12.07.26    Avyakt Bapdada     Assame Murli     31.12.2010     Om Shanti     Madhuban


“*“পুৰণা বছৰক বিদায় দিয়াৰ লগতে পুৰণা সংস্কাৰসমূহক বিদায় দি নিৰ্বিঘ্ন হৈ থকাৰ দৃঢ় সংকল্প লোৱা আৰু দয়াশীল, মাষ্টৰ দাতা হৈ মনৰ সেৱাৰ দ্বাৰা দুখী অশান্ত আত্মাসকলক আলম্বন দিয়া”*”


আজি বাপদাদাই চাৰিওফালৰ সন্তানসকলক নতুন বছৰ আৰু নতুন সৃষ্টিৰ অভিনন্দন জনাবলৈ, সূক্ষ্ম লোকৰ পৰা স্থূল লোকত অভিনন্দন জনাবলৈ আহিছেহঁক। সকলো সন্তানেও স্নেহ আৰু মৰমেৰে নিজৰ মধুবন ঘৰত উপস্থিত হৈ গৈছে। জগতৰ লোকেতো কেৱল নতুন বছৰ পালন কৰে, যিটো এদিনৰ বাবে। তোমালোকে নতুন সৃষ্টিৰ সংগমত সদায় পালন কৰি থাকা। তোমালোকৰ সন্মুখত নতুন সৃষ্টি নয়নত সদায় সমাহিত হৈ থাকে। স্মৰণ কৰা আৰু পাই যোৱা। নয়নত সমাহিত হৈ আছে নহয়! অনুভৱ হয়নে যে এতিয়াই সংগমত আছোঁ, আজি সংগমত আছোঁ আৰু কাইলৈ নিজৰ ৰাজ্যলৈ গলোঁৱেই! এনেকুৱা নয়নত স্পষ্ট দেখা যায়। জগতৰ লোকেতো ইজনে সিজনক এদিনৰ অভিনন্দন জনায় কিন্তু তোমালোকক বাপদাদাই উপহাৰত সোণালী সৃষ্টি দিছে, যি ভালেমান সময় চলিব। এনেকৈ নয়নত সমাহিত হৈ আছে যাতে এক চেকেণ্ডত উপস্থিত হ’ব পাৰা। সকলোৰে সন্মুখত নিজৰ সোণালী সৃষ্টি নয়নত সমাহিত হৈ আছে। এক চেকেণ্ডত উপস্থিত হ’ব পাৰা নহয়! আজি সংগমত আছোঁ কাইলৈ ৰাজ্য অধিকাৰী হৈ ৰাজ্য কৰিম।

এতিয়া সময় অনুসৰি জানা যে তোমালোক পূৰ্বজসকলৰ ভক্তসকলে দুখী আৰু অশান্ত হোৱাৰ কাৰণে, তোমালোক পূৰ্বজ আত্মাসকলক কিমান কাতৰে মাতি আছে। আৱাজ শুনিবলৈ পোৱানে, কেনেকৈ দুখ অশান্তিত কাতৰে মাতি আছে? আমাক শান্তি দি দিয়া, সুখ দি দিয়া, আনন্দ দি দিয়া। আৱাজ শুনিবলৈ পাইছানে? দিয়া, দিয়া … গতিকে তোমালোক আত্মাসকল দয়াশীল, কল্যাণকাৰী দাতাৰ সন্তান ৰূপত আত্মাসকলক মনৰ সেৱাৰ দ্বাৰা দিয়াৰ কাৰ্য কৰিব লাগে। বাপদাদাৰতো বৰ দয়া ওপজে এই দুখী, অশান্ত আত্মাসকলৰ ওপৰত। তোমালোকৰ দয়া ওপজে নহয়! (কাঁহ আহিল) (আজি পিতা ব্ৰহ্মাৰ কাঁহ আহি গ’ল) তেন্তে তোমালোকৰো আত্মাসকলৰ ওপৰত দয়া ওপজে নহয়! এতিয়া এই বছৰত, কিয়নো আজি দিনটোত নতুন বছৰ আহিও আছে আৰু পুৰণি বছৰ যাবলৈ ওলাইছে। তেন্তে যাবলৈ ওলোৱা বছৰত নিজৰ বাবে কি পৰিকল্পনা কৰিলা? বছৰতো যাব কিন্তু তোমালোক সকলোৱে নিজৰ বাবে বছৰৰ লগত কি বিদায় দিবা? যেনেকৈ বছৰে বিদায় ল’ব তেনেকৈ তোমালোকে নিজৰ জীৱনত কি বিদায় দিবা? আৰু কি নতুন ধাৰণা কৰিবা? চিৰকালৰ বাবে বিদায় দিবা নে অলপ সময়ৰ কাৰণে? কিয়নো বাপদাদাই ইংগিত দিছে যে এতিয়ালৈকে যিবিলাক পুৰণা সংস্কাৰ থাকি গৈছে মনত সেই সংস্কাৰসমূহ চাই, জানি সমাপ্ত কৰিবই লাগে। বাপদাদাই এই পুৰণা সংস্কাৰ পুৰুষাৰ্থত বিঘিনি ৰূপ হোৱা দেখিবলৈ পাইছে। সন্তানে এফালে কয় বাবাই মোৰ সংসাৰ আকৌ পুৰণা সংস্কাৰ ক’ৰপৰা আহিল? সংসাৰেই পিতা তেন্তে এই পুৰণা সংস্কাৰ যিয়ে পুৰুষাৰ্থত বিঘিনি আনে, এয়া শেষ হ’ব লাগে নহয়! অমৃতবেলা যেতিয়া সকলোৱে আত্মিক বাৰ্তালাপ কৰা তেতিয়া পিতাই দেখে সকলোৱে নিজৰ খতিয়ান দিয়ে যে এতিয়াও পুৰণা সংস্কাৰেই পুৰুষাৰ্থ ঢিলা কৰে।

গতিকে আজিৰ দিনটোত বছৰ বিদায় দিওঁতে এই সংস্কাৰসমুহকো বিদায় দিব পাৰিবানে? দিব পাৰিবানে? হাত দাঙা। দিব লাগিব। হাত দঙাতো বহুত সহজ কিন্তু মনৰ হাত দাঙিবা। দাঙি আছে। পুৰণা সংস্কাৰসমুহ চিৰকালৰ বাবে বিদায় দিবা সেইকাৰণে হাত দাঙি আছা। আকৌ দাঙা। বাৰু। বেছিভাগ সন্তানে হাত দাঙি বাপদাদাক আনন্দিত কৰি দিলে। বাপদাদাৰ এইটোৱেই আনন্দ যে সাহসী সন্তান। য’ত সাহস আছে ত’ত বাপদাদাৰ সদায় সহযোগ আছে। গতিকে এতিয়া যে হাত দাঙিলা তেতিয়া পিতাৰ প্ৰত্যেক সৰু ডাঙৰ স্থান চিৰকালৰ বাবে নিৰ্বিঘ্ন হৈ গ’ল নহয়! কিয়নো বাপদাদাৰ ওচৰলৈ যি ফলাফল আহে তাৰ কাৰণ পুৰণা সংস্কাৰ। তেন্তে আজি সংস্কাৰ সংকল্পৰ দ্বাৰা সমাপ্ত কৰিলা অৰ্থাৎ নিৰ্বিঘ্ন হোৱাৰ বৰদান ল’লা। ল’লানে? বৰদান ল’লানে? সাহসৰ ফলতো পোৱা যায় নহয়! আৰু বাপদাদাৰ বৰদান পাই থৈছা যে এখোজ সাহসৰ আৰু অনেক খোজ পিতাৰ সহযোগৰ আছেই। গতিকে এইটো সংকল্প আজিৰ পৰা স্মৃতিত ৰাখিবা যে মই পুৰণা সংস্কাৰ দি দিলোঁ। যদি ধৰি লোৱা তোমালোকৰ ওচৰলৈ পুনৰ ঘুৰি আহে তেতিয়া কি কৰিবা? কি কৰিবা? দিয়া বস্তু পুনৰ নিজৰ ওচৰত ৰখা নহয় কিয়নো দি দিলোঁ অৰ্থাৎ মোৰ নহয়। তেন্তে যিহেতু মোৰ নহয় তেন্তে নিজৰ ওচৰত কেনেকৈ ৰাখিব পাৰিম? পিতাক দিলা, তেন্তে পিতাকেই দিবা নহয়। দৃঢ় হোৱা নহয়, দি দিলা নহয়! দৃঢ়নে? এতিয়া দুয়োখন হাত দাঙা। দৃঢ়। পিছৰসকলেও দাঙি আছে।

বাপদাদাৰ এইটো আনন্দ আছে যে কলিযুগত থাকিও যি পিতাৰ দ্বাৰা প্ৰাপ্তি হৈছে তাৰ অনুভৱ এতিয়া সংগমত কৰিব। জগতৰ কাৰণে কলিযুগ কিন্তু তোমালোকৰ বাবে সংগমযুগ অৰ্থাৎ সৰ্ব প্ৰাপ্তিৰ যুগ। পৰমাত্ম প্ৰাপ্তি, সৰ্ব শক্তি, সৰ্ব গুণ, সৰ্ব জ্ঞানৰ সম্পদ যি প্ৰাপ্ত হৈছে তাৰ বাস্তৱিক অনুভৱ কৰিব। গতিকে আজিৰ দিনটোত যিয়েই হাত দাঙিছে সেই সকলো সন্তানক লাগিলে ইয়াত সন্মুখত বহি আছা বা দূৰৈত বহি দেশ বিদেশত শুনি আছা, সেই সকলো সন্তানক অন্তৰৰ পৰা বহুত বাপদাদাই কি দি আছে? অভিনন্দনতো জনাই আছে কিন্তু অভিনন্দনৰ লগতে সকলোৰে মস্তকৰ ওপৰত হাত দি আছে। তোমালোকেও আৰু বাপদাদায়ো মনৰ ভিতৰতে নৃত্য কৰি আছে “বাঃ! সন্তান বাঃ!” এতিয়া তোমালোকেও মনত নৃত্য কৰি আছা নহয়! কোৱা, হয় হজুৰ।

এতিয়া শিক্ষকসকলে চাবা। যিসকল শিক্ষক আছা তেওঁলোকে হাত দাঙা। বিদেশৰ শিক্ষকো আছে নহয়! বাপদাদাৰতো প্ৰতিগৰাকী সন্তানৰ এই দৃঢ় সংকল্প শুনি আনন্দিত হৈছে যে সন্তানসকলে পিতাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ হোৱাৰ যি লক্ষ্য ৰাখিছে, তাত এই নিৰ্বিঘ্ন হৈ থকাৰ দৃঢ় সংকল্পই সম্পন্ন সময়কো সমীপত আনিব। বাপদাদাৰ এইটোও আনন্দ আছে যে সকলো সন্তানে যি সংকল্প কৰিছে সেয়া সম্পন্ন কৰিব আৰু জগতৰ যিসকল দুখী, মনেৰে অশান্ত তেওঁলোকৰ সেৱা কৰি তেওঁলোককো কিবা নহয় কিবা আলম্বন দি থাকিব কিয়নো বাপদাদাৰ সন্তানসকলৰ আহ্বান, কাতৰোক্তি সহ্য নহয়। তোমালোকৰো পৰিয়ালেই হয় নহয়! গতিকে দুখ অশান্তি বহুত বাঢ়ি গৈছে, সেয়েহে এতিয়া দয়াশীল হোৱা। এইটো সংকল্পও লগতে কৰা যে চলোঁতে ফুৰোঁতে আৰু বিশেষকৈ অমৃতবেলা আত্মাসকলৰ মনৰ সেৱাও অৱশ্যে কৰিম, এইটো সংকল্প ল’ব পাৰানে? যেনেকৈ এইটো সংকল্প ল’লা যে সদাকালৰ বাবে পুৰণা সংস্কাৰসমূহ সমাপ্ত কৰিম, সদাকালৰ বাবে লৈছা নহয়! অলপ সময়ৰ বাবেতো লোৱা নাই! গতিকে যেনেকৈ সংস্কাৰ সমাপ্ত কৰি পিতাৰ সমান হ’বা তেনেকৈ দাতাৰ সন্তান হৈ মাষ্টৰ দাতা স্বৰূপেৰে মনৰ সেৱাও কৰিব লাগে। ইয়াৰ কাৰণে প্ৰস্তুত আছানে? মনৰ সেৱা কৰিবলৈ প্ৰস্তুত আছানে? হাত দাঙা, মনৰ সেৱাও কৰিবানে? গোটেই দিনটোত যি সময় পোৱা, তেতিয়া মনৰ সেৱা নিশ্চয় কৰিবা কিয়নো তোমালোক সন্তানসকলেই সুখময় সংসাৰ আনিব লাগে। পিতাই তোমালোক সন্তানসকলকেই এইটো সেৱাৰ কাৰণে সোঁহাত কৰি তুলিছে। হাতেৰে দিয়া হয় নহয়। গতিকে তোমালোক পিতাৰ সোঁহাত। বাপদাদাই তোমালোক সোঁহাত অৰ্থাৎ হাতৰ দ্বাৰা সকলোকে এইটো সেৱা দিব বিচাৰে যে কিবা নহয় কিবা দি থাকা। তেওঁলোকে চিঞৰি আছে দিয়া দিয়া আৰু তোমালোকে দুখীসকলক সুখ দি, অশান্তসকলক কিবা শক্তি দি পুণ্যৰ কাম কৰা। এতিয়া তোমালোক সন্তান যিসকলে নিজেই নিজক জানিলা, পিতাক জানিলা, উত্তৰাধিকাৰৰ অধিকাৰী হ’লা তেন্তে আনকো কৰি তোলা কিয়নো এতিয়া সকলোৱে মুক্তি বিচাৰে। সকলোকে মুক্তিলৈ পঠিয়াই তোমালোক পিতাৰ বৰদানৰ দ্বাৰা ৰাজ্য অধিকাৰী হ’বা সেইবাবে পিতাই প্ৰতিগৰাকী সন্তানক সংকল্প দি আছে – নিৰ্বিঘ্ন হোৱা, সেৱাধাৰী হোৱা। যিসকল সন্তান পিতাৰ হৈ গ’ল সেই সন্তানসকলৰ সংগমযুগী ব্ৰাহ্মণ জীৱনৰ মজা অনুভৱ হৈ আছে আৰু হৈয়েই থাকিব। গতিকে নতুনেই আহক বা পুৰণাও হওক কিন্তু যিসকলে নিজক পিতাৰ উত্তৰাধিকাৰৰ অধিকাৰী বুলি বুজে, অতিন্দ্ৰিয় সুখৰ দোলনাত দুলি থাকে আৰু আগতেও যি সংকল্প কৰিছে, সংস্কাৰৰ ওপৰত বিজয়ী হোৱাৰ সংকল্প লৈছে, তেওঁলোক সকলো আত্মা কোটিৰ মাজত কোনোবা হৈছে, নে কোনোবাৰ মাজত কোনোবা হৈছে? জনক কন্যাটিয়ে কৈছিল নহয়, 108ৰ মালা আৰু 16 হাজাৰৰ মালাৰ বিশেষ মিলন সমাৰোহ কৰোৱা। তেন্তে তোমালোক যিসকলে ভাবা যে মই 16 হাজাৰ বা 108ৰ এই মালাত আহিমেই, তেওঁলোকে হাত দাঙা।

নতুন নতুনসকলেও দাঙি আছে। অভিনন্দন। নিশ্চয়বুদ্ধিৰ বিজয়ী হয়। বাপদাদায়ো জানে যিসকল নিশ্চয়বুদ্ধিৰ তেওঁলোক আগবাঢ়ি যাব পাৰে, যাবানে। বাৰু। যিসকল প্ৰথমবাৰ আহিছে তেওঁলোকে হাত দাঙা। সকলোৰে ফালৰ পৰা বাপদাদাই তোমালোকক অভিনন্দন জনাই আছে। যি নিশ্চয়তা ৰাখিছা, সেয়া অমৃতবেলা সদায় পুনৰাবৃত্তি কৰি থাকিবা। বাৰু। বাপদাদা সন্তানসকলক দেখি আনন্দিত হয় যে সময় অতি পলম হোৱাৰ আগতে নিজৰ উত্তৰাধিকাৰৰ অধিকাৰী হৈ গ’ল। সেইবাবে ইয়ালৈ অহা সকলো পৰিয়ালৰ ফালৰ পৰা বা নিজৰ নিজৰ সেৱাকেন্দ্ৰত থকা সকলো সন্তানৰ ফালৰপৰাও বাপদাদাই তোমালোক সকলোকে অভিনন্দন জনাই আছে। এতিয়া তোমালোকে এটা চমৎকাৰ কৰিবা, সাহস আছেনে? কোৱা, সাহস আছেনে? তোমালোক প্ৰথমৰ পৰাই নিৰ্বিঘ্ন হৈ থাকিবা। নিশ্চয় আৰু নিচাত এক নম্বৰত যাবা। বাপদাদা আনন্দিত হয় যে পুৰণাতো পুৰণাই কিন্তু নতুনে অলপ সময়তে চমৎকাৰ দেখুৱাব। বাৰু।

এতিয়া বাপদাদাই নতুনেই হওক বা পুৰণাই হওক, সকলোকে এক চেকেণ্ডৰ কাম দিছে। সকলোৱে এতিয়াই এক চেকেণ্ডত নিজেই নিজক অন্য সকলো সংকল্পৰ পৰা দূৰ কৰি এক চেকেণ্ডত নিজক বিন্দু ৰূপত স্থিৰ কৰিব পাৰিবানে, কৰিবানে? এক চেকেণ্ডত মই বিন্দু, কোনো সংকল্প নাই বিন্দু হওঁ। (ড্ৰিল কৰালে) যিসকলে চেকেণ্ডত নিজক বিন্দু স্থিতিত স্থিৰ কৰিলা তেওঁলোকে হাত দাঙা। চেকেণ্ডত কৰিলা। বাৰু। এতিয়া এইটো অভ্যাস 15 দিন, গোটেই দিনটোত প্ৰতি ঘণ্টাত এক চেকেণ্ডত বিন্দু লগোৱা, এইটো অভ্যাস প্ৰত্যেকেই কৰিবা আৰু তাৰ বাতাৱৰণত থাকি, নিজৰ কাৰ্যত থাকি পৰীক্ষা কৰিবা যে এক চেকেণ্ডত বিন্দু ৰূপ হোৱাত সফলতা পালানে? কিয়নো ইয়াততো বায়ুমণ্ডলো আছে কিন্তু নিজৰ নিজৰ স্থানত থাকি চেকেণ্ডত বিন্দু স্বৰূপত যাতে স্থিৰ হ’ব পাৰা, এইটো অভ্যাস কৰিবা কিয়নো বাপদাদাই কৈ দিছে, যিমানে আগলৈ গৈ থাকিবা সিমানে এই এক চেকেণ্ডত বিন্দু স্থিতিত স্থিৰ হোৱাৰ আৱশ্যক হ’ব সেইবাবে নিজেই নিজক পৰীক্ষা কৰা আৰু নিজৰ নিজৰ স্থানত প্ৰতিবেদন শিক্ষকক লিখি দিবা। তাৰ পাছত শিক্ষকসকলৰ দ্বাৰা লাগিলে ইয়াত আছে বা নাইও, সকলো শ্ৰেণীৰ বাবে এইটো ঘৰৰ কাম, ইয়াৰ ফলাফল বাপদাদাৰ ওচৰলৈ আহিব তেতিয়া চাই ল’ব, ইয়াৰ পৰা গম পোৱা যাব যে তোমালোক 108 নে 16 হাজাৰ মালাৰ, তাৰ অধিকাৰী হয় নে নহয়, চেকেণ্ডত দৈনিক দিনচৰ্যাত কিমান সফল হ’লা, তাৰ পৰা গম পোৱা যাব যে তোমালোক কিহৰ যোগ্য! কাৰণ এতিয়া যদি হাত দাঙিবলৈ কওঁ যে কোনে নিজক বুজা যে ব্যৱহাৰিক ধাৰণাত যে মই 108 বা 16ৰ হাজাৰৰ মালাত আহিম, তেতিয়া সকলোৱে দঙি দিব, সেইবাবে তোমালোকে কেৱল ফলাফল লিখিবা তাৰ পৰাই বুজি যাম কিয়নো ধৰা দাদীসকলে নাম দিয়ে তেন্তে কোনোবাই ভাবিব আমিও আহিব পাৰোঁ নহয়, গতিকে এই প্ৰতিবেদনৰ পৰা গম পাই যাম।

বাপদাদাই সোধে যে সদায় চেকেণ্ডত যিটো ৰূপ অনুভৱ কৰিব বিচৰা সেইটো কৰিব পাৰানে? চেকেণ্ডত? 5টা স্বৰূপ যি শুনাইছিলোঁ, সেইটোও যেতিয়াই বিচৰা তেতিয়াই চেকেণ্ডত সেই স্বৰূপ হৈ যাব পাৰানে? এইটো অভ্যাস কৰি নিজেই নিজক জানিব পাৰা যে মই যি বিচাৰোঁ সেই স্থিতিত চেকেণ্ডত থাকিব পাৰোঁ, নে সময় লাগে! বাকী বাপদাদা আনন্দিত হয় যে হাত দঙাত, গৰিষ্ঠসংখ্যকেই হাত দাঙে। এতিয়া এই হাত দাঙিছা কিন্তু অভ্যাস কৰোঁতে কৰোঁতে এয়া এনেকুৱা হৈ যাব যেনেকৈ এতিয়া দ্বাপৰ কলিযুগৰ অভ্যাসবশতঃ দেহ-অভিমানত অহাটো স্বভাৱিক হৈ গৈছে, এনেকৈ যিয়েই স্বৰূপত স্থিৰ হ’ব বিচৰা সেইটো তেনেকুৱাই সহজ হৈ যাব কিয়নো সময় এনেকুৱা আহিবলগীয়া আছে য’ত তোমালোকৰ এইটো অভ্যাসৰ আৱশ্যক হ’ব। গতিকে এইটো অভ্যাস প্ৰত্যেকেই নিজৰ নিজৰ কাৰ্যত থাকি কৰি থাকা আৰু ফলাফল নিজৰ নিমিত্ত শিক্ষকসকলক জনাই থাকা। তেন্তে এই বছৰৰ সমাপ্তিত এইটো অভ্যাস কৰি থাকিবা। নিজে নিজেই কৰা, নিজৰ শিক্ষকো তোমালোক হোৱা কিন্তু ফলাফল দেখুৱাবলৈ নিজৰ খতিয়ান দি থাকিবা তেতিয়া মনোযোগ থাকিব। এনেকুৱা অনুভৱ কৰা যেনেকৈ হাতখন য’তে বিচৰা ত’তে ৰখাব পাৰা, ৰখাব পাৰা নহয়! তেনেকৈ মনটোক যি স্থিতিত ৰাখিব বিচৰা সেইটো স্থিতিতে যাতে থাকে। স্মাৰক হিচাপে মহামন্ত্ৰও হৈছে ‘মন্‌মনাভৱ’। মনৰ ব্যায়াম ইয়াত সফলতা কিমান, সেইটো নিজে নিজেই অনুভৱ কৰা।

বাপদাদাই এইটো বিচাৰে যে প্ৰতিগৰাকী সন্তান এতিয়া সংগমযুগৰ সুখৰ, সংগমযুগৰ প্ৰাপ্তিসমূহৰ, প্ৰতিটো প্ৰাপ্তিৰ অনুভৱী হওক। নিজেই নিজক পৰীক্ষা কৰা, প্ৰতিটো প্ৰাপ্তি, প্ৰতিটো শক্তি, প্ৰতিটো জ্ঞানৰ ৰহস্য, যোগৰ প্ৰতিটো বিধি, ধাৰণাৰো প্ৰতিটো ধাৰণাৰ অনুভৱী হৈছোঁনে? নিজৰ সকলো পৰীক্ষা কৰি থাকা আৰু আগবাঢ়ি গৈ থাকা। গতিকে আজি বাপদাদাই পৰীক্ষণ আৰু প্ৰাপ্তি ইয়াক পৰীক্ষা কৰিবলৈ কৈ আছে। যি কোনো প্ৰাপ্তি কম হৈ গ’লে তেতিয়া ড্ৰামা অনুসৰি পৰীক্ষাও সময় অনুসৰি সেইটোৱেই আহিব সেইবাবে সকলো বিষয়ত সম্পন্ন আৰু সম্পূৰ্ণ হোৱাৰ পৰীক্ষা কৰা আৰু পৰিৱৰ্তন কৰা।

আজিৰ দিনটোত বাপদাদাই তোমালোক সকলোৰে সাধাৰণ স্বৰূপতো তোমালোকৰ ভৱিষ্যতৰ ৰূপ, প্ৰাপ্তিৰ ৰূপ দেখি আছে। বাৰু। সকলো ফালৰ কল্পৰ পাছত লগ পোৱা, বাপদাদাৰ অন্তৰাসনৰ অধিকাৰী, বাপদাদাৰ আজ্ঞাকাৰী, আজ্ঞাকাৰী, তীব্ৰ পুৰুষাৰ্থী সন্তানসকলক বাপদাদাৰ বহুত বহুত আন্তৰিক স্নেহ আৰু বাপদাদাৰ অভিনন্দন, অভিনন্দন, অভিনন্দন। বাপদাদাও সন্তানসকলক দেখি আনন্দিত হয় বাঃ! বাঃ! বাঃ! মোৰ সন্তান বাঃ!

গোটেই বছৰটোৱেই নিৰ্বিঘ্ন আৰু আনন্দমনে থাকিবা। নিজৰ চাল-চলন আৰু চেহেৰাৰে সকলোকে আনন্দিত আৰু হাঁহি থাকিবলৈ শিকাবা। সদায় উৰি থাকিবা আৰু উৰাই থাকিবা। খোজ কাঢ়িব নালাগে উৰিবা। উৰন্ত কলা সকলোৰে প্ৰিয়। গতিকে উৰি উৰি বাৰ্তা দিবা। সকলোৱে তোমালোকক দেখি আনন্দৰ দোলনাত দুলিবলৈ ধৰক। হেপী হেপী হেপী নিউ ইয়েৰ। ভাল বাৰু – ওঁম্‌ শান্তি।

বৰদান:
ঈশ্বৰীয় ভাগ্যৰ লাইটৰ মুকুট প্ৰাপ্ত কৰোঁতা সৰ্ব প্ৰাপ্তি স্বৰূপ হোৱা

জগতত ভাগ্যৰ চিন হৈছে বাদশ্বাহী আৰু বাদশ্বাহী চিন হৈছে মুকুট। এনেকৈ ঈশ্বৰীয় ভাগ্যৰ চিন হৈছে লাইটৰ মুকুট। আৰু এই মুকুট প্ৰাপ্তিৰ আধাৰ হৈছে পবিত্ৰতা। সম্পূৰ্ণ পবিত্ৰ আত্মাসকল লাইটৰ মুকুটধাৰী হোৱাৰ লগতে সৰ্ব প্ৰাপ্তিৰেও সম্পন্ন হয়। যদি যি কোনো প্ৰাপ্তিৰ অভাৱ হয় তেন্তে লাইটৰ মুকুট স্পষ্টকৈ দৃষ্টিগোচৰ নহ’ব।

স্লোগান:
নিজৰ আত্মিক স্থিতিত স্থিৰ হৈ থকাসকলেই মনেৰে মহাদানী।

অব্যক্ত ইংগিত: জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা

এতিয়া ভাল ভাল বুলি কয়, কিন্তু ভাল হ’ব লাগে এইটো প্ৰেৰণা পোৱা নাই। তাৰ এটাই সাধন – সংগঠিত ৰূপত জ্বালা স্বৰূপ হোৱা। প্ৰত্যেকেই চৈতন্য ‘লাইট হাউচ’ হোৱা। সেৱাধাৰী হোৱা, স্নেহী হোৱা, এক বল এক ভৰসাৰ মতধাৰী হোৱা, এয়াতো সকলো ঠিক আছে, কিন্তু মাষ্টৰ সৰ্বশক্তিমানৰ স্থিতি, মঞ্চত আহি যাওক তেতিয়া সকলোৱে তোমালোকৰ আগত চগাপোকৰ দৰে পৰিক্ৰমা লগাবলৈ ধৰিব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]