11.12.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল – “সংগমযুগত তোমালোক ব্ৰাহ্মণ সম্প্ৰদায় হৈছা, তোমালোক এতিয়া মৃত্যুলোকৰ মনুষ্যৰ পৰা অমৰলোকৰ দেৱতা হ’ব লাগে”

প্ৰশ্ন:
তোমালোক সন্তানসকলে কোনটো জ্ঞান বুজি পোৱাৰ কাৰণে বেহদৰ সন্ন্যাস কৰা?

উত্তৰ:
তোমালোকৰ নাটকৰ যথাৰ্থ জ্ঞান আছে, তোমালোকে জানা ড্ৰামা অনুসৰি এতিয়া এই গোটেই মৃত্যুলোক ভস্মীভূত হ’ব। এতিয়া এই সৃষ্টিখন একেবাৰে মূল্যহীন হৈ গৈছে, আমি মূল্যৱান হ’ব লাগে। ইয়াত যি হৈ থাকে সেয়া পুনৰ হুবহু কল্পৰ পাছত পুনৰাবৃত্তি হ’ব সেইবাবে তোমালোকে এই গোটেই সৃষ্টিখনৰ পৰা বেহদৰ সন্ন্যাস কৰিছা।

গীত:
আনে ৱালে কল কি তুম…… (অনাগত দিনৰ তোমালোক……)

ওঁম্শান্তি।
সন্তানসকলে গীতৰ কলিটি শুনিলা। অমৰলোক আগমনৰ পথত। এয়া হৈছে মৃত্যুলোক। অমৰলোক আৰু মৃত্যুলোকৰ এয়া হৈছে পুৰুষোত্তম সংগমযুগ। এতিয়া পিতাই সংগমত পঢ়ায়, আত্মাসকলক পঢ়ায় সেইবাবে সন্তানসকলক কয় - আত্ম-অভিমানী হৈ বহা। এইটো নিশ্চয় জন্মিব লাগে যে আমাক বেহদৰ পিতাই পঢ়ায়। আমাৰ লক্ষ্য-উদ্দেশ্য হৈছে এই লক্ষ্মী-নাৰায়ণ অথবা মৃত্যুলোকৰ মনুষ্যৰ পৰা অমৰলোকৰ দেৱতা হোৱা। এনেকুৱা পঢ়াৰ বিষয়েতো কেতিয়াও কাণেৰে শুনা নাই নতুবা কাৰোবাক কোৱা দেখিছা যে এনেকৈ ক’ব – সন্তানসকল, তোমালোক আত্ম-অভিমানী হৈ বহা। এইটো নিশ্চয় কৰা যে বেহদৰ পিতাই আমাক পঢ়ায়। কোনজন পিতা? বেহদৰ পিতা নিৰাকাৰ শিৱ। এতিয়া তোমালোকে বুজি পোৱা যে আমি পুৰুষোত্তম সংগমযুগত আছোঁ। এতিয়া তোমালোক ব্ৰাহ্মণ সম্প্ৰদায় হৈছা আকৌ তোমালোক দেৱতা হ’ব লাগে। প্ৰথমে শূদ্ৰ সম্প্ৰদায়ৰ আছিলা। পিতা আহি পাথৰ বুদ্ধিৰ পৰা পাৰস বুদ্ধিৰ কৰি তোলে। প্ৰথমে সতোপ্ৰধান পাৰস বুদ্ধিৰ আছিলা, এতিয়া পুনৰ হোৱা। এনেকৈ ক’ব নালাগে যে সত্যযুগৰ মালিক আছিলোঁ। সত্যযুগত বিশ্বৰ মালিক আছিলোঁ। পুনৰ 84 জন্ম লৈ ছিৰি নামি নামি (অৱনমিত হৈ হৈ) সতোপ্ৰধানৰ পৰা সতো, ৰজো, তমোত আহিলোঁ। প্ৰথমে সতোপ্ৰধান আছিলা তেতিয়া পাৰস বুদ্ধিৰ আছিলা তাৰ পাছত আত্মাত খাদ (বিকাৰৰ লেপ) পৰে। মনুষ্যই বুজি নাপায়। পিতাই কয় - তোমালোকে একোৱেই জনা নাছিলা। অন্ধবিশ্বাস আছিল। নজনাকৈ কাৰোবাক পূজা কৰা বা স্মৰণ কৰা তাক অন্ধবিশ্বাস বুলি কোৱা হয়। আৰু নিজৰ শ্ৰেষ্ঠ ধৰ্ম, শ্ৰেষ্ঠ কৰ্মকো পাহৰি গ’লে তেওঁলোক কৰ্ম ভ্ৰষ্ট, ধৰ্ম ভ্ৰষ্ট হৈ যায়। ভাৰতবাসী এই সময়ত দৈৱী ধৰ্মৰ পৰাও ভ্ৰষ্ট। পিতাই বুজায় - বাস্তৱত তোমালোক হৈছা প্ৰবৃত্তি মাৰ্গৰ। সেই দেৱতাসকলেই যেতিয়া অপৱিত্ৰ হয় তেতিয়া দেৱী-দেৱতা বুলি ক’ব নোৱাৰে সেইবাবে নাম সলনি কৰি হিন্দু ধৰ্ম ৰাখি দিলে। এয়াও হয় ড্ৰামাৰ পৰিকল্পনা অনুসৰি। সকলোৱে এজন পিতাকে আহ্বান জনায় - হে পতিত-পাৱন আহক। সেই এজনেই ঈশ্বৰ পিতা যি জন্ম-মৃত্যু ৰহিত। এনেকুৱা নহয় যে নাম-ৰূপ নথকা কোনো বস্তু আছে। আত্মাৰ বা পৰমাত্মাৰ ৰূপ অতি সূক্ষ্ম, যাক তৰা বা বিন্দু বুলি কোৱা হয়। শিৱৰ পূজা কৰে, শৰীৰতো নাই। এতিয়া আত্মা বিন্দুৰতো পূজা হ’ব নোৱাৰে সেইবাবে তাক ডাঙৰকৈ সাজে পূজা কৰিবৰ বাবে। ভাবে শিৱৰ পূজা কৰোঁ। কিন্তু তেওঁৰ ৰূপ কি, সেইটো নাজানে। এই সকলোবোৰ কথা পিতাই এই সময়তহে আহি বুজায়। পিতাই কয় - তোমালোকে নিজৰ জন্মৰ বিষয়ে নাজানা। 84 লাখ যোনিৰতো এটা কাহিনী ৰচি দিলে। এতিয়া পিতাই তোমালোক সন্তানসকলক বহি বুজায়। এতিয়া তোমালোক ব্ৰাহ্মণ হৈছা পুনৰ দেৱতা হ’ব লাগে। কলিযুগী মনুষ্য হৈছে শূদ্ৰ। তোমালোক ব্ৰাহ্মণসকলৰ লক্ষ্য-উদ্দেশ্য হৈছে মনুষ্যৰ পৰা দেৱতা হোৱা। এইখন মৃত্যুলোক পতিত সৃষ্টি। নতুন সৃষ্টি সেইখন আছিল, য’ত এই দেৱী-দেৱতাসকলে ৰাজত্ব কৰিছিল। এওঁলোকৰ এখনেই ৰাজ্য আছিল। এওঁলোক সমগ্ৰ বিশ্বৰ মালিক আছিল। এতিয়াতো তমোপ্ৰধান সৃষ্টি। অনেক ধৰ্ম আছে। এই দেৱী-দেৱতা ধৰ্ম প্ৰায় লোপ হৈ গ’ল। দেৱী-দেৱতাসকলৰ ৰাজত্ব কেতিয়া আছিল, কিমান সময় চলিল, এই বিশ্বৰ ইতিহাস-ভূগোল কোনেও নাজানে। পিতাহে আহি তোমালোকক বুজায়। এইখন হৈছে ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয়, যাৰ লক্ষ্য-উদ্দেশ্য হৈছে অমৰলোকৰ দেৱতা হোৱা। ইয়াক অমৰকথা বুলিও কোৱা হয়। তোমালোকে এই জ্ঞানৰ দ্বাৰা দেৱতা হৈ কালৰ ওপৰত বিজয়ী হোৱা। তাত কেতিয়াও কালে খাব নোৱাৰে। মৰাৰ তাত নামেই নাই। এতিয়া তোমালোক ড্ৰামাৰ পৰিকল্পনা অনুসৰি কালৰ ওপৰত বিজয়ী হৈ আছা। ভাৰতবাসীয়েও 5 বছৰ বা 10 বছৰৰ পৰিকল্পনা কৰে নহয়। ভাবে যে আমি ৰামৰাজ্য স্থাপনা কৰি আছোঁ। বেহদৰ পিতাৰো পৰিকল্পনা আছে ৰামৰাজ্য গঢ়ি তোলাৰ। সেইসকলতো হৈছে সকলো মনুষ্য। মনুষ্যইতো ৰামৰাজ্য স্থাপনা কৰিব নোৱাৰে। ৰামৰাজ্য বুলি কোৱাই হয় সত্যযুগক। এই কথাবোৰ কোনেও নাজানে। মনুষ্যই কিমান ভক্তি কৰে, পাৰ্থিৱ যাত্ৰা কৰে। দিন অৰ্থাৎ সত্যযুগ-ত্ৰেতাত এই দেৱতাসকলৰ ৰাজত্ব আছিল। আকৌ ৰাতি ভক্তিমাৰ্গ আৰম্ভ হয়। সত্যযুগত ভক্তি নাথাকে। জ্ঞান, ভক্তি, বৈৰাগ্য, এয়া পিতাই বুজায়। বৈৰাগ্য দুই প্ৰকাৰৰ- এটা হৈছে হঠযোগী নিবৃত্তি মাৰ্গৰসকলৰ, তেওঁলোকে ঘৰ-সংসাৰ এৰি জংঘললৈ যায়। এতিয়া তোমালোকেতো বেহদৰ সন্ন্যাস কৰিব লাগে, গোটেই মৃত্যুলোকৰ। পিতাই কয় এই গোটেই সৃষ্টিখন ভস্মীভূত হ’বলৈ গৈ আছে। ড্ৰামাখনক বহুত ভালদৰে বুজিব লাগে। ওকনিৰ নিচিনাকৈ (ধীৰ গতিৰে) টিক্‌ টিক্‌ হৈ (সময় বাগৰি গৈ) থাকে। যি কিছু হয় আকৌ কল্পৰ অৰ্থাৎ 5 হাজাৰ বছৰৰ পাছত হুবহু পুনৰাবৃত্তি হ’ব। ইয়াক বহুত ভালদৰে বুজি লৈ বেহদৰ সন্ন্যাস কৰিব লাগে। ধৰি লোৱা কোনোবা বিলাতলৈ যায় তেতিয়া ক’ব তাত আমি এই জ্ঞান পঢ়িব পাৰিমনে? পিতাই কয় - হয় তোমালোকে যিকোনো ঠাইতে বহি পঢ়িব পাৰা। এই ক্ষেত্ৰত প্ৰথমে 7 দিনৰ পাঠ্যক্ৰম কৰিব লাগে। বহুত সহজ, আত্মাক কেৱল এইটোৱেই বুজাবলগীয়া হয়। আমি সতোপ্ৰধান বিশ্বৰ মালিক আছিলোঁ তেতিয়া সতোপ্ৰধান আছিলোঁ। এতিয়া তমোপ্ৰধান হৈ গৈছোঁ। 84 জন্মত একেবাৰে মূল্যহীন হৈ গ’লোঁ। এতিয়া আমি পুনৰ মূল্যৱান কেনেকৈ হওঁ? এতিয়া হৈছে কলিযুগ পুনৰ সত্যযুগ হ’ব, পিতাই কিমান সৰলকৈ বুজায়, 7 দিনৰ পাঠ্যক্ৰম বুজিব লাগে। কেনেকৈ আমি সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হ’লোঁ। কাম চিতাত বহি তমোপ্ৰধান হ’লোঁ। এতিয়া পুনৰ জ্ঞান চিতাত বহি সতোপ্ৰধান হ’ব লাগে। বিশ্বৰ ইতিহাস-ভূগোল পুনৰাবৃত্তি হয়, চক্ৰ ঘূৰি থাকে। এতিয়া হৈছে সংগমযুগ, পুনৰ সত্যযুগ হ’ব। এতিয়া আমি কলিযুগী বিকাৰী হ’লোঁ, আকৌ সত্যযুগী নিৰ্বিকাৰী কেনেকৈ হওঁ? তাৰ বাবে পিতাই মাৰ্গ দেখুৱায়। আহ্বানো জনায় আমাৰ কোনো গুণ নাই। এতিয়া আমাক এনেকুৱা গুণৱান কৰি তোলক। যিসকল কল্প পূৰ্বে হৈছিল তেওঁলোকেই পুনৰ হ’ব লাগে। পিতাই বুজায় - প্ৰথমেতো নিজক আত্মা বুলি বুজা। আত্মাইহে এটা শৰীৰ এৰি আন এটা লয়। এতিয়া তোমালোক দেহী-অভিমানী হ’ব লাগে। এতিয়াহে তোমালোকে দেহী-অভিমানী হোৱাৰ শিক্ষা পোৱা। এনেকুৱা নহয় যে তোমালোক সদায় দেহী-অভিমানী হৈ থাকিবা। নাথাকা, সত্যযুগততো নাম শৰীৰৰ থাকে। লক্ষ্মী-নাৰায়ণৰ নামতে গোটেই কাৰবাৰ চলে। এতিয়া এয়া হৈছে সংগমযুগ যেতিয়া পিতাই বুজায়। তোমালোক নাঙঠ (অশৰীৰী) হৈ আহিছিলা পুনৰ অশৰীৰী হৈ ঘূৰি যাব লাগিব। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। এয়া হৈছে আত্মিক যাত্ৰা। আত্মাই নিজৰ আত্মিক পিতাক স্মৰণ কৰে। পিতাক স্মৰণ কৰিলেহে পাপ ভস্ম হৈ যাব, ইয়াক যোগ অগ্নি বুলি কোৱা হয়। স্মৰণতো তোমালোকে য’তে-ত’তে কৰিব পাৰা। 7 দিন বুজাবলগীয়া হয়। এই সৃষ্টিচক্ৰ কেনেকৈ ঘূৰে, কেনেকৈ আমি ছিৰি নামো (অৱনমিত হওঁ)? এতিয়া পুনৰ এই এটা জন্মতে আৰোহণ কলা হয়। বিলাতত সন্তানসকল থাকে, তালৈও মুৰুলী যায়। এইখন স্কুল নহয় জানো। বাস্তৱত এইখন হৈছে ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয়। ‘গীতা’ৰেই ৰাজযোগ। কিন্তু শ্ৰীকৃষ্ণক ভগৱান বুলি কোৱা নহয়। ব্ৰহ্মা-বিষ্ণু-শংকৰকো দেৱতা বুলি কোৱা হয়। এতিয়া তোমালোকে পুৰুষাৰ্থ কৰি পুনৰ সেই দেৱতা হোৱা। প্ৰজাপিতা ব্ৰহ্মাও নিশ্চয় ইয়াতেই থাকিব নহয়। প্ৰজাপিতাতো মনুষ্য হয় নহয়। প্ৰজা নিশ্চয় ইয়াতেই ৰচা হয়। ‘আমিয়েই সেয়া’ৰ অৰ্থ পিতাই বহুত সহজ ৰীতিৰে বুজাইছে। ভক্তিমাৰ্গততো কৈ দিয়ে আত্মাই পৰমাত্মা, সেইবাবে পৰমাত্মাক সৰ্বব্যাপি বুলি কৈ দিয়ে। পিতাই কয় - সকলোতে আত্মা ব্যাপী আছে। মই কেনেকৈ ব্যাপক হ’ম? তোমালোকে মোক আহ্বানেই জনোৱা - হে পতিত-পাৱন আহক, আমাক পাৱন কৰি তোলক। নিৰাকাৰ আত্মাসকল সকলো আহি নিজৰ নিজৰ ৰথ লয়। এয়া (শৰীৰ) হৈছে প্ৰত্যেক অকাল মূৰ্ত আত্মাৰ আসন। আসন বুলি কোৱা বা ৰথ বুলি কোৱা। পিতাৰতো ৰথ নাই। তেওঁক নিৰাকাৰ বুলিয়ে গায়ন কৰা হয়। সূক্ষ্ম শৰীৰো নাই আৰু স্থূল শৰীৰো নাই। নিৰাকাৰ যেতিয়া নিজে ৰথত বহিব তেতিয়া ক’ব পাৰে। ৰথ অবিহনে পতিতসকলক পাৱন কেনেকৈ কৰি তুলিব? পিতাই কয় - মই নিৰাকাৰ আহি এওঁৰ শৰীৰ ঋণত লওঁ। সাময়িকভাৱে ঋণত লৈছোঁ, এওঁক ভাগ্যশালী ৰথ বুলি কোৱা হয়। পিতাইহে সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য শুনাই তোমালোক সন্তানসকলক ত্ৰিকালদৰ্শী কৰি তোলে। আন কোনো মনুষ্যই এই জ্ঞান জানিব নোৱাৰে। এই সময়ত সকলো নাস্তিক। পিতা আহি আস্তিক কৰি তোলে। ৰচয়িতা-ৰচনাৰ ৰহস্য পিতাই তোমালোকক শুনাইছে। তোমালোকৰ বাহিৰে আন কোনেও বুজাব নোৱাৰে। তোমালোকেহে এই জ্ঞানেৰে পুনৰ এয়া ইমান উচ্চ পদ পোৱা। এই জ্ঞান কেৱল এতিয়াহে তোমালোক ব্ৰাহ্মণসকলেহে পোৱা। পিতা সংগমতহে আহি এই জ্ঞান দিয়ে। সৎগতি দিওঁতা এজন পিতাই হয়। মনুষ্যই মনুষ্যক সৎগতি দিব নোৱাৰে। সেয়া সকলো হৈছে ভক্তিমাৰ্গৰ গুৰু। সৎগুৰু এজনেই, তেওঁক কোৱা হয় “বাঃ সৎগুৰু বাঃ”! ইয়াক পাঠশালা বুলিও কোৱা হয়। লক্ষ্য-উদ্দেশ্য হৈছে নৰৰ পৰা নাৰায়ণ হোৱা। সেয়া সকলো হৈছে ভক্তিমাৰ্গৰ কাহিনী (আখ্যান)। গীতাৰ পৰাও একো প্ৰাপ্তি নহয়। পিতাই কয় - মই তোমালোক সন্তানসকলক সন্মুখত আহি পঢ়াওঁ, যাৰ দ্বাৰা তোমালোকে এই পদ পোৱা। ইয়াত মুখ্য কথা হৈছে পৱিত্ৰ হোৱাৰ। পিতাৰ স্মৃতিত থাকিব লাগে। এই ক্ষেত্ৰতে মায়াই বিঘিনি আনে। তোমালোকে পিতাক স্মৰণ কৰা নিজৰ উত্তৰাধিকাৰ পাবৰ কাৰণে। এই জ্ঞান সকলো সন্তানলৈকে যায়। কেতিয়াও যাতে মুৰুলী খতি নহয়। মুৰুলী খতি কৰা মানে অনুপস্থিতিৰ দাগ পৰি যোৱা। মুৰুলীৰ দ্বাৰা য’তেই নবহা পুনৰুজ্জীৱিত হৈ থাকিবা। শ্ৰীমতত চলিব লাগে। বাহিৰলৈ গ’লে পিতাই বুজায় – পৱিত্ৰ নিশ্চয় হ’ব লাগে, বৈষ্ণৱ হৈ থাকিব লাগে। বৈষ্ণৱো দুই প্ৰকাৰৰ থাকে, বৈষ্ণৱ, বল্লভাচাৰীও হয় কিন্তু বিকাৰগ্ৰস্ত হয়। পৱিত্ৰতো নহয়। তোমালোক পৱিত্ৰ হৈ বিষ্ণুবংশী হোৱা। তাত তোমালোক বৈষ্ণৱ হৈ থাকিবা, বিকাৰগ্ৰস্ত নোহোৱা। সেইখন হৈছে অমৰলোক, এইখন হৈছে মৃত্যুলোক, ইয়াত বিকাৰগ্ৰস্ত হয়। এতিয়া তোমালোক বিষ্ণুপুৰীলৈ যোৱা, তাত বিকাৰ নাথাকে। সেইখন হৈছে নিৰ্বিকাৰী সৃষ্টি। যোগবলেৰে তোমালোকে বিশ্বৰ বাদশ্বাহী লোৱা। সেই দুয়ো পক্ষই পৰস্পৰ যুদ্ধ কৰে, মাখন মাজতে তোমালোকে পোৱা। তোমালোকে নিজৰ ৰাজধানী স্থাপনা কৰি আছা। সকলোকে এইটোৱে বাৰ্তা দিব লাগে। শিশুৰো অধিকাৰ আছে। শিৱবাবাৰ সন্তান হয় নহয়। গতিকে সকলোৰে অধিকাৰ আছে। সকলোকে ক’ব লাগে যে নিজক আত্মা বুলি বুজা। পিতা-মাতাৰ জ্ঞান থাকিলে তেতিয়া সন্তানসকলকো শিকাব - শিৱবাবাক স্মৰণ কৰা। শিৱবাবাৰ বাহিৰে অন্য কাকো স্মৰণ নকৰিবা। এজনৰ স্মৃতিৰেই তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। এই ক্ষেত্ৰত বহুত ভালকৈ পঢ়া উচিত। বিলাতত থাকিও তোমালোকে পঢ়িব পাৰা। ইয়াত কিতাপ আদি একোৱে নালাগে। য’তে নবহা তোমালোকে পঢ়িব পাৰা। বুদ্ধিৰে স্মৰণ কৰিব পাৰা। এই পঢ়া ইমান সহজ। যোগ অথবা স্মৃতিৰে শক্তি পোৱা যায়। তোমালোক এতিয়া বিশ্বৰ মালিক হৈ আছা। পিতাই ৰাজযোগ শিকাই পাৱন কৰি তোলে। সেয়া হৈছে হঠযোগ (শৰীৰক কষ্ট দি কৰা যোগ), এয়া হৈছে ৰাজযোগ। ইয়াত বহুত সংযম ৰাখিব লাগে। এই লক্ষ্মী-নাৰায়ণৰ দৰে সৰ্বগুণ সম্পন্ন হ’ব লাগে নহয়। খোৱা-বোৱাৰ ক্ষেত্ৰতো সংযম ৰাখিব লাগে, আৰু দ্বিতীয় কথা পিতাক স্মৰণ কৰিব লাগে তেতিয়া জন্ম জন্মান্তৰৰ পাপ খণ্ডন হৈ যাব। ইয়াক সহজ ৰাজযোগ বুলি কোৱা হয়, ৰাজ্য-ভাগ্য প্ৰাপ্ত কৰিবৰ কাৰণে। যদি ৰাজ্য-ভাগ্য নোলোৱা তেন্তে গৰিব হৈ যাবা। শ্ৰীমতত পূৰা চলিলে শ্ৰেষ্ঠ হৈ যাবা। ভ্ৰষ্টৰ পৰা শ্ৰেষ্ঠ হ’ব লাগে। তাৰ বাবে পিতাক স্মৰণ কৰিব লাগে। কল্প পূৰ্বেও তোমালোকেই এই জ্ঞান লৈছিলা, যি আকৌ এতিয়া লোৱা। সত্যযুগত অন্য কোনো ৰাজ্য নাছিল। তাক সুখধাম বুলি কোৱা হয়। এতিয়া এয়া হৈছে দুখধাম আৰু য’ৰ পৰা আমি আত্মাসকল আহিছোঁ সেইখন হৈছে শান্তিধাম। শিৱবাবা আচম্বিত হয় - জগতত মনুষ্যই কি কি কৰে! সন্তান যাতে কমকৈ জন্ম হয় তাৰ বাবে কিমান মগজ খটুৱাই থাকে। বুজি নাপায় যে এয়াতো পিতাৰহে কাম। পিতাই তৎক্ষণাৎ এক ধৰ্ম প্ৰতিষ্ঠা কৰি এটা ঢকাতে বাকী সকলো অনেক ধৰ্মৰ বিনাশ কৰাই দিয়ে। তেওঁলোকে জন্ম নিয়ন্ত্ৰণৰ বাবে কিমান দৰব আদি উলিয়াই থাকে। পিতাৰ ওচৰততো এটাই দৰব আছে। এক ধৰ্মৰ প্ৰতিষ্ঠা হ’বলগীয়া আছে। সেই সময় আহিব যেতিয়া সকলোৱে ক’ব এওঁলোকতো পৱিত্ৰ হৈ আছে। আকৌ দৰব আদিৰ কি দৰকাৰ। তোমালোকক বাবাই ‘মনমনাভৱ’ৰ এনেকুৱা দৰব দিছে, যাৰ দ্বাৰা তোমালোক 21 জন্মৰ কাৰণে পৱিত্ৰ হৈ যোৱা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পৱিত্ৰ হৈ দৃঢ় বৈষ্ণৱ হ’ব লাগে। খোৱা-বোৱাৰ ক্ষেত্ৰতো সংযম ৰাখিব লাগে। শ্ৰেষ্ঠ হ’বৰ বাবে শ্ৰীমতত নিশ্চয় চলিব লাগে।

(2) মুৰুলীৰে নিজক পুনৰুজ্জীৱিত কৰিব লাগে, য’তেই নাথাকা সতোপ্ৰধান হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। মুৰুলী এদিনো খতি কৰিব নালাগে।

বৰদান:
স্ব-কল্যাণৰ প্ৰত্যক্ষ প্ৰমাণৰ দ্বাৰা বিশ্ব কল্যাণৰ সেৱাত সদায় সফলতামূৰ্ত হোৱা

যেনেকৈ আজিকালি শাৰীৰিক ৰোগ হাৰ্টফেল অধিক হয় তেনেকৈ আধ্যাত্মিক উন্নতিত হতাশ হোৱাৰ ৰোগ অধিক। এনেকুৱা হতাশগ্ৰস্থ আত্মাসকলৰ বাস্তৱিক ৰূপত পৰিৱৰ্তন দেখিলেহে সাহস বা শক্তি আহিব পাৰে। বহুত শুনিছে এতিয়া চাব বিচাৰে। প্ৰমাণৰ দ্বাৰা পৰিৱৰ্তন বিচাৰে। সেয়েহে বিশ্ব কল্যাণৰ কাৰণে প্ৰথমতে আৰ্হি ৰূপত স্ব-কল্যাণ কৰি দেখুওৱা। বিশ্ব কল্যাণৰ সেৱাত সফলতামূৰ্ত হোৱাৰ সাধনেই হৈছে প্ৰত্যক্ষ প্ৰমাণ, ইয়াৰ দ্বাৰাই প্ৰত্যক্ষতা হ’ব। যি কোৱা সেয়া তোমালোকৰ স্বৰূপত বাস্তৱত দৃষ্টিগোচৰ হ’লে তেতিয়া মানিব।

স্লোগান:
আনৰ চিন্তাধাৰাক নিজৰ চিন্তাধাৰৰ সৈতে মিলোৱা - এয়াই সন্মান দিয়া।


অব্যক্ত সংকেত: এতিয়া সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা

কৰ্মাতীত হ’বলৈ পৰীক্ষা কৰা কিমানলৈকে কৰ্মৰ বন্ধনৰ পৰা উৰ্দ্ধত গৈছোঁ? লৌকিক আৰু অলৌকিক, কৰ্ম আৰু সম্বন্ধ দুয়োটাতে স্বাৰ্থ ভাৱৰ পৰা কিমানলৈকে মুক্ত হৈছোঁ? যেতিয়া কৰ্মৰ হিচাপ-নিকাচ বা কোনো ব্যৰ্থ স্বভাৱ-সংস্কাৰৰ বশ হোৱাৰ পৰা মুক্ত হ’বা তেতিয়া কৰ্মাতীত স্থিতি প্ৰাপ্ত কৰিব পাৰিবা। যিকোনো সেৱা, সংগঠন, প্ৰকৃতিৰ পৰিস্থিতিয়ে স্ব-স্থিতি বা শ্ৰেষ্ঠ স্থিতি যাতে বিচলিত নকৰে। এই বন্ধনৰ পৰাও মুক্ত হৈ থকাটোৱেই কৰ্মাতীত স্থিতিৰ সমীপতা।