰাতো এতিয়া বন্ধ হৈ গ’ল। সন্তানসকলে জানে যে এই দিগভ্ৰান্ত হৈ ঘূৰি ফুৰাৰ পৰা মুক্ত কৰিবৰ কাৰণে পিতা আহিছে। যেনেকৈ কল্প পূৰ্বে পিতা আহি পঢ়াইছিল বা ৰাজযোগ শিকাইছিল, হুবহু তেনেকৈয়েই পঢ়াই আছে। সন্তানসকলে জানে আমি 5 বিকাৰৰ ওপৰত বিজয় প্ৰাপ্ত কৰি আছোঁ। কোৱা হয় মায়াক জয় কৰা মানেই জগতখনক জয় কৰা। মায়া বুলি 5 বিকাৰ ৰূপী ৰাৱণক কোৱা হয়। মায়া শত্ৰু হৈ গ’ল। মায়া ধন-সম্পত্তিক কোৱা নহয়। লিখিবও লাগে 5 বিকাৰ ৰূপী ৰাৱণ বা মায়া.... তেতিয়া মনুষ্যই কিছু অৰ্থ বুজিব। নহ’লে বুজিব নোৱাৰে। মায়াক জয় কৰা মানেই জগতখনক জয় কৰা। ইয়াত যাদৱ আৰু কৌৰৱ বা অসুৰ আৰু দেৱতাসকলৰ কোনো কথা নাই। স্থূল যুদ্ধ নহয়। গায়ন কৰা হয় যোগবলেৰে মায়া ৰাৱণৰ ওপৰত বিজয়ী হ’লে জগতজিৎ হয়। তোমালোক সন্তানসকলে জানা - জগত বুলি কোৱা হয় বিশ্বক। বিশ্বৰ ওপৰত বিজয়ী কৰাবলৈ বিশ্বৰ মালিকহে আহে। তেৱেঁই সৰ্বশক্তিমান হয়। এইটোতো সন্তানসকলক বুজোৱা হৈছে - পিতাক স্মৰণ কৰিলেহে পাপ ভস্ম হৈ যায়। মুখ্য কথা হৈছে স্মৃতিৰ। স্মৰণ কৰিলে তোমালোকৰ দ্বাৰা কোনো বিকৰ্ম নহ’ব আৰু আনন্দিত হৈ থাকিবা। পতিত-পাৱন পিতা আহিছে পাৱন কৰি তুলিবলৈ, তেন্তে আমি আকৌ বিকৰ্ম কিয় কৰোঁ। নিজৰ তত্ত্বাৱধান ল’ব লাগে। বুদ্ধিতো মনুষ্যৰ আছে নহয়। এই ক্ষেত্ৰত অন্য কোনো যুদ্ধ আদি কৰাৰ কথা নাই, কেৱল 5 বিকাৰৰ ওপৰত বিজয়ী হ’বৰ কাৰণে পিতাক স্মৰণ কৰাতো বহুত সহজ হয়। অৱশ্যে হয় এই ক্ষেত্ৰত পৰিশ্ৰম হয়, সময় লাগে। মায়াই দীপক নুমাবৰ কাৰণে বাৰে বাৰে ধুমুহা আনে। বাকী ইয়াত যুদ্ধৰ কোনো কথা নাই। তাত হয়েই দেৱতাসকলৰ ৰাজত্ব। কোনো অসুৰ নাথাকে। আমি হৈছোঁ ব্ৰাহ্মণ, ব্ৰহ্মা মুখ বংশাৱলী। যিসকল ব্ৰাহ্মণ কুলৰ হয় তেওঁলোকেই নিজক ব্ৰাহ্মণ বুলি ভাবে। আত্মিক পিতাই আমাক আত্মাসকলক বহি জ্ঞান দিয়ে। জ্ঞান সাগৰ, পতিত-পাৱন, সৎগতি দাতা এজনেই। তেৱেঁই স্বৰ্গ স্থাপন কৰোঁতা হয়। তোমালোক সন্তানসকলতো বহুত আনন্দিত হ’ব লাগে। বিদেশীসকলেও গম পাব, এওঁলোকতো সেইসকলেই সিন্ধু প্ৰদেশৰ ব্ৰহ্মাকুমাৰ-কুমাৰী যিসকলে কয় শ্ৰীমতত স্বৰ্গ স্থাপনা কৰি দেখুৱাম। আত্মাই শৰীৰৰ দ্বাৰা কয় নহয়। আত্মাই শুনে আৰু নিৰ্দেশনা অনুসৰি চলে। কল্পই কল্পই পিতাহে আহি যুক্তি শুনায়। পিতা হৈছে গুপ্ত, কোনেও গম নাপায়। কিমান অনেক মনুষ্যক বুজায় তথাপিও কোটিৰ মাজত কোনোবাইহে বুজি পায়। তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা আমাৰ আদিৰ পৰা অন্তলৈকে ভূমিকা আছে। পিতাই বুজাইছে তোমালোকেহে ৰাজ্য লোৱা, তোমালোক ভাৰতবাসী যিসকলে এতিয়া নিজক হিন্দু বুলি কয় সেইসকলৰ বাহিৰে অন্য কোনেও ল’ব নোৱাৰে। লোকপিয়লতো হিন্দু বুলি লিখি দিয়ে। আমি যিয়েই নাম নিদিওঁ, আমি বাস্তৱত আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ আছিলোঁ। সেই দৈৱী ধৰ্ম ভ্ৰষ্ট, কৰ্ম ভ্ৰষ্ট হৈ যোৱাৰ কাৰণে নিজক হিন্দু বুলি কৈ দিয়ে। হিন্দু নাম কিয় হ’ল - এইটোও কোনেও নাজানে। সুধিব লাগে এইটোতো কোৱা তোমালোকৰ হিন্দু ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিলে! এয়াতো হিন্দুস্তানৰ নাম। কোনেও ক’ব নোৱাৰিব। তোমালোক সন্তানসকলে জানা এতিয়া ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয় ধৰ্মৰ প্ৰতিষ্ঠা হৈ আছে। এনেকৈ কয় - ব্ৰাহ্মণ দেৱী-দেৱতা নমঃ। ব্ৰাহ্মণ হৈছে সৰ্বোত্তম এক নম্বৰৰ। বাস্তৱত স্বৰ্গ বুলি সত্যযুগক কোৱা হয়। ৰামচন্দ্ৰৰ ৰাজ্যকো স্বৰ্গ বুলি কোৱা নহয়। আধাকল্প হৈছে ৰামৰাজ্য, আধাকল্প হৈছে আসুৰি ৰাজ্য। এই সকলোবোৰ অন্তৰত ধাৰণ কৰিব লাগে। এতিয়া আমি স্বৰ্গত যাবৰ কাৰণে কি কৰিব লাগে? পৱিত্র হৈতো নিশ্চয় থাকিবই লাগে। পিতাই কয় - সন্তানসকল কাম মহাশত্ৰু হয়, ইয়াৰ ওপৰত বিজয়ী হৈ পৱিত্র হৈ থাকিব লাগে সেয়েহে কমল ফুলৰ চিহ্নও দেখুৱাইছে। গৃহস্থ ব্যৱহাৰত থাকি কমল ফুলৰ সমান হ’ব লাগে। এইটো দৃষ্টান্ত তোমালোকৰ কাৰণে। হঠযোগীতো গৃহস্থ ব্যৱহাৰত কমল ফুলৰ সমান হৈ থাকিব নোৱাৰে। তেওঁলোকে নিজৰ নিবৃত্তি মাৰ্গৰ ভূমিকা পালন কৰে। গৃহস্থ ব্যৱহাৰত থাকিব নোৱাৰে, সেয়েহে তেওঁলোকে ঘৰ-সংসাৰ এৰি গুচি যায়। তোমালোকে দুয়োপ্ৰকাৰৰ সন্ন্যাসৰ মাজত অন্তৰ উলিয়াব পাৰা। প্ৰবৃত্তি মাৰ্গত থকাসকলৰ গায়ন আছে। পিতাই কয় - গৃহস্থ ব্যৱহাৰত থাকি কেৱল এই এটা অন্তিম জন্ম সাহস কৰি পদুম ফুলৰ দৰে পৱিত্ৰ হৈ থাকা। লাগিলে নিজৰ গৃহস্থ ব্যৱহাৰতে থাকা। সেই সন্ন্যাসীসকলেতো ঘৰ-সংসাৰ এৰি যায়। অনেক সন্ন্যাসী আছে যিসকলক ভোজন যোগান ধৰিবলগীয়া হয়। আগতে তেওঁলোকো সতোপ্ৰধান আছিল, এতিয়া তমোপ্ৰধান হৈ গৈছে। এয়াও নাটকখনত তেওঁলোকৰ ভূমিকা আছে। পুনৰ এনেকুৱাই হ’ব। পিতাই বুজায় - এই পতিত সৃষ্টিৰ বিনাশতো হ’বই। অলপ অলপ কথাতেই এজনে আনজনক ধমকি দি থাকে - যদি এনেকুৱা নহয়, তেন্তে ডাঙৰ যুদ্ধ লাগি যাব। তোমালোক সন্তানসকলে বুজি পোৱা যে কল্প পূৰ্বেও এনেকুৱা হৈছিল। শাস্ত্ৰবোৰত লিখা আছে যে পেটৰ পৰা ক্ষেপণাস্ত্ৰ ওলাল, এয়া হ’ল… আকৌ হলিত ছদ্মবেশ লৈ ধেমেলীয়া নাটক কৰে। বাস্তৱত এয়া হৈছে ক্ষেপণাস্ত্ৰ, যাৰা দ্বাৰা বিনাশ কৰে। সন্তানসকলে এইটোও জানে যে যিবোৰ অতীত হৈ গৈছে সেয়া পুনৰাই হ’ব। যি ৰচি থোৱা আছে সেয়াই চলি আছে... এতিয়া তোমালোকৰ বুদ্ধিত সকলো ৰহস্য আছে। কেৱল কোৱাৰ কথা নহয়। কাকো দোষ দিব নোৱাৰে। নাটকত ভূমিকা আছে। তোমালোকে কেৱল পিতাৰ বাৰ্তা শুনাব লাগে। এই নাটকখনতো অনাদি অবিনাশী। নিয়তি কি বস্তু, সেয়াও তোমালোকে বুজিছা। এই কলিযুগৰ অন্ত আৰু সত্যযুগৰ আদিৰ সংগম প্ৰসিদ্ধ। ইয়াকেই পুৰুষোত্তম যুগ বুলি কোৱা হয়। আজিকালি সন্তানসকলক পুৰুষোত্তম যুগৰ ওপৰত ভালদৰে বুজাই আছে। এই যুগ হৈছে উত্তম পুৰুষ হোৱাৰ। সকলো সতোপ্ৰধান উত্তম হৈ যাব। এতিয়া হৈছে তমোপ্ৰধান কনিষ্ঠ। এই কথাবোৰো তোমালোকে বুজি পোৱা। কলিযুগ পূৰা হৈ সত্যযুগ আহিব তেতিয়া আকৌ জয়জয়কাৰ হৈ যাব। কাহিনী শুনোৱা হয় নহয় জানো। এয়া হৈছে আটাইতকৈ সহজ। মিছা কাহিনীতো বহুত আছে। এতিয়া পিতাই নিজে বহি বুজায়, ভক্তি মাৰ্গত তোমালোকে মোৰ মহিমা গাই আহিছা। এতিয়া বাস্তৱত মই তোমালোকক সুখধাম আৰু শান্তিধামৰ মাৰ্গ-দৰ্শন কৰাওঁ। সৎগতিক সুখৰ গতি, দুৰ্গতিক দুখৰ গতি বুলি কোৱা হ’ব। কলিযুগত হৈছে দুখ, সত্যযুগত হৈছে সুখ। বুজালে সকলোৱে বুজিব। আগলৈ বুজি গৈ থাকিব। সময় বহুত কম, লক্ষ্য বহুত উচ্চ। যদি তোমালোকে কলেজত গৈ বুজোৱা তেতিয়া এই জ্ঞান ভালদৰে বুজিব। যথাযথ এই নাটকৰ চক্ৰ ঘূৰি থাকে আৰু অন্য কোনো জগত নাই। তেওঁলোকে ভাবে যে ওপৰত কোনো জগত আছে সেইবাবে তৰা আদিৰ ফালে যায়। বাস্তৱত তাত একো নাই। ভগৱান এজন, সৃষ্টি এখন (গড্‌ ইজ্‌ ৱান, ক্ৰিয়েচন ইজ্‌ ৱান)। মনুষ্য সৃষ্টি এইখনেই। মনুষ্য, মনুষ্যই হয়, কেৱল দেহৰ অনেক ধৰ্ম আছে। কিমান ভিন্নতা আছে। সত্যযুগত এটাই ধৰ্ম আছিল, সেইখনক সুখধাম বুলি কোৱা হয়। কলিযুগ হৈছে দুখধাম। সুখ আৰু দুখৰ খেল হয় নহয় জানো। পিতাই জানো সন্তানসকলক কেতিয়াবা দুখ দিব। পিতাতো আহি দুখৰ পৰা মুক্ত কৰে। যিজন দুখ হৰ্তা হয়, তেওঁ আকৌ কাৰোবাক দুখ দিব জানো। এতিয়া হৈছে ৰাৱণৰ ৰাজ্য। মনুষ্যৰ মাজত 5 বিকাৰ প্ৰৱেশ কৰিছে সেইকাৰণে ৰাৱণ ৰাজ্য বুলি কোৱা হয়। বিশ্বৰ ইতিহাস-ভূগোলৰ ৰহস্য এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত উদয় হৈছে। নিতৌ শুনা, এয়া অতি উচ্চ পঢ়া। গতিকে পিতাই বুজায় - এতিয়া অলপ সময় বাকী আছে। এইখিনি সময়তে পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ ল’ব লাগে। লাহে লাহে মনুষ্যয়ো বুজি পাব যে যথাযথ ঈশ্বৰক পোৱাৰ মাৰ্গতো এওঁলোকেই দেখুৱায়। জগতত অন্য কোনেও ঈশ্বৰক পোৱাৰ মাৰ্গ নেদেখুৱায়। ঈশ্বৰক পোৱাৰ মাৰ্গ ঈশ্বৰেই দেখুৱাই দিয়ে। তোমালোকতো তেওঁৰ সন্তান বাৰ্তা দিওঁতা হোৱা। কল্প পূৰ্বেও যিসকল নিমিত্ত হৈছিল তেওঁলোকেই এতিয়া হ’ব আৰু গঢ়ি গৈ থাকিব। সন্তানসকলে বিচাৰ সাগৰ মন্থন কৰিব লাগে। ৰায় দিব লাগে – বাবা মই ভাবো এইখন চিত্ৰ থকা উচিত, ইয়াৰ দ্বাৰা মনুষ্যই ভালদৰে বুজিব পাৰিব। বাবাই কম চিত্ৰ ৰাখিবলৈ এই কাৰণে কয় কিয়নো বহুত সেৱাকেন্দ্ৰ অতি সৰু। 5-7 খন চিত্ৰও কোনোমতেহে ৰাখিব পাৰে।

বাবাই কয় - ঘৰে ঘৰে গীতা পাঠশালা হওঁক। এনেকুৱাও বহুত আছে এটা কোঠাতে সকলোবোৰ চলায়। যদি মুখ্য চিত্ৰ ৰাখা তেন্তে মনুষ্যই বুজি পাব যে আচলতে ভগৱান বুলি কাক কোৱা হয়, তেওঁৰ পৰা কি পোৱা যায়? ভগৱানক বাবা বুলি কোৱা হয়। বাবুলনাথ বাবা বুলি নকয়। ৰুদ্ৰ বাবা বুলি নকয়। শিৱবাবা প্ৰসিদ্ধ হয়। বাবাই কয় - এয়া সেয়াই কল্প পূৰ্বৰ জ্ঞান যজ্ঞ। বেহদৰ পিতা শিৱই যজ্ঞ ৰচিছে। ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণসকলৰ ৰচনা কৰিছে। ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰি স্থাপনা কৰিছে। এয়া হৈছে ৰাজযোগৰ জ্ঞান। আকৌ যজ্ঞও হয়, য’ত গোটেই পুৰণি সৃষ্টি আহুতি হ’ব। একমাত্ৰ তেৱেঁই পিতাও হয়, শিক্ষকো হয়, গুৰুও হয়, জ্ঞানৰ সাগৰো হয়। এনেকুৱা অন্য কোনো নাই। আজিকালি যেতিয়া যজ্ঞ ৰচে তেতিয়া চাৰিওফালে শাস্ত্ৰ ৰাখে। আহুতিৰ এটা কুণ্ডও তৈয়াৰ কৰে। বাস্তৱত এয়া হৈছে জ্ঞান যজ্ঞ, যাক তেওঁলোকে নকল কৰিছে। ইয়াত কোনো স্থূল বস্তু আদিতো নাই। এতিয়া তোমালোক সন্তানসকলে বেহদৰ পিতাক পাইছা, বেহদৰ জ্ঞান লাভ কৰিছা আন কোনেও এয়া নাজানে। বেহদৰ আহুতি হ’ব, এয়া তোমালোকে জানা। পুৰণি সৃষ্টি নাশ হৈ যাব। সেইতো আনন্দ থাকে যে ৰাম ৰাজ্য প্ৰতিষ্ঠা হওঁক, এয়াতো বহুত ভাল। কিন্তু সেয়াতো যিয়ে স্থাপনা কৰিব তেওঁ নিজৰ বাবেহে কৰিব নহয় জানো। পৰিশ্ৰম সকলোৱে নিজৰ বাবে কৰিব। তোমালোকে জানা যে এই মহাভাৰতৰ যুদ্ধও এই যজ্ঞৰ পৰা প্ৰজ্বলিত হৈছে। ক’ত সেয়া হদৰ কথা, ক’ত এয়া বেহদৰ কথা। তোমালোকে নিজৰ বাবেহে পুৰুষাৰ্থ কৰা। যেতিয়ালৈকে পিতাক নাজানে, উত্তৰাধিকাৰ পাব নোৱাৰে। পিতাহে আহি আত্মাসকলক শিক্ষা দিয়ে। তোমালোক সকলোবোৰ গুপ্ত। আত্মা যি হিংসক হৈ গৈছে, সেই আত্মা অহিংসক হ’ব লাগে। কাৰো প্ৰতি ক্ৰোধো কৰিব নালাগে। 5 বিকাৰ দান দিয়া তেতিয়াহে গ্ৰহণ আঁতৰিব, ইয়াৰ বাবেই ক’লা হৈ গৈছে। এতিয়া পুনৰ সৰ্বগুণ সম্পন্ন, 16 কলা সম্পন্ন কেনেকৈ হ’বা - সেয়া পিতাই বহি বুজায়। এই লক্ষ্মী-নাৰায়ণক এনেকৈ কোনে গঢ়ি তুলিলে? কোনোবা গুৰু পালে নেকি? এওঁলোকতো বিশ্বৰ মালিক আছিল। নিশ্চয় পূৰ্ব জন্মত ভাল কৰ্ম কৰিছে সেইবাবে ভাল জন্ম পালে। ভাল কৰ্মৰ দ্বাৰা ভাল জন্ম পোৱা যায়। ব্ৰহ্মা আৰু বিষ্ণুৰো সম্পৰ্ক নিশ্চয় আছে। ব্ৰহ্মাৰ পৰা বিষ্ণু এক চেকেণ্ডত হয়। মনুষ্যৰ পৰা দেৱতা হয়, চেকেণ্ডত জীৱনমুক্তি বুলি ইয়াকে কোৱা হয়। পিতাৰ হ’লা আৰু জীৱনমুক্তিৰ উত্তৰাধিকাৰ পাই গ’লা। জীৱনমুক্ততো ৰজা প্ৰজা সকলো হয়। যিয়েই আহিব তেওঁলোক জীৱনমুক্ত হ’ব লাগে। পিতাইতো সকলোকে বুজায়। আকৌ উচ্চ পদ পাবৰ বাবে পুৰুষাৰ্থ কৰিব লাগে। পুৰুষাৰ্থৰ ওপৰতে সকলো নিৰ্ভৰ কৰে। কিয়নো আমি পুৰুষাৰ্থ কৰি কৰি উচ্চ পদ নলওঁ। পিতাক বহুত স্মৰণ কৰিলে পিতাৰ অন্তৰত অৰ্থাৎ অন্তৰাসনত অধিষ্ঠিত হৈ যাব। পিতাই কোনো পৰিশ্ৰম কৰিবলৈ নিদিয়ে। অৱলাসকলৰ দ্বাৰানো আৰু কি পৰিশ্ৰম কৰাব। পিতাৰ স্মৃতি হয়ো গুপ্ত। জ্ঞানতো প্ৰত্যক্ষ হৈ যায়। কোৱা হয় এওঁৰ ভাষণতো বহুত ভাল, কিন্তু যোগত কিমানলৈকে থাকে? পিতাক স্মৰণ কৰেনে? কিমান সময় স্মৰণ কৰে? স্মৃতিৰ দ্বাৰাই জন্ম-জন্মান্তৰৰ বিকৰ্ম বিনাশ হ’ব। এই আধ্যাত্মিক জ্ঞান কল্পই কল্পই আত্মিক পিতা শিৱহে আহি দিয়ে। অন্য কোনেও জ্ঞান দিব নোৱাৰে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অবিনাশী ড্ৰামাৰ ৰহস্য বুদ্ধিত ৰাখি কাকো দোষাৰোপ কৰিব নালাগে। পুৰুষোত্তম হ’বলৈ পুৰুষাৰ্থ কৰিব লাগে। এই কম সময়ৰ ভিতৰতে পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ ল’ব লাগে।

(2) দ্বৈত অহিংসক হ’বৰ কাৰণে কেতিয়াও কাৰো ওপৰত ক্ৰোধ কৰিব নালাগে। বিকাৰসমূহ দান দি সৰ্বগুণেৰে সম্পন্ন হ’বলৈ পুৰুষাৰ্থ কৰিব লাগে।

বৰদান:
ছেকেণ্ডত সকলো দুৰ্বলতাৰ পৰা মুক্তি প্ৰাপ্ত কৰি মৰ্যাদা পুৰুষোত্তম হওঁতা সদায় স্নেহী হোৱা

যেনেকৈ স্নেহীয়ে স্নেহত নিজৰ সকলো অৰ্পণ কৰি দিয়ে, স্নেহীয়ে যি কোনো বস্তু সমৰ্পণ কৰাৰ বাবে ভাবিবলগীয়া নহয়। ঠিক তেনেকৈ যিবোৰ মৰ্যাদা বা নিয়ম শুনা, সেয়া বাস্তৱত ৰূপায়িত কৰাৰ অথবা সকলো দুৰ্বলতাৰ পৰা মুক্তি প্ৰাপ্ত কৰাৰ সহজ উপায় হ’ল— সদায় এক পিতাৰ স্নেহী হোৱা। যাৰ স্নেহী হোৱা নিৰন্তৰ তেওঁৰ সঙ্গত থাকা তেতিয়া আত্মিকতাৰ ৰং লাগি যাব আৰু এক ছেকেণ্ডত মৰ্যাদা পুৰুষোত্তম হৈ যাবা কিয়নো স্নেহীয়ে পিতাৰ সহযোগ স্বতঃ পাই যায়।

স্লোগান:
নিশ্চয়তাৰ ভেটি মজবুত হ’লে সম্পূৰ্ণতাত উপনীত হোৱাটো নিশ্চিত।


অব্যক্ত ইংগিত: এতিয়া নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা

বৰ্তমান সময়ত সকলো আত্মাই ভিক্ষাৰীৰ ৰূপত ভগৱানৰ পৰা কিবা নহয় কিবা বিচাৰি আছে। সকলোৰে মুখত বা মনত এয়াই থাকে যে "এইটো দি দিয়া"। কোনোবা ধনৰ ভিক্ষাৰী, কোনোবা সহযোগৰ, কোনোবা সম্পৰ্কৰ, কোনোবা অলপ সময়ৰ বাবে সুখ-শান্তিৰ, কোনোবা আৰাম বা টোপনিৰ, আকৌ কোনোবা অনুগামীসকলৰ ভিক্ষাৰী। তোমালোক দাতাৰ সন্তান, মাষ্টৰ দাতা হৈ নিজৰ শুভ ভাৱনাৰ বৃত্তিৰে ভিক্ষাৰী আত্মাসকলৰ ভোক দূৰ কৰা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]