11.11.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
জগতৰ অন্য কাকো ভয় নকৰিলেও এই পিতাক নিশ্চয় ভয় কৰিবা, ভয় কৰা মানে পাপ কৰ্মৰ পৰা
বাচি থকা”
প্ৰশ্ন:
পিতাই
প্ৰত্যেক সন্তানক নিজক পৰীক্ষা কৰাৰ (খতিয়ান ৰখাৰ) শ্ৰীমত কিয় দিয়ে?
উত্তৰ:
কিয়নো ঈশ্বৰীয় নিয়ম বৰ কাঢ়া। যদি ব্ৰাহ্মণ হোৱাৰ পাছত সৰু-ডাঙৰ ভুল হয় তেন্তে বহুত
কঠোৰ শাস্তি ভোগ কৰিবলগীয়া হ’ব, সেয়েহে পিতাই কয় - নিজক পৰীক্ষা কৰা। যদি কিবা পুৰণা
হিচাপ-নিকাচ থাকি গৈছে তেন্তে শাস্তি খাই ৰুটি টুকুৰা পাবা। এতিয়া বিনাশৰ (হিচাপ
নিষ্পত্তিৰ) সময় বহুত সমীপত সেয়েহে নিজৰ সকলো হিচাপ-নিকাচ যোগবলেৰে নিষ্পত্তি কৰা।
ওঁম্শান্তি।
পিতাৰ
স্মৃতিততো সন্তানসকল স্বতঃ থাকে। বাৰে বাৰে কোৱাৰো দৰকাৰ নাথাকে। পিতাৰ নিৰ্দেশনা
হৈছে যে চলোঁতে-ফুৰোঁতে, উঠোঁতে-বহোঁতে পিতাক স্মৰণ কৰা তেতিয়া ৰাৱণ যিয়ে তোমালোকক
পতিত কৰি দিলে, সেই ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰি ল’বা। তোমালোকক কোনো অস্ত্ৰ আদি
নিদিয়ে, কেৱল যোগবলেৰে তোমালোকে ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। বিজয় নিশ্চয় পাব লাগে
আৰু সংগমতেই পোৱা, যেতিয়া ৰাৱণ ৰাজ্য সমাপ্ত হৈ ৰামৰাজ্যৰ স্থাপনা হ'ব লাগে। পিতাই
হিংসাতো কেতিয়াও শিকাব নোৱাৰে। দেৱতাসকলৰ হৈছেই অহিংসা পৰম ধৰ্ম। জগতে এইটো নাজানে
যে তাত কাম-কটাৰীৰ হিংসা নাথাকে। যিসকল কল্প পূৰ্বে নিৰ্বিকাৰী হৈছিল তেওঁলোকেই
তোমালোকৰ কথাবোৰ মানিব। এতিয়া তোমালোক যুদ্ধক্ষেত্ৰত আছা। গায়ন কৰা হৈছে - শিৱ শক্তি
সেনা। তোমালোক হৈছা গুপ্ত যোদ্ধা, প্ৰত্যেকে নিজৰ কাৰণে কৰি আছে। মায়াজীৎ জগতজীৎ
হ'ব লাগে। তোমালোকে নিজৰ কাৰণে কৰা, অৰ্থাৎ নিজৰ ভাৰত দেশৰ কাৰণে কৰা। এই ক্ষেত্ৰত
যিসকলে ভালদৰে পুৰুষাৰ্থ কৰে তেওঁলোকে প্ৰাপ্তি কৰে। যিসকল 5 বিকাৰৰ ওপৰত বিজয়ী হ'ব
তেওঁলোকেই জগতজীৎ হ'ব অন্য কোনো বস্তুৰ ওপৰত বিজয়ী হ'ব নালাগে। তোমালোকৰ হৈছেই ৰাৱণ
ৰাজ্যৰ ওপৰত বিজয় প্ৰাপ্ত কৰা অৰ্থাৎ দৈৱিক গুণ ধাৰণ কৰা। দৈৱিক গুণ ধাৰণ নকৰাকৈ
সত্যযুগলৈ যাব নোৱাৰে। গতিকে নিজক সুধিব লাগে যে কিমানলৈকে দৈৱিক গুণ ধাৰণ কৰিছোঁ?
দৈৱিক গুণ ধাৰণ কৰা মানে ৰাৱণৰ ওপৰত বিজয়ো প্ৰাপ্ত কৰা। এনেকৈ কয় - ৰামৰাজ্য আছিল
গতিকে এজন ৰামেতো ৰাজত্ব কৰা নাছিল? প্ৰজাওতো থাকিব। ইয়াত যেনেকৈ ৰজা-ৰাণীয়ে ৰাৱণৰ
ওপৰত বিজয় প্ৰাপ্ত কৰি আছে তেনেকৈয়ে প্ৰজাসকলেও কৰি আছে। দৈৱিক গুণ ধাৰণ কৰি আছে।
দৈৱিক গুণত খোৱা-বোৱা, বাৰ্তালাপ কৰা সকলোবোৰ শুদ্ধ পৱিত্ৰ হয়। সকলো কথাত সঁচা ক'ব
লাগে। পিতা হয়েই সত্য। গতিকে এনেকুৱা পিতাৰ সৈতে কিমান সৎ হ'ব লাগে। যদি সৎ নোহোৱা
তেন্তে কিমান বেয়া গতি হ'ব। গতিটো উচ্চ পাব লাগে নহয় জানো। নৰৰ পৰা নাৰায়ণ, নাৰীৰ
পৰা লক্ষ্মী হ'ব লাগে। কোৱাও হয় - তোমাৰ গতি-মতি তুমিয়ে জানা। পিতাই যি মত দিয়ে,
তাৰ দ্বাৰা কিমান উচ্চ গতি হয়। উচ্চতকৈ উচ্চ পিতাই উচ্চতকৈ উচ্চ গতি প্ৰাপ্ত কৰায়।
গতিকে এতিয়া শ্ৰীমতত চলি দৈৱিক গুণ ধাৰণ কৰিব লাগে। জন্ম-জন্মান্তৰৰ পাপ যোগবল
অবিহনে খণ্ডন হ’ব নোৱাৰে ইয়াৰ বাবে স্মৃতিৰ যাত্ৰা বহুত ভাল হ'ব লাগে। অমৃতবেলা
স্মৃতিত ভালকৈ থাকিব পাৰিবা। সেই সময়ত বায়ুমণ্ডল ভাল হয়। দিনত লাগিলে যিমান সময়েই
নবহা, কিন্তু অমৃতবেলাৰ নিচিনা সময় নাই। আমাৰ কথাবোৰ গুপ্ত। ইংৰাজীত কয় - "উই আৰ এট
ৱাৰ" (আমি যুদ্ধক্ষেত্ৰত আছোঁ) আমাৰ যুদ্ধ হৈছে ৰাৱণৰ লগত। ৰাৱণ হৈছে এক নম্বৰ শত্ৰু।
ৰাম সম্প্ৰদায়ে ৰাৱণ সম্প্ৰদায়ৰ ওপৰত শ্ৰীমতত বিজয় প্ৰাপ্ত কৰিলে। পিতা
সৰ্বশক্তিমান নহয় জানো। জগতখনতো বেচেৰাহঁত এই সময়ত ঘোৰ অন্ধকাৰত আছে। তেওঁলোকেতো
গমেই নাপায় যে আমি পৰাজয় বৰণ কৰিলোঁ। মায়াৰ লগত পৰাজয় হোৱা মানেই পৰাজয়, মায়া বুলি
কাক কোৱা হয় - এইটোও কোনেও নাজানে। গোটেই লংকাত ৰাৱণৰ ৰাজ্য আছিল। শাস্ত্ৰবোৰত ভক্তি
মাৰ্গৰ কিমান মনেসজা কথা লিখি দিছে, যিবোৰ জন্ম-জন্মান্তৰ পঢ়িছে। এতিয়াও কয় -
শাস্ত্ৰতো নিশ্চয় পঢ়িব লাগে। যিসকলে নপঢ়ে তেওঁলোকক নাস্তিক বুলি কোৱা হয় আৰু পিতাই
কয় - শাস্ত্ৰ পঢ়ি পঢ়ি সকলো নাস্তিক হৈ গৈছে। এই কথাবোৰ সন্তানসকলে ভালদৰে বুজাব লাগে
যে ভাৰত যেতিয়া সতোপ্ৰধান আছিল তেতিয়া তাক স্বৰ্গ বুলি কোৱা হৈছিল। সেই ভাৰতবাসীয়েই
84 জন্ম লৈ লৈ এতিয়া পতিত তমোপ্ৰধান হৈ গৈছে। এতিয়া পুনৰ পাৱন কেনেকৈ হ’ব! পিতাই কয়
- মোক স্মৰণ কৰা তেতিয়া সতোপ্ৰধান পাৱন হৈ যাবা, অন্য কোনো দেহধাৰীক স্মৰণ নকৰিবা।
কাৰোৱে গুৰু কৰি নল’বা। কোৱা হয় যে গুৰু অবিহনে ঘোৰ অন্ধকাৰ। অনেক গুৰু আছে। কিন্তু
সকলো অন্ধকাৰত লৈ যাওঁতা হয়। পিতাই কয় - জ্ঞান সূৰ্য যেতিয়া আহিব তেতিয়া ঘোৰ
অন্ধকাৰ আঁতৰিব। সন্ন্যাসীসকল যদিওবা পাৱন হয় কিন্তু জন্মতো বিকাৰৰ দ্বাৰাই লয় নহয়
জানো। দেৱী-দেৱতাসকল বিকাৰৰ দ্বাৰা জন্ম নহয়। ইয়াত সকলোৰে শৰীৰ মলিয়ন (অপৱিত্ৰ)।
পিতাই এনেকুৱা মলিয়ন কাপোৰ পৰিস্কাৰ কৰে। আত্মা পৱিত্র হ’লে তেতিয়া শৰীৰো ভাল পাব।
তাৰ বাবে পুৰুষাৰ্থ কৰিব লাগে। নিজক পৰীক্ষা কৰিব লাগে - মোৰ দ্বাৰা কোনো বেয়া কামতো
নহয়। ঈশ্বৰীয় নিয়মো কাঢ়া হয়। কোনোবাই যদি বেয়া কাম কৰে তেন্তে তাৰ শাস্তি বহুত কঠোৰ
হয়। বিনাশৰ সময়। যোগবলেৰে সকলো হিচাপ-নিকাচ নিষ্পত্তি কৰিব লাগে। যদি নিষ্পত্তি নকৰা
তেন্তে শাস্তি খাবলগীয়া হ’ব। আকৌ কোৱাও হয় – শাস্তি খাই ৰুটি টুকুৰা পোৱা। ৰুটিতো
সকলোৱে পাব। মুক্তি আৰু জীৱনমুক্তিৰ ৰুটি সকলোকে দিব। কোনোবা সন্মান সহকাৰে
উত্তীৰ্ণ হ’ব, কোনোবাই শাস্তি খাই অপদস্থ হৈ অলপ ৰুটি পাব। সিংহাসনততো তেওঁলোক বহিব
নোৱাৰিব। যদি কিবা বেয়া কাম কৰে তেন্তে অপদস্থ হ’ব, তাকো পিতাৰ আগত। শিৱবাবা বহি আছে
নহয়। তোমালোকক সাক্ষাৎকাৰ কৰাব যে মই এওঁৰ শৰীৰত আছিলোঁ, তোমালোকক কিমান বুজাইছিলোঁ।
এতিয়া মই সম্পূৰ্ণ ব্ৰহ্মাৰ শৰীৰত আছোঁ। তোমালোক কন্যাসকল সম্পূৰ্ণ বাবাৰ ওচৰলৈ যোৱা।
তেওঁৰ দ্বাৰা শিৱবাবাই নিৰ্দেশনা আদি দিয়ে নহয় জানো। তোমালোকক বাবাই সাক্ষাৎকাৰ
কৰাব যে এওঁৰ শৰীৰত বহি তোমালোকক পঢ়াইছিলোঁ, বুজাইছিলোঁ যে দৈৱিক গুণ ধাৰণ কৰা, সেৱা
কৰা। কাৰো নিন্দা নকৰিবা। তুমি তথাপিও এইবোৰ কাম কৰিলা, এতিয়া শাস্তি খোৱা। যিমানে
পাপ কৰিব তাৰ শাস্তি খাবলগীয়া হ’ব। কোনোৱে বহুত শাস্তি খায়, কোনোৱে কম। তাতো
ক্ৰমানুসৰি আছে, যিমান সম্ভৱ যোগবলেৰে বিকৰ্ম নাশ কৰি থাকিব লাগে। এইটো ডাঙৰতকৈও
ডাঙৰ চিন্তা সন্তানসকলৰ থাকিব লাগে যে মই সম্পূৰ্ণ পৈণত সোণ কেনেকৈ হওঁ? উঠোঁতে
বহোঁতে এইটোৱে বুদ্ধিত থাকিব লাগে, যিমানে স্মৰণ কৰিবা সিমানে উচ্চ পদ পাবা। মায়াৰ
ধুমুহালৈ ভ্ৰূক্ষেপ কৰিব নালাগে, যিমান সময় পোৱা পিতাক স্মৰণ কৰিব লাগে। মই
তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব লাগে। পিতাক স্মৰণ কৰিলে পাপ খণ্ডন হৈ যাব। কোনো পাপো
কৰিব নালাগে। নহ’লে এশ গুণ হৈ যাব। ক্ষমা নিবিচাৰিলে তেতিয়া আকৌ বৃদ্ধি হৈ হৈ
সৰ্বনাশ হৈ যাব। মায়াই পাপৰ উপৰি পাপ কৰাই থাকিব। বেহদৰ পিতাৰ প্ৰতি শ্ৰদ্ধাহীন হৈ
যায়। এয়াও বহুতে গমেই নাপায়। বাবাই সদায় বুজায় যে এনেদৰে বুজিবা যে শিৱবাবাই মুৰুলী
শুনায়। শিৱবাবাই নিৰ্দেশনা দিয়ে তেতিয়া স্মৃতিও থাকিব, ভয়ো থাকিব। বহুত পাপ কৰি থাকে।
স্পষ্টকৈ ক’ব লাগে যে বাবা মোৰ দ্বাৰা এইটো ভুল হ’ল। বাবাই বুজায় - পাপৰ বোজা শিৰত
বহুত আছে। যি কিছু কৰিলা সেয়া কৈ দিয়া। সত্য ক’লে আধা কম হৈ যাব।
বাবাই বুজাইছে - যি
এক নম্বৰ পুণ্য আত্মা হয়, তেৱেঁই আকৌ এক নম্বৰ পাপ আত্মাও হয়। বাবাই নিজেই কয় –
তোমালোকৰ এয়া বহুত জন্মৰো অন্তিম জন্ম। তোমালোক পুণ্য আত্মা আছিলা, তোমালোকেই আকৌ
এতিয়া পাপ আত্মা হৈছা পুনৰ পুণ্য আত্মা হ’ব লাগে। নিজৰ কল্যাণতো কৰিব লাগে। ইয়াত
তোমালোকে নতশিৰ হোৱাৰো দৰকাৰ নাই, কেৱল পিতাক স্মৰণ কৰিব লাগে। যদিওবা এৱোঁ
বয়োজ্যেষ্ঠ হয়, নমস্কাৰ জনায়। সন্তানে ঘৰত জানো বাৰে বাৰে নমস্কাৰ জনায়। এবাৰ
নমস্কাৰ জনালে পুনৰ সঁহাৰি জনাইও কৰা হয়। পিতাই কয় - তোমালোকে মোক জ্যেষ্ঠ বুলি বুজি
নমস্কাৰ জনোৱা, মই আকৌ তোমালোকক বিশ্বৰ মালিক বুলি বুজি নমস্কাৰ জনাওঁ। অৰ্থ আছে
নহয় জানো। মনুষ্যইতো ‘ৰাম ৰাম’ বুলি কৈ দিয়ে কিন্তু অৰ্থ একোৱেই নুবুজে। বাস্তৱত
ৰাম অৰ্থাৎ শিৱবাবা। ৰাম সেই ৰঘুপতি নহয়, এই ৰাম নিৰাকাৰ হয়। তেওঁৰ নাম হৈছে শিৱবাবা।
শিৱৰ আগত কোনেও এনেদৰে নক’ব যে মই ৰামৰ পূজা কৰোঁ। এতিয়া পিতাই কয় - তোমালোকে
মন্দিৰলৈ গৈ বুজোৱা যে এওঁলোকো মনুষ্য আছিল। তোমালোকে এওঁলোকৰ আগত গৈ মহিমা গোৱা -
আপুনি নিৰ্বিকাৰী, সৰ্বগুণ সম্পন্ন, আমি পাপী নীচ। এই দেহো মনুষ্যৰ হয় আৰু সেই দেহো
মনুষ্যৰ হয় কিন্তু তেওঁলোকৰ দৈৱিক গুণ আছে সেইকাৰণে দেৱতা হয়। তোমালোকে নিজেই কোৱা
- আমাৰ আসুৰি গুণ আছে সেইকাৰণে বান্দৰ। চেহেৰা দুয়োৰে একেই। চৰিত্ৰৰ মাজত পাৰ্থক্য
আছে। ভাৰতবাসীয়েই মুকুটধাৰী আছিল। এতিয়াতো কোনো মুকুট নাই, গৰিবো ভাৰতবাসীয়েই হয়।
পিতাও ভাৰতলৈকে আহে, য’ত স্বৰ্গ স্থাপন কৰিব লাগে তালৈকে পিতা আহিব নহয় জানো। এনেকৈ
কোৱা হয় - কলঙ্কী অৱতাৰ, কিমান কলংক লগায়। যদিবা অন্য ধৰ্মাৱলম্বীয়েও কিবা কয়,
তেওঁলোকেও ভাৰতবাসীক অনুসৰণ কৰে। পাথৰ বুদ্ধিৰ হোৱাৰ কাৰণে মোকো পাথৰ-শিলগুটি সকলোতে
আছে বুলি কৈ দিয়ে। পিতাক নাজানেই যে পিতাই এওঁৰ শৰীৰত প্ৰৱেশ কৰি ভাৰতক কিমান
শ্ৰেষ্ঠ মুকুটধাৰী কৰি তোলে। ভাৰতৰ কিমান সেৱা কৰে। পিতাই কয় - তোমালোকে মোৰ গ্লানি
কৰা। মই তোমালোকক স্বৰ্গৰ মালিক কৰি তোলোঁ। তোমালোকে কিমান অপকাৰ কৰা। ৰাৱণে
তোমালোকৰ কাণ্ডজ্ঞান একেবাৰে নোহোৱা কৰি দিলে। বেয়া গতি হৈ গ’ল, সেইবাবে আহ্বান কৰে
- পতিত পাৱন আহক। কিমান সহজ বুজনি পোৱা যায়। তথাপিও বহুত সন্তানে পাহৰি যায়।
যোগযুক্ত নহ’লে তেতিয়া ধাৰণাও নহয় সেইকাৰণে বাবাই কয় - বান্ধোনত থকাসকলে সকলোতকৈ
বেছি স্মৰণ কৰে। শিৱবাবাৰ স্মৃতিত সহনো কৰে। ভাৰতবাসীৰ মাজত যিসকল দেৱী-দেৱতা
হ’বলগীয়া আছে তেওঁলোকেই ইয়ালৈ আহিব। আৰ্য সমাজৰসকলেতো দেৱতাৰ মূৰ্তিক নামানেই।
বৃক্ষৰ শেষৰ ডাল, 2-3 জন্মও কাচিৎহে হ’ব।
বহুত লোকে ভাবে -
বিকাৰ অবিহনে জগতখন কেনেকৈ চলিব। হেৰ’ দেৱতাসকলক সম্পূৰ্ণ নিৰ্বিকাৰী বুলি কোৱা নহয়
জানো। এয়াও কোনেও নাজানে যে তাত বিকাৰ নাথাকেই। কল্প পূৰ্বৰসকলে তৎক্ষণাৎ বুজি পাই
যায়। গায়নো আছে ; ভগৱানুবাচ - কাম মহাশত্ৰু হয়। কিন্তু ভগৱানে কেতিয়া ক’লে - এয়া
কোনেও গম নাপায়। এতিয়া তোমালোক সন্তানসকল জগতজীৎ হৈ আছা। কিন্তু উচ্চ পদ পাবলৈ
পৰিশ্ৰম কৰিব লাগে। পিতাই কয় - গৃহস্থ ব্যৱহাৰত থাকি কেৱল বুদ্ধিৰ যোগসূত্ৰ মোৰ সৈতে
গঢ়া। যিহেতু পিতাৰ হৈ গ’ল তেন্তে পিতাৰ প্ৰতি মৰম থকা উচিত। বাকী অন্যৰ সৈতে কাম
আদায় কৰিবলৈ মৰম ৰাখিব লাগে। বুদ্ধিত এইটো খেয়াল থাকিব লাগে যে বেচেৰাহঁতক
স্বর্গবাসী কেনেকৈ কৰি তোলোঁ। সঁচা যাত্ৰাত যাবৰ বাবে যুক্তি শুনাওঁ। সেয়া হ'ল
পাৰ্থিৱ যাত্ৰা, যিটো জন্ম-জন্মান্তৰ কৰি আহিছে। এয়া এটাই স্মৃতিৰ যাত্ৰা। এতিয়া
আমাৰ 84 জন্ম পূৰা হ'ল আকৌ সত্যযুগৰ বুৰঞ্জী পুনৰাবৃত্তি হ'ব। পতিততো ঘৰলৈ যাব
নোৱাৰে। পাৱন কৰি তুলিবৰ বাবে পতিত-পাৱন পিতাৰ প্ৰয়োজন। যদিও সন্ন্যাসী পাৱন হয়
কিন্তু উভতি যাব নোৱাৰে। সকলোকে লৈ যাওঁতাজন একমাত্ৰ পিতাই হয়। পিতা আহি সকলোকে
ৰাৱণৰ পৰা ৰক্ষা কৰি মুক্ত কৰি দিয়ে। সত্যযুগত দুখ দিওঁতা কোনো বস্তু নাথাকে। নামেই
হ'ল সুখধাম। এইখন হ'ল দুখধাম। সেইখন হৈছে ক্ষীৰ সাগৰ, এইখন হৈছে বিষয় সাগৰ।
তোমালোকে এতিয়া জানা
স্বৰ্গত কিমান সুখত আৰামত থাকোঁ। ক্ষীৰ সাগৰৰ পৰা ওলাই কেনেকৈ বিষয় সাগৰত আহে, এয়া
কোনেও নাজানে। পিতাই বুজায় - শ্রীমতত চলিব লাগে তেতিয়া তাৰ বাবে তেওঁ দায়বদ্ধ।
শ্রীমতে কয় - লাগিলে যোৱা, সন্তানৰ তত্ত্বাৱধান লোৱা। তেওঁলোকক ভোঁ ভোঁ কৰি (জ্ঞান
শুনাই) থাকা, তেতিয়া কিবা নহয় কিবা কল্যাণ হৈ যাব। স্বর্গলৈতো আহি যাব। পিতা আহি
নৰকবাসীৰ পৰা স্বর্গবাসী 21 জন্মৰ বাবে কৰি তোলে। এয়াও তোমালোকৰ বুদ্ধিত আছে।
মনুষ্যইতো একোৱে নাজানে। এৱোঁ (ব্ৰহ্মায়ো) আগতে একো জনা নাছিল। যিদৰে এওঁৰ 84 জন্মৰ
কাহিনী আছে – ‘তত্ত্বম্’ (তোমালোকৰ ক্ষেত্ৰতো একেই) এৱোঁ ৰাজযোগ শিকি আছে। তোমালোক
হৈছা ৰাজঋষি। সেয়া হ'ল হঠযোগী ঋষি। তোমালোক গৃহস্থ ব্যৱহাৰত থাকি বাদশ্বাহী প্ৰাপ্ত
কৰি আছা। তোমালোক সকলো শৰণাগত হ'বলৈ আহিছা নহয় জানো। এতিয়া ভাবে আমিতো স্বৰ্গত বহি
আছোঁ। জগতত এয়া হৈছে মায়াৰ পাম্প (জাকজমকতা)। যেতিয়ালৈকে নৰকৰ বিনাশ নহয় তেতিয়ালৈকে
স্বর্গ কেনেকৈ হ'ব পাৰে। মায়াৱী পুৰুষে ইয়াকে স্বর্গ বুলি ভাবি বহি আছে। বাবাৰ নতুন
সৃষ্টি স্থাপনা কৰিবলৈ কিমান পৰিশ্ৰম হয়। গোটেইখন নৰকবাসী। স্বর্গবাসী নহয়েই। পিতাই
কিমান মৰমেৰে বুজায়। বাৰু!
অতি মৰমৰ সন্তানসকল,
ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰিলেহে তোমালোক জগতজিৎ হ'বা। তাৰ বাবে পূৰা পুৰুষাৰ্থ
কৰিব লাগে। ভাল বাৰু! অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি
মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক
নমস্কাৰ।
াৰণাৰবাবেমুখ্যসাৰ:-
(1) এনেকুৱা
কোনো কাম কৰিব নালাগে যাৰ বাবে অপদস্থ হ’বলগীয়া হয়। শাস্তি খাবলগীয়া হয়। মায়াৰ
ধুমুহাক ভ্ৰূক্ষেপ নকৰি যিমান সময় পোৱা যায় পিতাক স্মৰণ কৰিব লাগে। এজন পিতাৰ প্ৰতি
সঁচা মৰম ৰাখিব লাগে।
(2) নিজৰ গতি উচ্চ
কৰিবলৈ সত্য পিতাৰ সৈতে সততাৰে চলিব লাগে। কোনো কথা লুকুৱাব নালাগে।
বৰদান:
সকলো
দায়িত্বৰ বোজা পিতাক অৰ্পণ কৰি সদায় নিজৰ উন্নতি সাধন কৰোঁতা সহজযোগী হোৱা
যিসকল সন্তানে পিতাৰ
কাৰ্য সম্পূৰ্ণ কৰাৰ দায়িত্ব লোৱাৰ সংকল্প কৰে, পিতায়ো তেওঁলোকক সেই অনুপাতে
সহযোগিতা আগবঢ়ায়। কেৱল ব্যৰ্থৰ যি বোজা আছে সেয়া পিতাৰ ওপৰত এৰি দিয়া। পিতাৰ হৈ
পিতাৰ ওপৰত দায়িত্বৰ বোজা অৰ্পণ কৰিলে সফলতাও অধিক হ’ব আৰু উন্নতিও সহজ হ’ব।
‘কিয়’ আৰু ‘কি’ৰ প্ৰশ্নৰ পৰা মুক্ত হৈ থাকা। বিশেষভাৱে সদায় পূৰ্ণবিৰাম লগোৱাৰ
স্থিতি থাকিলে সহজযোগী হৈ অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰি থাকিবা।
স্লোগান:
অন্তৰ আৰু মগজত (বুদ্ধিত) সততা থাকিলে পিতা আৰু পৰিয়ালৰ বিশ্বাসৰ পাত্ৰ হৈ যাবা।
অব্যক্ত সংকেত: পিতা
ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:
যিমানেই সম্পূৰ্ণ
স্থিতি সমীপত আহিব, সিমানেই আনৰ সংকল্প পঢ়িব পাৰিবা। ইয়াৰ বাবে নিজৰ সংকল্পসমূহৰ
ওপৰত সম্পূৰ্ণ ব্ৰেক থাকিব লাগিব। যিসকলে নিজৰ সংকল্পসমূহ সামৰি ৰাখিব পাৰে,
তেওঁলোকেহে আনৰ সংকল্প বুজিব পাৰে। সেয়েহে নিজৰ সংকল্পৰ বিস্তাৰ সামৰি আগবাঢ়া।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]