12.04.26 Avyakt Bapdada
Assame
Murli
30.11.2009 Om Shanti Madhuban
“*“পিতা আৰু সকলোৰে
প্ৰিয় হ’বলৈ সন্তুষ্টমণি হৈ যিকোনো পৰিস্থিতিৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকা”*”
আজি চাৰিওফালৰ
সন্তুষ্ট আত্মাসকলক চাই আছোঁহঁক। সন্তুষ্ট মণিসকলে চাৰিওফালে নিজৰ মণিৰ জেউতি বিলাই
আছে। আটাইতকৈ উচ্চ স্থিতি হ’ল সন্তুষ্টতাৰ। সদায় সন্তুষ্ট হৈ থকাসকল সকলোৰে প্ৰিয়
হয়, পিতাৰতো প্ৰিয় হয়েই। সদায় সন্তুষ্ট কেৱল তেওঁলোকেই হৈ থাকিব পাৰে যাৰ সকলো
প্ৰাপ্তি হৈছে। প্ৰাপ্তিৰ আধাৰ হৈছে সন্তুষ্টতা, সেয়েহে এনে আত্মাসকল সকলো
ব্ৰাহ্মণ আত্মাৰ প্ৰিয় হয়। সৰ্ব প্ৰাপ্তি অৰ্থাৎ সদায় সন্তুষ্ট। সন্তুষ্ট আত্মাৰ
প্ৰভাৱ বায়ুমণ্ডলতো পৰে আৰু সৰ্ব প্ৰাপ্তি হ’ল পৰমাত্মাৰ দান। পৰমাত্মা পিতাৰ
দ্বাৰা সৰ্ব শক্তি, সৰ্ব গুণ আৰু সৰ্ব সম্পদ প্ৰাপ্ত কৰা আত্মা সদায় সন্তুষ্ট হৈ
থাকে। সন্তুষ্ট আত্মাৰ স্থিতি সদায় প্ৰগতিশীল হৈ থাকে। পৰিস্থিতিয়ে সন্তুষ্ট
আত্মাৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে কিয়নো য’ত সন্তুষ্টতা আছে ত’ত সৰ্ব শক্তি আৰু সৰ্ব
গুণ স্বতঃ আহিয়েই যায়। এক সন্তুষ্টতাৰ গুণে অনেক গুণ নিজৰ কৰি লয়। গতিকে প্ৰত্যেকে
নিজক সোধা যে মই সদায় সন্তুষ্ট আত্মা হৈ থাকোঁনে! সন্তুষ্ট আত্মা সদায় সকলোৰে,
পিতাৰ সমীপত তথা সমান স্থিতিত থাকে। কিন্তু এইটো স্থিতিত থাকিবলৈ বহুত সাক্ষী দৃষ্টা
আৰু ত্ৰিকালদৰ্শী অৱস্থা লাগে। প্ৰতিটো কৰ্ম ত্ৰিকালদৰ্শী অৰ্থাৎ প্ৰতিটো কথাৰ
তিনিও কাল পৰ্যবেক্ষণ কৰি তাৰ পিছতহে কৰ্ম কৰোঁতা। ইয়াৰ বাবে দুটা কথা আৱশ্যক। সেই
দুটা কথা হ’ল সম্বন্ধ আৰু সম্পত্তি। সম্বন্ধও অবিনাশী আৰু সম্পত্তিও অবিনাশী। সেয়া
প্ৰাপ্ত হয় অবিনাশী পিতাৰ দ্বাৰা। যেতিয়া অবিনাশী সম্পত্তি আৰু সম্বন্ধ প্ৰাপ্ত
হৈ যায়, তেতিয়া আত্মা সদায় সন্তুষ্ট আৰু পিতা আৰু সকলো আত্মাৰ অতি প্ৰিয় হৈ যায়।
কোনো পৰিস্থিতি মায়াৰ ৰূপত আহিলে ভয়-ভীত নহয়। এনেকুৱা অনুভৱ কৰে যেন এক বৃহৎ
পৰ্দাত ‘মিকী মাউচ’ৰ খেল চলি আছে। অশান্ত নহৈ ‘মিকী মাউচ’ৰ খেল চাই মনোৰঞ্জন কৰে।
মায়াৰ ভিন্ন ভিন্ন ৰূপ, ভিন্ন ভিন্ন ‘মিকী মাউচ’ৰ ৰূপত অনুভৱ কৰে। এনে স্থিতিৰ
অনুভৱ পিতাৰ দ্বাৰা সকলোৱে প্ৰাপ্ত কৰিবই লাগে আৰু কৰিছেও।
বাপদাদাই দেখিবলৈ পায়
– নিৰ্ভয় আৰু একাগ্ৰ বুদ্ধিৰ বিজয়ী আত্মাসকল কোনো পৰিস্থিতিতে অশান্ত নহয়। পিতাৰ
প্ৰতিগৰাকী সন্তানৰ প্ৰতি শুভ আশা আছে যে প্ৰতিগৰাকী সন্তান সদায় বিজয়ী হৈ পিতাক
নিজৰ বিজয়ৰ স্বৰূপ দেখুৱাওক, গতিকে প্ৰত্যেকে নিজক সোধা যে মই কোন? বাপদাদাই আগতেও
কৈছে যে ‘কেতিয়াবা’ ‘কেতিয়াবা’ শব্দটি সময় অনুসৰি এতিয়া ব্ৰাহ্মণৰ অভিধানৰ পৰা
সমাপ্ত কৰি দিয়া। যিহেতু পিতাৰ পৰা সদাকালৰ উত্তৰাধিকাৰ ল’ব লাগে, তেন্তে প্ৰতিটো
প্ৰাপ্তি সদায় প্ৰাপ্ত হওক কাৰণ তোমালোক হৈছা পিতাৰ অন্তৰৰ আশাবোৰ পূৰণ কৰোঁতা
আশাৰ দীপক। তেওঁলোকৰ সংকল্পতো ‘কেতিয়াবা’ ‘কেতিয়াবা’ শব্দ আহিব নোৱাৰে, কিয়?
কাৰণ সদায় পিতাৰ সৈতে আৰু পিতাৰ সংগী হৈ থাকে। একেলগে থাকোঁতাও আৰু সংগী হৈ বিশ্ব
পৰিৱৰ্তনৰ কাৰ্য কৰোঁতা।
তেন্তে কোৱা,
বাপদাদাৰ পৰা এই সদাকালৰ বৰদান প্ৰাপ্ত কৰিলা নহয়! এয়াতো জন্ম লওঁতেই বাপদাদাই
প্ৰতিগৰাকী সন্তানক সদায় এইটোৱে বৰদান দিয়ে যে সদায় যোগী হোৱা, পৱিত্ৰ হোৱা। সেই
বৰদানৰ দ্বাৰা যি প্ৰাপ্তি হয়, সেয়া সদাকালৰ বাবে হয়। কেতিয়াবা কেতিয়াবা নহয়।
গতিকে সকলো সন্তান সদাকালৰ অধিকাৰী কাৰণ পিতাৰ প্ৰতিগৰাকী সন্তানৰ প্ৰতি, তেওঁ
একেবাৰে শেষৰ সন্তানটিয়েই নহওক কিয়, পিতাৰ অন্তৰৰ মৰম আছে কিয়নো যিসকল ডাঙৰ লোক,
যিয়ে নিজক বুদ্ধিমান বুলি ভাবে, তেওঁলোকেও পিতাক চিনিব নোৱাৰিলে, কিন্তু বাপদাদাৰ
শেষৰ সন্তানটিয়ে পিতাক চিনি পালে। অন্তৰেৰে কয় - মোৰ বাবা, সেয়েহে প্ৰতিগৰাকী
সন্তানৰ প্ৰতি পিতাৰ অবিনাশী প্ৰেম আছে আৰু সেইবাবে প্ৰতিগৰাকী সন্তানৰ প্ৰতি পিতাৰ
বৰদান আছে। সন্তানসকল যদিও ক্ৰমানুসৰি, কিন্তু বাপদাদাই নিতৌ একে সময়তে সকলো
সন্তানক একেলগে একেটাই বৰদান দিয়ে। বাপদাদাৰ প্ৰতিগৰাকী সন্তান যদিও ক্ৰমানুসৰি,
কিন্তু "মোৰ বাবা" বুলি কোৱাৰ লগে লগে প্ৰতিদিনৰ বৰদানৰ অধিকাৰী হৈ গ’ল। প্ৰতিগৰাকী
সন্তান য’তেই নাথাকক, ভাৰততে থাকক বা বিদেশতে থাকক, কিন্তু সকলোৱে বাপদাদাৰ পৰা
বৰদান একেই পায় আৰু বৰদান প্ৰাপ্ত কৰি আনন্দিতও হয়। কিন্তু দুই প্ৰকাৰৰ সন্তান আছে,
এবিধ সন্তানে বৰদান দেখি আনন্দিত নিশ্চয় হয়, কিন্তু নম্বৰ আগত সেইসকলেই লয় যিসকল
বৰদান দেখি কেৱল আনন্দিত নহয়, বর্ণনা নকৰে যে এয়া মোৰ বৰদান, কিন্তু বৰদানক
ফলপ্ৰসূ কৰে। বৰদানৰ পৰা লাভ লৈ বৰদানৰ ফল উলিয়ায়। বীজ আছে কিন্তু বীজক যদি
ফলপ্ৰসূ নকৰে, ফল নোলায়, তেতিয়া কেৱল আনন্দিত হয়, বৰদানৰ পৰা ফল উলিয়াবলৈ যেনেকৈ
যিকোনো বীজৰ পৰা ফল উলিয়াবলৈ পানী আৰু ৰ’দ লাগে তেতিয়াহে ফল ওলায় তেনেকৈ ইয়াতো
প্ৰতিগৰাকী সন্তানে যিহেতু বৰদান ফলীভূত কৰিব লাগে, যাৰ দ্বাৰা বিস্তাৰ হৈ গৈ থাকে
আৰু নিজৰ মনত বৰদানৰ ফলৰ দ্বাৰা বৃদ্ধি হৈ গৈ থাকে, সেয়েহে ইয়াতো পিতাই কয় যে
বৰদানৰ ফল উলিয়াবলৈ বাৰে বাৰে বৰদান স্মৃতিলৈ আনা। স্মৃতি স্বৰূপৰ স্থিতিত স্থিৰ
হোৱা। বাৰে বাৰে সোঁৱৰণ নহয় কিন্তু স্মৃতি, এয়াই হ’ল পানী দিয়া আৰু স্বৰূপত
স্থিৰ হোৱা এয়াই হ’ল ৰ’দ লগোৱা। তেতিয়া এয়া ফলীভূত হ’লে নিজৰ মাজতো বহুত শক্তি আহে
আৰু অন্যকো সেই ফলৰ দ্বাৰা শক্তিৰ অনুভৱ কৰাব পাৰা।
বাপদাদাই এতিয়া কি
বিচাৰে? কাৰণ বাপদাদাই কিছু সময়ৰ পৰা সময়ৰ সতৰ্কবাণী শুনাই আছে; প্ৰতিগৰাকী
সন্তানৰ পঢ়াৰ ফলাফলৰ সময় অকস্মাৎ আহিব, তাৰ বাবে সদায় সদাপ্ৰস্তুত। লগতে
বাপদাদাই এইটোও ইংগিত দিছে যে এতিয়া সময় হ’ল উৰন্ত কলাৰ তীব্ৰ পুৰুষাৰ্থৰ। খোজকাঢ়ি
গৈ আছোঁ নহয়, উৰি আছোঁ। সাধাৰণ ৰীতিৰে নিজৰ দিনচৰ্যা ব্যতীত – এতিয়া সাধাৰণ
পুৰুষাৰ্থৰ সেই সময় গ’ল, সেয়েহে বাপদাদাই ইংগিত দি আছে – প্ৰতিটো চেকেণ্ড আৰু
প্ৰতিটো সংকল্প পৰীক্ষা কৰা। ধৰি লোৱা নিজৰ তীব্ৰ পুৰুষাৰ্থ নকৰি এঘণ্টা সাধাৰণ
পুৰুষাৰ্থত থাকিলা আৰু সেই এঘণ্টাতে যদি অকস্মাৎ চুড়ান্ত কাকতৰ সময় আহি যায়, তেতিয়া
অন্তিমৰ স্থিতি অনুসৰিয়ে গতি, সেই এঘণ্টাৰ সাধাৰণ পুৰুষাৰ্থই কিমান লোকচান কৰি দিব!
সেয়েহে বাপদাদাই প্ৰতিগৰাকী সন্তানক, প্ৰতিটো সংকল্প, প্ৰতিটো চেকেণ্ড সময়ৰ মহত্বৰ
বিষয়ে সময়ে সময়ে ইংগিত দি আছে। অস্থিৰতাৰ সময়ত অবিচলিত হৈ থকাৰ পুৰুষাৰ্থ কেৱল
তীব্ৰ পুৰুষাৰ্থীয়েহে কৰিব পাৰে। সাধাৰণ পুৰুষাৰ্থীয়ে সদাপ্ৰস্তুত হ’বলৈ সময়
লগাই দিব আৰু বাপদাদাই কৈছে যে চেকেণ্ডতে বিন্দু অৰ্থাৎ পূৰ্ণ বিৰাম, যদি তীব্ৰ
পুৰুষাৰ্থ নকৰা তেন্তে কি হয়? অনুভৱতো আছে। পূৰ্ণ বিৰামৰ পৰিৱৰ্তে প্ৰশ্নবোধক
চিহ্নতো লাগি নাযায়! বিন্দু কিমান সহজ আৰু প্ৰশ্নবোধক চিহ্ন কিমান বেকা। পূৰ্ণ
বিৰাম মানে পূৰ্ণ বিৰাম হৈ যাওক। ক’মাৰ মাত্ৰাও যাতে নাথাকে, আশ্চৰ্যৰ মাত্ৰাও
নাথাকক। কি কৰোঁ! এইটো ভাবিবলৈও সময় নাপাবা। গতিকে কোনো সন্তানে এইটো ভাবিব নোৱাৰে
যে ইমান তীব্ৰ পুৰুষাৰ্থ কৰাটোৱেই পৰীক্ষাত উত্তীৰ্ণ হোৱা।
বাপদাদাই দেখিবলৈ পায়
যে এতিয়াও কাৰণে-অকাৰণে ‘কিয়’, ‘কি’, ‘কেনেকৈ’, ‘এনেকৈ’... এইবোৰ কোনো কোনো
সন্তানৰ দৈনিক তালিকাত দেখা যায়। বহুতৰ তালিকাত বাপদাদাই দেখিছে যে ব্যৰ্থ চিন্তাৰ
ঢৌৱে সময় লৈ লয় আৰু ব্যৰ্থৰ গতি ইমান তীব্ৰ হয় যে সাধাৰণ সংকল্পৰ এঘণ্টা আৰু
তীব্ৰ সংকল্পৰ এক মিনিট সমানেই। সেয়েহে আজি চাই আছিলোঁ যে সকলোৰে প্ৰিয় তথা
বাপদাদাৰ প্ৰিয় সন্তুষ্ট আত্মাসকল কোন কোন? সন্তুষ্ট আত্মাৰ সংকল্পতো এই ‘কিয়’,
‘কি’ - ৰ ভাষা সপোনতো নাহিব কিয়নো সেই আত্মাৰ বিশেষ তিনিটা কথা, তিনিটা বিন্দু
স্মৃতিত থাকে – আত্মা, পৰমাত্মা আৰু ড্ৰামা, তিনিওটাকে সময়ত কামত ব্যৱহাৰ কৰিব পাৰে
কাৰণ এনে সময়ত সৰ্ব শক্তিৰ সম্পদৰ আৱশ্যক আৰু মাষ্টৰ সৰ্বশক্তিমান তেৱেঁই যিয়ে যি
সময়ত যিটো শক্তিক আদেশ দিয়ে সেয়া হাজিৰ হৈ যায়। লাগে সহনশক্তি কিন্তু আহি যায়
সন্মুখীন হোৱাৰ শক্তি, তেন্তে শক্তি আছে কিন্তু সেই সময়ত কামৰ নহয়। গতিকে সৰ্ব
সম্পদৰ চাবি হ’ল তিনিটা বিন্দু – মই, পিতা আৰু ড্ৰামা।
বাপদাদাৰ এটা সংকল্প
আছে, শুনাওঁনে? কৰিব লাগিব। যিসকল কৰিবলৈ সাজু, তেওঁলোকে হাত দাঙা। কৰিব লাগিব। বাৰু
সকলোৱে হাত দাঙি আছে। মনৰ হাত দাঙি আছা নে শৰীৰৰ হাত দাঙি আছা? মনৰ হাতহে দৃঢ়।
বাপদাদাই সময় অনুসৰি প্ৰতিগৰাকী সন্তানৰ পৰা এইটো শুভ আশা ৰাখে যে 15 দিনৰ পাছত
পুনৰ পিতাৰ মিলন হ’ব, তেন্তে এই যি 15 দিন পাৰ হ’ব সেইখিনি সময়ত এইটো
প্ৰয়োগমূলকভাৱে কৰাৰ বিশেষ অভ্যাস কৰা, থাকিবতো সদায় লাগে কিন্তু 15 দিন
প্ৰয়োগমূলকভাৱে কৰা
আৰু নিজৰ নিজৰ সংযোগত থকা সেৱাকেন্দ্ৰবোৰকো কৰোৱা, পৰিক্ৰমা লগাই ফোন কৰি তেওঁলোকক
সোঁৱৰাই দিয়া যে ঘৰৰ কাম কৰি আছানে? ঘৰৰ কাম কি? সহজ, প্ৰত্যেকে ভিন্ন ভিন্ন
পৰিস্থিতি অতিক্ৰমতো কৰাই কিন্তু এই 15 দিন প্ৰত্যেকৰে সংকল্প, বাণী আৰু কৰ্মত অতি
কমেও 80 (আশী) শতাংশ নম্বৰ ল’ব লাগে। তথাপিও বাপদাদাই 20 শতাংশ ৰেহাই দিছে। মঞ্জুৰ
নে? মঞ্জুৰ নে। এইটো কাম দিওঁনে। বাৰু 15 দিন, মায়ায়ো শুনি আছে। পৰিস্থিতিতো আহিবই,
পৰিস্থিতিক নাচাবা, উত্তীৰ্ণ হ’ব লাগে, এইটো স্মৃতিত ৰাখিবা। 15 দিন কোনো ডাঙৰ কথা
নহয় কিন্তু প্ৰত্যেকে সঁচা অন্তৰেৰে, নিকা অন্তৰেৰে সপোনতো সংকল্প, বাণী আৰু কৰ্মত
উত্তীৰ্ণ হৈ দেখুওৱা। হ’ব পাৰেনে? শিক্ষকসকল কোৱা, হ’ব পাৰেনে? 15 দিনতো একোৱেই নহয়
কিন্তু বাপদাদাই প্ৰয়োগমূলকভাৱে কৰিবৰ বাবে কৈছে যে সংকল্পও যাতে ব্যৰ্থ নহয়,
যুদ্ধ নহয় বিজয়ী।
15 দিনৰ সম্পূৰ্ণ
বিজয়ী। কঠিন নে সহজ? সহজ হয়, হাত দাঙা। সহজনে? তেন্তে বাপদাদাই এই 15 দিনৰ ফলাফল
চাব। তাৰপাছত বঢ়াই গৈ থাকিব। 15 দিনটো যিকোনোৱেই কৰিব পাৰে নহয়! কৰিব পাৰিবা নহয়!
মধুবন নিবাসীয়ে হাত দাঙা। এয়া আগত মধুবন বহি আছে। বহুত ভাল। বিদেশী হওক বা ভাৰতীয়
হওক সকলোৱে কৰিব লাগে। গাঁৱৰ হওক বা ডাঙৰ চহৰৰ হওক সকলোৱে 15 দিনৰ খতিয়ান ৰাখিব লাগে।
‘কি’, ‘কিয়’ – এই প্ৰশ্ন যাতে উদয় নহয়, কি কৰিম কথাই এনেকুৱা হ’ল – এইবোৰ নক’বা।
80 (আশী) শতাংশ ল’বই লাগিব। তথাপিও বাপদাদাই ঢিলা কৰি দিছে, 20 শতাংশ এৰি দিছে কাৰণ
বাপদাদাই দেখিবলৈ পায় যে ক’ৰবাত ক’ৰবাত আগবাঢ়ি গৈ থাকোতে মায়াই অমনোযোগিতা আৰু
আলস্যত লৈ আহে। মাৰ্জিত আলস্য - এইটো আছিল, এইটো আছিল এয়া মাৰ্জিত আলস্য আৰু
অমনোযোগিতা - এইবোৰে তীব্ৰ পুৰুষাৰ্থত বাধা দিয়ে কাৰণ এতিয়া বাপদাদাই সকলো যিসকল
বিদ্যাৰ্থী আছে, প্ৰতিগৰাকী বিদ্যাৰ্থীক এতিয়া প্ৰথমে এই 15 দিনৰ আখৰা কৰাই কিছু
সময় এনেকৈয়ে অভ্যাস কৰাব বিচাৰিছে যাতে সদাপ্ৰস্তুত হ’বলৈ ক’লে সকলোৱে হাত দাঙে।
ইয়াৰ বাবে বহু সময়ৰ অভ্যাস লাগে। সেয়েহে এতিয়া এই অলপ অভ্যাস কৰাইছোঁ। বাৰু।
প্ৰথমবাৰ কিমান আহিছা,
তেওঁলোক উঠা:
ভাল কথা তোমালোকক বাপদাদাৰ সন্মুখলৈ অহা দিনটোৰ বাবে বহুত বহুত অভিনন্দন, অভিনন্দন।
পিতাৰ দৃষ্টি সন্তানসকলৰ ওপৰত পৰিল আৰু সন্তানসকলৰ দৃষ্টি পিতাৰ ওপৰত পৰিল। গতিকে
বহুত বহুত অভিনন্দন। বাৰু। অন্য কেকতো নাই কিন্তু আনন্দৰ কেক খাই লোৱা। ভাল কথা,
এতিয়া পলমকৈ আহিছা কিন্তু তীব্ৰ গতিত গৈ নম্বৰ আগত ল’ব পাৰা সেয়েহে বাপদাদাৰ ফালৰ
পৰা আৰু তোমালোকৰ সকলো সংগী ভাই-ভনীৰ ফালৰ পৰা সকলোকে অভিনন্দন, অভিনন্দন। এনে
দৃষ্টান্ত হ’ব যে শেষত অহাজনো তীব্ৰ গতিৰে গৈ প্ৰথম শাৰীত আহিব পাৰে। বাৰু।
চাৰিওফালৰ বাপদাদাৰ
আশাবোৰ পূৰণ কৰোঁতা আশাৰ দীপক, ‘কিয়’ আৰু ‘কি’ ৰ ভাষাৰ পৰা উৰ্দ্ধত থকা সদায় একৰস,
সদায় একমাত্ৰ বাবা দ্বিতীয় কোনো নাই, পিতাৰ মাজতে জীৱনৰ বিশেষ তিনিটা সম্বন্ধ –
পিতা, শিক্ষক আৰু সৎগুৰু অনুভৱ কৰোঁতা, পিতাৰ পৰা উত্তৰাধিকাৰ, শিক্ষকৰ পৰা পঢ়াৰ
উত্তৰাধিকাৰ আৰু সৎগুৰুৰ পৰা বৰদানৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰোঁতা পদমগুণ ভাগ্যৱান
প্ৰতিগৰাকী সন্তানক বাপদাদাৰ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ।
দাদীসকলৰ সৈতে:
(এইবাৰ চাৰিওফালে
সেৱাৰ অনুষ্ঠান বহুত ভাল হৈছে) সকলোৱে সকলোকে সহায়ো ভালদৰে কৰিছে। কোনেও ভাবিবলগীয়া
নহ’ল যে কেনেকৈ কৰিম, কৰিবই লাগে। ইজন সিজনৰ সহায়ত সকলো অনুষ্ঠান ভাল হৈছে। আৱাজতো
বিয়পি গ’ল। বাৰ্তাতো পালে এতিয়া আগবাঢ়া (যোগত সকলোৱে বহুত ভাল অনুভূতি কৰিছে)
কাৰণ বিষয়টোৱেই আছিল বৰদান ল’ব লাগে। গতিকে যোগৰ অনুষ্ঠানৰ দ্বাৰা অনুভৱ কৰিলে।
পাঞ্জাৱ মণ্ডলৰ
সেৱাধাৰীসকলৰ সৈতে:
পাঞ্জাৱে ড্ৰামা অনুসৰি এই সন্ন্যাসী আৰু মহাত্মাসকলৰ সেৱাৰ ভাল সুযোগ পাইছে আৰু
কৰিও আছে। পাঞ্জাৱত স্থাপনাৰ সময়ত যেনেকৈ সেৱা আৰম্ভ হ’ল তেনেকৈ সহযোগী আৰু
উত্তৰাধিকাৰী গুণসম্পন্ন নিমিত্ত হ’ল। যিমানে হুলস্থুল কৰা লোক আছিল, সিমানেই সিংহৰ
দৰে গুণসম্পন্নও ওলাল। এতিয়া পাঞ্জাৱে কি কৰিব লাগে? এইটো বিশেষত্বতো আছে, এতিয়া
পাঞ্জাৱ নিবাসীসকলে এনে কোনো নামজ্বলা সিংহ তৈয়াৰ কৰা সভাত যি প্ৰভাৱশালী বক্তা হৈ
নিজৰ অনুভৱ শুনাব। ডাঙৰ প্ৰভাৱশালী বক্তা হওক, সৰু নহয়। যেনেকৈ চৰকাৰৰ
ভি.আই.পি.সকল বেলেগ হয়, তেনেকৈ মহাত্মাসকলৰ মাজতো ভি.আই.পি. থাকে, তেনেকুৱা কোনো
ডাঙৰ প্ৰভাৱশালী বক্তা সাজু কৰা, যিয়ে নিজৰ অনুভৱেৰে অন্যকো উৎসাহ-উদ্দীপনাত লৈ আনে।
তেনেকুৱা কাৰোবাক উলিওৱা, প্ৰস্তুতি চলোৱা। হ’ব পাৰে কিয়নো আজিকালি সকলোৱে বুজে যে
সাধু-সন্তৰ সেৱাতো দ্বাপৰৰ পৰা আৰম্ভ হ’ল কিন্তু আপোনালোকৰ দৰে এনে ডাঙৰ গুৰুৱে আনক
বা শিষ্যক তেনেকুৱা কৰি গঢ়ি তুলিব, তেনে উদাহৰণ তেওঁলোকৰ মাজত নাই আৰু বাপদাদাই
সন্তানসকলক নিজতকৈও বুদ্ধিমান কৰি গঢ়ি তুলিছে যিসকল ৰাইজৰ মাজলৈ আহে, সেয়েহে
পাঞ্জাৱে কিবা নবীনতা কৰি দেখুওৱা। ভি.আই.পি.সকলতো সকলো ফালৰ পৰাই আহে কিন্তু
তোমালোকে এনেকুৱা কাৰোবাক আনা যাতে সকলোৱে শুনি জাগৃত হৈ যায় আৰু বাৰ্তা পাই যায়।
হ’ব পাৰেনে? চাম। অলপ সময়তো লাগে কিন্তু তেনেকুৱা কাৰোবাক সাজু কৰি দেখুওৱা। বাকী
বৃদ্ধিতো হৈ আছে। ভাল বাৰু।
বৰদান:
পিতাৰ হাত আৰু
সান্নিধ্যৰ স্মৃতিৰে কঠিনক সহজ কৰোঁতা দুশ্চিন্তামুক্ত তথা নিচিন্ত হোৱা
যেনেকৈ কোনো
জ্যেষ্ঠজনৰ হাতত হাত থাকিলে তেতিয়া স্থিতি দুশ্চিন্তামুক্ত বা নিচিন্ত হৈ থাকে।
তেনেকৈ প্ৰতিটো কর্মত এনেকৈয়ে বুজিব লাগে যে বাপদাদা মোৰ লগতো আছে আৰু মোৰ এই
অলৌকিক জীৱনৰ হাত তেওঁৰ হাতত আছে অৰ্থাৎ জীৱন তেওঁৰ ওচৰত সমৰ্পিত, তেতিয়া দায়িত্বও
তেওঁৰ হৈ যায়। সকলো বোজা পিতাৰ ওপৰত ৰাখি নিজক পাতল কৰি দিয়া। বোজা আঁতৰোৱা বা
কঠিনক সহজ কৰাৰ সাধনেই হৈছে - পিতাৰ হাত আৰু সান্নিধ্য।
স্লোগান:
পুৰুষাৰ্থত
সত্যতা থাকিলে তেতিয়া বাপদাদাৰ অতিৰিক্ত সহায়ৰ অনুভৱ কৰিবা।
অব্যক্ত ইংগিত:
নিশ্চয়ৰ আধাৰ মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা
যদি তোমালোকৰ সৈতে
কোনোবা সংঘাতত লিপ্ত হয় তেন্তে তোমালোকে তেওঁক নিজৰ স্নেহৰ জল দিয়া, তোমালোকে নিজৰ
মধুৰতা আৰু নম্ৰতাৰ গুণ এৰি নিদিবা। নম্ৰতাৰ পোছাক পিন্ধি থাকা। এই নম্ৰতাই হ’ল কৱচ,
যিটো সুৰক্ষাৰ সাধন। সংস্কাৰৰ ৰাস মিলোৱাৰ আটাইতকৈ সহজ উপায় হ’ল – নিজে নম্ৰচিত্ত
আৰু মধুৰতাৰে সম্পন্ন হৈ যোৱা আৰু অন্যক শ্ৰেষ্ঠ আসন দি দিয়া।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]