12.05.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এতিয়া বিনাশৰ সময় অতি সমীপত সেইকাৰণে এজন পিতাৰ সৈতে সঁচা প্ৰীতি ৰাখা, কোনো দেহধাৰীৰ সৈতে নহয়”

প্ৰশ্ন:
যিসকল সন্তানৰ সঁচা প্ৰীতি এজন পিতাৰ সৈতে থাকিব তেওঁলোকৰ লক্ষণ কি হ’ব?

উত্তৰ:
(1) তেওঁলোকৰ বুদ্ধিৰ যোগসূত্ৰ কোনো দেহধাৰীৰ ফালে যাব নোৱাৰে। তেওঁলোক পৰস্পৰ ইজন-সিজনৰ প্ৰেমিক-প্ৰেমিকা নহ’ব। (2) যাৰ সঁচা প্ৰীতি আছে তেওঁ সদায় বিজয়ী হয়। বিজয়ী হোৱা অৰ্থাৎ সত্যযুগৰ মহাৰজা-মহাৰাণী হোৱা। (3) প্ৰীতি বুদ্ধিৰসকল সদায় পিতাৰ সৈতে সততাৰে চলে। একো লুকুৱাব নোৱাৰে। (4) নিতৌ অমৃতবেলা উঠি মৰমেৰে পিতাক স্মৰণ কৰিব। (5) দধিচী ঋষিৰ দৰে সেৱাত অস্থি দিব (সৰ্বতোপ্ৰকাৰে সেৱা কৰিব)। (6) তেওঁলোকৰ বুদ্ধি জাগতিক কথাত দিগভ্ৰান্ত হৈ থাকিব নোৱাৰে।

গীত:
ন ৱহ হমচে জুদা হোংগে, ন ওলফট্ দিল চে নিকলেগী.... (তেওঁ আমাৰ পৰা বিচ্ছিন্ন নহ’ব আৰু তেওঁৰ সৈতে আমাৰ মৰম কমি নাযাব....)

ওঁম্শান্তি।
এয়া ব্ৰহ্মা মুখ বংশাৱলী, ব্ৰাহ্মণ কুল ভূষণসকলে সৈতেজ্ঞা কৰে কিয়নো তেওঁলোকৰ প্ৰীতি এজন পিতাৰ সৈতে গঢ়ি উঠিছে। তোমালোকে জানা - এয়া বিনাশৰ সময়। পিতাই সন্তানসকলক বুজায় যে বিনাশতো হ’বই। বিনাশৰ সময়ত যাৰ প্ৰীতি পিতাৰ সৈতে থাকিব, তেওঁলোকেই বিজয় প্ৰাপ্ত কৰিব অৰ্থাৎ সত্যযুগৰ মালিক হ’ব। শিৱবাবাই বুজাইছে - বিশ্বৰ মালিকতো ৰজাও হয় আৰু প্ৰজাও হয়, কিন্তু পদ-মৰ্যাদাত বহুত পাৰ্থক্য আছে। যিমানে পিতাৰ সৈতে প্ৰীতি ৰাখিব, স্মৃতিত থাকিব সিমানে উচ্চ পদ পাব। বাবাই বুজাইছে - পিতাৰ স্মৃতিৰেহে তোমালোকৰ বিকৰ্মৰ বোজা ভস্ম হ’ব। তোমালোকে লিখিব পাৰা যে বিনাশ কালত অপ্ৰীতিকৰ (ভ্ৰষ্ট) বুদ্ধিৰসকলৰ নাশ হয়…. এনেকৈ লিখাত কোনো ভয়ৰ কথাই নাই। পিতাই কয় - মই নিজেই কওঁ যে তেওঁলোকৰ বিনাশ হ’ব আৰু প্ৰীতি বুদ্ধিৰসকলৰ বিজয় হ’ব। বাবাই একেবাৰে স্পষ্টকৈ কৈ দিয়ে। এই জগতত প্ৰীতিতো কাৰোৱেই নাই। তোমালোকৰহে প্ৰীতি আছে। বাবাই কয় - সন্তানসকল, পৰমাত্মা আৰু শ্ৰীকৃষ্ণৰ মহিমা পৃথক পৃথককৈ লিখা তেতিয়া সিদ্ধ হৈ যাব যে ‘গীতা’ৰ ভগৱান কোন? এইটোতো জৰুৰী নহয় জানো। দ্বিতীয়তে বাবাই বুজায় - জ্ঞানৰ সাগৰ, পতিত-পাৱন পৰমপিতা নে পানীৰ নদী? জ্ঞান গংগা নে পানীৰ গংগা? এইটোতো বহুত সহজ। আনটো কথা হৈছে- যেতিয়া প্ৰদৰ্শনীৰ আয়োজন কৰা তেতিয়া পোন-প্ৰথমে ‘গীতা’ পাঠশালাৰসকলক নিমন্ত্ৰণ দিয়া উচিত। তেওঁলোকতো অনেক আছে। তেওঁলোকক বিশেষভাৱে নিমন্ত্ৰণ দিব লাগে। যিয়ে শ্ৰীমদ্ভাগৱত গীতা অধ্যয়ন কৰে, তেওঁলোকক প্ৰথমে নিমন্ত্ৰণ দিয়া উচিত কিয়নো তেওঁলোকেই পাহৰি গৈছে আৰু সকলোকে পাহৰাই থাকে। তেওঁলোকক মাতিব লাগে যে এতিয়া আহি বিচাৰ কৰক তাৰপাছত যি বোধগম্য হ’ব তাকেই কৰিব। তেতিয়া মনুষ্যইও বুজিব - এওঁলোকে গীতা পাঠকসকলক নিমন্ত্ৰণ জনায়। সম্ভৱত এওঁলোকে ‘গীতা’ৰ বিষয়ে প্ৰচাৰ কৰে। ‘গীতা’ৰ দ্বাৰাই স্বৰ্গৰ স্থাপনা হৈছে। ‘গীতা’ৰ বহুত মহিমা আছে কিন্তু ভক্তিমাৰ্গৰ ‘গীতা’ নহয়। পিতাই কয় - মই তোমালোকক সত্যই শুনাওঁ। মনুষ্যই যি অৰ্থ উলিয়ায় সেয়া একেবাৰে ভুল। কোনেও সত্য নকয়, মইহে সত্য কথা শুনাওঁ। পৰমাত্মাক সৰ্বব্যাপি বুলি কোৱাটোও সত্য নহয়, এই সকলোবোৰ নাশ হ’ব আৰু কল্পই কল্পই হৈও থাকে। তোমালোকে প্ৰথম মুখ্য কথা এইটো বুজাব লাগে। পিতাই কয় – ইউৰোপবাসী যাদৱসকলৰ হৈছে বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধিৰ। বিনাশৰ কাৰণে ভালদৰে প্ৰস্তুতি চলাই আছে কিন্তু পাথৰ বুদ্ধিৰসকলে বুজিব নোৱাৰে। তোমালোকো পাথৰ বুদ্ধিৰ আছিলা, এতিয়া পাৰস বুদ্ধিৰ হ’ব লাগে। পাৰস বুদ্ধিৰ আছিলা আকৌ পাথৰ বুদ্ধিৰ কেনেকৈ হ’লা! এয়াও বিস্ময়কৰ। পিতাক কোৱাই হয় জ্ঞানপূৰ্ণ, দয়াশীল। বাকী যিসকলে নিজৰেই কল্যাণ কৰিব নাজানে তেওঁলোকে আনৰ কল্যাণ কেনেকৈ কৰিব! যিয়ে জ্ঞানেই ধাৰণ নকৰে তেন্তে পদো এনেকুৱাই পায়, যিসকল সেৱাধাৰী তেওঁলোকেহে উচ্চ পদ পাব। তেওঁলোককহে পিতাই মৰমো কৰে। পুৰুষাৰ্থৰ ক্ৰমানুসৰি হয়েই। বহুতেতো এইটোও নুবুজে যে আমাৰ পিতাৰ সৈতে প্ৰীতি নাই গতিকে পদো নাপাম। লাগিলে নিজৰেই (সুসন্তানেই) হওঁক বা সতীয়াই (কুসন্তানেই) হওঁক, বিনাশকালত প্ৰীতি বুদ্ধিৰ নহ’লে, পিতাক অনুকৰণ নকৰিলে তেন্তে গৈ কম পদ পাব। দৈৱীগুণো লাগে। কেতিয়াও মিছা ক’ব নালাগে। পিতাই কয় - মই সত্য কওঁ, যাৰ মোৰ সৈতে প্ৰীতি নাই তেওঁলোকে পদো নাপাব। যত্ন কৰি 21 জন্মৰ পূৰা উত্তৰাধিকাৰ ল’ব লাগে। গতিকে প্ৰদৰ্শনী, মেলাত পোন-প্ৰথমে ‘গীতা’ পাঠশালাৰসকলক নিমন্ত্ৰণ দিব লাগে কিয়নো তেওঁলোক ভক্ত হ’ল নহয়। ‘গীতা’ পাঠকসকলে নিশ্চয় শ্ৰীকৃষ্ণক স্মৰণ কৰিব কিন্তু একো বুজি নাপায়। শ্ৰীকৃষ্ণই মুৰুলী বজালে, ৰাধা আকৌ ক’লৈ গ’ল। সৰস্বতীক বীণা দি দিছে, মুৰুলী আকৌ শ্ৰীকৃষ্ণক দি দিছে। মনুষ্যই কয় - আমাক আল্লাই জন্ম দিছে, কিন্তু আল্লাক নাজানেই। ভাৰতৰে কথা। ভাৰততে দেৱতাসকলৰ ৰাজ্য আছিল, তেওঁলোকৰ চিত্ৰ মন্দিৰত পূজা কৰা হয়। বাকী ৰজা আদিৰ মূৰ্ত্তিতো বাহিৰত ৰাখি দিয়ে, য’ত চৰাই আদিয়ে বিষ্ঠা ত্যাগ কৰি থাকে। লক্ষ্মী-নাৰায়ণ, ৰাধা-কৃষ্ণ আদিক কিমান উচ্চ স্থানত অধিষ্ঠিত কৰে। তেওঁলোকক মহাৰজা-মহাৰাণী বুলি কোৱা হয়, ‘কিং’ (ৰজা) ইংৰাজী শব্দ। কিমান লাখ টকা খৰচ কৰি মন্দিৰ নিৰ্মাণ কৰে কিয়নো সেই মহাৰজা পৱিত্ৰ আছিল। যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা সকলো পূজ্য। তোমালোকেই পূজ্য আকৌ পূজাৰী হোৱা। গতিকে প্ৰথম কথা হ’ল, পিতাক স্মৰণ কৰা। পিতাক স্মৰণ কৰাৰ অভ্যাস কৰিলে ধাৰণা হ’ব। এজনৰ সৈতে যদি প্ৰীতি নাই তেন্তে আকৌ অন্যৰ সৈতে প্ৰীতি গঢ়ি উঠে। এনেকুৱা এনেকুৱা কন্যা আছে, যিয়ে ইজনে সিজনক ইমান মৰম কৰে যে শিৱবাবাকো ইমান নকৰে। শিৱবাবাই কয়- তোমালোকে বুদ্ধিৰ যোগসূত্ৰ মোৰ সৈতে গঢ়িব লাগে নে ইজন সিজনৰ প্ৰেমিক-প্ৰেমিকা হৈ যাব লাগে! তেতিয়া মোক একেবাৰে পাহৰি যায়। তোমালোকেতো বুদ্ধিৰ যোগসূত্ৰ মোৰ সৈতে গঢ়িব লাগে, ইয়াতেই পৰিশ্ৰম হয়। বুদ্ধি আঁতৰিয়েই নাহে। শিৱবাবাৰ সলনি দিনে-ৰাতিয়ে ইজনে সিজনকে স্মৰণ কৰি থাকে। বাবাই নাম শুনালে বিশ্বাসঘাতক হৈ যায়, তেতিয়া গালি দিবলৈও পলম নকৰে। এইজন বাবাক (ব্ৰহ্মাক) গালি দিলে শিৱবাবায়ো তৎক্ষণাৎ শুনি ল’ব। ব্ৰহ্মাৰ পৰা নপঢ়িলে তেন্তে শিৱবাবাৰ পৰা পঢ়িব নোৱাৰে। ব্ৰহ্মা অবিহনেতো শিৱবাবায়ো শুনিব নোৱাৰে, সেইবাবে কয় সাকাৰক গৈ সোধা। বহুত ভাল ভাল সন্তান আছে যিসকলে সাকাৰক নামানেই। এনেকৈ ভাবে - এওঁতো পুৰুষাৰ্থী। পুৰুষাৰ্থীতো সকলো হয় কিন্তু তোমালোকে মা-পিতাকহে অনুসৰণ কৰিব লাগে। কিছুমানেতো বুজালে বুজি পায়, কিছুমানৰ ভাগ্যত নাই গতিকে বুজি নাপায়, সেৱাধাৰী নহয়েই। কিন্তু বুদ্ধি একমাত্ৰ পিতাৰ লগত ৰাখিব লাগে। আজিকালি বহুত ওলাইছে যিসকলে কয় যে মোৰ তাত শিৱবাবা আহে, এই ক্ষেত্ৰত বহুত সাৱধান হ’ব লাগে। মায়াৰ বহুত প্ৰৱেশতা হয়, যাৰ তাত আগতে শ্ৰীনাৰায়ণ আদি আহিছিল, তেওঁলোকো আজি নাই। কেৱল প্ৰৱেশতাৰে একো নহয়। পিতাই কয় - মামেকম্‌ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা। বাকী মোৰ তাত এওঁ আহে, তেওঁ আহে…. এই সকলোবোৰ মায়া। মোৰ স্মৃতিয়েই যদি নাথাকে তেন্তে প্ৰাপ্তি কি হ’ব, যেতিয়ালৈকে পিতাৰ লগত চিধা যোগ নাথাকে তেন্তে পদ কেনেকৈ পাব, ধাৰণা কেনেকৈ হ’ব।

পিতাই কয় - তোমালোকে মামেকম্‌ স্মৰণ কৰা। ব্ৰহ্মাৰ দ্বাৰাহে মই বুজাওঁ, ব্ৰহ্মাৰ দ্বাৰাহে স্থাপনা হৈছে। ত্ৰিমূৰ্তিও নিশ্চয় লাগে। কিছুমানেতো ব্ৰহ্মাৰ চিত্ৰ দেখি বিতুষ্ট হয়। বহুতে আকৌ শ্ৰীকৃষ্ণৰ 84 জন্ম দেখি বিতুষ্ট হয়। চিত্ৰ ফালিও পেলায়। হেৰ’ এয়াতো পিতাই চিত্ৰ তৈয়াৰ কৰাইছে। গতিকে পিতাই সন্তানসকলক বুজায় – পাহৰি নাযাবা, কেৱল পিতাক স্মৰণ কৰি থাকা। বন্ধনত থকাসকলেও চিঞৰিব নালাগে। ঘৰত বহি পিতাক স্মৰণ কৰি থাকা। বন্ধনত থকাসকলেতো আৰুহে উচ্চ পদ পাব পাৰে। তোমালোক সন্তানসকলক জ্ঞান দিওঁতা হয়েই এজন জ্ঞানৰ সাগৰ। আধ্যাত্মিক জ্ঞান এজন পিতাৰ বাহিৰে আৰু কাৰো নাই। জ্ঞানৰ সাগৰ একমাত্ৰ পৰমপিতা পৰমাত্মাহে, তেওঁকেই মুক্তিদাতা বুলি কোৱা হয়, ইয়াত ভয় কৰিবলগীয়া কি কথা আছে। পিতাই সন্তানসকলক বুজায়, সন্তানসকলে আকৌ আনক বুজাব লাগে। পিতাই কয় - মোক স্মৰণ কৰিলে সৎগতি পাবা। সত্যযুগত হৈছে ৰামৰাজ্য, কলিযুগত নাই। সত্যযুগততো এখনেই ৰাজ্য। এই সকলো কথা তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি আছে, যাৰ বুদ্ধিত ধাৰণ হয়, যাৰ ধাৰণ নহয় তেওঁলোকক বিনাশকালত অপ্ৰীতিকৰ বুদ্ধিৰ বুলি কোৱা হ’ব, পদ পাব নোৱাৰিব। বিনাশতো সকলোৰে হ’ব। এইটো জানো কম কথা! শিৱবাবাই কয় - বিনাশকালত প্ৰীতি বুদ্ধিৰ হোৱা। এয়া তোমালোকৰ অন্তিম জন্ম, এইটো জন্মত যদি তোমালোকে প্ৰীতি নাৰাখা তেন্তে পদো নাপাবা। সঁচা অন্তৰৰ হ’লে চাহেব ৰাজী হয়। দধিচী ঋষিৰ দৰে সেৱাত অস্থি দিব (সকলো প্ৰকাৰে সেৱা কৰিব) লাগে। কেতিয়াবা কাৰোবাৰ ওপৰত গ্ৰহচাৰী বহিলে তেতিয়া নিচাই নোহোৱা হৈ যায়, অনেক প্ৰকাৰৰ ধুমুহা আহি থাকে। মুখেৰে কয় ইয়াতকৈতো লৌকিকৰসকলৰ ওচৰলৈকে গুচি যাওঁ, ইয়াততো একো আনন্দ নাই। তাততো নাটক, চিনেমা আদি বহুত আছে, যিসকল এইবোৰ কথাত গৈছে তেওঁলোক ইয়াত তিষ্ঠি থাকিব নোৱাৰে, বহুত কঠিন। অৱশ্যে হয়, পুৰুষাৰ্থৰ দ্বাৰা উচ্চ পদো পাব পাৰে, আনন্দত থাকিব লাগে। বাবাই নিজে কয় - ৰাতিপুৱা উঠি যদি নবহোঁ তেন্তে আনন্দই নালাগে। বাগৰি থাকিলে কেতিয়াবা কেতিয়াবা টোপনি আহি যাব। উঠি বহিলে ভাল ভাল সাৰুৱা কথা ওলায়, বহুত আনন্দ লাগে।

এতিয়া বাকী কিছুদিন আছে, আমি পিতাৰ পৰা বিশ্বৰ বাদশ্বাহী লৈ আছোঁ। বহি যদি এয়াও স্মৰণ কৰে তেতিয়াও আনন্দৰ পাৰা উৰ্দ্ধগামী হ’ব। ৰাতিপুৱাই যদি চিন্তন চলে তেন্তে দিনতো আনন্দিত হৈ থাকে। যদি আনন্দিত হৈ নাথাকে তেন্তে নিশ্চয় পিতাৰ সৈতে প্ৰীতি বুদ্ধি নাই। অমৃতবেলা একান্ত অৱস্থা ভাল হয়, যিমানে পিতাক স্মৰণ কৰিবা সিমানে আনন্দৰ পাৰা উৰ্দ্ধগামী হ’ব। এই পঢ়াত গ্ৰহচাৰী বহে কিয়নো পিতাক পাহৰি যায়। পিতাৰ পৰা উত্তৰাধিকাৰ ল’বলৈ হ’লে মন-বচন-কৰ্মেৰে সেৱা কৰিব লাগে। এই সেৱাতেই এই অন্তিম জন্ম ব্যতীত কৰিব লাগে। যদি জাগতিক কথাবোৰত লাগি যোৱা তেন্তে আকৌ এই সেৱা কেতিয়া কৰিবা! কাইলৈ কাইলৈ কৰোঁতে মৰি যাবা। পিতা আহিছেই স্বৰ্গলৈ লৈ যাবলৈ। ইয়াততো যুদ্ধত কিমান মৰে, কিমানৰ দুখ হয় চাগৈ। তাততো যুদ্ধ আদি নহ’ব। এই সকলোবোৰ অন্তিমৰ, সকলো শেষ হৈ যাব। অনাথসকল এনেকৈয়ে মৰিব, যিসকল প্ৰভুৰ হ’ব তেওঁলোকে ৰাজ্য-ভাগ্য লাভ কৰিব।

প্ৰদৰ্শনীতো বুজাব লাগে যে আমি নিজৰ উপাৰ্জনেৰে, নিজৰে তন-মন-ধনেৰে নিজৰ ৰাজ্য স্থাপন কৰি আছোঁ। আমি ভিক্ষা নিবিচাৰোঁ, প্ৰয়োজনেই নাই। বহুত ভাই-ভনী একত্ৰিত হৈ ৰাজধানী স্থাপন কৰোঁ। তোমালোকে কোটি কোটি জমা কৰি নিজৰ বিনাশ কৰে, আমি পাই পাই জমা কৰি বিশ্বৰ মালিক হওঁ। কিমান আশ্চৰ্যজনক কথা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অমৃতবেলা একান্তত বহি পিতাক মৰমেৰে স্মৰণ কৰিব লাগে। জাগতিক কথা বাদ দি ঈশ্বৰীয় সেৱাত লাগি যাব লাগে।

(2) পিতাৰ সৈতে সঁচা অন্তৰৰ হ’ব লাগে। পৰম্পৰ ইজন-সিজনৰ প্ৰেমিক-প্ৰেমিকা হ’ব নালাগে। প্ৰীতি এজন পিতাৰ সৈতে গঢ়িব লাগে। দেহধাৰীসকলৰ সৈতে নহয়।

বৰদান:
সৰ্ব শক্তিৰ সম্পত্তিৰে সম্পন্ন হৈ দাতা হওঁতা বিধাতা, বৰদাতা হোৱা

যিসকল সন্তান সৰ্ব শক্তিৰে সম্পত্তিমান হয় তেওঁলোকেই সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ সমীপতাৰ অনুভৱ কৰে। তেওঁলোকৰ মাজত কোনোধৰণৰ ভক্তবোধ বা ভিক্ষাৰীবোধৰ সংস্কাৰ জাগ্ৰত নহয়, পিতাৰ সহায় লাগে, আশীৰ্বাদ লাগে, সহযোগ লাগে, শক্তি লাগে - এই ‘লাগে’ শব্দ দাতা বিধাতা, বৰদাতা সন্তানসকলৰ ক্ষেত্ৰত শোভা নাপায়। তেওঁলোকতো হৈছে বিশ্বৰ প্ৰত্যেক আত্মাক কিবা নহয় কিবা দান বা বৰদান দিওঁতা।

স্লোগান:
প্ৰত্যেক আত্মাক কিবা নহয় কিবা প্ৰাপ্তি কৰাওঁতা বচনেই সত্য বচন।


অব্যক্ত ইংগিত: সদায় অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা

কোনোবাই যিমানেই বিচলিত নকৰক কিয়, তোমালোক অবিচলিত হৈ থাকা। পৰিস্থিতি শ্ৰেষ্ঠ নে স্ব-স্থিতি শ্ৰেষ্ঠ? কেতিয়াবা পৰিস্থিতিয়ে প্ৰহাৰতো নকৰে? ভাবা যে এই পৰিস্থিতি শক্তিশালী নে স্ব-স্থিতি শক্তিশালী? গতিকে এইটো স্মৃতিৰে দুৰ্বলৰ পৰা শক্তিশালী হৈ যাবা। যেনেকৈ তোমালোক তপস্বী একৰস স্থিতিত একাগ্ৰ হোৱা, তেনেকৈ হঠযোগীয়ে আকৌ এখন ভৰিৰ ওপৰত থিয় হৈ থাকে। গতিকে ক’ত একৰস স্থিতি আৰু ক’ত এখন ভৰিৰ ওপৰত স্থিৰ হৈ থকা, পাৰ্থক্য হৈ গ’ল নহয়!

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]