12.08.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – স্মৃতিত থাকিলে ভাল দশা বহে, এতিয়া তোমালোকৰ ওপৰত বৃহস্পতিৰ দশা চলি আছে সেয়েহে তোমালোকৰ আৰোহণ কলা”

প্ৰশ্ন:
যদি যোগৰ প্ৰতি পূৰা মনোযোগ নাই তেন্তে তাৰ ফলাফল কি হ'ব? নিৰন্তৰ স্মৃতিত থকাৰ যুক্তি কি?

উত্তৰ:
যদি যোগৰ প্ৰতি পূৰা মনোযোগ নাই তেন্তে চলোঁতে-ফুৰোঁতে মায়াৰ প্ৰৱেশ হৈ যায়, বাগৰি পৰে। 2) দেহ-অভিমানী হৈ অনেক ভুল কৰি থাকে। মায়াই ওলোটা কৰ্ম কৰাই থাকে। পতিত কৰি দিয়ে। নিৰন্তৰ স্মৃতিত থাকিবৰ কাৰণে মুখত মোহৰ ভৰাই লোৱা, ক্ৰোধ নকৰিবা, দেহ সহিত সকলো পাহৰি, মই আত্মা, পৰমাত্মাৰ সন্তান - এইটো অভ্যাস কৰা। যোগবলৰ দ্বাৰা কি কি প্ৰাপ্তি হয় সেয়া স্মৃতিত ৰাখা।

গীত:
ওঁম্‌ নমঃ শিৱায়ে…

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে নিজৰ আত্মিক পিতা শিৱবাবাৰ মহিমা শুনিলে। যেতিয়া পাপ বৃদ্ধি হয় অৰ্থাৎ মনুষ্য পাপ আত্মা হৈ যায় তেতিয়াহে পতিত-পাৱন পিতা আহে, আহি পতিতসকলক পাৱন কৰি তোলে। সেই বেহদৰ (পাৰলৌকিক) পিতাৰহে মহিমা আছে, তেওঁক বৃক্ষপতি বুলিও কোৱা হয়। এই সময়ত তোমালোকৰ ওপৰত বেহদৰ পিতাৰ দ্বাৰা বেহদৰ বৃহস্পতিৰ দশা চলি আছে। বিশেষ আৰু সাধাৰণ দুটা শব্দ আছে নহয়। ইয়াৰো অৰ্থ ইয়াতেই সিদ্ধ হয়। বৃহস্পতিৰ দশাৰ দ্বাৰা বিশেষভাৱে ভাৰত জীৱনমুক্ত হৈ যায় অৰ্থাৎ নিজৰ স্বৰাজ্য পদ প্ৰাপ্ত কৰে কিয়নো যিজন পিতাক সত্য বুলি কয় তেওঁ আহি আমাক নৰৰ পৰা নাৰায়ণ কৰি তোলে। বাকী যিসকল আছে তেওঁলোক ক্ৰম অনুসৰি নিজৰ নিজৰ ধৰ্মৰ শাখাত গৈ বহিব আৰু আহিবও ক্ৰম অনুসৰি। কলিযুগৰ অন্তলৈকে আহি থাকে। প্ৰত্যেক আত্মাৰ নিজৰ নিজৰ ধৰ্মত নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত হৈছে। বাদশ্বাহীত ৰজাৰ পৰা লৈ প্ৰজালৈকে সকলোৰে নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত হৈছে। নাটক হয়ো ৰজাৰ পৰা প্ৰজালৈকে। সকলোৱে নিজৰ নিজৰ ভূমিকা পালন কৰিবলগীয়া হয়। এতিয়া সন্তানসকলে জানে আমাৰ ওপৰত এতিয়া বৃহস্পতিৰ দশা বহিছে। এনেকুৱা নহয় যে এদিনতে বহে। নহয়, তোমালোকৰ বৃহস্পতি দশা চলি আছে। এতিয়া তোমালোকৰ আৰোহণ কলা। যিমান স্মৰণ কৰিবা সিমান আৰোহণ কলা হ'ব। স্মৃতি পাহৰিলে মায়াৰ বিঘ্ন আহে। স্মৃতিৰ দ্বাৰা দশা ভালদৰে বহে। ভালদৰে স্মৰণ নকৰিলে তেন্তে নিশ্চয় অৱনমিত হ’বই। তেতিয়া তেওঁলোকৰ দ্বাৰা কিবা নহয় কিবা ভুল হ'ব। বাবাই বুজাইছে নাটক অনুসৰি সকলো ধৰ্মাৱলম্বীয়ে ইজনৰ পাছত সিজন ভূমিকা পালন কৰিবলৈ আহে। সন্তানসকলে জানে স্বৰ্গৰ দশা অৰ্থাৎ জীৱনমুক্তিৰ দশা এতিয়া আমাৰ ওপৰত বহিছে। এই নাটকৰ চক্ৰ কেনেকৈ ঘূৰে এয়াও বিস্তাৰত বুজাব লাগে। এই সৃষ্টি নাটকৰ চক্ৰ বিশেষভাৱে ভাৰতক কেন্দ্ৰ কৰি ৰচি থোৱা আছে। পিতাও ভাৰতলৈকে আহে। গায়ন কৰা হৈছে - আশ্চৰ্যজনকভাৱে শুনে, কয়, আঁতৰি গুচি যায়.... আগবাঢ়ি গৈ থাকোঁতে মায়াৰ প্ৰৱেশ হোৱাৰ কাৰণে বাগৰি পৰে। যোগৰ প্ৰতি পূৰা মনোযোগ নিদিয়ে, আকৌ পিতা আহি সঞ্জীৱনী ঔষধি দিয়ে অৰ্থাৎ পুনৰুজ্জীৱিত কৰি তোলোঁতা ঔষধি দিয়ে। হনুমানো তোমালোক হোৱা। পিতাই বুজাইছে - এই সময়ত ৰাৱণক খেদিবলৈ এই ঔষধি শুঙাই দিওঁ। পিতাই তোমালোকক সকলোবোৰ সত্য কথা কয়। সত্য হয়েই এজন পিতা যিয়ে আহি তোমালোকক সত্য-নাৰায়ণৰ কথা শুনাই সত্যযুগৰ স্থাপনা কৰে। এওঁক কোৱাই হয় সত্য, সত্য কওঁতা। তোমালোকক কয় - আপোনালোকে শাস্ত্ৰক মানেনে? কোৱা - হয়, আমি শাস্ত্ৰক কিয় নামানিম। জানো যে এই সকলোবোৰ ভক্তিমাৰ্গৰ শাস্ত্ৰ। এইবোৰতো আমি মানো। জ্ঞান আৰু ভক্তি দুটা বস্তু। যেতিয়া জ্ঞান প্ৰাপ্ত হয় তেতিয়া ভক্তিৰ কি দৰকাৰ। ভক্তি মানে অৱৰোহণ কলা। জ্ঞান মানে অৰোহণ কলা। এই সময়ত ভক্তি চলি আছে। এতিয়া আমি জ্ঞান পাইছোঁ যাৰ দ্বাৰা সৎগতি হয়। ভক্তসকলক ৰক্ষা কৰোঁতা এজনেই ভগৱান। ৰক্ষা শত্ৰুৰ পৰা কৰা হয় নহয়। পিতাই কয় - মই আহি তোমালোকক ৰাৱণৰ পৰা ৰক্ষা কৰোঁ। দেখিবলৈ পোৱা নহয় - ৰাৱণৰ পৰা কেনেকৈ ৰক্ষা হয়। এই ৰাৱণৰ ওপৰত বিজয়ী হ'ব লাগে। পিতাই বুজায় - মৰমৰ সন্তানসকল, এই ৰাৱণে তোমালোকক তমোপ্ৰধান কৰি তুলিলে। সত্যযুগক কোৱা হয় সতোপ্ৰধান, স্বৰ্গ। পুনৰ কলা কম হৈ গৈ থাকে। অন্তত যেতিয়া একেবাৰে দেহ-অভিমানত আহি যায় তেতিয়া পতিত হৈ যায়। নতুন ঘৰ নিৰ্মাণ কৰা হয়। মাহৰ পাছত অথবা 6 মাহৰ পাছত কিবা নহয় কিবা কলা কম হৈ যায়। প্ৰত্যেক বছৰে ঘৰত ৰং লগায়। কলাতো কম হৈ যায় নহয়। নতুনৰ পৰা পুৰণি, পুৰণিৰ পৰা আকৌ নতুন এয়া আৰম্ভণিৰে পৰা প্ৰতিটো বস্তুৰ ক্ষেত্ৰতে হৈ আহিছে। বুজি পোৱা যায় - এইটো ঘৰ 100, 150 বছৰলৈকে চলিব। পিতাই বুজায় - সত্যযুগ বুলি কোৱা হয় নতুন সৃষ্টিক। আকৌ ত্ৰেতাত 25 শতাংশ কম বুলি কোৱা হ’ব কিয়নো অলপ পুৰণি হৈ যায়। তেওঁলোক হৈছে চন্দ্ৰবংশী। তেওঁলোকৰ চিহ্ন দিয়ে ক্ষত্ৰিয় কিয়নো নতুন সৃষ্টিৰ যোগ্য নহ’ল সেইকাৰণে কম পদ হৈ গ’ল। সকলোৱে কৃষ্ণপুৰীলৈ যাব বিচাৰে। এনেকৈ জানো কেতিয়াবা কয় – ৰামপুৰীলৈ যাওঁ। সকলোৱে কৃষ্ণপুৰীৰ কাৰণে কয়। গায়নো কৰে নহয় – ব’লা বৃন্দাবনলৈ যাওঁ, ৰাধা গোবিন্দৰ মহিমা গাওঁ... বৃন্দাবনৰ কথা। অযোধ্যাৰ বাবে নকয়। শ্ৰীকৃষ্ণৰ প্ৰতি সকলোৰে বহুত মৰম থাকে। শ্ৰীকৃষ্ণক অতি মৰমেৰে স্মৰণ কৰে। শ্ৰীকৃষ্ণক দেখিলে কয় এওঁৰ দৰে যাতে স্বামী পাওঁ, এওঁৰ দৰে যাতে সন্তান পাওঁ, এওঁৰ দৰে যাতে ভাই পাওঁ। যিসকল বুদ্ধিমান পুত্ৰ অথবা কন্যা আছে তেওঁলোকে শ্ৰীকৃষ্ণৰ মূৰ্তি সন্মুখত ৰাখে যাতে এওঁৰ দৰে সন্তান পায়। শ্ৰীকৃষ্ণৰ মৰমত অনেক লীন হৈ থাকে নহয়। সকলোৱে কৃষ্ণপুৰী বিচাৰে। এতিয়াতো হৈছে কংসপুৰী, ৰাৱণৰ পুৰী। কৃষ্ণপুৰীৰ বহুত মহত্ব আছে। শ্ৰীকৃষ্ণক সকলোৱে স্মৰণ কৰে। সেইবাবে পিতাই কয় - তোমালোকে ইমান সময় স্মৰণ কৰি আহিছা। এতিয়া কৃষ্ণপুৰীলৈ যাবৰ বাবে পুৰুষাৰ্থ কৰা, এওঁৰ কুলততো যোৱা। সূৰ্যবংশী 8 (আঠ) কুল আছে সেয়েহে ইমান পুৰুষাৰ্থ কৰা যাতে ৰাজ্যত আহি ৰাজকুমাৰৰ সৈতে ঝুলিব পাৰা। এয়া বোধশক্তিৰ কথা হয় নহয়। পিতাই কয় - সন্তানসকল যিমান সম্ভৱ মনমনাভৱ হৈ (নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰি) থাকা। স্মৃতিত নাথাকিলে অৱনমিত হৈ যায়। জ্ঞানে কেতিয়াও অৱনমিত নকৰে। স্মৃতিত নাথাকিলে তেতিয়া অৱনমিত হৈ যায়। ইয়াৰ ওপৰতে ‘আল্লাহ অবলদীন’, ‘হাতমতাই’ৰ নাটকো ৰচা আছে। স্মৃতিত থাকিবৰ বাবে মুখত মোহৰ ভৰাই দিছিল। কাৰোবাৰ ক্ৰোধ আহিলে তেতিয়া কৈ দিয়ে সেইকাৰণে মুখত কিবা ভৰাই দিয়া। কথা নক’লে তেতিয়া ক্ৰোধ নাহিব। পিতাই কয় - কেতিয়াও কাকো ক্ৰোধ নকৰিবা। কিন্তু এই কথাবোৰ সম্পূৰ্ণভাৱে নুবুজাৰ বাবে শাস্ত্ৰত কিবা নহয় কিবা লিখি দিছে। পিতাই বহি যথাৰ্থ কথা বুজায়। পিতা যেতিয়া আহিব তেতিয়াহে আহি বুজাব। যি হৈ যায় তেওঁলোকৰ মহিমা গোৱা হয়। ৰবীন্দ্ৰনাথ ঠাকুৰ, ঝাসীৰ ৰাণী আহি গ’ল, তেওঁলোকক লৈ আকৌ নাটক ৰচনা কৰে। বাৰু শিৱও আহি গৈছে সেইবাবে শিৱজয়ন্তী পালন কৰে নহয়। কিন্তু শিৱ কেতিয়া আহিল, আহি কি কৰিলে, এয়া গম নাপায়। তেওঁতো গোটেই সৃষ্টিৰ পিতা হয়। নিশ্চয় আহি সকলোৰে সৎগতি কৰিছিল। ইছলাম, বৌদ্ধ আদি যিয়েই ধৰ্ম প্ৰতিষ্ঠা কৰি গৈছে তেওঁলোকৰ জয়ন্তী পালন কৰে। তিথি তাৰিখ সকলোৰে আছে, এওঁৰ তিথি তাৰিখ কোনেও গম নাপায়। কয়ো যে যীশুখ্ৰীষ্টৰ ইমান বছৰৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল। স্বস্তিকা যেতিয়া অংকন কৰে তাত পূৰা 4 ভাগ কৰে। 4টা যুগ আছে। আয়ুস কম বেছি হ’ব নোৱাৰে। জগন্নাথ পুৰীত চাউলৰ ভোগ তৈয়াৰ কৰে। পূৰা 4 ভাগ হৈ যায়। পিতাই কয় - এয়া ভক্তিমাৰ্গত অৰ্থহীন কথা কৰি দিছে। এতিয়া পিতাই কয় - দেহ সহিত এই সকলোবোৰ পাহৰি যোৱা। মই আত্মা, পৰমপিতা পৰমাত্মাৰ সন্তান। এইটো অভ্যাস কৰা। বাবা স্বৰ্গৰ ৰচিয়তা হয় তেন্তে নিশ্চয় আমাক স্বৰ্গলৈ পঠিয়াইছিল। নৰকলৈতো নপঠিয়াব। পিতাই কাকোৱেই নৰকলৈ নপঠিয়ায়। পোন-প্ৰথমে সকলোৱে সুখ ভোগ কৰে। প্ৰথমে সুখ পাছত দুখ। পিতাতো সকলোৰে দুখ হৰ্তা, সুখ কৰ্তা হয় নহয়। আত্মাই প্ৰথমে সুখ পাছত দুখ দেখে। বিবেকেও কয় – আমি প্ৰথমে সতোপ্ৰধান পাছত সতো, ৰজো, তমোত আহোঁ। মনুষ্যয়ো বুজি পায় - বিদেশৰ লোকসকল বুদ্ধিমান হয়। তাততো বোমা এনেকুৱাকৈ তৈয়াৰ কৰে যে তৎক্ষণাৎ শেষ হৈ যাব। যেনেকৈ আজিকালি মৃতদেহ বিজুলীৰে তৎক্ষণাৎ শেষ কৰি দিয়ে, তেনেকৈ বোমা পেলালে জুই লাগি যায় তেতিয়া মনুষ্যও তৎক্ষণাৎ শেষ হৈ যাব। খেৰৰ জুমুঠি স্বৰূপ (অন্তঃসাৰশূন্য) পৃথিৱীখনত জুই লাগিব। ধুমুহা এনেকৈ আহে যে অনেক গাঁও শেষ হৈ যায়। তেতিয়া সেই সময়ত এনেকুৱা কোনো ব্যৱস্থা নাথাকে যে ৰক্ষা কৰিব পৰা যাব। বিনাশতো হ’বই। পুৰণি সৃষ্টি শেষ হৈ যাব। গীতাতো বৰ্ণনা আছে। পিতাই বুজায় – ইউৰোপবাসীয়ে এনেকৈ বোমা পেলাব যে গমেই পোৱা নাযাব। তোমালোক সন্তানসকলে জানা কল্প পূৰ্বেও বিনাশ হৈছিল, এতিয়াও হ’বলগীয়া আছে। তোমালোকেও কল্প পূৰ্বৰ দৰে পঢ়ি আছা। লাহে লাহে বৃক্ষ বৃদ্ধি হৈ গৈ থাকিব। বৃদ্ধি হৈ হৈ আকৌ স্থাপনা হৈ যাব। মায়াৰ ধুমুহাই বহুত ভাল ভাল ফুলকো বগৰাই দিয়ে। যোগত পূৰা নাথাকিলে তেতিয়া মায়াই বিঘিনি আনে। পিতাৰ সন্তান হৈ পৱিত্ৰতাৰ প্ৰতিজ্ঞা কৰি আকৌ যদি বিকাৰগ্ৰস্ত হয় তেতিয়া নাম বদনাম কৰি দিয়ে। তেতিয়া বহুত জোৰেৰে আঘাত লাগি যায়। পিতাই কয় – এই কাম কটাৰীৰ আঘাত প্ৰাপ্ত কেতিয়াও হ’ব নালাগে। সন্তানসকলে জানে ইয়াত ৰক্তৰ নদী বৈ যাব। সত্যযুগত গাখীৰৰ নদী বৈ যায়। সেয়া হৈছে নতুন সৃষ্টি, এয়া হৈছে পুৰণি সৃষ্টি। কলিযুগত চোৱা কি আছে, নতুন সৃষ্টিৰ বৈভৱতো চোৱা। ইয়াততো একোৱেই নাই। কন্যাসকলে সাক্ষাৎকাৰত গৈ চাই আহে। সূক্ষ্মলোকত সোমৰস পান কৰিলোঁ, এইটো কৰিলোঁ সেই সকলোবোৰৰ সাক্ষাৎকাৰ হয়। কয় - মই মূললোকলৈ যাওঁ। বাবাই বৈকুণ্ঠত পঠিয়াই দিয়ে। এই সকলোবোৰ সাক্ষাৎকাৰ আদি নাটকত নিৰ্ধাৰিত হৈ আছে। ইয়াৰ দ্বাৰা একো পোৱা নাযায়। অনেক কন্যা সূক্ষ্মলোকলৈ গৈছিল, সোমৰস আদি পান কৰিছিল। আজি নাই। ভাল ভাল অতি উত্তম সন্তানো হেৰাই গ’ল। অধিক ধ্যান সাক্ষাৎকাৰত যাওঁতাসকলে গৈ বিয়া-বাৰু কৰিলে। আচৰিত লাগে - মায়া কেনেকুৱা। ভাগ্য কেনেকৈ ওলট-পালট হৈ যায়। বহুতে ভাল ভাল ভূমিকা পালন কৰিলে। অভাৱৰ সময়ত বহুত সহায়ো কৰিলে। তথাপিও আজি নাই। সেয়েহে পিতাই কয় - মায়া তুমি বৰ পৰাক্ৰমী। মায়াৰ লগত তোমালোকৰ যুদ্ধ চলে। ইয়াক কোৱা হয় যোগবলৰ যুদ্ধ। যোগবলৰ দ্বাৰা কি প্ৰাপ্তি হয় - এয়া কোনেও গম নাপায়। কেৱল ভাৰতৰ প্ৰাচীন যোগ বুলি কয়। মৰমৰ সন্তানসকলক যোগৰ কাৰণে বুজোৱা হয় - প্ৰাচীন ৰাজযোগৰ গায়ন আছে। যিসকল দাৰ্শনিক আদি আছে এই আধ্যাত্মিক জ্ঞানতো কাৰো নাই। আত্মিক পিতাহে জ্ঞানৰ সাগৰ হয়। তেওঁকেই শিৱায়ে নমঃ বুলি গায়ন কৰে। তেওঁৰেই মহিমা গায়ন কৰিছে। পিতা আহি তোমালোকক কিমান জ্ঞান বুজায়। ইয়াক জ্ঞানৰ তৃতীয় নেত্ৰ বুলি কোৱা হয় আন কাৰোৰেই সাহস নাই যে নিজক ত্ৰিকালদৰ্শী বুলি ক'ব পাৰে। ত্ৰিকালদৰ্শী কেৱল ব্ৰাহ্মণহে হয়, যিসকল ব্ৰাহ্মণৰ দ্বাৰা যজ্ঞ ৰচনা কৰিছে। ৰুদ্ৰ জ্ঞান যজ্ঞ হয় নহয়। ৰুদ্ৰ বুলি শিৱকো কয়। অনেক নাম ৰাখি দিছে। প্ৰত্যেক দেশতে নাম ভিন্ন ভিন্ন বহুত আছে। একমাত্ৰ পিতাৰ বাহিৰে আন কাৰো ইমান নাম নাই। বাবুলনাথ বুলিও তেওঁকেই কয়। বাবুল বুলি তেওঁক কোৱা হয় – যাৰ কাঁইট থাকে। বাবা কাঁইটক ফুল কৰি তোলোঁতা হয়, সেয়েহে তেওঁৰ নাম বাবুলনাথ ৰাখিছে। বোম্বাইত (এতিয়া মুম্বাই) বহুত মেলা হয়। অৰ্থ একো বুজি নাপায়। পিতাই বহি বুজায় - তেওঁৰ শুদ্ধ নাম হ'ল ‘শিৱ’। বেপাৰীসকলেও বিন্দুক শিৱ বুলি কয়। এক দুই বুলি যেতিয়া গণনা কৰে, দহ আহিলে কয় শিৱ। পিতায়ো কয় - মই বিন্দু তৰা হওঁ‌। বহুত লোকে এনেকৈ দ্বৈত তিলকো দিয়ে। মাতা আৰু পিতা। জ্ঞান সূৰ্য, জ্ঞান চন্দ্ৰমাৰ প্ৰতীক। সেই অৰ্থ নাজানে। সেয়েহে বাবাই যোগৰ ওপৰত বুজাই আছিল। যোগ কিমান প্ৰসিদ্ধ। এতিয়া তোমালোক সন্তানসকলে ‘যোগ’ শব্দটি বাদ দিয়া, স্মৰণ কৰা। পিতাই কয় - যোগ শব্দটিৰ দ্বাৰা বুজি নাপাবা, স্মৃতিৰ দ্বাৰা বুজিবা। পিতাক বহুত স্মৰণ কৰিব লাগে। তেওঁক প্ৰিয়তম বুলিও কোৱা হয়। পাটৰাণী কৰি তোলে নহয়। বিশ্বৰ ৰাজধানীৰ উত্তৰাধিকাৰ পিতাই দিয়ে। সত্যযুগত এজন পিতা থাকে। ভক্তিত দুজন পিতা আৰু জ্ঞানমাৰ্গত এতিয়া তোমালোকৰ তিনিজন পিতা আছে। কিমান আশ্চৰ্যজনক। তোমালোকে অৰ্থসহিত জানা - সত্যযুগত হয়েই সকলো সুখী সেয়েহে পাৰলৌকিক পিতাক নাজানেই। এতিয়া তোমালোকে তিনিওজন পিতাক জানা। কিমান সহজ বুজিবলগীয়া কথা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) স্মৃতিত থাকিবৰ বাবে মুখেৰে একো নক’বা। মুখত মোহৰ ভৰাই দিয়া (মৌন হৈ পিতাৰ স্মৃতিত থাকা) তেতিয়া ক্ৰোধ নাইকিয়া হৈ যাব। কাকোৱেই খং কৰিব নালাগে।

(2) এই দুখধামত এতিয়া জুই লাগিব সেয়েহে ইয়াক পাহৰি নতুন সৃষ্টিক স্মৃতিত ৰাখিব লাগে। পিতাৰ আগত যি পৱিত্ৰ হৈ থকাৰ প্ৰতিজ্ঞা কৰিছা সেই প্ৰতিজ্ঞাত দৃঢ় হৈ থাকিব লাগে।

বৰদান:
নিৰাকাৰী স্থিতিৰ অভ্যাসৰ দ্বাৰা 'মই বোধ' সমাপ্ত কৰোঁতা নিৰহংকাৰী হোৱা

বৰ্তমান সময়ৰ সকলোতকৈ সূক্ষ্ম আৰু ধুনীয়া সূতা হ’ল—এই 'মই বোধ'। এই 'মই' শব্দটিয়েই দেহ-অভিমানৰ উৰ্দ্ধত লৈ যাওঁতাও হয়, আকৌ দেহ-অভিমানত আনোঁতাও হয়। যেতিয়া 'মই বোধ' উলোটা ৰূপত আহে, তেতিয়া পিতাৰ প্ৰিয় পাত্ৰ কৰাৰ পৰিৱৰ্তে কোনোবা নহয় কোনোবা আত্মাৰ, নাম-মান-প্ৰতিষ্ঠাৰ প্ৰিয় পাত্ৰ কৰি দিয়ে। এই বন্ধনৰ পৰা মুক্ত হ’বলৈ নিৰন্তৰ নিৰাকাৰী স্থিতিত স্থিৰ হৈ সাকাৰত আহা—এইটো অভ্যাস নিজৰ স্বভাৱসিদ্ধ স্বভাৱ কৰি দিয়া, তেতিয়া নিৰহংকাৰী হৈ যাবা।

স্লোগান:
কাৰোবাৰ বেয়া বা ভাল কথা শুনি সংকল্পতো ঘৃণা ভাৱ পোষণ কৰা - এয়াও পৰ মত।


অব্যক্ত ইংগিত: অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা

সংকল্প বা সপোনতো যেতিয়া অপৱিত্ৰতাৰ অংশমাত্ৰও নাথাকিব তেতিয়া সঁচা ব্ৰাহ্মণ বুলি কোৱা হ’ব; এইটো ধাৰণাৰ বাবেই গায়ন আছে—'প্ৰাণ গ’লেও যাতে ধৰ্ম নাযায়'। এনে সাহসিকতা, এনে দৃঢ় নিশ্চয়তা ৰখাসকলে যিকোনো পৰিস্থিতিত নিজৰ ধৰ্ম অৰ্থাৎ ধাৰণাৰ বাবে যিয়েই ত্যাগ কৰিবলগীয়া নহওক কিয়, সহ্য কৰিবলগীয়া নহওক কিয়, মুখামুখি হ’বলগীয়া নহওক কিয়, সাহস ৰাখিবলগীয়া নহওক কিয়— আনন্দেৰে কৰে, পিছ হুহকি নাযায়।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]