12.06.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতা সেইখন ৰথত আহে, যিয়ে পোন-প্ৰথমে ভক্তি আৰম্ভ কৰিলে, যি এক নম্বৰৰ পূজ্য আছিল আকৌ পূজাৰী হৈছে, এইটো ৰহস্য সকলোকে স্পষ্ট কৰি শুনোৱা”

প্ৰশ্ন:
পিতাই নিজৰ উত্তৰাধিকাৰী সন্তানসকলক কোনটো উত্তৰাধিকাৰ দিবলৈ আহিছে?

উত্তৰ:
পিতা সুখ, শান্তি, প্ৰেমৰ সাগৰ। এয়াই সকলো সম্পদ তেওঁ তোমালোকক ইচ্ছাপত্ৰ কৰি দিয়ে। এনেকৈ ইচ্ছাপত্ৰ কৰি দিয়ে যে 21 জন্মলৈকে তোমালোকে খাই থাকা, শেষ হ'ব নোৱাৰে। তোমালোকক কড়িৰ পৰা হীৰাতুল্য কৰি তোলে। তোমালোকে পিতাৰ সকলো সম্পদ যোগবলেৰে লৈ লোৱা। যোগ অবিহনে সম্পদ প্ৰাপ্ত কৰিব নোৱাৰা।

ওঁম্শান্তি।
শিৱ ভগৱানুবাচ (ভগৱানে কয়)। এতিয়া শিৱ ভগৱান নিৰাকাৰকতো সকলোৱে মানে। এজনেই নিৰাকাৰ শিৱ, যাক সকলোৱে পূজা কৰে। বাকী যিসকল দেহধাৰী আছে তেওঁলোকৰ সাকাৰ ৰূপ আছে। পোন-প্ৰথমে আত্মা নিৰাকাৰ আছিল পাছত সাকাৰী হৈছে। সাকাৰী হয়, শৰীৰত প্ৰৱেশ কৰে তেতিয়া আত্মাৰ ভূমিকা আৰম্ভ হয়। মূললোকততো কোনো ভূমিকা নাই। যেনেকৈ ভাৱৰীয়া যেতিয়া ঘৰত থাকে তেতিয়া নাটকৰ ভূমিকা নাই। মঞ্চত আহিলে ভূমিকা পালন কৰে। আত্মাসকলেও ইয়াত আহি শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰে। পালন কৰা ভূমিকাৰ ওপৰতে সকলো নিৰ্ভৰ কৰে।‌ আত্মাততো কোনো পাৰ্থক্য নাই। যেনেকৈ তোমালোক সন্তানসকলৰ আত্মা আছে, তেনেকৈ এওঁৰ আত্মা আছে। পিতা পৰম আত্মাই কি কৰে? তেওঁৰ বৃত্তি কি, সেয়া জানিব লাগে। কোনোবা ৰাষ্ট্ৰপতি, কোনোবা ৰজা, এয়া আত্মাৰ বৃত্তি নহয় জানো। এওঁলোক পৱিত্ৰ দেৱতা, সেই কাৰণে এওঁলোকক পূজা কৰা হয়। এতিয়া তোমালোকে বুজি পাইছা যে এই পাঠ পঢ়ি লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক হৈছে। কোনে কৰি তুলিলে? পৰম আত্মাই। তোমালোক আত্মাসকলেও পঢ়োৱা। ডাঙৰ কথা এইটো যে পিতা নিজে আহি তোমালোক সন্তানসকলক পঢ়ায় আৰু ৰাজযোগো শিকায়। কিমান সহজ। ইয়াক কোৱা হয় ৰাজযোগ। পিতাক স্মৰণ কৰিলে আমি সতোপ্ৰধান হৈ যাওঁ। পিতাতো হয়েই সতোপ্ৰধান। তেওঁৰ কিমান মহিমা গায়। ভক্তিমাৰ্গত কিমান ফল, গাখীৰ আদি অৰ্পণ কৰে। জ্ঞান একো নাই। দেৱতাসকলক পূজা কৰে, শিৱক গাখীৰ, ফুল আদি অৰ্পণ কৰে, একো গম নাপায়। দেৱতাসকলে ৰাজ্য কৰিলে। বাৰু, শিৱক কিয় অৰ্পণ কৰে? তেওঁ কি কৰ্তব্য কৰিছিল যাৰ বাবে ইমান পূজা কৰা? দেৱতাসকলক তথাপিও জানা, তেওঁলোক হৈছে স্বৰ্গৰ মালিক। তেওঁলোকক কোনে গঢ়ি তুলিলে, এয়াও গম নাপায়। পূজাও কৰে শিৱৰ কিন্তু এইটো খেয়াল নাই যে এওঁ ভগৱান। ভগৱানে এওঁলোকক এনেকৈ গঢ়ি তুলিছে। কিমান ভক্তি কৰে। হওঁতে সকলো অজ্ঞান। তোমালোকেও শিৱৰ পূজা কৰিছিলা, এতিয়া তোমালোকে বুজি পাইছা, আগতে একো নাজানিছিলা। তেওঁৰ বৃত্তি কি, কি সুখ দিয়ে, একোৱেই নাজানিছিলা। এই দেৱতাসকলে জানো সুখ দিয়ে? যদিও ৰজা-ৰাণীয়ে প্ৰজাক সুখ দিয়ে কিন্তু তেওঁলোককতো শিৱবাবায়ে এনেকৈ গঢ়িলে নহয় জানো। মহিমা তেওঁৰ। এওঁতো কেৱল ৰাজত্ব কৰে, প্ৰজাও হৈ যায়। বাকী এওঁ কাৰো কল্যাণ নকৰে। যদি কৰেও সেয়া অলপ সময়ৰ কাৰণে। এতিয়া তোমালোক সন্তানসকলক পিতাই বহি পঢ়াই আছে। তেওঁক কোৱা হয় কল্যাণকাৰী। পিতাই নিজৰ পৰিচয় দিয়ে, মোৰ লিংগক (শিৱলিংগৰ) তোমালোকে পূজা কৰিছিলা, তেওঁক পৰম আত্মা বুলি কৈছিলা। পৰম আত্মাৰ পৰা পৰমাত্মা হৈ যায়‌। কিন্তু এইটো নাজানে যে এওঁ কি কৰে। বচ্, কেৱল কৈ দিব যে তেওঁ সৰ্বব্যাপি। নাম-ৰূপৰ পৰা উপৰাম। আকৌ তেওঁক গাখীৰ আদি অৰ্পণ কৰিলে শোভা নাপায়। আকাৰ আছে সেই কাৰণেইতো তেওঁক অৰ্পণ কৰে নহয়। তেওঁক নিৰাকাৰ বুলিতো ক'ব নোৱাৰি। তোমালোকৰ লগত মনুষ্যই তৰ্ক বহুত কৰে, বাবাৰ আগত আহিও তৰ্কই কৰিব। অকাৰণতে মগজ নষ্ট কৰিব। লাভ একো নাই। এয়া বুজোৱাতো তোমালোকৰ সন্তানসকলৰ কাম। তোমালোক সন্তানসকলে জানা যে বাবাই আমাক কিমান উচ্চ কৰি তোলে। এয়া হৈছে পঢ়া। পিতা শিক্ষক হৈ পঢ়ায়। তোমালোকে মনুষ্যৰ পৰা দেৱতা হ'বৰ কাৰণে পঢ়ি আছা। দেৱী-দেৱতাসকল স্বৰ্গত থাকে। কলিযুগত নহয়। ৰামৰাজ্যই নাই যে পৱিত্ৰ হৈ থাকিব পাৰে। দেৱী-দেৱতাসকল আছিল আকৌ বিকাৰী মাৰ্গত গুচি যায়। বাকী যেনেকুৱা চিত্ৰ দেখুৱায়, তেনেকুৱা নহয়। জগন্নাথ মন্দিৰত তোমালোকে দেখিবা ক'লা চিত্ৰ আছে। পিতাই কয় - মায়াৰ ওপৰত বিজয়ী হৈ জগতজিৎ হোৱা। গতিকে তেওঁলোকে জগত-নাথ নাম ৰাখি দিলে। ওপৰত সকলো অশালীন চিত্ৰ দেখুৱাইছে। দেৱতাসকল বিকাৰী মাৰ্গত যোৱাৰ কাৰণে ক'লা হৈ গ'ল। তেওঁলোকৰো পূজা কৰি থাকে। মনুষ্যইতো একো গমেই নাপায় - কেতিয়া আমি পূজ্য আছিলোঁ? 84 জন্মৰ হিচাপ কাৰো বুদ্ধিত নাই। প্ৰথমে পূজ্য সতোপ্ৰধান পাছত 84 জন্ম লৈ লৈ তমোপ্ৰধান পূজাৰী হৈ যায়। ৰঘুনাথ মন্দিৰত ক'লা চিত্ৰ দেখুৱায়, তাৰ অৰ্থতো একোৱেই বুজি নাপায়। এতিয়া তোমালোক সন্তানসকলক পিতাই বহি বুজায়। জ্ঞান চিতাত বহি সুন্দৰ হৈ যোৱা, কাম চিতাত বহি ক'লা হৈ যোৱা। দেৱতাসকল বিকাৰী মাৰ্গত গৈ বিকাৰী হৈ যায় তেতিয়া তেওঁলোকৰ দেৱতা নামতো ৰাখিব নোৱাৰি। বিকাৰী মাৰ্গত গৈ ক'লা হৈ গৈছা, সেয়া তাৰ চিন দেখুৱাইছে। তোমালোকে জানা যে শিৱবাবাতো ক'লা নহয়েই। তেওঁতো হীৰা হয়, যিয়ে তোমালোককো হীৰতুল্য কৰি তোলে। তেওঁতো কেতিয়াও ক'লা নহয়, তেওঁক আকৌ ক'লা কিয় কৰি দিয়ে! কোনোবা ক'লা হয়, তেওঁ বহি ক'লা কৰি দিয়ে। শিৱবাবাই কয় - মই কি দোষ কৰিলোঁ যাৰ কাৰণে মোক ক'লা কৰি দিলে। মইতো আহোঁৱে সকলোকে বগা (সুন্দৰ) কৰি তুলিবলৈ, মইতো সদায়েই বগা। মনুষ্যৰ বুদ্ধি এনেকুৱা হৈ গৈছে যে একোৱেই বুজি নাপায়। শিৱবাবা হয়েই সকলোকে হীৰা কৰি তোলোঁতা। মইতো সৰ্বদা সুন্দৰ পথিক। মই কি কৰিলোঁ যাৰ কাৰণে মোক ক'লা কৰি দিলে। এতিয়া উচ্চ পদ পাবৰ কাৰণে তোমালোকো বগা হ'ব লাগে। উচ্চ পদ কেনেকৈ প্ৰাপ্ত হ'ব? সেয়াতো পিতাই বুজাইছে পিতাক অনুসৰণ কৰা। যেনেকৈ এওঁ (ব্ৰহ্মা বাবাই) সকলো পিতাক হস্তান্তৰ কৰি দিলে। পিতাক চোৱা কেনেকৈ সকলোবোৰ দি দিলে। সাধাৰণ আছিল, বহুত গৰিবো নহয় আৰু বহুত চহকীও নহয়। বাবাই এতিয়াও কয় - তোমালোকৰ খোৱা-বোৱা মধ্যমীয়া সাধাৰণ হ'ব লাগে। বহুত উচ্চও নহয় আৰু বহুত কমো নহয়। পিতাইহে সকলো শিক্ষা দিয়ে। এৱোঁতো দেখাত সাধাৰণ ৰূপতেই আহে। তোমালোকক কয় - ভগৱান ক'ত আছে, দেখুওৱা। হেৰ’, আত্মাতো বিন্দু হয়, আত্মাক দেখা পাবা কেনেকৈ! এইটোতো জানা যে আত্মাৰ সাক্ষাৎকাৰ এই দুচকুৰ দ্বাৰা নহয়। তোমালোকে কোৱা ভগৱানে পঢ়ায় তেন্তে নিশ্চয় কোনোবা শৰীৰধাৰী হ'ব। নিৰাকাৰে কেনেকৈ পঢ়াব। মনুষ্যইতো একোৱেই নাজানে। যেনেকৈ তোমালোক হৈছা আত্মা, শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰা। আত্মাইহে ভূমিকা পালন কৰে। আত্মাইহে শৰীৰ দ্বাৰা কয়। গতিকে আত্মাৰ বাণী। কিন্তু আত্মাৰ বাণী বুলিলে শোভা নাপায়। আত্মা হৈছে বানপ্ৰস্থ, বাণীৰ পৰা দূৰৈত, বাণীতো শৰীৰ দ্বাৰাই ক’ব। বাণীৰ পৰা দূৰৈত কেৱল আত্মাহে থাকি যায়। বাণীত আহিবলৈ হ’লে শৰীৰ নিশ্চয় লাগিব। পিতাও জ্ঞানৰ সাগৰ হয় তেন্তে নিশ্চয় কাৰোবাৰ শৰীৰৰ আধাৰ ল'ব নহয়। তাক ৰথ বুলি কোৱা হয়। নহ'লে তেওঁ শুনাব কেনেকৈ? পিতাই পতিতৰ পৰা পাৱন হ'বৰ কাৰণে শিক্ষা দিয়ে। প্ৰেৰণাৰ কথা নহয়। এয়াতো জ্ঞানৰ কথা। তেওঁ আহে কেনেকৈ? কাৰ শৰীৰত আহিব? আহিব নিশ্চয় মনুষ্যৰ শৰীৰতেই। কোনগৰাকী মনুষ্যৰ শৰীৰত আহিব? তোমালোকৰ বাহিৰে আন কোনেও গম নাপায়‌। ৰচয়িতাই নিজেই বহি নিজৰ পৰিচয় দিয়ে। মই কেনেকৈ আৰু কোনখন ৰথত আহোঁ। সন্তানসকলেতো জানেই পিতাৰ ৰথ কোনখন। বহুত মনুষ্য বিভ্ৰান্ত হৈ আছে। কাৰ কাৰ ৰথ বুলি কৈ দিয়ে। জন্তু আদিততো আহিব নোৱাৰে। পিতাই কয় - মই কোনগৰাকী মনুষ্যৰ শৰীৰত আহোঁ। এয়া বুজিব নোৱাৰে। আহিবলগীয়া হয়ো ভাৰততে। ভাৰতবাসীৰ ভিতৰতো কাৰ শৰীৰত আহোঁ, ৰাষ্ট্ৰপতি বা সাধু মহাত্মাৰ ৰথত আহিম জানো? এনেকুৱাও নহয় যে পৱিত্ৰ ৰথত আহিব লাগে। এয়া হয়েই ৰাৱণৰ ৰাজ্য। গায়নো আছে - দূৰণিৰ দেশৰ নিবাসী।

এইটোও সন্তানসকলে জানে যে ভাৰত অবিনাশী খণ্ড। ইয়াৰ কেতিয়াও বিনাশ নহয়। অবিনাশী পিতা অবিনাশী ভাৰত খণ্ডতেই আহে। কাৰ শৰীৰত আহে, তেওঁ নিজেই কয়। আৰুতো কোনেও জানিব নোৱাৰে। তোমালোকে জানা কোনো সাধু মহাত্মাৰ শৰীৰততো আহিব নোৱাৰে। তেওঁলোক হৈছে হঠযোগী, নিবৃত্তি মাৰ্গৰ লোক। বাকী থাকিল ভাৰতবাসী ভক্ত। এতিয়া ভক্তৰ ভিতৰতো কোনগৰাকী ভক্তৰ শৰীৰত আহিব? ভক্ত পুৰণা লাগে, যিয়ে বহুত ভক্তি কৰিছে। ভক্তিৰ ফল দিবলৈ ভগৱান আহিবলগীয়া হয়। ভাৰতত ভক্ততো বহুত আছে। ক'ব এওঁ বহুত ডাঙৰ ভক্ত, এওঁৰ শৰীৰত আহিব লাগে। এনেকুৱাতো বহুত ভক্ত হৈ যায়। কালিলৈ কাৰোবাৰ বৈৰাগ্য জন্মিল, ভক্ত হৈ যায়। তেওঁতো এইটো জন্মৰ ভক্ত হ'ল নহয় জানো। তেওঁৰ শৰীৰত নাহে। মই তেওঁৰ শৰীৰত আহোঁ, যিয়ে পোন-প্ৰথমে ভক্তি আৰম্ভ কৰিছিল। দ্বাপৰৰ পৰা ভক্তি আৰম্ভ হৈছে। এই হিচাপ-নিকাচ কোনেও বুজিব নোৱাৰে। কিমান গুপ্ত কথা। মই আহোঁ তেওঁৰ শৰীৰত যিয়ে পোন-প্ৰথমে ভক্তি আৰম্ভ কৰে। এক নম্বৰত যি পূজ্য আছিল তেৱেঁই আকৌ এক নম্বৰৰ পূজাৰীও হ'ব‌। নিজেই কয় - এই ৰথখনেই প্ৰথম নম্বৰত যায়। পুনৰ 84 জন্ম এৱেঁই লয়। মই এওঁৰেই বহুত জন্মৰ অন্তৰো অন্তত প্ৰৱেশ কৰোঁ। এৱেঁই আকৌ এক নম্বৰৰ ৰজা হ'ব লাগে। এৱেঁই বহুত ভক্তি কৰে। ভক্তিৰ ফলো এৱেঁই পাব লাগে। পিতাই সন্তানসকলক দেখুৱায় যে চোৱা এওঁ মোৰ প্ৰতি কেনেকৈ উৎসৰ্গিত হ'ল। সকলো দি দিলে। ইমানবোৰ সন্তানক শিকাবৰ কাৰণে ধনো লাগে। ঈশ্বৰৰ যজ্ঞ ৰচা হৈছে। ভগৱানে এওঁৰ শৰীৰত বহি ৰুদ্ৰ জ্ঞান যজ্ঞ ৰচনা কৰে, ইয়াক পঢ়া বুলিও কোৱা হয়। ৰুদ্ৰ শিৱবাবা যি জ্ঞানৰ সাগৰ হয়, তেওঁ জ্ঞান দিব কাৰণে যজ্ঞ ৰচনা কৰিছে। শব্দটো একেবাৰে সঠিক। ৰাজস্ব, স্বৰাজ্য পাবৰ কাৰণে যজ্ঞ। ইয়াক যজ্ঞ বুলি কিয় কয়? যজ্ঞততো সেই লোকসকলে আহুতি আদি বহুত দিয়ে। তোমালোকেতো পঢ়া, আহুতি কি দিয়া? তোমালোকে জানা যে আমি পঢ়ি বুদ্ধিমান হৈ যাম। তেতিয়া গোটেই সৃষ্টি ইয়াত স্বাহা হৈ যাব। যজ্ঞত অন্তিম সময়ত যিবোৰ সামগ্ৰী আছে, সকলোবোৰ ঢালি দিয়ে।‌

তোমালোক সন্তানসকলে এতিয়া জানা যে আমাক পিতাই পঢ়াই আছে। পিতা হৈছে বহুত সাধাৰণ। মনুষ্যই কেনেকৈ জানিব পাৰে। এওঁ দাদাতো হীৰা-মুকুতাৰ বেপাৰী আছিল। শক্তিতো কোনো দেখিবলৈ পোৱা নাযায়। কেৱল ইমানেই কৈ দিয়ে এওঁৰ মাজত কিবা শক্তি আছে। বচ্। এইটো বুজি নাপায় যে এওঁৰ শৰীৰত সৰ্বশক্তিমান পিতা বহি আছে। এওঁৰ শক্তি আছে, সেই শক্তিও আহিল ক'ৰ পৰা? পিতা প্ৰৱেশ কৰিছে নহয়। তেওঁৰ যি সম্পদ সেয়া তেওঁ এনেয়ে দি দিব জানো। তোমালোকে যোগবলেৰে লোৱা। তেওঁতো সৰ্বশক্তিমান হয়েই। তেওঁৰ শক্তি ক'লৈকো গুচি নাযায়। পৰমাত্মাক সৰ্বশক্তিমান বুলি কিয় গায়ন কৰা হয়, এয়াও কোনেও নাজানে। পিতা আহি সকলো কথা বুজায়। পিতাই কয় - মই যাৰ শৰীৰত প্ৰৱেশ কৰোঁ, সেয়াতো একেবাৰে মামৰে ধৰি আছিল - পুৰণা দেশ, পুৰণা শৰীৰ, তেওঁৰ বহুত জন্মৰ অন্তত আহোঁ, যি মামৰ লাগি আছে সেয়া কোনেও আঁতৰাব নোৱাৰে। মামৰ আঁতৰ কৰোঁতা হৈছে এজনেই সৎগুৰু, তেওঁ সৰ্বদা পৱিত্ৰ। এয়া তোমালোকে বুজি পোৱা। এই সকলোবোৰ বুদ্ধিত ধাৰণ কৰিবৰ কাৰণেও সময় লাগে। তোমালোক সন্তানসকলৰ কাৰণে পিতাই সকলোবোৰ ইচ্ছাপত্ৰ কৰি দিয়ে। পিতা জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ, সন্তানসকলক সকলোবোৰ ইচ্ছাপত্ৰ কৰি দিয়ে। আহেও পুৰণি সৃষ্টিত। প্ৰৱেশো তেওঁৰ শৰীৰত কৰে, যি হীৰাতুল্য আছিল পুনৰ কড়িতুল্য হৈ গ’ল। তেওঁলোক যদিও এই সময়ত কোটিপতি, কিন্তু খন্তেক সময়ৰ কাৰণে। সকলো শেষ হৈ যাব। মূল্যৱানতো তোমালোক হোৱা। এতিয়া তোমালোকো বিদ্যাৰ্থী। এৱোঁ বিদ্যাৰ্থী, এৱোঁ বহুত জন্মৰ অন্তত আছে। মামৰ লাগি আছে। যিয়ে বহুত ভালকৈ পঢ়ে, তেওঁৰেই মামৰ লাগি আছে। তেৱেঁই সকলোতকৈ অধিক পতিত হৈ যায়, তেৱেঁই আকৌ পাৱন হ'ব লাগে। এইখন ড্ৰামা ৰচি থোৱা আছে। পিতাইতো সত্য কথা কয়। পিতা হৈছে সত্য। তেওঁ কেতিয়াও ওলোটা কথা নুশুনায়। এই কথাবোৰ কোনো মনুষ্যই বুজি পাব নোৱাৰে। তোমালোক সন্তানসকলৰ অবিহনে মনুষ্যই কেনেকৈ গম পাব‌। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) উচ্চ পদ পাবৰ কাৰণে পিতাক পূৰা অনুসৰণ কৰিব লাগে। সকলো পিতাক হস্তান্তৰ কৰি নিমিত্ত হৈ চম্ভালিব লাগে, পূৰা উৎসৰ্গিত হৈ যাব লাগে। খোৱা-বোৱা, থকা-লোৱাৰ ক্ষেত্ৰত মধ্যমীয়া হ'ব লাগে। বহুত উচ্চও নহয় আৰু অতি নীচো নহয়।

(2) পিতাই যি সুখ-শান্তি, জ্ঞানৰ সম্পদ ইচ্ছাপত্ৰ কৰি দিছে, সেয়া অন্যকো দিব লাগে, কল্যাণকাৰী হ'ব লাগে।

বৰদান:
পৱিত্ৰতাৰ গূঢ়াৰ্থ জানি লৈ সুখ-শান্তি সম্পন্ন হওঁতা মহান আত্মা হোৱা

পৱিত্ৰতা শক্তিৰ মহানতাক জানি পৱিত্ৰ অৰ্থাৎ পূজ্য দেৱ আত্মা এতিয়াৰে পৰা হোৱা। এনেকুৱা নহয় যে অন্তত হৈ যাম। এয়া বহুত সময়ৰ জমা হৈ থকা শক্তি অন্তত কামত আহিব। পৱিত্ৰ হোৱা সাধাৰণ কথা নহয়। ব্ৰহ্মচাৰী হৈ থাকে, পৱিত্ৰ হৈ গৈছে…. কিন্তু পৱিত্ৰতা হৈছে জননী, সংকল্পৰে হওঁক, বৃত্তিৰে হওঁক, বায়ুমণ্ডলৰে হওঁক, বাণীৰে হওঁক, সম্পৰ্কৰ দ্বাৰাই হওঁক সুখ-শান্তিৰ জননী হোৱা – ইয়াকে মহান আত্মা বুলি কোৱা হয়।

স্লোগান:
উচ্চ স্থিতিত স্থিত হৈ সকলো আত্মাক দয়াৰ দৃষ্টি দিয়া, প্ৰকম্পন বিয়পোৱা।


কৰ্মযোগী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

যেনেকৈ বিজ্ঞানৰ যন্ত্ৰই গৰম বা ঠাণ্ডাৰ বায়ুমণ্ডল সৃষ্টি কৰি দিয়ে তেনেকৈ তোমালোক মাষ্টৰ সৰ্বশক্তিমান আত্মাসকলে নিজৰ শান্তিৰ শক্তিৰে, নিজৰ একাগ্ৰ স্থিতিৰে যেনেকুৱা বায়ুমণ্ডল বা প্ৰকম্পন বিয়পাই দিব খোজা সেয়া বিয়পাই দিব পাৰা। ইয়াৰ বাবে অভ্যাস কৰা, নিজৰ নিজস্ব স্বধৰ্মত স্থিত হৈ সুখ, শান্তি আৰু শক্তিৰ বায়ুমণ্ডল সৃষ্টি কৰা। সেই বায়ুমণ্ডলত যিয়েই আত্মা আহে তেওঁলোকে উপলব্ধি কৰক যে ইয়াত বহুত সুখ, শান্তি আৰু শক্তি প্ৰাপ্ত হৈ আছে।


 
`