11.12.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতাৰ সহায়কাৰী হৈ এই কলিযুগী পাহাৰক স্বৰ্ণীম যুগী কৰি তুলিব লাগে, পুৰুষাৰ্থ কৰি
নতুন সৃষ্টিৰ কাৰণে প্ৰথম শ্ৰেণীৰ আসন সংৰক্ষণ কৰিব লাগে"
প্ৰশ্ন:
পিতাৰ
দায়িত্ব-কৰ্তব্য কি? কোনটো দ্বায়িত্ব পালন কৰিবলৈ পিতা সংগমত আহিবলগীয়া হয়?
উত্তৰ:
বেমাৰী আৰু দুখী সন্তানসকলক সুখী কৰি তোলা, মায়াৰ জালৰ পৰা উলিয়াই সুখ দিয়া – এয়া
হৈছে পিতাৰ দায়িত্ব-কৰ্তব্য, যিটো সংগমতহে পিতাই পালন কৰে। পিতাই কয় - মই তোমালোক
সকলোৰে বেমাৰ দূৰ কৰিবলৈ, সকলোৰে ওপৰত কৃপা কৰিবলৈ আহিছোঁ। এতিয়া পুৰুষাৰ্থ কৰি 21
জন্মৰ কাৰণে নিজৰ উচ্চ ভাগ্য গঢ়ি লোৱা।
গীত:
ভোলেনাথ চে
নিৰালা…… (ভোলানাথতকৈ অনন্য……… )
ওঁম্শান্তি।
ভোলানাথ শিৱ
ভগৱানুবাচ (ভগৱানৰ বাণী) - ব্ৰহ্মা মুখ কমলৰ দ্বাৰা পিতাই কয় - এয়া বিচিত্ৰ ভিন্ন
ভিন্ন ধৰ্মৰ মনুষ্য সৃষ্টিৰ বৃক্ষ। এই কল্প বৃক্ষ অথবা সৃষ্টিৰ আদি-মধ্য-অন্তৰ
ৰহস্য সন্তানসকলক বুজাই আছোঁ। গীতটিতো এওঁৰ মহিমা কৰা হৈছে। শিৱবাবাৰ জন্ম ইয়াত হয়,
পিতাই কয় - মই ভাৰতলৈ আহিছোঁ। মনুষ্যই এইটো নাজানে যে শিৱবাবা কেতিয়া আহিছিল? কিয়নো
‘গীতা’ত শ্ৰীকৃষ্ণৰ নাম দি দিছে। দ্বাপৰৰতো কথাই নাই। পিতাই বুজায় - সন্তানসকল, 5
হাজাৰ বছৰ পূৰ্বেও মই আহি এই জ্ঞান দিছিলোঁ। এই বৃক্ষৰ দ্বাৰা সকলো জ্ঞাত হৈ যায়।
বৃক্ষজোপাক ভালদৰে চোৱা। সত্যযুগত যথাযথ দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল, ত্ৰেতাত
ৰাম-সীতাৰ। বাবাই আদি-মধ্য-অন্তৰ ৰহস্য শুনায়। সন্তানসকলে সোধে - বাবা, আমি মায়াৰ
জালত কেতিয়া আবদ্ধ হ’লোঁ? পিতাই কয় - দ্বাপৰৰ পৰা। ক্ৰমান্বয়ে আকৌ অন্য ধৰ্মবোৰ আহে।
গতিকে হিচাপ কৰিলে বুজিব পাৰি যে এই সৃষ্টিলৈ আমি পুনৰ কেতিয়া আহিম? শিৱবাবাই কয় মই
5 হাজাৰ বছৰৰ পাছত সংগমত নিজৰ দ্বায়িত্ব পালন কৰিবলৈ আহিছোঁ। যিয়েই মনুষ্য মাত্ৰ আছে,
সকলো দুখী, তাৰ ভিতৰতো বিশেষকৈ ভাৰতবাসী। ড্ৰামা অনুসৰি ভাৰতকে মই সুখী কৰি তোলোঁ।
পিতাৰ কৰ্তব্য হৈছে সন্তানসকল বেমাৰত পৰিলে তেতিয়া দৰব-পাতি দিয়া। এইটো হৈছে বহুত
ডাঙৰ বেমাৰ। সকলো বেমাৰৰ মূল হৈছে এই 5 বিকাৰ। সন্তানসকলে সোধে কেতিয়াৰ পৰা আৰম্ভ
হ’ল? দ্বাপৰৰ পৰা। ৰাৱণৰ কথা বুজাব লাগে। ৰাৱণক দেখা পোৱা নাযায়। বুদ্ধিৰে বুজিব
পাৰি। পিতাকো বুদ্ধিৰে জানিব পাৰি। আত্মা মন-বুদ্ধি সহিত আছে। আত্মাই জানে যে মোৰ
পিতা হৈছে পৰমাত্মা। আত্মাহে দুখ-সুখ, পদাৰ্থৰ প্ৰভাৱত আহে। যেতিয়া শৰীৰ থাকে তেতিয়া
আত্মাৰ দুখ হয়। এনেকৈ নকয় যে মোক পৰমাত্মাক দুখী নকৰিব। পিতায়ো বুজায় যে মোৰো ভূমিকা
আছে, কল্পই কল্পই সংগমত আহি মই ভূমিকা পালন কৰোঁ। যিসকল সন্তানক মই সুখত পঠিয়াইছিলোঁ,
তেওঁলোক দুখী হৈ গ’ল সেইবাবে পুনৰ ড্ৰামা অনুসৰি মই আহিবলগীয়া হয়। বাকী কাছ-মৎস
অৱতাৰ এইবোৰ কথা নাই। এনেকৈ কয় যে পৰশুৰামে কুঠাৰ লৈ ক্ষত্ৰিয়সকলক মাৰিলে। এই
সকলোবোৰ মিছা কথা। গতিকে এতিয়া পিতাই বুজায় - মোক স্মৰণ কৰা।
এয়া হৈছে জগত অম্বা
আৰু জগত পিতা। মাতা-পিতাৰ দেশ বুলি কয় নহয়। ভাৰতবাসীয়ে স্মৰণো কৰে - তুমিয়ে
মাতা-পিতা…… তোমাৰ কৃপাতেই অপাৰ সুখ যথাযথ পাই আছোঁ। বাকী যিয়ে যিমান পুৰুষাৰ্থ
কৰিব। যেনেকৈ চিনেমা চাবলৈ গ’লে প্ৰথম শ্ৰেণীত সংৰক্ষণ কৰে নহয়। পিতায়ো কয় সূৰ্যবংশী
বা চন্দ্ৰবংশী য’তে আসন সংৰক্ষণ কৰা, যিয়ে যিমান পুৰুষাৰ্থ কৰিব সিমানেই পদ পাব পাৰে।
সেয়েহে সকলো বেমাৰ দূৰ কৰিবলৈ পিতা আহিছে। ৰাৱণে সকলোকে বহুত দুখ দিছে। কোনো
মনুষ্যই মনুষ্যৰ গতি-সৎগতি কৰাব নোৱাৰে। এয়া হৈছেই কলিযুগৰ অন্তৰ সময়। গুৰু লোকসকলে
শৰীৰ এৰি পুনৰ ইয়াতেই পুনৰ্জন্ম লয়। তেন্তে তেওঁলোকে আনৰ কি সৎগতি কৰিব! ইমানবিলাক
গুৰু মিলিত হৈ পতিত সৃষ্টিক পাৱন কৰি তুলিব জানো? গোৱৰ্দ্ধন পৰ্বত বুলি কয় নহয়। এই
মাতাসকলে এই কলিযুগী পাহাৰক স্বৰ্ণীমযুগী কৰি তোলে। গোৱৰ্দ্ধনৰ আকৌ পূজাও কৰে,
সেয়াতো হৈছে তত্ত্বৰ পূজা। সন্ন্যাসীসকলেও ব্ৰহ্ম অথবা তত্ত্বক স্মৰণ কৰে। এনেকৈ
ভাবে যে ব্ৰহ্মই পৰমাত্মা, ব্ৰহ্মই ভগৱান। পিতাই কয় - এয়াতো ভ্ৰম। ব্ৰহ্মাণ্ডততো
আত্মাসকল ডিম্বাকৃতিত থাকে, নিৰাকাৰী বৃক্ষও দেখুওৱা হৈছে। সকলোৰে নিজা নিজা শাখা
আছে। এই বৃক্ষৰ আধাৰ হৈছে - ভাৰতৰ সূৰ্যবংশী-চন্দ্ৰবংশী ৰাজবংশ। তাৰপাছত বৃদ্ধি হয়।
মুখ্য হৈছে 4টা ধৰ্ম। গতিকে হিচাপ কৰিব লাগে – কোন কোন ধৰ্ম কেতিয়া আহে? যেনেকৈ
গুৰুনানক 500 বছৰ পূৰ্বে আহিছিল। এনেকুৱাতো নহয় যে শিখ লোকসকলে 84 জন্মৰ ভূমিকা
পালন কৰে। পিতাই কয় 84 জন্ম কেৱল তোমালোক আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰোঁতা
ব্ৰাহ্মণসকলৰহে। পিতাই বুজাইছে যে তোমালোকৰেই আদিৰ পৰা অন্তলৈকে ভূমিকা আছে।
ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ তোমালোকেই হোৱা। যিসকল প্ৰথমে দেৱী-দেৱতা
হয় তেওঁলোকেই গোটেই চক্ৰ পৰিক্ৰমা লগায়।
পিতাই কয় - তোমালোকেতো
বেদ-শাস্ত্ৰ বহুত শুনিলা। এতিয়া এয়া শুনা আৰু বিচাৰ কৰা যে শাস্ত্ৰ সত্য নে,
গুৰুসকল সত্য নে পিতাই যি শুনায় সেয়া সত্য? পিতাক সত্য বুলিয়ে কোৱা হয়। মই সত্য
শুনাওঁ যাৰ দ্বাৰা সত্যযুগ স্থাপনা হৈ যায় আৰু দ্বাপৰৰ পৰা তোমালোকে মিছা শুনি আহিছা
গতিকে তাৰ দ্বাৰা নৰক হৈ গ’ল।
পিতাই কয় - মই
তোমালোকৰ গোলাম, ভক্তিমাৰ্গত তোমালোকে গাই আহিছা - মই গোলাম, মই আপোনাৰ গোলাম……….
এতিয়া মই তোমালোক সন্তানসকলৰ সেৱাত আহিছোঁ। পিতাক নিৰাকাৰী, নিৰহংকাৰী বুলি কোৱা হয়।
গতিকে পিতাই কয় মোৰ কৰ্তব্য হৈছে তোমালোক সন্তানসকলক সদায় সুখী কৰি তোলা। গীততো আছে
– আগম-নিগমৰ (অহা আৰু যোৱাৰ) ৰহস্য অনাবৃত কৰে…… বাকী ডম্বৰু আদি বজোৱাৰ কোনো কথা
নাই। এওঁতো আদি-মধ্য-অন্তৰ সকলো খবৰ শুনায়। পিতাই কয় - তোমালোক সন্তানসকল হৈছা
ভাৱৰীয়া, মই এই সময়ত কৰণকৰাৱনহাৰ হওঁ। মই এওঁৰ (ব্ৰহ্মাৰ) দ্বাৰা স্থাপনা কৰাওঁ।
বাকী ‘গীতা’ত যি লিখা আছে, সেয়াতো নাই। এতিয়াতো হৈছে বাস্তৱিক কথা। সন্তানসকলক এই
সহজ জ্ঞান আৰু সহজ যোগ শিকাওঁ, যোগযুক্ত কৰাওঁ। এনেকৈ কৈছা নহয় যে যোগযুক্ত কৰি
তোলোঁতা, জোলোঙা ভৰপূৰ কৰোঁতা, বেমাৰ দূৰ কৰোঁতা…….। ‘গীতা’ৰো পূৰা অৰ্থ বুজাওঁ। মই
তোমালোকক যোগ শিকাওঁ আৰু আনক কেনেকৈ যোগ শিকাব লাগে সেয়াও শিকাওঁ। সন্তানসকলে যোগ
শিকি আকৌ আনক শিকায় নহয়। এনেকৈ কয় – যোগৰ দ্বাৰা আমাৰ জ্যোতি জগাই তোলোঁতা…..
এনেকুৱা গীতো কোনোবাই ঘৰত বহি শুনিলে তেতিয়া গোটেই জ্ঞান বুদ্ধিত আহি যাব। পিতাৰ
স্মৃতিৰ দ্বাৰা উত্তৰাধিকাৰৰো নিচা বাঢ়িব। কেৱল পৰমাত্মা বা ভগৱান বুলি ক’লে মুখ
মিঠা নহয়। বাবা মানেই হৈছে উত্তৰাধিকাৰ।
এতিয়া তোমালোক
সন্তানসকলে বাবাৰ পৰা আদি-মধ্য-অন্তৰ জ্ঞান শুনি আকৌ আনক শুনোৱা, ইয়াকে শংখ ধ্বনি
বুলি কোৱা হয়। তোমালোকৰ হাতত কোনো কিতাপ আদি নাই। সন্তানসকলে কেৱল ধাৰণা কৰিব লাগে।
তোমালোক হৈছা সঁচা আত্মিক ব্ৰাহ্মণ, আত্মিক পিতাৰ সন্তান। সঁচা গীতাৰ দ্বাৰা ভাৰত
স্বৰ্গ হৈ যায়। তেওঁলোকেতো বহি কেৱল কাহিনী ৰচিছে। তোমালোক সকলো হৈছা পাৰ্বতী,
তোমালোকক এই অমৰ কথা শুনাই আছোঁ। তোমালোক সকলো হৈছা দ্ৰৌপদী। তাত কোনো নাঙঠ নহয়।
এনেকৈ কয় তেনেহ’লে সন্তান কেনেকৈ জন্ম হ’ব? হেৰ’, হয়েই নিৰ্বিকাৰী তেন্তে বিকাৰৰ কথা
কেনেকৈ হ’ব পাৰে। তোমালোকে বুজিব নোৱাৰিবা যে যোগবলৰ দ্বাৰা সন্তান কেনেকৈ জন্ম হ’ব!
তোমালোকে তৰ্ক কৰিবা। কিন্তু এয়াতো হৈছে শাস্ত্ৰৰ কথা। সেইখন হয়েই সম্পূৰ্ণ
নিৰ্বিকাৰী সৃষ্টি। এইখন হৈছে বিকাৰী সৃষ্টি। মই জানো ড্ৰামা অনুসৰি মায়াই আকৌ
তোমালোকক দুখী কৰিব। মই কল্পই কল্পই নিজৰ কৰ্তব্য পালন কৰিবলৈ আহোঁ। পিতাই জানে যে
কল্প পূৰ্বে বিচ্ছিন্ন হোৱা অতিকৈ মৰমৰ সন্তানসকলেই আহি নিজৰ উত্তৰাধিকাৰ ল’বহি।
তেওঁলোকৰ মাজত সেই লক্ষণো দেখিবলৈ পোৱা যায়। এয়া সেয়াই মহাভাৰতৰ যুদ্ধ। তোমালোকে
পুনৰ দেৱী-দেৱতা অথবা স্বৰ্গৰ মালিক হ’বলৈ পুৰুষাৰ্থ কৰিব লাগে। ইয়াত স্থূল যুদ্ধৰ
কোনো কথা নাই। অসুৰ নাইবা দেৱতাসকলৰো যুদ্ধ লগা নাছিল। তাততো মায়াই নাই যে যুদ্ধ
কৰাব। আধাকল্প কোনো যুদ্ধ, কোনো বেমাৰ, কোনো দুখ-অশান্তি নাথাকে। হেৰ’ তাততো সদায়
সুখ, আনন্দই আনন্দ থাকে। তাত চিকিৎসালয় নাথাকে, বাকী স্কুলত পঢ়িবতো লাগেই। এতিয়া
তোমালোক প্ৰত্যেকেই ইয়াৰ পৰা উত্তৰাধিকাৰ লৈ যোৱা। মনুষ্যই পঢ়ি-শুনি নিজৰ ভৰিত থিয়
হৈ যায়। ইয়াৰ ওপৰত কাহিনীও আছে - কোনোবাই সুধিলে তুমি কাৰ পৰা খোৱা? তেতিয়া ক’লে –
মই নিজৰ ভাগ্যৰ খাওঁ। সেয়া হৈছে হদৰ ভাগ্য। তোমালোকে এতিয়া নিজৰ বেহদৰ ভাগ্য গঢ়ি
তোলা। তোমালোকে এনেকুৱা ভাগ্য গঢ়ি লোৱা যে 21 জন্ম আকৌ নিজৰে ৰাজ্য-ভাগ্য ভোগ কৰা।
এয়া হৈছে বেহদ সুখৰ উত্তৰাধিকাৰ, এতিয়া তোমালোক সন্তানসকলে পাৰ্থক্য ভালদৰে জানা,
ভাৰত কিমান সুখী আছিল। এতিয়া কি অৱস্থা হ’ল! যিসকলে কল্প পূৰ্বে ৰাজ্য-ভাগ্য লৈছিল
তেওঁলোকেই এতিয়া ল’ব। এনেকুৱাও নহয় যে যি ড্ৰামাত আছে সেয়াই পাম, তেনেহ’লেতো ভোকত
মৰি যাবা। এই ড্ৰামাৰ ৰহস্য পূৰা বুজি ল’ব লাগে। শাস্ত্ৰত কল্পৰ আয়ুস কোনোবাই কিবা
কোনোবাই আন কিবা লিখি দিছে। অনেক মত-মতান্তৰ আছে। কোনোবাই আকৌ কয় - মইতো সদায় সুখী
হওঁৱেই। হেৰ’, তোমাৰ কেতিয়াও বেমাৰ নহয় নেকি? তেওঁলোকেতো কয় - ৰোগ আদিতো শৰীৰৰ হয়,
আত্মা নিৰ্লেপ। হেৰ’, আঘাত লাগিলে তেতিয়া দুখ আত্মায়ে পায় নহয় – এয়া অতিকৈ
বুজিবলগীয়া কথা। এইখন হৈছে স্কুল, এজন শিক্ষকেই পঢ়ায়। জ্ঞানো একেই। লক্ষ্য-উদ্দেশ্য
এটাই, নৰৰ পৰা নাৰায়ণ হোৱাৰ। যি অনুত্তীৰ্ণ হ’ব তেওঁলোক চন্দ্ৰবংশীত গুচি যাব।
যেতিয়া দেৱতাসকল আছিল তেতিয়া ক্ষত্ৰিয় নাছিল, যেতিয়া ক্ষত্ৰিয় আছিল তেতিয়া বৈশ্য
নাছিল, যেতিয়া বৈশ্য আছিল তেতিয়া শূদ্ৰ নাছিল। এই সকলোবোৰ বুজিবলগীয়া কথা। মাতাসকলৰ
বাবেও অতি সহজ। এটাই পৰীক্ষা। এনেকৈও নুবুজিবা যে দেৰিকৈ অহাসকলে কেনেকৈ পঢ়িব।
কিন্তু এতিয়াতো নতুনসকল তীব্ৰতাৰে আগবাঢ়ি গৈ আছে। বাস্তৱিক ৰূপত। বাকী মায়া ৰাৱণৰ
কোনো ৰূপ নাই, এনেকৈ কোৱা হ’ব - এওঁৰ কামৰ ভূত আছে, বাকী ৰাৱণৰ কোনো প্ৰতিকৃতি বা
শৰীৰতো নাই।
বাৰু, সকলো কথাৰ মিঠা
সাৰ হৈছে – ‘মনমনাভৱ’ (নিজক আত্মা বুলি বুজি মোক; পিতাক স্মৰণ কৰা)। বাবাই কয় - মোক
স্মৰণ কৰা তেতিয়া এই যোগ অগ্নিৰে বিকৰ্ম বিনাশ হ’ব। পিতা মাৰ্গ-দৰ্শক হৈ আহে। পিতাই
কয় - সন্তানসকল, মইতো সন্মুখত তোমালোক সন্তানসকলক পঢ়াই আছোঁ। মই কল্পই কল্পই নিজৰ
কৰ্তব্য পালন কৰোঁ। পাৰলৌকিক পিতাই কয় - মই তোমালোক সন্তানসকলৰ সহায়ত নিজৰ কৰ্তব্য
পালন কৰিবলৈ আহিছোঁ। সহায় আগবঢ়ালে তেতিয়া তোমালোকেও পদ পাবা। মই কিমান শ্ৰেষ্ঠ পিতা।
কিমান বৃহৎ যজ্ঞ ৰচনা কৰিছোঁ। ব্ৰহ্মা মুখ বংশাৱলী তোমালোক সকলো
ব্ৰাহ্মণ-ব্ৰাহ্মণীসকল ভাই-ভনী হোৱা। যিহেতু ভাই-ভনী হৈছা গতিকে স্ত্ৰী-পুৰুষৰ
দৃষ্টি সলনি হৈ যাব লাগে। পিতাই কয় - এই ব্ৰাহ্মণ কুল কলংকিত নকৰিবা, পৱিত্ৰ হৈ
থকাৰ যুক্তি দিয়া হৈছে। মনুষ্য কয় - এয়া কেনেকৈ হ’ব? এনেকুৱা হ’বই নোৱাৰে, একেলগে
থাকিব আৰু জুই নালাগিব! বাবাই কয় - মাজত জ্ঞান ৰূপী তৰোৱাল থকাৰ বাবে কেতিয়াও জুই
লাগিব নোৱাৰে, কিন্তু তেতিয়া যেতিয়াহে দুয়ো ‘মনমনাভৱ’ হৈ থাকিব, শিৱবাবাক স্মৰণ কৰি
থাকিব, নিজক ব্ৰাহ্মণ বুলি বুজিব। মনুষ্যইতো এই কথাবোৰ নুবুজা কাৰণে হুলস্থুল কৰি
দিয়ে, তোমালোকে গালিও শুনিবলগীয়া হয়। শ্ৰীকৃষ্ণক জানো কোনোবাই গালি দিব পাৰে।
শ্ৰীকৃষ্ণ এনেকৈ আহি গ’লে তেতিয়া বিদেশৰ পৰা একেবাৰে উৰাজাহাজেৰে দৌৰি আহি যাব, ভিৰ
হৈ যাব। ভাৰতত ক’ব নোৱাৰি কি যে হৈ যাব।
বাৰু, আজি ভোগ আছে -
এয়া হৈছে পিতাৰ ঘৰ আৰু সেয়া হৈছে শহুৰৰ ঘৰ। সংগমত সাক্ষাৎ হয়। কিছুমানে ইয়াক যাদু
বুলি ভাবে। বাবাই বুজাইছে যে এই সাক্ষাৎকাৰনো কি? ভক্তিমাৰ্গত কেনেকৈ সাক্ষাৎকাৰ হয়,
এই ক্ষেত্ৰত সংশয় বুদ্ধিৰ হ’ব নালাগে। এয়া হৈছে ৰীতি-প্ৰথা। যিহেতু শিৱবাবাৰ ভঁৰাল
সেয়েহে তেওঁক স্মৰণ কৰি ভোগ আগবঢ়োৱা উচিত। যোগত থকাটোতো ভালেই। বাবাৰ স্মৃতি থাকিব।
ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজক
ব্ৰহ্মা মুখ বংশাৱলী বুলি বুজি পৰিপক্ক পৱিত্ৰ ব্ৰাহ্মণ হ’ব লাগে। কেতিয়াও নিজৰ এই
ব্ৰাহ্মণ কুল কলংকিত কৰিব নালাগে।
(2) পিতাৰ সমান
নিৰাকাৰী, নিৰহংকাৰী হৈ নিজৰ দায়িত্ব-কৰ্তব্য পালন কৰিব লাগে। আত্মিক সেৱাত তৎপৰ হৈ
থাকিব লাগে।
বৰদান:
স্নেহৰ শক্তিৰে
মায়াৰ শক্তি সমাপ্ত কৰোঁতা সম্পূৰ্ণ জ্ঞানী হোৱা
স্নেহত সমাহিত
হোৱাটোৱেই সম্পূৰ্ণ জ্ঞান। স্নেহ ব্ৰাহ্মণ জন্মৰ বৰদান। সংগমযুগত স্নেহৰ সাগৰে
স্নেহৰ হীৰা-মুকুতাৰ থালি ভৰাই দি আছে, সেয়েহে স্নেহত সম্পন্ন হোৱা। স্নেহৰ শক্তিৰে
পৰিস্থিতি ৰূপী পাহাৰ পৰিৱৰ্তন হৈ পানীৰ সমান পাতল হৈ যাব। মায়াৰ যেনেকুৱাই ভয়ানক
ৰূপ বা মাৰ্জিত ৰূপে বিৰুদ্ধাচৰণ নকৰক চেকেণ্ডত স্নেহৰ সাগৰত সমাহিত হৈ যোৱা। তেতিয়া
স্নেহৰ শক্তিৰে মায়াৰ শক্তি সমাপ্ত হৈ যাব।
স্লোগান:
তন-মন-ধন, মন-বাণী আৰু কৰ্মৰে পিতাৰ কৰ্তব্যত সদায় সহযোগী হোৱাজনেই যোগী।
সদায় সন্তুষ্ট হৈ থাকি
সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:
যি সেৱাই অসন্তুষ্ট
কৰে, সেয়া সেৱা নহয়। সেৱাৰ অৰ্থ হৈছে পুষ্টিকৰ ফল দিওঁতা সেৱা। যদি সেৱাত
অসন্তুষ্টতা থাকে, তেন্তে সেৱা এৰি দিয়া, কিন্তু সন্তুষ্টতা নেৰিবা। সদায় হদৰ
ইচ্ছাৰ পৰা দূৰৈত, সম্পন্ন হৈ থাকা তেতিয়া সমান হৈ যাবা।