11.10.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতাৰ স্মৃতিৰ লগতে জ্ঞান ধনেৰে সম্পন্ন হোৱা, বুদ্ধিত গোটেই জ্ঞান মন্থন হৈ থাকিলে
তেতিয়া অপাৰ আনন্দিত হৈ থাকিবা, সৃষ্টি চক্ৰৰ জ্ঞানেৰে তোমালোক চক্ৰৱৰ্তী ৰজা হ'বাগৈ”
প্ৰশ্ন:
কোনসকল
সন্তানৰ (মনুষ্যৰ) প্ৰীতি পিতাৰ সৈতে থাকিব নোৱাৰে?
উত্তৰ:
যিসকল ৰৌৰৱ নৰকৰ নিবাসীয়ে বিকাৰৰ সৈতে প্ৰীতি ৰাখে, এনেকুৱা মনুষ্যৰ প্ৰীতি পিতাৰ
সৈতে থাকিব নোৱাৰে। তোমালোক সন্তানসকলে পিতাৰ পৰিচয় পালা সেয়েহে তোমালোকৰ পিতাৰ সৈতে
প্ৰীতি আছে।
প্ৰশ্ন:
কাৰ সত্যযুগত
অহাৰ হুকুমেই নাই?
উত্তৰ:
পিতাও সত্যযুগত আহিব নালাগে গতিকে তাত কাল আহিবই নোৱাৰে। যেনেকৈ ৰাৱণৰ সত্যযুগত
অহাৰ হুকুম নাই, তেনেকৈ বাবাই কয় – সন্তানসকল, মোৰো সত্যযুগত অহাৰ হুকুম নাই।
বাবাইতো তোমালোকক সুখধামৰ লায়ক কৰি ঘৰলৈ গুচি যায়, তেওঁৰো সীমাৱদ্ধতা আছে।
ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায়। আত্মিক সন্তানসকল, স্মৃতিৰ যাত্ৰাত বহি
আছানে? বুদ্ধিত এইটো জ্ঞান আছেনে যে আমি আত্মাসকল স্মৃতিৰ যাত্ৰাত আছোঁ। ‘যাত্ৰা’
শব্দটি নিশ্চয় অন্তৰত উদয় হ’ব লাগে। যেনেকৈ তেওঁলোকে হৰিদ্বাৰ, অমৰ নাথৰ যাত্ৰা কৰে
আকৌ যাত্ৰা সম্পূৰ্ণ হ'লে ঘূৰি আহে। ইয়াতো তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে আমি
শান্তিধামলৈ যাওঁ। পিতা আহি হাতত ধৰিছে। হাতত ধৰি পাৰলৈ লৈ যাবলগীয়া হয় নহয়। কোৱাও
হয় হাতত ধৰি লোৱা কিয়নো বিষয় সাগৰত পৰি আছা। তোমালোকে এতিয়া শিৱবাবা আৰু ঘৰক স্মৰণ
কৰা। বুদ্ধিত এইটো থাকিব লাগে যে আমি গৈ আছোঁ। ইয়াত মুখেৰে একো ক’বলগীয়াও নহয়।
বুদ্ধিত কেৱল স্মৃতি থাকিব লাগে – উভতাই লৈ যাবলৈ পিতাৰ আগমন হৈছে। স্মৃতিৰ যাত্ৰাত
নিশ্চয় থাকিব লাগে। এই স্মৃতিৰ যাত্ৰাৰ দ্বাৰাই তোমালোকৰ পাপ খণ্ডন হয়, তেতিয়াহে
সেই লক্ষ্যত উপনীত হ'বাগৈ। বাবাই কিমান স্পষ্টকৈ বুজায়। যেনেকৈ সৰু ল’ৰা-ছোৱালীক
পঢ়োৱা হয়। সদায় বুদ্ধিত থকা উচিত যে আমি বাবাক স্মৰণ কৰি গৈ আছোঁ। পিতাৰ কামেই হ'ল
পাৱন কৰি পাৱন সৃষ্টিলৈ লৈ যোৱা। সন্তানসকলক লৈ যায়। আত্মাইহে যাত্ৰা কৰিবলগীয়া হয়।
আমি আত্মাসকল পিতাক স্মৰণ কৰি ঘৰলৈ যাব লাগে। ঘৰ গৈ পোৱাৰ পাছত পিতাৰ কাম পূৰা হয়।
পিতা আহেই পতিতৰ পৰা পাৱন কৰি ঘৰলৈ লৈ যাবলৈ। পঢ়াতো ইয়াতেই পঢ়ে। লাগিলে ঘূৰা-ফুৰা
কৰা, যিকোনো কাম-কাজ কৰা, বুদ্ধিত যাতে এইটো স্মৃতি থাকে। ‘যোগ’ শব্দটিৰে যাত্ৰা
সিদ্ধ নহয়। যোগ হৈছে সন্ন্যাসীসকলৰ। সেয়া সকলো হৈছে মনুষ্য মত। আধাকল্প তোমালোক
মনুষ্য মতত চলিলা। আধাকল্প দৈৱী মতত চলিছিলা। এতিয়া তোমালোকে ঈশ্বৰীয় মত পাইছা।
‘যোগ’ বুলি নক’বা, ‘স্মৃতিৰ যাত্ৰা’ বুলি কোৱা। আত্মাই এই যাত্ৰা কৰিব লাগে। সেয়া
হৈছে পাৰ্থিৱ যাত্ৰা, শৰীৰ সহিত যায়। ইয়াততো শৰীৰৰ কামেই নাই। আত্মাই জানে, আমি
আত্মাসকলৰ সেইখন হৈছে মৰমৰ ঘৰ। পিতাই আমাক শিক্ষা দি আছে যাৰ দ্বাৰা আমি পাৱন হ’মগৈ।
স্মৰণ কৰি কৰি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। এয়া হৈছে যাত্ৰা। আমি পিতাৰ
স্মৃতিত বহোঁ কিয়নো পিতাৰ ওচৰলৈকে ঘৰলৈ যাব লাগে। পিতা পাৱন কৰি তুলিবলৈকে আহে।
গতিকে পাৱন সৃষ্টিলৈ যাবই লাগে। পিতাই পাৱন কৰি তোলে আকৌ পুৰুষাৰ্থৰ ক্ৰম অনুসৰি
তোমালোক পাৱন সৃষ্টিলৈ যাবাগৈ। এই জ্ঞান বুদ্ধিত থকা উচিত। আমি স্মৃতিৰ যাত্ৰাত আছোঁ।
আমি আৰু এই মৃত্যুলোকলৈ পুনৰ উভতি আহিব নালাগে। পিতাৰ কাম হ'ল আমাক ঘৰলৈকে লৈ যোৱা।
পিতাই ৰাস্তা দেখুৱাই দিয়ে এতিয়া তোমালোক মৃত্যুলোকত আছা পাছত তোমালোক অমৰলোক নতুন
সৃষ্টিত থাকিবাগৈ। পিতাই লায়ক কৰিহে এৰে। সুখধামলৈ পিতাই লৈ নাযায়। ঘৰলৈ লৈ যোৱাতে
তেওঁ সীমাবদ্ধ। এই গোটেই জ্ঞান বুদ্ধিত থাকিব লাগে। কেৱল পিতাক স্মৰণ কৰিব নালাগে,
লগতে জ্ঞানৰো প্ৰয়োজন। জ্ঞানৰ দ্বাৰাই তোমালোকে ধন উপাৰ্জন কৰা নহয়। এই সৃষ্টি
চক্ৰৰ জ্ঞানৰ দ্বাৰা তোমালোক চক্ৰৱৰ্তী ৰজা হোৱাগৈ। বুদ্ধিত এইটো জ্ঞান আছে যে
তোমালোকে এই চক্ৰ পৰিক্ৰমা লগালা এতিয়া আমি ঘৰলৈ যাম আকৌ আৰম্ভণিৰ পৰা চক্ৰ আৰম্ভ
হ'ব। এই গোটেই জ্ঞান বুদ্ধিত থাকিলে আনন্দৰ সীমা নোহোৱা হ'ব। পিতাকো স্মৰণ কৰিব লাগে,
শান্তিধাম, সুখধামকো স্মৰণ কৰিব লাগে। 84ৰ চক্ৰ যদি স্মৰণ নকৰা তেন্তে চক্ৰৱৰ্তী ৰজা
কেনেকৈ হ'বা। কেৱল এজনক স্মৰণ কৰাটো সন্ন্যাসীসকলৰ কাম কিয়নো তেওঁলোকে পিতাক নাজানে।
ব্ৰহ্মকে স্মৰণ কৰে। পিতাইতো ভালদৰে সন্তানসকলক বুজায়। স্মৰণ কৰোঁতে কৰোঁতে
তোমালোকৰ পাপ খণ্ডন হ'ব। প্ৰথমতেতো ঘৰলৈ যাব লাগে, এয়া হ'ল আত্মিক যাত্ৰা। গায়নো আছে
- চাৰিওফালে পৰিক্ৰমা লগালোঁ তথাপি দূৰতেই থাকিলো অৰ্থাৎ পিতাৰ পৰা দূৰৈত থাকিলোঁ।
যিজন পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যায় তেওঁকতো নাজানেই। কিমান পৰিক্ৰমা লগালে।
প্ৰত্যেক বছৰে কিবা যাত্ৰা কৰে। পইচা বেছিকৈ থাকিলে যাত্ৰাৰ চখ থাকে। এয়াতো হৈছে
তোমালোকৰ আত্মিক যাত্ৰা। তোমালোকৰ কাৰণে নতুন সৃষ্টি তৈয়াৰ হ'ব তেতিয়াতো নতুন
সৃষ্টিতহে আহিবা, যাক অমৰলোক বুলি কোৱা হয়। তাত কাল নাথাকে যে কাৰোবাক লৈ যাব। কালৰ
(অকাল মৃত্যুৰ) নতুন সৃষ্টিলৈ অহাৰ হুকুমেই নাই। ৰাৱণৰ এয়া পুৰণি সৃষ্টি নহয় জানো।
তোমালোকে আহ্বানো ইয়াতেই জনোৱা। পিতাই কয় - মই পুৰণি সৃষ্টিত পুৰণি শৰীৰত আহোঁ। মোৰো
নতুন সৃষ্টিলৈ অহাৰ হুকুম নাই। মইতো পতিতসকলকে পাৱন কৰি তুলিবলৈ আহোঁ। তোমালোকে
পাৱন হৈ অন্যকো পাৱন কৰি তোলা। সন্ন্যাসীতো পলাই যায়। একেবাৰে লুকাই যায়। গমেই পোৱা
নাযায়, ক'লৈ গুচি গ’ল কিয়নো তেওঁলোকে ভেশেই সলনি কৰি লয়। যেনেকৈ ভাৱৰীয়াই ৰূপ সলায়।
কেতিয়াবা নাৰীৰ পৰা পুৰুষ হৈ যায়, কেতিয়াবা পুৰুষৰ পৰা নাৰী হৈ যায়। এওঁলোকেও (সন্ন্যাসীয়ে)
ৰূপ সলনি কৰে। সত্যযুগত জানো এনেকুৱা কথাবোৰ থাকিব!
পিতাই কয় - মই নতুন সৃষ্টি গঢ়িবলৈ আহোঁ। আধাকল্প তোমালোক সন্তানসকলে ৰাজ্য কৰা আকৌ
ড্ৰামাৰ পৰিকল্পনা অনুসৰি দ্বাপৰ যুগ আৰম্ভ হয়, দেৱতাসকল বামমাৰ্গত গুচি যায়,
তেওঁলোকৰ বহুত অশালীন চিত্ৰও জগন্নাথ পুৰীত আছে। জগন্নাথৰ মন্দিৰ আছে। আচলতে তেওঁৰ
ৰাজধানী আছিল যি নিজেই বিশ্বৰ মালিক আছিল। সেয়াই আকৌ গৈ মন্দিৰত প্ৰতিষ্ঠাপিত হ’লগৈ,
তেওঁক ক’লা বৰণীয়া ৰূপত দেখুৱায়। এই জগন্নাথ মন্দিৰত তোমালোকে বহুত বুজাব পাৰা।
অন্য কোনেও ইয়াৰ অৰ্থ বুজাব নোৱাৰে। দেৱতাসকলেই পূজ্যৰ পৰা পূজাৰী হয়। তেওঁলোকেতো
প্ৰতিটো কথাতে ভগৱানৰ কাৰণে কৈ দিয়ে - আপুনিয়েই পূজ্য, আপুনিয়েই পূজাৰী। আপুনিয়েই
সুখ দিয়ে, আপুনিয়েই দুখ দিয়ে। পিতাই কয় মইতো কাকো দুখ নিদিওঁ। এয়াতো বুজিবলগীয়া কথা।
সন্তান জন্মিলে সুখ হয়, সন্তান মৰিলে কান্দিবলৈ ধৰে। এনেকৈ কয় যে ভগৱানে দুখ দিলে।
হেৰ’, এই অল্পকালৰ সুখ-দুখ তোমালোকে এই ৰাৱণৰাজ্যতে পোৱা। মোৰ ৰাজ্যত দুখৰ কোনো
কথাই নাথাকে। সত্যযুগক অমৰলোক বুলি কোৱা হয়। ইয়াৰ নামেই হ’ল মৃত্যুলোক। অকালতে
মৃত্যু হয়। তাততো বহুত আনন্দোৎসৱ কৰে, আয়ুসো দীঘলীয়া হয়। আটাইতকৈ বেছি আয়ুস 150 বছৰ
হয়। ইয়াতো কেতিয়াবা কেতিয়াবা কাৰোবাৰ এনেকুৱা হয় কিন্তু ইয়াততো স্বর্গ নাই। কোনোবাই
শৰীৰ বহুত চম্ভালি ৰাখিলে আয়ুসো দীঘলীয়া হৈ যায় তেতিয়া সন্তানো কিমান হৈ যায়।
পৰিয়াল বাঢ়ি গৈ থাকে, সোনকালে বৃদ্ধি হয়। যেনেকৈ বৃক্ষৰ পৰা ঠাল-ঠেঙুলি ওলায় - 50
টা ঠালৰ পৰা আকৌ 50 টা ঠাল ওলায়, কিমান যে বৃদ্ধি হৈ গৈ থাকে। ইয়াতো তেনেকুৱা সেয়েহে
বট বৃক্ষৰ উদাহৰণ দিয়ে। গোটেই বৃক্ষজোপা থিয় হৈ আছে, মূল (আধাৰ) নাই। ইয়াতো
আদি-সনাতন দেৱী-দেৱতা ধৰ্মৰ মূল (আধাৰ) নাই। কোনেওতো নাজানেই যে দেৱতাসকল কেতিয়া
আছিল, তেওঁলোকেতো লাখ লাখ বছৰ বুলি কৈ দিয়ে। তোমালোকে আগতে কেতিয়াও খেয়ালেই কৰা
নাছিলা। পিতাহে আহি এই সকলো কথা বুজায়। তোমালোকে এতিয়া পিতাকো জানিছা লগতে গোটেই
ড্ৰামাৰ আদি-মধ্য-অন্ত, সময়সীমা আদি সকলো জানি গৈছা। নতুন সৃষ্টিৰ পৰা পুৰণি,
পুৰণিৰ পৰা নতুন কেনেকৈ হয়, এয়া কোনেও নাজানে। তোমালোক সন্তানসকল এতিয়া স্মৃতিৰ
যাত্ৰাত বহি আছা। এই যাত্ৰাতো তোমালোকৰ নিত্য চলি থাকিব। ঘূৰা-ফুৰা কৰা কিন্তু এই
স্মৃতিৰ যাত্ৰাত থাকা। এয়া হৈছে আত্মিক যাত্ৰা। তোমালোকে জানা যে ভক্তিমাৰ্গত আমিও
সেই যাত্ৰাবোৰত গৈছিলোঁ। যিসকল দৃঢ় ভক্ত তেওঁলোকে নিশ্চয় অনেকবাৰ যাত্ৰা কৰে। পিতাই
বুজাইছে - এজন শিৱৰ ভক্তি কৰা, সেয়া হ'ল অব্যভিচাৰী ভক্তি। তাৰপাছত দেৱতাসকলৰ ভক্তি
কৰে, তাৰপাছত 5 তত্ত্বৰ ভক্তি কৰে। দেৱতাসকলৰ ভক্তি কৰা সেয়া তথাপি ভাল কিয়নো শৰীৰ
সতোপ্ৰধান হয়, মনুষ্যৰ শৰীৰতো পতিত নহয় জানো। তেওঁলোকতো পৱিত্ৰ আকৌ দ্বাপৰৰ পৰা সকলো
পতিত হৈ গৈছে। অধঃপতিত হৈ থাকে। ছিৰিৰ চিত্ৰ তোমালোকৰ বুজাবৰ কাৰণে বহুত ভাল। জিনৰো
কাহিনী শুনায়। এই সকলো দৃষ্টান্ত আদি এই সময়ৰে। সকলো তোমালোকৰ ওপৰতে ৰচা হৈছে।
ভোমোৰাৰ উদাহৰণো তোমালোকৰ যিয়ে কীট-পতংগ সদৃশ মনুষ্যক নিজৰ সমান ব্ৰাহ্মণ কৰি তোলা।
ইয়াৰে সকলো দৃষ্টান্ত।
তোমালোক সন্তানসকলে আগতে পাৰ্থিৱ যাত্ৰা কৰিছিলা। এতিয়া আকৌ পিতাৰ দ্বাৰা আত্মিক
যাত্ৰা শিকা। এয়া পঢ়া নহয় জানো। ভক্তিত চোৱা কি কি কৰে। সকলোৰে আগত মূৰ দোৱাই থাকে,
এজনৰো জীৱন কাহিনী নাজানে। হিচাপ কৰা হয়। সকলোতকৈ বেছি জন্ম কোনে লয় আকৌ কম হৈ গৈ
থাকে। এই জ্ঞানো তোমালোকে এতিয়া পোৱা। তোমালোকে বুজি পোৱা যে যথাযথ স্বর্গ আছিল।
ভাৰতবাসীতো ইমান পাথৰ বুদ্ধিৰ হৈ গৈছে, তেওঁলোকক যদি সোধা যে স্বর্গ কেতিয়া আছিল
তেতিয়া লাখ বছৰ বুলি কৈ দিব। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি বিশ্বৰ মালিক
আছিলোঁ, কিমান যে সুখী আছিলোঁ এতিয়া আমি পুনৰ ভিকহুৰ পৰা ৰাজকুমাৰ হ'ব লাগে। সৃষ্টি
নতুনৰ পৰা পুৰণি হয় নহয়। গতিকে পিতাই কয় - যত্ন কৰা। এইটোও জানে যে মায়াই বাৰে বাৰে
পাহৰাই দিয়ে।
পিতাই বুজায় - বুদ্ধিত সদায় এইটো স্মৃতি ৰাখা যে আমি গৈ আছোঁ, আমাৰ এই পুৰণি
সৃষ্টিৰ পৰা লংগৰ উঠি গৈছে। নাও সিপাৰলৈ যাব। এনেকৈ গোৱাও হয় - আমাৰ নাও পাৰ কৰি লৈ
যোৱা। কেতিয়া সিপাৰলৈ যাব লাগে, সেয়া নাজানে। গতিকে মুখ্য হৈছে স্মৃতিৰ যাত্ৰা।
পিতাৰ লগতে উত্তৰাধিকাৰো স্মৃতিলৈ অহা উচিত। সন্তান যেতিয়া বালক হয় তেতিয়া পিতাৰ
উত্তৰাধিকাৰেই বুদ্ধিত থাকে। তোমালোকতো ডাঙৰ হোৱাই। আত্মাই তৎক্ষণাৎ বুজি পায়, এই
কথাটিতো একেবাৰে সঠিক। বেহদৰ পিতাৰ উত্তৰাধিকাৰ হয়েই স্বর্গ। বাবাই স্বর্গৰ স্থাপনা
কৰে গতিকে পিতাৰ শ্ৰীমতত চলিব লাগে। পিতাই কয় - পৱিত্ৰ নিশ্চয় হ’ব লাগে। পৱিত্ৰতাৰ
কাৰণেই কাজিয়া হয়। তেওঁলোকতো যেন একেবাৰে ৰৌৰৱ নৰকত পৰি আছে। আৰুহে বেছি বিকাৰত
অধঃপতিত হ’বলৈ ধৰে সেয়েহে পিতাৰ সৈতে প্ৰীতি ৰাখিব নোৱাৰে। বিনাশ কালত অপ্ৰীতিকৰ
বুদ্ধি হয় নহয়। পিতা আহেই প্ৰীতি বুদ্ধিৰ কৰি তুলিবলৈ। বহুত আছে যাৰ সামান্যও প্ৰীতি
বুদ্ধি নাই। পিতাক কেতিয়াও স্মৰণেই নকৰে। শিৱবাবাক নাজানেই, মানিও নলয়। মায়াৰ পূৰা
গ্ৰহণ লাগি আছে। স্মৃতিৰ যাত্ৰা একেবাৰে নাই। পিতাই যত্নতো কৰায়, তোমালোকে এইটোও
জানা সূৰ্যবংশী, চন্দ্ৰবংশী ৰাজধানী ইয়াত স্থাপনা হৈ আছে। সত্যযুগ-ত্ৰেতাত কোনো
ধৰ্ম প্ৰতিষ্ঠা নহয়। ৰামে কোনো ধৰ্ম প্ৰতিষ্ঠা নকৰে। এওঁতো স্থাপনা কৰোঁতা পিতাৰ
দ্বাৰা এয়া হয়। অন্য ধৰ্ম প্ৰতিষ্ঠাপক আৰু পিতাৰ ধৰ্ম প্ৰতিষ্ঠাৰ মাজত ৰাতি-দিনৰ
পাৰ্থক্য আছে। পিতা সংগমতে আহে যেতিয়া সৃষ্টি পৰিৱৰ্তনৰ সময় হয়। পিতাই কয় – কল্পই
কল্পই, কল্পৰ সংগমযুগত আহোঁ, তেওঁলোকে আকৌ যুগে যুগে বুলি ভুলকৈ লিখি দিছে। আধাকল্প
ভক্তিমাৰ্গো চলিবই। সেয়েহে পিতাই কয় – সন্তানসকল, এই কথাবোৰ পাহৰি নাযাবা।
সন্তানসকলে কয় - বাবা আমি আপোনাক পাহৰি যাওঁ। হেৰ’, পিতাককতো জন্তুৱেও নাপাহৰে।
তোমালোকে কিয় পাহৰা? নিজক আত্মা বুলি নুবুজা! দেহ-অভিমানী হোৱাৰ বাবেই তোমালোকে
পিতাক পাহৰি যোৱা। এতিয়া যেনেকৈ পিতাই বুজাইছে, তেনেকৈ তোমালোক সন্তানসকলেও অভ্যাস
কৰিব লাগে। নিৰ্ভয়ে বাৰ্তালাপ কৰিব লাগে। এনেকুৱা নহয় যে ডাঙৰ ব্যক্তিৰ সন্মুখত
ভয়-ভীত হৈ যাবা। তোমালোক কুমাৰীসকলেই ডাঙৰ ডাঙৰ বিদ্বান, পণ্ডিতৰ ওচৰলৈ যোৱা গতিকে
তোমালোকে নিৰ্ভয়ে বুজাব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বুদ্ধিত যাতে সদায় এইটো স্মৃতি থাকে যে আমি গৈ আছোঁ, আমাৰ নাওৰ লংগৰ এই পুৰণি
সৃষ্টিৰ পৰা উঠিল। আমি আত্মিক যাত্ৰাত আছোঁ। এয়াই যাত্ৰা কৰিব লাগে আৰু অন্যকো কৰাব
লাগে।
(2) যিকোনো ডাঙৰ
ব্যক্তিৰ সন্মুখত নিৰ্ভয়ে বাৰ্তালাপ কৰিব লাগে, ভয় কৰিব নালাগে। দেহী-অভিমানী হৈ
বুজোৱাৰ অভ্যাস কৰিব লাগে।
বৰদান:
ব্যৰ্থ বা
মায়াৰ পৰা নিৰীহ হৈ দিব্যতাৰ অনুভৱ কৰোঁতা মহান আত্মা হোৱা
মহান আত্মা অৰ্থাৎ
সন্ত বুলি তেওঁক কোৱা হ'ব যি ব্যৰ্থ বা মায়াৰ পৰা নিৰীহ হ’ব। যেনেকৈ দেৱতাসকল ইয়াৰ
পৰা নিৰীহ আছিল তেনেকৈ নিজৰ সেই সংস্কাৰ জাগ্ৰত কৰা, ব্যৰ্থৰ প্ৰতি অবিদ্যাস্বৰূপ
হোৱা কিয়নো এই ব্যৰ্থৰ উন্মাদতাই বহু ক্ষেত্ৰত সত্যতাৰ চেতনা, যথাৰ্থতাৰ চেতনা
নোহোৱা কৰি দিয়ে। সেয়েহে সময়, শ্বাস, বাণী, কৰ্ম সকলোতে ব্যৰ্থৰ পৰা নিৰীহ হোৱা।
যেতিয়া ব্যৰ্থৰ প্ৰতি অবিদ্যাস্বৰূপ হ’বা তেতিয়া দিব্যতা স্বতঃ অনুভৱ হ'ব আৰু অনুভৱ
কৰাব।
স্লোগান:
প্ৰথম বিভাগত আহিবলৈ পিতা ব্ৰহ্মাৰ খোজে প্ৰতি খোজ দিয়া।
পুৰণা সংস্কাৰ
পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
যেনেকৈ হোলীত (ফাকুৱা
উৎসৱত) মানুহে পৰস্পৰ আলিঙ্গন কৰে, তেনেকৈ ইয়াত সংস্কাৰ মিলনেই মংগল মিলন।
ইজনে-সিজনৰ সংস্কাৰক জানি, ইজনে-সিজনৰ স্নেহত মিলিজুলি থাকিব লাগে। যেনেকৈ কাৰোবাৰ
প্ৰতি বিশেষ স্নেহ থাকিলে তেতিয়া তেওঁৰ সৈতে মিলি যোৱা তেনেকৈ ইজনে-সিজনৰ সৈতে মিলি
যাবলৈ যিমানেই জ্ঞানপূৰ্ণ সিমানেই সৰল স্বভাৱৰ হোৱা।