12.01.25    Avyakt Bapdada     Assame Murli     15.11.2003     Om Shanti     Madhuban


“*“মন একাগ্ৰ কৰি একাগ্ৰতাৰ শক্তিৰে ফৰিস্তা স্থিতিৰ অনুভৱ কৰা”*”


আজি সৰ্ব সম্পদৰ মালিকে নিজৰ চাৰিওফালৰ সম্পন্ন সন্তানসকলক চাই আছেহঁক। প্ৰতিগৰাকী সন্তানক সৰ্ব সম্পদৰ মালিক কৰি তুলিছে। এনেকুৱা সম্পদ প্ৰাপ্ত কৰিছা যিটো আন কোনোৱে দিব নোৱাৰে। তেন্তে প্ৰত্যেকে নিজক সম্পদেৰে সম্পন্ন অনুভৱ কৰানে? সকলোতকৈ শ্ৰেষ্ঠ সম্পদ হ’ল জ্ঞানৰ সম্পদ, শক্তিৰ সম্পদ, গুণৰ সম্পদ, লগতে পিতা আৰু ব্ৰাহ্মণ আত্মাসকলৰ দ্বাৰা প্ৰাপ্ত আশীৰ্বাদৰ সম্পদ। তেন্তে পৰীক্ষা কৰা এই সকলোবোৰ সম্পদ প্ৰাপ্ত হৈছেনে? যিসকল সৰ্ব সম্পদেৰে সম্পন্ন আত্মা তেওঁলোকৰ লক্ষণ হৈছে সদায় নয়নেৰে, চেহেৰাৰে, চলনেৰে আনেও আনন্দৰ অনুভৱ কৰিব। যিসকল আত্মা সম্পৰ্কত আহিব তেওঁলোকে অনুভৱ কৰিব যে এই আত্মাটি অলৌকিক আনন্দেৰে, অলৌকিক অনন্য দেখা যায়। তোমালোকৰ আনন্দ দেখি অন্য আত্মাসকলেও অলপ সময়ৰ বাবে আনন্দৰ অনুভৱ কৰিব। যেনেকৈ তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ শুভ্ৰ বস্ত্ৰ সকলোৰে কিমান অনন্য আৰু মৰমৰ। স্বচ্ছতা, সৰলতা আৰু পৱিত্ৰতাৰ অনুভৱ হয়। দূৰৈৰ পৰাই গম পায় যে এওঁলোক ব্ৰহ্মাকুমাৰ-কুমাৰী। তেনেকৈয়ে তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ চলন আৰু চেহেৰাত সদায় আনন্দৰ ৰেঙনি, সৌভাগ্যৰ জিলিকনি দেখা দিয়ক। আজি সকলো আত্মা মহান দুখী, এনেকুৱা আত্মাসকলে তোমালোকৰ আনন্দময় চেহেৰা দেখি, চলন দেখি এক মুহূৰ্তৰ বাবেও আনন্দৰ অনুভূতি কৰক, যেনেকৈ তৃষ্ণাতুৰ আত্মাই যদি এটোপালো পানী পাই যায় তেতিয়া কিমান আনন্দিত হৈ যায়। এনেকুৱা আনন্দৰ অঞ্জলি আত্মাসকলৰ বাবে অতি আৱশ্যক। এনেকুৱা সৰ্ব সম্পদেৰে সদায় সম্পন্ন হোৱা। প্ৰত্যেক ব্ৰাহ্মণ আত্মাই নিজক সকলো সম্পদেৰে সদায় ভৰপূৰ অনুভৱ কৰানে নে কেতিয়াবা কেতিয়াবা কৰা? সম্পদ অবিনাশী, দিওঁতা দাতাও অবিনাশী, তেন্তে অবিনাশী হৈয়েই থাকিব লাগে কিয়নো তোমালোকৰ নিচিনা অলৌকিক আনন্দ গোটেই কল্পত তোমালোক ব্ৰাহ্মণৰ বাহিৰে আন কোনেও প্ৰাপ্ত নকৰে। এয়া এতিয়াৰ অলৌকিক আনন্দ আধাকল্প প্ৰালব্ধৰ ৰূপত চলে, তেন্তে সকলো আনন্দিত হোৱানে! ইয়াততো সকলোৱে হাত দাঙিলা; বাৰু সদায় আনন্দিত হোৱানে? কেতিয়াবা আনন্দ নোহোৱা হৈতো নাযায়? কেতিয়াবা কেতিয়াবাতো যায়! আনন্দিত হৈ থাকা কিন্তু সদায় একৰস, এই ক্ষেত্ৰত পাৰ্থক্য আহি যায়। আনন্দিত হৈ থাকা কিন্তু শতাংশত পাৰ্থক্য আহি যায়।

বাপদাদাই স্বতঃ টি.ভি.ত সকলো সন্তানৰ চেহেৰা চাই থাকে। তেন্তে কি দেখিবলৈ পোৱা যায়? এদিন তোমালোকেও নিজৰ আনন্দৰ তালিকা পৰীক্ষা কৰা — অমৃতবেলাৰ পৰা ৰাতিলৈকে আনন্দৰ শতাংশ একেদৰেই থাকেনে? নে সলনি হয়? পৰীক্ষা কৰিবতো জানা নহয়, আজিকালি চোৱা বিজ্ঞানেও পৰীক্ষা কৰাৰ যন্ত্ৰ বহুত তীব্ৰ কৰি দিছে। গতিকে তোমালোকেও পৰীক্ষা কৰা আৰু অবিনাশী কৰি তোলা। বাপদাদায়ো সকলো সন্তানৰ পুৰুষাৰ্থ পৰীক্ষা কৰিলে। পুৰুষাৰ্থ সকলোৱে কৰি আছে - কোনোৱে যথাশক্তি, কোনোৱে শক্তিশালী। আজি বাপদাদাই সকলো সন্তানৰ মনৰ স্থিতি পৰীক্ষা কৰিলে কিয়নো মূল কথাটি হয়েই ‘মনমনাভৱ’। সেৱাতো চোৱা মনৰ সেৱা শ্ৰেষ্ঠ সেৱা। এনেকৈ কোৱাও যে মনক জয় কৰা মানেই জগতজিৎ, তেন্তে মনৰ গতি পৰীক্ষা কৰিলে। তেন্তে কি দেখিলোঁ? মনৰ মালিক হৈ মনক চলোৱা কিন্তু কেতিয়াবা কেতিয়াবা মনে তোমালোককো চলায়। মনে পৰৰ বশীভূতো কৰি দিয়ে। বাপদাদাই দেখিলে মনেৰে একনিষ্ঠ হোৱা কিন্তু মনৰ স্থিতি একাগ্ৰ নহয়।

বৰ্তমান সময়ত মনৰ একাগ্ৰতাই একৰস স্থিতিৰ অনুভৱ কৰাব। এতিয়া ফলাফলত দেখিলে যে মনক একাগ্ৰ কৰিব বিচৰা কিন্তু মাজে মাজে পথভ্ৰষ্ট হৈ যায়। একাগ্ৰতাৰ শক্তিয়ে অব্যক্ত ফৰিস্তা স্থিতিৰ সহজে অনুভৱ কৰাব। মন দিগভ্ৰান্ত হয়, ব্যৰ্থ কথাতে হওঁক, ব্যৰ্থ সংকল্পতে হওঁক, ব্যৰ্থ ব্যৱহাৰতে হওঁক। যেনেকৈ কিছুমানৰ শৰীৰেৰেও একাগ্ৰ হৈ বহাৰ অভ্যাস নাথাকে, কিছুমানৰ থাকে। মন য’তে বিচৰা, যেনেকৈ বিচৰা, যিমান সময় বিচৰা সিমান আৰু তেনেকৈয়ে একাগ্ৰ হোৱা ইয়াকে কোৱা হয় মন বশ হৈ আছে। একাগ্ৰতাৰ শক্তি, মালিক বোধৰ শক্তিয়ে সহজে নিবিঘ্ন কৰি তোলে। যুদ্ধ কৰিবলগীয়া নহয়, একাগ্ৰতাৰ শক্তিৰে স্বতঃ এক পিতা অন্য কোনো নাই - এইটো অনুভৱ হয়। স্বতঃ হ’ব, পৰিশ্ৰম কৰিবলগীয়া নহ’ব। একাগ্ৰতাৰ শক্তিৰে স্বতঃ একৰস ফৰিস্তা স্বৰূপৰ অনুভূতি হয়। পিতা ব্ৰহ্মাৰ প্ৰতি স্নেহ আছে নহয় - তেন্তে পিতা ব্ৰহ্মাৰ সমান হোৱা অৰ্থাৎ ফৰিস্তা হোৱা, একাগ্ৰতা শক্তিৰে স্বতঃ সকলোৰে প্ৰতি স্নেহ, কল্যাণ, সন্মানৰ বৃত্তি থাকে কিয়নো একাগ্ৰতা অৰ্থাৎ স্বমানৰ স্থিতি। ফৰিস্তা স্থিতি হৈছে স্বমান। যেনেকৈ পিতা ব্ৰহ্মাক দেখিলা, বৰ্ণনাও কৰা, যেনেকৈ সম্পন্নতাৰ সময় সমীপত আহি থাকিল তেন্তে কি দেখিলা? চলোঁতে-ফুৰোঁতে ফৰিস্তা ৰূপ, দেহবোধ ৰহিত। দেহৰ অনুভূতি আছিল জানো? সন্মুখলৈ গ’লে তেতিয়া দেহ দেখা গৈছিল নে ফৰিস্তা ৰূপ অনুভৱ হৈছিল? কৰ্ম কৰিও, বাৰ্তালাপ কৰিও, নিদেৰ্শনা দিও, উৎসাহ-উদ্দীপনা বৃদ্ধি কৰিও, দেহৰ পৰা ভিন্ন সূক্ষ্ম প্ৰকাশ ৰূপৰ অনুভূতি কৰিলে। এনেকৈ কোৱা নহয় যে ব্ৰহ্মা বাবাই কথা কৈ থাকোতে এনেকুৱা লাগিছিল যেন কথা পাতিও আছে কিন্তু ইয়াত নাই, চাই আছে কিন্তু দৃষ্টি অলৌকিক, এয়া স্থূল দৃষ্টি নহয়। দেহবোধৰ পৰা উৰ্দ্ধত, আনৰো দেহবোধ নাজাগিল, অনন্য ৰূপ দেখা গ’ল, ইয়াকে কোৱা হয় দেহত থাকিও ফৰিস্তা স্বৰূপ। প্ৰতিটো কথাত, বৃত্তিত, দৃষ্টিত, কৰ্মত অনন্যতাৰ অনুভৱ হওঁক। এওঁ কৈ আছে কিন্তু নিৰ্লিপ্ত, মৰম সনা। আত্মিক মৰম সনা। এনেকুৱা ফৰিস্তাবোধৰ অনুভূতি নিজেও কৰা আৰু আনকো কৰোৱা কিয়নো ফৰিস্তা নোহোৱাকৈ দেৱতা হ’ব নোৱাৰা। ফৰিস্তা তথা দেৱতা। এক নম্বৰ ব্ৰহ্মাৰ আত্মাই প্ৰত্যেক্ষ সাকাৰ ৰূপতো ফৰিস্তা জীৱনৰ অনুভৱ কৰালে আৰু ফৰিস্তা স্বৰূপ হৈ গ’ল। সেই ফৰিস্তা ৰূপৰ লগত এতিয়া তোমালোকো ফৰিস্তা হৈ পৰমধামলৈ যাব লাগে। ইয়াৰ বাবে মনৰ একাগ্ৰতাৰ ওপৰত মনোযোগ দিয়া। আদেশ অনুসৰি মনক চলোৱা। যদি কৰিব লাগে তেন্তে মনৰ দ্বাৰা কৰ্ম হওঁক, যদি কৰিব নালাগে আৰু মনে কয় কৰা, এয়া মালিকবোধ নহয়। এতিয়া বহুত সন্তানে কয় - নিবিচাৰো কিন্তু হৈ গ’ল। নাভাবো কিন্তু হৈ গ’ল, কৰিব নালাগে কিন্তু হৈ যায় - এয়া হ’ল মনৰ বশীভূত অৱস্থা। এনেকুৱা অৱস্থা ভালতো নালাগে নহয়! পিতা ব্ৰহ্মাক অনুসৰণ কৰা। পিতা ব্ৰহ্মাক দেখিলা সন্মুখত থিয় হওঁতেও কি অনুভৱ হৈছিল? ফৰিস্তা থিয় হৈ আছে, ফৰিস্তাই দৃষ্টি দি আছে। মনৰ একাগ্ৰতা শক্তিয়ে সহজে ফৰিস্তা কৰি দিব। পিতা ব্ৰহ্মায়ো সন্তানসকলক এয়াই কয় যে সমান হোৱা। শিৱ পিতাই কয় নিৰাকাৰী হোৱা, পিতা ব্ৰহ্মাই কয় ফৰিস্তা হোৱা। তেন্তে কি বুজিলা? ফলাফল কি দেখা গ’ল? মনৰ একাগ্ৰতা কম। মাজে মাজে মনে বহুত পৰিক্ৰমা লগায়, দিগভ্ৰান্ত হৈ ফুৰে। য’লৈ যাব নালাগে ত’লৈ যায় তেন্তে তাক কি বুলি ক’ব? দিগভ্ৰান্ত হৈ ফুৰা বুলি কোৱা হ’ব নহয়! সেয়েহে একাগ্ৰতা শক্তি বৃদ্ধি কৰা। মালিকবোধৰ স্থিতিৰ আসনত থাকা। যেতিয়া আসনত থাকা তেতিয়া অশান্ত নোহোৱা, আসনত নাথাকিলে অশান্ত হোৱা। তেন্তে ভিন্ন ভিন্ন শ্ৰেষ্ঠ স্থিতিৰ আসনত থাকা, ইয়াকে একাগ্ৰতা শক্তি বুলি কোৱা হয়। ঠিক আছেনে? পিতা ব্ৰহ্মাৰ প্ৰতি স্নেহ আছে নহয়! কিমান স্নেহ আছে? কিমান আছে? বহুত স্নেহ আছে! তেন্তে স্নেহৰ সঁহাৰিত পিতাক কি দিছা? পিতাৰো স্নেহ আছে সেই বাবেতো তোমালোকৰো স্নেহ আছে নহয়! তেন্তে প্ৰতিদান কি দিলা? সমান হোৱা - এয়াই প্ৰতিদান। বাৰু।

ডবল বিদেশীও আহিছে। ভাল কথা, ডবল বিদেশীসকলৰ দ্বাৰাও মধুবন শোভিত হৈ যায়। আন্তঃৰাষ্ট্ৰীয় হৈ যায় নহয়! চোৱা, মধুবনত বৰ্গীকৰণৰ সেৱা হয়, তাৰ দ্বাৰা চাৰিওফালে আৱাজ বিয়পি পৰে। তোমালোকে দেখিবা যেতিয়াৰ পৰা বৰ্গীকৰণৰ সেৱা আৰম্ভ হৈছে আই.পি. মান বিশিষ্ট আত্মাৰ আৱাজ বেছিকৈ বিয়পিছে। ভি.ভি.আই.পিৰ.তো কথা বাদ দিয়া, তেওঁলোকৰ আজৰি ক’ত আছে। আৰু ডাঙৰ ডাঙৰ অনুষ্ঠান কৰিছা তাৰ দ্বাৰাও আৱাজতো বিয়পে। এতিয়া দিল্লী আৰু কলিকতাই (এতিয়া কোলকাতা) কৰি আছে নহয়। ভাল পৰিকল্পনা কৰি আছে। পৰিশ্ৰমো ভালকৈ কৰি আছে। বাপদাদাৰ ওচৰলৈ খবৰ আহি থাকে। দিল্লীৰ আৱাজ বিদেশলৈকে গৈ যাব লাগে। গণ মাধ্যমৰসকলে কি কৰে? কেৱল ভাৰতলৈকে। বিদেশৰ পৰা আৱাজ আহক যে দিল্লীত এইটো অনুষ্ঠান হ’ল, কলিকতাত এইটো অনুষ্ঠান হ’ল। তাৰ এই আৱাজ ভাৰতলৈ আহক। ভাৰতৰ কুম্ভকৰ্ণতো বিদেশৰ দ্বাৰা জাগিব নহয়! সেয়েহে বিদেশৰ খবৰৰ মহত্ব থাকে। অনুষ্ঠান ভাৰতত হওঁক আৰু বিদেশৰ বাতৰি কাকতত প্ৰকাশ হওঁক, তেতিয়া বিয়পিব। ভাৰতৰ আৱাজ বিদেশলৈকে যাওঁক আৰু বিদেশৰ আৱাজ ভাৰতলৈকে আহক, তাৰ প্ৰভাৱ পৰে। ভাল কথা। কাৰ্যসূচী যি হাতত লৈ আছা, সেয়া ভাল। বাপদাদাই দিল্লীবাসীকো প্ৰেমেৰে কৰা পৰিশ্ৰমৰ বাবে অভিনন্দন জনাইছে। কলিকতাবাসীকো আগতীয়াকৈ অভিনন্দন কিয়নো সহযোগ, স্নেহ আৰু সাহস যেতিয়া তিনিওটা কথা একলগ হয় তেতিয়া আৱাজ শক্তিশালী হয়। আৱাজ বিয়পিব, কিয় নিবিয়পিব। এতিয়া গণ মাধ্যমৰসকলে এইটো চমৎকাৰ কৰিবা, সকলোৱে টি.ভি.ত দেখিলা, এয়া টি.ভি.ত প্ৰচাৰ হ’ল, কেৱল এয়া নহয়। সেয়াতো ভাৰতত প্ৰচাৰ হৈ আছে। এতিয়া আৰু বিদেশলৈকে যোৱা। এতিয়া চাম আৱাজ বিয়পোৱাৰ এইটো বছৰ কিমান সাহস আৰু তীব্ৰতাৰে উদ্‌যাপন কৰা। বাপদাদাই সংবাদ পালে যে ডবল বিদেশীসকলৰ বহুত উৎসাহ আছে। আছে নহয়? ভাল কথা। ইজনে সিজনক দেখি উৎসাহিত হয়, যিয়ে কৰে তেওঁ পিতা ব্ৰহ্মাৰ সমান। ভাল কথা। তেন্তে দাদীৰো সংকল্প চলে, ব্যস্ত কৰি ৰখাৰ উপায় ভালদৰে জানে। ভাল কথা, নিমিত্ত হয় নহয়।

বাৰু - সকলো উৰন্ত কলাধাৰী হোৱানে? উৰন্ত কলা তীব্ৰবেগী কলা। খোজকাঢ়ি যোৱা, বগাই যোৱা এয়া তীব্ৰ গতিৰ কলা নহয়। উৰন্ত কলা তীব্ৰও হয় আৰু প্ৰথম স্থানত আনোঁতা কলাও হয়। বাৰু-

মাতাসকলে কি কৰিবা? মাতাসকলে সতীৰ্থসকলক জাগ্ৰত কৰা। অন্তত আপত্তি কৰোঁতা কোনো মাতা যাতে থাকি নাযায়। মাতাসকলৰ সংখ্যা সদায় বেছি হয়। বাপদাদা আনন্দিত হয় আৰু এইটো দলত সকলোৰে সংখ্যা ভাল আহিছে। কুমাৰৰ সংখ্যাও ভাল আহিছে। চোৱা, কুমাৰসকল নিজৰ সতীৰ্থসকলক জাগ্ৰত কৰা। কুমাৰসকলে এইটো চমৎকাৰ কৰি দেখুওৱা যে সপোনতো পৱিত্ৰতাত পৰিপক্ক হওঁ। বাপদাদাই বিশ্বক প্ৰত্যাহ্বান জনাই কওঁক যে ব্ৰহ্মাকুমাৰ যুৱা কুমাৰ, ডবল কুমাৰ হয় নহয়। ব্ৰহ্মাকুমাৰো হোৱা আৰু শৰীৰেৰেও কুমাৰ হোৱা। গতিকে পৱিত্ৰতাৰ পৰিভাষা বাস্তৱত হওঁক। গতিকে আদেশ দিয়া যাওঁক, তোমালোকৰ পৱিত্ৰতাৰ পৰীক্ষা লোৱা যাওঁক। আদেশ দিওঁনে? ইয়াত হাত উঠোৱা নাই। পৰীক্ষা কৰাৰ যন্ত্ৰ থাকে। সপোনলৈকেও যাতে অপৱিত্ৰতাই সাহস নকৰে। কুমাৰীসকলো এনেকুৱা হ’ব লাগে, কুমাৰী অৰ্থাৎ পূজ্য পৱিত্ৰ কুমাৰী। কুমাৰ আৰু কুমাৰীসকলে বাপদাদাক এইটো প্ৰতিশ্ৰুতি দিয়ক যে আমি সকলো ইমান পৱিত্ৰ হ’ম যে সপোনতো সংকল্প আহিব নোৱাৰে, তেতিয়া কুমাৰ আৰু কুমাৰীসকলৰ পৱিত্ৰতাৰ উৎসৱ উদ্‌যাপন কৰিম। এতিয়া অলপ অলপ আছে, বাপদাদাই গম পায়। অপৱিত্ৰতাৰ অবিদ্যা হওঁক কিয়নো নতুন জন্ম ল’লা নহয়। অপৱিত্ৰতা তোমালোকৰ পূৰ্ব জন্মৰ কথা। জীৱন্তে মৃত জন্ম, জন্মই হৈছা ব্ৰহ্মা মুখেৰে পৱিত্ৰ জন্ম। তেন্তে পৱিত্ৰ জন্মৰ মৰ্যাদা অতি আৱশ্যক। কুমাৰ কুমাৰীসকলে এই পতাকা উত্তোলন কৰিব লাগে। পৱিত্ৰ হওঁ, পৱিত্ৰ সংস্কাৰ বিশ্বত বিয়পাম, এইটো শ্লোগান ধ্বনিত হওঁক। কুমাৰীসকলে শুনিলানে। চোৱা কুমাৰী কিমান আছে। এতিয়া চাম কুমাৰীসকলে এই আৱাজ বিয়পায় নে কুমাৰসকলে? পিতা ব্ৰহ্মাক অনুসৰণ কৰা। অপৱিত্ৰতাৰ নাম-চিহ্ন যাতে নাথাকে, ব্ৰাহ্মণ জীৱন মানেই এয়া। মাতাসকলৰো যদি মোহ আছ তেন্তে অপৱিত্ৰতা আছে। মাতাসকলো ব্ৰাহ্মণ হয় নহয়। গতিকে মাতাই হওঁক, কুমাৰীয়েই হওঁক, অৰ্ধকুমাৰ কুমাৰীয়েই হওঁক, ব্ৰাহ্মণ মানেই পৱিত্ৰ আত্মা। অপৱিত্ৰতাৰ যদি কোনো কাৰ্য হয় তেন্তে এয়া ডাঙৰ পাপ। এই পাপৰ শাস্তি বহুত কাঢ়া। এনেকৈ নাভাবিবা যে এয়াতো চলেই। অলপতো চলিবই, নহয়। এইটো প্ৰথম বিষয়। নৱীনতাই হৈছে পৱিত্ৰতাৰ। পিতা ব্ৰহ্মাই যদি গালি খালে সেয়া পৱিত্ৰতাৰ বাবে। হৈ গ’ল, এনেকৈ হাত সাৰিব নোৱাৰিবা। এই ক্ষেত্ৰত অমনোযোগী নহ’বা। যিকোনো ব্ৰাহ্মণ সমৰ্পিতেই হওঁক বা সেৱাধাৰীয়েই হওঁক নতুবা প্ৰবৃত্তিত থকাই হওঁক, এইটো কথাত ধৰ্মৰজায়ো এৰি নিদিব, পিতা ব্ৰহ্মায়ো ধৰ্মৰজাক সংগ দিব সেয়েহে কুমাৰ কুমাৰী য’তেই নাথাকা, মধুবনতে থাকা বা সেৱাকেন্দ্ৰতে থাকা কিন্তু ইয়াৰ আঘাত, সংকল্প মাত্ৰতো কৰা আঘাতো বহুত ডাঙৰ আঘাত। গীত গোৱা নহয় - মন পৱিত্ৰ কৰি ৰাখা, শৰীৰ পৱিত্ৰ কৰি ৰাখা.. গীত আছে নহয় তোমালোকৰ। গতিকে যদি মন পৱিত্ৰ তেন্তে জীৱন পৱিত্ৰ এই ক্ষেত্ৰত ঢিলা নহ’বা, অলপ কৰি ল’লোঁ তাতে কি হ’ল? অলপ নহয়, বহুত হয়। বাপাদাদাই আনুষ্ঠানিকভাৱে ইংগিত দি আছে, এই ক্ষেত্ৰত হাত সাৰিব নোৱাৰিবা। ইয়াৰ হিচাপ-নিকাচ ভালদৰে ল’ম, যিয়েই নোহোৱা, সেয়েহে সাৱধান, মনোযোগ দিয়া। সকলোৱে মনোযোগেৰে শুনিলানে! দুয়োখন কাণ খুলি শুনিবা। বৃত্তিতো যাতে স্পৰ্শ নকৰে। দৃষ্টিতো যাতে স্পৰ্শ নকৰে। সংকল্পত যদি নাথাকে তেন্তে দৃষ্টি, বৃত্তিতনো কি! কিয়নো সম্পন্নতাৰ সম্পূৰ্ণ পৱিত্ৰ হোৱাৰ সময় সমীপত আহি আছে। তেনে ক্ষেত্ৰত এয়াতো সম্পূৰ্ণ ৰূপে বগা কাগজত ক’লা দাগৰ লেখিয়া। বাৰু - সকলো য’ৰ য’ৰ পৰা আহিছা, সকলো ফালৰ পৰা অহা সন্তানসকলৰ প্ৰতি অভিনন্দন।

বাৰু - মনক আদেশ অনুসৰি চলোৱা। চেকেণ্ডত য’ত বিচৰা মন ত’ত লাগি যাওঁক, স্থিৰ হৈ যাওঁক। এইটো ব্যায়াম কৰা। (ড্ৰিল) বাৰু - বহুত ঠাইত সন্তানসকলে শুনি আছে। স্মৰণো কৰি আছে, শুনিও আছে। এয়া শুনি আনন্দিতও হৈ আছে যে বিজ্ঞানৰ সাধন বাস্তৱিকতে তোমালোক সন্তানসকলৰ বাবে সুখদায়ী।

চাৰিওফালৰ সৰ্ব সম্পদেৰে সম্পন্ন সন্তানসকলক, সদায় সৌভাগ্যশালী, আনন্দময় চেহেৰা আৰু চলনেৰে আনন্দৰ অঞ্জলি দিওঁতা বিশ্ব কল্যাণকাৰী সন্তানসকলক, সদায় মনৰ মালিক হৈ একাগ্ৰতা শক্তিৰে মনক নিয়ন্ত্ৰণ কৰোঁতা মনজিৎ, জগতজিৎ সন্তানসকলক, সদায় ব্ৰাহ্মণ জীৱনৰ বিশেষত্ব পৱিত্ৰতাৰ ব্যক্তিত্বত থকা পৱিত্ৰ ব্ৰাহ্মণ আত্মাসকলক, সদায় ‘ডবল লাইট’ হৈ ফৰিস্তা জীৱনত পিতা ব্ৰহ্মাক অনুসৰণ কৰোঁতা, এনেকুৱা পিতা ব্ৰহ্মাৰ সমান সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। চাৰিওফালৰ শুনোঁতা, স্মৰণ কৰোঁতা সকলো সন্তানকো বহুত বহুত অন্তৰৰ আশীৰ্বাদ সহিদ স্নেহপূৰ্ণ স্মৰণ, সকলোকে নমস্কাৰ।

বৰদান:
সাকাৰ পিতাক অনুসৰণ কৰি এক নম্বৰ হওঁতা সম্পূৰ্ণ ফৰিস্তা হোৱা

এক নম্বৰত অহাৰ সহজ সাধন হ’ল– পিতা ব্ৰহ্মা যিগৰাকী এক নম্বৰৰ, সেই এজনকে চোৱা। অনেকক চোৱাৰ পৰিৱৰ্তে এজনকে চোৱা আৰু এজনকে অনুসৰণ কৰা। “আমিয়েই ফৰিস্তা” এইটো মন্ত্ৰ দৃঢ় কৰি লোৱা তেতিয়া পাৰ্থক্য দূৰ হৈ যাব তেতিয়া বিজ্ঞানৰ যন্ত্ৰই নিজৰ কাম আৰম্ভ কৰিব আৰু তোমালোক সম্পূৰ্ণ ফৰিস্তা দেৱতা হৈ নতুন সৃষ্টিত অৱতৰিত হ’বা। গতিকে সম্পূৰ্ণ ফৰিস্তা হোৱা অৰ্থাৎ সাকাৰ পিতাক অনুসৰণ কৰা।

স্লোগান:
মানৰ ত্যাগত সকলোৰে মাননীয় হোৱাৰ ভাগ্য সমাহিত হৈ আছে।

শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

যেনেকৈ বাপদাদাৰ দয়া উপজে, তেনেকৈ তোমালোক সন্তানসকলেও মাষ্টৰ দয়াশীল হৈ মনেৰে নিজৰ বৃত্তিৰে বায়ুমণ্ডলৰ দ্বাৰা আত্মাসকলক পিতাৰ দ্বাৰা প্ৰাপ্ত শক্তিসমূহ প্ৰদান কৰা। যিহেতু অলপ সময়ত গোটেই বিশ্বৰ সেৱা কৰিব লাগে, তত্বসহিত সকলোকে পাৱন কৰিব লাগে সেয়েহে তীব্ৰগতিৰে সেৱা কৰা।