12.03.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতাই এতিয়া তোমালোকৰ প্ৰতিপালন কৰি আছে, ঘৰত বহি ৰায় দি আছে, সেয়েহে খোজে প্ৰতি
ৰায় লৈ থাকা তেতিয়া উচ্চ পদ পাবা”
প্ৰশ্ন:
শাস্তিৰ পৰা
ৰক্ষা পাবলৈ কোনটো পুৰুষাৰ্থ বহুত সময়ৰ পৰা কৰা উচিত?
উত্তৰ:
নষ্টোমোহা হোৱাৰ। কাৰো প্ৰতি যাতে মমত্ব নাথাকে। নিজৰ অন্তৰক সুধিব লাগে – মোৰ
কাৰোবাৰ প্ৰতি মোহতো নাই? কোনো পুৰণা সম্বন্ধ যাতে অন্তিমত স্মৃতিলৈ নাহে। যোগবলেৰে
সকলো হিচাপ-নিকাচ নিষ্পত্তি কৰিব লাগে তেতিয়াহে শাস্তি নোখোৱাকৈ উচ্চ পদ পাবা।
ওঁম্শান্তি।
এতিয়া তোমালোক
কাৰ সন্মুখত বহি আছা? বাপদাদাৰ। পিতা বুলিও ক’বলগীয়া হয় তেন্তে দাদা বুলিও ক’বলগীয়া
হয়। পিতাও এই দাদা (ব্ৰহ্মা)ৰ দ্বাৰা তোমালোকৰ সন্মুখত বহি আছে। তোমালোক বাহিৰত
থাকিলে তেতিয়া তাত পিতাক স্মৰণ কৰিবলগীয়া হয়। চিঠি লিখিবলগীয়া হয়। ইয়াত তোমালোক
সন্মুখত আছা। বাৰ্তালাপ কৰা - কাৰ লগত? বাপদাদাৰ লগত। এয়াতো হৈছে উচ্চতকৈও উচ্চ
দুজন হৰ্তা-কৰ্তা। ব্ৰহ্মা হ’ল সাকাৰ আৰু শিৱ হ’ল নিৰাকাৰ। এতিয়া তোমালোকে জানা যে
উচ্চতকৈও উচ্চ হৰ্তা-কৰ্তা পিতাৰ সৈতে কেনেকৈ সাক্ষাৎ কৰিবলগীয়া হয়! বেহদৰ পিতা যাক
পতিত-পাৱন বুলি মাতে, এতিয়া বাস্তৱত তোমালোক তেওঁৰ সন্মুখত বহি আছা। পিতাই
সন্তানসকলৰ প্ৰতিপালন কৰি আছে, পঢ়াই আছে। ঘৰত বহি থাকিও সন্তানসকলে ৰায় পায় যে ঘৰত
এনেকৈ এনেকৈ চলা। এতিয়া পিতাৰ শ্ৰীমতত চলিলে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হ’বাগৈ। সন্তানসকলে
জানে যে আমি উচ্চতকৈও উচ্চ পিতাৰ মতত চলি উচ্চতকৈও উচ্চ পদ পাওঁ। মনুষ্য সৃষ্টিত
উচ্চতকৈও উচ্চ হৈছে এই লক্ষ্মী-নাৰায়ণৰ পদ। এওঁলোক অতীতত হৈ গৈছে। মনুষ্য গৈ এওঁলোক
উচ্চ পদধাৰীক নমস্কাৰ জনায়। মুখ্য কথা হৈছেই পৱিত্ৰতাৰ। মনুষ্যতো মনুষ্যই হয়। কিন্তু
ক’ত তেওঁলোক বিশ্বৰ মালিক, ক’ত এতিয়াৰ মনুষ্য! এয়া তোমালোকৰ বুদ্ধিতহে আছে - ভাৰত
যথাযথ 5 হাজাৰ বছৰ পূৰ্বে এনেকুৱা আছিল, আমিয়েই বিশ্বৰ মালিক আছিলোঁ। অন্য কাৰো
বুদ্ধিত এই কথাবোৰ নাই। এৱোঁ (ব্ৰহ্মায়ো) জানো জানিছিল, একেবাৰে ঘোৰ অন্ধকাৰত আছিল।
এতিয়া পিতা আহি শুনাইছে - ব্ৰহ্মাৰ পৰা বিষ্ণু, বিষ্ণুৰ পৰা ব্ৰহ্মা কেনেকৈ হয়? এই
কথাবোৰ অতি গূঢ় আৰু ৰমনীয় যিবোৰ অন্য কোনেও বুজিব নোৱাৰে। পিতাৰ বাহিৰে এই জ্ঞান আন
কোনেও পঢ়াব নোৱাৰে। নিৰাকাৰ পিতা আহি পঢ়ায়। শ্ৰীকৃষ্ণ ভগৱানুবাচ (ভগৱানৰ বাণী) নহয়।
পিতাই কয় - মই তোমালোকক পঢ়াই সুখী কৰি তোলোঁ। পুনৰ মই নিজৰ নিৰ্বাণধামলৈ গুচি যাওঁ।
এতিয়া তোমালোক সন্তানসকল সতোপ্ৰধান হৈ আছা, ইয়াত খৰচ একোৱেই নাই। কেৱল নিজক আত্মা
বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। এটি কড়িও খৰচ নকৰাকৈ 21 জন্মৰ কাৰণে তোমালোক
বিশ্বৰ মালিক হৈ যোৱা। পা-পইচা পঠিয়াই দিয়ে, সেয়াও নিজৰ ভৱিষ্যত গঢ়িবৰ কাৰণে। কল্প
পূৰ্বে যিয়ে যিমান ভঁৰালত দিছিল সিমানেই এতিয়া দিব। তাতকৈ অলপো বেছি বা কম দিব
নোৱাৰে। বুদ্ধিত এইটো জ্ঞান আছে সেইকাৰণে চিন্তাৰ কোনো কাৰণ নাথাকে। কোনো চিন্তা
নোহোৱাকৈ আমি নিজৰ গুপ্ত ৰাজধানী স্থাপনা কৰি আছোঁ। এয়া বুদ্ধিত মন্থন কৰিব লাগে।
তোমালোক সন্তানসকল বহুত আনন্দিত হৈ থাকিব লাগে আৰু নষ্টোমোহাও হ’ব লাগে। ইয়াত
নষ্টোমোহা হ’লে তোমালোক আকৌ তাত মোহজিৎ ৰজা-ৰাণী হ’বাগৈ। তোমালোকে জানা যে এই পুৰণি
সৃষ্টিখনতো এতিয়া নাশ হৈ যাব, এতিয়া উভতি যাব লাগে তেন্তে ইয়াৰ প্ৰতি মমত্ব কিয়
ৰাখিব লাগে। কাৰোবাৰ বেমাৰ হ’লে, ডাক্তৰে কৈ দিয়ে, ৰোগীৰ বচাৰ আশা নাই তেতিয়া তেওঁৰ
প্ৰতি মমত্ব নাইকিয়া হৈ যায়। এইটো বুজি পায় যে আত্মাই এটা শৰীৰ ত্যাগ কৰি অন্য এটা
লয়। আত্মাতো অবিনাশী হয় নহয়। আত্মা গুচি গ’ল, শৰীৰ শেষ হৈ গ’ল তাৰ পাছত তেওঁক স্মৰণ
কৰিলে কি লাভ হ’ব! এতিয়া পিতাই কয় - তোমালোক নষ্টোমোহা হোৱা। নিজৰ অন্তৰক সুধিব লাগে
- মোৰ কাৰো প্ৰতি মোহতো নাই? নহ’লে অন্তিম সময়ত তেওঁ নিশ্চয় স্মৃতিলৈ আহিব।
নষ্টোমোহা হ’লে এই পদ পাবা। স্বৰ্গততো সকলোৱে আহিব - সেইটো কোনো ডাঙৰ কথা নহয়। ডাঙৰ
কথাতো হ’ল শাস্তি নোখোৱাকৈ, উচ্চ পদ পোৱা। যোগবলেৰে হিচাপ-নিকাচ নিষ্পত্তি কৰিলে
তেতিয়া শাস্তি খাবলগীয়া নহ’ব। পুৰণি সম্বন্ধবোৰো যাতে স্মৃতিলৈ নাহে। এতিয়াতো আমাৰ
সম্বন্ধ ব্ৰাহ্মণৰ সৈতে আকৌ আমাৰ দেৱতাসকলৰ সৈতে সম্বন্ধ হ’ব। এতিয়াৰ সম্বন্ধ
সকলোতকৈ উচ্চ।
এতিয়া তোমালোক জ্ঞান
সাগৰ পিতাৰ হৈ গৈছা। গোটেই জ্ঞান বুদ্ধিত আছে। আগতে জানো এইটো জানিছিলা যে সৃষ্টি
চক্ৰ কেনেকৈ ঘূৰে? এতিয়া পিতাই বুজাইছে। পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা যায় সেইবাবেতো
পিতাৰ প্ৰতি মৰম আছে নহয়। পিতাৰ দ্বাৰা স্বৰ্গৰ বাদশ্বাহী পোৱা যায়। তেওঁৰ এইখন ৰথ
সুনিৰ্দিষ্ট। ভাৰততেই ভাগীৰথ বুলি গায়ন কৰা হৈছে। পিতা আহেও ভাৰততে। তোমালোক
সন্তানসকলৰ বুদ্ধিত এতিয়া 84 জন্মৰ ছিৰিৰ জ্ঞান আছে। তোমালোকে জানি গ’লা যে এই 84ৰ
চক্ৰত আমি আহিবই লাগিব। 84ৰ চক্ৰৰ পৰা ৰেহাই পাব নোৱাৰি। তোমালোকে জানা যে ছিৰিৰে
নামিবলৈ বহুত সময় লাগে, উঠিবলৈ কেৱল এই অন্তিম জন্ম লাগে সেইকাৰণে কোৱা হয় তোমালোক
ত্ৰিলোকীনাথ, ত্ৰিকালদৰ্শী হৈ যোৱাগৈ। আগতে তোমালোকে এইটো জানিছিলা জানো যে আমি
ত্ৰিলোকীনাথ হ’মগৈ? এতিয়া পিতাক পাইছা, শিক্ষা দি আছে সেইকাৰণে তোমালোকে বুজি পোৱা।
বাবাৰ ওচৰলৈ কোনোবা আহিলে বাবাই সোধে - আগতে এইটো পোছাকত এইটো ঘৰত কেতিয়াবা লগ
পাইছানে? তেতিয়া কয় – হয় বাবা, কল্পই কল্পই লগ পাওঁ। তেতিয়া বুজি পোৱা যায় যে
ব্ৰহ্মাকুমাৰীসকলে ঠিকেই বুজাইছে। এতিয়া তোমালোক সন্তানসকলে স্বৰ্গৰ বৃক্ষ সন্মুখত
দেখি আছা। সমীপত আছে নহয়। মনুষ্যই পিতাৰ কাৰণে কয় - নাম-ৰূপৰ পৰা উৰ্দ্ধত, তেন্তে
আকৌ সন্তান ক’ৰ পৰা আহিব! তেওঁলোকো (সন্তানসকলো) নাম ৰূপৰ পৰা উৰ্দ্ধত হৈ যাব!
যিবোৰ শব্দ কয় সেয়া একেবাৰে ভুল। যিসকলে কল্প পূৰ্বে বুজিছিল, তেওঁলোকৰহে বুদ্ধিত
ধাৰণ হ’ব। প্ৰদৰ্শনীত চোৱা কেনেকুৱা কেনেকুৱা লোক আহে। কোনোবাইতো শুনোৱা কথাবোৰৰ
সন্দৰ্ভত লিখি দিয়ে যে এই সকলোবোৰ কল্পনা। গতিকে বুজা যায় যে এওঁ আমাৰ কুলৰ নহয়।
অনেক প্ৰকাৰৰ মনুষ্য আছে। তোমালোকৰ বুদ্ধিত গোটেই বৃক্ষ, ড্ৰামা, 84ৰ চক্ৰ আহি গৈছে।
এতিয়া পুৰুষাৰ্থ কৰিব লাগে। সেয়াও ড্ৰামা অনুসৰিহে হয়। ড্ৰামাত নিৰ্ধাৰিত হৈ আছে।
এনেকুৱাও নহয়, ড্ৰামাত পুৰুষাৰ্থ কৰিবলগীয়া আছে যদি কৰিম, এনেকৈ কোৱাটো ভুল।
ড্ৰামাক সম্পূৰ্ণকৈ বুজা নাই, তেওঁলোকক আকৌ নাস্তিক বুলি কোৱা হয়। তেওঁলোকে পিতাৰ
সৈতে প্ৰীতি ৰাখিব নোৱাৰে। ড্ৰামাৰ ৰহস্যক ওলোটাকৈ বুজিলে অৱনতি হৈ যায়, তেতিয়া বুজা
যায় যে এওঁৰ ভাগ্যত নাই। বিঘিনিতো অনেক প্ৰকাৰৰ আহিব। সেইবোৰলৈ ভ্ৰূক্ষেপ কৰিব
নালাগে। পিতাই কয় - যিবোৰ ভাল কথা তোমালোকক শুনাওঁ সেয়া শুনিবা। পিতাক স্মৰণ কৰিলে
বহুত আনন্দিত হৈ থাকিবা। বুদ্ধিত আছে যে এতিয়া 84ৰ চক্ৰ সম্পূৰ্ণ হ’ল, এতিয়া নিজৰ
ঘৰলৈ যাব লাগে। এনেকৈ নিজৰ সৈতে কথা পাতিব লাগে। তোমালোক পতিতসকলতো যাব নোৱাৰা।
প্ৰথমে নিশ্চয় বৰ (দৰা) লাগিব, পাছত বৰযাত্ৰী। গায়নো কৰা হৈছে যে ভোলানাথৰ বৰযাত্ৰী।
সকলো ক্ৰমানুসৰি যাবতো লাগিবই, ইমান অনেক আত্মাৰ দল কেনেকৈ ক্ৰমানুসৰি যাব! মনুষ্যই
পৃথৱীত কিমান ঠাই লয়, কিমান আচবাব পত্ৰ, সম্পত্তি আদি লাগে। আত্মাতো হৈছে বিন্দু।
আত্মাক কি লাগে? একোৱেই নালাগে। আত্মাই কিমান অলপ ঠাই লয়। এই সাকাৰী বৃক্ষ আৰু
নিৰাকাৰী বৃক্ষৰ মাজত কিমান পাৰ্থক্য আছে! সেয়া হৈছে বিন্দুবোৰৰ বৃক্ষ। এই সকলোবোৰ
কথা পিতাই বুদ্ধিত ধাৰণ কৰায়। তোমালোকৰ বাহিৰে এই কথাবোৰ জগতৰ অন্য কোনেও শুনিব
নোৱাৰে। পিতাই এতিয়া নিজৰ ঘৰ আৰু ৰাজধানীৰ স্মৃতি সোঁৱৰাই দিয়ে। তোমালোক সন্তানসকলে
ৰচিয়তাক জনাৰ কাৰণে সৃষ্টি চক্ৰৰ আদি-মধ্য-অন্তক জানি যোৱা। তোমালোক ত্ৰিকালদৰ্শী,
আস্তিক হৈ গ’লা। জগতত কোনো আস্তিক নাই। সেয়া হৈছে হদৰ পঢ়া, এয়া হৈছে বেহদৰ পঢ়া। তাত
পঢ়াবলৈ অনেক শিক্ষক থাকে, ইয়াত পঢ়াওঁতা শিক্ষক এজনেই। যিজন আকৌ বিস্ময়কৰো হয়। এওঁ
পিতাও হয়, শিক্ষকো হয় আৰু গুৰুও হয়। এওঁতো গোটেই বিশ্বৰ শিক্ষক। কিন্তু সকলোৱেতো
পঢ়িব নালাগে। পিতাক সকলোৱে জানি গ’লে সকলোৱে বাপদাদাক চাবৰ কাৰণে দৌৰি আহিব। গ্ৰেট
গ্ৰেট গ্ৰেণ্ড ফাদাৰ এডমৰ দেহত পিতাৰ আগমন হৈছে, তেতিয়া একেবাৰে দৌৰি আহিব। পিতাৰ
প্ৰত্যক্ষতা তেতিয়া হয় যেতিয়া যুদ্ধ আৰম্ভ হয়, তেতিয়া কোনো আহিবও নোৱাৰে। তোমালোকে
জানা যে এই অনেক ধৰ্মৰ বিনাশো হ’ব। প্ৰথমে এক ভাৰতেই আছিল আৰু অন্য কোনো খণ্ড নাছিল।
এতিয়া তোমালোকৰ বুদ্ধিত ভক্তিমাৰ্গৰো কথা আছে। বুদ্ধিৰে জানো কিবা পাহৰি যোৱা যায়।
কিন্তু স্মৃতিত থকা সত্ত্বেও এই জ্ঞান আছে, ভক্তিৰ ভূমিকা পূৰা হ’ল এতিয়াতো আমি উভতি
যাব লাগে। এইখন সৃষ্টিত থাকিব নালাগে। ঘৰলৈ যাবলৈতো আনন্দিত হ’ব লাগে নহয়। তোমালোক
সন্তানসকলক বুজোৱা হৈছে - তোমালোকৰ এতিয়া বানপ্ৰস্থ অৱস্থা। তোমালোকে কেইটিমান পইচা
এই ৰাজধানী স্থাপনা কৰাত লগোৱা, সেয়াও কল্প পূৰ্বৰ দৰে হুবহু কৰা। তোমালোকো কল্প
পূৰ্বৰ হুবহু সেইসকলেই। তোমালোকে কোৱা - বাবা আপুনিও কল্প পূৰ্বৰ জনেই। আমি কল্পই
কল্পই বাবাৰ পৰা পঢ়োঁ। শ্ৰীমতত চলি শ্ৰেষ্ঠ হ’ব লাগে। এই কথাবোৰ অন্য কাৰো বুদ্ধিত
নাথাকিব। তোমালোকৰ এইটো আনন্দ আছে যে আমি শ্ৰীমত অনুসৰি নিজৰ ৰাজধানী স্থাপনা কৰি
আছোঁ। পিতাই কেৱল কয় - পৱিত্ৰ হোৱা। তোমালোক পৱিত্ৰ হ’লে গোটেই সৃষ্টি পৱিত্ৰ হ’ব।
সকলো উভতি যাব। বাকী অন্য কথাৰ আমি চিন্তাই বা কিয় কৰিব লাগে। কেনেকৈ শাস্তি খাব,
কি হ’ব, ইয়াত আমাৰ কি যায়। আমি নিজৰ চিন্তা কৰিব লাগে। অন্য ধৰ্মৱলম্বীৰ কথাত আমি
কিয় যাওঁ। আমি হৈছোঁ আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ। বাস্তৱত ইয়াৰ নাম হৈছে ভাৰত আকৌ
হিন্দুস্থান নাম ৰাখি দিছে। হিন্দু কোনো ধৰ্ম নহয়। আমি লিখোঁ যে আমি দেৱতা ধৰ্মৰ
তৎসত্বেও তেওঁলোকে হিন্দু বুলি লিখি দিয়ে কিয়নো এইটো নাজানেই যে দেৱী-দেৱতা ধৰ্ম
কেতিয়া আছিল। কোনেও নুবুজে। এতিয়া ইমান বি.কে. আছে এয়াতো পৰিয়াল হৈ গ’ল নহয়! ঘৰ হৈ
নগ’ল জানো! ব্ৰহ্মাতো হৈছে প্ৰজাপিতা, সকলোৰে গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ। প্ৰথমে
তোমালোক ব্ৰাহ্মণ হোৱা তাৰ পাছত বৰ্ণত আহা।
তোমালোকৰ এইখন
মহাবিদ্যালয় অথবা বিশ্ব বিদ্যালয়ো হয়, চিকিৎসালয়ো হয়। গায়ন কৰা হয় – জ্ঞান ৰুপী
কাজল সৎগুৰুৱে লগালে, অজ্ঞান অন্ধকাৰ বিনাশ হ’ল…..। যোগবলেৰে তোমালোক সৰ্বদা
স্বাস্থ্যৱান, সৰ্বদা সম্পত্তিৱান হৈ যোৱা। প্ৰাকৃতিক উপায়ে আৰোগ্য কৰায় নহয়। এতিয়া
তোমালোক আত্মা আৰোগ্য হৈ গ’লে তেতিয়া শৰীৰো আৰোগ্য হৈ যাব। এয়া হৈছে প্ৰাকৃতিক উপায়ে
আত্মাক আৰোগ্য কৰি তোলা। স্বাস্থ্য, সম্পত্তি আৰু সুখ 21 জন্মৰ কাৰণে প্ৰাপ্ত হয়।
ওপৰত নাম লিখি দিয়া – প্ৰাকৃতিক উপায়েৰে আত্মাৰ আৰোগ্যকৰণ। মনুষ্যক পৱিত্ৰ কৰি
তুলিবলৈ যুক্তি লিখাত কোনো আপত্তি নাই। আত্মাই পতিত হৈ গৈছে সেইবাবেতো আহ্বান জনায়
নহয়। আত্মা প্ৰথমে সতোপ্ৰধান পৱিত্ৰ আছিল আকৌ অপৱিত্ৰ হৈ গ’ল পুনৰ পৱিত্ৰ কেনেকৈ
হ’ব? ভগৱানুবাচ (ভগৱানে কয়) - মনমনাভৱ, মোক স্মৰণ কৰা মই প্ৰতিশ্ৰুতি দিছোঁ তোমালোক
পৱিত্ৰ হৈ যাবাগৈ। পিতাই কিমান যুক্তি শুনাই থাকে - এনেকুৱা ফলক লগোৱা। কিন্তু
কোনেও এনেকুৱা ফলক লগোৱা নাই। মুখ্য চিত্ৰ ৰাখিছা। ভিতৰলৈ যিয়েই আহে তেওঁলোকক কোৱা
– আপুনি আত্মা পৰমধামৰ নিবাসী। ইয়াত ভূমিকা পালন কৰিবলৈ এই কৰ্মেন্দ্ৰিয় পাইছে। এই
শৰীৰতো বিনাশী। পিতাক স্মৰণ কৰক তেতিয়া বিকৰ্ম বিনাশ হৈ যাব। এতিয়া আপুনি আত্মা
অপৱিত্ৰ আকৌ পৱিত্ৰ হৈ গ’লে ঘৰলৈ গুচি যাব। বুজোৱাতো বহুত সহজ। কল্প পূৰ্বৰসকলেই আহি
ফুল হ'ব। ইয়াত ভয় কৰিবলগীয়া কোনো কথা নাই। তোমালোকেতো ভাল কথা লিখা। সেই গুৰুসকলেও
মন্ত্ৰ দিয়ে। পিতায়ো ‘মনমনাভৱ’ৰ মন্ত্ৰ দি আকৌ ৰচয়িতা আৰু ৰচনাৰ ৰহস্য বুজায়।
গৃহস্থালিত থাকি কেৱল পিতাক স্মৰণ কৰা। অন্যকো পিতাৰ পৰিচয় দিয়া, লাইট-হাউচো হোৱা।
তোমালোক সন্তানসকলে
দেহী-অভিমানী হোৱাৰ বহুত গুপ্ত পৰিশ্ৰম কৰিব লাগে। যেনেকৈ পিতাই জানে মই আত্মাসকলক
পঢ়াই আছোঁ, তেনেকৈ তোমালোক সন্তানসকলেও আত্ম-অভিমানী হ'বলৈ পৰিশ্ৰম কৰিবা। মুখেৰে
শিৱ শিৱ বুলিও ক’ব নালাগে। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে কিয়নো শিৰত
পাপৰ বোজা বহুত আছে। স্মৃতিৰ দ্বাৰাই তোমালোক পাৱন হ'বা। কল্প পূৰ্বে যিয়ে যেনেকৈ
উত্তৰাধিকাৰ লৈছিল, তেওঁলোকেই নিজৰ নিজৰ সময়ত ল'ব। সাল-সলনি একো হ'ব নোৱাৰে। মুখ্য
কথা হৈছেই আত্ম-অভিমানী হৈ পিতাক স্মৰণ কৰা তেতিয়া মায়াৰ থাপৰ খাবলগীয়া নহ’ব।
দেহ-অভিমানত আহিলে কিবা নহয় কিবা বিকৰ্ম হ'ব তেতিয়া এশ গুণ পাপ বাঢ়ি যায়। ছিৰি
নামিবলৈ 84 জন্ম লাগিল। এতিয়া আকৌ আৰোহণ কলা এটা জন্মতে হয়। বাবা আহিছে গতিকে
‘লিফ্ট’ৰো উদ্ভাৱন হৈছে। আগতেতো কঁকালত হাত দি ছিৰি বগাইছিল। এতিয়া সহজ ‘লিফ্ট’
ওলাইছে। এয়াও ‘লিফ্ট’ যে এক ছেকেণ্ডত মুক্তি-জীৱনমুক্তিত গুচি যায়। জীৱনবন্ধনত
আহিবলৈ 5 হাজাৰ বছৰ, 84 জন্ম লাগে। জীৱনমুক্তিত যাবলৈ এটা জন্ম লাগে। কিমান সহজ।
যিসকল তোমালোকৰো পাছত আহিব তেওঁলোকো ততালিকে উঠি যাব। এইটো বুজি পায় যে হেৰুওৱা
বস্তু পিতাই দিবলৈ আহিছে। তেওঁৰ মতত নিশ্চয় চলিম। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো
চিন্তা নকৰাকৈ শ্ৰীমতত নিজৰ গুপ্ত ৰাজধানী স্থাপনা কৰিব লাগে। বিঘিনিলৈ ভ্ৰূক্ষেপ
কৰিব নালাগে। বুদ্ধিত এইটো থাকিব লাগে যে কল্প পূৰ্বে যিসকলে সহায় কৰিছিল তেওঁলোকে
এতিয়াও অৱশ্যে কৰিব, চিন্তা কৰাৰ কোনো কথা নাই।
(2) সদায় আনন্দিত হৈ
থাকিব লাগে যে এতিয়া আমাৰ বানপ্ৰস্থ অৱস্থা, আমি ঘৰলৈ উভতি গৈ আছোঁ। আত্ম-অভিমানী
হ’বলৈ বহুত গুপ্ত পৰিশ্ৰম কৰিব লাগে। কোনো বিকৰ্ম কৰিব নালাগে।
বৰদান:
যিকোনো ভয়ানক
সমস্যাক শীতল কৰি দিওঁতা সম্পূৰ্ণ নিশ্চয়বুদ্ধিৰ হোৱা
যেনেকৈ পিতাৰ প্ৰতি
নিশ্চয়তা আছে তেনেকৈ নিজৰ প্ৰতি আৰু ড্ৰামাৰ প্ৰতিও যাতে সম্পূৰ্ণ নিশ্চয়তা থাকে।
নিজৰ ভিতৰত যদি দুৰ্বলতাৰ সংকল্প উৎপন্ন হয় তেন্তে দুৰ্বলতাৰ সংস্কাৰ হৈ যায়, সেই
কাৰণে ব্যৰ্থ সংকল্প ৰূপী দুৰ্বলতাৰ বীজাণু নিজৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিবা। লগতে
ড্ৰামাৰ যি দৃশ্য দেখিবলৈ পোৱা, অস্থিৰতাৰ দৃশ্যতো কল্যাণৰ অনুভৱ হওঁক, বাতাবৰণ
অস্থিৰ কৰোঁতা হওঁক, সমস্যা ভয়ানক হওঁক কিন্তু সদায় নিশ্চয়বুদ্ধি বিজয়ী হোৱা তেতিয়া
ভয়ানক সমস্যাও শীতল হৈ যাব।
স্লোগান:
যাৰ পিতা আৰু সেৱাৰ প্ৰতি স্নেহ আছে তেওঁৰ পৰিয়ালৰ স্নেহ স্বতঃ পায়।
সত্যতা আৰু সভ্যতা
ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
যেনেকৈ ভিন্ন ভিন্ন
সকলো ধৰ্মাৱলম্বীয়ে মান্যতা দিয়ে যে পৰমাত্মা এজন তেনেকৈ যথাৰ্থ সত্য জ্ঞান এজন
পিতাৰে অথবা এটাই মাৰ্গ - এইটো আৱাজ যেতিয়া বিয়পি যাব তেতিয়া আত্মাসকলৰ অনেক সৰু সৰু
আশ্ৰয়ৰ ফালে দিগভ্ৰান্ত হৈ ফুৰা বন্ধ হৈ যাব। এতিয়া এনেকৈয়ে ভাবে যে এয়াও এটা মাৰ্গ।
ভাল মাৰ্গ। কিন্তু সৰ্বশেষ কথাটি হ’ল এজন পিতাৰ এটাই পৰিচয়, এটাই মাৰ্গ - এইটো
সত্যতাৰ পৰিচয়ৰ বা সত্য জ্ঞানৰ শক্তিৰ লহৰ বিয়পোৱা তেতিয়া প্ৰত্যক্ষতাৰ পতাকাৰ তলত
সকলো আত্মাই আশ্ৰয় ল’ব পাৰিব।