12.01.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল – “তোমালোক পাৱন সৃষ্টিলৈ যাব লাগে সেয়েহে কাম মহাশত্ৰুৰ ওপৰত বিজয়ী হ’ব লাগে, কামজিৎ, জগতজিৎ হ’ব লাগে”

প্ৰশ্ন:
প্ৰত্যেকেই নিজৰ কাৰ্যকলাপৰ দ্বাৰা কোনটো সাক্ষাৎকাৰ সকলোকে কৰাব পাৰা?

উত্তৰ:
মই হংস নে বগলী? এইটো প্ৰত্যেকেই নিজৰ কাৰ্যকলাপৰ দ্বাৰা সকলোকে সাক্ষাৎকাৰ কৰাব পাৰা কিয়নো হংসই কেতিয়াও কাকো দুখ নিদিব। বগলীয়ে দুখ দিয়ে, তেওঁলোক বিকাৰী। তোমালোক সন্তানসকল এতিয়া বগলীৰ পৰা হংস হৈছা। তোমালোক পাৰসবুদ্ধিৰ হওঁতা সন্তানসকলৰ কৰ্তব্য হৈছে সকলোকে পাৰসবুদ্ধিৰ কৰি তোলা।

ওঁম্শান্তি।
যেতিয়া ‘ওঁম্ শান্তি’ বুলি কোৱা হয় তেতিয়া নিজৰ স্বধৰ্ম স্মৃতিলৈ আহে। ঘৰৰো স্মৃতি আহে। কিন্তু ঘৰত (শান্তিধামত) বহিতো যাব নালাগে। পিতাৰ সন্তান হোৱা তেন্তে নিশ্চয় নিজৰ স্বৰ্গকো স্মৰণ কৰিবলগীয়া হয়। গতিকে ‘ওঁম্ শান্তি’ বুলি ক’লে এই গোটেই জ্ঞান বুদ্ধিত আহি যায়। মই আত্মা শান্ত স্বৰূপ হওঁ, শান্তিৰ সাগৰ পিতাৰ সন্তান হওঁ। যিজন পিতাই স্বৰ্গ স্থাপন কৰে সেই পিতাইহে আমাক পৱিত্ৰ শান্ত স্বৰূপ কৰি তোলে। মুখ্য কথা হৈছে পৱিত্ৰতাৰ। সৃষ্টিহে পৱিত্ৰ আৰু অপৱিত্ৰ হয়। পৱিত্র সৃষ্টিত এজনো বিকাৰী নাই। অপৱিত্ৰ সৃষ্টিত 5 বিকাৰ আছে, সেয়েহে কোৱা হয় বিকাৰী সৃষ্টি। সেইখন হৈছে নিৰ্বিকাৰী সৃষ্টি। নিৰ্বিকাৰী সৃষ্টিৰ পৰা ছিৰি নামি নামি (অৱনমিত হৈ হৈ) পুনৰ তলত বিকাৰী সৃষ্টিলৈ আহোঁ। সেইখন হৈছে পাৱন সৃষ্টি, এইখন হৈছে পতিত সৃষ্টি। সেয়া হৈছে দিন, সুখ। এয়া হৈছে দিগভ্ৰান্ত হৈ ঘূৰি ফুৰা ৰাতি। এনেয়েতো ৰাতি কোনেও দিগভ্ৰান্ত হৈ ঘূৰি নুফুৰে। কিন্তু ভক্তিক দিগভ্ৰান্ত হৈ ঘূৰি ফুৰা বুলি কোৱা হয়।

তোমালোক সন্তানসকল এতিয়া ইয়ালৈ আহিছা সৎগতি পাবলৈ। তোমালোক আত্মাত সকলো পাপ আছিল, 5 বিকাৰ আছিল। তাৰ ভিতৰতো মুখ্য হৈছে কাম বিকাৰ, যাৰ কাৰণেই মনুষ্য পাপ আত্মা হয়। এইটোতো প্ৰত্যেকেই জানে যে আমি পতিত হওঁ আৰু পাপ আত্মাও হওঁ। এক কাম বিকাৰৰ কাৰণে সকলোবোৰ অৰ্হতা নষ্ট হৈ যায় সেয়েহে পিতাই কয় - কাম বিকাৰৰ ওপৰত বিজয়ী হোৱা তেতিয়া তোমালোক জগতজিৎ অৰ্থাৎ নতুন বিশ্বৰ মালিক হ'বাগৈ। তেন্তে ভিতৰি ইমান আনন্দিত হৈ থাকিব লাগে। মনুষ্য পতিত হৈ যায় সেয়েহে একোৱেই বুজি নাপায়। পিতাই বুজায় – কোনো বিকাৰ থাকিব নালাগে। মুখ্য হৈছে কাম বিকাৰ, ইয়াৰ ওপৰতে কিমান হুলস্থুল হয় ঘৰে ঘৰে কিমান অশান্তি, হাহাকাৰ হৈ যায়। এই সময়ত সৃষ্টিত হাহাকাৰ কিয় হৈছে? কিয়নো পাপ আত্মা হয়। বিকাৰবোৰৰ কাৰণেহে অসুৰ বুলি কোৱা হয়। এতিয়া তোমালোকে বুজি পোৱা এই সময়ত সৃষ্টিত কোনো কামৰ বস্তু নাই, খেৰৰ জুমুঠি স্বৰূপ গোলাকাৰ সৃষ্টিখনত জুই লাগিব। যি কিছু এই দুচকুৰে দেখা পোৱা যায়, সকলোতে জুই লাগি যাব। আত্মাততো জুই নালাগে। আত্মাৰতো সদায় যেন বীমা হৈ আছে, সদায় জীয়াই থাকে। আত্মাক কেতিয়াবা বীমা কৰাই জানো? শৰীৰক বীমা কৰোৱা হয়। আত্মা অবিনাশী। সন্তানসকলক বুজোৱা হৈছে – এয়া হৈছে খেল। আত্মাতো ওপৰত থাকোঁতা 5 তত্ত্বৰ পৰা একেবাৰে পৃথক। 5 তত্ত্বৰে গোটেই সৃষ্টিৰ সামগ্ৰী তৈয়াৰ হয়। আত্মাতো তৈয়াৰ নহয়। আত্মা সদায় আছেই। কেৱল পুণ্য আত্মা, পাপ আত্মা হয়। পুণ্য আত্মা, পাপ আত্মা এয়া আত্মায়ে নাম পায়। 5 বিকাৰৰ কাৰণে কিমান লেতেৰা হৈ যায়। এতিয়া পিতা আহিছে পাপৰ পৰা মুক্ত কৰিবলৈ। বিকাৰেহে গোটেই চৰিত্ৰ নষ্ট কৰে। চৰিত্ৰ বুলি কাক কোৱা হয়, এইটোও বুজি নাপায়। এয়া হৈছে উচ্চতকৈও উচ্চ আত্মিক চৰকাৰ। পাণ্ডৱ চৰকাৰ বুলি নকৈ তোমালোকক ঈশ্বৰীয় চৰকাৰ বুলি ক'ব পাৰে। তোমালোকে বুজি পোৱা আমি হৈছোঁ ঈশ্বৰীয় চৰকাৰ। ঈশ্বৰীয় চৰকাৰে কি কৰে? আত্মাসকলক পৱিত্ৰ কৰি দেৱতা কৰি তোলে। নহ'লে দেৱতা ক'ৰপৰা আহিল? এইটো কোনেও নাজানে, হওতে এওঁলোকো মনুষ্য কিন্তু দেৱতা কেনেকুৱা আছিল, কোনে কৰি গঢ়ি তুলিছিল? দেৱতাসকলতো থাকেই স্বৰ্গত। গতিকে তেওঁলোকক স্বৰ্গবাসী কোনে কৰি তুলিলে? স্বৰ্গবাসী আকৌ নিশ্চয় নৰকবাসী হয় পুনৰ স্বৰ্গবাসী। এইটোও তোমালোকে নাজানিছিলা তেন্তে অন্যই আকৌ কেনেকৈ জানিব! এতিয়া তোমালোকে বুজি পোৱা যে ড্ৰামা ৰচি থোৱা আছে, ইমানবিলাক ভাৱৰীয়া আছে। এই সকলোবোৰ কথা বুদ্ধিত থাকিব লাগে। পঢ়াতো বুদ্ধিত থাকিব লাগে নহয় আৰু পৱিত্ৰও নিশ্চয় হ'ব লাগে। পতিত হোৱাতো বহুত বেয়া কথা। আত্মাহে পতিত হয়। ইজন-সিজনৰ সৈতে পতিত হয়। পতিতসকলক পাৱন কৰি তোলা এয়া তোমালোকৰ কাম। পাৱন হ’লে তেতিয়া পাৱন সৃষ্টিলৈ গুচি যাবা। এইটো আত্মাই বুজি পায়। আত্মা যদি নাথাকে তেন্তে শৰীৰো তিষ্ঠি থাকিব নোৱাৰে, সঁহাৰি পাব নোৱাৰে। আত্মাই জানে আমি আচলতে পাৱন সৃষ্টিৰ নিবাসী। এতিয়া পিতাই বুজাইছে - তোমালোক একেবাৰে অবোধ আছিলা, সেয়েহে পতিত সৃষ্টিৰ যোগ্য হৈ গ’লা। এতিয়া যেতিয়ালৈকে পাৱন নহ’বা তেতিয়ালৈকে স্বৰ্গৰ যোগ্য হ'ব নোৱাৰিবা। স্বৰ্গৰ তুলনাও সংগমত কৰা হয়। তাত জানো তুলনা কৰিব পাৰিবা। এই সংগমযুগতহে তোমালোকে গোটেই জ্ঞান প্ৰাপ্ত কৰা। পৱিত্ৰ হোৱাৰ অস্ত্ৰ পোৱা। এজনকেই কোৱা হয় পতিত-পাৱন বাবা, আমাক এনেকুৱা পাৱন কৰি তোলক। এওঁলোক (লক্ষ্মী-নাৰায়ণ) স্বৰ্গৰ মালিক হয় নহয়। তোমালোকে জানা আমিহে স্বৰ্গৰ মালিক আছিলোঁ আকৌ 84 জন্ম লৈ পতিত হ’লোঁ। শ্যাম আৰু সুন্দৰ, এওঁৰ নামো এনেকৈ ৰাখিছে। শ্ৰীকৃষ্ণৰ চিত্ৰ শ্যামবৰণীয়া কৰি দিয়ে কিন্তু অৰ্থ জানো বুজি পায়। শ্ৰীকৃষ্ণৰ বিষয়েও তোমালোকে কিমান স্পষ্ট বুজনি পোৱা। ইয়াত দুখন জগত কৰি দিলে। বাস্তৱত দুখন জগততো নাই। জগত এখনেই। সেইখন নতুন আৰু পুৰণি হয়। প্ৰথমে সৰু শিশু নতুন হয় পুনৰ ডাঙৰ হৈ বুঢ়া হয়। গতিকে তোমালোকে বুজাবৰ কাৰণে কিমান মগজ খটুওৱা, নিজৰ ৰাজধানী স্থাপন কৰি আছা নহয়। লক্ষ্মী-নাৰায়ণে বুজি পালে নহয়। বুজি পোৱা বাবে কিমান সুন্দৰ হৈ গ’ল। কোনে বুজালে? ভগৱানে। যুদ্ধ আদিৰতো কথা নাই। ভগৱান কিমান বিচাৰ বুদ্ধি সম্পন্ন, জ্ঞানেৰে পৰিপূৰ্ণ। কিমান পৱিত্ৰ। শিৱৰ চিত্ৰৰ আগত সকলো মনুষ্য গৈ নমন কৰে কিন্তু তেওঁ কোন, কি কৰে, এয়া কোনেও নাজানে। শিৱ কাশী বিশ্বনাথ গংগা..... বচ্ কেৱল কৈ থাকে। অৰ্থ অলপো বুজি নাপায়। বুজালে তেতিয়া ক'ব আপোনালোকে আমাক কি বুজাব। আমিতো বেদ-শাস্ত্ৰ আদি সকলো পঢ়িছোঁ। কিন্তু ৰামৰাজ্য কাক কোৱা হয়, এইটোও কোনেও নাজানে। ৰামৰাজ্য সত্যযুগ নতুন সৃষ্টিক কোৱা হয়। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি আছে, যাৰ ধাৰণা হয়। কোনোৱেতো পাহৰিও যায় কিয়নো একেবাৰে পাথৰবুদ্ধিৰ হৈ গৈছে। গতিকে এতিয়া পাৰসবুদ্ধিৰ যিসকল হৈছে তেওঁলোকৰ কাম হৈছে অন্যকো পাৰসবুদ্ধিৰ কৰি তোলা। পাথৰবুদ্ধিৰ ক্ৰিয়াকলাপ সেয়াই চলি থাকিব কিয়নো হংস আৰু বগলী হৈ গ'ল নহয়। হংসই কেতিয়াও কাকো দুখ নিদিব। বগলীয়ে দুখ দিয়ে। বহুত আছে যাৰ চাল-চলনেই বগলী সদৃশ, তেওঁলোকৰ সকলো বিকাৰ থাকে। ইয়ালৈও এনেকুৱা বহুত বিকাৰী আহি যায়, যাক অসুৰ বুলি কোৱা হয়। পৰিচয় নাথাকে। বহুত সেৱাকেন্দ্ৰলৈও বিকাৰী আহে, অজুহাত দেখুৱায়, মই ব্ৰাহ্মণ হওঁ, কিন্তু হয় মিছা। এইখনক কোৱাই হয় মিছা জগত। সেই নতুন জগতখন হৈছে সঁচা জগত। এতিয়া হৈছে সংগম। কিমান পাৰ্থক্য থাকে। যিসকল মিছা কওঁতা, মিছা কাম কৰোঁতা, তেওঁলোক তৃতীয় শ্ৰেণীৰ। প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণীতো থাকে নহয়।

পিতাই কয় - পৱিত্ৰতাৰো সম্পূৰ্ণ প্ৰমাণ দিব লাগে। বহুতে কয় - এওঁলোক দুয়ো একেলগে থাকি পৱিত্ৰ হৈ থাকে, এয়াতো অসম্ভৱ। গতিকে সন্তানসকলে বুজাব লাগে। যোগবল নোহোৱাৰ কাৰণে ইমান সহজ কথাটিও পূৰ্ণ ৰীতিৰে বুজাব নোৱাৰে। তেওঁলোকক এইটো কথা কোনেও নুবুজায় যে ইয়াত আমাক ভগৱানে পঢ়ায়। তেওঁ কয় - পৱিত্র হ'লে তোমালোক 21 জন্মৰ কাৰণে স্বৰ্গৰ মালিক হ'বা। সেইখন হৈছে পৱিত্র সৃষ্টি। পৱিত্ৰ সৃষ্টিত পতিত কোনো থাকিব নোৱাৰে। 5 বিকাৰেই নাই। সেইখন হৈছে নিৰ্বিকাৰী সৃষ্টি। এইখন হৈছে বিকাৰী। আমি সত্যযুগৰ বাদশ্বাহী পাওঁ তেন্তে আমি এটা জন্মৰ বাবে কিয়নো বাৰু পৱিত্র নহ'ম! আমি অতি উত্তম লটাৰি পাওঁ। গতিকে আনন্দিত হওঁ। দেৱী-দেৱতাসকল পৱিত্ৰ হয় নহয়। অপৱিত্ৰৰ পৰা পৱিত্ৰও পিতাইহে কৰি তুলিব। গতিকে ক'ব লাগে আমাৰ বাবে এয়া প্ৰলোভন। পিতাইহে এনেকুৱা কৰি তোলে। পিতাৰ অবিহনেতো নতুন সৃষ্টি কোনেও গঢ়িব নোৱাৰে। মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ ভগৱানহে আহে, যাৰ ৰাত্ৰি (শিৱৰাত্ৰি) গায়ন কৰা হয়। এইটোও বুজাইছে - জ্ঞান, ভক্তি, বৈৰাগ্য। জ্ঞান আৰু ভক্তি আধা আধা। ভক্তিৰ পাছত বৈৰাগ্য। এতিয়া ঘৰলৈ যাব লাগে, এই শৰীৰ ৰূপী বস্ত্ৰ খুলি পেলাব লাগে। এই ছিঃ ছিঃ সৃষ্টিত থাকিব নালাগে। 84ৰ চক্ৰ এতিয়া পূৰ্ণ হ'ল। এতিয়া শান্তিধাম হৈ যাব লাগে। প্ৰথমে ‘অল্ফ’ৰ (পিতাৰ) কথা পাহৰিব নালাগে। এইটোও সন্তানসকলে বুজি পায় যে এই পুৰণি সৃষ্টি নাশ হৈ যাব। পিতাই নতুন সৃষ্টি স্থাপন কৰে। পিতা অনেক বাৰ আহিছে স্বৰ্গৰ স্থাপনা কৰিবলৈ। নৰকৰ বিনাশ হৈ যাব লাগে। নৰক কিমান ডাঙৰ, স্বৰ্গ কিমান সৰু। নতুন সৃষ্টিত এটাই ধৰ্ম থাকে। ইয়াত অনেক ধৰ্ম। এটা ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিলে? ব্ৰহ্মাইতো কৰা নাই। ব্ৰহ্মাই পতিতৰ পৰা আকৌ পাৱন হয়। মোৰ বাবেতো এনেকৈ নক’ব যে পতিতৰ পৰা পাৱন হয়। পাৱন হ’লে তেতিয়া নাম লক্ষ্মী-নাৰায়ণ হয়। ব্ৰহ্মাৰ দিন, ব্ৰহ্মাৰ ৰাতি। এওঁ প্ৰজাপিতা হয় নহয়। শিৱবাবাক অনাদি ৰচয়িতা বুলি কোৱা হয়। ‘অনাদি’ শব্দটি পিতাৰ কাৰণে। পিতা অনাদি তেন্তে আত্মাসকলো অনাদি। খেলো অনাদি। পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। ‘স্ব’ আত্মাই সৃষ্টি চক্ৰৰ আদি-মধ্য-অন্ত, সময়সীমাৰ জ্ঞান পায়। এয়া কোনে দিলে? পিতাই। তোমালোক 21 জন্মৰ কাৰণে নাথৰ (প্ৰভুৰ) হৈ যোৱা আকৌ ৰাৱণৰাজ্যত অনাথ হৈ যোৱা। ইয়াতে চৰিত্ৰ নষ্ট হয়, বিকাৰ আছে নহয়। বাকী দুখন সৃষ্টি নাই। মনুষ্যইতো আকৌ ভাবে নৰক-স্বৰ্গ সকলো একেলগে চলে। এতিয়া তোমালোক সন্তানসকলক কিমান স্পষ্টকৈ বুজোৱা হয়। এতিয়া তোমালোক গুপ্ত। শাস্ত্ৰততো কি কি লিখি দিছে। সূতা কিমান আউল লাগি আছে। পিতাৰ বাহিৰে আন কোনেও আউল ভাঙিব নোৱাৰে। তেওঁকহে আহ্বান জনায় - আমি কোনো কামৰ হৈ থকা নাই, আহি পাৱন কৰি আমাৰ চৰিত্ৰ শুধৰাওক। তোমালোকৰ কিমান চৰিত্ৰ শুধৰণি হয়। কিছুমানতো শুধৰণি হোৱাৰ সলনি আৰুহে বেয়া হৈ যায়। চাল-চলনৰ পৰাও গম পোৱা যায়। আজি মহাৰথী হংস বুলি কয়, কাইলৈ বগলী হৈ যায়। সময় নালাগে। মায়াও গুপ্ত হয় নহয়। ক্ৰোধ জানো দেখা পোৱা যায়। ‘ভৌ ভৌ’ কৰিলে সেয়া বাহিৰলৈ ওলাই আহিলে তেতিয়া দেখা পোৱা যায়। পুনৰ আশ্চৰ্যজনকভাৱে শুনে....... কয় আৰু আঁতৰি গুচি যায়। কিমান অৱনমিত হয়। একেবাৰে পাথৰ হৈ যায়। ইন্দ্ৰপ্ৰস্থৰ কথাও আছে নহয়। গমতো পোৱাই যায়। এনেকুৱাসকল সভালৈ আহিব নালাগে। যদি কম-বেছি পৰিমাণে জ্ঞান শুনিছে তেন্তে স্বৰ্গলৈ আহিয়েই যায়। জ্ঞানৰ বিনাশ হ'ব নোৱাৰে।

এতিয়া পিতাই কয় - তোমালোকে পুৰুষাৰ্থ কৰি উচ্চ পদ পাব লাগে। যদি বিকাৰগ্ৰস্ত হোৱা তেন্তে পদ ভ্ৰষ্ট কৰি দিবা। সূৰ্যবংশী, চন্দ্ৰবংশী হ'বাগৈ আকৌ বৈশ্য বংশী, শূদ্ৰ বংশী। এতিয়া তোমালোকে বুজি পোৱা এই চক্ৰ কেনেকৈ ঘূৰে। তেওঁলোকেতো কলিযুগৰ আয়ুসেই 40 হাজাৰ বছৰ বুলি কৈ দিয়ে। ছিৰিতো তললৈ নামিবলগীয়াই হয় নহয়। 40 হাজাৰ বছৰ হ’লেতো মনুষ্য বহুত হৈ যাব। 5 হাজাৰ বছৰতেই ইমান মনুষ্য যে খাবলৈকে নাপায়। তেন্তে ইমান হাজাৰ বছৰত কিমান বৃদ্ধি হৈ যাব। গতিকে পিতা আহি ধৈৰ্য ধৰিবলৈ কয়। পতিত মনুষ্যইতো যুঁজ-বাগৰ কৰিবই। তেওঁলোকৰ বুদ্ধি এইফালে আহিব নোৱাৰে। এতিয়া তোমালোকৰ বুদ্ধি চোৱা কিমান সলনি হৈ যায় তথাপি মায়াই প্ৰতাৰণা নিশ্চয় কৰে। ইচ্ছা মাত্ৰম্ অবিদ্যা (ইচ্ছাৰ বিষয়ে অজ্ঞ)। যদি কিবা ইচ্ছা কৰা তেন্তে শেষ। একেবাৰে মূল্যহীন হৈ যায়। ভাল ভাল মহাৰথীসকলকো মায়াই কিবা নহয় কিবা প্ৰকাৰে কেতিয়াবা প্ৰতাৰণা কৰি থাকে। তেনেক্ষেত্ৰত তেওঁলোক অন্তৰত অধিষ্ঠিত হ’ব নোৱাৰে। যেনেকৈ লৌকিক মা-পিতাৰ অন্তৰত অধিষ্ঠিত হ’ব নোৱাৰে। কোনো কোনো সন্তানতো এনেকুৱা যে পিতাককো হত্যা কৰি দিয়ে। পৰিয়ালক শেষ কৰি দিয়ে। মহান পাপ আত্মা হয়। ৰাৱণে কি কৰি দিয়ে, বহুত লেতেৰা সৃষ্টি। ইয়াৰ প্ৰতি কেতিয়াও অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। পৱিত্র হ'বলৈ বহুত সাহস লাগে। বিশ্বৰ বাদশ্বাহীৰ পুৰস্কাৰ ল'বৰ কাৰণে পৱিত্ৰতা হৈছে মুখ্য সেয়েহে পিতাক কয় যে আহি পাৱন কৰি তোলক। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মায়াৰ প্ৰতাৰণাৰ পৰা ৰক্ষা পাবৰ কাৰণে “ইচ্ছা মাত্ৰম্ অবিদ্যা” (ইচ্ছাৰ বিষয়ে অজ্ঞ) হ'ব লাগে। এই লেতেৰা জগতৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে।

(2) পৱিত্ৰতাৰ পূৰা পূৰা প্ৰমাণ দিব লাগে। সকলোতকৈ উচ্চ চৰিত্ৰ হৈছে পৱিত্ৰতা। নিজে নিজক শুধৰাবৰ কাৰণে পৱিত্র নিশ্চয় হ'ব লাগে।

বৰদান:
ত্ৰিকালদৰ্শী স্থিতিত স্থিৰ হৈ থাকি সদায় অবিচলিত আৰু সাক্ষী হৈ থাকোঁতা এক নম্বৰৰ ভাগ্যৱান আত্মা হোৱা

ত্ৰিকালদৰ্শী স্থিতিত স্থিৰ হৈ প্ৰতিটো সংকল্প, প্ৰতিটো কৰ্ম কৰা আৰু প্ৰতিটো কথা চোৱা এইটো কিয়, এইটো কি - এই প্ৰশ্নবোধক চিন যাতে নাথাকে, সদায় যতি চিহ্ন থাকক। কোনো নতুন কথা নহয়। প্ৰত্যেক আত্মাৰ ভূমিকাক ভালদৰে জানি লৈ ভূমিকাত আহা। আত্মাসকলৰ সম্বন্ধ-সম্পৰ্কত আহি অনাসক্ত আৰু স্নেহীবোধৰ সমানতা থাকিলে তেতিয়া অস্থিৰতা সমাপ্ত হৈ যাব। এনেকৈ সদায় অবিচলিত আৰু সাক্ষী হৈ থকা - এয়াই হৈছে প্ৰথম নম্বৰৰ ভাগ্যৱান আত্মাৰ চিন।

স্লোগান:
সহনশীলতা গুণ ধাৰণ কৰা তেতিয়া কঠোৰ সংস্কাৰো শীতল হৈ যাব।


অব্যক্ত ইংগিত: এই অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা

তোমালোকৰ শ্লোগান হৈছে - মুক্তি আৰু জীৱনমুক্তি আমাৰ জন্ম সিদ্ধ অধিকাৰ। পৰমধামতো এইটো গমেই পোৱা নাযাব যে মুক্তি কি, জীৱনমুক্তি কি, ইয়াৰ অনুভৱ এতিয়া এই ব্ৰাহ্মণ জীৱনত কৰিব লাগে।