12.09.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – ব্ৰাহ্মণ হৈছে আটাইতকৈ উচ্চ আৰু শূদ্ৰ হৈছে নীচ, যেতিয়া শূদ্ৰৰ পৰা ব্ৰাহ্মণ হ’বা তেতিয়াহে দেৱতা হ’বাগৈ”

প্ৰশ্ন:
তোমালোকৰ শুভ ভাৱনা কোনটো, যিটোৰ ক্ষেত্ৰত মনুষ্যই বিৰোধিতা কৰে?

উত্তৰ:
তোমালোকৰ এইটো শুভ ভাৱনা থাকে যে এই পুৰণি সৃষ্টি বিনাশ হৈ নতুন সৃষ্টি স্থাপনা হৈ যাওঁক ইয়াৰ বাবে তোমালোকে কোৱা যে এই পুৰণি সৃষ্টি এতিয়া বিনাশৰ পথত। মনুষ্যই ইয়াৰো বিৰোধিতা কৰে।

প্ৰশ্ন:
এই ইন্দ্ৰপ্ৰস্থৰ মুখ্য নিয়ম কোনটো?

উত্তৰ:
কোনো পতিত শূদ্ৰক এই ইন্দ্ৰপ্ৰস্থৰ সভালৈ লৈ আনিব নোৱাৰা। যদি কোনোবাই লৈ আহে তেন্তে তেওঁৰ ওপৰতো পাপ লাগি যায়।

ওঁম্শান্তি।
আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বহি বুজায়। আত্মিক সন্তানসকলে জানে যে আমি নিজৰ কাৰণে দৈৱী ৰাজ্য পুনৰাই স্থাপনা কৰি আছোঁ কিয়নো তোমালোক হৈছা ব্ৰহ্মাকুমাৰ-কুমাৰী, তোমালোকেহে জানা। কিন্তু মায়াই তোমালোককো পাহৰাই দিয়ে। তোমালোক দেৱতা হ’বলৈ বিচৰা সেয়েহে মায়াই তোমালোকক ব্ৰাহ্মণৰ পৰা শূদ্ৰ কৰি দিয়ে। শিৱবাবাক স্মৰণ নকৰিলে ব্ৰাহ্মণ শূদ্ৰ হৈ যায়। সন্তানসকলে এইটো জানে যে আমি নিজৰ ৰাজ্য স্থাপনা কৰি আছোঁ। যেতিয়া ৰাজ্য স্থাপনা হৈ যাব তেতিয়া এই পুৰণি সৃষ্টি নাথাকিব। সকলোকে এই বিশ্বৰ পৰা শান্তিধামলৈ পঠিয়াই দিয়ে। এয়া হৈছে তোমালোকৰ ভাৱনা। কিন্তু তোমালোকে যে কোৱা সৃষ্টিখন বিনাশ হৈ যাব তেন্তে নিশ্চয় মনুষ্যই বিৰোধিতা কৰিব। ক’ব যে ব্ৰহ্মাকুমাৰীসকলে এয়া কি কয়। বিনাশ, বিনাশ বুলিয়ে কৈ থাকে। তোমালোকে জানা যে এই বিনাশতেই বিশেষকৈ ভাৰতৰ আৰু সাধাৰণভাৱে জগতৰ লাভ হ’ব। এই কথা জগতৰ লোকে নাজানে। বিনাশ হ’লেতো সকলো মুক্তিধামলৈ গুচি যাব। এতিয়া তোমালোক ঈশ্বৰীয় সম্প্ৰদায়ৰ হৈছা। আগতে আসুৰি সম্প্ৰদায়ৰ আছিলা। তোমালোকক ঈশ্বৰে স্বয়ং কয় যে মামেকম্‌ (কেৱল মোক; পৰমাত্মাক) স্মৰণ কৰা। এয়াতো পিতাই জানে যে সদায় স্মৃতিত কোনেও থাকিব নোৱাৰে। সদায় স্মৃতিত থাকিলেতো বিকৰ্ম বিনাশ হৈ যাব তেতিয়াতো কৰ্মাতীত অৱস্থা হৈ যাব। এতিয়াতো সকলো পুৰুষাৰ্থী। যি ব্ৰাহ্মণ হ’ব তেৱেঁই দেৱতা হ’বগৈ। ব্ৰাহ্মণৰ পাছত হৈছে দেৱতা। পিতাই বুজাইছে যে ব্ৰাহ্মণ হৈছে টিকনি (আটাইতকৈ উচ্চ) যেনেকৈ সন্তানসকলে লুটিবাগৰ মৰা খেলে - প্ৰথমতে হৈছে মূৰ একেবাৰে উচ্চত। ব্ৰাহ্মণৰ সদায় টিকনি থাকে। তোমালোক হৈছা ব্ৰাহ্মণ। আগতে শূদ্ৰ অৰ্থাৎ নীচ আছিলা। এতিয়া হৈছা উচ্চ ব্ৰাহ্মণ (টিকনি) পিছত দেৱতা হ’বাগৈ। দেৱতা বুলি কোৱা হয় মুখক, ক্ষত্ৰিয় বুলি বাহুক, বৈশ্য বুলি পেটক, শূদ্ৰ বুলি ভৰিক কোৱা হয়। শূদ্ৰ অৰ্থাৎ ক্ষুদ্ৰ বুদ্ধিৰ, তুচ্ছ বুদ্ধিৰ। তুচ্ছ বুদ্ধিৰ বুলি সেইসকলক কোৱা হয় যিয়ে পিতাক নাজানে আৰু পিতাৰ গ্লানি কৰি থাকে। সেইবাবে পিতাই কয় - যেতিয়াই ভাৰতত গ্লানি হয়, মই আহোঁ। যিসকল ভাৰতবাসী পিতাই তেওঁলোকৰ সৈতে কথা পাতে। য়দা য়দাহি ধৰ্মস্য... পিতা ভাৰতলৈকে আহে। আন কোনো ঠাইলৈ নাহে। ভাৰতেই হৈছে অবিনাশী খণ্ড। পিতাও হৈছে অবিনাশী। তেওঁ কেতিয়াও জন্ম-মৃত্যুত নাহে। পিতাই অবিনাশী আত্মাসকলকে বহি শুনায়। এই শৰীৰতো হৈছে বিনাশী। এতিয়া তোমালোকে শৰীৰৰ বোধ এৰি নিজক আত্মা বুলি বুজিবলৈ লৈছা। পিতাই বুজাইছিল যে হোলীত ‘কোকী’ তৈয়াৰ কৰা হয় তেতিয়া ‘কোকী’ পূৰা জ্বলি যায়, ৰচিডাল নজ্বলে। আত্মাৰ কেতিয়াও বিনাশ নহয়। ইয়াৰ ওপৰতে এইটো দৃষ্টান্ত দিয়া হৈছে। এইটো কোনো মনুষ্য মাত্ৰেই নাজানে যে আত্মা অবিনাশী। তেওঁলোকেতো কৈ দিয়ে আত্মা নিৰ্লেপ। পিতাই কয় – নহয়, আত্মাইহে এই শৰীৰ দ্বাৰা ভাল বা বেয়া কাম কৰে। এটা শৰীৰ ত্যাগ কৰি অন্য এটা লয় আৰু কৰ্মভোগ ভোগ কৰে, তেন্তে আত্মাই হিচাপ-নিকাচ লৈ নাহিল জানো, সেই কাৰণে আসুৰি সৃষ্টিত মনুষ্যই অপাৰ দুখ ভোগ কৰে। আয়ুসো কম হয় কিন্তু মনুষ্যই এই দুখকো সুখ বুলি ভাবি বহি আছে। তোমালোক সন্তানসকলে নিৰ্বিকাৰী হ’বলৈ কিমান কোৱা তথাপিও কয় বিহ অবিহনে আমি থাকিবই নোৱাৰো কিয়নো শূদ্ৰ সম্প্ৰদায়ৰ। ক্ষূদ্ৰ বুদ্ধিৰ। তোমালোক হৈছা আটাইতকৈ উচ্চ ব্ৰাহ্মণ (টিকনি)। টিকনি হৈছে সকলোতকৈ উচ্চ। দেৱতাসকলতকৈও উচ্চ। তোমালোক এই সময়ত দেৱতাসকলতকৈও উচ্চ হোৱা কিয়নো পিতাৰ লগত আছা। পিতাই এই সময়ত তোমালোকক পঢ়ায়। পিতা একান্ত বাধ্য সেৱক হৈছে নহয়। পিতাক সন্তানসকলৰ একান্ত বাধ্য সেৱক নহয় জানো। সন্তানসকলক জন্ম দি, প্ৰতিপালন কৰি, পঢ়াই, পুনৰ ডাঙৰ-দীঘল কৰি যেতিয়া বৃদ্ধ হয় তেতিয়া গোটেই সম্পত্তি সন্তানসকলক দি নিজে গুৰুৰ শৰণ লৈ কাষৰীয়া হৈ বহি থাকে। বানপ্ৰস্থী হৈ যায়। মুক্তিধামলৈ যাবৰ বাবে গুৰুৰ শৰণ লয়। কিন্তু তেওঁলোকতো মুক্তিধামলৈ যাব নোৱাৰে। মা-পিতাই সন্তানসকলক চম্ভালে। ধৰি লোৱা, মাকৰ বেমাৰ হ’ল, সন্তানে পায়খানা কৰি দিলে তেতিয়া পিতাই চাফা কৰিবলগীয়া নহয় জানো। তেন্তে মা-পিতা সন্তানৰ চাকৰ নহ’ল জানো। গোটেই সম্পত্তি সন্তানক দি দিয়ে। বেহদৰ পিতায়ো কয় - মই যেতিয়া আহোঁ তেতিয়া কোনো শিশুৰ ওচৰলৈ নাহোঁ। তোমালোক ডাঙৰ নহয় জানো। তোমালোকক বহি শিক্ষা দিওঁ। তোমালোক শিৱবাবাৰ সন্তান হৈছা সেই কাৰণে বি.কে. বুলি কোৱা। তাৰ আগতে শূদ্ৰ কুমাৰ-কুমাৰী আছিলা, বেশ্যালয়ত আছিলা। এতিয়া তোমালোক বেশ্যালয়ত থাকোতা নহয়। ইয়াত কোনো বিকাৰী থাকিব নোৱাৰে। আজ্ঞা নাই। তোমালোক হৈছা বি.কে.। এই স্থান হৈছেই বি.কে.সকল থাকিবৰ বাবে। কোনোবা কোনোবা একেবাৰে অকৰা সন্তান আছে যিয়ে এইটো নুবুজে যে শূদ্ৰ বুলি পতিত বিকাৰগ্ৰস্ত হোৱাসকলক কোৱা হয়, তেওঁলোকৰ ইয়াত থকাৰ অনুমতি নাই, আহিব নোৱাৰে। এয়া ইন্দ্ৰসভাৰ কথা। ইন্দ্ৰসভাতো এয়াই হয়, য’ত জ্ঞানৰ বৰষুণ হয়। কোনোবা বি.কে.ই যদি অপৱিত্ৰক গোপনে সভাত বহুৱায় তেন্তে দুয়ো অভিশাপ পায় যে পাথৰ হৈ যোৱা। এয়া হৈছে সঁচা ইন্দ্ৰপ্ৰস্থ। এয়া কোনো শূদ্ৰ কুমাৰ-কুমাৰীৰ সৎসংগ নহয়। দেৱতাসকল পৱিত্ৰ হয়, পতিত হৈছে শূদ্ৰসকল। পতিতসকলক পিতা আহি পৱিত্ৰ দেৱতা কৰি তোলে। এতিয়া তোমালোক পতিতৰ পৰা পাৱন হৈ আছা। গতিকে এয়া হৈ গ’ল ইন্দ্ৰসভা। যদি নোসোধাকৈ কোনো বিকাৰীক লৈ আহা তেন্তে বহুত শাস্তি খাবলগীয়া হয়। পাথৰ বুদ্ধিৰ হৈ যায়। ইয়াত পাৰস বুদ্ধিৰ হৈ আছা নহয়। গতিকে তেওঁলোকক (বিকাৰীক) যিয়ে লৈ আনে, তেৱোঁ অভিশাপ পাই যায়। তুমি বিকাৰীক গোপনে কিয় লৈ আহিলা? ইন্দ্ৰক (পিতাক) সোধাও নাই। গতিকে কিমান শাস্তি পায়। এয়া হৈছে গুপ্ত কথা। তোমালোক এতিয়া দেৱতা হৈ আছা। বহুত নিয়ম আছে। অৱস্থাই বেয়া হৈ যায়। একেবাৰে পাথৰ বুদ্ধিৰ হৈ যায়। হয়ো পাথৰ বুদ্ধিৰেই। পাৰস বুদ্ধিৰ হ’বলৈ পুৰুষাৰ্থই নকৰে। এইবোৰ হৈছে গুপ্ত কথা যিবোৰ তোমালোক সন্তানসকলেহে বুজিব পাৰা। ইয়াত বি.কে. থাকে, পিতাই তেওঁলোকক দেৱতা অৰ্থাৎ পাথৰ বুদ্ধিৰ পৰা পাৰস বুদ্ধিৰ কৰি আছে।

পিতাই মৰমৰ সন্তানসকলক বুজায় - কোনো নিয়ম ভংগ নকৰিবা। নহ’লে তেওঁক 5 ভূতে ধৰি ল’ব। কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ - এই 5টা হৈছে আধাকল্পৰ ডাঙৰ ভূত। তোমালোক ইয়ালৈ ভূতবোৰ আঁতৰ কৰিবলৈ আহিছা। আত্মা যি শুদ্ধ পৱিত্ৰ আছিল সেই আত্মা অপৱিত্ৰ , অশুদ্ধ, দুখী, ৰোগী হৈ গ’ল। এইখন সৃষ্টিত অপাৰ দুখ আছে। পিতা আহি জ্ঞান বৰষে। তোমালোক সন্তানসকলৰ দ্বাৰাই কৰে। তোমালোকৰ কাৰণে স্বৰ্গ ৰচনা কৰে। তোমালোকেই যোগবলৰ দ্বাৰা দেৱতা হোৱাগৈ। পিতা নিজে নহয়। পিতাতো হৈছে সেৱক। শিক্ষকো বিদ্যাৰ্থীৰ সেৱক হয়। সেৱা কৰি পঢ়ায়। শিক্ষকে কয় - মই তোমালোকৰ একান্ত বাধ্য সেৱক। কাৰোবাক বেৰিষ্টাৰ, ইঞ্জিনিয়াৰ আদি কৰি তোলে গতিকে সেৱক নহ’ল জানো। তেনেকৈ গুৰুলোকেও পথ দেখুৱাই দিয়ে। সেৱক হৈ মুক্তিধামলৈ লৈ যোৱাৰ সেৱা কৰে। কিন্তু আজি-কালিতো গুৰুৱে কাকো লৈ যাব নোৱাৰে কিয়নো তেৱোঁ পতিত। এক সৎগুৰুৱেই হৈছে সৰ্বদা পৱিত্ৰ বাকী গুৰু লোকসকলো পতিত। এই গোটেই সৃষ্টিখনেই পতিত। পাৱন সৃষ্টি বুলি সত্যযুগক কোৱা হয়, পতিত সৃষ্টি বুলি কলিযুগক কোৱা হয়। সত্যযুগকে পূৰা স্বৰ্গ বুলি কোৱা হ’ব। ত্ৰেতাত দুটা ক’লা কম হৈ যায়। এই কথাবোৰ তোমালোক সন্তানসকলেহে বুজি পোৱা আৰু ধাৰণ কৰা। জগতৰ মনুষ্যইতো একোৱেই নাজানে। এনেকুৱাও নহয় যে, গোটেই জগতৰ লোক স্বৰ্গলৈ যাব। যি কল্প পূৰ্বে আছিল, সেই ভাৰতবাসীয়েই পুনৰ আহিব আৰু সত্যযুগ-ত্ৰেতাত দেৱতা হ’বগৈ। তেওঁলোকেই আকৌ দ্বাপৰৰ পৰা নিজকে হিন্দু বুলি ক’ব। এনেয়েতো হিন্দু ধৰ্মত এতিয়ালৈকে যিসকল আত্মা ওপৰৰ পৰা আহে, সেইসকলেও নিজকে হিন্দু বুলি কয় কিন্তু তেওঁলোকতো দেৱতা নহ’ব নতুবা স্বৰ্গলৈ আহিব। সেইসকল তথাপিও দ্বাপৰৰ পাছত নিজৰ সময়ত আহিব আৰু নিজকে হিন্দু বুলি ক’ব। দেৱতাতো তোমালোকহে হোৱাগৈ, যাৰ আদিৰ পৰা অন্তলৈকে ভূমিকা আছে। এই ড্ৰামাত বহুত যুক্তি আছে। বহুতৰ বুদ্ধিত ধাৰণ নহয় তেন্তে উচ্চ পদো পাব নোৱাৰিব।

এয়া হৈছে সত্য-নাৰয়ণৰ কথা। তেওঁলোকেতো মিছা কথা শুনায়, তাৰ দ্বাৰা কোনোবা জানো লক্ষ্মী-নাৰায়ণ হয়। ইয়াত তোমালোক বাস্তৱত হোৱা, কলিযুগত হয়েই সকলো মিছা। মিছা মায়া…. ৰাৱণৰ ৰাজ্য হয়েই মিছা। সত্যখণ্ড পিতাই স্থাপনা কৰে। এইটোও তোমালোক ব্ৰাহ্মণ সন্তানসকলে জানা, সেয়াও পুৰুষাৰ্থৰ ক্ৰম অনুসৰি কিয়নো এয়া হৈছে পঢ়া, কোনোবাই বহুত কমকৈ পঢ়ে তেতিয়া অনুত্তীৰ্ণ হৈ যায়। এই পঢ়াতো এবাৰেই হয়। তাৰপাছততো পঢ়া কষ্টকৰ হৈ যাব। আৰম্ভণিতে যিসকলে পঢ়ি দেহ ত্যাগ কৰি গৈছে তেওঁলোকেতো সংস্কাৰ লৈ গৈছে। পুনৰ আহি পঢ়ে। নাম-ৰূপতো সলনি হৈ যায়। আত্মাইহে গোটেই 84ৰ ভূমিকা প্ৰাপ্ত কৰিছে, যিয়ে ভিন্ন ভিন্ন নাম, ৰূপ, দেশ, কালত ভূমিকা পালন কৰে। ইমান সূক্ষ্ম আত্মাই কিমান ডাঙৰ শৰীৰ প্ৰাপ্ত কৰে। আত্মাতো সকলোৰে আছে নহয়। ইমান সূক্ষ্ম আত্মা ইমান সৰু মহটিতো আছে। এই সকলোবোৰ অতি সূক্ষ্ম বুজিবলগীয়া কথা। যিসকল সন্তানে এইবোৰ ভালকৈ বুজে তেওঁলোকেই মালাৰ মণি হয়গৈ। বাকীসকলেতো গৈ পাই-পইচাৰ পদ পাব। এতিয়া তোমালোকৰ এয়া ফুলৰ বাগিচা তৈয়াৰ হৈ আছে। প্ৰথমে তোমালোক কাঁইট আছিলা। পিতাই কয় - কাম বিকাৰৰ কাঁইট বৰ বেয়া। ই আদি-মধ্য-অন্ত দুখ দিয়ে। দুখৰ মূল কাৰণেই হৈছে কাম। কামক জয় কৰিলেই জগতজিৎ হ’বাগৈ, ইয়াতেই বহুতে কঠিনতাৰ অনুভৱ কৰে। বহুত কঠিনতাৰে পৱিত্ৰ হয়। যিসকল কল্প পূৰ্বে হৈছিল তেওঁলোকেই হ’ব। বুজি পোৱা যায় যে কোনে পুৰুষাৰ্থ কৰি উচ্চকৈও উচ্চ দেৱতা হ’বগৈ। নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হয়। নতুন সৃষ্টিত স্ত্ৰী-পুৰুষ দুয়ো পৱিত্ৰ আছিল। এতিয়া পতিত। পাৱন আছিল তেতিয়া সতোপ্ৰধান আছিল। এতিয়া তমোপ্ৰধান হৈ গৈছে। ইয়াত দুয়োগৰাকীয়েই পুৰুষাৰ্থ কৰিব লাগে। এই জ্ঞান সন্ন্যাসীয়ে দিব নোৱাৰে। সেইটো ধৰ্মই বেলেগ, নিবৃত্তি মাৰ্গৰ। ইয়াত ভগৱানেতো স্ত্ৰী-পুৰুষ দুয়োকে পঢ়ায়। দুয়োকে কয় - এতিয়া শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈ আকৌ লক্ষ্মী-নাৰায়ণ হ’ব লাগে। সকলোৱেতো নহ’ব। লক্ষ্মী-নাৰায়ণৰো ৰাজবংশ থাকে। তেওঁলোকে ৰাজ্য কেনেকৈ ল’লে - এয়া কোনেও নাজানে। সত্যযুগত এওঁলোকৰ ৰাজ্য আছিল, এইটোও বুজে কিন্তু সত্যযুগক আকৌ লাখ লাখ বছৰ বুলি কৈ দিলে তেন্তে এয়া অজ্ঞানতা নহ’ল জানো। পিতাই কয় - এয়া হৈছে কাঁইটৰ জংঘল। সেয়া হৈছে ফুলৰ বাগিচা। ইয়ালৈ অহাৰ আগতে তোমালোক অসুৰ আছিলা। এতিয়া তোমালোক অসুৰৰ পৰা দেৱতা হৈ আছা। কোনে দেৱতা কৰি তোলে? বেহদৰ পিতাই। দেৱতাসকলৰ ৰাজ্য আছিল তেতিয়া অন্য কোনো নাছিল। এয়াও তোমালোকে বুজি পোৱা। যিসকলে বুজিব নোৱাৰে, তেওঁলোককে পতিত বুলি কোৱা হয়। এয়া হৈছে ব্ৰহ্মাকুমাৰ-কুমাৰীসকলৰ সভা। যদি কোনোবাই চয়তানী কাম কৰে তেন্তে নিজকে অভিশপ্ত কৰি দিয়ে। পাথৰ বুদ্ধিৰ হৈ যায়। সোণৰ বুদ্ধিৰ, নৰৰ পৰা নাৰায়ণ হওঁতাতো নহয় – প্ৰমাণ পোৱা যায়। তৃতীয় শ্ৰেণীৰ দাস-দাসী হ’বগৈ। এতিয়াও ৰজাসকলৰ ওচৰত দাস-দাসী আছে। এনেকৈও গায়ন আছে – কাৰোবাৰ মাটিত মিলি যাব….। জুইৰ বোমাও বৰ্ষণ হ’ব, বিষাক্ত গেছৰ বোমাও বৰ্ষণ হ’ব। মৃত্যুতো নিশ্চয় আহিব। এনেকুৱা এনেকুৱা বস্তু তৈয়াৰ কৰি আছে যে কোনো মনুষ্যৰ বা অস্ত্ৰ আদিৰ দৰকাৰেই নাথাকিব। তাতে বহি বহি এনেকৈ বোমা নিক্ষেপ কৰিব, তাৰ বতাহ এনেকৈ বিয়পিব যিয়ে তৎক্ষণাৎ শেষ কৰি দিব। ইমান কোটি মনুষ্যৰ বিনাশ হ’ব, এয়া জানো সাধাৰণ কথা! সত্যযুগত কিমান কম সংখ্যক থাকে। বাকী সকলো শান্তিধামলৈ গুচি যাব, য’ত আমি আত্মাসকল থাকোঁ। সুখধামত হৈছে স্বৰ্গ, দুখধামত হৈছে এই নৰক। এই চক্ৰ ঘূৰি থাকে। পতিত হৈ গ’লে দুখধাম হৈ যায় পুনৰ পিতাই সুখধামলৈ লৈ যায়। পৰমপিতা পৰমাত্মাই এতিয়া সকলোৰে সৎগতি কৰি আছে গতিকে আনন্দিত হোৱা উচিত। মনুষ্যই ভয় কৰে, এইটো নুবুজে যে মৃত্যুৰ দ্বাৰাই গতি-সৎগতি হ’বগৈ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ফুলৰ বাগিচালৈ যাবৰ কাৰণে ভিতৰত যি কাম-ক্ৰোধৰ কাঁইট আছে, সেয়া আঁতৰাই দিব লাগে। এনেকুৱা কোনো কৰ্ম কৰিব নালাগে যাৰ দ্বাৰা অভিশাপ পাবলগীয়া হয়।

(2) সত্যখণ্ডৰ মালিক হ’বৰ কাৰণে সত্য-নাৰায়ণৰ সঁচা কথা শুনিব আৰু শুনাব লাগে। এই মিছাখণ্ডৰ পৰা কাষৰীয়া হৈ যাব লাগে।

বৰদান:
‘লাইট’ৰ আধাৰত জ্ঞান-যোগৰ শক্তিসমূহ প্ৰয়োগ কৰোঁতা প্ৰয়োগশালী আত্মা হোৱা

যেনেকৈ প্ৰকৃতিৰ লাইটে বিজ্ঞানৰ অনেক প্ৰকাৰৰ প্ৰয়োগ বাস্তৱ ক্ষেত্ৰত কৰি দেখুৱায়, তেনেকৈ তোমালোকে অবিনাশী পৰমাত্ম লাইট, আত্মিক লাইট আৰু লগতে ব্যৱহাৰিক স্থিতিৰ লাইটৰ দ্বাৰা জ্ঞান-যোগৰ শক্তিসমূহ প্ৰয়োগ কৰা। যদি স্থিতি আৰু স্বৰূপ ‘ডবল লাইট’ তেন্তে প্ৰয়োগৰ সফলতা অতি সহজে হয়। যেতিয়া প্ৰত্যেকেই নিজৰ প্ৰতি প্ৰয়োগ কৰাত লাগি যাব তেতিয়া প্ৰয়োগশালী আত্মাসকলৰ শক্তিশালী সংগঠন তৈয়াৰ হৈ যাব।

স্লোগান:
বিঘ্নৰ অংশ আৰু বংশ সমাপ্ত কৰোঁতাজনেই বিঘ্ন বিনাশক।


“ইচ্ছা মাত্ৰম অবিদ্যা” স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:

তোমালোক সন্তানসকল হৈছা বিশ্বৰ কাৰণে আধামূৰ্ত, বিশ্বৰ আগত জগতৰ জ্যোতি, জগতৰ কুল দীপক, তোমালোকৰ এয়া যি শ্ৰেষ্ঠ মহিমা আছে, এনেকুৱা শ্ৰেষ্ঠ মহিমাৰ অধিকাৰী আত্মাসকল এতিয়া বিশ্বৰ আগত নিজৰ সম্পন্ন ৰূপত প্ৰত্যক্ষ হৈ দেখুওৱা। যদি এতিয়াও নিজৰ হদৰ আশা পূৰ্ণ কৰাৰ ইচ্ছা আছে, অলপ নাম লাগে, মান লাগে, সন্মান লাগে, স্নেহ লাগে, শক্তি লাগে – এনেকুৱা নিজৰ প্ৰতি যদি ইচ্ছা অছে তেন্তে “ইচ্ছা মাত্ৰম অবিদ্যা”ৰ স্থিতিৰে বিশ্বৰ ইচ্ছাসমূহ কেতিয়া পূৰ্ণ কৰিবা!