12.02.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক হৈছা বহুত ডাঙৰ ৰত্নৰ বেপাৰী, তোমালোকে অবিনাশী জ্ঞান ৰত্ন ৰূপী অলংকাৰ
প্ৰদান কৰি সকলোকে ধনৱান কৰি তুলিব লাগে"
প্ৰশ্ন:
নিজৰ জীৱন
হীৰাৰ দৰে গঢ়ি তুলিবলৈ কোনটো কথাত বহুত সাৱধান হ’ব লাগে?
উত্তৰ:
সংগৰ। সন্তানসকলে তেওঁৰহে সংগ ল’ব লাগে যিয়ে ভালকৈ জ্ঞান বৰষে। যিয়ে (জ্ঞানৰ) বৰষুণ
নিদিয়ে, তেওঁৰ সংগত থকাৰ পৰা লাভেই বা কি! সংগৰ দোষ বহুত লাগে, কোনোবাই কাৰোবাৰ
সংগত হীৰাৰ দৰে হৈ যায়, কোনোবা আকৌ কাৰোবাৰ সংগত পাথৰ হৈ যায়। যি জ্ঞানৱান হ’ব তেওঁ
নিশ্চয় নিজৰ সমান কৰি তুলিব। সংগৰ পৰা নিজক সাৱধানে ৰাখিব।
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলৰ বুদ্ধিত গোটেই সৃষ্টিৰ, গোটেই ড্ৰামাৰ স্মৃতি বৰ ভালকৈ আছে। পাৰ্থক্যও
বুদ্ধিত আছে। এয়া সকলো বুদ্ধিত দৃঢ় হৈ থাকিব লাগে যে সত্যযুগত সকলো শ্ৰেষ্ঠাচাৰী,
নিৰ্বিকাৰী, পাৱন, চহকী আছিল। এতিয়াতো গোটেই জগতখনেই ভ্ৰষ্টাচাৰী, বিকাৰী, পতিত,
কঙাল। এতিয়া তোমালোক সন্তানসকল সংগমযুগত আছা। তোমালোক সিপাৰলৈ গৈ আছা। যেনেকৈ নদী
আৰু সাগৰ য’ত মিলিত হয়, তাক সংগম বুলি কয়। এফালে মিঠা পানী, আনফালে নিমখীয়া পানী।
এতিয়া এয়াও হৈছে সংগম। তোমালোকে জানা যে যথাযথ সত্যযুগত লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল
পুনৰ এনেকৈয়ে চক্ৰ ঘূৰিব। এতিয়া হৈছে সংগম। কলিযুগৰ অন্তত সকলো দুখী, ইয়াক জংঘল বুলি
কোৱা হয়। সত্যযুগক বাগিছা বুলি কোৱা হয়। এতিয়া তোমালোক কাঁইটৰ পৰা ফুল হৈ আছা।
তোমালোক সন্তানসকলৰ এইটো স্মৃতি থাকিব লাগে। আমি বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ।
বুদ্ধিত এইটো স্মৃতি থাকিব লাগে। 84 জন্মৰ কাহিনীতো একেবাৰে গতানুগতিক। এইটো বুজি
পোৱা - এতিয়া 84 জন্ম পূৰা হ’ল। তোমালোকৰ বুদ্ধি জীপাল হৈ আছে যে আমি এতিয়া সত্যযুগী
বাগিছালৈ গৈ আছোঁ। এতিয়া আমাৰ এই মৃত্যুলোকত জন্ম নহ’ব। আমাৰ জন্ম হ’ব অমৰলোকত।
শিৱবাবাক অমৰনাথ বুলিও কোৱা হয়। তেওঁ আমাক অমৰ কাহিনী শুনাই আছে, তাত আমি শৰীৰত
থাকিও অমৰ হৈ থাকিম। আনন্দেৰে সময়ত শৰীৰ ত্যাগ কৰিম, সেইখনক মৃত্যুলোক বুলি কোৱা
নহয়। তোমালোকে যিকোনো লোককে বুজালে বুজি পাব – যথাযথ এওঁলোকৰ পূৰা জ্ঞান আছে।
সৃষ্টিৰ আদি আৰু অন্ততো আছে নহয়। সৰু শিশুও যুৱক আৰু বৃদ্ধ হয় পাছত অন্ত আহি যায়,
পুনৰ শিশু হয়। সৃষ্টিও নতুন হয় পুনৰ চাৰি ভাগৰ এভাগ পুৰণি, আধা পুৰণি পাছত গোটেই
পুৰণি হৈ যায়। আকৌ নতুন হ’ব। এই সকলোবোৰ কথা আৰু অন্য কোনেও ইজনে সিজনক শুনাব নোৱাৰে।
এনেকুৱা চৰ্চা কোনেও কৰিব নোৱাৰে। তোমালোক ব্ৰাহ্মণসকলৰ বাহিৰে অন্য কোনেও আত্মিক
জ্ঞান পাব নোৱাৰে। ব্ৰাহ্মণ বৰ্ণত আহিলে তেতিয়াহে শুনিব। কেৱল ব্ৰাহ্মণেহে জানে।
ব্ৰাহ্মণসকলৰ মাজতো ক্ৰমানুসৰি আছে। কোনোবাই যথাৰ্থভাৱে শুনাব পাৰে, কোনোবাই শুনাব
নোৱাৰে গতিকে তেওঁলোকে একো প্ৰাপ্ত কৰিব নোৱাৰে। সোণাৰীসকলৰ ক্ষেত্ৰতো দেখিবা যে
কাৰোবাৰ ওচৰত কোটি টকাৰ সামগ্ৰী থাকে, কাৰোবাৰ ওচৰততো 10 হাজাৰ টকাৰো সামগ্ৰী নাথাকে।
তোমালোকৰ ক্ষেত্ৰতো তেনেকুৱা। যেনেকৈ চোৱা এওঁ হৈছে জনক, এওঁ ভাল সোণাৰী। এওঁৰ ওচৰত
মুল্যৱান অলংকাৰ আছে। কাৰোবাক দি ভাল চহকী কৰি তুলিব পাৰে। কোনোবা সৰু সোণাৰী,
বেছিকৈ দিব নোৱাৰে সেয়েহে তেওঁৰ পদো কম হৈ যায়। তোমালোক সকলো হৈছা সোণাৰী, এয়া
অবিনাশী জ্ঞান ৰত্নৰ অলংকাৰ। যাৰ ওচৰত ভাল ৰত্ন থাকিব তেওঁ চহকী হ’ব, আনকো তেনেকুৱা
কৰি তুলিব। এনেকুৱাতো নহয় যে সকলো ভাল সোণাৰী হ’ব। ভাল ভাল সোণাৰীক ডাঙৰ ডাঙৰ
সেৱাকেন্দ্ৰলৈ পঠিয়াই দিয়ে। ডাঙৰ ব্যক্তিক ভাল অলংকাৰ দিয়া হয়। ডাঙৰ ডাঙৰ দোকানত
দক্ষ ব্যক্তি থাকে। বাবাকো সদাগৰ-ৰত্নাকৰ বুলি কোৱা হয়। ৰত্নৰ চুক্তি কৰে আকৌ
যাদুকৰো হয় কিয়নো তেওঁৰ ওচৰতেই দিব্য দৃষ্টিৰ চাবিকাঠী আছে। কোনোবাই ঐকান্তিক ভক্তি
কৰিলে তেতিয়া তেওঁৰ সাক্ষাৎকাৰ হৈ যায়। ইয়াত তেনেকুৱা কথা নাই। ইয়াততো অনায়াসে ঘৰত
বহিও বহুতৰে সাক্ষাৎকাৰ হয়। দিনে-প্ৰতিদিনে সহজ হৈ গৈ থাকিব। বহুতৰে ব্ৰহ্মা আৰু
শ্ৰীকৃষ্ণৰো সাক্ষাৎকাৰ হয়। তেওঁলোকক কয় ব্ৰহ্মাৰ ওচৰলৈ যোৱা। তেওঁৰ ওচৰত গৈ
ৰাজকুমাৰ-ৰাজকুমাৰী হোৱাৰ পাঠ পঢ়াগৈ। এওঁলোক পৱিত্ৰ ৰাজকুমাৰ-ৰাজকুমাৰী হৈ আহিছে
নহয়। ৰাজকুমাৰক পৱিত্ৰ বুলিও ক’ব পাৰি। পৱিত্ৰতাৰে জন্ম নহয় জানো। পতিতক ভ্ৰষ্টাচাৰী
বুলি কোৱা হ’ব। পতিতৰ পৰা পাৱন হ’ব লাগে, এইটো বুদ্ধিত থাকিব লাগে যাতে যি কোনো
লোককে বুজাব পাৰা। মনুষ্যই বুজে, এওঁলোকতো অতি বিচাৰ বুদ্ধি সম্পন্ন। তোমালোকে
তেওঁলোকক কোৱা - আমাৰ ওচৰত কোনো শাস্ত্ৰ আদিৰ জ্ঞান নাই। এয়া হৈছে আত্মিক জ্ঞান, যি
পিতাই বুজায়। এয়া হৈছে ত্ৰিমূৰ্তি ব্ৰহ্মা, বিষ্ণু, শঙ্কৰ। এয়াও ৰচনা। ৰচয়িতা এজন
পিতাই হয়, তেওঁলোক (লৌকিক পিতা) হৈছে হদৰ ৰচয়িতা, এয়া হৈছে বেহদৰ পিতা, বেহদৰ ৰচয়িতা।
পিতাই বহি পঢ়ায়, পৰিশ্ৰম কৰিবলগীয়া হয়। পিতাই ফুল কৰি তোলে। তোমালোক হৈছা ঈশ্বৰীয়
কুলৰ, তোমালোকক পিতাই পৱিত্ৰ কৰি তোলে। আকৌ যদি অপৱিত্ৰ হয় তেন্তে কুলৰ কলঙ্ক হৈ
যায়। পিতাইতো জানে নহয়। তেতিয়া ধৰ্মৰজাৰ দ্বাৰা বহুত শাস্তি দিয়াব। পিতাৰ লগত
ধৰ্মৰজাও আছে। ধৰ্মৰজাৰ কৰ্তব্যও এতিয়া পূৰা হয়। সত্যযুগততো নাথাকিবই। পুনৰ আৰম্ভ
হয় দ্বাপৰৰ পৰা। পিতাই বহি কৰ্ম, অকৰ্ম, বিকৰ্মৰ গতি বুজায়। এনেকৈ কয় নহয় যে এওঁ
পূৰ্বৰ জন্মত এনেকুৱা কৰ্ম কৰিছে, যাৰ বাবে এয়া ভুগিবলগীয়া হৈছে। সত্যযুগত এনেকৈ
কোৱা নহ’ব। বেয়া কৰ্মৰ তাত নামেই নাথাকে। ইয়াততো ভাল-বেয়া দুয়োটা আছে। সুখ–দুখ
দুয়োটা আছে। কিন্তু সুখ তেনেই তাকৰ। তাত আকৌ দুখৰ নামেই নাই। সত্যযুগত দুখ ক’ৰ পৰা
আহিল! তোমালোকে পিতাৰ পৰা নতুন সৃষ্টিৰ উত্তৰাধিকাৰ লোৱা। পিতা হয়েই দুখ-হৰ্তা,
সুখ-কৰ্তা। দুখ কেতিয়াৰ পৰা আৰম্ভ হয়, এয়াও তোমালোকে জানা। শাস্ত্ৰততো কল্পৰ আয়ুসেই
দীঘলীয়া কৰি দিলে। এতিয়া তোমালোকে জানা যে আধাকল্পৰ কাৰণে আমাৰ দুখ দূৰ হৈ যাব আৰু
আমি সুখ পাম। এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰি থাকে, ইয়াৰ ওপৰত বুজোৱা অতি সহজ। এই
সকলোবোৰ কথা তোমালোকৰ বাহিৰে আন কাৰো বুদ্ধিত থাকিব নোৱাৰে। লাখ লাখ বছৰ বুলি কৈ
দিলে সকলো কথা বুদ্ধিৰ পৰা আঁতৰি যায়।
এতিয়া তোমালোকে জানা
যে এই চক্ৰ 5 হাজাৰ বছৰৰ। কালিৰ কথা যেতিয়া এই সূৰ্যবংশী-চন্দ্ৰবংশীসকলৰ ৰাজ্য আছিল।
এনেকৈ কয়ো যে ব্ৰাহ্মণৰ দিন, এনেকৈ নকয় যে শিৱবাবাৰ দিন। ব্ৰাহ্মণৰ দিন আকৌ
ব্ৰাহ্মণৰ ৰাতি। ব্ৰাহ্মণ আকৌ ভক্তিমাৰ্গতো গুচি আহে। এতিয়া হৈছে সংগম। দিনো নহয়,
ৰাতিও নহয়। তোমালোকে জানা যে আমি ব্ৰাহ্মণ আকৌ দেৱতা হ’মগৈ আকৌ ত্ৰেতাত ক্ষত্ৰিয়
হ’ম। এইটো স্মৃতি বুদ্ধিত দৃঢ় কৰি লোৱা। এই কথাবোৰ আন কোনেও নাজানে। তেওঁলোকেতো ক’ব
শাস্ত্ৰত ইমান আয়ুস লিখা আছে, আপোনালোকে আকৌ এইটো হিচাপ ক’ৰ পৰা আনিলে? এই অনাদি
ড্ৰামা ৰচি থোৱা আছে, এয়া কোনেও নাজানে। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে, আধাকল্প
হৈছে সত্যযুগ-ত্ৰেতা পুনৰ আধাৰ পৰা ভক্তি আৰম্ভ হয়। সেয়া হৈ গ’ল ত্ৰেতা আৰু দ্বাপৰৰ
সংগম। দ্বাপৰতো এই শাস্ত্ৰ আদি লাহে লাগে ৰচিত হয়। ভক্তিমাৰ্গৰ সামগ্ৰী বহুত ওখ-পাখ
হয়। যেনেকৈ বৃক্ষ কিমান ওখ হয়। ইয়াৰ বীজ হৈছে বাবা। এয়া হৈছে ওলোটা বৃক্ষ। প্ৰথমতে
আদি সনাতন দেৱী-দেৱতা ধৰ্ম থাকে। এই কথাবোৰ যিবোৰ পিতাই শুনায়, এয়া হৈছে একেবাৰে
নতুন। এই দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠাপকজনক কোনেও নাজানে। শ্ৰীকৃষ্ণতো হৈছে শিশু।
জ্ঞান শুনাওঁতা হৈছে পিতা। গতিকে পিতাক উৰুৱাই সন্তানৰ নাম দি দিলে। শ্ৰীকৃষ্ণৰহে
চৰিত্ৰ আদি দেখুৱাইছে। পিতাই কয় - লীলা কোনো শ্ৰীকৃষ্ণৰ নহয়। গায়নো কৰে - হে প্ৰভু
তোমাৰ লীলা অপৰমপাৰ। লীলা এজনৰে। শিৱবাবাৰ মহিমা একেবাৰে ভিন্ন। তেওঁতো হৈছে সৰ্বদা
পৱিত্ৰ হৈ থাকোঁতা, কিন্তু তেওঁ পাৱন শৰীৰততো আহিব নোৱাৰে। তেওঁক আহ্বান জনায় – আহি
পতিত সৃষ্টিক পাৱন কৰি তোলক। সেয়েহে পিতাই কয় - ময়ো পতিত সৃষ্টিলৈ আহিবলগীয়া হয়।
এওঁৰ বহুত জন্মৰ অন্তত আহি প্ৰৱেশ কৰোঁ। গতিকে পিতাই কয় - মুখ্য কথা ‘অল্ফ’ক (পিতাক)
স্মৰণ কৰা, বাকী এয়া সকলো হৈছে বিস্তাৰ। সেয়াতো সকলোৱে ধাৰণ কৰিব নোৱাৰে। যিয়ে ধাৰণ
কৰিব পাৰে, তেওঁলোকক বুজাওঁ। বাকীতো কৈ দিওঁ – ‘মনমনাভৱ’। বুদ্ধিতো সকলোৰে
ক্ৰমানুসৰি হয় নহয়। কিছুমান ডাৱৰে খুব বৃষ্টিপাত কৰে, কিছুমানে অলপ বৃষ্টিপাত কৰি
গুচি যায়। তোমালোকো ডাৱৰ হোৱা নহয়। কিছুমানেতো একেবাৰে বৃষ্টিপাত নকৰে। জ্ঞান ধৰি
ৰখাৰ শক্তি নাই। মম্মা-বাবা ভাল ডাৱৰ। সন্তানসকলে তেওঁলোকৰ সংগ ল’ব লাগে যিয়ে ভালকৈ
বৃষ্টিপাত কৰে। যিয়ে বৃষ্টিপাত নকৰে তেওঁলোকৰ সংগ ল’লে কি লাভ হ’ব? সংগৰ দোষো বহুত
লাগে। কিছুমানতো কাৰোবাৰ সংগত হীৰাৰ দৰে হৈ যায়, কিছুমান আকৌ কাৰোবাৰ সংগত পাথৰ হৈ
যায়। যিসকল ভাল তেওঁলোককহে ধৰিব লাগে। যি জ্ঞানী হ’ব তেওঁ নিজৰ সমান ফুল কৰি তুলিব।
সত্য পিতাৰ দ্বাৰা যি জ্ঞানী আৰু যোগী হৈছে তেওঁলোকৰ সংগ লোৱা উচিত। এনেকৈ নাভাবিবা
যে মই অমুকৰ নেজত ধৰি পাৰ হৈ যাম। এনেকৈ বহুতে কয়। কিন্তু ইয়াততো তেনেকুৱা কথা নাই।
বিদ্যাৰ্থীয়ে জানো কাৰোবাৰ নেজত ধৰি উত্তীৰ্ণ হৈ যাব! পঢ়িব লাগিব নহয়। পিতায়ো আহি
জ্ঞান দিয়ে। এই সময়ত তেওঁ জানে যে মই জ্ঞান দিব লাগে। ভক্তিমাৰ্গত তেওঁৰ বুদ্ধিত
এইটো কথা নাথাকে যে মই গৈ জ্ঞান দিব লাগে। এই সকলোবোৰ ড্ৰামাত নিৰ্ধাৰিত হৈ আছে।
বাবাই একো নকৰে। ড্ৰামাত দিব্য দৃষ্টি পোৱাৰ ভূমিকা থাকিলে তেতিয়া সাক্ষাৎকাৰ হৈ
যায়। পিতাই কয় - এনেকুৱা নহয় যে মই বহি সাক্ষাৎকাৰ কৰাওঁ। এয়া ড্ৰামাত নিৰ্ধাৰিত হৈ
আছে। যদি কোনোবাই দেৱীৰ সাক্ষাৎকাৰ কৰিব বিচাৰে, সেয়া দেৱীয়েতো নকৰাব নহয়। এনেকৈ কয়
যে - হে ভগৱান, মোক সাক্ষাৎকাৰ কৰাওঁক। পিতাই কয় - ড্ৰামাত নিৰ্ধাৰিত হৈ আছে যদি হৈ
যাব। ময়ো ড্ৰামাত বান্ধ খাই আছোঁ।
বাবাই কয় - মই
ইতিমধ্যেই এই সৃষ্টিলৈ আহিছোঁ। এওঁৰ মুখৰে মই শুনাই আছোঁ, এওঁৰ দুচকুৰে তোমালোকক
দেখি আছোঁ। যদি এইটো শৰীৰ নাথাকে তেন্তে কেনেকৈ চাব পাৰিম? পতিত সৃষ্টিলৈকে মই
আহিবলগীয়া হয়। স্বৰ্গততো মোক আহ্বানেই নকৰে। সংগমযুগতে মোক আহ্বান জনায়। যেতিয়া
সংগমযুগত আহি শৰীৰ লওঁ তেতিয়াহে চাওঁ। নিৰাকাৰ ৰূপততো একো চাব নোৱাৰোঁ।
কৰ্মেন্দ্ৰিয় অবিহনে আত্মাই একো কৰিব নোৱাৰে। বাবাই কয় - শৰীৰ অবিহনে মই কেনেকৈ চাব
পাৰোঁ, লৰচৰ কেনেকৈ কৰিব পাৰোঁ। এনেকৈ যি কোৱা হয় যে ঈশ্বৰে সকলো দেখি আছে, সকলো
তেৱেঁই কৰে সেয়া হৈছে অন্ধশ্ৰদ্ধা। দেখা পাব কেনেকৈ? যেতিয়া কৰ্মেন্দ্ৰিয় পাব
তেতিয়াহে দেখা পাব নহয়। পিতাই কয় - ভাল বা বেয়া কাম ড্ৰামানুসৰি সকলোৱে কৰে।
নিৰ্ধাৰিত হৈ আছে। মই জানো বহি বহি ইমান কোটি মনুষ্যৰ হিচাপ ৰাখিম, মোৰ শৰীৰ থাকিলে
তেতিয়াহে সকলো কৰোঁ। কৰণকৰাৱনহাৰ বুলিও তেতিয়াহে কয়। নহ’লেতো ক’ব নোৱাৰে। মই যেতিয়া
এওঁৰ শৰীৰত আহোঁ তেতিয়াহে পাৱন কৰি তুলিম। ওপৰত আত্মাই কি কৰিব? শৰীৰৰ দ্বাৰাহে
ভূমিকা পালন কৰিব নহয়। ময়ো ইয়ালৈ আহি ভূমিকা পালন কৰোঁ। সত্যযুগত মোৰ ভূমিকা নাই।
ভূমিকা নাথাকিলে কোনেও একো কৰিব নোৱাৰে। শৰীৰ অবিহনে আত্মাই একো কৰিব নোৱাৰে।
আত্মাক আহ্বান জনোৱা হয়, তেৱোঁ শৰীৰলৈ আহিহে ক’ব নহয় জানো। কৰ্মেন্দ্ৰিয় অবিহনে একো
কৰিব নোৱাৰে। এয়া হৈছে বিস্তাৰত দিয়া বুজনি। মুখ্য কথা এইটোৱে কোৱা হয় যে পিতা আৰু
উত্তৰাধিকাৰক স্মৰণ কৰা। বেহদৰ পিতা কিমান শ্ৰেষ্ঠ, তেওঁৰ পৰা উত্তৰাধিকাৰ কেতিয়া
পোৱা যাব - এয়া কোনেও নাজানে। এনেকৈ কয় যে আহি দুখ দূৰ কৰক, সুখ দিয়ক, কিন্তু কেতিয়া?
এয়া কোনেও নাজানে। তোমালোক সন্তানসকলে এতিয়া নতুন কথা শুনি আছা। তোমালোকে জানা যে
আমি অমৰ হৈ আছোঁ, অমৰলোকলৈ গৈ আছোঁ। তোমালোক অমৰলোকলৈ কিমানবাৰ গৈছা? অনেকবাৰ। ইয়াৰ
কেতিয়াও অন্ত নহয়। বহুতে কয় - মোক্ষ পাব নোৱাৰিনে? তেওঁলোকক কোৱা - নোৱাৰি, এয়া
অনাদি অবিনাশী ড্ৰামা, এয়া কেতিয়াও বিনাশ হ’ব নোৱাৰে। এয়াতো অনাদি চক্ৰ ঘূৰিয়েই থাকে।
তোমালোক সন্তানসকলে এতিয়া সঁচা মালিকক জানা। তোমালোক সন্ন্যাসী নোহোৱা জানো।
তেওঁলোকৰ (লৌকিক জগতৰ ভিক্ষুকৰ) দৰে ফকীৰ নহয়। সন্ন্যাসীসকলকো ফকীৰ বুলি কোৱা হয়।
তোমালোক ৰাজঋষি হোৱা, ঋষিক সন্ন্যাসী বুলি কোৱা হয়। এতিয়া পুনৰ তোমালোক চহকী হৈ যোৱা।
ভাৰত কিমান চহকী আছিল, এতিয়া কেনেকুৱা ফকীৰ হৈ গ’ল। বেহদৰ পিতা আহি বেহদৰ
উত্তৰাধিকাৰ দিয়ে। গীতো আছে - বাবা আপুনি যি দিয়ে সেয়া কোনেও দিব নোৱাৰে। আপুনি
আমাক বিশ্বৰ মালিক কৰি তোলে, যাক কোনেও কাঢ়ি নিব নোৱাৰে। এনেকুৱা গীত ৰচনা কৰাসকলে
ইয়াৰ অৰ্থৰ বিষয়ে বিচাৰ নকৰে। তোমালোকে জানা যে তাত বিভাজন আদি একো নাথাকিব। ইয়াতো
কিমান বিভাজন আছে। তাত আকাশ-ধৰণী সকলো তোমালোকৰ হৈ থাকে। তেন্তে সন্তানসকল সিমানখিনি
আনন্দত থাকিব লাগে নহয়। সদায় বুজিবা যে শিৱবাবাই শুনায় কিয়নো তেওঁ কেতিয়াও ছুটি নলয়,
কেতিয়াও বেমাৰত নপৰে। শিৱবাবাৰেই স্মৃতি থকা উচিত। তেওঁক নিৰহংকাৰী বুলি কোৱা হয়।
মই এইটো কৰোঁ, মই সেইটো কৰোঁ, এই অহংকাৰ আহিব নালাগে। সেৱা কৰাতো কৰ্তব্য, এই
ক্ষেত্ৰত অহংকাৰ অহা উচিত নহয়। অহংকাৰ আহিল মানে অৱনমিত হ’লা। সেৱা কৰি থাকা, এয়া
হৈছে আত্মিক সেৱা। বাকী সকলো হৈছে পাৰ্থিৱ। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাই যি
পঢ়ায়, তাৰ প্ৰতিদানত ফুলৰ দৰে হৈ দেখুৱাব লাগে। পৰিশ্ৰম কৰিব লাগে। কেতিয়াও ঈশ্বৰীয়
কুলৰ নাম বদনাম কৰিব নালাগে, যি জ্ঞানৱান আৰু যোগী তেওঁৰহে সংগ ল’ব লাগে।
(2) ‘মই’ ভাৱ ত্যাগ
কৰি নিৰহংকাৰী হৈ আত্মিক সেৱা কৰিব লাগে, ইয়াক নিজৰ দায়িত্ব বুলি বুজিব লাগে।
অহংকাৰত আহিব নালাগে।
বৰদান:
ব্যৰ্থকো শুভ
ভাৱ আৰু শ্ৰেষ্ঠ ভাৱনাৰে পৰিৱৰ্তন কৰোঁতা প্ৰকৃতাৰ্থত জীৱন্তে মৃত হোৱা
বাপদাদাৰ শ্ৰীমত হৈছে
সন্তানসকল, ব্যৰ্থ কথা নুশুনিবা, নুশুনাবা আৰু নাভাবিবা। সদায় শুভ ভাৱনাৰে ভাবা,
শুভ বাণী উচ্চাৰণ কৰা। ব্যৰ্থও শুভ ভাৱেৰে শুনা। শুভ চিন্তক হৈ বাণীৰ ভাৱ পৰিৱৰ্তন
কৰি দিয়া। সদায় শ্ৰেষ্ঠ ভাৱ আৰু ভাৱনা ৰাখা, নিজক পৰিৱৰ্তন কৰা, অন্যৰ পৰিৱৰ্তনৰ কথা
নাভাবিবা। নিজৰ পৰিৱৰ্তনেই অন্যৰ পৰিৱৰ্তন, এই ক্ষেত্ৰত “প্ৰথমে মই” - এই জীৱন্তে
মৃত হোৱাটোতেই মজা আছে, ইয়াকেই মহাবলী বুলি কোৱা হয়। ইয়াত আনন্দেৰে মৰা - এই মৰি
যোৱাটোৱেই জীয়াই থকা, এয়াই সঁচা জীৱদান।
স্লোগান:
সংকল্পৰ একাগ্ৰতাই শ্ৰেষ্ঠ পৰিৱৰ্তনত তীব্ৰ গতি আনি দিয়ে।
একান্তপ্ৰিয় হ’বলৈ,
একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
সংগঠনৰ শক্তিয়ে যি
বিচাৰে তাকে কৰিব পাৰে। সংগঠনৰ স্মাৰক চিহ্ন হৈছে পাঁচ পাণ্ডৱ। একতাৰ শক্তি, ‘হয় হয়”
বুলি সন্মতি জনোৱা, বিচাৰ ব্যক্ত কৰা, পুনৰ একতাৰ বান্ধোনত বান্ধ খাই গ’লা। এই
একতাই হৈছে সফলতাৰ সাধন।