12.07.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক ঈশ্বৰৰ সন্তান তথা ৰাজকুমাৰ-ৰাজকুমাৰী হ’ব লাগে, সেই কাৰণে স্মৃতিৰ যাত্ৰাৰে নিজৰ বিকৰ্ম ভস্ম কৰা”

প্ৰশ্ন:
কোনটো এটা বিধিৰে তোমালোকৰ সকলো দুখ দূৰ হৈ যায়?

উত্তৰ:
যেতিয়া তোমালোকে নিজৰ দৃষ্টি পিতাৰ দৃষ্টিৰ সৈতে একাগ্ৰ কৰা তেতিয়া তোমালোকৰ সকলো দুখ দূৰ হৈ যায়, কিয়নো নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলে সকলো পাপ খণ্ডন হৈ যায়। এয়াই হৈছে তোমালোকৰ স্মৃতিৰ যাত্ৰা। তোমালোকে দেহৰ সকলো ধৰ্ম ত্যাগ কৰি পিতাক স্মৰণ কৰা, যাৰ দ্বাৰা আত্মা সতোপ্ৰধান হৈ যায়, তোমালোক সুখধামৰ মালিক হৈ যোৱা।

ওঁম্শান্তি।
শিৱ ভগৱানুবাচ (ভগৱানে কয়), নিজক আত্মা বুলি বুজি বহা। পিতাই আদেশ দিয়ে শিৱ ভগৱানুবাচ মানেই শিৱবাবাই বুজায় সন্তানসকল, নিজক আত্মা বুলি বুজি বহা কিয়নো তোমালোক সকলো হৈছা ভাই ভাই। এজন পিতাৰে সন্তান। এজন পিতাৰ পৰাই উত্তৰাধিকাৰ ল’ব লাগে, হুবহু যেনেকৈ 5 হাজাৰ বছৰ পূৰ্বে পিতাৰ পৰা উত্তৰাধিকাৰ লৈছিলা। আদি সনাতন দেৱী-দেৱতাসকলৰ ৰাজধানীত আছিলা। পিতাই বহি বুজায় - তোমালোক সূৰ্যবংশী অৰ্থাৎ বিশ্বৰ মালিক কেনেকৈ হ’ব পাৰা। মোক নিজৰ পিতাক স্মৰণ কৰা। তোমালোক সকলো আত্মা ভাই ভাই। উচ্চতকৈও উচ্চ ভগৱান এজনেই। সেই সঁচা চাহাবৰ সন্তানসকল হৈছে ঈশ্বৰৰ সন্তান। এয়া পিতাই বহি বুজায় - তেওঁৰ শ্ৰীমতত বুদ্ধিৰ যোগসূত্ৰ গঢ়িলে তোমালোকৰ সকলো পাপ খণ্ডন হ’ব। সকলো দুখ দূৰ হৈ যাব। পিতাৰ দৃষ্টিৰ সৈতে যেতিয়া আমাৰ দৃষ্টিৰ মিলন হয় তেতিয়া সকলো দুখ দূৰ হৈ যায়। দৃষ্টি মিলোৱাৰো অৰ্থ বুজায়। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, এয়া হ’ল স্মৃতিৰ যাত্ৰা। ইয়াক যোগ অগ্নি বুলিও কোৱা হয়। এই যোগ অগ্নিৰ দ্বাৰা তোমালোকৰ জন্ম-জন্মান্তৰৰ যি পাপ আছে সেয়া ভস্ম হৈ যাব। এয়া হয়েই দুখধাম। সকলো নৰকবাসী। তোমালোকে বহুত পাপ কৰিছা, ইয়াক ৰাৱণৰাজ্য বুলি কোৱা হয়। সত্যযুগক ৰামৰাজ্য বুলি কোৱা হয়। তোমালোকে এনেকৈ বুজাব পাৰা। যিমানেই ডাঙৰ সভা নহওঁক কিয় ভাষণ দিয়াত আপত্তি নাই। তোমালোকেতো ভগৱানুবাচ বুলি কৈ থাকা। শিৱ ভগৱানুবাচ - আমি সকলো আত্মা তেওঁৰ সন্তান, ভাই ভাই হওঁ। বাকী শ্ৰীকৃষ্ণৰ কোনো সন্তান আছিল, এনেকৈ কোৱা নহয়। ইমানবোৰ ৰাণীও নাছিল। শ্ৰীকৃষ্ণৰ যেতিয়া সয়ম্বৰ হয়, নামেই সলনি হৈ যায়। অৱশ্যে হয়, এনেকৈ ক’ব - লক্ষ্মী-নাৰায়ণৰ সন্তান আছিল। ৰাধা-কৃষ্ণই সয়ম্বৰৰ পাছত লক্ষ্মী-নাৰায়ণ হয় তেতিয়া এটি সন্তান হয়। তাৰপাছত তেওঁলোকৰ ৰাজবংশ চলে। তোমালোক সন্তানসকলে এতিয়া মামেকম্‌ (কেৱল মোক) স্মৰণ কৰিব লাগে। দেহৰ সকলো ধৰ্ম এৰা, পিতাক স্মৰণ কৰা তেতিয়া তোমালোকৰ সকলো পাপ খণ্ডন হ’ব। সতোপ্ৰধান হৈ স্বৰ্গলৈ যাবা। স্বৰ্গত কোনো দুখ নাথাকে। নৰকত বহুত দুখ। সুখৰ নাম-চিহ্নই নাই। এনেকৈ যুক্তিৰে শুনাব লাগে। শিৱ ভগৱানুবাচ - হে সন্তানসকল, এই সময়ত তোমালোক আত্মাসকল হৈছা পতিত, এতিয়া পাৱন কেনেকৈ হ’বা? মোক আহ্বানেই কৰিছা - হে পতিত-পাৱন আহক। পাৱন থাকেই সত্যযুগত, পতিত থাকে কলিযুগত। কলিযুগৰ পাছত আকৌ সত্যযুগ নিশ্চয় হ’ব। নতুন সৃষ্টিৰ স্থাপনা, পুৰণি সৃষ্টিৰ বিনাশ হয়। গায়নো আছে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। আমি ব্ৰহ্মাকুমাৰ-কুমাৰীসকল হৈছোঁ তোলনীয়া সন্তান। আমি হৈছোঁ আটাইতকৈ উচ্চ ব্ৰাহ্মণ। বিৰাট ৰূপো আছে নহয়। প্ৰথমে ব্ৰাহ্মণ নিশ্চয় হ’ব লাগে। ব্ৰহ্মাও হৈছে ব্ৰাহ্মণ। দেৱতাসকল থাকে সত্যযুগত। সত্যযুগত সদায় সুখ। দুখৰ নামেই নাই। কলিযুগত সীমাহীন দুখ, সকলো দুখী। এনেকুৱা কোনো নাই যাৰ দুখ নাই। এয়া হৈছে ৰাৱণৰাজ্য। এই ৰাৱণ ভাৰতৰ এক নম্বৰৰ শত্ৰু। প্ৰত্যেকৰে মাজত 5 বিকাৰ আছে। সত্যযুগত কোনো বিকাৰ নাথাকে। সেয়া হৈছে পৱিত্ৰ গৃহস্থ ধৰ্ম। এতিয়াতো দুখৰ পাহাৰ খহি আছে, আৰুহে খহিব। এয়া ইমান বোমা আদি তৈয়াৰ কৰি আছে, ৰাখি থ’বলৈতো নহয়। বহুত পৰিশোধিত কৰি আছে পাছত আখৰা হ’ব, তাত পাছত চুড়ান্ত হ’ব। এতিয়া অলপ সময় বাকী আছে, ড্ৰামাখনতো নিজৰ সময়ত পূৰা হ’ব নহয় জানো।

প্ৰথমে শিৱবাবাৰ বিষয়ে জ্ঞান থাকিব লাগে। যিকোনো ভাষণ আদি আৰম্ভ কৰাৰ আগতে সদায় প্ৰথমে ক’ব লাগে যে শিৱায়ে নমঃ….. কিয়নো শিৱবাবাৰ যি মহিমা আছে সেয়া আন কাৰো থাকিব নোৱাৰে। শিৱ জয়ন্তীহে হৈছে হীৰাতুল্য। শ্ৰীকৃষ্ণৰ চৰিত্ৰ আদি একো নাই। সত্যযুগততো শিশুও সতোপ্ৰধান হয়। সন্তানৰ কোনো চঞ্চলতা আদি নাথাকে। শ্ৰীকৃষ্ণৰ কাৰণে দেখুওৱা হয় - মাখন খাইছিল, এইটো কৰিছিল, এয়াতো মহিমাৰ সলনি গ্লানিহে কৰে। কিমান আনন্দেৰে কয় যে ঈশ্বৰ সৰ্বব্যাপি। তোমাৰ মাজতো আছে, মোৰ মাজতো আছে। এয়া হৈছে অতি গ্লানি কিন্তু তমোপ্ৰধান মনুষ্যই এই কথাবোৰ বুজিব নোৱাৰে। গতিকে প্ৰথমে পিতাৰ পৰিচয় দিয়া উচিত - তেওঁ হৈছে নিৰাকাৰ পিতা, যাৰ নামেই হৈছে কল্যাণকাৰী শিৱ, সকলোৰে সৎগতি দাতা। সেই নিৰাকাৰ পিতা হৈছে সুখৰ সাগৰ, শান্তিৰ সাগৰ। এতিয়া ইমান দুখ কিয় হৈছে? কিয়নো এয়া হৈছে ৰাৱণৰাজ্য। ৰাৱণ হৈছে সকলোৰে শত্ৰু, তেওঁক মাৰেও, কিন্তু নমৰে। ইয়াত দুখ কোনো এটা নহয়, সীমাহীন দুখ। সত্যযুগত হৈছে সীমাহীন সুখ। 5 হাজাৰ বছৰ পূৰ্বে বেহদৰ পিতাৰ সন্তান হৈছিলা আৰু এই উত্তৰাধিকাৰ পিতাৰ পৰা লৈছিলা। শিৱবাবা নিশ্চয় আহে, আহি নিশ্চয় কিবা কৰিব নহয় জানো। সঠিক কৰি তোলে সেই কাৰণেতো মহিমা গোৱা হয়। শিৱৰাত্ৰি বুলিও কয় তাৰপাছত শ্ৰীকৃষ্ণৰ ৰাত্ৰি। এতিয়া শিৱৰাত্ৰি আৰু শ্ৰীকৃষ্ণৰ ৰাত্ৰিকো বুজিব লাগে। শিৱতো আহেই বেহদৰ ৰাত্ৰিত। শ্ৰীকৃষ্ণৰ জন্ম অমৃতবেলা হয়, ৰাত্ৰি নহয়। শিৱৰ ৰাত্ৰি পালন কৰে কিন্তু তেওঁৰ কোনো তিথি তাৰিখ নাই। শ্ৰীকৃষ্ণৰ জন্ম হয় অমৃতবেলা। অমৃতবেলা আতাইতকৈ শুভ মুহূৰ্ত বুলি মান্যতা দিয়া হয়। তেওঁলোকে শ্ৰীকৃষ্ণৰ জন্ম 12 বজাত পালন কৰে কিন্তু সেয়া প্ৰভাতৰ সময়তো নহয়। প্ৰভাত 2-3 বজাৰ সময়ক কোৱা হয় যেতিয়া স্মৰণো কৰিব পাৰি। এনেকৈ জানো 12 বজাত বিকাৰৰ পৰা উঠি কোনোবাই ভগৱানৰ নাম ল’ব, একেবাৰে নলয়। অমৃতবেলা 12 বজাক কোৱা নহয়। সেই সময়তো মনুষ্য পতিত লেতেৰা হৈ পৰে। বায়ুমণ্ডলেই বেয়া হৈ যায়। আঢ়ৈ বজাত জানো কোনোবা উঠে। 3-4 বজাৰ সময় হৈছে অমৃতবেলা। সেই সময়ত উঠি মনুষ্যই ভক্তি কৰে, এই সময়তো (12 বজা) মনুষ্যই নিৰ্ধাৰিত কৰিছে, কিন্তু সেয়া কোনো সময় নহয়। গতিকে তোমালোকে শ্ৰীকৃষ্ণৰ ওপজা সময় উলিয়াব পাৰা। শিৱৰ সময় একোৱেই উলিয়াব নোৱাৰা। এওঁতো নিজেহে আহি বুজায়। গতিকে প্ৰথমে শিৱবাবাৰ মহিমা শুনাব লাগে। গীত শেষত নহয়, আৰম্ভণিতে বজাব লাগে। শিৱবাবা সকলোতকৈ মৰমৰ বাবা, তেওঁৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যায়। আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে এই শ্ৰীকৃষ্ণ সত্যযুগৰ প্ৰথম ৰাজকুমাৰ আছিল। তাত সীমাহীন সুখ আছিল। এতিয়াও স্বৰ্গৰ গায়ন কৰি থাকে। কাৰোবাৰ মৃত্যু হ’লে ক’ব অমুক স্বৰ্গলৈ গ’ল। হেৰ’, এতিয়াতো হৈছে নৰক। স্বৰ্গ হ’লেহে স্বৰ্গত পুনৰ্জন্ম ল’ব পাৰিব।

বুজাব লাগে যে আমাৰ ইমান বছৰৰ অনুভৱ আছে, সেয়াতো কেৱল 15 মিনিটত বুজাব নোৱাৰি, ইয়াৰ বাবে সময় লাগে। প্ৰথমেতো এক চেকেণ্ডৰ কথা শুনোৱা হয়, বেহদৰ পিতা যি দুখ-হৰ্তা, সুখ-কৰ্তা হয়, তেওঁৰ পৰিচয় দিয়া হয়। তেওঁ আমাৰ সকলো আত্মাৰে পিতা। আমি বি. কে. সকলোৱে শিৱবাবাৰ শ্ৰীমতত চলোঁ। পিতাই কয় - তোমালোক হৈছা সকলো ভাই ভাই, মই তোমালোকৰ পিতা। মই 5 হাজাৰ বছৰ পূৰ্বে আহিছিলোঁ, সেই কাৰণেতো শিৱজয়ন্তী পালন কৰা। স্বৰ্গত একো পালন কৰা নহয়। শিৱজয়ন্তী হয়, যাক আকৌ ভক্তিমাৰ্গত স্মাৰক হিচাপে পালন কৰা হয়। এই গীতা আখ্যান চলি আছে। নতুন সৃষ্টিৰ স্থাপনা ব্ৰহ্মাৰ দ্বাৰা, পুৰণি সৃষ্টিৰ বিনাশ শংকৰৰ দ্বাৰা। এতিয়া এই পুৰণি সৃষ্টিৰ বায়ুমণ্ডলতো তোমালোকে দেখি আছা, এই পতিত সৃষ্টিৰ বিনাশ নিশ্চয় হ’ব সেয়েহে কয় পাৱন সৃষ্টিলৈ লৈ ব'লা। অনেক দুখ আছে - যুদ্ধ, মৃত্যু, বৈধৱ্য অৱস্থা, জীৱঘাত কৰা……..। সত্যযুগততো অপাৰ সুখৰ ৰাজ্য আছিল। এই লক্ষ্য-উদ্দেশ্যৰ চিত্ৰ তোমালোকে নিশ্চয় লগত লৈ যোৱা উচিত। এই লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক আছিল। 5 হাজাৰ বছৰৰ কথা শুনায় - এওঁ (ব্ৰহ্মা বাবা) কেনেকৈ এই জন্ম পালে? কি কৰ্ম কৰাৰ বাবে এনেকুৱা হ'ল? কৰ্ম-অকৰ্ম-বিকৰ্মৰ গতি পিতাইহে বুজায়। সত্যযুগত কৰ্ম, অকৰ্ম হৈ যায়। ইয়াত ৰাৱণৰাজ্য হোৱাৰ কাৰণে কৰ্ম, বিকৰ্ম হৈ যায় সেয়েহে ইয়াক পাপ আত্মাৰ জগত বুলি কোৱা হয়। লেন-দেনো পাপ আত্মাৰ লগতে হয়। পেটত সন্তান থাকিলে বিয়া পাতি দিয়ে। দৃষ্টি কিমান আসুৰিক। ইয়াত হয়েই আসুৰিক দৃষ্টি। সত্যযুগক সভ্য বুলি কোৱা হয়। ইয়াত দৃষ্টিয়ে বহুত পাপ কৰে। তাত কোনো পাপ নকৰে। সত্যযুগৰ পৰা কলিযুগৰ অন্তলৈকে বুৰঞ্জী-ভূগোল পুনৰাবৃত্তি হয়। এয়াতো জনা উচিত নহয় জানো। দুখধাম, সুখধাম বুলি কিয় কোৱা হয়? সকলো নিৰ্ভৰ কৰে পতিত আৰু পাৱন হোৱাৰ ওপৰত সেয়েহে পিতাই কয় - কাম হৈছে মহাশত্রু, ইয়াক জয় কৰিলে তোমালোক জগতজিৎ হ’বাগৈ। আধাকল্প পৱিত্ৰ সৃষ্টি আছিল, য'ত শ্ৰেষ্ঠ দেৱতাসকল আছিল। এতিয়াতো ভ্ৰষ্টাচাৰী। এফালে কয়ো যে এয়া ভ্ৰষ্টাচাৰী সৃষ্টি আনফালে আকৌ সকলোকে শ্ৰী শ্ৰী বুলি কৈ থাকে, যিয়েই আহে তাকেই কৈ দিয়ে। এয়া সকলো বুজিব লাগে। এতিয়া মৃত্যু সমাগত। পিতাই কয় – মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা তেতিয়া পাপ খণ্ডন হ’ব। তোমালোক সতোপ্ৰধান হৈ যাবা। সুখধামৰ মালিক হ’বাগৈ। এতিয়াতো কেৱল দুখ। তেওঁলোকে যিমানেই সন্মিলন আদি নাপাতক, সংগঠন নকৰক কিয় তথাপি ইয়াৰ পৰা একো নহ’ব। ছিৰি তললৈয়ে নামি গৈ থাকে। পিতাই নিজৰ কাৰ্য নিজৰ সন্তানসকলৰ দ্বাৰা কৰি আছে। তোমালোকে আহ্বান জনাইছিলা - পতিত-পাৱন আহক, গতিকে মই নিজৰ সময়ত আহিছোঁ। যদা যদা হি ধৰ্মস্য……….. ইয়াৰ অৰ্থও নাজানে। আহ্বান জনায় তেন্তে নিজে নিশ্চয় পতিত। পিতাই কয় - ৰাৱণে তোমালোকক পতিত কৰিলে, এতিয়া মই তোমালোকক পাৱন কৰি তুলিবলৈ আহিছোঁ। সেয়া পাৱন সৃষ্টি আছিল। এতিয়া হৈছে পতিত সৃষ্টি। 5 বিকাৰ সকলোৰে আছে, সীমাহীন দুখ আছে। সকলো ফালে অশান্তিয়েই অশান্তি। যেতিয়া তোমালোক একেবাৰে তমোপ্ৰধান, পাপ আত্মা হৈ যোৱা তেতিয়া মই আহোঁ। যিয়ে মোক সৰ্বব্যাপি বুলি কৈ মোৰ অপকাৰ কৰে, সেইসকলৰো মই উপকাৰ কৰিবলৈ আহোঁ। মোক তোমালোকে নিমন্ত্ৰণ দিয়া যে এই পতিত ৰাৱণৰ সৃষ্টিলৈ আহক। পতিত শৰীৰত আহক। মোকো ৰথতো লাগে নহয়। পাৱন ৰথতো নালাগে। ৰাৱণৰাজ্যত হয়েই পতিত। পাৱন কোনো নাই। সকলো বিকাৰৰ দ্বাৰাই জন্মে। এয়া বিকাৰী বিশ্ব, সেয়া হৈছে নিৰ্বিকাৰী বিশ্ব। এতিয়া তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কেনেকৈ হ'বা? পতিত-পাৱনতো ময়েই হওঁ। মোৰ সৈতে যোগসূত্ৰ গঢ়া, এয়া হৈছে ভাৰতৰ প্ৰাচীন ৰাজযোগ। আহিবও নিশ্চয় গৃহস্থ মাৰ্গত। কেনেকুৱা আশ্চৰ্যকৰ ৰীতিৰে আহে, এওঁ পিতাও হয় তেন্তে মাও হয় কিয়নো গোমুখ লাগে, য’ৰ পৰা অমৃত নিগৰিব। গতিকে এওঁ হৈছে মাতা-পিতা, আকৌ মাতাসকলক চম্ভালিবৰ কাৰণে সৰস্বতীক মুখ্য হিচাপে ৰাখিছে, তেওঁক জগত অম্বা বুলি কোৱা হয়। কালী মাতা বুলিও কয়। এনেকুৱা ক'লা কোনো শৰীৰ থাকে জানো! শ্ৰীকৃষ্ণক ক'লা বৰণীয়া কৰি দিলে কিয়নো কাম চিতাত বহি ক'লা হৈ গ’ল। শ্ৰীকৃষ্ণই ক'লা (পতিত) আকৌ বগা (পাৱন) হয়। এই সকলোবোৰ কথা বুজিবৰ কাৰণেও সময় লাগে। কোটিৰ মাজত কোনোবা, কোনোবাৰ মাজতো কাৰোবাৰ বুদ্ধিত ধাৰণ হয় কিয়নো সকলোৰে মাজত 5 বিকাৰ প্ৰৱেশ কৰি আছে। তোমালোকে এই কথাবোৰ সভাতো বুজাব পাৰা কিয়নো সকলোৰে কোৱাৰ অধিকাৰ আছে, এনেকুৱা সুযোগ ল'ব লাগে। আনুষ্ঠানিক সভাত কোনেও মাজতে প্ৰশ্ন আদি নকৰে। শুনিবলৈ নিবিচাৰে যদি শান্তিৰে গুচি যাওঁক শব্দ নকৰিব। এনেকৈ বহি বুজোৱা। এতিয়াতো অপাৰ দুখ। দুখৰ পাহাৰ খহিব। আমি পিতাক, ৰচনাক জানো। আপোনালোকেতো কাৰো বৃত্তিক (কৰ্তব্যক) নাজানে, পিতাই ভাৰতক স্বৰ্গ কেতিয়া আৰু কেনেকৈ কৰিছিল - এয়া আপোনালোকে নাজানে, আহিলে বুজাই দিম। 84 জন্ম কেনেকৈ লয়? 7 দিনৰ পাঠ্যক্ৰমত অংশ লওঁক তেতিয়া 21 জন্মৰ কাৰণে পাপ আত্মাৰ পৰা পুণ্য আত্মা হৈ যাব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাই কৰ্ম-অকৰ্ম-বিকৰ্মৰ গূঢ় গতিৰ বিষয়ে যি বুজাইছে, সেয়া বুদ্ধিত ৰাখি পাপ আত্মাসকলৰ সৈতে এতিয়া লেনদেন কৰিব নালাগে।

(2) শ্ৰীমতত নিজৰ বুদ্ধিৰ যোগসূত্ৰ একমাত্ৰ পিতাৰ সৈতে গঢ়িব লাগে। সতোপ্ৰধান হ'বলৈ পুৰুষাৰ্থ কৰিব লাগে। দুখধামক সুখধাম কৰি তুলিবলৈ পতিতৰ পৰা পাৱন হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। আসুৰিক দৃষ্টি পৰিৱৰ্তন কৰিব লাগে।

বৰদান:
জ্ঞানপূৰ্ণ হৈ সকলো ব্যৰ্থ প্ৰশ্নক যজ্ঞত স্বাহা কৰোঁতা নিৰ্বিঘ্ন হোৱা

যেতিয়া কোনো বিঘ্ন আহে কি - কিয় আদি অনেক প্ৰশ্নত গুচি যোৱা, প্ৰশ্নচিত হোৱা অৰ্থাৎ দুশ্চিন্তাগ্ৰস্ত হোৱা। জ্ঞানপূৰ্ণ হৈ যজ্ঞত সকলো ব্যৰ্থ প্ৰশ্ন স্বাহা কৰি দিয়া তেতিয়া তোমালোকৰো সময় ৰাহি হ'ব আৰু আনৰো সময় ৰাহি হ'ব, ইয়াৰ দ্বাৰা সহজতে নিৰ্বিঘ্ন যাবা। নিশ্চয়তা আৰু বিজয় হৈছে জন্ম সিদ্ধ অধিকাৰ – এইটো সম্ভ্ৰমত থাকা তেতিয়া কেতিয়াও দুশ্চিন্তাগ্ৰস্ত নোহোৱা।

স্লোগান:
সদায় উৎসাহিত হৈ থকা আৰু আনক উৎসাহিত কৰি তোলা - এয়াই তোমালোকৰ বৃত্তি।


পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

সংগঠনত আনৰ ভুলক নিজৰ ভুল বুলি ভবা – এয়া হৈছে সংগঠনক শক্তিশালী কৰা। এইটো তেতিয়া হ’ব যেতিয়া ইজনৰ সিজনৰ প্ৰতি বিশ্বাস থাকিব। এই ক্ষেত্ৰত সমাহিত কৰাৰ শক্তিও নিশ্চয় লাগে। দেখিলা আৰু শুনিলা এয়া একেবাৰে সমাহিত কৰি, সেয়াই আত্মিক দৃষ্টি আৰু কল্যাণৰ বা ইজনৰ সিজনৰ প্ৰতি দয়াৰ ভাৱনা থাকিলে তেতিয়া পৰোপকাৰী আত্মা বুলি কোৱা হ’ব।