11.11.25 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“তোমালোকে অন্তৰেৰে ‘বাবা বাবা’ বুলি কোৱা তেতিয়া আনন্দত পুলকিত হৈ যাবা, আনন্দিত
হৈ থাকিলে মায়াজিৎ হৈ যাবা”
প্ৰশ্ন:
সন্তানসকলৰ
কোনটো এটা কথাত পৰিশ্ৰম হয় কিন্তু আনন্দ আৰু স্মৃতিৰ সেইটোৱে আধাৰ?
উত্তৰ:
আত্ম-অভিমানী হোৱাৰ ক্ষেত্ৰতে পৰিশ্ৰম হয় কিন্তু ইয়াৰ দ্বাৰাই আনন্দৰ পাৰা
উৰ্দ্ধগামী হয়, মৰমৰ বাবা স্মৃতিলৈ আহে। মায়াই তোমালোকক দেহ-অভিমানত আনি থাকিব,
শক্তিশালীৰ লগত শক্তিশালী হৈ যুঁজিব, এই ক্ষেত্ৰত বিবুদ্ধিত পৰিব নালাগে। বাবাই কয়
- সন্তানসকল মায়াৰ ধুমুহালৈ ভয় নকৰিবা, কেৱল কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কোনো বিকৰ্ম
নকৰিবা।
ওঁম্শান্তি।
আত্মিক পিতাই
আত্মিক সন্তানসকলক বুজাই আছে বা শিক্ষা দি আছে, পঢ়াই আছে। সন্তানসকলে জানে পঢ়াওঁতা
পিতা হৈছে সৰ্বদা দেহী-অভিমানী। তেওঁ হয়েই নিৰাকাৰ, দেহ ধাৰণ নকৰেই। পুনৰ্জন্মত নাহে।
পিতাই বুজায় - তোমালোক সন্তানসকলে মোৰ সমান নিজক আত্মা বুলি বুজিব লাগে। মই হৈছোঁ
পৰমপিতা। পৰমপিতাৰ দেহ নাথাকে। তেওঁক দেহী-অভিমানী বুলিও কোৱা নহয়। তেওঁতো হয়েই
নিৰাকাৰ। পিতাই কয় - মোৰ নিজৰ দেহ নাই। তোমালোকেতো দেহ পাই আহিছা। এতিয়া মোৰ সমান
দেহৰ পৰা অনাসক্ত হৈ আত্মা বুলি বুজা। যদি বিশ্বৰ মালিক হ'ব লাগে তেন্তে অন্য কোনো
কঠিন কথা নাই। পিতাই কয় - দেহ-অভিমান এৰি মোৰ সমান হোৱা। সৰ্বদা বুদ্ধিত যাতে এইটো
স্মৃতি থাকে যে মই আত্মা, মোক বাবাই পঢ়াই আছে। পিতাতো নিৰাকাৰ, কিন্তু আমাক পঢ়াব
কেনেকৈ? সেয়েহে বাবাই এই শৰীৰত আহি পঢ়ায়। গো-মুখ দেখুৱায় নহয়। এতিয়া গো-মুখৰ পৰাতো
গংগা ওলাব নোৱাৰে। মাতাসকলকো গো-মাতা বুলি কোৱা হয়। তোমালোক সকলো গো হোৱা। এওঁতো (ব্ৰহ্মা)
গো নহয়। মুখৰ দ্বাৰা জ্ঞান পোৱা যায়। পিতাৰতো গো নাই নহয় - বলধৰ ওপৰত আৰোহন কৰা
দেখুৱায়। তেওঁলোকেতো শিৱ-শংকৰক এজন বুলি কৈ দিয়ে। তোমালোক সন্তানসকলে এতিয়া বুজি
পোৱা শিৱ-শংকৰ এজন নহয়। শিৱতো হৈছে উচ্চতকৈও উচ্চ তাৰ পাছত ব্ৰহ্মা-বিষ্ণু-শংকৰ।
ব্ৰহ্মা হৈছে সূক্ষ্মধামনিবাসী। তোমালোক সন্তানসকলে বিচাৰ সাগৰ মন্থন কৰি সাৰ
কথাবোৰ উলিয়াই বুজাবলগীয়া হয় আৰু নিৰ্ভীকো হ'ব লাগে। তোমালোক সন্তানসকলহে আনন্দিত
হোৱা। তোমালোকে ক'বা - আমি ঈশ্বৰৰ বিদ্যাৰ্থী, আমাক বাবাই পঢ়ায়। ভগৱানুবাচও আছে -
হে সন্তানসকল, মই তোমালোকক ৰজাৰো ৰজা কৰি তুলিবলৈ পঢ়াওঁ। য’লৈকে নোযোৱা,
সেৱাকেন্দ্ৰলৈ যোৱা, বুদ্ধিত আছে যে বাবাই আমাক পঢ়ায়। যি এতিয়া আমি সেৱাকেন্দ্ৰত
শুনোঁ, বাবাই মুৰুলী শুনায়। ‘বাবা, বাবা’ বুলি কৈ থাকা। এয়াও তোমালোকৰ যাত্ৰা হ'ল।
‘যোগ’ শব্দটি শোভা নাপায়। মনুষ্যই অমৰনাথ, বদ্ৰীনাথৰ যাত্ৰা কৰিবলৈ খোজকাঢ়ি যায়।
এতিয়া তোমালোক সন্তানসকলতো নিজৰ ঘৰলৈ যাব লাগে। তোমালোকে জানা এতিয়া এই বেহদৰ নাটক
পূৰা হয়। বাবাৰ আগমন হৈছে, আমাক যোগ্য কৰি লৈ যাবৰ কাৰণে। তোমালোকে নিজেই কোৱা - আমি
পতিত। পতিতই জানো মুক্তি পাব। পিতাই কয় - হে আত্মাসকল, তোমালোক পতিত হৈ গৈছা।
তেওঁলোকে শৰীৰক পতিত বুলি বুজি গংগা স্নান কৰিবলৈ যায়। আত্মাকতো তেওঁলোকে নিৰ্লেপ
বুলি বুজি লয়। পিতাই বুজায় - মূল কথা হৈছেই আত্মাৰ। এনেকৈ কয়ো যে পাপ আত্মা, পুণ্য
আত্মা। এইটো ভালদৰে স্মৃতিত ৰাখা। বুজিব আৰু বুজাব লাগে। তোমালোকেহে ভাষণ আদি দিব
লাগে। পিতাতো গাঁৱে গাঁৱে, গলিয়ে গলিয়ে নাযাব। তোমালোকে ঘৰে ঘৰে এই চিত্ৰ ৰাখি দিয়া।
84ৰ চক্ৰ কেনেকৈ ঘূৰে। ছিৰিৰ চিত্ৰত বহুত স্পষ্টকৈ আছে। এতিয়া পিতাই কয় - সতোপ্ৰধান
হোৱা। নিজৰ ঘৰলৈ যাব লাগে, পৱিত্ৰ নোহোৱাকৈ ঘৰলৈতো যাব নোৱাৰা। এইটোৱে চিন্তা থাকিব
লাগে। বহুত সন্তানে লিখে, বাবা মোৰ ওচৰত বহুত ধুমুহা আহে। মনত বহুত বেয়া খেয়াল আহে।
আগতে অহা নাছিল।
পিতাই কয় - তোমালোকে
এইটো খেয়াল নকৰিবা। আগতে জানো তোমালোক যুদ্ধক্ষেত্ৰত আছিলা! এতিয়া তোমালোক পিতাৰ
স্মৃতিত থাকি মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। প্ৰতিটো মুহূৰ্ততে স্মৰণ কৰি থাকা।
গাঁথি বান্ধি লোৱা। যেনেকৈ মাতাসকলে গাঁথি বান্ধি লয়, পুৰুষ লোকসকলে আকৌ টোকাবহীত
লিখে। তোমালোকৰতো এই বেজ ভাল প্ৰতীক। আমি ৰাজকুমাৰ হওঁগৈ, এইখন হয়েই ভিকহুৰ পৰা
ৰাজকুমাৰ হোৱাৰ ঈশ্বৰীয় বিশ্ব বিদ্যালয়। তোমালোক ৰাজকুমাৰ আছিলা নহয়। শ্ৰীকৃষ্ণ
বিশ্বৰ ৰাজকুমাৰ আছিল। যেনেকৈ ইংলেণ্ডৰো “প্ৰিন্স অফ্ ৱেল্চ” বুলি কোৱা হয়। সেয়া
হৈছে হদৰ কথা, ৰাধা-কৃষ্ণতো বহুত প্ৰসিদ্ধ। স্বৰ্গৰ ৰাজকুমাৰ-ৰাজকুমাৰী আছিল নহয়
সেয়েহে তেওঁলোকক সকলোৱে মৰম কৰে। শ্ৰীকৃষ্ণকতো বহুত মৰম কৰে। কৰিবতো দুয়োকে লাগে।
প্ৰথমেতো ৰাধাক কৰিব লাগে। কিন্তু পুত্ৰ সন্তানৰ প্ৰতি বেছি মৰম থাকে কিয়নো তেওঁ
উত্তৰাধিকাৰী হয়। স্ত্ৰীৰো স্বামীৰ প্ৰতি মৰম থাকে। স্বামীৰ কাৰণেই কয় - এওঁ তোমাৰ
গুৰু ঈশ্বৰ। স্ত্ৰীৰ ক্ষেত্ৰত এনেকৈ নকয়। সত্যযুগততো মাতাসকলৰ মহিমা হয়। প্ৰথমে
লক্ষ্মী পাছত নাৰায়ণ। অম্বাক কিমান সন্মান দিয়ে। ব্ৰহ্মাৰ জীয়ৰী। ব্ৰহ্মাৰ ইমান নহয়,
ব্ৰহ্মাৰ মন্দিৰ আজমেৰত আছে। য'ত মেলা আদি পাতে। অম্বাৰ মন্দিৰতো মেলা হয়। বাস্তৱত
এই সকলোবোৰ মেলা মলিয়ন কৰিবৰ কাৰণে। তোমালোকৰ এই মেলা হৈছে স্বচ্ছ হ’বৰ কাৰণে।
স্বচ্ছ হ’বলৈ তোমালোকে স্বচ্ছ পিতাক স্মৰণ কৰিব লাগে। পানীৰে কোনো পাপ নাশ নহয়।
‘গীতা’তো ভগৱানুবাচ আছে ‘মনমনাভৱ’। আদি আৰু অন্তত এই শব্দটি আছে। তোমালোক সন্তানসকলে
জানা আমিয়েই পোন-প্ৰথমে ভক্তি আৰম্ভ কৰিছোঁ। সতোপ্ৰধান ভক্তি পুনৰ সতো-ৰজো-তমো ভক্তি
হয়। এতিয়াতো চোৱা মাটি পাথৰ আদি সকলোৰে ভক্তি কৰে। এই সকলোবোৰ হৈছে অন্ধশ্ৰদ্ধা। এই
সময়ত তোমালোক সংগমত বহি আছা। এয়া ওলোটা বৃক্ষ হয় নহয় জানো। ওপৰত আছে বীজ। পিতাই কয়
- এই মনুষ্য সৃষ্টিৰ বীজ ৰচয়িতা মই হওঁ। এতিয়া নতুন সৃষ্টি স্থাপনা কৰি আছোঁ। পুলি
ৰোপণ কৰে নহয়। বৃক্ষৰ পুৰণা পাতবোৰ সৰি যায়। নতুন নতুন পাত ওলায়। এতিয়া পিতাই
দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰি আছে। বহুত পাত আছে যিবোৰ সানমিহলি হৈ গৈছে। নিজকে
হিন্দু বুলি কয়। বাস্তৱত হিন্দু হয়েই আদি সনাতন দেৱী-দেৱতা ধৰ্মাৱলম্বীসকল।
হিন্দুস্থানৰ বাস্তৱত নামেই হৈছে ভাৰত, য’ত দেৱতাসকল আছিল। অন্য কোনো দেশৰ নাম সলনি
নহয়, ইয়াৰ নাম সলনি কৰি দিলে। হিন্দুস্থান বুলি কৈ দিয়ে। বৌদ্ধিলোকসকলে এনেকৈ নকয়
যে আমাৰ ধৰ্ম জাপানী বা চীনী। তেওঁলোকেতো নিজৰ ধৰ্ম বৌদ্ধি বুলিয়ে ক’ব। তোমালোকৰ
কোনেও নিজক আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ বুলি নকয়। যদি কোনোবাই কয়ো তেন্তে কোৱা সেই
ধৰ্মটি কেতিয়া আৰু কোনে প্ৰতিষ্ঠা কৰিলে? একোৱেই ক’ব নোৱাৰিব। কল্পৰ আয়ুসেই দীঘলীয়া
কৰি দিছে, ইয়াক কোৱা হয় অজ্ঞান অন্ধকাৰ। এটাতো নিজৰ ধৰ্মক নাজানে, দ্বিতীয়তে
লক্ষ্মী-নাৰায়ণৰ ৰাজ্যক বহুত দূৰলৈ লৈ গ’ল সেইকাৰণে ঘোৰ অন্ধকাৰ বুলি কোৱা হয়।
জ্ঞান আৰু অজ্ঞানৰ মাজত কিমান পাৰ্থক্য আছে। জ্ঞান সাগৰ হয়েই একমাত্ৰ শিৱবাবা।
তেওঁৰ পৰা যেন এক লোটা দিয়ে। যিকোনো লোককে কেৱল এইটো শুনোৱা যে শিৱবাবাক স্মৰণ কৰক
তেতিয়া বিকৰ্ম বিনাশ হ’ব। এয়া যেন এচলু পানী হ’ল নহয়। কোনোৱেতো স্নান কৰে, কোনোৱে
কলহ ভৰাই লৈ যায়। কোনোৱে সৰু সৰু লোটাত লৈ যায়। নিতৌ এটোপাল কলহত ঢালি তাকেই জ্ঞান
জল বুলি বুজি পান কৰে। বিলাততো বৈষ্ণৱ লোকে গংগা জল কলহ ভৰাই লৈ যায়। তাৰ পাছত মগাই
থাকে। এতিয়া এই পানীতো সকলো পাহাৰৰ পৰাই আহে। ওপৰৰ পৰাও পানী পেলায়। আজিকালি চোৱা
অট্টালিকাও কিমান উচ্চ 100 মহলালৈকে নিৰ্মাণ কৰে। সত্যযুগতো এনেকুৱা নহ’ব। তাততো
তোমালোকে মাটি ইমান পোৱা যে কথাই নুসুধিবা। ইয়াত থাকিবলৈ মাটি নাই, সেইবাবে ইমান
মহলালৈকে নিৰ্মাণ কৰে। তাত শস্যও প্ৰচুৰ পৰিমানে উৎপন্ন হয়। যেনেকৈ আমেৰিকাত বহুত
শস্য উৎপন্ন হয় তেতিয়া জ্বলাই দিয়ে। এইখন হৈছে মৃত্যুলোক। সেইখন হৈছে অমৰলোক।
আধাকল্প তাত তোমালোক সুখত থাকা। মৃত্যু ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। ইয়াৰ ওপৰত এটা
কাহিনীও আছে। এয়া হৈছে বেহদৰ কথা। বেহদৰ কাহিনীবোৰৰ পৰা আকৌ হদৰ কাহিনী ৰচনা কৰিছে।
‘গ্ৰন্থ’ প্ৰথমে কিমান সৰু আছিল। এতিয়াতো কিমান ডাঙৰ কৰি দিলে। শিৱবাবা কিমান
সূক্ষ্ম, তেওঁৰো কিমান বৃহৎ প্ৰতিমা নিৰ্মাণ কৰি দিছে। বুদ্ধৰ চিত্ৰ, পাণ্ডৱৰ চিত্ৰ
বৃহৎ বৃহৎ ওখ কৰি নিৰ্মাণ কৰিছে। এনেকুৱাতো কোনো নহয়। তোমালোক সন্তানসকলেতো এই
লক্ষ্য-উদ্দেশ্যৰ চিত্ৰ ঘৰে ঘৰে ৰাখিব লাগে। আমি পঢ়ি এনেকুৱা হৈ আছোঁ। তেন্তে
কান্দিব লাগে জানো। যিয়ে কান্দে তেওঁ হেৰুৱায়। দেহ-অভিমানত আহি যায়। তোমালোক
সন্তানসকল আত্ম-অভিমানী হ’ব লাগে, ইয়াতেই পৰিশ্ৰম হয়। আত্ম-অভিমানী হ’লেহে সুখৰ পাৰা
উৰ্দ্ধগামী হয়। মৰমৰ বাবা স্মৃতিলৈ আহে। বাবাৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছোঁ।
বাবাই আমাক এই ভাগ্যশালী ৰথত আহি পঢ়ায়। ৰাতিয়ে দিনে ‘বাবা বাবা’ বুলি স্মৰণ কৰি থাকা।
তোমালোক আধাকল্পৰ প্ৰেমিকা। ভক্তই ভগৱানক স্মৰণ কৰে। ভক্ত অনেক। জ্ঞানত সকলোৱে এজন
পিতাক স্মৰণ কৰে। তেৱেঁই সকলোৰে পিতা। জ্ঞান সাগৰ পিতাই আমাক পঢ়ায়, তোমালোক
সন্তানসকলতো শিহৰিত হৈ যাব লাগে। মায়াৰ ধুমুহাতো আহিবই। বাবাই কয় - সকলোতকৈ বেছি
ধুমুহাতো মোৰ ওচৰত আহে কিয়নো সকলোতকৈ আগত মই আছোঁ। মোৰ ওচৰত আহে সেইবাবেতো মই বুজি
পাওঁ – সন্তানসকলৰ ওচৰত কিমান আহে চাগৈ। বিবুদ্ধিত পৰি যায়। অনেক প্ৰকাৰৰ ধুমুহা আহে
যি অজ্ঞান কালতো কেতিয়াও অহা নাছিল, সেয়াও আহে। প্ৰথমে মোৰ ওচৰত আহিব লাগে, নহ’লে
মই সন্তানসকলক কেনেকৈ বুজাম। এওঁ আছে সন্মুখত। শক্তিশালী হ’লে তেতিয়া মায়ায়ো
শক্তিশালীৰ লগত শক্তিশালী হৈ যুঁজে। মল্লযুদ্ধত সকলো একে ধৰণৰ নহয়। প্ৰথম, দ্বিতীয়,
তৃতীয় শ্ৰেণী থাকে। বাবাৰ ওচৰত আটাইতকৈ বেছি ধুমুহা আহে, সেইবাবে বাবাই কয় এই
ধুমুহালৈ ভয় নকৰিবা। কেৱল কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কোনো বিকৰ্ম নকৰিবা। কোনোৱে কয় -
জ্ঞানত আহিলোঁ তেন্তে এয়া কিয় হয়, ইয়াতকৈতো জ্ঞান নোলোৱা হ’লেই ভাল আছিল। সংকল্পই
উদয় নহ’লহেঁতেন। হেৰ’ এয়াতো যুদ্ধ হয় নহয়। স্ত্ৰীৰ সন্মুখত থাকিও পৱিত্ৰ দৃষ্টি
থাকিব লাগে, বুজিব লাগে শিৱবাবাৰ সন্তান আমি ভাই ভাই আকৌ প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান
হোৱাৰ বাবে ভাই-ভনী হৈ গ’লোঁ। তেন্তে আকৌ বিকাৰ ক’ৰ পৰা আহিল। ব্ৰাহ্মণ হৈছে উচ্চ
টিকনি। যি পুনৰ দেৱতা হয় গতিকে আমি ভাই-ভনী হওঁ। এজন পিতাৰ সন্তান কুমাৰ-কুমাৰী। যদি
দুয়ো কুমাৰ-কুমাৰী হৈ নাথাকে তেতিয়া আকৌ কাজিয়া হয়। অবলাসকলৰ ওপৰত অত্যাচাৰ হয়।
পুৰুষেও লিখে মোৰ স্ত্ৰী পুতনাৰ দৰে। বহুত পৰিশ্ৰম হয়। ডেকাসকলৰতো বহুত পৰিশ্ৰম হয়।
আৰু যিসকলে গন্ধৰ্ব বিবাহ কৰি একেলগে থাকে, চমৎকাৰ তেওঁলোকৰ। তেওঁলোকৰ বহুত উচ্চ পদ
হ’ব পাৰে। কিন্তু তেতিয়াহে যেতিয়া এনেকুৱা অৱস্থা ধাৰণ কৰিব আৰু জ্ঞানত তীক্ষ্ণ হৈ
যাব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মায়াৰ
ধুমুহালৈ ভয় কৰিব অথবা বিবুদ্ধিত পৰিব নালাগে। কেৱল ধ্যান ৰাখিব লাগে কৰ্মেন্দ্ৰিয়ৰ
দ্বাৰা যাতে কোনো বিকৰ্ম নহয়। জ্ঞানৰ সাগৰ পিতাই আমাক পঢ়ায় - এইটো আনন্দত থাকিব লাগে।
(2) সতোপ্ৰধান হ’বলৈ
আত্ম-অভিমানী হোৱাৰ পৰিশ্ৰম কৰিব লাগে, জ্ঞানৰ বিচাৰ সাগৰ মন্থন কৰিব লাগে, স্মৃতিৰ
যাত্ৰাত থাকিব লাগে।
বৰদান:
শুভ চিন্তনৰ
দ্বাৰা জ্ঞান সাগৰত সমাহিত হওঁতা অতীন্দ্ৰিয় সুখৰ অনুভৱী হোৱা
যেনেকৈ সাগৰৰ তলত থকা
জীৱ-জন্তু সাগৰত সমাহিত হৈ থাকে, বাহিৰলৈ ওলাই যাব নিবিচাৰে, মাছো পানীৰ তলতে থাকে,
সাগৰ বা পানীয়েই তাৰ সংসাৰ। তেনেকৈ তোমালোক সন্তানসকলো শুভ চিন্তনৰ দ্বাৰা জ্ঞান
সাগৰ পিতাৰ মাজত সমাহিত হৈ থাকা, যেতিয়ালৈকে সাগৰত সমাহিত হৈ থকাৰ অনুভৱ নকৰা
তেতিয়ালৈকে অতীন্দ্ৰিয় সুখৰ ঝুলনাত ঝুলাৰ, সদা হৰ্ষিত হৈ থকাৰ অনুভৱ কৰিব নোৱাৰিবা।
ইয়াৰ বাবে নিজক একান্তবাসী কৰি তোলা অৰ্থাৎ সকলো আকৰ্ষণৰ প্ৰকম্পনৰ পৰা অন্তৰ্মুখী
হোৱা।
স্লোগান:
নিজৰ চেহেৰা এনেকুৱা চলন্ত সংগ্ৰাহালয় কৰি তোলা য’ত পিতা বিন্দু দৃষ্টিগোচৰ হয়।
অব্যক্ত সংকেত: অশৰীৰী
তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা
নিজক শৰীৰৰ বন্ধনৰ পৰা
উৰ্দ্ধত কৰি তুলিবলৈ অৱতাৰ বুলি বুজা। অৱতাৰ হওঁ, এইটো স্মৃতিত থাকি শৰীৰৰ আধাৰ লৈ
কৰ্ম কৰা। কিন্তু কৰ্তাবোধৰ পৰা উৰ্দ্ধত থাকি কৰ্ম কৰা। মই কৰিলোঁ, মই কৰোঁ... এই
সংকল্পও সমৰ্পিত কৰি দিয়া তেতিয়া বন্ধনত বান্ধ নোখোৱা। দেহত থাকিও বিদেহী অৱস্থাৰ
অনুভৱ কৰিবা।