12.09.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকৰ পঢ়াৰ সকলো নিৰ্ভৰ কৰে যোগৰ ওপৰত, যোগৰ দ্বাৰাহে আত্মা পৱিত্ৰ হয়, বিকৰ্ম বিনাশ হয়”

প্ৰশ্ন:
বহুত সন্তান পিতাৰ হৈ আকৌ হাত এৰি দিয়ে, কাৰণ কি?

উত্তৰ:
1) পিতাক যথাৰীতি চিনি নোপোৱাৰ কাৰণে, পূৰা নিশ্চয়বুদ্ধিৰ নোহোৱাৰ কাৰণে 8-10 বছৰৰ পাছতো পিতাক এৰি আঁতৰি গুচি যায়, হাত এৰি দিয়ে। পথভ্ৰষ্ট হৈ যায়। 2) আসুৰিক দৃষ্টি হ'লে মায়াৰ গ্ৰহচাৰী বহি যায়, অৱস্থা তল-ওপৰ হৈ থাকে তেতিয়াও পঢ়া এৰি দিয়ে।

ওঁম্শান্তি।
আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বুজাই আছে। এতিয়া বুজি পোৱা যে আমি সকলো আত্মিক বেহদৰ পিতাৰ সন্তান, এওঁক বাপদাদা বুলি কোৱা হয়। যেনেকৈ তোমালোক আত্মিক সন্তান তেনেকৈ এৱোঁ (ব্ৰহ্মাও) শিৱবাবাৰ আত্মিক সন্তান। শিৱবাবাক ৰথতো নিশ্চয় লাগে নহয় সেইবাবে যেনেকৈ তোমালোক আত্মাসকলে কৰ্ম কৰিবৰ বাবে ইন্দ্ৰিয় পাইছা, তেনেকৈ শিৱবাবাৰো এইখন ৰথ কিয়নো এইখন হৈছে কৰ্মক্ষেত্ৰ য'ত কৰ্ম কৰিবলগীয়া হয়। সেইখন হৈছে ঘৰ য'ত আত্মাসকল থাকে। আত্মাই জানিছে যে আমাৰ ঘৰ হৈছে শান্তিধাম, তাত এই খেল নহয়। চাকি আদি একো নাথাকে, মাত্ৰ আত্মাসকলহে থাকে। ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহে। তোমালোকৰ বুদ্ধিত আছে - এইখন বেহদৰ ড্ৰামা। যিসকল ভাৱৰীয়া আছে, তেওঁলোকৰ কৰ্মকাণ্ড প্ৰথমৰ পৰা শেষলৈকে তোমালোক সন্তানসকলে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা। ইয়াত কোনো সাধু-সন্ত আদিয়ে নুবুজায়। ইয়াত আমি সন্তানসকল বেহদৰ পিতাৰ ওচৰত বহি আছোঁ, এতিয়া আমি উভতি যাব লাগে, আত্মা পৱিত্ৰতো নিশ্চয় হ'ব লাগে। এনেকুৱা নহয় যে শৰীৰো ইয়াত পৱিত্ৰ হ'ব লাগে, নহয়। আত্মা পৱিত্ৰ হয়। শৰীৰতো তেতিয়াহে পৱিত্ৰ হ'ব যেতিয়া 5 তত্বও সতোপ্ৰধান হ’ব। এতিয়া তোমালোক আত্মাই পুৰুষাৰ্থ কৰি পাৱন হৈ আছা। তাত আত্মা আৰু শৰীৰ দুয়োটাই পৱিত্ৰ হয়। ইয়াত হ'ব নোৱাৰে। আত্মা পৱিত্ৰ হৈ গ'লে তেতিয়া পুৰণা শৰীৰ এৰি দিয়ে, পুনৰ নতুন তত্বৰে নতুন শৰীৰ গঠন হয়। তোমালোকে জানা যে আমি আত্মাই বেহদৰ পিতাক স্মৰণ কৰোঁ নে নকৰোঁ? এয়াতো প্ৰত্যেকেই নিজে নিজক সুধিব লাগে। পঢ়াৰ সকলো নিৰ্ভৰ কৰে যোগৰ ওপৰত। পঢ়াতো সহজ, বুজি পাইছা যে চক্ৰ কেনেকৈ ঘূৰে, মুখ্য হৈছেই স্মৃতিৰ যাত্ৰা। এয়া হ'ল ভিতৰৰ গুপ্ত কথা। দেখিবলৈ জানো পোৱা যায়। পিতাই নকয় যে এওঁ বহুত স্মৰণ কৰে বা কমকৈ স্মৰণ কৰে। অৱশ্যে হয়, জ্ঞানৰ বাবে ক'ব পাৰে যে এওঁ জ্ঞানত বহুত তীক্ষ্ণ। স্মৃতিত থকা নথকাতো দেখা পোৱা নাযায়। জ্ঞান মুখেৰে শুনোৱা হয়। স্মৃতিতো হৈছে অজপাজপ। ‘জপ’ শব্দটি ভক্তিমাৰ্গৰ, ‘জপ’ মানে কাৰোবাৰ নাম জপা। ইয়াততো আত্মাই নিজৰ পিতাক স্মৰণ কৰিব লাগে।

তোমালোকে জানা যে আমি পিতাক স্মৰণ কৰি কৰি, পৱিত্ৰ হৈ হৈ মুক্তিধাম-শান্তিধামত গৈ উপস্থিত হ’ম। এনেকুৱা নহয় যে ড্ৰামাৰ পৰা মুক্ত হৈ যাম। মুক্তিৰ অৰ্থ হ'ল - দুখৰ পৰা মুক্ত হৈ, শান্তিধামলৈ গৈ পুনৰ সুখধামত আহিম। যিসকল পৱিত্ৰ তেওঁলোকে সুখ ভোগ কৰে। অপৱিত্ৰ মনুষ্যই তেওঁলোকৰ পৰিচৰ্যা কৰে। পৱিত্ৰৰ মহিমা আছে, ইয়াতেই পৰিশ্ৰম হয়। দুচকুৱে বহুত প্ৰবঞ্চনা কৰে, অধঃপতিত হৈ যায়। তল-ওপৰতো সকলোৱে হ'বলগীয়া হয়। গ্ৰহচাৰী সকলোৰে লাগে। যদিও বাবাই কয়, সন্তানসকলেও বুজাব পাৰে। আকৌ কয় মাতা গুৰু লাগে কিয়নো এতিয়া মাতা গুৰুৰ প্ৰথা চলে। আগতে পিতাসকলৰ আছিল। এতিয়া প্ৰথমে কলহ মাতাসকলে পায়। মাতাসকলৰ সংখ্যাই বেছি, কুমাৰীসকলে ৰাখী বান্ধে পৱিত্ৰতাৰ কাৰণে। ভগৱানে কয় - কাম মহাশত্ৰু, ইয়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। ৰক্ষাবন্ধন পৱিত্ৰতাৰ প্ৰতীক, তেওঁলোকে ৰাখী বান্ধে। পৱিত্ৰতো নহয়। এতিয়া সেই সকলোবোৰ হ'ল নকল ৰাখী, কোনো পাৱন কৰি তোলোঁতা নহয়, এই ক্ষেত্ৰততো জ্ঞানৰ দৰকাৰ। এতিয়া তোমালোকে ৰাখী বান্ধা। অৰ্থও বুজাই দিয়া। এইটো প্ৰতিজ্ঞা কৰোৱা। যেনেকৈ শিখসকলৰ ‘খাৰু’ প্ৰতীক হয় কিন্তু পৱিত্ৰতো নহয়। পতিতক পাৱন কৰি তোলোঁতা, সকলোৰে সৎগতি দাতা এজন, তেৱোঁ দেহধাৰী নহয়। পানীৰ গঙ্গাতো এই দুচকুৰে দেখা পোৱা যায়। পিতা যিজন সৎগতি দাতা, তেওঁক এই দুচকুৰে দেখা পোৱা নাযায়। আত্মাক কোনেও দেখা নাপায় যে ই কি বস্তু। এনেকৈ কয়ো যে আমাৰ শৰীৰত আত্মা আছে, তাক দেখিছানে? ক’ব যে নাই দেখা। বাকী সকলো বস্তু যাৰ নাম আছে সেয়া নিশ্চয় দেখিবলৈ পোৱা যায়। আত্মাৰো নামতো আছে। কয়ো যে কপালৰ সোঁমাজত জিলিকি থাকে আচৰিত তৰা। কিন্তু দেখিবলৈ পোৱা নাযায়। পৰমাত্মাকো স্মৰণ কৰে, একো দেখিবলৈ পোৱা নাযায়। লক্ষ্মী-নাৰায়ণক এই দুচকুৰে দেখা পোৱা যায়। যদিও লিঙ্গৰ পূজা কৰে কিন্তু সেয়া কোনো যথাৰ্থ ৰীতিৰেতো নহয়। দেখিও নাজানে, পৰমাত্মা কি হয়? এয়া কোনেও জানিব নোৱাৰে। আত্মাতো বহুত সূক্ষ্ম বিন্দু। দেখা পোৱা নাযায়। আত্মা, পৰমাত্মা কোনোটোকে দেখা পোৱা নাযায়, জনা যায়। এতিয়া তোমালোকে জানা যে আমাৰ বাবা এওঁৰ শৰীৰত আহিছে। এই শৰীৰৰ নিজৰ আত্মাও আছে, আকৌ পৰমপিতা পৰমাত্মাই কয় - মই এওঁৰ ৰথত বিৰাজমান হৈ আছোঁ সেইবাবে বাপদাদা বুলি কোৱা। এতিয়া দাদাকতো (ব্ৰহ্মাক) এই দুচকুৰে দেখা পোৱা, পিতাক দেখা নোপোৱা। জানা যে বাবা জ্ঞানৰ সাগৰ হয়, তেওঁ এই শৰীৰৰ দ্বাৰা আমাক জ্ঞান শুনাই আছে। তেওঁ জ্ঞানৰ সাগৰ পতিত-পাৱন হয়। নিৰাকাৰে ৰাস্তা কেনেকৈ দেখুৱাব? প্ৰেৰণাৰেতো একো কাম নহয়। ভগৱান আহে এয়া কোনেও নাজানে। শিৱ জয়ন্তীও পালন কৰে গতিকে নিশ্চয় ইয়ালৈ আহিব নহয়। তোমালোকে জানা এতিয়া তেওঁ আমাক পঢ়াই আছে। বাবাই এওঁৰ শৰীৰত আহি পঢ়ায়। বাবাক যথাৰীতি নজনাৰ বাবে, নিশ্চয়বুদ্ধিৰ নোহোৱাৰ বাবে 8-10 বছৰ পাছতো এৰি আঁতৰি গুচি যায়। মায়াই একেবাৰে অন্ধ কৰি দিয়ে। পিতাৰ হৈ পুনৰ হাত এৰি দিয়ে গতিকে পদ ভ্ৰষ্ট হৈ যায়। এতিয়া তোমালোক সন্তানসকলে পিতাৰ পৰিচয় পাইছা গতিকে অন্যকো দিব লাগে। ঋষি-মুনি আদি সকলোৱে “নাজানো নাজানো” বুলি কৈ গ'ল। আগতে তোমালোকেও নাজানিছিলা। এতিয়া তোমালোকে ক’বা যে হয় আমি জানো গতিকে আস্তিক হৈ গ’লা। সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে, এয়াও তোমালোকে জানা। গোটেই সৃষ্টি আৰু তোমালোক নিজেও এই পঢ়াৰ আগতে নাস্তিক আছিলা। এতিয়া পিতাই বুজাইছে গতিকে তোমালোকে কোৱা আমাক পৰমপিতা পৰমাত্মা পিতাই বুজাইছে, আস্তিক কৰি তুলিছে। আমি ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক নাজানিছিলোঁ। পিতা হৈছে ৰচয়িতা, পিতাহে সংগমত আহি নতুন সৃষ্টিৰ স্থাপনাও কৰে আৰু পুৰণি সৃষ্টিৰ বিনাশো কৰে। পুৰণি সৃষ্টিৰ বিনাশৰ বাবে এয়া মহাভাৰতৰ যুদ্ধ, যাৰ কাৰণে বুজে যে সেই সময়ত শ্ৰীকৃষ্ণ আছিল। এতিয়া তোমালোকে বুজি পোৱা - নিৰাকাৰ পিতা আছিল, তেওঁক দেখা পোৱা নাযায়। শ্ৰীকৃষ্ণৰতো চিত্ৰ আছে, দেখা পোৱা যায়। শিৱক দেখা নাযায়। শ্ৰীকৃষ্ণতো হ'ল সত্যযুগৰ ৰাজকুমাৰ। সেয়াই চেহেৰা আকৌ হ'ব নোৱাৰে। শ্ৰীকৃষ্ণও কেতিয়া, কেনেকৈ আহিল এয়াও কোনেও নাজানে। শ্ৰীকৃষ্ণক কংসৰ কাৰাগাৰত দেখুৱায়। কংস সত্যযুগত আছিল জানো? এয়া কেনেকৈ হ'ব পাৰে। ‘কংস’ অসুৰক কোৱা হয়। এই সময়ত সকলো আসুৰিক সম্প্ৰদায়ৰ হয় নহয়। এজনে আনজনক মাৰি-কাটি থাকে। দৈৱী সৃষ্টি আছিল, এয়া পাহৰি গৈছে। ঈশ্বৰীয় দৈৱী সৃষ্টি ঈশ্বৰে স্থাপনা কৰিলে। এয়াও তোমালোকৰ বুদ্ধিত পুৰুষাৰ্থৰ ক্ৰম অনুসৰি আছে। এতিয়া তোমালোক হ'লা ঈশ্বৰীয় পৰিয়াল, পুনৰ তাত হ'বাগৈ দৈৱী পৰিয়াল। এই সময়ত ঈশ্বৰে তোমালোকক স্বৰ্গৰ দেৱী-দেৱতা কৰি তুলিবলৈ যোগ্য কৰি আছে। পিতাই পঢ়াই আছে। এই সংগমযুগক কোনেও নাজানে। কোনো শাস্ত্ৰত এই পুৰুষোত্তম সংগমযুগৰ কথা নাই। পুৰুষোত্তম যুগ অৰ্থাৎ পুৰুষোত্তম হ'বলগীয়া হয়। সত্যযুগক কোৱা হ’ব পুৰুষোত্তম যুগ। এই সময়ততো মনুষ্য পুৰুষোত্তম নহয়। ইয়াকতো কনিষ্ঠ তমোপ্ৰধান বুলি কোৱা হ'ব, এই সকলোবোৰ কথা তোমালোক ব্ৰাহ্মণসকলৰ বাহিৰে কোনেও বুজিব নোৱাৰে। পিতাই কয় - এয়া হ’ল আসুৰিক ভ্ৰষ্টাচাৰী সৃষ্টি। সত্যযুগত এনেকুৱা কোনো বাতাৱৰণ নাথাকে। সেয়া আছিল শ্ৰেষ্ঠাচাৰী সৃষ্টি। তেওঁলোকৰ চিত্ৰ আছে। যথাযথ এওঁলোক শ্ৰেষ্ঠাচাৰী সৃষ্টিৰ মালিক আছিল। ভাৰতত ৰজা হৈ গৈছে যাক পূজা কৰা হয়। পূজ্য পৱিত্ৰ আছিল, যিসকলেই আকৌ পূজাৰী হ’ল। পূজাৰী ভক্তিমাৰ্গক, পূজ্য জ্ঞানমাৰ্গক কোৱা হয়। পূজ্যৰ পৰা পূজাৰী, পূজাৰী পৰা আকৌ পূজ্য কেনেকৈ হয়। এয়াও তোমালোকে জানা যে এই সৃষ্টিত এজনো পূজ্য থকিব নোৱাৰে। পূজ্য বুলি পৰমপিতা পৰমাত্মা আৰু দেৱতাসকলক কোৱা হয়। পৰমপিতা পৰমাত্মা হ’ল সকলোৰে পূজ্য। সকলো ধৰ্মৰ লোকে তেওঁক পূজা কৰে। এনেকুৱা পিতাৰ জন্ম ইয়াতেই গায়ন কৰা হয়। শিৱজয়ন্তী পালন কৰে নহয়। কিন্তু মনুষ্যই একো নাজানে যে তেওঁৰ জন্ম ভাৰতত হয়, আজিকালিতো শিৱজয়ন্তীত বন্ধ দিনো পালন নকৰে। জয়ন্তী পালন কৰা, নকৰা, তোমালোকৰ ইচ্ছা। চৰকাৰী বন্ধ নাই। যিয়ে শিৱজয়ন্তী নামানে, তেওঁলোকতো নিজৰ কামত গুচি যায়। বহুত ধৰ্ম আছে নহয়। সত্যযুগত এনেকুৱা কথা নাথাকে। তাত এনেকুৱা বাতাৱৰণেই নাথাকে। সত্যযুগ হয়েই নতুন সৃষ্টি, এক ধৰ্ম। তাত এইটো গম পোৱা নাযায় যে আমাৰ পাছত চন্দ্ৰবংশী ৰাজ্য হ’ব। ইয়াত তোমালোকে সকলো জানা – এয়া এয়া অতীত হৈ গৈছে। সত্যযুগত তোমালোক থাকিবা, তাত কি অতীতক স্মৰণ কৰিবা? অতীততো হ’ল কলিযুগ। তাৰ বুৰঞ্জী-ভূগোল শুনিলে কি লাভ হ’ব।

ইয়াত তোমালোকে জানা আমি বাবাৰ ওচৰত বহি আছোঁ। বাবা শিক্ষকো হয়, সৎগুৰুও হয়। পিতা আহিছে সকলোৰে সৎগতি কৰিবলৈ। সকলো আত্মাক নিশ্চয় লৈ যাব। মনুষ্যইতো দেহ-অভিমানত আহি কয়, সকলো মাটিত মিলি যাব। এইটো নুবুজে যে আত্মাসকলতো গুচি যাব। বাকী এই শৰীৰ মাটিৰে তৈয়াৰী, এই পুৰণা শৰীৰ শেষ হৈ যায়। আমি আত্মাই এটা শৰীৰ এৰি আন এটা লওঁ। এইটো এই সৃষ্টিত আমাৰ অন্তিম জন্ম, সকলো পতিত, সদায় পাৱন হৈতো কোনেও থাকিব নোৱাৰে। সতোপ্ৰধান, সতো, ৰজো, তমো হ'বই লাগে। তেওঁলোকেতো কৈ দিয়ে যে সকলো ঈশ্বৰৰে ৰূপ, ঈশ্বৰে নিজৰ অনেক ৰূপ ৰচিছে, খেল-ধেমালি কৰিবলৈ। হিচাপ-নিকাচ একো নাজানে। খেল-ধেমালি কৰোঁতাজনকো নাজানে। পিতাইহে বহি বিশ্বৰ বুৰঞ্জী-ভূগোল বুজায়। খেলত প্ৰত্যেকৰে ভুমিকা বেলেগ বেলেগ হয়। সকলোৰে পদমৰ্যাদা বেলেগ বেলেগ হয়, যি যেনেকুৱা পদমৰ্যাদাৰ হয়, তেওঁৰ মহিমা হয়। এই সকলোবোৰ কথা পিতাই সংগমতহে বুজায়। সত্যযুগত আকৌ সত্যযুগৰ ভূমিকা চলিব। তাত এইবোৰ কথা নাথাকিব। ইয়াত তোমালোকৰ সৃষ্টি চক্ৰৰ জ্ঞান বুদ্ধিত ঘূৰি থাকে। তোমালোকৰ নামেই হৈছে স্বদৰ্শন চক্ৰধাৰী। লক্ষ্মী-নাৰায়ণক জানো স্বদৰ্শন চক্ৰ দিয়া হয়। এয়া হৈছেই ইয়াৰ। মূললোকত কেৱল আত্মাসকল থাকে। সূক্ষ্মলোকত একো নাই। মনুষ্য, জন্তু, পশু-পক্ষী আদি সকলো ইয়াত থাকে। সত্যযুগত ময়ুৰ আদি দেখুৱায়। এনেকুৱা নহয় যে তাত ময়ুৰৰ পাখী উলিয়াই পিন্ধে, ময়ুৰক জানো দুখ দিব। এনেকুৱাও নহয় যে ময়ুৰৰ সৰি পৰা পাখী মুকুটত লগাব। নহয়, মুকুটতো মিছা প্ৰতীক দি দিছে। তাত সকলো অতি সুন্দৰ বস্তু থাকে। একো লেতেৰা বস্তুৰ নাম-চিহ্ন নাথাকে। এনেকুৱা কোনো বস্তু নাথাকে যাক দেখি ঘৃণা উপজিব। ইয়াততো ঘৃণা ওপজে নহয়। তাত জীৱ জন্তুৰো দুখ নহয়। সত্যযুগ কিমান উত্তম হ'ব। নামেই হ'ল ‘স্বৰ্গ’, ‘হেভেন’, ‘নতুন সৃষ্টি’। ইয়াততো পুৰণি সৃষ্টিত চোৱা বৰষুণৰ কাৰণে ঘৰ বাগৰি থাকে। মনুষ্য মৰি যায়। ভূমিকম্প হ'ব সকলো মাটিত পোত খাই মৰি যাব। সত্যযুগত বহুত কম সংখ্যক থাকিব আকৌ পাছলৈ বৃদ্ধি হৈ গৈ থাকিব। প্ৰথমতে সূৰ্যবংশী হ'ব। যেতিয়া সৃষ্টি শতকৰা 25 ভাগ পুৰণা হ'ব তেতিয়া চন্দ্ৰবংশী হ'ব। সত্যযুগ 1250 বছৰ, সেয়া হৈছে 100 শতাংশ নতুন সৃষ্টি। য’ত দেৱী-দেৱতাই ৰাজত্ব কৰে। তোমালোকৰ মাজতো বহুতে এই কথাবোৰ পাহৰি যায়। ৰাজধানীতো স্থাপনা হ'বই। হাৰ্টফেইল হ'ব নালাগে। পুৰুষাৰ্থৰ কথা। পিতাই সকলো সন্তানকে একেই সমান পুৰুষাৰ্থ কৰায়। তোমালোকে নিজৰ বাবে বিশ্বত স্বৰ্গৰ বাদশ্বাহী স্থাপনা কৰা। নিজকে চাব লাগে যে মই কি হ'মগৈ? ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই পুৰুষোত্তম যুগত স্বৰ্গৰ দেৱী-দেৱতা হোৱাৰ পাঠ পঢ়ি নিজক যোগ্য কৰি তুলিব লাগে। পুৰুষাৰ্থত হাৰ্টফেইল (নিৰাশ) হ'ব নালাগে।

(2) এই বেহদৰ খেলত প্ৰত্যেক ভাৱৰীয়াৰ ভূমিকা আৰু পদমৰ্যাদা বেলেগ বেলেগ, যাৰ যেনেকুৱা পদমৰ্যাদা তেনেকুৱাই তেওঁ মান পায়, এই সকলোবোৰ ৰহস্য বুজি বিশ্বৰ বুৰঞ্জী-ভূগোল স্মৃতিত ৰাখি স্বদৰ্শন চক্ৰধাৰী হ'ব লাগে।

বৰদান:
পিতাৰ প্ৰতিটো শ্ৰীমত পালন কৰোঁতা সঁচা স্নেহী প্ৰেয়সী হোৱা

যিসকল সন্তান সদায় এক পিতাৰ স্নেহত লীন হৈ থাকে, তেওঁলোকৰ বাবে পিতাৰ প্ৰতিষাৰ কথা মৰমৰ হয়, প্ৰশ্ন সমাপ্ত হৈ যায়। ব্ৰাহ্মণ জন্মৰ আধাৰ হৈছে স্নেহ। যিসকল স্নেহী প্ৰেয়সী আত্মা তেওঁলোকৰ পিতাৰ শ্ৰীমত পালন কৰোতে পৰিশ্ৰমৰ অনুভৱ নহয়। স্নেহৰ কাৰণে সদায় এইটোৱে উৎসাহত থাকে যে বাবাই যি কৈছে সেয়া মোৰ প্ৰতি কৈছে - মই কৰিব লাগে। স্নেহী আত্মা বিশাল অন্তৰৰ হয়, সেয়েহে তেওঁলোকৰ বাবে প্ৰতিটো ডাঙৰ কথাও সৰু হৈ যায়।

স্লোগান:
কোনো কথাত অত্যাধিক ভাৱপ্ৰৱণ হোৱা – এইটোও অনুত্তীৰ্ণ হোৱাৰ লক্ষণ।


অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা

জ্বালা স্বৰূপ স্থিতিৰ অনুভৱ কৰিবলৈ নিৰন্তৰ স্মৃতিৰ জ্বালা প্ৰজ্বলিত হৈ থাকিব লাগে। ইয়াৰ সহজ বিধি হৈছে - সদায় নিজক ‘সাৰথী’ আৰু ‘সাক্ষী’ বুলি বুজি চলা। আত্মা এই ৰথৰ সাৰথী - এইটো স্মৃতিয়ে স্বতঃ এই ৰথৰ (দেহৰ) বা যিকোনো প্ৰকাৰৰ দেহবোধৰ পৰা উৰ্দ্ধত লৈ যাব। নিজক সাৰথী বুলি বুজিলে সকলো কৰ্মেন্দ্ৰিয় নিজৰ নিয়ন্ত্ৰণত থাকে। সূক্ষ্ম শক্তিসমূহ মন-বুদ্ধি-সংস্কাৰো আদেশ অনুসৰি চলি থাকে।